বেলডাংগাৰ পৰা কলকাতালৈ চলা হাজাৰদুৱাৰী এক্সপ্ৰেছখনে পলাশী পাৰ কৰিবলৈ ধৰিছিল হে মাথোঁ, তেনেতে ৰেলখনৰ কম্পাৰ্টমেণ্টটো একতাৰাৰ সুৰ এটাৰে ভৰি গ'ল। সঞ্জয় বিশ্বাসে এটা ডাঙৰ খৰাহীত কিছুমান কাঠেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী যেনে এটা যতঁৰ, এটা টেবুল লেম, এখন গাড়ী, এখন বাছ আনিছিল, লগত এডাল তাঁৰেৰে নিৰ্মিত একতাৰাও আনিছিল।

বিক্ৰীৰ বাবে থকা অন্যান্য চীনা সামগ্ৰী- পুতলা, কী-ৰিং, ছাতি, টৰ্চ, লাইটাৰ আৰু অন্যান্য বিক্ৰেতাই বিক্ৰী কৰি থকা ৰুমাল, মেহেন্দীৰ ডিজাইন থকা কিতাপ, ঝালমুড়ি, সিজোৱা কণী, বাদাম, চিঙৰা, খনিজ পানী আদিৰ মাজত অতি সুন্দৰ আৰু কাৰুকাৰ্য্য খচিত সামগ্ৰীবোৰো আছিল। অৱশ্যে প্ৰতিজন বিক্ৰেতাৰ বাবে এনে ৰেলসমূহৰ নিৰ্দিষ্ট গতিপথ আৰু ডবা আছিল।

যাত্ৰীসকলে সামগ্ৰী কিনাৰ ক্ষেত্ৰত বৰ দৰদাম কৰিছিল। মুৰ্চিদাবাদ জিলাৰ বেহৰামপুৰ অঞ্চলত বেলডাংগা আৰু ৰাণাঘাটৰ মাজৰ এশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা দুঘন্টাৰ সময়খিনিতে ফেৰীৱালাসকলে ততাতৈয়াকৈ কামবোৰ কৰে। অধিকাংশ লোকে এই ৰেলপথৰ ৰাণাঘাট, কিছুমানে কৃষ্ণনগৰ এই দুই মুখ্য ষ্টেচনত নামি দিয়ে। তাৰপৰাই কোনো স্থানীয় ৰেলেৰে তেওঁলোকৰ গাঁওসমূহ আৰু নগৰৰ উপকণ্ঠ অঞ্চল সংযোজিত হয়।

কোনোবাই সঞ্জয়ক একতাৰাৰ দাম সোধে, তেওঁ তিনিশ টকা কয় আৰু গ্ৰাহকে মুখ কোচায়। সঞ্জয়ে কয়, 'এয়া কোনো এলাপেচা বস্তু নহয়, মই বৰ সাৱধানে এয়া বনাও। ইয়াৰ কেঁচামালো উচ্চ মানৰ। ইয়াৰ তলত যে দেখিছে এয়া খাঁটি চামৰা হয়। অন্য এজনে তৰ্ক কৰে যে আমাৰ স্থানীয় মেলাবোৰতে এইবোৰ দেখোন সস্তাতে পায়। সঞ্জয়ে কয় যে আপুনি মেলাত পোৱা বস্তুৰ দৰে এইবোৰ সস্তীয়া নহয় আৰু মোৰো মানুহক ঠগিবৰ বাসনা নাই।

তেওঁ ক’ৰিডৰেৰে আগবাঢ়ে, তেওঁ নিজে সজা বস্তুবোৰ দেখুৱাই যায়। দুই-এপদ সৰু বস্তু বিক্ৰী হয়। “আপুনি হাতেৰে এয়া লিৰিকি-বিদাৰি চাব পাৰে, মোৰ শিল্পকৰ্ম চাবলৈ পইচা নালাগে,” তেওঁ কৈ যায়। এনে সময়তে দৰদাম নকৰাকৈ দম্পতি এহালে একতাৰা এখন কিনে। সঞ্জয়ৰ মুখখন উজ্বল হৈ পৰে। “এই কামত মেহনত আছে - ইয়াৰ সুৰতেই সেয়া গম পাব।”

Man selling goods in the train
PHOTO • Smita Khator
Man selling goods in the train
PHOTO • Smita Khator

‘আপুনি স্থানীয় মেলাত পোৱাৰ দৰে এইবোৰ সস্তীয়া বস্তু নহয় মানুহক থগি খোৱা কাম মই নকৰো

তুমি এইবোৰ শিল্পকৰ্ম ক'ত শিকিলা?- মই সুধিলো। "এইবোৰ মই নিজে নিজে শিকা। যেতিয়া মই অষ্টম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈ পোৱা নাছিলো, তেতিয়াই মোৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰিছিল," ৪৭ বছৰীয়া সঞ্জয়ে কয়। "প্ৰায় ২৫ বছৰমান হাৰমনিয়াম মেৰামতিৰ কাম কৰিলো। এদিন সেয়া কৰি আমনি লগাত যোৱা ডেৰ বছৰ ধৰি ইয়াৰ প্ৰতি আসক্তি বঢ়াত এই কাম কৰি আছো। কেতিয়াবা অৱশ্যে দুই-একে হাৰমনিয়াম মেৰামতিৰ কাম দিবলৈ আহিলে কৰি দিওঁ, কিন্তু এতিয়া এইটোহে মোৰ প্ৰধান জীৱিকা। আনকি, এই বস্তবোৰ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা সা-সৰঞ্জাম, সঁজুলিবোৰো মই নিজে বনাই‌ লওঁ। মোৰ ঘৰলৈ যদি আপুনি আহে, মোৰ হস্তনৈপূণ্য দেখিলে আচৰিত হ'ব," নিজৰ শৈল্পিক নৈপুণ্যতাক লৈ তেওঁৰ দৃঢ় বিশ্বাস তেওঁৰ কথাত স্পষ্ট।

সঞ্জয়ৰ নিয়মীয়া ৰে'ল যাত্ৰাৰ পথছোৱা আছিল পলাশীৰ পৰা কৃষ্ণ নগৰৰ মাজত। " মই সপ্তাহত তিনিদিন বস্তু বাহানি বিক্ৰী কৰোঁ আৰু বাকী কেইদিন নিৰ্মাণ কাৰ্য্যত ব্যস্ত থাকো। এই কাম বৰ থুনুকা আৰু যধে মধে কৰা বিধৰ নহয়। এই কাঠৰ বাছখন বনাওঁতেও বহু সময় লাগিছিল। আপুনি নিজ হাতেৰে চাই ল'ব পাৰে।" এইবুলি তেওঁ মোৰ হাতত কাঠৰ মিনি-বাছ খন দিলে।

আপোনাৰ আৰ্জন কিমান হয়? " আজি মই এতিয়ালৈকে ৮০০ টকাৰ সামগ্ৰী বিক্ৰী কৰিছো। লাভৰ অংশটো বৰ কম। কেঁচা মালবোৰৰ দাম বহু বেছি হ'ল। মই সস্তীয়া কাঠ ব্যৱহাৰ নকৰোঁ। এইবোৰ বনাবলৈ বাৰ্মা চেগুন, চেগুন নহ'লে শিৰীষ কাঠ ব্যৱহাৰ কৰো। কাঠৰ ব্যৱসায়ীৰ পৰা মই কিনি আনো। কলকাতাৰ বুঢ়া বজাৰ বা ছাইনা বজাৰৰ পৰা উন্নত মানৰ ৰং আৰু স্পিৰিট আনো। মই কাকো ঠগিবলৈ বা প্ৰতাৰণাৰ কৌশল নিশিকিলো - প্ৰায় মই কামতে ব্যস্ত থাকো। আমাৰ ঘৰলৈ আহিলে আপুনি মোক দিন-ৰাতি একাকাৰ কৰি কাম কৰাই দেখিব। মই কোনো যন্ত্ৰ-পাতিৰ অবিহনে হাতেৰেই মিহি কৰাৰ কামো কৰো। এইবাবেই বস্তুবোৰৰ এনে সম্পূৰ্ণতা দেখিবলৈ পাইছে।"

সঞ্জয়ে নিজৰ সামগ্ৰীবোৰ ৪০ (এটা শিৱলিঙ্গৰ বাবদ)ৰ পৰা ৫০০ (মিনি-বাছৰ বাবদ) টকালৈ বিক্ৰী কৰে। "কওকচোন, এখন শ্বপিং মলত এই বাছখনৰ দাম কিমান হ'ব পাৰে?" তেওঁ মোক সোধে। "বেছিভাগ গ্ৰাহকেই মোৰ এই আত্মতৃপ্তিৰ কামৰ প্ৰসংসাৰ পৰিৱৰ্তে দৰ-দামহে কৰে। ক'ৰবাত মই কেতিয়াবাহে কিবা এটা পাওঁ। কেতিয়াবা অৱশ্যে তেওঁলোকে মোৰ কৰ্মনৈপুণ্যৰ শলাগ ল'ব বুলি আশা ৰাখিছোঁ।"

ৰে'লখনে কৃষ্ণ নগৰলৈ বুলি এৰিবলৈ লওঁতেই সঞ্জয়ে নাদিয়া জিলাৰ বাৰকুলা নগৰৰ ঘোষপাৰা বস্তিৰ নিজ ঘৰলৈ যাবলৈ টোপোলা লৈ সাজু হ'ল। তেওঁ যিহেতু হাৰমনিয়াম মেৰামতিৰ কাম আৰু এনেকুৱা সুন্দৰ একতাৰা বনোৱাত সিদ্ধহস্ত, সেয়ে তেওঁ গানো গায় নেকি বুলি সুধিছিলো। তেওঁ হাঁহি এটা মাৰি ক'লে - "কেতিয়াবা আমাৰ গাঁৱৰ গীতবোৰ গাওঁ।"

অনুবাদ: অনন্ত কুমাৰ নাথ

Smita Khator

اسمِتا کھٹور، پیپلز آرکائیو آف رورل انڈیا (پاری) کے لیے ’ٹرانسلیشنز ایڈیٹر‘ کے طور پر کام کرتی ہیں۔ وہ مترجم (بنگالی) بھی ہیں، اور زبان اور آرکائیو کی دنیا میں طویل عرصے سے سرگرم ہیں۔ وہ بنیادی طور پر مغربی بنگال کے مرشد آباد ضلع سے تعلق رکھتی ہیں اور فی الحال کولکاتا میں رہتی ہیں، اور خواتین اور محنت و مزدوری سے متعلق امور پر لکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز اسمیتا کھٹور
Translator : Ananta Kumar Nath

Ananta Kumar Nath is a freelance reporter based in Jorhat, Assam. He has previously worked with newspapers like Amar Axom and The Eastern Chronicle. He can be reached at [email protected]

کے ذریعہ دیگر اسٹوریز Ananta Kumar Nath