বিংশ শতিকাৰ মূলধাৰাৰ কোনো প্ৰকাশনেই কৰ্মৰত সাংবাদিকক সৰ্বসাধাৰণজনৰ সমস্যাবোৰ দাঙি ধৰিব পৰা বাতৰি বিচৰাৰ বাবে দায়িত্ব দিয়া নাছিল বুলিয়েই ক’ব পাৰি, দিছিল যদি কোনবিধ হুইস্কি কিহৰ লগত কেনেকৈ খাব লাগে, ভেকুলীৰ কোনখন বিয়াৰ পিছত বৰষুণ হৈছে আদি খবৰৰহে দায়িত্ব। এনে চেলেং-পেতেং বিষয়ৰ পৰা আঁতৰি নিজৰ মতাদৰ্শত যদি কোনোবা অটল হৈ আছিল, তেওঁক জোলোঙাধাৰী সাংবাদিক (উত্তৰ ভাৰতত বামপন্থী কৰ্মীৰ প্ৰতি ব্যংগৰ সুৰত ব্যৱহৃত শব্দ - ঝোলাৱালা) বুলিহে ইতিকিং কৰাটো আছিল সংবাদ জগতৰ দস্তুৰ।
দেশৰ মুঠ জনসংখ্যাৰ ৬৯ শতাংশ লোক বসবাস কৰা গ্ৰামীণ ভাৰতখনৰ স্থান আছিল কাকতৰ কোনো এটা চুকত। ৮ কোটি ৩৩ লাখ জনতা, ৮০০ৰো অধিক ভাষাৰে সমৃদ্ধ এই জগতখনৰ খবৰৰ হাৰ কাকতত আছিল মুঠে ০.৬৭ শতাংশ, এই তথ্য ২০১৪ত চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ এটি সমীক্ষাৰ। সমীক্ষাটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ ৬৬ শতাংশ আগুৰি থাকে কেৱল ৰাজধানী দিল্লীৰ খবৰে।
“৩৫ বছৰীয়া সাংবাদিকতাৰ জীৱনত আমি এনে এখনো সংবাদপত্ৰ বা এনে নিউজ চেনেল নেদেখিলো যিয়ে কৃষি, শ্ৰম আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামাজিক ক্ষেত্রৰ নিয়মিত খবৰ প্ৰকাশ কৰাৰ উদ্দেশ্যে সাংবাদিক নিয়োগ কৰিছে। বলিউড জগত, অভিজাত সমাজখনৰ ঘটনাৱলী, ব্যৱসায়-বাণিজ্য আদিৰ বাবে পূৰ্ণকালীন সাংবাদিক সংবাদ প্ৰতিষ্ঠানে ৰাখে, কিন্তু খেতি-বাতি আৰু শ্ৰমক্ষেত্রৰ বাবে কোনো সাংবাদিক ৰখা নহয়। এনে এক প্ৰেক্ষাপটতেই জন্ম হৈছিল পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ,” এইদৰে কয় ভাৰতৰ গ্ৰামাঞ্চলক কেন্দ্ৰ কৰি বিগত চাৰিকুৰিৰো অধিক বছৰ সাংবাদিকতা কৰি অহা, ষাঠিটাৰো অধিক সাংবাদিকতাৰ পুৰস্কাৰ লাভ কৰা পাৰিৰ প্ৰতিষ্ঠাপক সম্পাদক পালাগুম্মি সাইনাথে।
