“কেমেৰা ধাতুৰ নিৰ্জীৱ ছিদ্ৰযুক্ত টুকুৰা। ছবিখন আচলতে আমাৰ মনেহে তোলে। আপুনি কি বিচাৰিছে, সিয়েই বিষয়বস্তু নিৰ্ধাৰণ কৰে।”
পি. সাইনাথ
হাউলি পৰা, ভাৰসাম্য ৰক্ষা কৰা, কিবা এটা নিৰ্মাণ কৰা, দঙা, সৰা-পোচা, ৰন্ধা-বঢ়া, পৰিয়ালৰ আলপৈচান ধৰা, পশুপালন, পঢ়া-শুনা কৰা, কাপোৰ বোৱা, সংগীত সৃষ্টি, নাচোন-বাগোন, গান গোৱা, উৎসৱ উদযাপন - এই সকলোতে আলোকচিত্ৰই ষ্ট’ৰিবোৰৰ সৈতে সংপৃক্ত হৈ ভাৰতৰ গ্ৰামীণ জনজীৱন আৰু জীৱিকাৰ এক সুক্ষ্মতম আভাস দাঙি ধৰে।
পাৰিৰ ফটোবোৰে সামূহিক স্মৃতিক আলোকচিত্ৰৰ যোগেদি ধৰি ৰখাৰ প্ৰয়াস কৰে। আমাৰ বৰ্তমান সময়ৰ এয়া কোনো নিৰুদ্বেগচিত্তে কৰা সংগ্ৰহ নহয়, বৰঞ্চ ই আমাৰ চাৰিওফালে থকা পৃথিৱীখন আৰু আমাক নিজৰ মাজত এক যোগসূত্ৰ নিৰ্মাণৰ ই এক পন্থা। আমি উপান্ত শ্ৰেণীৰ, দুৰ্গম ঠাইৰ, শ্ৰম আৰু জীৱিকাক লৈ আলোকচিত্ৰৰ যি এক বিশাল ভঁৰাল আপোনালোকৰ আগত উপস্থাপন কৰো, সেয়া মূলধাৰাৰ সংবাদমাধ্যমত নাপাব।
হৰ্ষ-বিষাদ, শোক আৰু অভাৱনীয় পৰিস্থিতি, আৰু সত্যৰ এখন ভয়াৱহ ছবি আলোকচিত্ৰৰ যোগেদি তুলি ধৰা হৈছে য’ত মানুহৰ জীৱনৰ সকৰুণ বাস্তৱ আৰু বিপন্নতা প্ৰকাশ পাইছে। আলোকচিত্ৰ এখনত থকা ব্যক্তিজন কেৱল এটা চাবজেক্ট নহয়। মানুহজনৰ নামটো জনাই এক সহৃদয়তাৰ সৃষ্টি কৰে। আৰু এটা একক কাহিনীয়ে আৰু বহুতো বাস্তৱ সত্যৰ আঁৰ কাপোৰ আঁতৰায়।
কিন্তু আলোকচিত্ৰশিল্পীজন আৰু কেমেৰাৰ আগত থকা লোকজনৰ মাজত এক সহযোগিতাৰ পৰিৱেশ গঢ়ি উঠিলেহে এয়া হৈ উঠে। গভীৰ ক্ষতি আৰু শোকৰ সন্মুখীন হৈ থকা সময়ত তেওঁলোকৰ ফটো উঠোৱাৰ বাবে তেওঁলোকৰ সন্মতি লোৱা হৈছেনে? অতিকৈ উপান্ত শ্ৰেণীৰ ব্যক্তিৰ ফটো লওঁতে তেওঁৰ মৰ্য্যাদা ৰক্ষা কৰা হয়নে? কি প্ৰসংগত ব্যক্তি বা ব্যক্তিসকলৰ ফটো লোৱা হৈছে? সৰ্বসাধাৰণ লোকৰ প্ৰাত্যহিক জীৱনৰ ফটোৰে কাহিনী এটা লিখাৰ অভিপ্ৰায় কি?
এনে কিছুমান জটিল প্ৰশ্ন মনত লৈ আমাৰ আলোকচিত্ৰশিল্পীসকলে ফিল্ডত নামে। সেয়া লাগিলে এটা ষ্ট’ৰি কেইদিনমান বা কেইবছৰমানৰ বাবে শ্বুট কৰাই হওঁক, নাইবা কোনো পৰম্পৰাগত প্ৰদৰ্শন হওঁক, জনজাতীয় উৎসৱ হওঁক, আন্দোলনত ভাগ লোৱা কৃষক হওঁক বা আন কিবা।
বিশ্ব আলোকচিত্ৰ দিৱসৰ দিনা আমি আপোনালোকলৈ আগবঢ়াইছো পাৰিৰ আলোকচিত্ৰ শিল্পীসকলে নিজৰ প্ৰতিবেদনসৰ বাবে তোলা কিছুমান ফটো। তেওঁলোকে ফটোবোৰ তোলাৰ সময়ত কেনে এটা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈছে, সেয়া কৈছে। আলোকচিত্ৰশিল্পীয়ে তোলা ফটোবোৰ শিল্পীৰ বৰ্ণানুক্ৰমিক শৃংখলত সজোৱা হৈছে:






















