গুজ্জৰ সম্প্ৰদায়ৰ আব্দুল ৰছিদ শ্বেইখে ৰেচনৰ বিতৰণ সম্পৰ্কে, ৰাজ্যৰ পুঁজিসমূহৰ কিদৰে ব্যৱহাৰ হৈছে আদি বিভিন্ন বিষয়ক লৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰি আহিছে। ৫০ বৰ্ষীয পশুপালকজনে প্ৰায় ৫০ টাৰো অধিক ভেড়া আৰু ২০মান ছাগলী হিমালয়ৰ কাশ্মীৰ অঞ্চলত চৰাই ফুৰে, তেওঁ যোৱাটো দশকত দুই ডজনৰো অধিক আৰ.টি.আই. দাখিল কৰিছে।

“আগতে মানুহে (বিষয়াসকলে) কি আঁচনি আহিছে বা আছে, সেই সম্পৰ্কে নাজানিছিল; আমিও আমাৰ অধিকাৰ সম্পৰ্কে নাজানিছিলো,” নিজৰ কোঠা (মাটি, শিল আৰু কাঠেৰে পাৰম্পৰিক আৰ্হিত নিৰ্মিত ঘৰ)ৰ বাহিৰত থিয় দি থকা আব্দুলে কয়। বৰ্তমান দুধপথ্ৰিত পৰিয়ালৰ সৈতে থকা পৰিয়ালটোৱে প্ৰতিবছৰে গ্ৰীষ্মকালত তালৈ আহে। বড়গাম জিলাৰ খানচাহিব ব্লকৰ মুজপথ্ৰি গাঁৱত তেওঁলোকৰ ঘৰ।

“আইন আৰু আমাৰ অধিকাৰৰ বিষয়ে জানিবলৈ আৰ.টি.আই. আবেদন কৰাটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, আমিও বিষয়াসকলৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে, শিকিলো,” আব্দুলে কয়। প্ৰাৰম্ভিকতে বিষয়াসকলে নিজেও আৰ.টি.আই. আইনৰ কথা বিশেষ নাজানিছিল আৰু “আঁচনি আৰু পুঁজিৰ বিতৰণৰ বিষয়ে তথ্য বিচাৰি আবেদন কৰিলে আচৰিত হৈ গৈছিল।”

এনেদৰে আৰ.টি.আই. আবেদন কৰা কামটোৰ বাবে গাঁৱৰ মানুহে পুলিচৰ পৰা হাৰাশাস্তি খাবলৈ ধৰিলে। খণ্ড বিষয়াসকলে পুলিচৰ লগত মিলি গাঁৱৰ বহুতৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিলে। জনা-বুজা নাগৰিক যেনে আব্দুলহঁতে আৰ.টি.আই. আন্দোলনত আগভাগ লৈছিল, তেওঁলোককে ব্যৱস্থাটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

“বিষয়াসকলহে দুৰ্নীতিত লিপ্ত আছিল। তেওঁলোকৰ এতিয়া সম্পত্তিবোৰ চাওকচোন,” নিজৰ কথাত যুক্তি দাঙি ধৰি তেওঁ কয়। আৰ.টি.আই. আবেদন দাখিল কৰাৰ উপৰিও মুজপথ্ৰিৰ ৫০ জন লোকৰ বাবে ৰেচন কাৰ্ড দিয়াৰ বাবেও তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত দাবী জনাইছিল।

Traditional Kashmiri mud houses in Doodhpathri. Popularly known as kotha or doko , these houses are built using wood, mud, stones, tarpaulin and leaves. This is one of the bigger kothas that takes around 10–15 days to build.
PHOTO • Rudrath Avinashi
A chopan whistles and moves the herd of sheep towards the higher mountains for fresh pastures
PHOTO • Rudrath Avinashi

বাওঁফালে: দুথপথ্ৰিৰ পাৰম্পৰিক কাশ্মীৰি কেঁচা ঘৰ। কাঠ, মাটি, শিল, তিৰ্পাল আৰু পাতেৰে বন্ধা এই ঘৰবোৰক তাত কোঠা বা ডোকো বুলি কয়। এইটো কোঠাৰ আকাৰ ডাঙৰ, নিৰ্মাণত ১০ৰ পৰা ১৫ দিনমান লাগে সোঁফালে: পশুপালক এজনে ঘাঁহৰ সন্ধানত ভেড়াৰ জাকটো পৰ্বতৰ ওখ ঠাইলৈ সুহুৰি বজাই খেদি নিছে

