গেজেপনি মৰা হাবি-বনৰ মাজেৰে বাট কাটি দুজন মানুহ আগবাঢ়িছে। লক্ষ্যস্থান মণিপুৰৰ কাংপোকপী জিলাৰ ঙাহমুন গুণফাইজাং নামে দুকুৰি কুকি-জ’ জনজাতীয় পৰিয়ালৰ গাওঁখনৰ খেতি পথাৰ। ২০২৩ৰ ছেপ্টেম্বৰ মাহ, আকাশখন ডাৱৰে ঢাকি ধৰিছে, তলৰ পাহাৰবোৰ যিফালে চায় সিফালে জোপোহানিৰে ভৰা।

কেইবছৰমান আগতে কিন্তু এই পাহাৰবোৰ উজ্জ্বল বগা, পাতল বেঙুনীয়া আৰু গুলপীয়া আফিঙৰ (Papaver somniferum) ফুলেৰে ভৰি আছিল।

“নব্বৈৰ দশকতে মই গাঞ্জা (Cannabis sativa) খেতি কৰিবলৈ লৈছিলো। কিন্তু তেতিয়া ইমান পইচা পোৱা নগৈছিল,” আফিঙৰ খেতিৰ এই যাত্ৰাৰ কথা কৈ যায় পাউলালে। “২০০০ চনত মানুহে এই পাহাৰবোৰত কানি (আফিং)ৰ খেতি কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ময়ো কানি খেতিত লাগিলো,” নিষিদ্ধ কৰাৰ কেইবছৰমান আগলৈকে এই খেতি কৰিছিলো,” তেওঁ কয়।

পাউলালে ২০২০ৰ শীতকালিৰ কথা কৈছে, যেতিয়া ঙাহমুন গুণফাইজাঙৰ গাওঁবুঢ়া এছ টি থাংবাই কিপগেনে গাঁৱৰ সকলোকে একেলগে কানিৰ খেতি বন্ধ কৰিবলৈ আহ্বান জনায়। এই সিদ্ধান্ত তেওঁৰ নিজা নাছিল। বিজেপি চৰকাৰে চলোৱা ড্ৰাগছ উৎখাটৰ আগ্ৰাসী অভিযানৰ পৰিপ্ৰেক্ষিতত তেওঁ এই সিদ্ধান্তলৈ আহিছিল।

উগ্ৰ আসক্তিযুক্ত নিচাজাতীয় দ্ৰব্য অ’পিয়াম প্ৰস্তুত কৰা আফিঙৰ খেতি মণিপুৰৰ কাংপোকপী জিলাকে ধৰি পাহাৰীয়া জিলা যেনে চুৰাচন্দপুৰ, উখৰুল, কামজং, সেনাপতি, তমেংলোং, চান্দেল, তেংনৌপল আদিত কৰা হয়। কাংপোকপীৰ বাসিন্দাসকলৰ প্ৰায়ভাগেই কুকি-জ’ জনগোষ্ঠীৰ।

পাঁচ বছৰ আগতে ২০১৮ত বিজেপিশাসিত ৰাজ্যখনত মুখ্যমন্ত্ৰী বীৰেণ সিঙে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। পাহাৰীয়া জিলাসমূহত আফিঙৰ খেতি বন্ধ কৰিবলৈ তেওঁ তাৰে গাঁৱৰ গাওঁবুঢ়া আৰু গীৰ্জাবোৰক আহ্বান জনায়।

Left: Poppy plantations in Ngahmun village in Manipur's Kangpokpi district .
PHOTO • Kaybie Chongloi
Right: Farmers like Paolal say that Manipur's war on drugs campaign to stop poppy cultivation has been unsuccessful in the absence of  consistent farming alternatives.
PHOTO • Makepeace Sitlhou

বাওঁফালে: মণিপুৰৰ কাংপোকপী জিলাৰ ঙাহমুন গাঁৱৰ আফিঙৰ খেতি। সোঁফালে: খেতিয়ক পাউলালহঁতে কয় যে আন নিয়মিত কৰিবপৰা খেতিৰ কোনো বিকল্প নথকা অৱস্থাত মণিপুৰ চৰকাৰৰ এনে ড্ৰাগছবিৰোধী অভিযান বিফল

