‘ইৰাণস্থিত ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ পৰা আমাক হোৱাটচআপ যোগে আমাৰ ক’ভিড-19 পৰীক্ষাৰ ফলাফল পঠিয়াইছিল, তাতে কেৱল পাছপ’ৰ্টৰ নম্বৰৰ বিপৰীতে (আমাৰ) পজিটিভ নে নিগেটিভ সেয়া লিখা আছিল। যেনিবা সেয়া স্কুলৰ পৰীক্ষাৰ ফলাফলহে, ৰ’ল নম্বৰৰ বিপৰীতে পাছ-ফেইল। কিন্তু আজিকোপতি আমাক কোনো আচল ৰিপ’ৰ্ট দিয়া নাই,’ শ্বাব্বিৰ হুছেইন হাকিমিয়ে কয়। কেৱল পজিটিভ-নিগেটিভ ৰেংকিং দিয়াতেই সেই প্ৰক্ৰিয়া বন্ধ হৈছে। চিয়া মুছলমানৰ পৱিত্ৰ ধৰ্মস্থানলৈ বুলি পিতৃ-মাতৃক সংগ দি জানুৱাৰীত লাডাখৰ কাৰ্গিলৰ পৰা যোৱা ২৯ বছৰীয়া ডেকাল’ৰাজনে আমাৰ সৈতে ইৰাণৰ কোমৰ পৰা কথা পাতিছিল।

প্ৰতিবছৰে হাজাৰ হাজাৰ চিয়া মুছলমানে পয়গম্বৰ মহম্মদৰ পৰিয়ালৰ ইমাম আলি, হুছেইনকে ধৰি আন পৰিয়ালবৰ্গৰ ধামলৈ মুৰ দোৱাবলৈ যায়। জম্মু, কাশ্মীৰ, লাডাখ আৰু মহাৰাষ্ট্ৰৰ পৰা যোৱা তাৰে প্ৰায় ১১০০ৰো অধিক তীৰ্থযাত্ৰী এইবছৰ কোম নগৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। ইৰাণত ক’ভিড-19 বিয়পি পৰাত দেখা দিয়া সংক্ৰমণৰ শংকালৈ চাই তেওঁলোকৰ গৃহ অভিমুখী বিমানৰ উৰণ বাতিল কৰা হ’ল।

‘আমাৰ নমুনা লোৱা কাম ২ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ চলিল। আমাক কোৱা হ’ল যে পৰীক্ষাৰ বাবে নমুনাবোৰ প্ৰথমতে পুণেলৈ পঠিওৱা হ’ব, তাৰ পিছত সকলো জাৱাৰকে (তীৰ্থযাত্ৰী) ভাৰতলৈ বিমানযোগে পঠিওৱা হ’ব,’ শ্বাব্বিৰে কয়। প্ৰথম ৭৮ জন জাৱাৰৰ ফলাফল নিগেটিভ অহাত তেওঁলোকক ১০ মাৰ্চৰ দিনা ভাৰতীয় বায়ুসেনাৰ চি-17 বিমানযোগে ভাৰতলৈ পঠিওৱাৰ বাবে টেহৰানলৈ লৈ অহা হয়।

‘আশ্বৰ্যজনকভাৱে তাৰে ১৯ জনক কোনো কাৰণ নদৰ্শোৱাকৈ ঘূৰাই পঠিওৱা হয়,’ শ্বাব্বিৰে কয়। তাৰ পিছতে লাডাখৰ ২৫৪ জাৱাৰৰ ফলাফল পজিটিভ অহা বুলি দূতাবাসে ঘোষণা কৰে। ‘ভাৰতীয় দূতাবাসে পজিটিভ ফলাফল অহাসকলক কোৱাৰেইণ্টাইন তো বাদেই, মাস্ক এখনো যোগান ধৰা নাছিল। তাৰ পৰিৱৰ্তে আমাৰ কিছুমানে স্বেচ্ছাই তেওঁলোকক পাল পাতি কোমৰ এখন হস্পিতাললৈ পৰীক্ষা কৰাবলৈ লৈ গ’ল। এই আশাত যে তাৰে কিছুমানক হস্পিতালত ভৰ্ত্তি কৰাব পৰা যাব।’

এই প্ৰতিবেদকে টেহৰানৰ ভাৰতীয় দূতাবাসলৈ প্ৰশ্নাৱলী পঠিওৱা তিনি দিন হ’ল, উত্তৰ এতিয়ালৈ অহা নাই।

Left: A delegation of stranded Indian pilgrims meeting Indian Embassy officials in Qom, Iran. Right: Shabbir Hussain Hakimi
Left: A delegation of stranded Indian pilgrims meeting Indian Embassy officials in Qom, Iran. Right: Shabbir Hussain Hakimi