Abdul Rashid Sheikh outside his house in Doodhpathri: 'To build our kotha , we don't cut trees. We only use those that have fallen down during storms'
PHOTO • Rudrath Avinashi

দুথপথ্ৰিৰ নিজ ঘৰৰ বাহিৰত আব্দুল ৰছিদ শ্বেইখ: ‘আমাৰ কোঠাটো বনাওতে আমি গছ কটা নাই। ধুমুহাত বাগৰি পৰা গছহে ব্যৱহাৰ কৰিছো’

ৰাজহুৱা চাৰণভূমিৰ প্ৰৱেশৰ ওপৰত জীৱিকা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আব্দুলে অনুসূচিত জনজাতি আৰু আন বন নিবাসী (বন অধিকাৰৰ স্বীকৃতি) আইন, ২০০৬ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। “আমি যদি অৰণ্য বিভাগলৈ বুলি এৰি দিও, তেতিয়া অৰণ্য বুলি একো নাবাচিব,” তেওঁ কয়। বন অধিকাৰ আইনৰ অধীনত অধিকাৰৰ ওপৰত কাম কৰি অহা জম্মু এণ্ড কাশ্মীৰ ফৰেষ্ট ৰাইটচ্ কোৱেলিচন নামে সংস্থাটোৰ সহায়ত আব্দুলে বনাঞ্চলত বসতি কৰি অহা গুজ্জৰ আৰু বকৰৱাল পশুপালক সম্প্ৰদায়ৰ লোকৰ অধিকাৰ সম্পৰ্কে আৰ.টি.আই. দাখিল কৰি আহিছে।

মুজপথ্ৰি গাঁৱৰ গাওঁসভাই ২০২২ত বন সুৰক্ষা সমিতি (এফ.আৰ.চি.) এখন গঠন কৰি তাৰ অধীনত তেওঁলোকৰ ক’ত ক’ত চাৰণভূমি আছে, সেয়া নিৰ্ধাৰণৰ লগতে অৰণ্য নিবাসী ব্যক্তি বিশেষৰ মাটিৰ সীমা প্ৰতিবছৰে নিৰ্ধাৰণ কৰিব পৰা নিয়ম আদি অনুসৰণ কৰিবলৈ লয়। ২০২৩ৰ ২৮ এপ্ৰিলত তেওঁলোকে বন অধিকাৰ আইন (২০০৬)ৰ অধীনত ১,০০০ বৰ্গকিলোমিটাৰ ভূমিক সামূহিক বন সম্পদ (চি.এফ.আৰ.) হিচাপে সংকল্প প্ৰস্তাৱ লয়।

“অৰণ্যখন সকলোৰে বাবে। মোৰ, মোৰ ল’ৰা-ছোৱালীৰ আৰু আপোনাৰ। জীৱিকাৰ সৈতে যদি সংৰক্ষণৰ দিশটো সামৰি লওঁ, তেতিয়াহে নতুন প্ৰজন্মই লাভান্বিত হ’ব। আমি নিৰ্বনীকৰণ কৰিলে সিহঁতলৈ কি এৰি যাম!” মুজপথ্ৰিৰ সামূহিক বন সম্পদৰ প্ৰস্তাৱটোৱে বিশেষ অগ্ৰগতি লাভ নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰি আব্দুলে কয়।

কেন্দ্ৰ চৰকাৰে ২০০৬ত এফ.আৰ.এ.খন জম্মু আৰু কাশ্মীৰলৈ প্ৰসাৰিত কৰিছিল।

“তেতিয়ালৈ কোনেও এফ.আৰ.এ.খনৰ বিষয়ে জনা নাছিল,” আব্দুলে কয়। ইণ্টাৰনেটৰ সুবিধা বঢ়াত উপত্যকাত বিভিন্ন আঁচনি আৰু আইনৰ বিষয়ে মানুহে জানিবলৈ ধৰিলে। আব্দুলে কয়, “তাৰোপৰি দিল্লীত প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনি আৰু পলিচি আদি সম্পৰ্কেও আমি জনাত ইণ্টাৰনেটে ভালেখিনি সহায় কৰিলে। আগতে আমি একোৱেই জানিবলৈ নাপাইছিলো।”

