মই গন্তব্যস্থল পালোহি, গুগল মেপে মোক ক’লে। কিন্তু মোৰ স্মৃতিত ৰাখি থোৱা চুবুৰীটোৰ ছবিখন বাস্তৱত সামান্য সলনি হোৱা যেন অনুভৱ হ’ল। সাগৰৰ পাৰত যে সেই পুৰণি জহি-খহি যাব ধৰা ঘৰটো আছিল, তাৰেই স্থানাংক (ক’অৰ্ডিনেটচ্) মই শেষবাৰ উপ্পাড়া সাক্ষাৎ কৰা সময়ত চেভ কৰি থৈছিলো। “অঁ, সেই ঘৰটো? এতিয়া সেইটো পানীৰ মাজত, সৌৱা!” টি মাৰাম্মাই বেপৰোৱাহ্ ভংগীত বংগ উপত্যকাৰ ঢৌৰ পিনে আঙুলিয়াই দি ক’লে।

২০২০ৰ মাৰ্চৰ লকডাউনৰ কেইসপ্তাহমান আগেয়ে মই মাৰাম্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফটো লওঁতে সেই পুৰণি ঘৰটোৱে আকৰ্ষণীয় কিন্তু নিষ্প্ৰভ নেপথ্যৰ কাম কৰিছিল। মোৰ স্পষ্টকৈ মনত আছে। ঠেক উপকূলটোত বিপজ্জনকভাৱে সেই ঘৰটোৰ অৱশেষ অংশ টিকি আছিল, এই শতিকাৰে আৰম্ভণিৰ বছৰকেইটাত সেই ঘৰটোৱে মাৰাম্মাৰ যৌথ পৰিয়ালটোৰ আশ্ৰয়স্থল আছিল।

“আঠটা কোঠালী আৰু তিনিখন চালি (পোহনীয়া জীৱ-জন্তুৰ বাবে)ৰে সেইটো এটা ডাঙৰ ঘৰ আছিল। প্ৰায় এশজন মানুহ তাত থাকিছিল,” এসময়ত মাছৰ ব্যৱসায় চলোৱা পঞ্চাশৰ ঘাইত ভৰি দিয়া আৰু কম দিনৰ বাবে স্থানীয় ৰাজনীতিত সক্ৰিয় মাৰাম্মাই কয়। ২০০৪ৰ চুনামিৰ আগেয়ে উপ্পাড়াত হোৱা ঘূৰ্ণীবতাহে সেই অট্টালিকাটোৰ এটা ডাঙৰ অংশ খহাই নিয়াত যৌথ পৰিয়ালটো ভাগি যায় আৰু বেলেগ বেলেগ ঘৰত থাকিবলৈ লয়। ওচৰৰে ঘৰ এটালৈ অহাৰ আগলৈকে কেইবছৰমান মাৰাম্মাই সেই পুৰণি ঘৰটোতে থাকিছিল।

কেৱল মাৰাম্মা আৰু তেওঁৰ পৰিয়ালৰেই এনে গতি হোৱা নাই, উপ্পাড়াৰ প্ৰতিঘৰ মানুহেই এবাৰ নহয় এবাৰ সাগৰৰ দখলত পৰা ঘৰ এৰি আহিবলগীয়া হৈছে বা ঠাই সলাবলগীয়া হৈছে। কেতিয়া ঘৰ এৰিব লাগিব সেয়া তেওঁলোকে জীৱন্ত অভিজ্ঞতা আৰু সমুদ্ৰতীৰৰ বাসিন্দা হিচাপে সহজাত প্ৰবৃত্তিৰ পৰাই থিৰাং কৰিব পৰা হৈছে। “ঢৌবোৰ ডাঙৰ হৈ অহা চকুত পৰিলেই আমি অনুমান কৰিব পাৰো যে ঘৰটো সাগৰত জাহ যোৱাৰ সময় আহি পৰিছে। তেতিয়াই আমি আমাৰ বস্তু-বাহিনী আন এক স্থানলৈ নিবলৈ আৰম্ভ কৰোঁ (আৰু অস্থায়ীভাৱে থাকিবলৈ ভাৰাঘৰৰ সন্ধান আৰম্ভ কৰোঁ)। ঘৰটো পুৰণি হ’লে যাবলৈ (সাগৰত জাহ যাবলৈ) এমাহমান সময় লাগে,” অ’ শিৱাই বুজাই কয়। ১৪ বছৰ বয়সতে তেওঁ সাগৰৰ ৰোষৰ পৰা বাচিবলৈ এবাৰ ঘৰ এৰিবলগীয়া হৈছে।

T. Maramma and the remains of her large home in Uppada, in January 2020. Her joint family lived there until the early years of this century
PHOTO • Rahul M.

