২০২৪ বৰ্ষটো পাৰি লাইব্ৰেৰীৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। আমি তথ্যৰে মেট-মৰা সম্ভাৰ এইবাৰ গোটাব পাৰিছোঁ। ইয়াৰ ভিতৰত আছে কিছুমান ন-পুৰণি আইন-কানুন, চুক্তি, প্ৰবন্ধ-পাতি, সংকলন, পাৰিভাষিক শব্দাৱলী, চৰকাৰী প্ৰতিবেদন, পুস্তিকা, সমীক্ষা আৰু লেখা।
এই সকলোবোৰৰ উপৰিও ভালেমান অভিলেখ সম্পৰ্কীয় প্ৰতিবেদনে প্ৰকাশ পাইছিল। যেনে ধৰক ২০২৪ বৰ্ষটোৱে ২০২৩ক চেৰ পেলাই আটাইতকৈ উষ্ণ বছৰ হিচাপে পৰিগণিত হয়। পৰিৱৰ্তিত জলবায়ুয়ে প্ৰব্ৰজনকাৰী প্ৰজাতিবোৰক প্ৰভাৱিত কৰিছে। তাৰে পাঁচ বিধৰ এবিধ এতিয়া বিলুপ্তপ্ৰায় অৱস্থাত আহি উপনীত হৈছে। একেদৰে ভাৰতৰ জলাশয়সমূহ – হ্ৰদ, সৰোবৰ, পুখুৰী, খাল-বিল আদি সকলো ভাবুকিৰ সন্মুখীন হৈছে।
প্ৰদূষণ আৰু তাপ প্ৰৱাহৰ মাজৰ যোগসূত্ৰ ভালদৰেই নথিবদ্ধ কৰা হৈছে আৰু কণিকাজাতীয় পদাৰ্থৰ ফলত হোৱা প্ৰদূষণ দক্ষিণ এছিয়াত বাৰুকৈয়ে গুৰুতৰ আছিল। ভাৰতত এই ঘনত্ব আছিল প্ৰতি ঘনমিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰাম। এয়া বিশ্ব স্বাস্থ্য সংস্থাই ধৰি দিয়া সীমাতকৈ ১১ গুণ বেছি। নতুন দিল্লীত এই ঘনত্ব আছিল প্ৰতি ঘনমিটাৰত ১০২.১ মাইক্ৰ’গ্ৰাম, পৰিস্থিতি ইমানেই শোচনীয় হৈ পৰিছিল যে স্কুটি চলাই যাতায়তৰ সেৱা আগবঢ়োৱা গিগ ৱৰ্কাৰ এজনৰ এখন কমিক বুকো প্ৰকাশ পাইছিল।
উষ্ণতাৰ অভিলেখে একেধাৰে দুটা বছৰত সকলো ৰেকৰ্ড ভংগ কৰাৰ পিছত পেৰিছ চুক্তি উলংঘা হোৱাৰ উপক্ৰম হৈ পৰিছে। কিন্তু প্ৰাকৃতিক পৰিৱেশেই যে উষ্ম হৈ পৰিছে, তেনে নহয়। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাজনৈতিক বাতাৱৰণো উত্তপ্ত হৈ পৰিছিল আৰু দেশৰ ১৮তম লোকসভা গঠিত হৈছিল।
ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ২০১৮ত মুকলি কৰা ইলেক্ট’ৰেল বণ্ডক উচ্চতম ন্যায়ালয়ে ২০২৪ৰ ১৫ ফেব্ৰুৱাৰীত অ-সাংবিধানিক বুলি ঘোষণা কৰে। তাৰে এমাহ পিছত ভাৰতীয় ষ্টেট বেংক আৰু নিৰ্বাচন আয়োগে এই বণ্ডৰ ক্ৰয় আৰু নগদায়নৰ সবিশেষ প্ৰকাশ কৰে।
ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেচ (পিআৰ এণ্ড প্ৰাইভেট লিমিটেড), মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ লিমিটেড আৰু কুইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড আছিল ইলেক্ট’ৰেল বণ্ডৰ যোগেদি ৰাজনৈতিক দলক সৰ্বাধিক দান দিয়া তিনি দাতা। আটাইতকৈ বেছি লাভ পোৱা তিনিটা দল আছিল ক্ৰমে ভাৰতীয় জনতা দল (৬,০৬০ কোটি টকা) সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (১,৬০৯ কোটি) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (১,৪২২ কোটি টকা)।
১৯২২ আৰু ২০২২ত ভাৰতত সম্পত্তিৰ বিতৰণৰ তুলনা কৰিলে দেখা যায় যে ভাৰতত ধনিক শ্ৰেণীয়ে ১৯২২ৰ তুলনাত ২০২২ত মুঠ ৰাষ্ট্ৰীয় আয়ৰ সিংহভাগ অধিকাৰ কৰি থৈছে। ২০২২ৰ দেশৰ সৰ্বমুঠ আয়ৰ প্ৰায় ৬০ শতাংশ দেশখনৰ জনসংখ্যাৰ ১০ শতাংশৰ হাতত আছে।