Nazir Ahmed Dinda is the current sarpanch of Mujpathri. He has filed several RTIs to learn about the distribution of funds for health, water, construction of houses and more.
PHOTO • Rudrath Avinashi
Dr. Shaikh Ghulam Rasool (left) and a resident of Mujpathri (right) discussing their claim submitted by the Forest Rights Committee (FRC) of the village
PHOTO • Rudrath Avinashi

বাওঁফালে: নজিৰ আহমেদ দিন্দা মুজপথ্ৰিৰ বৰ্তমানৰ গাওঁবুঢ়া। তেওঁ স্বাস্থ্য, পানী, ঘৰ নিৰ্মাণ আৰু বিভিন্ন আঁচনিৰ পুঁজি বিতৰণ সম্পৰ্কে জানিবলৈ ভালেকেইখন আৰ.টি.আই. আবেদন দাখিল কৰিছে। সোঁফাল: মুজপথ্ৰিৰ (সোঁফালে) বাসিন্দা ড. শ্বেইখ গুলাম ৰছুল (বাওঁফালে)য়ে গাওঁখনৰ বন অধিকাৰ কমিটি (এফ.আৰ.চি.)য়ে দাখিল কৰা দাবীসমূহৰ বিষয়ে আলোচনা কৰিছে

২০০৬ত আব্দুল আৰু মুজপথ্ৰিৰ বৰ্তমানৰ গাওঁবুঢ়া নজিৰ আহমেদ দিন্দাকে ধৰি কেইগৰাকীমান বাসিন্দাই জম্মু-কাশ্মীৰ বন অধিকাৰ মৰ্চাৰ অধ্যক্ষ তথা বড়গামৰ অঞ্চল চিকিৎসা বিষয়া ড. শ্বেইখ গুলাম ৰচুলক সাক্ষাত কৰে। তেওঁ প্ৰায়ে গাওঁখনলৈ কাম সংক্ৰান্তত আহি থাকিছিল আৰু অঞ্চলটোত আৰ.টি.আই.যোগে সজাগতা সৃষ্টিৰ ক্ষেত্রত আগভাগ লৈছিল। “ড. শ্বেইখে আইন আৰু নীতিসমূহৰ কথা আলোচনা কৰিছিল আৰু আমাক অধিক জনাৰ আৱশ্যকতাৰ বিষয়ে (সেই সম্পৰ্কত) বুজাইছিল,” আব্দুলে কয়।

এনেদৰে গাঁৱৰ মানুহে আন আঁচনিবোৰৰ বিষয়েও জানিবলৈ পালে আৰু “এনেদৰে আমি আৰ.টি.আই. আইনখনৰ বিষয়ে আৰু কেনেদৰে আবেদন দাখিল কৰিব লাগে, জানিব পাৰিলো। আমাৰ গাঁৱৰ বহুতেই আৰ.টি.আই. আবেদন দাখিল কৰিবলৈ ধৰিলে আৰু ই এক আন্দোলনত পৰিণত হ’ল,” আব্দুলে প্ৰক্ৰিয়াটো বুজাই কয়।

মুজপথ্ৰিত ড. শ্বেইখৰ সৈতে কথা পাতোতে ড. শ্বেইখে গাঁৱৰ মানুহৰ সৈতে প্ৰাৰম্ভিক অৱস্থাত আলোচনাৰ বাবে মেল-মিটিং পতা আৰু ভৱিষ্যত পৰিকল্পনাৰ প্ৰাৰম্ভিক দিনবোৰৰ কথা মনত পেলায়। “স্থানীয় বিধায়কজন দুৰ্নীতিগ্ৰস্ত আছিল আৰু আঁচনিবোৰে গাঁৱৰ মানুহক ঢুকি নাপাইছিল,” তেওঁ কয়। “প্ৰায়ে গাঁৱৰ মানুহক পুলিচে হাৰাশাস্তি কৰিছিল আৰু নিজৰ অধিকাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা নাছিল।”