টি মাৰাম্মাৰ সৈতে উপ্পাড়াৰ তেওঁলোকৰ বৃহৎ ঘৰটোৰ অৱশেষ অংশ , ২০২০ৰ জানুৱাৰীত এই শতিকাৰ আৰম্ভণিৰ ভাগলৈকে তেওঁৰ যৌথ পৰিয়ালটো এই ঘৰটোতে থাকিছিল

*****

অন্ধ্ৰপ্ৰদেশৰ ৯৭৫ কিলোমিটাৰজোৰা উপকূল অঞ্চলৰ পূব গোদাৱৰী জিলাৰ উপ্পাড়া অঞ্চলটো দীৰ্ঘদিন ধৰি তিল তিলকৈ সমুদ্ৰৰ কবলত পৰা স্থানীয় লোকে দেখি আহিছে।

পঞ্চাশ বছৰ আগতে মাৰাম্মাই যেতিয়া তেওঁলোকৰ তেতিয়াৰ নতুন ঘৰত সোমাইছিল, তেতিয়া সেই ঘৰটো উপকূলৰ পৰা ভালেখিনি দূৰত্বত আছিল। “উপকূলৰ পৰা ঘৰলৈ আহোতে আমাৰ ভৰি বিষাইছিল,” শিৱাৰ আজোককা আৰু মাৰাম্মাৰ সৰু খুড়াক অ’ চিন্নাব্বাইয়ে মনত পেলায়। ৭০ আৰু ৮০ৰ বয়সত গভীৰ সমুদ্ৰত মাছ মৰা মাছুৱৈ চিন্নাব্বাইৰ মনত আছে যেতিয়া সাগৰৰ পাৰলৈ যোৱা বাটত অ’ত-তত ঘৰ, দোকান-পোহাৰ আৰু কেইটামান চৰকাৰী অট্টালিকাও আছিল।” বেলি ডুবাৰ পৰত সাগৰখনত অস্পষ্ট হ’বলৈ ধৰা কেইখনমান নাৱলৈ আঙুলিয়াই চিন্নাব্বাইয়ে কয়।

“আমাৰ নতুন ঘৰটো আৰু সাগৰখনৰ মাজত ভালেখিনি বালিচৰ আছিল,” মাৰাম্মাই স্মৃতি ৰোমন্থন কৰি কয়। “শৈশৱত তাতেই আমি বালিঘৰ সাজিছিলো আৰু খেলিছিলো।”

উপ্পাড়াৰ সেই স্মৃতিবোৰ এতিয়া লুণীয়া পানীত জাহ গৈছে। ১৯৮৯ৰ পৰা ২০১৮ৰ সময়খিনিত উপ্পাড়াৰ উপকূলৰেখা প্ৰতি বছৰত গঢ়ে ১.২৩ মিটাৰকৈ খহিছে। ২০১৭-১৮ত এই খহনীয়া ২৬.৩ মিটাৰ আছিল, এয়া বিজয়ৱাড়াৰ অন্ধ্ৰপ্ৰদেশ স্পেচ এপ্লিকেচনচ্ চেণ্টাৰৰ গৱেষকসকলে কৰা এক অধ্যয়নৰ তথ্য। আন এক অধ্যয়নত কোৱা হৈছে যে যোৱা চাৰিটা দশকত কাকিনাড়া নগৰোপকণ্ঠৰ ৬০০ একৰ মাটি সাগৰে গ্ৰাস কৰিছে। কাকিনাড়া ৰাজহ চক্ৰৰ কোঠাপাল্লে মণ্ডলৰ অন্তৰ্গত উপ্পাড়াই অকলে এই সৰ্বমুঠ মাটিৰ এক-চতুৰ্থাংশ হেৰুৱাইছে। ২০১৪ৰ এক অধ্যয়নত কাকিনাড়াৰ উত্তৰ দিশে থকা উপকূলৰ মাছমৰীয়াই কোৱা মতে যোৱা ২৫টা বছৰত কেবাশ মিটাৰ উপকূলভূমি সমুদ্ৰই গ্ৰাস কৰিছে।

Maramma’s old family home by the sea in 2019. It was washed away in 2021, in the aftermath of Cyclone Gulab.
PHOTO • Rahul M.
Off the Uppada-Kakinada road, fishermen pulling nets out of the sea in December 2021. The large stones laid along the shore were meant to protect the land from the encroaching sea
PHOTO • Rahul M.

বাওঁফালেঃ সাগৰতীৰত মাৰাম্মাৰ পুৰণি ঘৰটোৰ ফটো , ২০১৯ৰ গুলাব ঘূৰ্ণীবতাহৰ পিছতে তেওঁৰ ঘৰটো সাগৰে উটুৱাই নিয়ে সোঁফালেঃ উপ্পাড়া -কাকিনাড়া পথৰ দাঁতিত ২০২১ৰ ডিচেম্বৰত সাগৰত মাছমৰীয়াই জাল টানিছে ৰাস্তাৰ দাঁতিৰ সেই ডাঙৰ ডাঙৰ শিলাখণ্ডবোৰ আগ্ৰাসী সাগৰখনত ৰুধিবলৈ পাৰি দিয়া হৈছিল

