ইনকিলাব জিন্দাবাদ, এজনে কৃষকে চিঞৰিলে। ১২ মাৰ্চত মুম্বাইৰ আজাদ ময়দানত ১৮০ কি.মি. কষ্টসাধ্য পদযাত্ৰাৰ সামৰণি পৰিলেও ক্লান্ত কৃষকসকলে নাচিকত প্ৰদৰ্শন কৰা তেজোদীপ্ত প্ৰতিবাদী মানসিকতা অটুত ৰাখিছিল৷ ৬ মাৰ্চত নাচিকত এই লং মাৰ্চ আৰম্ভ হৈছিল৷ (চাব পাৰেঃ খেতিপথাৰ আৰু অৰণ্যৰ পৰাঃ মুম্বাইলৈ লং মাৰ্চ )৷ কৃষকসকলৰ সমুহীয়া উদ্যম তেতিয়াও অপৰাজেয় হৈ আছিল৷ প্ৰখৰ ৰ’দৰ তাপত এসপ্তাহ খোজকঢ়াৰ পাছত বহুতৰ ভৰিত জোলা ফুটি ৰক্তক্ষৰণ হৈছিল,  নিশা মুকলি আকাশৰ তলত শুব লগা হৈছিল, সামান্য আহাৰ গ্ৰহণ কৰিছিল, তাৰ পিছতো ইনকিলাব ধ্বনিলৈ তেওঁলোকৰ বলিষ্ঠ সহাঁৰি অক্ষুন্ন আছিল৷

ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ কৃষক সংগঠন অখিল ভাৰতীয় কিষান সভাই ঐতিহাসিক লং মাৰ্চৰ আহ্বান জনাইছিল৷ ২৫,০০০ প্ৰতিবাদী কৃষকসকলৈ নাচিক চহৰৰ চিবিএছ চ’কৰ পৰা এই দীৰ্ঘ যাত্ৰা আৰম্ভ কৰা হৈছিল৷

মুম্বাই অভিমুখে পদযাত্ৰা আৰম্ভ হোৱাৰ পথত তেওঁলোকৰ সংখ্যা ৪০,০০০ হেজাৰলৈ বৃদ্ধি পালে, কিষান সভাৰ সাধাৰণ সম্পাদক তথা অন্যতম আহ্বায়ক অজিত নাৱালে এই তথ্য সদৰী কৰে৷

ভাগৰত তেওঁলোকৰ প্ৰতিজনেই ক্নান্ত হৈ পৰিছিল, কিন্তু মানসিক দৃঢ়তা অটুত আছিল৷

লং মাৰ্চ আগবঢ়াৰ লাখ লাখ চাহাপুৰ (মুম্বাইৰ পৰা ৭৩ কিলোমিটাৰ নিলগত) ৰ পৰা অধিক সংখ্যক কৃষক লং মাৰ্চত যোগদান কৰে৷

চৰকাৰৰ আচৰণতকৈ অন্ততঃ এই কষ্টকৰ পদযাত্ৰা অসহনীয় নহয়, ১০ মাৰ্চৰ আবেলি আজাদ ময়দানৰ পৰা ৫৫ কিলোমিটাৰ নিলগত ভিৱান্দিৰ সোণালে গাঁৱত আহাৰ গ্ৰহণ কৰাৰ সময়ত এখন মুকলি ঠাইত ৰৈ থকা টেম্পত জিৰণি লোৱা কৃষক বিলাস বাবৰে এইদৰে কয়৷ মাটিত বহি থকা হাজাৰ হাজাৰ কৃষকক বৃহৎ আকাৰৰ পাত্ৰৰ পৰা দাইল আৰু ভাত খাবলৈ দিয়া হৈছিল৷ কৃষকসকলে নিজেই এই আহাৰ ৰান্ধিছিল৷ অংশগ্ৰহণকাৰী প্ৰতিজন কৃষকে নিজেই খাদ্যৰ যোগাৰ কৰিছিল৷

