খুব কমেইহে মসৃণকৈ বৈ উলিওৱা কমলকোচ পাটী এখনৰ মূল্য বুজি পায়।
আৰু খুব কমেইহে সেয়া বৈ উলিয়াব পাৰে।
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সুক্ষ্ম হাতৰ কামৰ এই পাটীবোৰ পাটীদৈ উদ্ভিদৰ মিহি কাঠীৰে বোৱা হয়। সাংস্কৃতিক চিহ্ন সম্বলিত হোৱাৰ বাবে এই পাটীবোৰ আন ঢাৰি বা পাটীতকৈ সুকীয়া।
“পৰম্পৰাগত কমলকোচ এখনত মংগলসূচক কেতবোৰ চিহ্ন যেনে কলা গাচ (কলগছ), ময়ূৰ, মংগল ঘট (ঘটসহ নাৰিকল)” স্বস্তিক (মঙ্গলসূচক প্ৰাচীন চিন এটা) আদি থাকে,” প্ৰভাতী ধৰে কয়।
এই সকলোবোৰ পাটী এখনত বৈ উলিয়াব পৰা এক মুষ্টিমেয় শিপিনীৰ ভিতৰত প্ৰভাতীও এগৰাকী। দহ বছৰ বয়সতে তেওঁ পাটী ব’বলৈ লৈছিল। “এই গাঁৱৰ (ঘেগিৰঘাট গাওঁ) সকলোৱে খুব কম বয়সৰ পৰাই পাটী ব’বলৈ লয়,” ৩৬ বৰ্ষীয় প্ৰভাতীয়ে কয়। “মোৰ মায়ে কমলকোচৰ কেতবোৰ অংশ ব’বলৈ জানিছিল, কিন্তু মোৰ দেউতাৰ প্ৰায়বোৰ ফুলৰ জ্ঞান আছিল আৰু আমাক ভালকৈ বুজাইও দিছিল, কৈছিল ‘এই ফুলটো এনেকৈ বোৱাৰ চেষ্টা কৰাচোন’।” তেওঁ নিজে শিপিনী নাছিল যদিও পিতৃৰ সেই বিতং ব্যাখ্যাৰ পৰা ভালেখিনি শিকিব পাৰিছিল বুলি প্ৰভাতীয়ে কয়।
আমি তেওঁৰ ঘেগিৰঘাটৰ ঘৰৰ বাৰান্দাত বহি আছো। অঞ্চলটোৰ শিপিনীসকলৰ প্ৰায়ভাগেই বাৰান্দাতে পাটী বোৱাৰ কামটো কৰে। তেওঁৰ পৰিয়ালৰ আন লোকসকলে পাটী বোৱা কামটোত তেওঁক ইটো-সিটো সহায় কৰি দিছে। পাটীখনত ফুল (ধাৰণামূলক চিত্ৰ) এখন তোলাৰ চিন্তা আৰু তাক সাকাৰ ৰূপ দিয়াৰ কামটো তেঁৱেই অকলে কৰে। “আমি কৰি কৰি জনা হৈ গৈছো,” ফুল এটা কেনেকৈ তোলে, সেই সম্পৰ্কে প্ৰভাতীয়ে কয়।
প্ৰভাতীৰ পৰা প্ৰায়ে কমলকোচ অৰ্ডাৰ কৰা গাতে লাগি থকা ধালিবাৰী গাঁৱৰ বেপাৰী কৃষ্ণ চন্দ্ৰ ভৌমিক। “কমলকোচ হল’ একতি চৌকিন জিনিচ (কমলকোচ চৌখিন মানুহৰ বস্তু)। বঙালী লোক এজনেহে ভাল পাটী এখনৰ মোল বুজি পায়। সেয়ে এই দামী পাটীবিধ তেওঁলোকে ক্ৰয় কৰে,” পাৰিক তেওঁ কয়।
ধৰৰ পৰিয়ালটো ঘেগিৰঘাট গাঁৱত থাকে। সেই গাওঁখন, দৰাচলতে গোটেই কোচবিহাৰ-১ ব্লকটো শিপিনীৰে ভৰি আছে। এইসকল পাটী বোৱা শিপিনী। বাংলাদেশ মূলৰ এইসকল শিপিনীৰ বৈন শৈলী সুকীয়া। কিন্তু সেয়া অন্য এক কাহিনী। সোনকালেই পঢ়িবলৈ পাব।
