“কেমেৰা ধাতুৰ নিৰ্জীৱ ছিদ্ৰযুক্ত টুকুৰা। ছবিখন আচলতে আমাৰ মনেহে তোলে। আপুনি কি বিচাৰিছে, সিয়েই বিষয়বস্তু নিৰ্ধাৰণ কৰে।”
পি. সাইনাথ

হাউলি পৰা, ভাৰসাম্য ৰক্ষা কৰা, কিবা এটা নিৰ্মাণ কৰা, দঙা, সৰা-পোচা, ৰন্ধা-বঢ়া, পৰিয়ালৰ আলপৈচান ধৰা, পশুপালন, পঢ়া-শুনা কৰা, কাপোৰ বোৱা, সংগীত সৃষ্টি, নাচোন-বাগোন, গান গোৱা, উৎসৱ উদযাপন -  এই সকলোতে আলোকচিত্ৰই ষ্ট’ৰিবোৰৰ সৈতে সংপৃক্ত হৈ ভাৰতৰ গ্ৰামীণ জনজীৱন আৰু জীৱিকাৰ এক সুক্ষ্মতম আভাস দাঙি ধৰে।

পাৰিৰ ফটোবোৰে সামূহিক স্মৃতিক আলোকচিত্ৰৰ যোগেদি ধৰি ৰখাৰ প্ৰয়াস কৰে। আমাৰ বৰ্তমান সময়ৰ এয়া কোনো নিৰুদ্বেগচিত্তে কৰা সংগ্ৰহ নহয়, বৰঞ্চ ই আমাৰ চাৰিওফালে থকা পৃথিৱীখন আৰু আমাক নিজৰ মাজত এক যোগসূত্ৰ নিৰ্মাণৰ ই এক পন্থা। আমি উপান্ত শ্ৰেণীৰ, দুৰ্গম ঠাইৰ, শ্ৰম আৰু জীৱিকাক লৈ আলোকচিত্ৰৰ যি এক বিশাল ভঁৰাল আপোনালোকৰ আগত উপস্থাপন কৰো, সেয়া মূলধাৰাৰ সংবাদমাধ্যমত নাপাব।

হৰ্ষ-বিষাদ, শোক আৰু অভাৱনীয় পৰিস্থিতি, আৰু সত্যৰ এখন ভয়াৱহ ছবি আলোকচিত্ৰৰ যোগেদি তুলি ধৰা হৈছে য’ত মানুহৰ জীৱনৰ সকৰুণ বাস্তৱ আৰু বিপন্নতা প্ৰকাশ পাইছে। আলোকচিত্ৰ এখনত থকা ব্যক্তিজন কেৱল এটা চাবজেক্ট নহয়। মানুহজনৰ নামটো জনাই এক সহৃদয়তাৰ সৃষ্টি কৰে। আৰু এটা একক কাহিনীয়ে আৰু বহুতো বাস্তৱ সত্যৰ আঁৰ কাপোৰ আঁতৰায়।

কিন্তু আলোকচিত্ৰশিল্পীজন আৰু কেমেৰাৰ আগত থকা লোকজনৰ মাজত এক সহযোগিতাৰ পৰিৱেশ গঢ়ি উঠিলেহে এয়া হৈ উঠে। গভীৰ ক্ষতি আৰু শোকৰ সন্মুখীন হৈ থকা সময়ত তেওঁলোকৰ ফটো উঠোৱাৰ বাবে তেওঁলোকৰ সন্মতি লোৱা হৈছেনে? অতিকৈ উপান্ত শ্ৰেণীৰ ব্যক্তিৰ ফটো লওঁতে তেওঁৰ মৰ্য্যাদা ৰক্ষা কৰা হয়নে? কি প্ৰসংগত ব্যক্তি বা ব্যক্তিসকলৰ ফটো লোৱা হৈছে? সৰ্বসাধাৰণ লোকৰ প্ৰাত্যহিক জীৱনৰ ফটোৰে কাহিনী এটা লিখাৰ অভিপ্ৰায় কি?

এনে কিছুমান জটিল প্ৰশ্ন মনত লৈ আমাৰ আলোকচিত্ৰশিল্পীসকলে ফিল্ডত নামে। সেয়া লাগিলে এটা ষ্ট’ৰি কেইদিনমান বা কেইবছৰমানৰ বাবে শ্বুট কৰাই হওঁক, নাইবা কোনো পৰম্পৰাগত প্ৰদৰ্শন হওঁক, জনজাতীয় উৎসৱ হওঁক, আন্দোলনত ভাগ লোৱা কৃষক হওঁক বা আন কিবা।

বিশ্ব আলোকচিত্ৰ দিৱসৰ দিনা আমি আপোনালোকলৈ আগবঢ়াইছো পাৰিৰ আলোকচিত্ৰ শিল্পীসকলে নিজৰ প্ৰতিবেদনসৰ বাবে তোলা কিছুমান ফটো। তেওঁলোকে ফটোবোৰ তোলাৰ সময়ত কেনে এটা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈছে, সেয়া কৈছে। আলোকচিত্ৰশিল্পীয়ে তোলা ফটোবোৰ শিল্পীৰ বৰ্ণানুক্ৰমিক শৃংখলত সজোৱা হৈছে:

আকাংক্ষা , মুম্বাই, মহাৰাষ্ট্ৰ

PHOTO • Aakanksha

এইখন ফটো মুম্বাই ল’কেলত সাংৰগীৰ সুৰ ষ্ট’ৰিটোৰ। সাংৰগী বাদক কিষণ যোগীয়ে মুম্বাই ল’কেলত কেনেদৰে সাংৰগী বজাই জীৱিকা উপাৰ্জন কৰে সেই লৈ এই ফটো। তেওঁৰ ছবছৰীয়া কন্যা ভাৰতীয়ে তেওঁক সংগ দিয়ে।