সৰ্বসাধাৰণৰ জীৱনৰ নানা কাহিনী বিভিন্ন ফৰ্মেটত ধৰি ৰখাৰ প্ৰচেষ্টা এই পাৰি - সৰ্বসাধাৰণৰ জীৱনৰ চলন্ত দলিল। ই এখন জাৰ্নেল হোৱাৰ লগতে এটা আৰ্কাইভো। এক ডৰ্জনমান মানুহেৰে এই জাৰ্নেলখন আৰম্ভ কৰা হৈছিল ২০১৪ বৰ্ষৰ ডিচেম্বৰত, কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ উদ্যোগত। গ্ৰামীণ সাংবাদিকতাৰ ৱেবছাইট হিচাপে আৰম্ভ হোৱা পাৰিত আছে গ্ৰাম্য ভাৰতৰ নানা চৰকাৰী প্ৰতিবেদন আৰু বহু দুষ্প্ৰাপ্য দলিল-দস্তাবেজ সমৃদ্ধ এটি অনলাইন লাইব্ৰেৰী, গাঁৱৰ সমাজখন আৰু তাৰ বুকুত থকা শিল্পকলাৰ সম্ভাৰ, লগতে এটি স্বতন্ত্ৰ শিক্ষা প্ৰকল্প। গাঁৱে-ভূঞে গৈ পাৰিয়ে মৌলিক খবৰ সংগ্ৰহ কৰি আনে আৰু সেয়া প্ৰকাশিত হয় বিভিন্ন ফৰ্মেটত - যেনে ধৰক লেখা, আলোকচিত্ৰ, সচিত্ৰকৰণ, দৃশ্য, শ্ৰাব্য আৰু পূৰ্ণাংগ তথ্যচিত্ৰ। সাধাৰণ ভাৰতীয়ৰ জীৱনৰ পৰা সংগৃহীত মৌলিক তথ্যৰে সমৃদ্ধ এই বিভিন্ন প্ৰকাৰৰ প্ৰতিবেদনবোৰত থাকে গাঁৱৰ মানুহৰ শ্ৰম, জীৱিকা, শিল্পকলা, দুৰ্যোগ, ওজৰ-আপত্তি, কথা-বতৰা, গান আৰু আন বহু বিষয়।
পাৰিৰ বীজ ৰোপন হৈছিল সাইনাথৰ শ্ৰেণীকোঠাত। ৩৫ বছৰ ধৰি দুহেজাৰৰো অধিক সাংবাদিকক তেওঁ সাংবাদিকতাৰ নীতিগত ভেঁটি মজবুত কৰিবলৈ শিকাইছিল। এই ক্লাছত আমিও আছিলো। আমাৰ দৰে উঠি অহা সাংবাদিকক বৈষম্য আৰু অন্যায়ক কেনেদৰে বাস্তৱ প্ৰেক্ষাপটত অনুধাৱন কৰিব পাৰি, সেয়া পেচাদাৰী জগতত কিদৰে খবৰ সন্ধানৰ ক্ষেত্রত প্ৰিযমৰ দৰে কাম কৰে, সেয়া শিকাইছিল।
“ইমান বছৰে এটা বস্তু অপৰিৱৰ্তিত হৈ থাকিল, সেয়া হৈছে পাৰিৰ প্ৰতি আমাক আকৃষ্ট কৰা আদৰ্শবাদে, গ্ৰামীণ ভাৰতৰ মৰ্মস্পৰ্শী কাহিনীৰ টানে,” এয়া নমিতা ৱাইকাৰৰ কথা, পাৰিৰ প্ৰবন্ধন সম্পাদক। মূলধাৰাৰ সংবাদ জগতৰ পৰা নিৰ্গত দূষিত বায়ু সেৱন কৰি শ্বাসৰুদ্ধ হৈ পৰা সাংবাদিকৰ বাবে পাৰি হৈছে অক্সিজেন-আশ্ৰম।
পাহৰণিত বুৰ যোৱাখিনিৰ পুনৰুদ্ধাৰ