এই ঢাৰি বোৱা কামটোক পাটীদৈ বোৱা বুলি কোৱা হয় আৰু সেয়া মোটাপাটীৰ পৰা আৰম্ভ কৰি একেবাৰে মিহি আৰু বিৰল কমলকোচ হ’ব পাৰে। যিবিধ গছৰ পৰা এই দৈ উলিওৱা হয়, সেয়া হৈছে পশ্চিমবংগৰ কোচবিহাৰৰ স্থানীয় প্ৰজাতি – পাটীদৈ গছ ( Schumannianthus dichotomus )।
কমলকোচ বনাবলৈ পাটীদৈ গছৰ ছালৰ মিহি অংশৰ সাৱধানে পাতলকৈ দৈ তুলিব লাগে, তাক বেত বুলি কয়। তাৰপিছত তাৰ ৰং উজ্জ্বল কৰিবলৈ আৰু বগা কৰিবলৈ মাড় দি উতলোৱা হয়, এনে কৰিলে দৈবোৰত ৰং ভালদৰে লাগে।
এই গুৰুত্বপূৰ্ণ প্ৰাথমিক কামখিনি কৰে তেওঁৰ স্বামী মনোৰঞ্জন ধৰে। তেওঁৰ মনত আছে কেনেকৈ বিয়াৰ পিছত ন-কইনা হৈ থাকোতেই তেওঁ স্বামীক কৈছিল যে তেওঁ পাটী ব’ব জানে, কিন্তু তাৰবাবে যোগাৰখিনিৰ প্ৰয়োজন। আৰু এনেকৈয়ে “মোৰ স্বামীয়ে লাহে লাহে কমলকোচ পাটীৰ বাবে দৈ তুলিব জনা হ’ল।”
আমি কথা পাতি থকাৰ মাজতে প্ৰভাতীৰ হাতলৈ চাইছো। দৈবোৰৰ মাজেৰে তেওঁৰ হাতৰ আঙুলিবোৰ খৰকৈ চলিছে আৰু খৰ খৰকৈ শব্দ ওলাইছে। তেওঁলোকৰ চুবুৰীটো ঘন। মাজে মাজে দুই-এখন বাহন পাৰ হৈ গৈছে। ঘৰখন কলগছ আৰু তামোলৰ গছে বেৰি আছে। তেওঁলোকৰ ঘৰৰ পৰা সাত ফুট ওখ পাটীদৈৰ গছবোৰ দেখা পোৱা যায়।
এই পাকৈত শিপিনীগৰাকীয়ে জোখ-মাখৰ ক্ষেত্ৰত হাতখনেই ব্যৱহাৰ কৰে। ‘এক হাত’ মানে প্ৰায় ১৮ ইঞ্চি। আঢ়ৈ হাত বহল আৰু চাৰিহাত দীঘল পাটী মানে প্ৰায় চাৰি ফুট বহল, ছয় ফুট দীঘল পাটী।
প্ৰভাতীয়ে কামৰ মাজতে সামান্য ৰৈ তেওঁ গ্ৰাহকৰ কাৰণে বৈ উলিওৱা কমলকোচ পাটীৰ ফটো দেখুৱাইছে। “কমলকোচ পাটীবোৰ অৰ্ডাৰ পালেহে বনাও। স্থানীয় বেপাৰীয়ে অৰ্ডাৰ দিলেহে বোৱা কামটো আৰম্ভ কৰোঁ। এই বিশেষ পাটীবোৰ সাপ্তাহিক বজাৰত বিক্ৰী নহয়।”
আজিকালি নিজৰ নাম আৰু তাৰিখ আদি লিখা থকা কমলকোচ পাটী বৰ জনপ্ৰিয় হৈছে। “বিয়াৰ বাবে গ্ৰাহকে দম্পতিহালৰ নাম লিখা থকা পাটী বিচাৰে। শব্দ যেনে ‘শুভ বিজয়া’ - বিজয়া দশমীৰ সময়ত জনোৱা সম্ভাষণ - আদিৰ অনুৰোধ আহে,” তেওঁ বিয়া, উৎসৱ-পাৰ্বণৰ সময়ত বিক্ৰী হোৱা বিশেষ পাটীৰ বিষয়ে কয়। “বাংলা ভাষাৰ আখৰতকৈ ইংৰাজীৰ আখৰ পাটীত তোলাটো সহজ,” বাংলা ভাষাৰ ভাঁজ থকা আখৰ পাটীত তোলা কামটো বৰ টান কাম বুলি তেওঁ কয়।