বাওঁফালেঃ ইৰাণৰ কোম নগৰৰ ভাৰতীয় দূতাবাসৰ বিষয়াক সাক্ষাৎ কৰিবলৈ অহা আবদ্ধ ভাৰতীয় তীৰ্থযাত্ৰীৰ প্ৰতিনিধি দলটো। সোঁফালেঃ শ্বাব্বিৰ হুছেইন হাকিমি

জাৱাৰসকলৰ প্ৰায়ভাগৰেই বয়স ৬৫ৰ ওপৰত। তাৰে বহুতৰে বয়স আশী উৰ্দ্ধ। সেয়ে তেওঁলোকৰ সংগী হিচাপে অহা ডেকাবোৰে সেইসকলৰ সুস্বাস্থ্যৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে। কিন্তু পজিটিভ বুলি ঘোষণা কৰাসকলৰ কোনো এজনকে ডাক্তৰে হস্পিতালত পৰীক্ষা কৰি কোনোধৰণৰ লক্ষণ দেখা নাপালে। তাৰমানে এই তীৰ্থযাত্ৰীসকলে যিখিনি সামান্য টকা হাতত আছে সেইখিনিৰে তেওঁলোকে থকা ঠেক আবাসিক আশ্ৰয়স্থলীলৈ উভতিব লাগিব। পৰৱৰ্তী সময়ত দুয়োখন চৰকাৰেই বিষয়টোত আগভাগ লৈছে আৰু আবদ্ধ তীৰ্থযাত্ৰীয়ে তেওঁলোকৰ হোটেল নাইবা লজত থকাৰ বিনিময়ত ধন পৰিশোধ কৰিবলগীয়া হোৱা নাই।

‘দূতাৱাস আৰু বাণিজ্য দূতাৱাসৰ কাৰ্যালয়ে ভাৰতীয় নাগৰিকসকলক (ইৰাণত থকা) তেওঁলোকৰ সুস্বাস্থ্য আৰু পৰ্যাপ্ত সা-সুবিধা পোৱাৰ নিশ্চিতি দি আহিছে,’ ১৩ মাৰ্চৰ দিনা লোকসভাত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে কৈছিল। তাৰোপৰি ‘ভাৰত এখন এনে দেশ, য’ৰ নাগৰিক বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি আছে, সেয়ে এয়া অতিশয় গুৰুত্বপূৰ্ণ বিষয়। একে সময়তে আমি দায়িত্বশীলভাৱে আৰু ধীৰ-স্থিৰ হৈ আগবাঢ়িব লাগিব। আমি কি কৰো আৰু কি কওঁ সেই সকলো সমস্যা সমাধানৰ দিশত হোৱা উচিত, আতংক বিয়পোৱাধৰণৰ নহয়।’

এক প্ৰশংসনীয় স্থিতি। যদিওবা সংবাদ মাধ্যমত ২৫৪ জন লাডাখৰ তীৰ্থযাত্ৰীক ইৰাণত পজিটিভ বুলি ঘোষণা কৰা হৈছে (অৱশ্যে পিছত ‘নিশ্চিত কৰিবপৰা হোৱা নাই’ বুলি কোৱা হৈছে)। তাৰফলত বিশেষকৈ লাডাখৰ দুখনকৈ গাওঁ, লেহৰ চুচুত গংমা আৰু কাৰ্গিলৰ শংকু গাঁৱত আতংক আৰু বেমেজালিয়ে দেখা দিলত, দুয়োখন গাঁৱকেই কোৱাৰেইণ্টাইন ত ৰখা হ’ল। বিভিন্ন হোৱাটচআপ ভইচ মেচেজ, তাৰে কিছুমান সাম্প্ৰদায়িক আৰু জাত-পাতৰ ৰহণ সনা মেচেজ ম’বাইলে ম’বাইলে ঘূৰি ফুৰিল। ইফালে জম্মু আৰু অইন ঠাইত অধ্যয়নৰত লাডাখৰ ছাত্ৰ-ছাত্ৰী ভীতি, বৈষম্য আৰু বৰ্ণবৈষম্যৰ বলি হ’বলগীয়া হ’ল।

আতংকই এনে এক পৰ্যায় পাইছিল যে চুচুত গাঁৱৰ ৭৩ বৰ্ষীয় মহম্মদ আলিৰ মৃত্যুৰ পিছত সমাধি দিবলৈও পৰিয়ালটোক সহায়ৰ বাবে কোনো মানুহ আগবাঢ়ি নাহিল। পিছত জনা গ’ল যে মৃত্যুৰ কাৰণ ক’ভিড-19 নহয়, মূত্ৰনলীৰ সংক্ৰমণহে। ‘শত্ৰুৰো এনে অসহায় আৰু হতাশজনক অভিজ্ঞতা নহওক,’ সেই স্মৃতি সুঁৱৰি তেওঁৰ পুত্ৰ মহম্মদ ইছাই কয়।