“কাকিনাড়াৰ চহৰৰ উত্তৰ পাৰৰ প্ৰায় কেই কিলোমিটাৰ দূৰত্বত উপ্পাড়াত খহনীয়া হৈছে, ইয়াৰ কাৰণ হৈছে হ’প আইলেনৰ কালিৰ বৃদ্ধি - সাগৰৰ মাজত গঢ়ি উঠা এই দ্বীপক বৈজ্ঞানিক ভাষাত ‘স্পিট’ বুলি জনা যায়. এয়া সাগৰৰ মাজত ওফন্দি উঠা ২১ কিলোমিটাৰ জোৰা দৈৰ্ঘ্যৰ বালিচৰ। এই বালিচৰ গোদাবৰী নদীৰ উপনৈ নীলাৰেবুৰ মুখৰ পৰা প্ৰাকৃতিকভাৱে গঢ় লৈ উঠিছে,” বিশাখাপট্টনমস্থিত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ ভূ-অভিযান্ত্ৰিক বিভাগ অৱসৰপ্ৰাপ্ত অধ্যাপক ডা. কাকানী নাগেশ্বৰা ৰাওৱে কয়। “এটা শতিকা আগতে সৃষ্টি হোৱা এই বালিচৰটোৱে ১৯৫০ মানত বৰ্তমানৰ ৰূপ পাইছে,” ভালেকেইদশক ধৰি অন্ধ্ৰৰ উপকূল অঞ্চলৰ লগতে উপকূলীয়া গাঁথনি আৰু গতি-প্ৰকৃতি সূক্ষ্মভাৱে অধ্যয়ন কৰি অহা অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে কয়।

১৯০০ৰ চৰকাৰী তথ্য খুঁচৰি চাই প্ৰমাণ পোৱা গৈছে যে এটা শতিকা আগতেই উপ্পাড়াত এই খহনীয়া আৰম্ভ হৈছিল। উদাহৰণ স্বৰূপে ১৯০৭ৰ গোদাবৰী জিলা বৃত্তান্ত বিৱৰণিকাত উল্লেখিত তথ্যৰ কথা ক’ব পাৰি। তাত কোৱা হৈছে যে ১৯০০ চনৰ পৰা তেতিয়ালৈ উপ্পাড়াৰ ৫০ য়াৰ্ডমান মাটি খহনীয়াত পৰিছে, এই সাত বছৰত গাওঁখনে প্ৰতি বছৰে প্ৰায় সাত মিটাৰকৈ মাটি হেৰুৱাইছে।

“আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় পৰ্য্য়ায়ত উপকূলীয় অঞ্চলবোৰ সাধাৰণতে অতিকৈ সৰবৰাহী অঞ্চল, সেই প্ৰসংগত উপ্পাড়াৰ উপকূলীয় খহনীয়াৰ কাৰণ বহুমাত্ৰিক,” ড. ৰাওৱে কয়। গোলকীয় উষ্ণতা, মেৰু অঞ্চলৰ বৰফ গলা আৰু সাগৰপৃষ্ঠৰ উচ্চতা বাঢ়ি অহা আদিৰ লগতে বংগ উপত্যকাত সঘনে অহা ঘূৰ্ণীবতাহ আদি ইয়াৰ মাজৰে কেইটামান কাৰণ। গোদাবৰী নদীৰ অৱবাহিকাত গঢ়ি উঠা বান্ধৰ ফলত নদীৰ মোহনাত জমা হোৱা গেদৰ পৰিমাণ হঠাতে কমি যোৱাটোৱেও পৰিস্থিতিৰ অধিক অৱক্ষয় ঘটাইছে।

*****

উপ্পাড়াৰ মাটি অলপ অলপকৈ যিমানেই সমুদ্ৰই খহাই নিছে, সিমানেই তাৰে বাসিন্দাৰ স্মৃতিত অঞ্চলটোৰ ছবি খচিত হৈ ৰৈছে।

তেওঁলোকৰ মনত আৰু কাহিনীবোৰত জীয়াই থকা উপ্পাড়াৰ ছবিখন জানিবলৈ গাওঁখনৰ এজনে মোক নাকু স্বতন্ত্ৰম বাচিন্দি নামে চলচ্চিত্ৰখন চাবলৈ কয়, তাতে গাওঁখনৰ খন্তেকীয় দৃশ্য দেখা যায়। ১৯৭৫ৰ চলচ্চিত্ৰখনত মই উপ্পাড়াখনক মই আন এক ৰূপত দেখিবলৈ পালো। গাওঁখন আৰু সাগৰৰ মাজত ভালেখিনি ব্যৱধান আছে, এখন সুন্দৰ বালিৰ উপকূলে দুয়োটাকে পৃথক কৰি ৰাখিছে। এটা ফ্ৰেমতে সাগৰ আৰু বালিচৰ দুয়োটাই সোমাই পৰিছে, বিভিন্ন কোণৰ পৰা দৃশ্যগ্ৰহণ কৰিবপৰাকৈ তেওঁলোকে সুবিধা লাভ কৰিছিল। তাতে চিত্ৰায়ণ কৰা দৃশ্যৰে চলচ্চিত্ৰখনৰ কাহিনীভাগ আগবাঢ়িছে।

Pastor S. Kruparao and his wife, S. Satyavati, outside their church in Uppada, in September 2019.
PHOTO • Rahul M.
D. Prasad  grew up in the coastal village, where he remembers collecting shells on the beach to sell for pocket money. With the sand and beach disappearing, the shells and buyers also vanished, he says
PHOTO • Rahul M.

