তোমালোকৰ এই বিশ্ববিদ্যালয়খন এনে এখন গাওঁ আধা হ’লেও উছন কৰি মুকলি কৰা মাটিত পতা হৈছে, যিখনৰ গঞাক যিমানবাৰ স্থানচ্যুত কৰা হৈছে, সেয়া হিচাপ কৰিলে অভিলেখেই হৈ পৰিব, ২০১১ চনত মই এই কথা কৈছিলো। তাত তোমালোকৰ দোষ নাই, কিন্তু সেই কথাখিনি বিনয়েৰে বিবেচনা কৰিবা।

তেওঁলোক আছিল বিনয়ী, কিন্তু সেই কথা শুনি তেওঁলোক অকণমান চঁক খোৱাৰ দৰে হ’ল। ওড়িশাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কৰাপুটৰ সেই খুবেই আগ্ৰহী আৰু মনযোগ দি কথা শুনি থকা শিক্ষাৰ্থীসকলৰ বেছিভাগেই আছিল সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ। চিকাপাৰৰ কাহিনী শুনি তেওঁলোকে মনত কষ্ট পালে। পাবৰে কথা। সেইখন গাওঁ তিনিবাৰকৈ খালি কৰোৱা হৈছিল। প্ৰতিবাৰেই ‘উন্নয়ন’ৰ নামত, স্বেচ্ছাচাৰে।

মোৰ মনটো ১৯৯৩ৰ শেষৰফালৰ সেই সময়লৈ সাউৎকৰে উৰি গ’ল। ১৯৯৩ৰ শেষৰ, হয়তো ১৯৯৪ৰ আগভাগৰ কথা। মুক্তা কদম (ওপৰৰ প্ৰচ্ছদ ফটোত নাতিল’ৰাৰ সৈতে) নামৰ গড়াবা আদিবাসী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে মোক কৈছিল, কেনেদৰে ১৯৬০ৰ দশকত তেওঁলোকক ধাৰাষাৰ বাৰিষাৰ ৰাতি এটাত উচ্ছেদ কৰা হৈছিল। আগে আগে তেওঁ নিজৰ পাঁচটা ল’ৰা-ছোৱালী আৰু মূৰত বয়-বস্তু লৈ জংগলৰ মাজেৰে দোপালপিটা বৰষুণত তেওঁলোক ঘিটমিট আন্ধাৰত আগবাঢ়িছিল। “ক’লৈ যাম একো ভাবি পোৱা নাছিলো। চাহাবহঁতে আমাক যাবলৈ কৈছিল কাৰণে গুছি গৈছিলো। ভয়তে হাত-ভৰি পেটত লুকাইছিল।”

তেওঁলোক হিন্দুস্থান এৰ’নেটিকচ্ লিমিটেড (এইছ.এ.এল.)ৰ মিগ ফাইটাৰ প্ৰকল্পৰ কাৰণে প্ৰয়োজন হোৱা মাটিৰ বাবে উচ্ছেদিত হৈছিল। সেই প্ৰকল্প সাকাৰ ৰূপত দেখাৰ সৌভাগ্য ওড়িশাবাসীৰ নহ’ল। সেই মাটি কেতিয়াও গঞাই ঘূৰাই নাপালে, আৰু ক্ষতিপূৰণ? “আমাৰ ৬০ একৰ মাটি আছিল,” জ্যোতিৰ্ময় খোড়াই কয়। তেওঁ এগৰাকী দলিত সম্প্ৰদায়ৰ লোক তথা সমাজকৰ্মী যিয়ে চিকাপাৰৰ ভূমি হেৰুওৱাসকলৰ ন্যায়ৰ হকে বহুদশক ধৰি যুঁজি আহিছে। “বহু বছৰৰ মূৰকত যেনিবা আমি ক্ষতিপূৰণ পালো, সৰ্বমূঠ ১৫ হাজাৰ টকা – ৬০ একৰ মাটিৰ বিনিময়ত।” গাওঁ হেৰুওৱা সেই লোকসকলে আকৌ এবাৰ ঘৰ সাজিলে, তেওঁলোকৰ নিজৰ মাটিত, চৰকাৰৰ মাটিত নহয়। পুৰণি দিনৰ স্মৃতিৰে তেওঁলোকে নাম দিলে ‘চিকাপাৰ’।

The residents of Chikapar were displaced thrice, and each time tried to rebuild their lives. Adivasis made up 7 per cent of India's population in that period, but accounted for more than 40 per cent of displaced persons on all projects
PHOTO • P. Sainath
The residents of Chikapar were displaced thrice, and each time tried to rebuild their lives. Adivasis made up 7 per cent of India's population in that period, but accounted for more than 40 per cent of displaced persons on all projects
PHOTO • P. Sainath

চিকাপাৰৰ গঞা তিনিবাৰকৈ গৃহহাৰা হৈছিল আৰু প্ৰতিবাৰেই তেওঁলোকে জীৱনটো নতুনকৈ গঢ়িছিল সেই সময়ত দেশৰ মুঠ জনসংখ্যাৰ ৭ শতাংশ আছিল আদিবাসীসকল , কিন্তু প্ৰকল্পৰ নামত উচ্ছেদিত লোকৰ ক্ষেত্ৰত তেওঁলোকৰ সংখ্যাই আছিল বেছি , ৪০ শতাংশৰো অধিক