Left: An Iranian medical team examining Ladakhi pilgrims outside their hotel in Qom. Right: Rations being distributed in Kargil's Sankoo village
Left: An Iranian medical team examining Ladakhi pilgrims outside their hotel in Qom. Right: Rations being distributed in Kargil's Sankoo village

বাওঁফালেঃ কোম নগৰৰ হোটেলৰ বাহিৰত লাডাখৰ তীৰ্যযাত্ৰীসকলক ইৰাণৰ চিকিৎসা দল এটাই পৰীক্ষা কৰিছে। সোঁফালেঃ কাৰ্গিলৰ শংকু গাঁৱত ৰেচন বিতৰণ কৰা হৈছে

২১ মাৰ্চৰ দিনা কাৰ্গিলৰ এজন আইনজ্ঞ মুস্তাফা হাজিয়ে বিদেশত আবদ্ধ হৈ ৰোৱা, বিশেষকৈ ইৰাণৰ তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰলৈ আদেশ/নিৰ্দেশনা দিবলৈ আহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়খনত পিটিশ্যন দাখিল কৰে। ২৭ মাৰ্চৰ দিনা ন্যায়ালয়ে ৩০ মাৰ্চৰ ভিতৰত চৰকাৰক সমস্যা সমাধানৰ বাবে লোৱা ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

বিষয়টোৰ ওপৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্ব স্বীকাৰ কৰি সৰ্বোচ্চ ন্য়ায়ালয়খনে কয়, ‘আমি আশা আৰু বিশ্বাস কৰো যে এইসকল নাগৰিকৰ সুৰক্ষাৰ্থে সকলোধৰণৰ আৱশ্যকীয় ব্যৱস্থা এইখিনি সময়ত গ্ৰহণ কৰা হ’ব আৰু ইৰাণস্থিত ভাৰতীয় দূতাবাসকে ধৰি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনামৰ্মে এক যথোচিত কাৰ্যপন্থা হাতত লোৱা হ’ব।’

চৰকাৰে অৱশেষত ১ এপ্ৰিলৰ দিনা ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে, নমুনা সংগ্ৰহ আৰম্ভ কৰাৰ প্ৰায় এমাহ পাছত। ‘ভাৰতীয় তীৰ্থযাত্ৰীক ইৰাণৰ পৰা স্থানান্তৰৰ ক্ষেত্ৰত ইমান পলম আৰু বেমাজালিৰ কিয় সৃষ্টি হ’ল, তাকো এনে এক পৰিস্থিতিত, য’ত তেওঁলোকৰ প্ৰায়ভাগেই মহামাৰীৰ ভাইৰাছবিধৰ প্ৰতি সহজে প্ৰভাৱিত হোৱাৰ উপক্ৰম হৈছিল?’ মোস্তাফাই এই প্ৰশ্ন কৰে।

ইফালে মাহান এয়াৰ নামৰ ইৰাণৰ ব্যক্তিগত খণ্ডৰ বিমানসেৱাই নিগেটিভ ফলাফল ওলোৱা ২৫৩ তীৰ্থযাত্ৰীক ২৪ মাৰ্চৰ দিনা আৰু ২২৪ জনক ২ মাৰ্চৰ দিনা ভাৰতলৈ স্থানান্তৰ কৰে। এতিয়াও ৩২৪ গৰাকী লাডাখৰ তীৰ্থযাত্ৰী ইৰাণতে আবদ্ধ হৈ আছে, তাৰে ২৫৪ গৰাকী ‘ক’ৰণা পজিটিভ’ বুলি সন্দেহ কৰা হৈছে। তাৰে মাজত শ্বাব্বিৰৰ দৰে ৭০ গৰাকী স্বেচ্ছাসেৱক (তেওঁলোকৰ ফলাফল নিগেটিভ ওলাইছে) আছে, তেওঁলোকে বয়োজ্যেষ্ঠসকলৰ চোৱাচিতা কৰিছে।

Left: Some of the pilgrims airlifted from Iran, at a quarantine camp in Jodhpur. Right: File photo of pilgrim Haji Mohammad Ali with daughter Hakima Bano
Left: Some of the pilgrims airlifted from Iran, at a quarantine camp in Jodhpur. Right: File photo of pilgrim Haji Mohammad Ali with daughter Hakima Bano