বাওঁফালেঃ উপ্পাড়াৰ গীৰ্জাৰ সন্মুখত যাজক এছ . ক্ৰুপাৰাও আৰু তেওঁৰ পত্নী এছ. সত্যৱতী, ২০১৯ৰ ছেপ্টেম্বৰত সোঁফালেঃ ডি . প্ৰসাদ তেওঁৰ উপকূলীয় গাওঁখনতে ডাঙৰ-দীঘল হৈছে সৰুতে পকেট মানিৰ কাৰণে তেওঁ লগৰীয়াৰ সৈতে উপকূলৰ পৰা খোলা সংগ্ৰহ কৰি বিক্ৰী কৰা তেওঁৰ মনত আছে বালিচৰ আৰু উপকূলটো ক্ৰমাৎ সংকুচিত হৈ আহিব ধৰাত খোলা আৰু কিনোতাও নাইকিয়া হ ’ল

“সেই চিনেমাখনৰ শ্বুটিং মই চাইছিলো। শ্বুটিঙলৈ অহা কেইগৰাকীমান অভিনেতা ইয়াৰ অতিথিশালাতে আছিল,” উপ্পাড়াৰ গীৰ্জাৰ যাজক ৬৮ বছৰ বয়সীয়া এছ ক্ৰুপাৰাওৱে কয়। “এতিয়া এই সকলোবোৰ খহনীয়াত জাহ গ’ল। অতিথিশালাটোও নাবাচিল।”

১৯৬১ত প্ৰকাশিত পূৱ গোদাবৰীৰ জিলা লোকপিয়লৰ হাতপুথিখনতো এটা অতিথিশালাৰ প্ৰসংগ উল্লেখ কৰা হৈছেঃ “সাগৰ তীৰৰ পৰা এক ফাৰ্লংমান দূৰত্বতে দুটা কোঠালীৰ বৰ আৰামদায়ক ট্ৰেভেলাৰ্ছ বাংলো এটা আছে। আগৰ ট্ৰেভেলাৰ্ছ বাংলোটো সাগৰত বুৰ যোৱাৰ পাছত এইটোৰ নিৰ্মাণ কৰা হৈছিল।” তাৰমানে ১৯৭৫ত নাক্কু চলচ্চিত্ৰখনৰ অভিনেতা-নিৰ্মাতাসকল থকা অতিথিশালাটো খুব সম্ভৱতঃ দ্বিতীয়টো গেষ্ট হাউছ, যিটো পানীত বুৰ গ’ল।

সাগৰে গ্ৰাস কৰা মানৱ-নিৰ্মিত বস্তু আৰু গাঁথনিবোৰৰ প্ৰসংগ মাজে মাজে আৰ্কাইভেল ৰেকৰ্ডত ওলায় আৰু কাহিনীবোৰ মানুহৰ মুখে মুখে চলি আহিছে। গাঁৱৰ বুঢ়া-মেথাই তেওঁলোকৰ দেউতাক-মাকে আৰু আজোককাই পেড্ডা ৰাইয়ি নামে ডাঙৰ শিলাখণ্ড সাগৰৰ মাজত বুৰ গৈ থকাৰ কথা কোৱা তেওঁলোকৰ মনত পৰে। ১৯০৭ৰ বিৱৰণিকাখনত একেই কথাৰ প্ৰসংগ উল্লেখ বৰ্ণনা কৰা হৈছেঃ “এতিয়াও আধামাইল মান দূৰলৈ বিয়পি থকা ধ্বংসাৱেশষত মাছমৰীয়াৰ জাল লাগি ধৰে আৰু সৰু সৰু ল’ৰা-ছোৱালীয়ে বাৰিষাৰ দিনত ঢৌৱে পাৰ চপোৱা পইছা বিচাৰি ফুৰে, তাত নিশ্চয়কৈ চহৰ এখন ডুব গৈছিল।”

ভগ্নাৱশেষৰ উল্লেখ ১৯৬১ৰ হাতপুথিখনতো পোৱা যায়ঃ “পুৰণি মাছমৰীয়াসকলে কয় যে তেওঁলোকে উপকূলৰ পৰা এক মাইলমান ভিতৰলৈ সোমাই মাছ মাৰিলে প্ৰায়ে ঘৰৰ চালি বা গছত তেওঁলোকৰ জালবোৰ লাগি ধৰে, তেওঁলোক জনা মতে সাগৰে গাওঁখন ক্ৰমে গ্ৰাস কৰি আহিছে।”