প্ৰথমখন আৰ.টি.আই. আবেদন দাখিল কৰিছিল পিয়াৰ জি.এইছ. মহিদিন নামে মুজপথ্ৰিৰ এগৰাকী লোকে। ঐতিহাসিকভাবে উপান্ত শ্ৰেণীৰ পৰিয়ালক আৱাসগৃহ নিৰ্মাণৰ বাবে থুলমুলকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে মুকলি কৰা ইন্দিৰা আৱাস যোজনাৰ বিষয়ে জানিবলৈ তেওঁ আৰ.টি.আই.খন দাখিল কৰিছিল। গাওঁবুঢ়া নজিৰে ২০১৩ত ইন্দিৰা আৱাস যোজনাক লৈ আন এখন আৰ.টি.আই. দাখিল কৰে।

Nazir and Salima Sheikh light up the chulha (stove) and prepare for dinner inside their kotha
PHOTO • Rudrath Avinashi
Salima Sheikh preparing noon chai (a traditional Kashmiri drink of green tea leaves, baking soda and salt) and rotis
PHOTO • Rudrath Avinashi

বাওঁফালে: নজিৰ আৰু চালিমা শ্বেইখে নৈশ আহাৰ প্ৰস্তুতিৰ বাবে কোঠাৰ ভিতৰত চৌকাত জুই ধৰিছে। সোঁফালে: চালিমা শ্বেইখে আবেলিৰ চাহ কৰিছে (গ্ৰীণ টিৰ পাত, বেকিং চ’ডা আৰু নিমখেৰে নিৰ্মিত পৰম্পৰাগত কাশ্মিৰী পানীয়), লগত আছে ৰুটি

গাওঁখনৰ মানুহৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পিছত নজিৰে অৰণ্যখন সংৰক্ষণ আৰু গোটেই ব্যৱস্থাটো স্বচ্ছ কৰি তোলাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। এনেকৈয়ে আৰ.টি.আই. আবেদন দাখিলৰ দিশে তেওঁলোক আগবাঢ়ে। “আমাৰ বাবে কি চৰকাৰী নীতি আছে আৰু কেনেকৈ সেইবোৰৰ সুবিধা ল’ব পৰা যাব, সেইবিষয়ে জনাৰ প্ৰয়োজন আছিল,” তেওঁ কয়। “২০০৬লৈ আমি গছ-লতা আৰু ফল-মূল হাবিৰ পৰা সংগ্ৰহৰ লগতে কাঠ আৰু নন-টিম্বাৰ বন উপজ সামগ্ৰী (এন.টি.এফ.পি.) চুৰ কৰিছিলো, কিয়নো আন কোনো উপায় নাছিল,” ৪৫ বৰ্ষীয় গুজ্জৰ সম্প্ৰদায়ৰ লোকজনে কয়। “২০০৯ মানত মই দুথপথ্ৰিত এখন দোকান দি চাহ আৰু কুলচা বিক্ৰী কৰিবলৈ লওঁ, যাতে অৰণ্যৰ ওপৰত মোৰ নিৰ্ভৰশীলতা কমি আহে,” তেওঁ কৈ যায়। আমি তেওঁৰ সৈতে চালিগংগা নদীৰ পাৰে পাৰে থকা চৰণীয়া পথাৰেৰে খোজকাঢ়ি গৈ থকা সময়ত তেওঁ যোৱা বছৰকেইটাত কি কি বিষয়ক লৈ আৰ.টি.আই. কৰিছে সেইবিষয়ে কৈ গ’ল।

২০১৩ত নজিৰে এফ.চি.এছ.চি.এ. বিভাগক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত চাউল আবণ্টনৰ বিষয়ে জানিবলৈ আৰ.টি.আই. দাখিল কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ২০১৮ত মুকলি কৰা সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত কিমান শিক্ষাৰ্থীয়ে জলপানি পাইছে, সেইবিষয়ে এখন আৰ.টি.আই. দাখিল কৰিছিল।

আমি চালিগংগা নদীৰ পাৰে পাৰে খোজকাঢ়ি গৈ থাকোতে দূৰৈত কিছুমান তম্বু টনা আশ্ৰয়গৃহ দেখিলো, আমাক কোনোবাই হাতবাউল দি আবেলিৰ চাহ একাপৰ বাবে নিমন্ত্ৰণ জনালে। জম্মু ডিভিজনৰ ৰাজৌৰি জিলাৰ পৰা দুথপথ্ৰিলৈ এপ্ৰিলত অহা মহম্মদ ইউনুচৰ আতিথ্য আমি গ্ৰহণ কৰিলো। তাত তেওঁ ৪০ টা ভেড়া আৰু প্ৰায় ৩০ টা ছাগলী লৈ অক্টোবৰলৈকে থাকিব।