শৈশৱৰ দিনধৰি দেখা বহু এনে ৰাস্তাত প্ৰদৰ্শন কৰা শিল্পীৰ ছবি মই এই ষ্ট’ৰিৰ যোগেদি দাঙি ধৰাৰ চেষ্টা কৰিছো। দেখিছো, শুনিছোও, কিন্তু কেতিয়াও তেওঁলোকক শিল্পী হিচাপে স্বীকৃতি দিব পৰা নাছিলো। উক্ত কাৰণতে এই ষ্ট’ৰিটো মোৰ বাবে গুৰুত্বপূৰ্ণ।

ফটোখন তোলা হৈছিল তেওঁলোকৰ যাত্ৰাত ছন্দ ধৰি ৰাখিবলৈ, ইটো দবাৰ পৰা আনটো দবালৈ অধিক দৰ্শকৰ আশাত আগবাঢ়ি যোৱাৰ ছন্দ।

তেওঁৰ খৰ গতিৰ সৈতে কেমেৰা পোনাবলৈ অসুবিধা হৈছিল। কিষণ ভাইয়া ইটোৰ পৰা সিটো দবালৈ বৰ সহজতে আগবাঢ়িছিল, তেনেস্থলত ক’ৰ পৰা ফটো তুলিম তাকে লৈ মই অসুবিধাত পৰিছিলো। অৱশ্য়ে গতিয়ে তেওঁৰ ছন্দক ৰুধিব পৰা নাছিল।

ভিউফাইণ্ডাৰটোৰে তেওঁক চাওতে মই আৰম্ভণিতে ভাবিছিলো যে তেওঁ সচেতন হৈ পৰিব আৰু সংকোচবোধ কৰিব, কিন্তু মোৰ ধাৰণা আছিল ভুল - তেওঁ নিজৰ সংগীতৰ ছন্দত মগ্ন হৈ আছিল।

তেওঁৰ শিল্পৰ পৰা নিৰ্গত যি আৱেশ, সেয়া আছিল অৱশ যাত্ৰীৰ সম্পূৰ্ণ বিপৰীত এক ক্ষেত্ৰ। ছবিখনৰ যোগেদি মই তাৰ মাজৰ এক অৱস্থাক দাঙি ধৰাৰ চেষ্টা কৰিছো।

*****

বিনাইফেৰ ভাৰুচা , ৱেষ্ট কামেং, অৰুণাচল প্ৰদেশ

PHOTO • Binaifer Bharucha

এই ফটোখন মই তুলিছিলো অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত শীৰ্ষক ষ্ট’ৰিটোৰ বাবে।

আইতি থাপা (ছবিত থকাগৰাকী)ৰ সৈতে মই একা-বেকা পিচল বাটেৰে গৈ আছো, দুয়োকাষে সেউজীয়া অৰণ্য। আশা কৰিছো মোক যাতে জোকে নধৰে। আমাৰ খোজৰ খচখচ শব্দৰ সৈতে সুৰ মিলাইছে চৰাই শব্দই। আমি আছো অৰুণাচলৰ ইগলনেষ্ট অভয়াৰণ্যত, জলবায়ু পৰিৱৰ্তনৰ ষ্ট’ৰি এটাৰ বাবে।

২০২১ৰ পৰা আইতি এই অঞ্চলত চৰাইৰ বিভিন্ন প্ৰজাতিৰ ওপৰত গৱেষণাৰত দল এটাৰ সদস্য। তেওঁলোকে গভীৰ অৰণ্যত কুঁৱলি-জালেৰে চৰাই ধৰে। বৰ সাৱধানে চৰাইটো জালৰ পৰা এৰুৱায়, অৱশ্যে আইতিয়ে বৰ সোনকালে এই কাম কৰিব পাৰে, কিন্তু সাৱধানে কৰিছে।

ৰাফাছ-কেপড বেবলা। আইতিয়ে সেই কণমানি চৰাইটো এৰুৱাওতে মোৰ বুকুৰ ঢপঢপনি বাঢ়ি গৈছিল। অৰণ্যৰ কোলাত মানুহ আৰু চৰাইৰ মাজৰ এক বিশ্বাসৰ বান্ধোনৰ মুহূৰ্তই মোক বিস্মিত কৰিছিল। সংৰক্ষণৰ কামত নিয়োজিত অধিকাংশ পুৰুষ সদস্য থকা দলটোত আইতি দুগৰাকী স্থানীয় মহিলাৰ মাজৰ এগৰাকী।

আইতিয়ে লিংগ অন্তৰায়ৰ প্ৰাচীৰ ভাঙি শক্তিশালী ৰূপত থিয় দিছে, গোটেই ষ্ট’ৰিটোত সেয়ে এইখন ছবিয়ে অতিকৈ তাৎপৰ্য্যপূৰ্ণ স্থান বহন কৰে।

*****

দীপ্তি আস্থানা, ৰামনাথপুৰম, তামিলনাডু

PHOTO • Deepti Asthana

তামিলনাডুৰ তীৰ্থচহৰ ৰামেশ্বৰমৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত ধনুষকোড়ি অৱস্থিত । এফালে বংগোপসাগৰ আৰু আনফালে ভাৰত মহাসাগৰৰ, দুয়োখন মহাসাগৰৰ মাজত ই হৈছে এক সৰু দৰ্শনীয় ভূখণ্ড! গ্ৰীষ্মকালৰ ছমাহ মাছমৰীয়াসকলে বংগোপসাগৰত মাছ ধৰে আৰু যেতিয়া বতাহৰ সোঁত সলনি হয়, তেওঁলোকে ভাৰত মহাসাগৰলৈ মাছ ধৰিবলৈ গুচি আহে।