তেতিয়াৰে পৰা ভোকাতুৰ সাগৰখনে গাওঁখনৰ বহুখিনি গ্ৰাস কৰিছে। অগণন ঘৰ, অতিকমেও এটা মন্দিৰ আৰু এটা মছজিদ আৰু গোটেই উপকূলখনেই সাগৰে গ্ৰাস কৰিছে। যোৱা দশকটোত উপ্পাড়াক সুৰক্ষা দিবলৈ ১২.১৬ কোটি টকা ব্যয়েৰে ২০১০ত নিৰ্মিত ১৪৬৩ মিটাৰ দীঘল ‘জিঅ’টিউব’ সাগৰৰ ঢৌৱে ধ্বংস কৰি পেলাইছে। জিঅ’টিউব হৈছে বৃহদাকাৰৰ চুঙা আকৃতিৰ নলী যিবোৰ সাগৰৰ উপকূলৰেখাৰ সুৰক্ষা আৰু মাটিৰ পুনৰুদ্ধাৰৰ বাবে বালি আৰু পানীৰ মিশ্ৰণ ভৰ্তি কৰা থাকে। “১৫ বছৰত মই দুই বৰ্গফুটৰ ডাঙৰ ডাঙৰ শিলাখণ্ড সাগৰৰ ঢৌৰ ঘৰ্ষণৰ ফলত ছয় ইঞ্চিৰ শিলগুটিলৈ ৰূপান্তৰ হোৱা দেখা পাইছো,” সেই চুবুৰীটোতে ডাঙৰ হোৱা ২৪ বছৰ বয়সীয়া অংশকালীন মাছমৰীয়া ডি. প্ৰসাদে কয়।

Remnants of an Uppada house that was destroyed by Cyclone Gulab.
PHOTO • Rahul M.
O. Chinnabbai, Maramma's uncle, close to where their house once stood
PHOTO • Rahul M.

বাওঁফালেঃ যোৱা বছৰৰ গুলাব ঘূৰ্ণীবতাহে ধ্বংস কৰা ঘৰ এটাৰ অৱশেষাংশ সোঁফালেঃ মাৰাম্মাৰ খুড়াক অ ’ চিন্নাব্বাই য’ত থিয় দিছে, তাৰ ওচৰতে এসময়ত তেওঁলোকৰ ঘৰটো আছিল

২০২১ত মুক্তি দিয়া তেলেগু চলচ্চিত্ৰ উপ্পেনাত সাগৰৰ ঢৌৰ পৰা সুৰক্ষা দিয়া শিলাখণ্ডবোৰৰ সৈতে উপ্পাড়া গাওঁখনৰ পৰিৱৰ্তিত ৰূপটো ধৰা পৰিছে। ১৯৭৫ৰ চলচ্চিত্ৰখনৰ দৰে এইখনেও একেটা শ্বটতে গাওঁ আৰু সাগৰখন ধৰিছে। কিন্তু তেওঁলোকে বিহংগম দৃষ্টিৰ আৰু তীৰ্য্যক শ্বটহে ল’ব পাৰিছিল, কিয়নো কেমেৰা ৰাখিব পৰাকৈ তাত উপকূল বুলিবলৈ নাছিলেই।

বোধকৰো উপ্পাড়াক শেহতীয়াকৈ সাংঘাতিক আঘাত হানিছিল ২০২১ৰ ছেপ্টেম্বৰ মাহৰ শেষভাগত, গুলাব ঘূৰ্ণীবতাহে। সেইবাৰ সামূদ্ৰিক ঢৌৱে ৩০টাকৈ ঘৰ গ্ৰাস কৰিছিল। ডিচেম্বৰত অহা জাঁৱাৰ ঘূৰ্ণীবতাহে নতুনকৈ নিৰ্মিত উপ্পাড়া-কাকিনাড়া পথটো বিধ্বস্ত কৰিছিল। সেই পথটো ব্যৱহাৰৰ বাবে নিৰাপদ হৈ থকা নাছিল।

গুলাবৰ পিছত অশান্ত হৈ উঠা সাগৰখনে অক্টোবৰৰ আৰম্ভণিৰ ভাগত মাৰাম্মাৰ পুৰণি ঘৰটোৰ অৱশেষ অংশখিনি খহাই নিছিল। মাৰাম্মা আৰু তেওঁৰ গিৰীয়েক থকা ঘৰটোও সেই ঢৌৱে উটুৱাই নিছিল।

*****

“শেষবাৰৰ সেই ঘূৰ্ণীবতাহ (গুলাব)ৰ পিছত আমাৰ বহুতেই আন মানুহৰ ঘৰৰ বাৰান্দাত থাকিবলগীয়া হৈছিল,” ২০২১ৰ সেই বিধ্বংসী ঘূৰ্ণীবতাহৰ কথা কওঁতে মাৰাম্মাৰ মাতটো কঁপি উঠে।

২০০৪ত ঘূৰ্ণীবতাহে পৈতৃক ঘৰ এৰি আহিবলগীয়া হোৱাৰ পিছত মাৰাম্মা আৰু তেওঁৰ গিৰীয়েক গভীৰ সমুদ্ৰৰ মাছমৰীয়া টি. বাবাই দুটা ঘৰত বাস কৰি আহিছে - এটা তেওঁলোকৰ নিজা ঘৰ আৰু আনটো ভাৰাঘৰ। যোৱাবছৰৰ ঘূৰ্ণীবতাহত তেওঁলোকৰ নিজা ঘৰটো সমুদ্ৰত জাহ গ’ল। এতিয়া চুবুৰীৰে সম্পৰ্কীয় এজনৰ ঘৰৰ বাৰান্দাতে দম্পত্তিহাল থাকে।