পাৰিৰ সকলো প্ৰতিবেদনেই ইটো নহয় সিটো নিৰ্দিষ্ট স্থান-কালত প্ৰাসংগিক। দিনৰ শেষত চাবলৈ গ’লে আমি সকলো সাংবাদিকেই। কিন্তু পাৰিৰ সকলো প্ৰতিবেদনেই কাল-নিৰপেক্ষ; স্থান-কালৰ সীমা অতিক্ৰম কৰাৰ ইবোৰে ক্ষমতা ৰাখে। কিয়নো পাৰি কেৱল খবৰৰ ৱেবছাইটেই নহয়, ই এক আৰ্কাইভো। আদৰ্শৱান জগতত পাৰিৰ প্ৰয়োজন নাই, কিন্তু সাইনাথে কয়, “আজিৰ পৰা ২৫-৫০ বছৰ পাৰ হোৱাৰ পিছত আমাৰ সময়ৰ গ্ৰামীণ ভাৰতত মানুহে কিদৰে জীয়াই থাকিছিল, সেয়া জানিবলৈ পাৰিৰ তথ্যভাণ্ডাৰৰ বাদে আন একো নাথাকিব।”
২০২৩ বৰ্ষৰ জুলাই মাহত মূলধাৰাৰ মিডিয়া যেতিয়া দিল্লীৰ বানৰ খবৰেৰে ভৰি পৰিছিল, আমি লিখিছিলো তাৰ পৰা বাদ পৰি যোৱা বিষয়বোৰ - কেনেকৈ ঘৰ এৰি যাবলগীয়া হোৱা খেতিয়কে নতুনকৈ ঘৰবোৰ বনাইছিল আৰু জীৱিকা নিৰ্বাহৰ যুঁজখন নতুনকৈ আৰম্ভ কৰিছিল। সাধাৰণ মানুহৰ সাধাৰণ জীৱন - তাৰ সমস্ত জটিলতা আৰু আবেগেই পাৰিত আমাৰ সংবাদ সংগ্ৰহৰ কেন্দ্ৰীয় বিষয়। এয়া কোনো অজান মুলুকৰ অচিনা মানুহৰ কাহিনী নহয়। মাত্ৰ কেইটামান প্ৰজন্মৰ আগৰ কথা, নগৰাঞ্চলৰ প্ৰতিজন লোকেই গাঁৱত বাস কৰিছিল। পাৰিৰ লক্ষ্য হ’ল বিষয়বস্তু আৰু পাঠকৰ মাজত সহমৰ্মিতাৰ এক সেতু নিৰ্মাণ কৰা - চহৰীয়া ইংৰাজীভাষী ভাৰতীয়ই যাতে জানিব পাৰে যে তেওঁলোকৰ সহ-নাগৰিক চহা লোকে কিদৰে জীৱন যাপন কৰিছে। আকৌ অসমীয়া পঢ়া এজন খেতিয়কে জানিব পাৰিছে দেশৰ অনান্য প্ৰান্তৰ খেতিয়কৰ কাহিনী, সৰুচামে শিকিব পাৰিছে পাঠ্যক্ৰমত বাহিৰত ৰৈ যোৱা অজানা ইতিহাস, গৱেষকে লাভ কৰিছে হেৰাই যাবলৈ ধৰা শিল্প আৰু জীৱিকাৰ তথ্যভণ্ডাৰ।
পাৰিত সাংবাদিকতা কৰি আমি শিকিছো উন্নয়নৰ বৃহদাকায় প্ৰক্ৰিয়াবোৰক কোনো প্ৰাসংগকিতা অবিহনে কেৱল এটা ঘটনা হিচাপে নাচাই কিদৰে স্থানীয় স্তৰত বুজি, অভ্যন্তৰিণভাগ উপলব্ধি কৰি উপযুক্ত প্ৰেক্ষাপটত বিচাৰ কৰিব পাৰি। মোৰ জন্ম দিল্লীত, তাতেই মই ডাঙৰ-দীঘল হৈছো। কিন্তু পাৰিত কাম কৰোঁতে আৰু ভাৰতব্যাপী জলবায়ু পৰিৱৰ্তন বিষয়ক এটি শৃংখল-প্ৰতিবেদনৰ বাবে গৱেষণা কৰাৰ সময়ত আমি প্ৰথমবাৰৰ বাবে জানিছিলো যে আমাৰ ঘৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত যমুনা নদীত আজিৰ পৰা মাত্ৰ দুকুৰি