ভগ্ন ধনুঃ ধনুষকোড়িৰ বিস্মৃত লোকসকল শীৰ্ষক ষ্ট’ৰিটো কৰিবলৈ আহি কেইদিনমানতে মই বুজি উঠিছিলো যে অঞ্চলটোৱে পানীৰ গভীৰ সংকটত ভুগি আছে।

দুয়োফালে সাগৰে আৱৰা অঞ্চলটোত খোৱাপানী সংগ্ৰহ কৰাটো এক কঠিন কাম। প্ৰায়ে মাটি খান্দি মহিলাই হাতেৰে তেওঁলোকৰ লগত অনা পাত্ৰবোৰত পানী ভৰায়।

কিন্তু এই চক্ৰ নিৰন্তৰ চলে, কিয়নো পানী লুণীয়া হৈ পৰিবলৈ বেছি সময় নালাগে।

বিশাল মৰুভূমিসদৃশ উপকূলত মহিলাৰ দল এটাক কিমান ক্ষুদ্ৰ দেখা গৈছে, সেয়া এই ছবিখনৰ মাজেদি ফুটাই তোলাৰ চেষ্টা কৰা হৈছে। তাৰোপৰি খোৱাপানীৰ অভাৱৰ কথাও এই ছবিখনৰ যোগেদি দাঙি ধৰা হৈছে।

*****

ইন্দ্ৰজীত খাম্বে, সিন্ধুদুৰ্গ, মহাৰাষ্ট্ৰ

PHOTO • Indrajit Khambe

ওমপ্ৰকাশ চৱনে দশাৱতাৰ ভাওনাত যোৱা ৩৫ বছৰ ধৰি মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছে। ৮,০০০ৰো অধিক নাটক কৰা মানুহজনক সেই কলাবিধৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা বুলি জনা যায়। আপুনি মোৰ দশাৱতাৰৰ অভিনয়ত মোহাচ্ছন্ন দৰ্শক ষ্ট’ৰিটোত তেওঁ কেনেদৰে দশাৱতাৰ চৰিত্ৰটোৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখিছে, তাকেই দৰ্শোৱা হৈছে।

মই তেওঁ প্ৰায় এটা দশক ধৰি অনুসৰণ কৰি আহিছো, ফটো-ভিডিঅ’ কৰিছো। তেওঁৰ কাহিনীটোৰ বাবে এখন ভাল ফটো বিচাৰি আছিলো। সতাৰ্দাত তেওঁ প্ৰদৰ্শনৰ বাবে যাওতে মই এই সুযোগ লাভ কৰিলো। নাটক এখনৰ বাবে মহিলাৰ চৰিত্ৰৰ বাবে সাজু হৈ থকা সময়ত তেওঁৰ এইখন ফটো তোলা হৈছে।

এইখন ফটোত তেওঁক দুয়োটা ভাৱতে দেখা গৈছে - এটা বাস্তৱৰ, আনটো নাটকৰ। পুৰুষ হিচাপে মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰা তেওঁৰ অভিনয়ৰ পৰম্পৰাৰ বিষয়ে এইখন ফটোৱে সুন্দৰকৈ দৰ্শাইছে।

*****

জয়দীপ মিত্ৰ, ৰায়গঢ়, চত্তীশগঢ়

PHOTO • Joydip Mitra

মই ৰামদাস লেম্বৰ ‘ৰেপ্ট ইন দা নেম’ তেতিয়া পঢ়িছিলো যেতিয়া দক্ষিণপন্থী হিন্দুৱে বনোৱা ৰামৰ কাহিনীৰ এক ওলোটা ব্যাখ্যাই ভাৰতত জনপ্ৰিয়তা হাচিল কৰিছিল।

এই সংখ্যাগৰিষ্ঠৰ বিৱৰণৰ বিকল্প এক আখ্যানৰ সন্ধানত মই ৰামনামীসকলৰ কাষ চাপিছিলো। বহুবছৰ ধৰি মই তেওঁলোকৰ মাজৰ এজন হৈ সকলো নিৰীক্ষণ কৰাৰ চেষ্টা কৰিছিলো।

ৰামৰ নামত প্ৰতিবেদনৰ এই ছবিখনে সেই অধস্তন লোকক প্ৰতিনিধিত্ব কৰিছে যিসকলে ভাৰতক তাৰ বৰ্তমান স্থিতিৰ পৰা অৱনমিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন, যদিহে তেওঁলোকৰ সৱলীকৰণ কৰা গ’লহেঁতেন।

*****

মুজমিল ভট, শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ

PHOTO • Muzamil Bhat

জিগৰ দদৰ এইখন ছবি মোৰ ষ্ট’ৰি দা চৰ’জ অৱ জিগৰ দদৰ গুৰুত্বপূৰ্ণ ছবি। ছবিখনে তেওঁৰ জীৱনৰ বিষয়ে কৈছে।

জিগৰ দদৰ বিষয়ে মই স্থানীয় বাতৰি কাকত এখনৰ পৰা জানিবলৈ পাইছিলো, সময় আছিল ক’ভিডৰ। তেওঁক লগ পাই তেওঁৰ বিষয়ে জানিবলৈ মই আগ্ৰহী হৈ পৰিছিলো।

দাল লে’কৰ তেওঁৰ হাউছবোটখনলৈ যেতিয়া মই গৈছিলো, তেওঁ চুক এটাত গভীৰ চিন্তাত মগ্ন হৈ বহি আছিল। মই তাৰপিছত তেওঁক আগন্তুক ৮-১০ দিনৰ বাবে সাক্ষাৎ কৰিবলৈ ধৰিলো। যোৱা ৩০ টা বছৰ তেওঁ কেনেদৰে এক সংগ্ৰামৰ জীৱন যাপন কৰিছে, তেওঁ মোক সেইবিষয়ে কৈ গ’ল।

তেওঁৰ ডিমেনচিয়া থকা কাৰণে সাক্ষাৎকাৰৰ সময়ত মই বৰ অসুবিধাত পৰিছিলো। কথাবোৰ মনত ৰখা বাদেই, মোৰ মুখখনো মাজে মাজে তেওঁৰ মনত নপৰা হৈছিল।

