নাই নাই, কিষাণজীয়ে ট্ৰাকখনৰ পিছফালৰ দুৱাৰ নে গেট কি কয়, সেইফালেৰে ভুমুকিয়াই চোৱাৰ যত্ন কৰা নাই। এনেও গাড়ীখন খালিয়েই আছিল। উত্তৰ প্ৰদেশৰ মুৰাদাবাদ চহৰৰ উপকণ্ঠৰ এই সৰু বস্তিটোৰ কোনোবা গুদামত মাল ডেলিভাৰি কৰাৰ পিছত ট্ৰাকখন তাত ৰৈছে।
৭০ৰ দেওনাত ভৰি দিয়া কিষাণজী বাদাম আৰু ঘৰতে তৈয়াৰী আন কিছুমান খোৱাবস্তুৰে সৰু ঠেলাগাড়ীৰ দোকান চলোৱা ৰাস্তাৰ কাষৰ দোকানী। ''কিবা এটা পাহৰিছিলো, তাকেই আনিবলৈ ঘৰলৈ গৈছিলো মাত্ৰ,’’ তেওঁ কয়। ''আহি দেখিলো এই মস্ত ডাঙৰ ট্ৰাকখন মোৰ ঠেলাগাড়ীখনৰ ওপৰতে ৰখাই থৈছে।’’
কি হৈছিল মানে ট্ৰাকৰ চালকজনে পিছফালে যে ঠেলাগাড়ীখন আছে, সেই কথা মনেই নকৰিলে। পাৰ্ক কৰিবলৈ পিছুৱাই নি চিধাই কিষাণজীৰ মূল্যৱান সম্বলবিধৰ ওপৰতে গৈ ৰখালে। তাৰপিছত চালক আৰু সহায়ক দুয়োজন অন্তৰ্ধান হ’ল। কোনোবা বন্ধু লগ পালে নাইবা দুপৰীয়াৰ আহাৰ খাবলৈ বুলি ওলাই গ’ল। গাড়ীখনৰ পিছফালটো ঠেলাগাড়ীখনত লাগি ধৰিলে, মানে ঠেলাগাড়ীখনৰ ওপৰতে বহি থকাৰ দৰে হ’ল। চকুৰে কম দেখা কিষাণজীয়ে ঠেলাখন ক’তনো লাগি ধৰিছে সেয়া এবাৰ ইফালে, এবাৰ সিফালে চাই থিৰাং কৰাৰ চেষ্টা কৰিছে, এৰুৱাই অনাৰ যত্ন কৰিছে।
চালক আৰু তেওঁৰ সহায়কজন ক’লৈনো গ’ল তাকে ভাবি আমি আচৰিত হৈছো। কিষাণজীয়েও নাজানে সিহঁত কোন, ক’লৈ গৈছে, কিন্তু তেওঁলোকক বংশ উজাৰি গালি দিছে। কপালত বয়সৰ ৰেখা পৰিছে যদিও তেওঁ কথাবোৰ ফৰফৰ কৰে কৈ গৈছে।
সৰু সৰু ঠেলাগাড়ী লৈ বেপাৰ কৰি ফুৰা হাজাৰ হাজাৰ ঠেলাৱালাৰ মাজৰ কিষাণো এজন। দেশত কিমানজন এনে কিষাণজী আছে, তাৰ কোনো সঠিক পৰিসংখ্যা নাই। অন্ততঃ এই ফটোখন লোৱাৰ সময়ত, ১৯৯৮ত যে নাই, সেই কথা মই জানিছিলো। ''ঠেলাগাড়ীখন লৈ মই বেছি দূৰলৈ খোজকাঢ়ি যাবলৈ দেহাই নাটানে, সেয়ে তিনি-চাৰিটা বস্তিতে বেপাৰ কৰো,’’ তেওঁ কয়। তেওঁ ভাবে, ''দিনে ৮০ টকাৰ বেপাৰ কৰিব পাৰিলে সেয়া মোৰ বাবে ভাল দিন।’’
ট্ৰাকখনত লাগি ধৰা ঠেলাখন কোনোমতে এৰুৱাই অনাত আমি সহায় কৰি দিলো। ৮০ টকাৰে দিনটো ভাল কৰিবলৈ মনতে আশা কৰি তেওঁ লাহে লাহে আগবাঢ়িল, আমি চাই ৰ’লো।
অনুবাদ: পংকজ দাস