“এটা সময়ত আমি ‘চাউণ্ড পাৰ্টি’ আছিলো (ঋণ ল’বপৰা সামৰ্থ্য থকা আৰু আপেক্ষিকভাৱে আৰ্থিক স্বাচ্ছন্দ্য থকা),” মাৰাম্মাই কয়। বাৰে বাৰে স্থানচ্যুত হোৱা আৰু পুনৰাই ঘৰ সজা, তাৰ লগতে আকৌ চাৰিজনীকৈ ছোৱালীক বিয়া দিয়া - এইবোৰত পৰিয়ালটোৰ সঞ্চয় একেবাৰে নাইকিয়া হৈ গ’ল।

M. Poleshwari outside her third house; the first two were lost to the sea. “We take debts again and the house gets submerged again”
PHOTO • Rahul M.
M. Poleshwari outside her third house; the first two were lost to the sea. “We take debts again and the house gets submerged again”
PHOTO • Rahul M.

বাওঁফালেঃ মাৰাম্মাৰ পুৰণি অট্টালিকাটোত আঠটা কোঠা আছিল 'প্ৰায় এশজন মানুহ তাত থাকিছিল,' তেওঁ কয় সোঁফালেঃ নিজৰ তৃতীয়টো ঘৰৰ সন্মুখনত এম পলেশ্বৰী তেওঁলোকৰ আগৰ দুটা ঘৰ সাগৰত জাহ গ ’ল তেওঁ কয় , 'আমি আকৌ ধাৰ লৈ ঘৰটো বান্ধিছিলো, কিন্তু সিটোও সাগৰে নিলে'

“ঘৰটো সাজিবলৈ আমি মানুহৰ পৰা টকা ধাৰে লৈছিলো, কিন্তু ঘৰটো পানীত বুৰ গ’ল,” কাষৰে মাছমৰীয়া পৰিয়াল এটাৰ এম. পলেশ্বৰীয়ে কয়, তেওঁৰ কথাত মাৰাম্মাৰ দৰেই মনোকষ্ট স্পষ্ট। “আমি আকৌ ধাৰে ল’লো আৰু আকৌ এবাৰ আমাৰ ঘৰটো পানীত বুৰ গ’ল।” পলেশ্বৰীয়ে সাগৰৰ বুকুত এতিয়ালৈ দুটা ঘৰ হেৰুৱাইছে। এতিয়া তৃতীয় সজা ঘৰটোত থাকে যদিও তেওঁৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা আৰু গভীৰ সমুদ্ৰৰ মাছমৰীয়া গিৰীয়েকৰ দুশ্চিন্তাই তেওঁক ভাৰাক্ৰান্ত কৰি ৰাখিছে। “ঘূৰ্ণীবতাহ চলি থকা সময়ত মাছ মাৰিবলৈ গ’লে তেওঁ ঘূৰি নাহিব পাৰে। কিন্তু আমি অসহায়, সাগৰখনেই আমাৰ একমাত্ৰ জীৱিকা।”

উপাৰ্জনৰ আন উৎসবোৰো বন্ধ হোৱাৰ উপক্ৰম হৈছে। প্ৰসাদৰ মনত পৰে শৈশৱত তেওঁৰ লগৰীয়াৰ লগত সাগৰৰ পাৰত শামুকৰ খোলা আৰু কেঁকোৰা বুটলি নি বিক্ৰী কৰি পকেট খৰছ উলিয়াইছিল। বালিচৰ আৰু উপকূল ক্ৰমান্বয়ে নাইকিয়া হৈ আহিব ধৰাত শামুক-কেঁকোৰাও নাইকিয়া হৈছে।

“আমি খোলাবোৰ বিক্ৰী কৰাৰ আশাত সংগ্ৰহ কৰিছিলো,” পলেশ্বৰীয়ে তেওঁৰ ঘৰৰ বাহিৰত শুকাবলৈ থোৱা খোলাখিনিলৈ চাই কয়। “আগতে খোলা কিনিবলৈ মানুহ আহিছিল, ‘আমি খোলা কিনো, খোলা কিনো’ বুলি চিঞৰি চিঞৰি আহিছিল, এতিয়া সেই মাত কাচিৎহে শুনিবলৈ পাব। ”

২০২১ৰ ছেপ্টেম্বৰৰ ঘূৰ্ণীবতাহৰ পিছত মাৰাম্মাৰ লগতে মাছমৰীয়া চুবুৰীটোৰ ২৯০গৰাকীয়ে তেওঁলোকৰ গাওঁখনলৈ নামি অহা বিপদ আৰু দুৰ্দশাৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন ৰেড্ডীলৈ এখন চিঠি লিখিছিল। “আগতে ৱাই.এছ. ৰাজশেখৰে (প্ৰাক্তন মুখ্যমন্ত্ৰী) মাছমৰীয়া গাওঁ উপ্পাড়াৰ উপকূল অঞ্চলত ডাঙৰ ডাঙৰ শিলাখণ্ড বহুৱাই গাওঁখনত সাগৰত বুৰ যোৱাৰ পৰা বচাইছিল। এই শিলাখণ্ডবোৰেই আমাক ঘূৰ্ণবতাহৰ লগত অহা চুনামীৰ পৰা ৰক্ষা কৰিছিল,” তেওঁলোকে চিঠিখনত এইখিনি কথা লিখিছিল।

The stretch from the fishing colony to the beach, in January 2020. Much of it is underwater now.
PHOTO • Rahul M.
The Uppada-Kakinada road became unsafe after it was damaged by Cyclone Jawad in December 2021. A smaller road next to it is being used now
PHOTO • Rahul M.