কুকি-জ’ জনজাতিৰ স্থানীয় লোকে কয় যে ‘ড্ৰাগছৰ বিৰুদ্ধে অভিযান’ আচলতে তেওঁলোকৰ ওপৰত পোনপটীয়া আক্ৰমণ আৰু এনে পৰিস্থিতিয়ে ২০২৩ৰ মে’ মাহত সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘূ কুকি-জ’ সম্প্ৰদায়ৰ মাজত হোৱা ৰক্তাক্ত গোষ্ঠীগত সংঘৰ্ষত ইন্ধন যোগাইছিল। আফিঙৰ খেতি নাগা আৰু কুকি-জ’ অধ্যূষিত পাহাৰীয়া জিলাসমূহত কৰা হয় যদিও স্থানীয় লোকৰ অভিযোগ অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বীৰেণ সিং (বিজেপি)য়ে, কুকিসকলকেই মণিপুৰৰ ড্ৰাগছৰ ব্যৱসায়ৰ বাবে দায়ী বুলি দৰ্শাইছে।

ঙাহমুন গুণফাইজাঙৰ পাউলালৰ দৰে ৩০ গৰাকী খেতিয়কে আফিঙৰ খেতি এৰি ফল-মূল আৰু শাক-পাচলি যেনে মটৰমাহ, বন্ধাকবি, আলু আৰু কলৰ খেতি কৰে, কিন্তু আগৰ তুলনাত উপাৰ্জন তেনেই সামান্য। “আমাক যেন টেঁটু চেপিহে ধৰিছিল, এনে লাগিছিল,” গাঁৱৰ গাওঁবুঢ়া চামচন কিপগেনে কয়। গাঁৱৰ মাটিখিনি গাওঁবুঢ়াৰ তত্বাৱধানত থাকে আৰু গাওঁবুঢ়াৰ দায়িত্ব পৰম্পৰাগতভাৱে এটা পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম পালন কৰে। “কিন্তু তেওঁলোকে (যি খেতিয়কে এই খেতি এৰি আন খেতিত ধৰিলে) বুজিলে যে এয়া গাওঁখনৰ লগতে পৰিৱেশৰ বাবেও ভাল হ’ব,” তেওঁ কয়।

কিন্তু ৪৫ বৰ্ষীয় খেতিয়ক পাউলালে কয় যে চৰকাৰে গ্ৰেপ্তাৰ কৰি কাৰাবাস দিব বুলি ভাবুকি দিয়াৰ কাৰণেহে তেওঁ শেষত এই খেতি এৰিবলৈ বাধ্য হ’ল। অভিযানত এনেকৈ কোৱা হ’ল যে গাঁৱৰ মানুহে যদি সহযোগ নকৰে, তেন্তে স্থানীয় আৰক্ষীয়ে শস্য কাটি পেলাই জ্বলাই দিব। শেহতীয়াকৈ উপত্যকাটোৰ নাগৰিক সমাজ এখনে কয় যে কেন্দ্ৰই আফিঙৰ খেতিপথাৰত এয়াৰ ষ্ট্ৰাইকৰ বাবে অনুমোদন দিছে, কিন্তু এই তথ্যৰ চৰকাৰী বিবৃতি নাই।

২০১৮ চনৰ পৰা ৰাজ্য চৰকাৰে প্ৰায় ১৮ হাজাৰ হেক্টৰ আফিঙৰ খেতি নষ্ট কৰিছে আৰু ২,৫০০ খেতিয়কক আটক কৰিছে। আকৌ মণিপুৰ আৰক্ষীৰ অধীনত গঠিত নাৰকটিকচ্ এণ্ড এফেয়াৰ্ছ অৱ ব’ৰ্ডাৰ শীৰ্ষক বিশেষ ইউনিটৰ ডেটা অনুসৰি ২০১৮ৰ পৰা ২০২২লৈ প্ৰায় ১৩,৪০৭ হেক্টৰ আফিঙৰ খেতি নষ্ট কৰিছে।

মণিপুৰ ৰাজ্যখন ম্যানমাৰৰ গাতে লাগি আছে, যিখন দেশ বিশ্বৰ সৰ্বাধিক আফিং উৎপাদনকাৰী দেশ। অভিযোগ অনুসৰি তাত মৰফিন, কডেইন, হিৰ’ইন আৰু অক্সিকডন আদিৰ উৎপাদন আৰু বিক্ৰী হয়। এনে স্পৰ্শকাতৰ পৰিস্থিতিত ৰাজ্যখনলৈ ড্ৰাগছ আৰু আন অবৈধ সৰবৰাহৰ সম্ভাৱনা অধিক। মেগনিটিউড অৱ চাবষ্টেন্স এবিউজ ইন ইণ্ডিয়া শীৰ্ষক ২০১৯ৰ এক সমীক্ষা (সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়) অনুযায়ী উত্তৰ-পূৱ ভাৰতত বেজীযোগে লোৱা ড্ৰাগছৰ ক্ষেত্ৰত মণিপুৰ শীৰ্ষস্থানত আছে।