তেওঁৰ মুখত পৰা বয়সৰ আঁচোৰবোৰৰ বাবে এই ফটোখন মোৰ প্ৰিয়। মোৰ মতে প্ৰতিটো আঁচোৰেই এটা এটা কাহিনী কয়।

*****

পালানি কুমাৰ, তিৰুবল্লুৰ, তামিলনাডু

PHOTO • M. Palani Kumar

গোবিন্দাম্মাক লৈ ৰিপ’ৰ্টিং কৰাটো এটা দীঘলীয়া প্ৰজেক্ট আছিল। মই তেওঁৰ সৈতে যোৱা ২-৩ বছৰ ধৰি কথা পাতি আহিছিলো, লকডাউনৰ আগৰে পৰা। মই তেওঁৰ পৰিয়ালৰ তিনিটা প্ৰজন্মৰ ফটো তুলিছিলো। গোবিন্দাম্মাৰ, তেওঁৰ মাকৰ আৰু তেওঁৰ পুত্ৰ আৰু নাতিহঁতৰ।

তেওঁৰ ওপৰত মোৰ ষ্ট’ৰি গোবিন্দম্মা: ‘গোটেই জীৱনটো পানীতে কটালো’ টো যেতিয়া কৰিছিলো, ষ্ট’ৰিটো চেন্নাইৰ পৰিৱেশ সংক্ৰান্ত হোৱাৰ বাবে মানুহে সেয়া শ্বেয়াৰ কৰিবলৈ ধৰিলে।

তিৰুবল্লুবৰৰ উপায়ুক্তই আমাক মাটিৰ পট্টা দিলে আৰু পেঞ্চন পাবলগীয়াসকলক পেঞ্চন দিলে। তাৰোপৰি নতুন ঘৰ সাজি দিয়া হ’ল। সেইটো কাৰণতে এইখন ফটো মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ইয়ে ফটোখনৰ উদ্দেশ্যক সফল কৰি তুলিছিল।

এইখন মোৰ জীৱন পৰিৱৰ্তন কৰি পেলোৱা ফটো বুলি আপুনি ক’ব পাৰে।

*****

পুৰুষোত্তম ঠাকুৰ , ৰায়গঢ়া, ওড়িশা

PHOTO • Purusottam Thakur

এইজনী সৰু ছোৱালীক মই লগ পাইছিলো নিয়ামগিৰিৰ এখন বিয়া শীৰ্ষক এটা ষ্ট’ৰি কৰোঁতে। তাই গাঁৱৰ বিয়া এখন খাবলৈ ওলাইছিল। ফটোখন তোলোতে তাই দেউতাকৰ সৈতে সিহঁতৰ কেঁচা ঘৰটোৰ বাৰান্দাত বহি আছিল।

গুড়াখু (চাধা আৰু গুড়েৰে বনোৱা পেষ্ট)ৰে তাই ব্ৰাছ কৰি আছিল। ফটো তোলাৰ সময়ত তাই অপ্ৰস্তুতবোধ নকৰাত মই ভাল পাইছিলো।

এই ফটোখনে মোক আদিবাসীসকলৰ দৰ্শনৰ কথা ভবায় তোলে। তেওঁলোকে কেনেদৰে নিজৰ মাটি আৰু নিয়ামগিৰি পাহাৰখন সংৰক্ষণ কৰি ৰখাৰ লগতে তেওঁলোকে গঢ়ি তোলা বৈচিত্ৰময় পৰিৱেশটো ধৰি ৰখাৰ চেষ্টাৰ কথা সোঁৱৰায়। যিটোৰ ভেঁটিত তেওঁলোকৰ সমাজ-সংস্কৃতি আৰু অৰ্থনৈতিক জীৱন নিৰ্ভৰ কৰে।

মানৱ সভ্যতাৰ কাৰণে এয়া কিমান তাৎপৰ্য্য়পূৰ্ণ, তাৰ ছবি এই ষ্ট’ৰিটোৱে ধৰি ৰাখিছে।

*****

ৰাহুল এম., ইষ্ট গোদাবৰী, অন্ধ্ৰপ্ৰদেশ

PHOTO • Rahul M.

এইখন ফটো মই তুলিছিলো 'অঁ, সেই ঘৰটো? সেইটো এতিয়া পানীৰ মাজত, সৌৱা!' শীৰ্ষক ষ্ট’ৰিটোৰ বাবে, উপ্পাড়াৰ মাছমৰীয়া চুবুৰীটো এসময়ত কেনেকুৱা আছিল, সেয়া ধৰি ৰখাৰ মই চেষ্টা কৰিছিলো।

জলবায়ু পৰিৱৰ্তনৰ ষ্ট’ৰি বিচাৰি ফুৰোতে মই দেখিছিলো যে সাগৰপৃষ্ঠৰ বৰ্দ্ধিত উচ্চতাই কেনেকৈ গাওঁবোৰৰ ক্ষতিসাধন কৰিছে। ফটোখনৰ বাওঁফালে ঘৰ এটা কেনেকৈ সাগৰৰ কবলত পৰিছে, সেইটোৱে মোৰ ষ্ট’ৰিটোৰ ঘাই কাহিনী হৈ পৰিল।

এসময়ত এই ঘৰটো ব্যস্ততাৰে পৰিপূৰ্ণ আছিল। ৫০ বছৰ আগতে এইটো ঘৰত যিটো পৰিয়াল আছিল, সেইটো এতিয়া ৰাস্তাৰ সিটো পাৰে সিঁচৰতি হৈ আছে। উপ্পাড়াত পুৰণি বুলিবলৈ একো নাই, সকলো সাগৰে গিলিছে।