কোচবিহাৰ-১ ব্লক পাটী শিল্প সমবায় সমিতিৰ সচিব প্ৰদীপ কুমাৰ ৰায়েও একে কথাকে কয়, এয়া বৰ বিৰল কলা। নিজেও এগৰাকী শিপিনী ৰায়ে কয়, “গোটেই কোচবিহাৰ মিলি প্ৰায় ১০,০০০ পাটী বোৱা শিপিনী আছে। কিন্তু কমলকোচ শিপিনীৰ সংখ্যা অঞ্চলটোত মুঠে ১০-১২ গৰাকী।”
সমিতিখন ১৯৯২ চনত গঠিত, তাৰ অধীনত ৩০০ গৰাকী শিপিনী আছে। অঞ্চলটোত পাটী বোৱা শিপিনীসকলৰ এইখন বহু পুৰণি সমবায় আৰু সমিতিখনে ঘুঘুমাৰিত সাপ্তাহিক বজাৰ পাতে। কোচবিহাৰ অঞ্চলৰ এইখনেই একমাত্ৰ পাটীৰ ডাঙৰ বজাৰ য’ত প্ৰায় হাজাৰগৰাকী শিপিনী আৰু প্ৰায় ১০০ গৰাকী বেপাৰীৰ সমাগম ঘটে।
প্ৰভাতী অঞ্চলটোৰ একমাত্ৰ কমলকোচ পাটী বোৱা শিপিনী আৰু তেওঁ নিজৰ কাম বৰ মনযোগেৰে কৰে। “মোৰ মায়ে সদায় পাটী বোৱা কাম কৰে। এদিনো জিৰণি নলয়। কিবা কাম থাকিলে ওলাই যাও, নাইবা ককাৰ ঘৰলৈ যাও, তেতিয়াহে তেওঁৰ কাম বন্ধ থাকে,” পাঁচ বছৰ বয়ৰ পৰাই মাকক চাই চাই পাটী বোৱা কাম শিকি লোৱা মন্দিৰাই কয়।
প্ৰভাতী আৰু মনোৰঞ্জনৰ দুটি সন্তান, ১৫ বছৰীয়া মন্দিৰা আৰু ৭ বছৰীয়া পিয়ূষ (মৰমতে তজ’ বুলি মাতে)। স্কুলৰ পৰা আহি পোৱা আজৰি সময়ত দুয়ো পাটী বোৱা কামটো আয়ত্ব কৰাৰ যত্ন কৰে। মন্দিৰাই প্ৰভাতীৰ মাক-দেউতাকৰ লগত থাকে আৰু মাকক পাটী বোৱা কামত সহায় কৰি দিবলৈ সপ্তাহত এবাৰ-দুবাৰ আহে। সাত বছৰীয়া পিয়ূষো কামটো শিকাত আগ্ৰহী। বৰ আগ্ৰহেৰে তেওঁ পাটীদৈৰ পৰা দৈ তোলে। লগ-বন্ধুবোৰে ক্ৰিকেট খেলি থাকে, কিন্তু তেওঁ কাম কৰি থাকে।
চুবুৰীয়াৰ ল’ৰা-ছোৱালীবোৰে প্ৰভাতীৰ পৰা পাটী বোৱা কামটো শিকিবলৈ ঘনাই আমনি কৰি থাকে: “মোৰ চুবুৰীয়াগৰাকী ছোৱালীজনীয়ে মোক কয়, ‘কাকী’ (খুৰী), মোকো শিকাই দিয়কচোন!।” বন্ধৰ দিনত আৰু সপ্তাহান্তত তেওঁৰ ঘৰখন সৃষ্টিশীল হৈ উঠে। “সিহঁতে ময়ূৰ আৰু গছ-গছনি কেনেকৈ ব’ব লাগে, সেয়া জানিবলৈ বৰ উৎসুক। অৱশ্যে সিহঁতে বৈ উলিয়াব নোৱাৰিব। সেয়ে মই সিহঁতক পাটীৰ দাঁতিকেইটা ব’বলৈ কওঁ। আৰ্হিকেইটা বৈ থকাৰ মাজতে মই সিহঁতৰ কাম চাই থাকো। লাহে লাহে মই সিহঁতক শিকাম,” তেওঁ কয়।