“যুৱচামক ৰক্ষা কৰিবলৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাটো কিবা ভুল হৈছে নেকি?” ২০২৩ৰ ডিচেম্বৰত ইম্ফলত বিজেপি কৰ্মীৰ বৈঠক এখনত মুখ্যমন্ত্ৰী সিঙে বিজেপি কৰ্মীসকলক উদ্দ্যেশী প্ৰশ্ন কৰিছিল। গোষ্ঠীগত সংঘৰ্ষৰ বাবে বিজেপিক দোষী বুলি উঠা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ সেই কথা কৈছিল।

Demza, a farmer who used to earn up to three lakh rupees annually growing poppy, stands next to his farm where he grows cabbage, bananas and potatoes that he says is not enough to support his family, particularly his children's education
PHOTO • Makepeace Sitlhou

আফিঙৰ খেতি কৰি আগতে তিনি লাখ পৰ্য্যন্ত উপাৰ্জন কৰা ডেমজা; নিজৰ কবি, কল আৰু আলুৰ খেতিড’ৰাত থিয় দিছে ডেমজাই, এতিয়া তেওঁ পৰিয়াল চলাব নোৱাৰা হৈছে, বিশেষকৈ তেওঁৰ সন্তানকেইটাৰ পঢ়া-শুনাৰ বাবে পইচা নোজোৰা হৈছে

ড্ৰাগছৰ ওপৰত চলোৱা অভিযানেই এনেদৰে ডেমজাৰ সন্তানৰ শিক্ষাৰ বাটত হেঙাৰ হৈ পৰিছে।

চাৰি বছৰ আগলৈকে ঙাহমুন গুণফাইজাং গাঁৱত আফিঙৰ খেতি কৰি ডেমজাৰ পৰিয়ালটো ভালদৰেই চলি আছিল। সেই খেতি নিষিদ্ধ কৰাৰ পিছত ডেমজাই শাক-পাচলিৰ খেতি কৰিবলৈ ল’লে আৰু তেওঁৰ উপাৰ্জন কমি আহিল। “বছৰত দুবাৰ যদি পাচলিৰ খেতি কৰিব পাৰো, আৰু খেতি যদি ভাল হয়, তেতিয়া আমি এক লাখ টকা বছৰত উপাৰ্জন কৰিব পাৰো,” পাৰিৰ সৈতে কথা পাতি তেওঁ কয়। “আফিঙৰ খেতি বছৰত এবাৰেই কৰি আমি অতিকমেও তিনি লাখ টকা উপাৰ্জন কৰিছিলো।”

এনেকৈ হঠাতে উপাৰ্জন ভালেখিনি কমি অহাত তেওঁ সন্তানকেইটাক ইম্ফলৰ স্কুলৰ পৰা উলিয়াই আনি কাংপোকপী জিলা সদৰৰ স্থানীয় স্কুল এখনত ভৰ্তি কৰাবলগীয়া হৈছিল।

দৰিদ্ৰতা, খাদ্যৰ সুৰক্ষাৰ অভাৱ আৰু বস্তুগত প্ৰয়োজনীয়তাখিনি পূৰণৰ বাবে মণিপুৰৰ জনজাতীয় কৃষকৰ মাজত আফিং খেতিৰ প্ৰচলন বুলি ২০১৯ চনত কাংপোকপী, চুৰাচন্দপুৰ আৰু টেগনৌপল পাহাৰীয়া জিলাৰ ওপৰত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি)ৰ সমাজবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ঙামজাহাও কিপগেন এই সমীক্ষাৰ নেতৃত্ব দিছিল। তেওঁ ৬০টা পৰিয়ালৰ জৰীপ কৰি দেখিলে যে এক হেক্টৰ মাটিত ৫-৭ কিলোগ্ৰাম আফিং উৎপাদন হয়, যিটো কিলোত ৭০,০০০-১৫০,০০০ টকা দৰত যিকোনো ঠাইত বিক্ৰী কৰিব পাৰি।

মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি আদিৰ সুবিধা নোপোৱা কৃষকৰ বাবে এই খেতিয়ে চলি থকাত সুবিধা কৰিছিল।