সেই ঘৰটো পৰৱৰ্তী চিকাৰ হ’ব বুলি মই ভাবিছিলো। বহুতেই কৈছিল। সেয়ে বাৰে বাৰে মই সেই ঘৰটোলৈ আহিছিলো, ফটো লৈছিলো। স্থানীয় লোকৰ সৈতে ঘৰটোৰ বিষয়ে কথা পাতিছিলো। কিন্তু মই ভবাতকৈ আগেয়েই ঘৰটো সাগৰে গ্ৰাস কৰিলে, ২০২০ত।

*****

ঋতায়ন মুখাৰ্জী, দক্ষিণ ২৪ পাৰগনা, পশ্চিমবংগ

PHOTO • Ritayan Mukherjee

নিত্যনন্দ চৰকাৰৰ শিল্পই সকলোকে বিস্মিত কৰি আহিছে। বাঘৰ স্মৃতিৰে ভাৰাক্ৰান্ত এখন বিয়া শীৰ্ষক ষ্ট’ৰিটোত সেয়াই দৰ্শাবলৈ যত্ন কৰিছো।

ৰজত জুবিলি গাঁৱত ২০১৯ত বাঘৰ আক্ৰমণত মৃত্যু হোৱা অৰ্জুন মণ্ডলৰ পৰিয়ালে নানা দুখ-দুৰ্দশাৰ মাজেৰে পাৰ হৈছে, তাৰ মাজতেই তেওঁৰ জীয়ৰী প্ৰিয়ংকাৰ বিয়া হৈছে।

তেওঁ এগৰাকী কৃষক, লগতে ঝুমুৰ গীত, মা বনবিবিৰ নাট, পালা গান আদি পৰিৱেশন কৰে। ৫৩ বছৰ বয়সীয়া পালা গান শিল্পীগৰাকীয়ে যোৱা ২৫ বছৰ ধৰি লোকশিল্প পৰিৱেশন কৰি আহিছে। তেওঁ একাধিক গোটৰ সৈতে কাম কৰিছে।

*****

ৰিয়া বেহল, মুম্বাই, মহাৰাষ্ট্ৰ

PHOTO • Riya Behl

২০২১ৰ ২৪ জানুৱাৰীৰ দিনা মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শত-সহস্ৰ লোক চাউথ মুম্বাইৰ আজাদ মৈদানত সংযুক্ত শ্বেতকাৰি কামগাৰ মৰ্চাৰ আহ্বানত দুদিনীয়া প্ৰতিবাদী কাৰ্য্যসূচীৰ উদ্দেশ্যে একগোট হৈছিল। এইবিষয়ে মই মুম্বাইত কৃষকৰ ধৰ্ণা: ক’লা আইনবোৰ প্ৰত্যাহাৰ কৰক শীৰ্ষক ষ্ট’ৰিটোত লিখিছো।

মই আগবেলা প্ৰতিবাদস্থলী পাইছিলো আৰু তাত কৃষকৰ সোঁত বৈছিল। কৃষকৰ ডাঙৰ সমূহ এটা পিছবেলা আহি পাব বুলি আমি জানিবলৈ পাই তাত কেমেৰা সাজু কৰি ৰৈ আছিলো। ডিভাইডাৰত থিয় হৈ, গাড়ীৰ ওপৰত, যিমান পাৰি সিমান ভিন্ন স্থানৰ পৰা ফটো লোৱাৰ চেষ্টা কৰিছিলো - যাতে কৃষকৰ সাগৰসদৃশ সমাগম দেখুৱাব পাৰো।

প্ৰথমবাৰৰ বাবে পাৰিৰ পৰা এচাইমেণ্ট লৈ ফিল্ডত নামিছিলো। পাৰিত প্ৰকাশ হ’ব পৰাকৈ ফটো এখন পাবলৈ পাঁচ মিনিটৰো কম সময় পাম। সঠিক স্থান এটাত ৰৈ থকাটো জৰুৰী হৈ পৰিছিল। কিন্তু চহৰখনে সুবিধা কৰি দিলে। মোৰ ঠিক সন্মুখত আছিল চত্ৰপতি শিৱাজী টাৰ্মিনাছ, এক ঐতিহাসিক ৰেলৱে ষ্টেছন। নীলা, সেউজীয়া আৰু হালধীয়া ৰঙেৰে উজলি উঠা টাৰ্মিনাছটোৱে মোৰ বেকড্ৰপ হ’ব বুলি থিৰাং কৰিছিলো।

হঠাত ৰাস্তাটো কৃষকৰ খৰতকীয়া খোজেৰে গমগমাই উঠিল। বহুতৰে মূৰত এ.আই.কে.এছ.এছ.ৰ ৰঙা টুপি আছিল। এইখন ফটোত দুগৰাকী যুৱতীৰ মাজত সময়ৰ এক লহমা ৰৈ যোৱাৰ ছবি তুলি ধৰিব পাৰিছো। বোধকৰো তেওঁলোক এইখন চহৰত প্ৰথমবাৰৰ বাবে আহিছিল আৰু চহৰখন অকণ চাই লোৱাৰ হেপাহেৰে ৰৈছিল। গধুৰ বেগ আৰু খোৱা সামগ্ৰী কঢ়িয়াই তেওঁলোক হয়তো ভাগৰি পৰিছিল। তেওঁলোক ৰৈ যোৱাৰ বাবে কৃষকৰ সমূহটোৰ গতিও ধীৰ হৈ পৰিছিল। ভাগৰি পৰা যুৱতী দুগৰাকীয়ে হয়তো সোনকালে আজাদ মৈদানত ঠাই অকণমান লৈ জীৰাবলৈ মন কৰিছিল। তাৰ মাজতে তেওঁলোক দুজনে নিজৰ বাবে এটা মুহূৰ্ত উলিয়ালে আৰু তেনে এক সময়তে এইখন ফটোই সেই মুহূৰ্তটো ধৰি ৰাখিলে।