PHOTO • Shrirang Swarge

নাচিকৰ পৰা লং মাৰ্চ আৰম্ভ হোৱাৰ লগে লগে কৃষকৰ সংখ্যা বৃদ্ধি পাই ৪০,০০০ হয়, পঞ্চম দিনত কৃষকসকল মুম্বাইৰ পৰা ৫৫ কিলোমিটাৰ নিলগত ভিৱাণ্ডিত উপস্থিত হ’ল

সোণালে পাবলৈ কেইশ মিটাৰ মান থাকোতে পথৰ কাষৰ এখন ধাবাৰ চাৰিজন কৰ্মচাৰীয়ে কৃষকসকলক খোৱাপানীৰ যোগান ধৰিছিল৷ পানী আৰু গিলাচ লৈ ৰৈ থকা কৰ্মচাৰীসকলে বাৰে বাৰে এটা পানীৰ ড্ৰামৰ পৰা জাগবোৰত পানী ভৰাই হেজাৰ হেজাৰ কৃষকক পানী খুওৱাইছিল৷

পদযাত্ৰা পঞ্চম দিনত প্ৰৱেশ কৰিছিল, তেতিয়াও লক্ষ্যস্থান পাবলৈ ৫৫ কিলোমিটাৰ বাকী আছিল৷

লং মাৰ্চৰ সহযাত্ৰী হ’বলৈ ৪৫ বছৰীয়া বাবৰে ৫ মাৰ্চতে ৰেলেৰে মাৰাঠাবাড়াৰ পাৰভানি জিলাৰ সুৰপিম্পাৰি গাৱঁৰ পৰা নাচিকলৈ ৰেলেৰে যাত্ৰা কৰিছিল৷ তেতিয়াৰে পৰা তেওঁৰ পদযাত্ৰা অব্যাহত আছে৷ ইয়াৰ বিকল্প কি আছে? তেওঁ কয়, পাঁচ একৰ মাটিত খেতি কৰা কপাহী গোলাপী শুঁৰপোকে খাই শেষ কৰিলে৷ খেতি চপোৱাৰ সময়ত এই কপাহখিনি প্ৰায় ৬০ কুইন্টল হ’লহেঁতেন৷ আপুনি যদি একেবাৰে কমকৈ প্ৰতি কুইন্টলৰ মূল্য ৪০০০ টকাকৈ ধৰে ,মই লাখ টকা লোকচান ভৰিলো৷ ২০১৭ বৰ্ষৰ ২ নবেম্বৰত পাৰভানি আৰু বিৰ্দভৰ কপাহ খেতিৰ পথাৰত শুঁৰপোকৰ আক্ৰমণ হয়৷ ঠিক, কপাহ খেতি চপোৱাৰ সময়ৰ এই দুৰ্দশাই লগ দিয়ে কৃষকক।

বাবৰেও বিলাহীৰ খেতি কৰে৷ "মই বেপাৰীক কিলোৱে প্ৰতি এটকাকৈ দিবলৈ কাবৌ কৰিছিলো, কিন্তু তেওঁলোকে মোৰ বিলাহী ক্ৰয় কৰিবৈল আগ্ৰহী নহ’ল৷ কাৰণ বিলাহীৰ দাম ইমান হ্ৰাস পালে যে ন্যুনতম মূল্যত পোৱা সম্ভৱ নহ’ল৷" এইদৰে কয় কৃষক বাবৰে৷ চৰকাৰে আমাৰ দাবীৰ প্ৰতি গুৰুত্ব দিব লাগিব, শুঁৰপোকৰ আক্ৰমণ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱাসকলৰ ক্ষতিপুৰণ আদায় দিয়াৰ দাবীও আমাৰ দাবীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।  চৰকাৰী হিচাপ মতে মহাৰাষ্ট্ৰত শিলাবৃষ্টিৰ ফলত ২৬২ হাজাৰ হেক্টৰ মাটিৰ শস্য নষ্ট হৈছে, ইয়াৰ ভিতৰত ৯৮,৫০০ মাৰাঠাৱাড়াৰ আৰু ১৩২,০০০ হেক্টৰ বিদৰ্ভৰ অমৰাৱতী জিলাৰ)। উৎপাদন ব্যয়ৰ ১.৫ গুণ ন্যুনতম সমৰ্থিত মুল্য, ঋণ সম্পুৰ্ণভাৱে ৰেহাই দিয়া আৰু আদিবাসীসকলে যাতে পৰম্পৰাগত ভাৱে ভোগদখল কৰি অহা নিজৰ ভূমিত মালিকীস্বত্ব লাভ কৰে তাৰবাবে বন অধিকাৰ আইনৰ বলবৎকৰণ আমাৰ দাবীৰ অন্তৰ্ভুক্ত। এই ভাষ্য বাবৰৰ।
PHOTO • Shrirang Swarge