মন্দিৰাই কমলকোচ বোৱা কাম শিকি আছে যদিও তেওঁ এনে এটা পেচা শিকিব বিচাৰে য’ৰপৰা তেওঁ ভাল পইচা পায় আৰু সময়ো কম লাগে। “মই চাগে নাৰ্ছিং পঢ়িম,” তেওঁ কয়। “পাটী বোৱা কামটোত খাটনিও বহুত। কোনোবাই আন ভাল কাম পালে বহি, জিৰণি লৈ আৰামত উপাৰ্জন কৰিব পাৰে। সকলো সময়তে খাটিনো কিয় থাকিব লাগে। সেইটো কাৰণতে কোনোৱে (আমাৰ প্ৰজন্মৰ) পাটী বোৱা কামটো শিকিব নোখোজে।”
কথাটো প্ৰমাণ কৰিবলৈ তেওঁ মাকৰ দিনটোৰ কামৰ বিৱৰণি দিয়ে: “মোৰ মায়ে সদায় ৰাতিপুৱা ৫:৩০ বজাতে উঠে. ঘৰ সাৰে, মচে। তাৰপিছত এঘণ্টা পাটী বোৱা কামত ধৰে। তেওঁ আমাৰ বাবে পুৱাৰ আহাৰো ৰান্ধে। তাৰপিছত খাই আকৌ পিছবেলালৈকে পাটী বোৱা কাম কৰে, মাজত কেৱল গা ধোৱাৰ বিৰতি। তাৰপিছত ঘৰ সাৰে আৰু আবেলি আকৌ পাটী বোৱা কামত বহে। ৰাতি ৯ বজালৈকে সেয়াই কৰি থাকে। তাৰপিছত ৰন্ধা-বঢ়া কাম। আমি খোৱা বোৱা কৰি আটায়ে শুবলৈ যাও।”
“কাম বহুত থাকে বাবে মোৰ মা-দেউতাহঁত মেলালৈ নাযায়। মাহটোত আমাৰ ঘৰখনত খৰছৰ বাবে ১৫,০০০ মান টকাৰ প্ৰয়োজন হয়, সেইখিনি যাতে উপাৰ্জন কৰিবপৰা যায়, তাৰবাবে আমি প্ৰতিদিনে এখনকৈ পাটী বোৱা সম্পূৰ্ণ কৰিব লাগে। ”
*****
পাটী বনোৱা কামটোত স্থানীয় ভাষাত সমষ্টিগত কাজ বুলি কোৱা হয়। সমষ্টিগত কাজ মানে পৰিয়াল আৰু সমাজৰ প্ৰচেষ্টাত হৈ উঠা এটা কাম। “ এতা আমাদেৰ পাটীশিল্পৰ কাজ তা একক ভাবে হয়ে না। টাকা জোড়াতে গেলে সবাই কে হাথ দিতে হয়ে (আমাৰ পাটী বোৱা কামটো অকলে কৰা কাম নহয়। সকলোৱে মাহৰ শেষত ভাল উপাৰ্জনৰ বাবে একেলগে কাম কৰে),” কামটোৰ বাবে ঘৰৰ সদস্যসকলৰ ওপৰত নিৰ্ভৰ কৰা প্ৰভাতীয়ে কয়।
কামটো ভগাই লোৱা হয়, এটা হৈছে মাথেৰ কাজ (পথাৰৰ কাম) আৰু আনটো হৈছে বাৰীৰ কাজ (ঘৰৰ কাম),” শিল্পবিধত দখল থকা শিপিনী পৰিয়ালৰ কাঞ্চন দেয়ে কয়। তেওঁ কয় কেনেকৈ পুৰুষে পাটীদৈ কাটি আনি সেয়া টুকুৰা কৰি মিহি মিহি দৈ তোলে। আকৌ মহিলাই সেই দৈবোৰ মাড়ত সিজাই লৈ সেয়া শুকুৱাই পাটী বোৱে। কামটোত ল’ৰা-ছোৱালী বুলি কোনো ভেদ নাই। ছোৱালীয়ে আহি পাটী বোৱা চাই শিকে। আনফালে ল’ৰাবোৰে পাটীদৈৰ পৰা মিহি দৈ তুলিবলৈ চেষ্টা কৰে। দে চুবুৰীয়া গাওঁ গাংগালেৰ কুঠিৰ এগৰাকী স্কুলীয়া শিক্ষক।