বছৰ আগত গাংগেয় ডলফিনে খেলা কৰিছিল, কাছ চৰিছিল! এই তথ্য আমি পাইছিলো দিল্লী গেজেটিয়াৰ (১৯১২) খুঁচৰি। তাত যমুনাৰ পাৰৰ শেষৰকেইজন খেতিয়ক আৰু মাছমৰীয়াৰ সাক্ষাৎকাৰ আছিল। তাৰপৰাই মই অতীত আৰু বৰ্তমানৰ যোগসূত্ৰ উলিওৱাৰ চেষ্টা কৰিছিলো, যাতে ভৱিষ্যতক লৈ প্ৰশ্ন কৰিব পাৰো। ক’ভিদৰ সময়ত উন্নয়নৰ স্বাৰ্থত এই মানুহখিনিৰ উচ্ছেদ আৰু ২০২৩ৰ বানপানীৰ ধ্বংসলীলাৰ বাতৰি যুগুতাবলৈ আমি পুনৰাই সেই ঠাইলৈ গৈছিলো। এয়া কৰিছিলো বিষয়টো সম্পৰ্কে জ্ঞান আৰু দক্ষতা নিৰ্মাণ কৰা, মূলধাৰাৰ সংবাদ মাধ্যমৰ অতিপ্ৰিয় ‘পেৰাচ্যুট ৰিপ’ৰ্টিং’ (অৰ্থাৎ মানুহৰ সৈতে আগতীয়া সম্পৰ্ক নগঢ়ি কেৱল সংকটৰ সময়তহে বাতৰি কৰা) আমি কোনোদিনে কৰিব নোৱাৰিলো। তাৰ বিপৰীতে এই কৰ্মপদ্ধতিত সাংবাদিক হিচাপে জ্ঞানাৰ্জনৰ পৰিধি বিস্তৃত হয়, বিষয় সম্পৰ্কত দক্ষতা আৰু আত্মবিশ্বাস বাঢ়ে। ফলত জৰুৰী বিষয় সম্পৰ্কত প্ৰাসংগিক আলোচনাচক্ৰ আৰু মঞ্চত সমস্যাবোৰ উপস্থাপন কৰি তাক বহল প্ৰেক্ষাপটলৈ লৈ যাব পাৰি।
পাৰিয়ে যিসকল লোকক কেন্দ্ৰ কৰি প্ৰতিবেদন যুগুতায়, তাৰে সৰহভাগেই বিভিন্ন স্তৰত বিভিন্ন মাত্ৰাত আৰ্থিক আৰু সামাজিকভাৱে বিপৰ্যস্ত। আমাৰ কথা কোনোবাই জানক, বুজক, এয়া মানুহৰ নিতান্তই এক মানসিক চাহিদা। পাৰিয়ে যিসকল লোকৰ কাহিনী কয়, সেই কাহিনীত তেওঁলোকৰ অংশগ্ৰহণ সক্ৰিয়। যমুনাৰ পাৰৰ খেতিয়কৰ ওপৰত কৰা আমাৰ প্ৰতিবেদনৰ হিন্দী সংস্কৰণ তেওঁলোকক দেখুৱাইছিলো, তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিছিলো। আমি সাংবাদিক হ’লো বুলি যে আমাক তেওঁলোকে সকলো কথাই কৈ দিব, এনে নহয়। আমাৰ কাম হৈছে মানুহৰ ভৰসা অৰ্জন কৰা, যাতে তেওঁলোকে নিজৰ কথা আমাৰ আগত ক’বলৈ প্ৰস্তুত হয়।