*****

পি. সাইনাথ, ৰায়গঢ়া, ওড়িশা

PHOTO • P. Sainath

দা ইণ্ডিয়া ফটো

মাটিৰ গৰাকীজনে ফটোখন তোলাই গৌৰৱবোধ কৰিছিল। তেওঁৰ কাষতে শাৰী পাতি নগৰাকী মহিলাই হাউলি পথাৰত কাম কৰিছে। এদিনত যিমান পাব লাগে, তাতোকৈ ৬০ শতাংশ কমত তেওঁলোকক মালিকে কামত লগাইছিল।

২০০১ৰ লোকপিয়ল ওলাইছিল মাত্ৰ, ভাৰতৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে নটা অংকৰ হৈছিল। এটা মুহূৰ্তত আমি ভাৰতৰ ভিন্ন বাস্তৱ দেখিছিলো।

মালিকজনে থিয় হৈ আছিল, গৌৰৱবোধত। মহিলাকেইগৰাকীয়ে কামত লাগি আছিল। দহ শতাংশই আত্মবিশ্বাসী ৰূপত থিয় দিছিল, নব্বৈ শতাংশই মাটিলৈ মুখ কৰি কাম কৰি আছিল।

লেন্সেৰে চালে এনেকুৱা অনুভৱ হয় যে ১ৰ পিছত ৯ টা শূন্য বহিছে, যিটো এশ কোটিৰ সমান, যিটো ভাৰত বুলিও ক’ব পাৰি।

*****

সংকেত জৈন, ক’লহাপুৰ, মহাৰাষ্ট্ৰ

PHOTO • Sanket Jain

এই ফটোখন বানপানী, ক’ভিড আৰু আৰ্থিক সংকটৰ কবলত কোলহাপুৰৰ পালোৱান শীৰ্ষক মোৰ ষ্ট’ৰিটোৰ বাবে তুলিছিলো।

প্ৰশিক্ষণ চলি থকা সময়ত মল্লযোদ্ধাসকলৰ মনযোগ তীক্ষ্ণ হৈ থাকে, তেওঁলোকে প্ৰতিপক্ষৰ চাল চাই কিদৰে তাক প্ৰতিহত কৰা যাব বা আক্ৰমণ কৰা যাব, সেয়া মুহূৰ্ততে থিৰাং কৰে।

কিন্তু এইখন ফটোত মল্লযোদ্ধা শচীন চালুংখেক ভাগৰুৱা যেন লাগিছে। বাৰম্বাৰ বানপানী আৰু ক’ভিডে গ্ৰামীণ মল্লযোদ্ধাসকলক দিনহাজিৰা কৰিবলৈ বাধ্য কৰাইছে। খেতিপথাৰত কাম কৰা, আন বিভিন্ন ঠাইত কাম কৰাৰ প্ৰভাৱ এনেকৈ পৰিছে যে শচীনে মল্লযুদ্ধৰ খেলপথাৰত নামিছে যদিও ফ’কাছ হেৰুৱাইছে।

মল্লযোদ্ধাসকলৰ দুশ্চিন্তাক প্ৰতিফলন ঘটাব পৰাকৈ এইখন ফটো তোলা হৈছিল। জলবায়ু পৰিৱৰ্তনৰ সৈতে আহি পৰা দুৰ্যোগকালে সকলোকে গ্ৰাস কৰা ইয়াত প্ৰতিলক্ষিত হৈছে।

*****

এছ. চেন্থালিৰ, হাভেৰি, কৰ্ণাটক

PHOTO • S. Senthalir

প্ৰথমবাৰ মই হাভেৰি জিলাৰ কোনাটালে গাঁৱৰ ৰত্নভাৰ ঘৰলৈ গৈছিলো, সেয়া আছিল শস্য  চপোৱাৰ সময়। ৰত্নভাই বিলাহী চপাই আছিল, বীজবোৰ আঁতৰাবলৈ সেইবোৰ ফেনেকি পেলোৱা হৈছিল। সেই বীজবোৰ শুকুৱাই জিলা সদৰৰ ডাঙৰ ডাঙৰ বীজ উৎপাদন কেন্দ্ৰলৈ পঠিওৱা হৈছিল।

হস্ত-পৰাগযোগৰ ঋতু আৰম্ভ হোৱালৈ মই আৰু তিনিমাহ সময় ৰ’বলগীয়া হ’ল। মহিলাসকলে ফুলবোৰৰ পৰাগযোগ ঘটোৱা কামটো কাহিলীপুৱাতে আৰম্ভ কৰে।

মই তেওঁৰ পিছে পিছে পথাৰলৈ গৈছিলো, ভালেকেইঘণ্টা তেওঁ শাৰী শাৰী শস্যৰ মাজত কাম কৰা চাইছিলো, ফটো তুলিছিলো। ষ্ট’ৰিটো আছিল: হাজাৰ বাধা নেওচি হাভেৰিত ৰত্নভাই আশাৰ বীজ সিঁচিছে

এই ষ্ট’ৰিটোৰ কাৰণে ৰত্নভাৰ বিশ্বাস জিনিবলৈ মই প্ৰায় প্ৰতিদিনে তেওঁৰ ঘৰলৈ প্ৰায় ছমাহ গৈছিলো।

এইখন মোৰ অতিকৈ প্ৰিয় ফটো, এইখনত তেওঁ কাম কৰাৰ ভংগী ধৰি ৰাখিব পাৰিছো। বৰ্ণসংকৰ বীজ সৃষ্টিৰ আঁৰত কিমান কষ্ট লুকাই থাকে, মহিলাই কেনেকৈ এই কঠোৰ শ্ৰমসাধ্য কাম কৰিব পাৰে, সেয়া এই আলোকচিত্ৰখনে তুলি ধৰিছে। তেওঁ তিনিঘণ্টাৰো অধিক সময় হাউলি ফুলবোৰৰ পৰাগযোগ ঘটায়, যিটো বীজ উৎপাদনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম।