বাওঁফালেঃ মাছমৰীয়া কলনিটো আৰু সাগৰখনৰ মাজৰচোৱা ঠাই , ২০২০ৰ জানুৱাৰীত তাৰে প্ৰায়খিনিয়েই এতিয়া সাগৰত জাহ গৈছে সোঁফালেঃ ২০২১ৰ ডিচেম্বৰৰ জাঁৱাৰ ঘূৰ্ণীবতাহে উপ্পাড়া -কাকিনাড়া পথটো ভাঙি পেলোৱাত সেয়া ব্যৱহাৰৰ বাবে অসুৰক্ষিত হৈ পৰে তাৰে কাষতে নিৰ্মিত সৰু ৰাস্তাটোৰে এতিয়া যাতায়ত চলে

“এতিয়া ঘূৰ্ণীবতাহৰ প্ৰকোপ বঢ়াৰ ফলত উপকূলৰ ডাঙৰ শিলাখণ্ডবোৰ অ’ত-ত’ত সিঁচৰতি হৈ পৰিছে আৰু পাৰটো ভাঙি গৈছে। শিলবোৰ বান্ধি ৰখা তাঁৰবোৰো ছিগিছে। সেয়ে সাগৰৰ সৈতে ঘৰ আৰু জুপুৰীবোৰ একাকাৰ হৈ গৈছে। উপকূলৰেখাৰ আশে-পাশে থকা মাছমৰীয়াসকল আতংকত জীৱন কটাবলগীয়া হৈছে,” শিলাখণ্ডবোৰৰ ঠাইত ডাঙৰ ডাঙৰ শিল দিয়াৰ অনুৰোধ জনাই তেওঁলোকে লিখিছে।

অৱশ্যে ডাঙৰ শিল হ’লেও যে এখন জেদী সাগৰক সিবোৰে ভেটা দিব পাৰিব, সেই কথাৰ তেনেই কম সাক্ষ্য আছে বুলি ড. ৰাওৱে কয়। সাগৰখন ক্ৰমান্বয়ে ওফন্দি-আগুৱাই অহাৰ বিৰুদ্ধে তেনে ব্যৱস্থাই সাময়িক সুৰক্ষা দিব পাৰে বুলি তেওঁ কয়। “সম্পদবোৰ সুৰক্ষিত কৰিবলৈ চেষ্টা নকৰিব, উপকূলখন সুৰক্ষিত কৰা। উপকূলখনেই আপোনাৰ সম্পদবোৰক সুৰক্ষিত কৰি ৰাখিব,” তেওঁ কয়। তেওঁ কয় যে জাপানৰ কাইকে উপকূলত থকাৰ বৃহদাকাৰ শিলৰ গাঁথনিৰ লেখীয়া সমুদ্ৰৱৰ্তী প্ৰাচীৰ উপ্পাড়াৰ খহনীয়া ৰোধ কৰাত সহায়ক হ’ব পাৰে।

*****

সাগৰখনে গাওঁখন খহাই নি থকা সময়তে গঞাই সামাজিক গাঁথনিৰো পৰিৱৰ্তন দেখিছে। ৮০ৰ দশকত উপ্পাড়াৰ বাছকবনীয়া ৰেচম শাড়ী বোৱা-কটা কৰা সম্প্ৰদায়টোৱে গাওঁখনৰ উপকণ্ঠ অঞ্চল এৰি চৰকাৰে গাওঁখনৰ ভিতৰভাগত আবণ্টন কৰা মাটিত নিগাজি হয়। লাহে লাহে গাওঁখনৰ আঢ্যৱন্ত পৰিয়ালবোৰে, বিশেষকৈ ডাঙৰ জাতৰ লোকসকলে সাগৰতীৰৰ পৰা দূৰত থাকিবলৈ লয়। কিন্তু সাগৰৰ সৈতে ওতঃপ্ৰোতঃভাৱে জীৱিকা জৰিত হৈ থকা মাছমৰীয়া সম্প্ৰদায়ৰ হাতত সাগৰখন এৰি আঁতৰি অহাৰ একো উপায় নাছিল।

