কোনো মহিলাই পোৱা ন্যায়ৰ অন্ত এনেকুৱা কেনেকৈ হ ব পাৰে ?

- বিলকিছ্ বানো

২০০২ৰ মাৰ্চত ১৯ বছৰ বয়সীয়া বিলকিছ য়াকুব ৰছুলক গুজৰাটৰ দাহুদ জিলাত এজাক পাষণ্ডই ধৰ্ষণ কৰিছিল আৰু সেইসকলেই তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যক হত্যা কৰিছিল। তেওঁৰ তিনি বছৰীয়া কন্যা চালেহাকো সিহঁতে ৰেহাই দিয়া নাছিল। বিলকিছৰ পেটত তেতিয়া পাঁচমহীয়া সন্তান আছিল।

সেইদিনা তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰা পাষণ্ডকেইজন লিমখেৰা তালুকৰ তেওঁৰ নিজৰে গাওঁ ৰন্ধিকাপুৰৰ আছিল। সিহঁতক তেওঁ জানিছিল।

২০০৩ৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় অনুসন্ধান সংস্থাক এই গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হয়। এমাহ পিছত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হয়। ২০০৪ৰ আগষ্টত উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ স্থানান্তৰ কৰে য’ত ২০০৮ৰ জানুৱাৰীত বিশেষ চি.বি.আই. আদালতে ২০ জন অভিযুক্তৰ ১৩ জনক দোষী সাব্যস্ত কৰে। তাৰে ১১ জনক আজীৱন কাৰাদণ্ড বিহা হয়।

২০১৭ৰ মে’ মাহত বম্বে উচ্চ ন্যায়ালয়ে ১১ জনৰ আজীৱন কাৰাদণ্ডৰ ৰায়দান বাহাল ৰাখে আৰু সাতজনক ৰেহাই বৰ্খাস্ত কৰে।

পাঁচ বছৰ পাছত, ২০২২ৰ ১৫ আগষ্টত আজীৱন কাৰাবাস খাটি থকা ১১ জনক গুজৰাট চৰকাৰে পতা কাৰাগাৰ উপদেষ্টা পৰিষদৰ পৰামৰ্শ অনুযায়ী চৰকাৰৰ ৰেহাই নীতিৰ আধাৰত মুকলি কৰি দিয়া হয়।

তেওঁলোকৰ ৰেহাইৰ বৈধতাক লৈ ভালেমান বিশেষজ্ঞই প্ৰশ্ন তুলিছে। ইয়াত কবিয়ে বিলকিছৰ সৈতে কথা পাতিছে, নিজৰ মনৰ বেদনা ব্যক্ত কৰিছে।

প্ৰতিষ্ঠা পাণ্ডাই কবিতাটোৰ আবৃত্তি কৰা শুনিব পাৰে

মোৰো নাম হওক বিলকিছ্

বিলকিছ্, কি আছে তোমাৰ নামৰ মাজত?
মোৰ কবিতাৰ কলিজা ভেদি সৃষ্টি হয় এক কেঁচা ঘা,
যাৰ ঠিলা মৰা কাণেৰে নিগৰি আহে তেজৰ সুঁতি।

তোমাৰ নামত এনে কি আছে, বিলকিছ্?
যে মোৰ লৰক-ফৰক জিভাখন জঠৰ কৰিহে এৰে,
কথা নাই বতৰা নাই, কথাৰ মাজতে অকস্মাৎ অসাৰ কৰি দিয়ে।

তোমাৰ চকুৰ অগনি বৰষা যন্ত্ৰণাৰ সেই হাজাৰটা সুৰুযে
মই মনতে আঁকি লোৱা প্ৰতিখন ছবি
জ্বলাই ছাৰখাৰ কৰে।

দেই পুৰি নিয়া মৰুভূমি
আৰু সোঁৱৰণৰ ওফন্দি থকা সাগৰ,
কলিজা ছিৰি পেলোৱা সেই চাৱনিত বন্দী হৈ পৰে,

মই বিশ্বাস কৰা প্ৰতিটো প্ৰমূল্যক নস্যাৎ কৰে,
আৰু বগৰাই পেলায় এই অসভ্য সভ্যতাৰ বুনিয়াদ
সেই তাচপাতৰ দালান, যুগ-যুগান্ত ধৰি য'ত বাস কৰে মিথ্যাচাৰে।

তোমাৰ নামত তেন্তে এনে কি আছেনো, বিলকিছ্
যিয়ে চিঞাহীকো উভোতাই এনেকৈ বোৱায় যে
ন্যায়ৰ চেহেৰাৰ ক'লা দাগবোৰ প্ৰকট হৈ দুচকুত ধৰা পৰে?

তোমাৰ তেজেৰে তিতা এই ভূমি
চালেহাৰ সুকোমল, ভগা লাওখোলাটোৰ দৰে
লাজত ফাট মেলিব কোনোবা এদিন।

দেহৰ নামমাত্ৰ কাপোৰেৰে তুমি যিটো টিলা বগাইছিলা,
সিয়ো চাগে নাঙঠ হৈয়ে থাকিব চিৰদিন

য'ত আগলৈকে ঘাঁহৰ আগ এটাও গজি নুঠিব
আৰু এইবাটে অহা-যোৱা কৰা বতাহ ছাটিয়েও
য'ত এৰি থৈ যাব অক্ষমতাৰ অভিশাপ।