*****

শ্ৰীৰংগ স্বৰ্গে, মুম্বাই, মহাৰাষ্ট্ৰ

PHOTO • Shrirang Swarge

এই ফটোখন লংমাৰ্চঃ ভৰিত জোলা ফুটিলেও প্ৰেৰণা অদম্য শীৰ্ষক ষ্ট’ৰিটোৰ পৰা লোৱা, লংমাৰ্চৰ যি শক্তি, তাক এই ফটোখনে সুন্দৰকৈ ধৰি ৰখাৰ বাবে ফটোখন মোৰ প্ৰিয়।

নেতাসকলে খেতিয়কসকলক উদ্দেশ্যী কিবা কৈ থকাৰ সময়ত এইজন কৃষকক ট্ৰাক এখনৰ ওপৰত বহি পতাকা উৰুৱাই থকা দেখিছিলো। মই ততালিকে ট্ৰাকখনৰ এটা মূৰে গৈ কৃষকৰ সমাগমৰ সৈতে ফটোখন তুলিবলৈ যত্ন কৰিলো। জানিছিলো যে এইটো ফ্ৰেম বেছি সময় নাথাকিব পাৰে।

এই ফটোখনে লংমাৰ্চৰ উদ্যমক প্ৰতিফলিত কৰিছে। ফটোখনে পাৰ্থৰ ষ্ট’ৰিটোক ভালকৈ প্ৰতিনিধিত্ব কৰিছে, লগতে প্ৰতিবাদী কৃষকৰ অদম্য উদ্যমৰো প্ৰতীক হৈ পৰিছে। প্ৰতিবাদী কৃষকক প্ৰতিনিধিত্ব কৰা এই ফটোখন খুব শ্বেয়াৰ হৈছিল।

*****

শুভ্ৰ দিক্ষীত, কাৰ্গিল জিলা, জম্মু আৰু কাশ্মীৰ

PHOTO • Shubhra Dixit

তাইচুৰুত কোৱা পুৰ্গি ভাষা এই অঞ্চলৰ স্কুলত শিক্ষাৰ মাধ্যম নহয়। স্কুলত পঢ়োৱা ভাষা হৈছে ইংৰাজী আৰু উৰ্দু। দুয়োটা ভাষাই বাহিৰা জগতৰ ভাষা আৰু ল’ৰা-ছোৱালীৰ বাবে বুজিবলৈ অসুবিধা। ইংৰাজী ভাষাৰ কিতাপবোৰ আৰু কঠিন। কেৱল ভাষাই নহয়, কাহিনীবোৰত তেওঁলোকৰ অঞ্চলৰ কোনো উপাদান নথকাই সেইবোৰ হৃদয়ংগম কৰাটোও তেওঁলোকৰ বাবে টান হৈ পৰে।

চুৰু উপত্যকাত মহৰম উদযাপন শীৰ্ষক মোৰ ষ্ট’ৰিটোত থকা হাজিৰা আৰু বাতুল সিহঁতৰ পাঠ্যক্ৰমত আগ্ৰহী নহয়। সিহঁত দুটাই কিতাপত সৌৰজগতৰ কথা পঢ়িছে - গ্ৰহবোৰৰ বিষয়ে, চন্দ্ৰ আৰু সুৰ্য্যৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছে।

এইখন ফটো মহৰমৰ সময়ত তোলা হৈছিল, সেয়ে সিহঁতে ক’লা কাপোৰ পিন্ধিছে। পঢ়া শেষ কৰি দুয়ো ইমামবাৰালৈ যাব।

*****

স্মিতা তুমুলুৰু, তিৰুবল্লুৰ, তামিলনাডু

PHOTO • Smitha Tumuluru

কৃষ্ণনে এটা ৰসাল ফল খাই দাঁত নিকটাই হাঁহি এটা মাৰিছে। তেওঁৰ মুখখন ৰঙা-গুলপীয়া হৈ পৰিছে। তেওঁক দেখি ল’ৰা-ছোৱালীবোৰ উৎসাহী হৈ পৰিছে আৰু ফলবিধ বিচাৰি ফুৰিছে। সিহঁতে নঢেলি পড়ম নামে ফলবিধ বিচাৰি আনিছে, বজাৰত এইবিধ ফল নেদেখিব। সিহঁতে ফলবিধক নাম দিছে লিপষ্টিক ফল - কাৰণো নথকা নহয়, দেখিছেই। আমি সকলোৱে ফলবিধ খালো আৰু আমাৰ গুলপীয়া ওঠৰ সৈতে চেলফি উঠিলো।

বাংগালামেডুৰ মাটিৰ তলৰ পৰা খান্দি উলিওৱা সম্পদ শীৰ্ষক মোৰ এই ষ্ট’ৰিটোৰ পৰা এইখন ফটো লোৱা হৈছে। ইৰুলা সম্প্ৰদায়ৰ কেইজনমান লোক আৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ চুবুৰীৰ কাষৰ হাবিখনত ফল বিচাৰি যোৱাৰ সময়ত হাঁহি-ধেমালীৰ মুহূৰ্তত এনে কেইখনমান ফটো তোলা হৈছে।

পিছফালে ফলবিধ বিচাৰি ফুৰা ছোৱালীজনী অবিহনে এই ফটোখন অসম্পূৰ্ণ বুলি মই ভাবো। ইৰুলাৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে চৌপাশৰ প্ৰকৃতিৰ সৈতে সৰুকালিৰ পৰাই এক আত্মিক সম্পৰ্ক গঢ়ি তোলে। সেইটোকে এই ষ্ট’ৰিটোৰ যোগেদি ক’বলৈ বিচাৰিছে।