*****

নৱেম্বৰ মাহত সংখ্যালঘু কুকি-জ’ জনগোষ্ঠীৰ বাবে আনন্দৰ সময়। আফিং খেতি চপোৱাৰ বতৰৰ লগত সংগতি থকা বাৰ্ষিক কুট উৎসৱ তেওঁলোকে এইখিনি সময়ত পালন কৰে। উৎসৱৰ সময়ত সম্প্ৰদায়সমূহ একত্ৰিত হৈ ভোজভাত ৰান্ধে, নাচ-গান, হাঁহি-তামাচা কৰে, আনকি সৌন্দৰ্য্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। ২০২৩ চনৰ পৰিৱেশ অৱশ্যে ভিন্ন আছিল। মে’ মাহত মেইটেই সম্প্ৰদায় আৰু কুকি-জ’ৰ মাজত ৰক্তাক্ত নাগৰিক সংঘাতৰ সৃষ্টি হৈছিল, উল্লেখ্য যে মেইটেই সম্প্ৰদায়ৰ জনসংখ্যা ৰাজ্যখনত ৫৩ শতাংশ।

২০২৩ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া অনুৰোধ বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে - অনুসূচিত জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰাৰ অনুৰোধ, যিয়ে তেওঁলোকক অৰ্থনৈতিক সুবিধা আৰু চৰকাৰী চাকৰিৰ বাবে কোটা প্ৰদান কৰিব। ইয়াৰ উপৰিও মেইটেইসকলে কুকি জনগোষ্ঠীৰ অধ্যূষিত পাহাৰীয়া অঞ্চলতো মাটি ক্ৰয় কৰিব পাৰিব। আদালতৰ এই পৰামৰ্শৰ বিৰোধিতা কৰি মণিপুৰৰ সকলো জনজাতীয় সম্প্ৰদায়ে অনুভৱ কৰিছিল যে তেওঁলোকৰ মাটিৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰতি এনেকৈ ভাবুকিৰ সৃষ্টি হ’ব।

Farmers and residents of Ngahmun village slashing the poppy plantations after joining Chief Minister Biren Singh’s War on Drugs campaign in 2020
PHOTO • Kaybie Chongloi

মুখ্যমন্ত্ৰীয়ে ২০২০ত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ পৰিপ্ৰেক্ষিতত ঙাহমুন গাঁৱৰ খেতিয়ক আৰু বাসিন্দাসকলে আফিঙৰ শস্য কাটি পেলাইছে

ইয়াৰ ফলত ৰাজ্যজুৰি বৰ্বৰ হত্যা, শীৰচ্ছেদ কৰা, দলবদ্ধ ধৰ্ষণ, অগ্নিসংযোগ আদি ধাৰাবাহিক হিংসাত্মক আক্ৰমণৰ সূচনা হয়।

পাৰিয়ে গাঁওখন ভ্ৰমণ কৰাৰ দুমাহ আগতে এটা ভয়ংকৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছিল: কাংপোকপীৰ বি ফাইনম গাঁৱৰ দুগৰাকী মহিলাক মেইটেই পুৰুষৰ এটা দলে উলংগ কৰি পেৰেড কৰাইছিল। মে’ মাহৰ আৰম্ভণিতে বি ফাইনমত আক্ৰমণৰ সময়ত সংঘটিত হৈছিল এই জঘন্য কাণ্ড। ভিডিঅ’টো শ্বুট কৰাৰ পিছত তেওঁলোকৰ পুৰুষ আত্মীয়ক হত্যা কৰা হৈছিল আৰু মহিলাকেইগৰাকীক ধাননি পথাৰত ধৰ্ষণ কৰাৰ অভিযোগ।

এতিয়ালৈকে এই সংঘাতত আনুমানিক ২০০ (আৰু যোগ হৈ আছে) লোক নিহত হৈছে, আৰু ৭০,০০০ৰো অধিক লোক স্থানচ্যুত হৈছে, ইয়াৰে অধিকাংশই সংখ্যালঘু কুকি। এই গৃহযুদ্ধত ৰাজ্য আৰু আৰক্ষীয়ে মেইটেই উগ্ৰপন্থীক সহযোগ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ৰক্তাক্ত গৃহযুদ্ধৰ মূলতে আছে আফিং খেতি। আই.আই.টি.ৰ অধ্যাপক কিপগেনে কয়, “এই শৃংখলৰ শীৰ্ষত ৰাজনীতিবিদ আৰু আমোলাসকল আছে, তেওঁলোকে কৃষকৰ পৰা আফিং কিনি শকত পৰিমাণৰ ধন ঘটা মধ্যভোগী।” আফিং খেতি ধ্বংস আৰু বৃহৎ হাৰত উৎপাদিত আফিং জব্দ আৰু খেতিয়ক গ্ৰেপ্তাৰ কৰাৰ পিছতো এই ব্যৱস্থাটোৰ মূল নায়কসকল আইনৰ পৰা হাত সাৰি থাকিব পাৰিছে, এইবুলি অধ্যাপকগৰাকীয়ে কয়। কিপগেনে কয় যে বেছিভাগ কৃষকে আফিঙৰ ব্যৱসায়ত নূন্যতম মজুৰিখিনিহে পাইছিল।

