“হেজাৰ বাৰলৈকে কোবাব লগীয়া হয় এইটোক,” মীনাক্ষিয়ে ক’লে।সেই কোবোৱা কামটোকেই কৰিবলৈ আৰম্ভ কৰিছিল তেঁও সেই মুহুৰ্তত।‘এইটো’ মানে হ’ল দেখাত ৰন্ধনকাৰ্যত ব্যৱহাৰ হোৱা পাত্ৰৰ দৰেই সজা এটা মাটিৰ পাত্ৰ।দেখিবলৈ পাত্ৰৰ দৰে হ’লেও সেইটো পিছে এটা ঢোল, মৃদংগৰ দৰে এটা বাদ্যযন্ত্ৰহে।পাত্ৰটো কোলাত লৈ কাঠৰ এডাল ডাঙৰ চেপেটা মাৰিৰে কোবাবলৈ আৰম্ভ কৰিলে তেঁও।সম্পূৰ্ণ হৈ উঠাৰ পাছত পাত্ৰটো হৈ পৰিব এটা ‘ঘাতাম’, দক্ষিণ ভাৰতীয় কৰ্ণাটকী সংগীতত ব্যবহৃত এবিধ উচ্চ গুণসম্পন্ন বাদ্যযন্ত্ৰ।মীনাক্ষি কেশৱন এগৰাকী নিপুণ ঘাতাম নিৰ্মাতা।৬৩ বছৰীয়া এই মহিলাগৰাকী আৰু তেঁওৰ পৰিয়াল সম্ভৱতঃ এই অনন্য বাদ্যযন্ত্ৰবিধ পটুটাৰে নিৰ্মাণ কৰা মনমাডুৰাইৰ একমাত্ৰ শিল্পী।
তামিলনাডুৰ মাডুৰাইৰ পৰা এঘ্ণ্টাৰ দূৰত্ব ঘাতামৰ বাবে বিখ্যাত মীনাক্ষিৰ গৃহচহৰ মনমডুৰাইলৈ।“১৫ বছৰ বয়সতে বিয়া হৈ মীনাক্ষিয়ে যিটো পৰিয়ালৰ বোৱাৰী হৈ আহিছিল, সেই পৰিয়ালটোৱে অতি কমেও চাৰি পিৰি ধৰি এই বাদ্যযন্ত্ৰ বিধ তৈয়াৰ কৰি আহিছিল।“মোৰ মায়ে দেউতা আৰু ককাৰ পৰা ঘাতাম তৈয়াৰ কৰা বিদ্যাটো শিকি লৈছিল।বিদ্যাটো ভালদৰে আয়ত্ব কৰিবলৈ ছবছৰ লাগিছিল তেঁওক।আচলতে ক’বলৈ গ’লে মায়ে কম সময়তেই শিকিব পাৰিছিল।সাধাৰণতে পৰম্পৰাগত কুমাৰ নহ’লে ঘাতাম তৈয়াৰ কৰিবলৈ শিকাটো বৰ সহজ নহয়।বহুত বছৰ লাগি যায় শিকোতে।”
“আটাইতকৈ টান আৰু কায়দাৰ কথাটো হৈছে ঘাতাম এটাক সুৰীয়া কৰি তোলা,” ঘাতামটোৰ গাত সোঁহাতেৰে সশব্দে কোবাই কোবাই মীনাক্ষিয়ে ক’লে।বাঁওহাতেৰে তেঁও পাত্ৰটোৰ ভিতৰফালে এটা ঘূৰণীয়া শিল ঘূৰাই আছে।“শিলটো ঘূৰোৱাৰ কাৰণ হ’ল বাদ্যটোৰ গাটো যাতে ভাঙি নাযায় সেয়া চাবৰ বাবে।লগতে শিলটোৰে ভিতৰফালটো মিহিও কৰি আছো,”খন্তেক বিৰতি লৈ তেঁও ক’লে।যোৱা চাৰিটা দশক ধৰি বোকা মথি অহা মীনাক্ষিৰ হাত সকলো সময়তে বিষাই থাকে।হাত-কান্ধৰ বিষটো গৈ কেনেকৈ আঙুলিৰ আগ পাইছেগৈ মিনাক্ষীয়ে আমাক ক’লে সেইকথা।কিন্তু এক মিনিট পিছতে আকৌ এহাতত কাঠৰ মাৰিদাল আৰু আনখন হাতত শিলগুটিটো তুলি ল’লে। কোলাত পাত্ৰটো লৈ পিটিকি পিটিকি মিহি কৰিবলৈ ল’লে তেঁও।মাজে মাজে মাৰিদালেৰে সেইটো কোবায়ো থাকিল।







