গ্ৰীষ্মকালত লাদাখৰ চুৰু গাওঁখন প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰি পৰে। ভৰ সেউজীয়া ঘাঁহনিৰ বেষ্টনী ভাঙি জান-জুৰিবোৰ বৈ আহে, ৰং-বিৰঙৰ বনৰীয়া ফুল ফুলে, সুদূৰত পৰ্বতশিখৰ বৰফে ঢাকে। দিনৰ আকাশ কিযে নিৰ্মল হৈ পৰে, আকৌ নিশাৰ ভাগত আকাশীগংগাখন হাতে ঢুকি পোৱা হৈ পৰে।
কাৰ্গিল জিলাৰ এই উপত্যকাৰ শিশুবোৰৰ প্ৰকৃতিৰ সৈতে সম্পৰ্ক অতি নিবিড়। তাই চুৰু গাঁৱত এই ফটোখিনি লোৱা হৈছিল ২০২১ত। শিশুহঁতৰ কোনোবাই যদি শিল এটা বগাইছে, কোনোবাই গ্ৰীষ্মৰ ফুল গোটাইছে, কোনোবাই আকৌ নিজৰাৰ পানীৰ সৈতে খেলিছে। গ্ৰীষ্মকালত যৱধানৰ খেতিপথাৰত খেলাটো সিহঁতৰ অতিকৈ প্ৰিয় কাম।
কাৰ্গিল এখন দূৰণিবটীয়া ঠাই। স্বায়ত্বশাসিত অঞ্চল লাদাখৰ আনখন জিলা লেহৰ পৰ্য্যটকৰ প্ৰচুৰ সমাগমৰ পৰা বহু আঁতৰত এই জিলা।
বহুতেই কাৰ্গিল বুলি ক’লে কাশ্মীৰ উপত্যকা বুলি ভাবে। কিন্তু সেয়া নহয়। তাৰোপৰি কাশ্মীৰখন চুন্নি অধ্যূষিত, আনহাতে কাৰ্গিলৰ গৰিষ্ঠসংখ্যকেই চিয়া ঠালৰ।
কাৰ্গিল চহৰখনৰ পৰা ৭০ কিলোমিটাৰ দক্ষিণে থকা তাই চুৰু চিয়া মুচলমানসকলৰ বাবে পুণ্য ধাম। কাৰ্গিল নিবাসীসকলৰ বাবে ইচলামধৰ্মৰ নৱবৰ্ষ মহৰম মানে হৈছে পয়গম্বৰ মহম্মদৰ নাতি ইমাম হুছেইনৰ বাবে গভীৰ শোক প্ৰকাশৰ সময়। ৬৮০ খ্ৰীষ্টাব্দত হোৱা কাৰবালাৰ যুদ্ধত (বৰ্তমানৰ ইৰাকত) ইমান হুছেইনৰটক তেওঁৰ ৭২ জন অনুচৰসহ হত্যা কৰা হৈছিল।
মহৰমৰ দিনা পুৰুষ-মহিলা সকলোৱে ৰীতি-নীতিবোৰত ভাগ লয়। জুলুচ বা দাস্তা বুলি কোৱা শোভাযাত্ৰা কেবাদিনো চলে। মহৰমৰ দশম দিন অচুৰাত এই জুলুচ আটাইতকৈ ডাঙৰ হয়, যিটো দিনত হুছেইন আৰু তেওঁৰ অনুচৰবৰ্গক কাৰবালাত হত্যা কৰা হৈছিল। সিদিনা কিছুমানে চাবুক আৰু ব্লেড আদিৰে নিজকে বেত্ৰাঘাট ( কামা জানি ) কৰে আৰু সকলোৱে বুকু ভুকুৱায় ( চিনা জানি )।
অচুৰাৰ আগদিনা মহিলাসকলে মছজিদৰ পৰা ইমামবাৰা (উপাসনাগৃহ)লৈ ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। তেওঁলোকে গোটেই পথচোৱাত মাৰ্চিয়া আৰু নোহা (অনুতাপ আৰু শোক) গাই যায়। (এইবছৰ অচুৰা ৮-৯ আগষ্টত পৰিছে)
সকলোৱে মজলিচ (ধৰ্মীয় সমাৱেশ)ৰ বাবে সমবেত হয়, এয়া মহৰমৰ দিনকেইটাত ইমামবাৰাত দিনত দুবাৰকৈ অনুষ্ঠিত হয়। সকলোৱে তাত হুছেইন আৰু তেওঁৰ অনুচৰসকলৰ সাহস আৰু ত্যাগক স্মৰণ কৰে। পুৰুষ আৰু মহিলাই পৃথকে উপাসনাগৃহত বহি আঘা (ধৰ্মগুৰু)ৰ পৰা কাৰবালাৰ যুদ্ধ আৰু আন ঘটনাবোৰৰ পাঠ শুনে।
কিন্তু ইফালে পাঠ চলি থকাৰ মাজতে ওপৰ মহলাৰ বেলকনিত ছোৱালীবোৰে ভিৰ কৰে। তলত কি চলি আছে, কোন আহিছে, কোন গৈছে সকলো সিহঁতে বৰ আৰামত চাই থাকে। পিঞ্জৰা বা সজাই আৱদ্ধ হৈ থকা বা উশাহ বন্ধ হ’ব খোজা কথাই বুজায়। কিন্তু ছোৱালীহঁতৰ কাৰণে সেই বেলকনিটোতেই আছে স্বাধীনতা আৰু হাঁহি-ফুৰ্তিৰে খেলা-ধূলাৰ ঠাই।
এটা সময়ত তলত চলি থকা সভাত যেতিয়া শোকৰ শব্দবোৰ ডাঙৰ হৈ আহে, মনবোৰ হঠাতে গোমা হৈ পৰে আৰু ছোৱালীহঁতেও তলমূৰ কৰি উচুপে। কিন্তু বেছি সময়ৰ বাবে নহয়।
মহৰম শোকৰ মাহ যদিও শিশুহঁতৰ কাৰণে সেয়া বন্ধুবৰ্গক লগ পোৱা, ঘণ্টাৰ পাছত ঘণ্টা, আনকি কেতিয়াবা ৰাতি দোভাগলৈকো সময় কটোৱাৰ সুযোগ। কিছুমান ল’ৰাই নিজকে বেত্ৰাঘাত কৰে যদিও এই কাম ছোৱালীৰ বাবে নিষিদ্ধ। আন সকলোৱে কি কৰে, সেয়া তেওঁলোকে চাই ৰয়।
সাধাৰণতে মহৰম বুলিলে পুৰুষে নিজকে বেত্ৰাঘাত কৰা আৰু ৰক্তপাতৰ ওপৰতেই মানুহৰ চকু যায়। কিন্তু শোক-সন্তাপৰ আন এটা বাটো আছে, মহিলাসকলে যিটো কৰে। তেওঁলোকো শোকসন্তপ্ত, কিন্তু তাত গাম্ভীৰ্য্যতা আছে।
অনুবাদ: পংকজ দাস