ডাঙৰ জাতৰ পৰিয়ালবোৰ সুৰক্ষিত স্থানলৈ অহাৰ পিছত কেতবোৰ জাতিগত প্ৰথা আৰু নিয়ম-নীতিও শিথিল হৈ পৰে। যেনে ধৰক মাছমৰীয়াসকলে ডাঙৰ জাতৰ মানুহৰ উৎসৱ-পাৰ্ৱণত এতিয়া বিনামূল্যে মাছ মনৰ ইচ্ছা নাথাকিলেও দিবলগীয়া নহয়। লাহে লাহে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকল খ্ৰীষ্টান ধৰ্মত দিক্ষীত হ’বলৈ ধৰিছে। “বহুতেই স্বাধীনতাৰ কাৰণে খ্ৰীষ্টান ধৰ্ম লৈছে,” যাজক ক্ৰুপাৰাওঁৱে কয়। ইয়াৰে প্ৰায়ভাগ লোকেই দৰিদ্ৰ পৰিয়ালৰ আৰু মূলতঃ পিছপৰা জাতিৰ। ক্ৰুপাৰাওৱেও খ্ৰীষ্টান ধৰ্ম আঁকোৱালি লোৱাৰ আগেয়ে ভালেমান বাৰ জাতিৰ নামত অপদস্থ হোৱা মনত পৰে।

Poleru and K. Krishna outside their home, in 2019. The structure was washed away in 2021 after Cyclone Gulab struck the coast.
PHOTO • Rahul M.
The cyclone also wrecked the fishing colony's church, so prayers are offered in the open now
PHOTO • Rahul M.

বাওঁফালেঃ ২০১৯ত নিজৰ ঘৰৰ সন্মুখত কে . পলেৰু আৰু কে. কৃষ্ণা যোৱাবছৰ গুলাব ঘূৰ্ণীবতাহে সেই ঘৰটো উটুৱাই নিয়ে সোঁফালেঃ মাছমৰীয়া কলনিৰ গীৰ্জাঘৰটো ঘূৰ্ণীবতাহে ভাঙি পেলোৱাত মুকলিতে প্ৰাৰ্থনা কৰা হয়

“২০-৩০ বছৰ আগত গাওঁখনৰ সৰহসংখ্যক লোকেই হিন্দু আছিল। স্থানীয় দেৱ-দেৱীৰ উৎসৱ নিয়মীয়াকৈ উদযাপন কৰিছিল,” চিন্নাব্বাইৰ পুত্ৰ অ’ দুৰ্গায়াই কয়। “কিন্তু প্ৰায়ভাগ গাঁৱেই খ্ৰীষ্টান হৈ পৰিছে।” নব্বৈৰ দশকলৈ দেৱ-দেৱীৰ পূজাৰ বাবে বৃহস্পতিবাৰে ছুটি লোৱা চুবুৰীটোৰ প্ৰায়ভাগে এতিয়া গীৰ্জালৈ যাবলৈ দেওবাৰে ছুটি লয়। কেইটামান দশক পূৰ্বে গাওঁখনত কেইঘৰমান মুছলমান পৰিয়ালো আছিল, কিন্তু স্থানীয় মছজিদটো পানীত বুৰ যোৱাত তেওঁলোকৰ বহুতেই সেই ধৰ্ম এৰিলে।

উপকূল এৰি নোযোৱা গঞাই এতিয়া আগ্ৰাসী সাগৰখনৰ পৰাই বাচি থকাৰ কৌশল শিকিছে। “বিপদৰ উমান আগতেই পোৱা হৈছো। ঘূৰ্ণীবতাহ অহাৰ আগেয়ে শিলবোৰত বিশেষ ধৰণৰ শব্দ হয়। আগতে আমি তৰা চাইছিলো (ঢৌ কেনে প্ৰকৃতিৰ হ’ব সেয়া আন্দাজ কৰিবলৈ), জিলিকনিৰ পাৰ্থক্য আমি ধৰিব পাৰিছিলো। এতিয়া ম’বাইল ফোনেৰে গম পাওঁ,” ২০১৯ৰ প্ৰথমবাৰ তালৈ যাওঁতে লগ পোৱা মাছমৰীয়া কে. কৃষ্ণাই কয়। “পথাৰৰ পূৱদিশৰ পৰা বতাহ বলিলে মাছমৰীয়াই এটকাও নাপায় (সাগৰত মাছ নাপায়),” তেওঁৰ পত্নী কে. পলেৰুৱে কয়। মাছমৰীয়া কলনিটোৰ দাঁতিৰ তেওঁলোকৰ জুপুৰীটোত বহি আমি তিনিও কথা পাতি থকা সময়ত তিনিওৰে দৃষ্টি সাগৰৰ ঢৌত উঠা-নমা কৰিছে। ২০২১ৰ গুলাব ঘূৰ্ণীবতাহে তেওঁলোকৰ জুপুৰীটো ভাঙি পেলাইছিল আৰু তেওঁলোকে তেতিয়াৰে পৰা নতুন এটাত আশ্ৰয় লৈ আছে।

ইফালে আত্মীয় এজনৰ ঘৰৰ বাৰান্দাতে এতিয়া মাৰাম্মাই দিন নিয়াইছে। তেওঁৰ কম্পিত কণ্ঠেৰে কৈছে, “আমি সজা দুটাকৈ ঘৰ সাগৰে নিলে। আকৌ এবাৰ ঘৰ সাজিব পাৰিম নে নাই মই নাজানো।” তেওঁৰ কথাত হতাশা-হুমুনিয়াহৰ সুৰ।

অনুবাদ: পংকজ দাস

Rahul M.

Rahul M. is an independent journalist based in Anantapur, Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das