চিকাপাৰৰ গড়াবা, পাৰ’জা আৰু ডোমসকল (দলিত সম্প্ৰদায়) দুখীয়া মানুহ নাছিল। বিশাল খেতিপথাৰ আৰু পোহনীয় জীৱ-জন্তুৰে তেওঁলোক সমৃদ্ধ আছিল। কিন্তু তেওঁলোক ঘাইকৈ আদিবাসী আৰু কিছুমান দলিত সম্প্ৰদায়ৰ আছিল। সেইকাৰণে তেওঁলোকক উচ্ছেদৰ কাৰণে বাচি লোৱা হৈছিল। জোৰ-জুলুমকৈ কৰোৱা উচ্ছেদৰ আটাইতকৈ বেছি অভিজ্ঞতা আদিবাসীসকলৰেই আছে। সমগ্ৰ ভাৰতত ১৯৫১ৰ পৰা ১৯৯০ৰ সময়ছোৱাত ‘প্ৰকল্প’ৰ নামত প্ৰায় ২ কোটি ৫০ লাখ লোক গৃহহাৰা হৈছিল। (৯০ৰ দশকত ৰাষ্ট্ৰীয় নীতিৰ এক খচৰাত এই কথা স্বীকাৰ কৰা হৈছে যে সেই গৃহহাৰা লোকৰ ৭৫ শতাংশই “এতিয়াও পুনৰ্সস্থাপনৰ আশা পালি ৰৈছে।”)

সেই সময়ছোৱাত দেশৰ মুঠ জনসংখ্যাৰ ৭ শতাংশ আছিল আদিবাসীসকল, কিন্তু প্ৰকল্পৰ নামত উচ্ছেদ হোৱা লোকৰ ক্ষেত্ৰত তেওঁলোকৰ সংখ্যাই বেছি, ৪০ শতাংশৰো অধিক। মুক্তা কদমৰ দৰে চিকাপাৰবাসীৰ বাবে দুৰ্দিন তাতে শেষ হোৱা নাছিল। ১৯৮৭ত তেওঁলোকক ২ নং চিকাপাৰৰ পৰা নৌবাহিনীৰ খাৰ-বাৰুদৰ প্ৰকল্প আৰু আপাৰ কোলাব প্ৰকল্পৰ দোহাই দি পুনৰাই খেদি পঠিওৱা হয়। এইবাৰ, মুক্তাই কয়, “নাতিকেইটাক লৈ আমি ঘৰ এৰিলো।” তেওঁলোকে আকৌ ঘৰ সাজিলে, আপুনি সেই নতুন গাওঁখনক ৩ নং চিকাপাৰ বুলি ক’ব পাৰে।

১৯৯৪ৰ আগভাগত কেইদিনমানৰ কাৰণে মই তালৈ গৈছিলো। তেওঁলোকে তৃতীয়বাৰৰ বাবে উচ্ছেদৰ জাননী এখন পাইছিল। সেয়া বোধহয় হাঁহ-কুকুৰাৰ পাম এখনৰ কাৰণে, নাইবা সামৰিক ইঞ্জিনিয়াৰিং সেৱাৰ ঘাটিৰ কাৰণে। গোটেই বিশ্বত এইখনেই বোধকৰো এনে এখন গাঁও যিখনে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুখামুখি হৈছে আৰু হাৰিছে।

ঘাইকৈ সেই প্ৰকল্পটোৰ উদ্দেশ্যে অধিগ্ৰহণ কৰা মাটিখিনি কিন্তু চৰকাৰী নথিত উল্লেখিত কামত ব্যৱহাৰ নহ’ল। সেই ভূমিৰ এক-দুই টুকুৰাকৈ বিভিন্ন কামৰ বাবে মুকলি কৰি দিয়া হ’ল ঠিকেই, কিন্তু তাৰে এটা ভাগো মাটিৰ আচল গৰাকীৰ হাতত নপৰিল। তাৰে কিছু অংশ, মই ২০১১ত জানিব পৰা মতে, ওড়িশাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছুমান শৈক্ষিক প্ৰতিষ্ঠানে পাইছে। ইফালে জ্যোতিৰ্ময় খোড়াই ন্যায়ৰ যুঁজখনত পিছ হোঁহকা নাই, ভেটি-মাটি হেৰুওৱা পৰিয়ালৰ লোকে একো নাপালেও এইছ.এ.এল.ত কিবা কৰ্মসংস্থানে পাওঁক, তাৰ বাবে তেওঁ এতিয়াও সৰৱ।

এই প্ৰতিবেদনৰ অকণমান বিতংকৈ লিখা সংস্কৰণ দুটা খণ্ড আকাৰে এভ্ৰিবাডি লাভচ্ আ গুড ড্ৰাট কিতাপখনত প্ৰকাশ কৰা হৈছে, ১৯৯৫তে এই কাহিনীৰ যদিওবা ইতি পৰিছে।

অনুবাদ: পংকজ দাস

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das