“আজি আমি ইয়াতেই আছো,” তেওঁ কয়। “কিন্তু ১০ দিন পিছত আমি ওপৰলৈ যাব লাগিব, তাত সতেজ ঘাঁহ পাম।” ৫০ বৰ্ষীয় বকৰৱাল সম্প্ৰদায়ৰ পশুপালকজন শৈশৱৰে পৰা কাশ্মীৰলৈ প্ৰব্ৰজন কৰি আহিছে।

Mohammed Younus (left) on the banks of the Shaliganga river in Doodhpathri where he and his family have come with their livestock. They will continue to move upstream till the source of the river in search of fresh pastures. Inside their tent, (in the front) his spouse Zubeda Begam and his brother (with the hookah)
PHOTO • Rudrath Avinashi
Mohammed Younus (left) on the banks of the Shaliganga river in Doodhpathri where he and his family have come with their livestock. They will continue to move upstream till the source of the river in search of fresh pastures. Inside their tent, (in the front) his spouse Zubeda Begam and his brother (with the hookah)
PHOTO • Rudrath Avinashi

দুধপথ্ৰিৰ চালিগংগা নদীৰ পাৰত পশুধন চৰাবলৈ পৰিয়ালৰ সৈতে অহা মহম্মদ ইউনুচ (বাওঁফালে)। তেওঁলোকে নদীখনৰ উজনিৰ ফালে সতেজ ঘাঁহনিৰ সন্ধানত আগবাঢ়ি গৈ থাকিব। তম্বুৰ ভিতৰত (সন্মুখত) দম্পতিহালৰ সন্তান জুবেদা বেগম আৰু তেওঁৰ ভাতৃ (হোকাটোৰ লগত থকা)

“এটা ভেড়া বা ছাগলী বিক্ৰী কৰিলে ৮,০০০ৰ পৰা ১০,০০০ টকা পায়। এইখিনিৰে গোটেই মাহটো কেনেকৈ চলা সম্ভৱ?” জম্মু-কাশ্মীৰত চাহৰ দাম ৬০০ৰ পৰা ৭০০ টকা প্ৰতিকিলো আৰু তেলৰ দাম ১২৫ টকা প্ৰতি লিটাৰ, এই দামৰ প্ৰসংগক লৈ ইউনুচে এনেদৰে প্ৰশ্ন কৰে।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৰূপায়ণৰ ক্ষেত্রত হোৱা বিসংগতিৰ বাবে ইউনুচ আৰু তেওঁৰ সম্প্ৰদায়ৰ আন লোকসকলে ৰেচনৰ ভাগ পোৱা নাই। “চৰকাৰে আমাক ৰেচনৰ চাউল, গমধান আৰু চেনী দিব লাগে, কিন্তু আমি একো নাপাও,” ইউনুচে কয়।

“প্ৰথমবাৰৰ বাবে আমি এইবছৰ টেক্সিৰ সুবিধা পাইছো, আমাৰ ল’ৰা-ছোৱালী আৰু পশুধনৰ সৈতে আমাক য়ুছমাৰ্গত তেওঁলোকে টেক্সিৰ থৈ গ’ল,” ইউনুচে কয়। আঁচনিখন ২০১৯ৰ পৰা কাৰ্য্যকৰ হৈ আছে, কিন্তু ৰাজৌৰিৰ বকৰৱালসকলক ঢুকি পাবলৈ লাগিল চাৰিবছৰ। ভ্ৰাম্যমান স্কুলৰ আঁচনিও আছে, কিন্তু কাৰ্যতঃ তেনে কোনো স্কুল নাই। “তেওঁলোকে আমাক ভ্ৰাম্যমান স্কুল দিছে, কিন্তু কমেও ১০-১৫ টা চুলহা দিব লাগে আৰু মাষ্টৰো লাগে (স্কুলৰ),” ইউনুচে কয়।

“কাগজে-পত্ৰই প্ৰতিখন আঁচনিয়ে আছে, কিন্তু আমাৰ হাতত আহি একো নপৰে,” তেওঁ হতাশাৰে কয়।

অনুবাদ: পংকজ দাস

Rudrath Avinashi

Rudrath Avinashi works on issues of community conserved areas through research and documentation. He is a member of Kalpavriksh.

Other stories by Rudrath Avinashi
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das