এখন পাটী বৈ উলিয়াবলৈ প্ৰয়োজন হোৱা পাতিবেত (পাটী দৈ)ৰ সংখ্যা ৬ x ৭ ফুটৰ ১৬০ ডাল। এই দৈখিনি তুলি বোৱাৰ বাবে সাজু কৰিবলৈ প্ৰায় দুটা দিন লাগে। সেই কামটো পুৰুষে কৰে। বেত চোলাই আৰু বেত তোলা - এই দুটা সময় খৰছ হোৱা কামটো কঠিন। পাটীদৈৰ দৈবোৰ ২ মি.মি.ৰ পৰা ০.৫ মি.মি. ঘনত্বৰ। এই কামটো বৰ জটিল আৰু পাকৈত হাতেহে ভাল মিহি দৈ তুলিব পাৰে।
বোৱাৰ পিছত পাটীখন শুকাবলৈ দিয়া হয়। “সাধাৰণ পাটীবোৰ প্ৰাকৃতিক ৰঙৰ দৈৰে বোৱা হয়। কিন্তু কমলকোচ পাটীবোৰ দুই ধৰণৰ ৰঙৰ দৈৰে বোৱা হয়,” কামটোত আঠুৰ ওপৰত ভৰ দি ভালেকইঘণ্টা বহি থাকিবলগীয়া হোৱা পাকৈত শিপিনীগৰাকীয়ে কয়। কেতিয়াবা তেওঁ পীৰা এখন পাৰিও বহে। ইতিমধ্যে বোৱা অংশটো ওলাই নোযোৱাকৈ প্ৰভাতীয়ে ভৰিৰে পতাৰে ধৰি ৰাখে। দুয়োখন হাতেৰে তেওঁ তুলিবলগীয়া চিত্ৰ অনুসৰি নিৰ্দিষ্ট সংখ্যক দৈ তুলি ধৰি বোৱা কামটোত অভ্যস্ত।
তেওঁ এবাৰত প্ৰায় ৭০ ডাল দৈ উঠোৱা আৰু নমোৱা কাম কৰে। দৈ এডাল বোওতে তেওঁ প্ৰায় ৬০০ দৈ উঠোৱা-নমোৱা কৰিবলগীয়া হয়। উঠোৱা-নমোৱাৰ কামটো হাতেৰেই কৰে। এখন পাটী সম্পূৰ্ণকৈ বৈ উলিয়াবলৈ তেওঁ এই কামটো প্ৰায় ৭০০ বাৰ কৰিব লাগে।
এখন কমলকোচ বৈ উলিওৱা কামটো শেষ কৰা সময়খিনিত ১০ খন সাধাৰণ পাটী বৈ উলিয়াব পাৰি। ইয়েই পাটীখনৰ দাম বেছি হোৱাৰ কাৰণ, প্ৰভাতীয়ে কয়। “কমলকোচ এখন বৈ উলিওৱাটো টান কাম, কিন্তু কামটোত পইচাও বেছি পোৱা যায়।” কমলকোচৰ অৰ্ডাৰ যেতিয়া কম থাকে, প্ৰভাতীয়েও সাধাৰণ পাটী বোৱে। এই পাটী খৰকৈ বৈ উলিয়াব পাৰি বাবে তেওঁ বছৰটোত বেছিভাগ এই পাটীয়েই বোৱে।
ল’ৰা-ছোৱালীৰ মাক হিচাপে যি কাম আৰু তাৰ লগতে কমলকোচ শিপিনী হিচাপে তেওঁ যি সন্মান পাইছে, তাক লৈ তেওঁ সুখী। “মই কমলকোচ বোৱা কামটো জানো, সেইকাৰণে মই সেই কামটো কৰোঁ। আমি গৰ্ববোধ কৰি (গৌৰৱবোধ কৰোঁ)।”
অলপ সংকোচ ভাবত তেওঁ কয়, “বহুতেই কমলকোচ পাটী বোৱা কামটো নাজানে। মই এই বিৰল পাটী বোৱা কামটো জানো, সেই কাৰণেইটো আপোনালোকে আন কাৰো ওচৰলৈ নগৈ মোৰ ওচৰলৈ আহিছে, নহয় জানো?”
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস