২০২৪ বৰ্ষটো পাৰি লাইব্ৰেৰীৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। আমি তথ্যৰে মেট-মৰা সম্ভাৰ এইবাৰ গোটাব পাৰিছোঁ। ইয়াৰ ভিতৰত আছে কিছুমান ন-পুৰণি আইন-কানুন, চুক্তি, প্ৰবন্ধ-পাতি, সংকলন, পাৰিভাষিক শব্দাৱলী, চৰকাৰী প্ৰতিবেদন, পুস্তিকা, সমীক্ষা আৰু লেখা।
এই সকলোবোৰৰ উপৰিও ভালেমান অভিলেখ সম্পৰ্কীয় প্ৰতিবেদনে প্ৰকাশ পাইছিল। যেনে ধৰক ২০২৪ বৰ্ষটোৱে ২০২৩ক চেৰ পেলাই আটাইতকৈ উষ্ণ বছৰ হিচাপে পৰিগণিত হয়। পৰিৱৰ্তিত জলবায়ুয়ে প্ৰব্ৰজনকাৰী প্ৰজাতিবোৰক প্ৰভাৱিত কৰিছে। তাৰে পাঁচ বিধৰ এবিধ এতিয়া বিলুপ্তপ্ৰায় অৱস্থাত আহি উপনীত হৈছে। একেদৰে ভাৰতৰ জলাশয়সমূহ – হ্ৰদ, সৰোবৰ, পুখুৰী, খাল-বিল আদি সকলো ভাবুকিৰ সন্মুখীন হৈছে।
প্ৰদূষণ আৰু তাপ প্ৰৱাহৰ মাজৰ যোগসূত্ৰ ভালদৰেই নথিবদ্ধ কৰা হৈছে আৰু কণিকাজাতীয় পদাৰ্থৰ ফলত হোৱা প্ৰদূষণ দক্ষিণ এছিয়াত বাৰুকৈয়ে গুৰুতৰ আছিল। ভাৰতত এই ঘনত্ব আছিল প্ৰতি ঘনমিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰাম। এয়া বিশ্ব স্বাস্থ্য সংস্থাই ধৰি দিয়া সীমাতকৈ ১১ গুণ বেছি। নতুন দিল্লীত এই ঘনত্ব আছিল প্ৰতি ঘনমিটাৰত ১০২.১ মাইক্ৰ’গ্ৰাম, পৰিস্থিতি ইমানেই শোচনীয় হৈ পৰিছিল যে স্কুটি চলাই যাতায়তৰ সেৱা আগবঢ়োৱা গিগ ৱৰ্কাৰ এজনৰ এখন কমিক বুকো প্ৰকাশ পাইছিল।