লিপষ্টিক ফলৰ সেই মুহূৰ্তটো ইৰুলাৰসকলৰ সৈতে ফিল্ডত কটোৱা এক স্মৰণীয় মুহূৰ্ত।

*****

স্বেতা দাগা, উদয়পুৰ, ৰাজস্থান

PHOTO • Sweta Daga

ভাল ফটো এখন কেনেকৈ তুলিব লাগে, মই তেতিয়াও শিকি আছিলো। সেয়ে বীজ ৰক্ষক চমনীবাই ষ্ট’ৰিটোত মই ভালেকেইখন ফটো তুলিছিলো।

এতিয়া ঘূৰি চাই দেখো যে কিমান বেলেগ বেলেগ ধৰণে ফটোবোৰ তুলিব পাৰিলোহেঁতেন। কিন্তু সেয়াই যাত্ৰা - ভুল নোহোৱাকৈ কেনেকৈ আপুনি আগবাঢ়িব পাৰিব?

চমনী মীনাৰ আৰম্ভণিৰ এইখন ফটো চকুত লগা বিধৰ। হাঁহি এটাৰে এইখন ফটো তুলিবলৈ পাই মই অত্যন্ত সন্তুষ্ট !

*****

উমেশ সোলাংকি, দাহেজ, গুজৰাট

PHOTO • Umesh Solanki

সেয়া আছিল ২০২৩ৰ এপ্ৰিল মাহ। মই গুজৰাটৰ দাহোদ জিলাৰ খাৰছানা গাঁৱত আছিলো। এইখন জিলাত প্ৰায় এসপ্তাহ আগত এটা বিষাক্ত পয়োনলাৰ চেম্বাৰ চাফা কৰোঁতে পাঁচজন আদিবাসী ল’ৰাৰ ভিতৰত তিনিজনৰ মৃত্য়ু হৈছিল। বিষাক্ত গেছে গাপ মৰা নৰ্দমাত আদিবাসী শ্ৰমিকৰ মৃত্যু ষ্ট’ৰিটোৰ বাবে মৃতকৰ পৰিয়ালবৰ্গক লগ কৰিবলৈ মই গৈছিলো।

মই আছিলো ভৱেশৰ পৰিয়ালৰ সৈতে। ২০ বছৰীয়া ভৱেশ আছিল সেই পাঁচজনৰ মাজত ভাগ্যৱানজন। কিন্তু তেওঁ চকুৰ আগতে তিনিজন সমনীয়াৰ মৃত্যু দেখিছিল, তাতে তেওঁৰ ভাতৃ ২৪ বছৰীয়া পৰেশো আছিল। কিছুসময় পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ পিছত মই ঘৰটোৰ ফালে আগবাঢ়িলো। কেঁচা ঘৰটোৰ মজিয়াত শুই থকা পৰেশ কাটাৰাৰ মাতৃ স্বপ্না বেনক দেখিলো। মই যোৱা দেখি তেওঁ বেৰত আউজি বহিল। ফটো এখন তুলিব পাৰো নেকি বুলি মই সুধিলো, তেওঁ মুৰ দুপিয়াই সন্মতি দিলে।

তেওঁ পোনে পোনে কেমেৰালৈ চালে। তেওঁৰ চকু ক্ষোভ, হতাশা আৰু শোকত দগ্ধ। বেৰৰ হালধীয়া পৰা ৰঙে তেওঁৰ মনৰ ভংগুৰ অৱস্থাক উদঙাই দিছিল। এইখন আছিল মই তোলা ফটোবোৰৰ ভিতৰত ভাবোদ্বেলক ফটো। সেইখন ফটোৱেই সকলোখিনি কথা কৈ দিয়া বুলি মই সন্তুষ্ট হৈছিলো। চাৰিটা পৰিয়ালৰ গোটেই শোক আৰু ক্ষোভ যেন সেইখন ফটোৱে সামৰি লৈছিল।

*****

জিষাণ এ. লতিফ , নন্দুৰবাৰ, মহাৰাষ্ট্ৰ

PHOTO • Zishaan A Latif

পল্লবীয়ে (নাম সলনি কৰা হৈছে) বাহিৰলৈ ওলাই অহা গৰ্ভাশয়ৰ কাৰণে বহুত কষ্ট পাই আছিল। চিকিৎসাও লাভ কৰা নাছিল। সেই শাৰীৰিক পীড়া কিমান তীব্ৰ আছিল সেয়া কোনেও বুজি নাপাব। দুটা থিয় শিলৰ কাষত তেওঁৰ জুপুৰীটোৰ ভিতৰত যেতিয়া মই তেওঁৰ ফটো তুলিছিলো, তেতিয়া তেওঁৰ অপাৰ সহনশীলতাক অনুভৱ কৰিব পাৰিছিলো। সাধাৰণতে চৰকাৰী ক্লিনিক পাবলৈ ইয়াৰ পৰা দুঘণ্টা সময় লাগে। তাত তেওঁৰ সমস্যাৰ সমাধান হয়তো ওলাব পাৰে। কিন্তু সেয়া অস্থায়ী সমাধানহে, স্থায়ী নহয়। ‘মোৰ জৰায়ু ওলাই আহে’ শীৰ্ষক এই ষ্ট’ৰিটোৰ কাৰণে এইখন ফটো লোৱা হৈছিল।

দুৰ্বল কিন্তু থিয় হৈ থকা তেওঁৰ এইখন ফটো মই তুলিছিলো, ভিল আদিবাসী সম্প্ৰদায়ৰ এক প্ৰতীক হিচাপে - অসুস্থ যদিও পৰিয়াল আৰু সম্প্ৰদায়ৰ বাবে কেতিয়াও পিছ হোঁহকি নহা নাৰীৰ প্ৰতীক।

কাভাৰ ডিজাইন : সংবিতি আয়াৰ

অনুবাদ: পংকজ দাস

Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Editor : PARI Team
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das