বাওঁফালেঃ যোধপুৰৰ নিৰোধাৱকাশ (কোৱাৰেইনণ্টাইন) শিবিৰ এটাত ইৰাণৰ পৰা বিমানযোগে উদ্ধাৰ কৰা কেইজনমান তীৰ্থযাত্ৰী। সোঁফালেঃ জীয়ৰী হাকিমা বানোৰ সৈতে তীৰ্থযাত্ৰী হাজি মহম্মদ আলিৰ ফাইল ফটো

যিসকলৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল, তাৰে কিছুমানক ভাৰতলৈ ঘূৰাই অনা হয় আৰু ৰাজস্থানৰ যোধপুৰৰ নিৰোধাৱকাশ শিবিৰত ৰখা হয়। কাৰ্গিল চহৰৰ ৭৯ বৰ্ষীয় হাজি মহম্মদ আলি তাৰে মাজৰে এজন। ‘দেউতা যে ভাৰতলৈ ঘূৰি আহিছে, আৰু যোধপুৰত নিৰোধাৱকাশত আছে, তাকে লৈ অলপ সকাহ পাইছো,’ হাজি মহম্মদৰ ২৫ বৰ্ষীয় জীয়ৰীয়ে পাৰিক কয়। ‘কিন্তু চিন্তা এতিয়াও লাগি আছে। তেওঁ ঘূৰি আহি পৰিয়ালৰ মাজলৈ ঘূৰি অহালৈ অপেক্ষা কৰিবলগীয়া হৈছে।’

২ মাৰ্চলৈ শ্বাব্বিৰে ইৰাণত আবদ্ধ তীৰ্থযাত্ৰী হিচাপে এমাহ পাৰ কৰিলে। ‘ভালেকেইসপ্তাহৰ পিছত শেষত যেনিবা আমাক হোটেল ৰুম দিয়া হ’ল, আৰু ইৰাণৰ ডাক্তৰে নিয়মিত পৰীক্ষাৰ কাৰণে পঠিয়াইছে। কিন্তু কোঠাবোৰ ৮, ৬ আৰু ১২ জনীয়া। সেয়ে সঠিকভাৱে নিৰোধাৱকাশ বুলিব নোৱাৰি। ২৫৪ গৰাকী লাডাখৰ তীৰ্থযাত্ৰীক পজিটিভ বুলি ঘোষণা কৰাৰ ১৪ দিনৰো বেছি হ’ল, কিন্তু কোনেও দ্বিতীয়াবাৰৰ পৰীক্ষাৰ বাবে নমুনা নিবলৈ অহা নাই।’

‘আমি ঘৰলৈ যাবলৈ ইচ্ছা কৰিছো,’ শ্বাব্বিৰে কয়। ‘সকলো আগতীয়া সাৱধানতা লওঁক (দ্বিতীয়বাৰৰ পৰীক্ষা আৰু নিৰোধাৱকাশৰ দৰে), কিন্ত আমাক ঘৰলৈ পঠিয়াওক। ক’ৰণাভাইৰাছৰ ফলত নমৰিলেও আমাৰ বহুতেই হতাশা, পৰিয়ালৰ পৰা আঁতৰি থকাৰ দুখ আৰু ইতিমধ্যে থকা আন ৰোগতে প্ৰাণ এৰিব।’

তেওঁক খুবেই দুখ দিয়ে এইখিনি কথাইঃ ‘আমাৰ পৰিয়ালবোৰ হতাশাত ভুগিছে, লাডাখৰ ফালে মানুহবোৰ উদ্বিগ্ন হৈ আছে। এই ২৫৪ তীৰ্থযাত্ৰীক ‘ক’ৰণা পজিটিভ’ বুলি ক’বলৈ এৰক, তেওঁলোক ক’ৰণা ৰোগাক্ৰান্ত বুলি সন্দেহহে কৰা হৈছে, সঠিক চিকিৎসা প্ৰতিবেদন এতিয়ালৈ দিয়া হোৱা নাই।’

অনুবাদঃ পংকজ দাস

Stanzin Saldon

اسٹینزِن سیلڈون لیہ، لداخ سے 2017 کی پاری فیلو ہیں۔ وہ پیرامل فاؤنڈیشن فار ایجوکیشن لیڈر شپ کے اسٹیٹ ایجوکیشنل ٹرانسفارمیشن پروجیکٹ کی کوالٹی اِمپروومنٹ منیجر ہیں۔ وہ امیریکن انڈیا فاؤنڈیشن کی ڈبلیو جے کلنٹن فیلو (16-2015) رہ چکی ہیں۔

کے ذریعہ دیگر اسٹوریز Stanzin Saldon
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das