সাংবাদিকতাৰ দৰে শিল্পইও সামাজিক পৰিসৰত চেতনা বিয়পোৱাৰ সামৰ্থ্য ৰাখে, সামাজিক কথোপকথনৰ ই সুযোগ সৃষ্টি কৰে। সেয়ে পাৰিত সৃষ্টিশীল লেখাকো গুৰুত্বসহকাৰে লোৱা হয়। “কোনো এক সময়ত কবিতাই উচিত কথা কোৱাৰ একমাত্ৰ মাধ্যম হৈ পৰে। পাৰিত প্ৰাঞ্জল ভাষাৰ গভীৰ ভাৱৰ, অনাড়ম্বৰবিহীন কবিতাই সদায় স্থান লাভ কৰি আহিছে, যিবোৰ প্ৰায়ে গ্ৰামীণ ভাৰতৰ অন্তঃস্থলৰ পৰা অহা, আৰু বিভিন্ন ভাষাত প্ৰকাশিত,” পাৰিৰ কবিতা শিতানৰ সম্পাদক প্ৰতিষ্ঠ্যা পাণ্ড্যাই কয়। সাংবাদিক হিচাপে মই যিবোৰ কাহিনী সাংবাদিকতাৰ পৰম্পৰাগত আৰ্হিত খাপ নাখায়, তাক কবিতাৰ ে ব্যক্ত কৰিছো।
জনসাধাৰণৰ সম্পত্তি, জনসাধাৰণৰ সম্পদ
সাংবাদিকতা গণতন্ত্ৰৰ এটি পূৰ্বচৰ্ত। সাংবাদিকতাৰ ধৰ্ম হ’ল তথ্যৰ সঁচা-মিছা বিচাৰি উলিওৱা, সম্পাদনাৰ মানদণ্ড অটুট ৰখা আৰু ক্ষমতাধীনৰ বিষয়ে সঁচা কথা কোৱা। এই সকলোখিনি কাম সাংবাদিকতাৰ প্ৰক্ৰিয়াৰ সৈতে অংগাগিভাৱে জৰিত। কিন্তু কাঠফুলাৰ দৰে বিয়পি পৰা সামাজিক মাধ্যমৰ বাতৰি আৰু সাংবাদিকতাৰ ইটোৰ পিছত সিটো ন ন ফৰ্মেটৰ মাজত সাংবাদিকতাৰ মূল এই নীতিসমূহ পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। সৰু সৰু সংবাদসংস্থা আৰু মুক্ত সাংবাদিকে ইউটিউবৰ দৰে মঞ্চত সাংবাদিকতা অব্যাহত ৰাখিছে যদিও মানুহৰ মাজলৈ যোৱা, পাঠক গঢ়া আৰু এই সকলোখিনি কৰাৰ শেষত উপযুক্ত উপাৰ্জনেৰে চলি থাকিব পৰাটো তেওঁলোকৰ বাবে বহুসময়ত সম্ভৱপৰ হৈ নুঠে।
“পাৰি আৰু পাৰিৰ সাংবাদিকসকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষা কৰিব পাৰিছে। আমি মিৰাৎ-উল-আকবৰ (১৮২২ত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা কাকত, যিয়ে ব্ৰিটিছৰ চৰকাৰী নীতিৰ সমালোচনা কৰিছিল), কেশৰী (স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ দ্বাৰা ১৮৮১ত প্ৰতিষ্ঠিত কাকত) আৰু স্বাধীনতা সংগ্ৰামৰ সময়ৰ অনান্য কাকতৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছো, তাকো তেনেই কম পইচাৰে, সেয়ে চাকৰিৰ বাদেও জীৱিকা অৰ্জনৰ বাবে অনান্য কামো কৰিবলগীয়া হৈছে,” পাৰিৰ টেক এডিটৰ সিদ্ধাৰ্থ আদেলকাৰে কয়।