ওপৰতঃ শুঁৰপোকে কপাহ খেতিত কৰাৰ ফলত বিলাস বাবৰে (বাওফালে) ২.৫ লাখ টকা লোকচান ভৰিবলগা হ’ল, বিভিন্ন দাবীত আন আন কৃষকেও ৰঙা পতাকাৰ তলত সমবেত হৈ পদযাত্ৰা কৰে। তলতঃ ভিৱাণ্ডিৰ সোণালে গাঁৱৰ পদযাত্ৰীকাৰী কৃষকৰ ক্ষন্তেক জিৰণি, তেওঁলোকে সংগ্ৰহ কৰি গোটোৱা চাউল-দাইলেৰে সাধাৰণভাৱে আহাৰ গ্ৰহণ কৰিছে।

এঘাৰ মাৰ্চৰ পুৱা ১১ বজাত থানে চহৰত পুৱাৰ আহাৰ গ্ৰহণ কৰি (আগদিনা ৪০ কিলোমিটাৰ খোজ কাঢ়িছিল) যাত্ৰা আৰম্ভ কৰি নিশা ৯ বজাত মুম্বাইৰ চুণাহাটি এলেকাৰ কেজে সোমাইয়া ময়দানত উপস্থিত হয়। তাতে নিশাটো কটাবলৈ থিৰাং কৰে। সেয়ে বাবৰে ভাবিলে তেওঁ গোটেই দিন খোজ কাঢ়িলে, 'পুৱাৰ পৰা মোৰ ভৰিত শিৰামুৰিয়ে ধৰিছিল’। বাবৰে ক’লে। সোমাইয়াৰ খেলপথাৰত বিভিন্ন ৰাজনৈতিক নেতাই ক্লান্ত কৃষকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ ফলত তেওঁলোকৰ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময় পলম হৈছিল। বাবৰে ক’লে, কাইলৈ চুড়ান্ত পদযাত্ৰা।

ইফালে ১২ মাৰ্চৰ দিনা মুম্বাইত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ (এছএছচি) পৰীক্ষা আছে। কৃষকসভাৰ নেতাসকলে এই বিষয়টো আলোচনা কৰি থিৰাং কৰিলে যে নিশা ১১.৩০ বজাতেই গন্তব্য স্থানলৈ যাত্ৰা কৰিব। যাতে পিছদিনা পুৱা (১২ মাৰ্চৰ পুৱা) যানজঁট নহয় আৰু ছাত্ৰ-ছাত্ৰীসকল অসুবিধাত নপৰে। বাবৰে লগত লৈ যোৱা নিজৰ কম্বল মেলি লৈ মুকলি আকাশৰ তলত অলপ জিৰণি ল’বলৈ লৈছিল। কিন্তু জিৰণিৰ সময় কৰ্তন কৰি মাত্ৰ এঘণ্টাহে শুব পাৰিলে। তাৰ পিছত কম্বলখন সামৰি বেগত ভৰাই নিশা ১ বজাৰ লগে লগে যাত্ৰা আৰম্ভ কৰিলে।