তোমাৰ নামত তেন্তে এনে কি আছেনো, বিলকিছ্
যে মোৰ পুৰুষসুলভ কলমে
ব্ৰহ্মাণ্ডৰ এনে সুদীৰ্ঘ যাত্ৰা কৰিবলৈ সক্ষম
মাজবাটতে লাগি ধৰে
আৰু নৈতিকতাৰে
আৰু এয়াও সম্ভৱ যে এই কবিতাটোও
ব্যৰ্থ প্ৰমাণিত হ'ব
- এক নিষ্প্ৰাণ ক্ষমাপত্ৰৰ দৰে, সন্দিগ্ধ আইনী মামলা সদৃশ
যদিহে তুমি ইয়াক চুই সাহসেৰে প্ৰাণসঞ্চাৰ কৰা,
তেতিয়াহে যদি কিবা এটা হ'ব পাৰে।

এই কবিতাটোক তোমাৰ নাম দি দিয়া, বিলকিছ্,
কেৱল নাম নহয়, এই নামটো আবেগেৰে শাণিত কৰা,
জৰ্জৰিত হোৱা মনোবল পুনৰোজ্জীৱিত কৰা, বিলকিছ্।

মূলৰ পৰা বিচ্ছিন্ন হোৱা মোৰ পৰিচয়ক শক্তি দিয়া,
যুদ্ধৰ বাবে সজ্জিত সেই শব্দবোৰক প্ৰাণময় কৰি তোলা
প্ৰশ্নসূচক বিশেষণ হৈ বৰষিবলৈ শিকাই দিয়া
নিজৰ কোমল, সুৰীয়া কণ্ঠত
ঘুণে ধৰা মোৰ ভাষাত এনেকৈ শব্দ যোগোৱা,
হৈ ৰওক সি তিতিক্ষাৰ আন এক নাম

স্বাধীনতাৰ আন এক নাম হওক, বিলকিছ্।
ন্যায়ৰ আহ্বান হওক,
প্ৰতিবাদৰ নেৰানেপেৰা জিদ হওক, বিলকিছ্।

আৰু তাক তোমাৰ দৃষ্টি দিয়া, বিলকিছ্
তোমাৰ পৰা নিশাটো এনেকৈ বৈ যাওক
সি গৈ ন্যায়ৰ চকুহালিৰ কাজল হৈ পৰক, বিলকিছ্।

বিলকিছ্ এক ছন্দ হওক, বিলকিছ্ এক লয় হওক,
বিলকিছ্ বুকুৰ মাজত বাজি ৰোৱা মিঠা গীত হওক,
কাগজ-কলমৰ ক্ষুদ্ৰ পৰিধি ভাঙি দিব যিয়ে

আৰু তাৰ উৰণ দূৰ-দিগন্ত অভিমুখী হওক,
যাতে মানৱীয়তাৰ শুকুলা পাৰ
এই ৰক্তাক্ত ভূমি জুৰি উৰে

ইয়াৰ ছাঁতে জিৰোৱা, আৰু কৈ যোৱা এফালৰ পৰা
কি ক'ত লুকাই আছে তোমাৰ নামৰ মাজত।
উফ্! এবাৰ, মাথো এবাৰ, মোৰো নাম হওক বিলকিছ্

কবিতাৰ অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
পাঠৰ অনুবাদ: পংকজ দাস

Poem : Hemang Ashwinkumar

ہیمنگ اشوِن کمار، گجراتی اور انگریزی زبان کے شاعر، افسانہ نگار، مترجم، مدیر، اور نقاد ہیں۔ ان کے ذریعے ترجمہ کی گئی انگریزی کتابوں میں ’پوئیٹک رِفریکشنز‘ (۲۰۱۲)، ’تھرسٹی فش اینڈ اَدَر اسٹوریز‘ (۲۰۱۳) شامل ہیں، وہیں انہوں نے ایک گجراتی ناول ’ولچرز‘ (۲۰۲۲) کا ترجمہ کیا ہے۔ اس کے علاوہ، انہوں نے ارون کولٹکر کے ’کالا گھوڑا پوئمز‘ (۲۰۲۰)، ’سرپ ستر‘ (۲۰۲۱) اور ’جیجوری‘ (۲۰۲۱) نام کے شعری مجموعوں کا بھی گجراتی میں ترجمہ کیا ہے۔

کے ذریعہ دیگر اسٹوریز Hemang Ashwinkumar
Illustration : Labani Jangi

لابنی جنگی مغربی بنگال کے ندیا ضلع سے ہیں اور سال ۲۰۲۰ سے پاری کی فیلو ہیں۔ وہ ایک ماہر پینٹر بھی ہیں، اور انہوں نے اس کی کوئی باقاعدہ تربیت نہیں حاصل کی ہے۔ وہ ’سنٹر فار اسٹڈیز اِن سوشل سائنسز‘، کولکاتا سے مزدوروں کی ہجرت کے ایشو پر پی ایچ ڈی لکھ رہی ہیں۔

کے ذریعہ دیگر اسٹوریز Labani Jangi
Editor : Pratishtha Pandya

پرتشٹھا پانڈیہ، پاری میں بطور سینئر ایڈیٹر کام کرتی ہیں، اور پاری کے تخلیقی تحریر والے شعبہ کی سربراہ ہیں۔ وہ پاری بھاشا ٹیم کی رکن ہیں اور گجراتی میں اسٹوریز کا ترجمہ اور ایڈیٹنگ کرتی ہیں۔ پرتشٹھا گجراتی اور انگریزی زبان کی شاعرہ بھی ہیں۔

کے ذریعہ دیگر اسٹوریز Pratishtha Pandya
Translator : Mayuri Sharma Baruah

Working as a college teacher, Mayuri Sharma Baruah has keen interest in translation. Being well-versed in Bengali, Hindi and English along with Assamese, she has already translated several poems, short stories and articles into Assamese, Bengali and English. Her areas of interest include women and gender, human rights and children's literature.

کے ذریعہ دیگر اسٹوریز Mayuri Sharma Baruah
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das