মুনাফা-অনাদায়ী সাংবাদিকতাৰ মঞ্চ হিচাপে পাৰিয়ে জনতাৰ অনুদান, বিভিন্ন ফাউণ্ডেছনৰ পৰা অহা প্ৰকল্পভিত্তিক সাহায্য, ক’ৰ্পৰেট সামাজিক দায়িত্ব (চি.এছ.আৰ.), ন্যাসৰক্ষীৰ নিজৰ ধন আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্রৰ পৰা অহা স্বেচ্ছামূলক শ্ৰমৰ ওপৰতে নিৰ্ভৰ কৰি চলি আহিছে। পাৰিয়ে লাভ কৰা ৬৩ টা সাংবাদিকতাৰ পুৰস্কাৰৰ পৰা আমি কমেও পাচ লাখ টকা পাইছো। মূলধাৰাৰ সংবাদমাধ্যম যিদৰে ক্ৰমশঃ অধিক চেলেব্ৰেটি আৰু বিজ্ঞাপন-কেন্দ্ৰীক হৈ উঠিছে, শাসকীয় পক্ষৰ সন্মুখত আৰু বেছি শিৰনত কৰি চলিছে, তেনে পৰিস্থিতিত কিন্তু পাৰিয়ে এতিয়াও বিজ্ঞাপনৰ পৰা আঁতৰি আছে আৰু সংবাদৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পেলাবপৰা অনুদান লাভৰ পৰা বিৰত আছে। আদৰ্শগতভাৱে পাৰিয়ে সম্পূৰ্ণৰূপে জনসাধাৰণৰ অনুদানৰ ওপৰত নিৰ্ভৰ কৰি চলিব, যাতে আমাৰ দায়িত্ব কেৱল আৰু কেৱল আমাৰ পাঠকৰ প্ৰতি থাকে।
আমাৰ সমস্ত সমল ক্ৰিয়েটিভ কমনচ লাইচেন্সৰ অন্তৰ্ভুক্ত। অৰ্থাৎ সকলোৱে সেয়া উচিত কৃতজ্ঞতা স্বীকাৰেৰে বিনামূল্যে পুনঃপ্ৰকাশ কৰিব পাৰে। প্ৰতিখন প্ৰতিবেদন ইংৰাজীসহ ১৫ টা ভাৰতীয় ভাষাত অনুবাদ কৰে পাৰিৰ অনুবাদকৰ গোট পাৰিভাষাই। “ভাষাই হ’ল বৈচিত্ৰৰ বাহক। আমি সামাজিক ন্যায়ৰ দৃষ্টিভংগীৰে অনুবাদ কৰোঁ। ভাৰত এখন বহুভাষিক দেশ। অনুবাদৰ যোগেদি জ্ঞান বিলোৱাৰ দায়িত্বও আমাৰ ওপৰতে ন্যস্ত। ভাষাগত দিশৰ পৰা বিশ্বৰ অন্যতম জটিল আৰু বৈচিত্ৰময় এই দেশত এটামাত্ৰ ভাষাই সকলোতে ভৰ কৰি থকাৰ বিপৰীতে আমি এক গণতান্ত্ৰিক পদ্ধতিত বিশ্বাসী, য’ত প্ৰতিটো ভাষাই সমান সুযোগ লাভ কৰে,” পাৰিভাষাৰ সম্পাদক স্মিতা খাটোৰে কয়।
পাৰিৰ আন এটা লক্ষ্য হৈছে শিক্ষক আৰু বিভিন্ন বয়সৰ পঢ়ুৱৈৰ বাবে শৈক্ষিক উপাদানৰ এক সমল-আৰ্কাইভ গঢ়ি তোলা। পাৰিৰ শিক্ষা শিতান (পাৰি এডুকেচন)য়ে চহৰাঞ্চলৰ স্কুল আৰু কলেজৰ শিক্ষাৰ্থীৰ সৈতে নিয়মিত কথা-বতৰা পাতে। তেওঁলোকক শিকোৱা হয় যে এজন বিশ্ব-নাগৰিক হোৱাৰ বাবে কেৱল বিদেশী ভাষাত দক্ষতা