মৰণত শৰণ দি নিজৰ মহত্বক উৰ্ধত তুলি ধৰি ক্লান্ত-শ্ৰান্ত কৃষকসকলে আজাদ ময়দান অভিমুখে পুনৰ আৰম্ভ কৰিলে কষ্টকৰ পদযাত্ৰা। পুৱা পাঁচ বজাৰ লগে লগে গন্তব্যস্থানত উপনীত হ’ল। ভিখৰলিত প্ৰায় তিনি বজাত অলপ জিৰণি লোৱাৰ পিছতে তেওঁলোকে আজাদ ময়দানলৈ আগবাঢ়িছিল। কেজে সোমাইয়া খেলপথাৰত প্ৰায় ডেৰ ঘণ্টা জিৰণি লোৱা আৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ বাদে দক্ষিণ মুম্বাইত উপস্থিত হ’বলৈ তেওঁলোকে ১৮ ঘণ্টাৰ ভিতৰত ১৪-১৫ ঘণ্টা খোজ কাঢ়িবলগীয়া হৈছিল।

মুম্বাইবাসীয়ে কৃষকসকলক উষ্ম আদৰণি জনাইছিল। ইষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেৰ বিভিন্ন স্থানত বহুতো ব্যক্তি, আবাসিক সংস্থা, ধৰ্মীয় গোটা আৰু ৰাজনৈতিক দল পথৰ কাষত থিয় হৈ কৃষকসকলক পানী, বিস্কুট, কল আদিৰে আপ্যায়ন কৰিছিল।
Farmers at Somaiya ground in Mumbai on the night of March 11th
PHOTO • Shrirang Swarge
A woman at the Somaiya ground in Mumbai on the night of March 11th
PHOTO • Shrirang Swarge
Farmers getting medical attention a the Somaiya ground in Mumbai on the night of March 11th
PHOTO • Shrirang Swarge

আজাদ ময়দানত উপনীত হোৱাৰ প্ৰাকমূহুৰ্তত চুণাভাটিত কৃষকসকলৰ অন্তিম জিৰণি। সেই নিশা কমলাবাঈ গাইকোৱাড (মাজত)ৰ দৰে বহুতে ফটা ভৰিৰ বিষৰ পৰা উপশম পাবলৈ ঔষধ যোগান ধৰা মবাইল ভানৰ পৰা ঔষধ ল’লে।

সোমাইয়া ময়দানত জিৰণি লোৱাৰ সময়ত মাজনিশাৰ অলপ আগতে মই পয়ষষ্ঠি বছৰীয়া কমলা গাইকোৱাডক লগ পালো। বিষ নিৰামক ঔষধ বিতৰণ কৰা এখন ভানৰ ফালে তেওঁ আগুৱাই গৈছে। তেওঁ হাঁহিমুখে ক’লে, ইয়াৰ বাহিৰে আৰু কি উপায় আছে। নাচিকৰ দিনদৌৰী গাঁৱৰ পৰা তেওঁ খালি ভৰিৰে খোজ কাঢ়িছিল। পিছদিনা যেতিয়া মই তেওঁক দেখিলো, তেওঁ এজোৰ চেণ্ডেল পিন্ধি আছে, চেণ্ডেলজোৰ তেওঁৰ ভৰিৰ জোখতকৈ অলপ ডাঙৰ। তেতিয়াও তাত আৰু কেবাজোৰ চেণ্ডেল আছিল। কোনোবা এজনে আজি পুৱা মোক এইজোৰ চেণ্ডেল দিলে।

