"এয়া ড্ৰাম নহয়,"- এৰা, এটা ড্ৰামলৈ আঙুলিয়াই দি সবিতাই কয়।
সমুখত দেখা দিয়া হাজাৰ বাধা নেওচি বিহাৰৰ ধিব্ৰা গাঁৱৰ মহিলাৰ এটা দলে এক সুকীয়া জীৱিকা বাচি লৈছে। কৃষি ভুমি কমি অহাৰ লগতে দিনহাজিৰাত নিচেই কম মজুৰী পোৱাৰ দিনতেই তেওঁলোকে হাতত ড্ৰামৰ মাৰি তুলি ল'লে। ১৬ গৰাকী মহিলাই এই যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু পৰিয়ালৰ হেঁচা আৰু শেষ হৈ নহা মানুহৰ কটু কথাৰ ফলত ৬ গৰাকীয়ে বেণ্ড এৰে। দাস উপাধিৰ বাকী ১০ গৰাকীয়ে ২০১২ চনত স্বৰগম মহিলা বেণ্ড নামেৰে ৰাজ্যখনৰ প্ৰথমটো মহিলা বেণ্ডপাৰ্টি খোলে।