অৰ্জন আৰু দুনীয়াখনৰ ঘটনা-পৰিঘটনা সম্পৰ্কে জনাটোৱেই যথেষ্ট নহয়। ঘৰৰ পৰা ৩০-৫০-১০০ কিলোমিটাৰৰ ভিতৰত থকা মানুহে কোৱা নিজ নিজ ভাষাৰ যোগেদি ব্যক্ত কৰা বাস্তৱ পৰিস্থিতি সম্পৰ্কেও সম্যক জ্ঞান থকা দৰকাৰ। পাৰিত প্ৰকাশিত শিক্ষাৰ্থীৰ প্ৰতিবেদনসমূহক আমি পাৰিৰ শিক্ষানীতিৰ হাতে-কামে কৰা পৰীক্ষা-নিৰীক্ষা হিচাপে চাও, যাৰ ভিত্তি হৈছে অভিজ্ঞতালব্ধ জ্ঞান, যিয়ে শিক্ষাৰ্থীক সমাজ সংস্কাৰৰ দিশত প্ৰশ্ন কৰিবলৈ শিকাইছে: মানুহে কিয় প্ৰব্ৰজন কৰে? কিয় বাগানৰ মহিলা কৰ্মীয়ে ওচৰতে শৌচালয়-প্ৰস্ৰাৱগাৰৰ সুবিধা নাপায? সেয়ে এগৰাকী শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰিছে কিয় উত্তৰাখণ্ডত তেওঁৰ আত্মীয় আৰু প্ৰতিবেশীক মাহেকীয়াৰ সময়ত অপৱিত্ৰ বুলি গণ্য কৰা হয়। তেওঁ শ্ৰেণীকোঠাৰ আন ল’ৰাবোৰক উৎসুকতাৰে প্ৰশ্ন কৰিছে যে তেওঁলোকেও সেই একেই নিয়ম ভবিষ্যতে অব্যাহত ৰাখিব নেকি,’’ পাৰিৰ কাৰ্য্যবাহী সম্পাদক প্ৰীতি ডেভিদে কয়।
গ্ৰামীণ ভাৰতখন ভৰি আছে নানা মানুহ, ভাষা, জীৱিকা, শিল্পধাৰা আৰু বিভিন্ন বৰ্ণিল, বহুমাত্ৰিক কাহিনীৰে। পাৰি আমাৰ ‘ভবিষ্যতৰ পাঠ্যপুঠি’, য’ত এই ক্ৰম পৰিৱৰ্তনশীল, বিলুপ্তপ্ৰায় কাহিনীবোৰ নথিবদ্ধ কৰা হৈছে, সংগ্ৰহ কৰা হৈছে আৰু নানা ভাষাত অনুবাদৰ যোগেদি বহল ভিত্তিত পাঠকৰ ওচৰলৈ লৈ যোৱা হৈছে। গ্ৰামীণ সাংবাদিকতাক স্কুল-কলেজৰ শ্ৰেণীকোঠালৈ লৈ যোৱা হৈছে। পাৰিৰ লক্ষ্য, ভাৰতৰ ৯৫ খন ঐতিহাসিক স্থানৰ প্ৰতিটোতে পাৰিৰ অতিকমেও এজন গৱেষক ফেল’ থাকিব, তেওঁলোকে নথিবদ্ধ কৰিব “সেইসকল সাধাৰণ মানুহৰ কথা যিসকলে এই দেশৰ প্ৰকৃত হৃদয় আৰু আত্মাক ধাৰণ কৰি আছে,” আদেলকাৰে কয়। কাৰণ আমাৰ এই ‘পাৰি-বাৰ’ত সাংবাদিকতা কেৱল পেছা নহয়। ই নিজৰ মানবীয়তাক অটুট ৰখাৰ এটা অভ্যাসো।
এই প্ৰবন্ধটোৰ প্ৰথমটো সংস্কৰণ ডাৰ্ক ‘এন লাইট পত্ৰিকাৰ ফৰ্মাইচত কৰা হৈছিল আৰু একেখন পত্ৰিকাৰ ৱেবছাইটত ২০২৩ত ডিচেম্বৰত প্ৰকাশ পাইছিল।
অনুবাদ: পংকজ দাস