পদযাত্ৰা আৰম্ভ কৰাৰ লগে লগে দাহানো মাৰাঠাৱাড়া, চাহাপুৰ আৰু অন্যন্য অঞ্চলৰ অধিকসংখ্যক কৃষকে যোগদান কৰাৰ লগে লগে প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পালে। চমকপ্ৰদ ভাৱে প্ৰতিবাদী কৃষকৰ গৰিষ্ঠ অংশটো আদিবাসী কৃষক। এওলোক মুলতঃ নাচিক জিলাৰ। ৬ মাৰ্চৰ পৰা এই আদিবাসী কৃষকসকলে লংমাৰ্চত অংশগ্ৰহণ কৰিলে। তেওঁলোকৰ মুল দাবী ভূমিৰ মালিকীস্বত্ব আৰু জলসিঞ্চনৰ সুবিধা প্ৰদান।

মাটিৰ পট্টাৰ বাবে দাবী জনোৱাৰ এয়ে উপযুক্ত সময়- এই মন্তব্য ৫০ বছৰ বয়সীয়া পালৱেৰ। 'আমাৰ মাটিত আমি খেতি কৰি আহিছো, কিন্তু কেতিয়াবা কোনোবাই আমাৰ এই মাটি কাঢ়ি ল’ব’, তেওঁ কয়। সুৰগানা তালুকৰ কাৰগৰ নামৰ সৰু গাঁওখনৰ কোল মহাদেব আদিবাসী সম্প্ৰদায়ৰ মহিলা সিন্ধুবাঈয়ে কয়, যি মাটি আমাৰ সেই মাটিৰ মালিকীস্বত্বৰ পৰা আমি কিয় বঞ্চিত হ’ব লাগে? সিন্ধুবাঈৰ প্ৰশ্ন। 'ইয়াৰ উপৰি নদীবান্ধ প্ৰকল্পই সুৰগানাৰ নাৰ-পাৰ আৰু দমন গংগা পিঞ্জালৰ সকলো মাটি গ্ৰাস কৰিব আৰু আদিবাসীসকলক পৈতৃক ভূমিৰ পৰা উচ্ছেদ কৰিব।’ এয়া সিন্ধুবাঈৰ সঁচা আশংকা।

সিন্ধুবাঈক প্ৰথমতে মই ভিৱাণ্ডিত লগ পাইছিলো আৰু তাৰ পিছত আজাদ ময়দানত লগ পাও। আন বহুতৰ দৰে তেওঁ জোলা বান্ধি ফাটি যোৱা ভৰিৰে প্ৰখৰ ৰ’দৰ উত্তাপক নেওচি ১৮০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। পদযাত্ৰাৰ লগত অহা এখন এম্বুলেঞ্চে দিয়া এটা ঔষধ তেওঁ প্ৰতিনিশাই ভৰিত লগায়। 'মোৰ তিনি একৰ মাটি আছে, মোৰ মাটিত মই ধানখেতি কৰোঁ। কিন্তু খেতিৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত পানী আমি নাপাও। কেৱল বতৰ বা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিব নোৱাৰোঁ।’ সিন্ধুবাঈয়ে ক’লে।
PHOTO • Shrirang Swarge

পিছদিনা পুৱা যাতে এছএছচি পৰীক্ষাৰ্থী সকলে যাঁনজঁটৰ বাবে অসুবিধা ভুগিব নালাগে, সেয়ে ১১ মাৰ্চৰ মাজনিশাৰ পিছত কৃষকসকলে সোণাখাটি এৰি আজাদ ময়দানলৈ যাত্ৰা আৰম্ভ কৰিলে। (তলত সোঁফালে আজাদ ময়দানত কৃষকসকলে চিপিআই(এম) নেতাৰ ভাষণ শুনিছে, সেই সময়তে এটা সজাঁতি দলে মুখ্যমন্ত্ৰীক সাক্ষাত কৰিছে।