তাৰ বিপৰীতে গ্ৰামীণ ভাৰতৰ ব্যক্তিয়ে বস্তু আৰু সেৱাৰ নামত মাহে কেৱল ৩,৭৭৩ টকা খৰছ কৰিছিল, এয়া ২০২২-২৩ৰ ঘৰুৱা উপভোগ ব্যয়ৰ প্ৰতিবেদনৰ তথ্য। ২০১৯ৰ পৰা ২০২২লৈ সাধাৰণ শ্ৰমিকৰ আয়ৰ ক্ষেত্ৰত গঢ় কোনো উন্নতি দেখা নগ’ল।
“ভাৰতক ডিজিটেল দিশত সবল সমাজ আৰু জ্ঞানৰ অৰ্থনীতি” কৰি গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা ডিজিটেল ভাৰতৰ কাৰ্য্যসূচী এতিয়া দশম বৰ্ষত প্ৰৱেশ কৰিলে। কিন্তু ইণ্টাৰনেট শ্বাটডাউনৰ ফালৰ পৰা ২০২৪ত আমি একেৰাহে ষষ্ঠবাৰৰ বাবে প্ৰথম স্থানত আছো।
লৈংগিক অন্যায় আৰু অসমতাৰ ফালৰ পৰা দেশখনত এতিয়াও কোনো পৰিৱৰ্তনে দেখা দিয়া নাই, বৈশ্বিক লিংগ ব্যৱধানৰ প্ৰতিবেদনত ভাৰতৰ স্থান পূৰ্বৰ দুটা স্থান পিছুৱাই ১২৯ পাইছে। শিক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতৰ মহিলাৰ স্থান আগতকৈ শোচনীয় হোৱাৰ কথা ইয়াৰ যোগেদি জানিব পাৰি। আমি এছ.ডি.জি. লিংগ সূচকাংক (জেণ্ডাৰ ইনডেক্স)ত লিংগ সমতাৰ ফালৰ পৰা ভাৰতৰ স্থান ১৩৯ খন দেশৰ ভিতৰত ৯১ স্থানলৈ অৱনমিত হৈছো।
লিংগ সমতা প্ৰতিষ্ঠাৰ প্ৰসংগত এটা কথা উল্লেখ কৰিব লাগিব যে ১৩৫ গৰাকী শাসনত থকা বিধায়কৰ ওপৰত মহিলাৰ বিৰুদ্ধে শ্লীলতা হানি, বিয়াৰ উদ্দেশ্যেৰে অপহৰণ, ধৰ্ষণ, বাৰম্বাৰ ধৰ্ষণ, ঘৰুৱা হিংসা, নাবালিকাক যৌনকৰ্মত নিয়োজনৰ বাবে ক্ৰয় আৰু মহিলাৰ শ্লীলতা হানি কৰাকৈ দুৰ্ব্যৱহাৰকে ধৰি বিভিন্ন অপৰাধৰ গোচৰ আছে।
আইনৰ জ্ঞান আহৰণ কৰাৰ বাবে কোনো বয়সৰ সীমা নাই। আপোনাৰ বাবে দৰকাৰী আইনৰ জ্ঞান সহজ-সৰল ভাষাৰে টুলকিট আকাৰে জাষ্টিচ আড্ডাই প্ৰকাশ কৰি উলিওৱা আইন-কানুন আৰু দৈনন্দিন জীৱন শীৰ্ষক কিতাপখনৰ উদ্দেশ্য সেয়াই।
ইয়াৰ উপৰিও আমি স্বাস্থ্য , ভাষা , লিংগ , সাহিত্য আৰু আন বহু বিষয়ৰ ওপৰত সমল গোটাইছো, আৰ্কাইভ কৰিছো। পঢ়িবলৈ সুবিধা হোৱাকৈ সাৰাংশ আৰু গুৰুত্বপূৰ্ণ অংশবোৰ টোকা আকাৰে দিছো। আমি আমাৰ লাইব্ৰেৰী বুলেটিন প্ৰকল্পও যোগ দিছো য’ত বিশেষ বিষয় লৈ পাৰিৰ প্ৰতিবেদন তথা সমলবোৰ দিয়া হৈছে। পৰৱৰ্তী সময়ত আমি আমাৰ জনসাধাৰণৰ এই লাইব্ৰেৰীৰ পৰিসৰ আৰু সুবিধা বঢ়োৱাৰ বাবে লক্ষ্য হাতত লৈছো। নতুন কি যোগ দিছো চাবলৈ ৱেবছাইটলৈ আহক!
পাৰি লাইব্ৰেৰীৰ সৈতে স্বেচ্ছাসেৱক হিচাপে জৰিত হ’বলৈ এই ইমেইল আইডিত মেইল কৰক - [email protected]
আপুনি যদি আমাৰ কাম ভাল পাইছে আৰু পাৰিত অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] লৈ মেইল কৰি জনাওক। ফ্ৰীলান্স আৰু স্বতন্ত্ৰ লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, চিত্ৰকৰ (ইলাষ্ট্ৰেটৰ) আৰু গৱেষকে আমাৰ সৈতে কাম কৰিবলৈ আগবাঢ়ি আহিলে আমি ভাল পাম।
প্ৰচ্ছদ ডিজাইন: স্বদেশা শৰ্মা
অনুবাদ: পংকজ দাস