ত্ৰিপুৰাৰ ধৰ্মনগৰ চহৰৰ বৰৌ কালিবাৰীৰ দিঘী নামে জুৰিটোৰ মাজতে আছে এটা শিৱৰ বিশাল মন্দিৰ – দেখাত সাধাৰণ যেন লগা এই এইটোৱেই চহৰখনৰ কেন্দ্ৰবিন্দু। চহৰৰ খৰ-ঢৰ জীৱন আৰু কোলাহলপূৰ্ণ এইখন ঠাইতে অলপ শান্তি বিচাৰি নিতৌ পৰ্য্যটক আৰু স্থানীয় লোকৰ ভীৰ লাগে। গাড়ীবোৰৰ ইঞ্জিনৰ বিকট শব্দ, অধৈৰ্য্য হৈ পৰা চালকৰ গাড়ীৰ হৰ্ন আৰু ভীৰৰ মাজত এক প্ৰশান্তিভৰা সুৰ আপুনি শুনিবলৈ পাব, সিয়েই মানুহক তালৈ টানি নিয়ে।
দীঘি জুৰিটোৰ কাষতে বহি ক্ষুদ্ৰ বীণাসদৃশ দীঘল গ্ৰীবাৰ তাঁৰযুক্ত বাদ্যযন্ত্ৰ বজোৱাত ব্যস্ত এজন শিল্পী। বয়স চাগে ষাঠিৰ ওচৰা-উচৰি হ’ব। দুচকু মুদি তেওঁ সেই ততযন্ত্ৰৰ তাঁৰত এখন হাতেৰে কম্পন তুলিছে, আনখন হাতেৰে ফিংগাৰব’ৰ্ডত আঙুলি ফুৰাইছে। এমুঠিমান কৌতূহলী লোকে তেওঁক ঘেৰি ধৰিছে, তেওঁলোকে শিল্পীগৰাকীকো চিনি নাপায়, বাদ্যযন্ত্ৰবিধৰ নামো নাজানে। গানৰ সুৰ কি, সেয়াও তেওঁলোকে নাজানে। সেই ততযন্ত্ৰ বাদক গৰাকী ত্ৰিপুৰাৰ অনুসূচিত জাতি মালি সম্প্ৰদায়ৰ এগৰাকী শিল্পী।
কিন্তু তাৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ দূৰৰ উত্তৰ ত্ৰিপুৰা জিলাস্থিত ক্ষুদ্ৰ গাঁও পঞ্চায়ত সৰলা (কদমতালা খণ্ড)ৰ সকলোৱে এই ৰতীশ মালাকৰক দোতাৰাবাদক বুলি জানে।