প্ৰতিবাদী কৃষকৰ সমদল আজাদ ময়দানত উপস্থিত হোৱাৰ পিছত ৰঙা পতাকা আৰু ৰঙা টুপিৰ জনসমূদ্ৰলৈ ৰূপান্তৰিত হ’ল আজাদ ময়দান। বিভিন্ন টেলিভিজন চেনেল আৰু বাতৰি কাকতৰ সাংবাদিকে কৃষকসকলৰ লগত কথা পাতিলে। কৃষকসকল ইমান ভাগৰুৱা হৈ পৰিছিল যে বহুতে সাংবাদিকৰ লগত কথা পাতিব পৰা নাছিল। সাংবাদিকসকলক অনুৰোধ কৰিলে যাতে তেওঁলোকে চিপিআই(এম) নেতাৰ ভাষণ শুনিব পাৰে, গতিকে তেওঁলোকেক প্ৰশ্ন কৰাৰ পৰা ৰেহাই দিব লাগে।

১২ মাৰ্চৰ সন্ধিয়া মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিচে কয় যে কৃষকসকলৰ বেদনাদায়ক অৱস্থাৰ প্ৰতি তেওঁৰ চৰকাৰৰ সহমৰ্মী, আৰু আগন্তক দুই মাহৰ ভিতৰত এই দাবীসমূহৰ সমাধানৰ এক খচৰা প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত কৃষক নেতাসকলৰ সঁজাতি দলটোৱে মহাৰাষ্ট্ৰ বিধানসভা ঘেৰাও কাৰ্যসূচী বাতিল কৰে। মুখ্যমন্ত্ৰী ফাড়নাভিচে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰা আৰু কৃষকে উত্থাপন কৰা দাবী বিধানসভাৰ মজিয়াত দাখিল কৰাৰ পুৰ্ণ আশ্বাস দিয়াৰ পিছত ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱা কৃষক নেতাসকলে প্ৰতিবাদী কাৰ্যসূচী সিমানতে সামৰণি মাৰে। ( দ্ৰষ্টব্যঃ লংমাৰ্চৰ পিছত আৰু ইয়াৰ পৰিণতি )।

চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাটোই কৃষকৰ প্ৰতিবাদী লংমাৰ্চৰ সফলতা নহয়। ঋণৰ বোজাৰ পৰা ৰেহাই দিয়া, ঋণ পৰিশোধৰ বাবে নিৰ্ধাৰণ কৰা সময়ৰ সংশোধন ঘটোৱা, বনভূমিৰ ওপৰত আদিবাসী কৃষকৰ অধিকাৰ সাব্যস্ত কৰাৰ দৰে গুৰুত্বপূৰ্ণ দাবীসমূহ মহাৰাষ্ট্ৰ চৰকাৰৰ তিনিজন মন্ত্ৰীয়ে আজাদ ময়দানত প্ৰতিবাদী কৃষকৰ আগত স্বীকাৰ কৰিলে। এই দাবীসমূহ ৰূপায়নৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যচৰকাৰে এখন ছজনীয় সদস্যৰে কেবিনেট কমিটি গঠন কৰে। উৎপাদিত সামগ্ৰীৰ মূল্য, কৃষকৰ চিকিৎসাৰ সুবিধা তথা কৃষি শ্ৰমিক সকলৰ বিভিন্ন সমস্য সমাধানৰ বিষয়টোও এই কমিটিয়ে তদাৰক কৰিব।

লংমাৰ্চৰ সামৰণি পেলোৱাৰ সিদ্ধান্ত ঘোষণা কৰোঁতে সিন্ধুবাঈয়ে কয়, "আমি আমাৰ নেতাসকলৰ ওপৰত আস্থা ৰাখিছো। চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে নে নকৰে আমি লক্ষ্য ৰাখিম।" যদি নিজৰ প্ৰতিশ্ৰুতি নিজে উলংঘা কৰে তেন্তে আমি আকৌ লংমাৰ্চ আৰম্ভ কৰিম। ইয়াৰ পিছতে সেই নিশা চেণ্ট্ৰেল ৰেলৱেৰ চিএছএমপিৰ পৰা ভুছাৱাললৈ ব্যৱস্থা কৰা দুখন যাত্ৰীবাহী ৰেলত উঠিবলৈ আন কৃষকসকলৰ সৈতে সিন্ধুবাঈহঁতো সাজু হ’ল।
Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das