মধ্য ছত্তীশগড়ৰ মাজভাগত থকা ভিলাই চহৰত অনুষ্ঠিত লোকসংগীত শিল্পীসকলৰ বাৰ্ষিক মেলাত মই তেওঁক লগ পোৱাৰ সময়ত পঞ্চৰাম যাদৱে মোক কৈছিল, "এই বাঁহ গীতবোৰ আমাৰ জ্যেষ্ঠসকলে অতীজৰে পৰা গাই আহিছে।"
কেইবছৰমান পূৰ্বে মে’ মাহত সেই মেলাত খোজ কাঢ়ি থাকোঁতে এই গীত-মাত শুনি মই আকৰ্ষিত হৈছিলো। তিনিজন মানুহে এটা দীঘল, অলংকৃত চুঙাকৃতিৰ বাঁহৰ বাদ্য বজাই আছিল। ইয়াক যাদৱ জাতিৰ এটা অন্যান্য পিচপৰা শ্ৰেণীৰ উপগোট ৰাউতৰ পুৰুষসকলে মুখ্যতঃ ছত্তীশগড়ৰ দূৰ্গ (য'ত ভিলাই চহৰ অৱস্থিত), বালোড়, ধামতাৰী, গৰিয়াবন্দ, কাংকেৰ আৰু মহাচামুণ্ড জিলাত পৰিৱেশন কৰে৷
যেতিয়া প্ৰায় ৫০ আৰু ৬০ বৰ্ষৰ বয়সৰ তিনিজন বাদ্যকাৰে এফালে এই বাদ্যযন্ত্ৰ বজাই আছিল, তেওঁলোকৰ সৈতে কিছুমান সহযোগী গায়কে ভগৱান শ্ৰীকৃষ্ণ আৰু অন্যান্য বিখ্যাত গোৱালাসকলৰ গান সমানে শ্ৰদ্ধাশীল কণ্ঠেৰে পৰিৱেশন কৰিছিল।
৪ ৰ পৰা ৫ ফুট দীঘল বাঁহৰ এই বাদ্যযন্ত্ৰ পৰম্পৰাগতভাৱে গৰখীয়া সম্প্ৰদায়ৰ। শিল্পীসকলে (কেৱল সম্প্ৰদায়টোৰ পুৰুষেহে এই বাদ্যযন্ত্ৰটো বজায়) সঠিক বাঁহ বাচনি কৰাৰ পৰা ইয়াক প্ৰস্তুত কৰালৈকে সাধাৰণতে নিজেই কামখিনি কৰে, কেতিয়াবা স্থানীয় কাঠমিস্ত্ৰীৰ সহায়ো নোলোৱা নহয়। তাৰ পিছত ইয়াত চাৰিটা ছিদ্ৰ কৰে আৰু বাদ্যযন্ত্ৰটো ঊণফুল আৰু ৰঙীণ কাপোৰেৰে সজায়।