ম্যানমাৰৰ সীমান্তৰ সিপাৰে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ত জড়িত কুকি নেচনেল ফ্ৰণ্টৰ দৰে কুকি-জ’ সশস্ত্ৰ সংগঠনৰ সমৰ্থিত কুকি-জ’ জনগোষ্ঠীৰ দৰিদ্ৰ আফিং খেতিয়কক এই সংঘাতৰ বাবে দোষাৰোপ কৰে মুখ্যমন্ত্ৰী বীৰেণ সিঙে। সংৰক্ষিত বনাঞ্চলসমূহৰ অবাধ ধ্বংস আৰু মেইটেই প্ৰধান উপত্যকাত ভয়াৱহ পৰিৱেশ সংকটৰ বাবে ৰাজ্য চৰকাৰে পাহাৰত আফিঙৰ খেতি দায়ী বুলিও চৰকাৰে কয়।

আফিঙৰ খেতিৰ বাবে গছ-বন কাটি বনাঞ্চল জ্বলাই বৃহৎ পৰিমাণৰ মাটি পৰিষ্কাৰ কৰা হয়। তাৰ পিছত কীটনাশক, ভিটামিন আৰু ইউৰিয়াৰ ব্যৱহাৰ কৰা হয়। ২০২১ চনত প্ৰকাশিত এই গৱেষণা পত্ৰখনত কোৱা হৈছে যে চুৰাচন্দপুৰ জিলাৰ নতুনকৈ মুকলি কৰা বাগিচাৰ কাষৰ গাঁওবোৰত নৈ শুকাই যোৱাৰ লগতে গাঁৱৰ শিশুসকলৰ মাজত পানীজনিত ৰোগৰ বাঢ়ি আহিছিল। কিন্তু অধ্যাপক কিপগেনে কয় যে মণিপুৰত আফিঙৰ খেতিৰ পৰিৱেশ ওপৰত প্ৰভাৱ সম্পৰ্কে পৰ্যাপ্ত বৈজ্ঞানিক গৱেষণাৰ অভাৱ।

Paolal harvesting peas in his field. The 30 farming households in Ngahmun Gunphaijang, like Paolal’s, were forced to give up poppy cultivation and grow vegetables and fruits like peas, cabbage, potatoes and bananas instead, getting a fraction of their earlier earnings
PHOTO • Makepeace Sitlhou

নিজৰ পথাৰৰ মটৰমাহ চপোৱাত ব্যস্ত পাউলাল। তেওঁৰ দৰে ঙাহমুন গুণফাইজাঙৰ ত্ৰিশ জন খেতিয়ক পৰিয়ালে আফিঙৰ খেতি এৰি তাৰ পৰিৱৰ্তে মটৰমাহ, কবি, আলু, কল আদি ফল-মূল আৰু শাক-পাচলি খেতি কৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত আগতকৈ উপাৰ্জন বহুগুণে কমি আহিছিল

ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ এণ্ড ক্ৰাইম (ইউ.এন.অ’.ডি.চি.)য়ে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত আফিং খেতিৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদনত দেখা গৈছে যে আফিং খেতি কৰা গাওঁবোৰৰ বনাঞ্চল, আফিং খেতি নকৰা বনাঞ্চলতকৈ অধিক দ্ৰুতগতিত অৱক্ষয় ঘটে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আফিং খেতি কৰা আৰু নকৰা দুয়োবিধ ভূমিত ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে দুয়োটাতে উৎপাদন হ্ৰাস পোৱাত দেখা গৈছিল। সঁচা কথাটো হৈছে আফিং খেতিৰ পৰা পৰিৱেশ ওপৰত পৰিবলগীয়া প্ৰভাৱৰ কোনো নিৰ্ণায়ক তথ্য নাই।

এই কথাৰ বিৰোধিতা কৰি খেতিয়ক পাউলালে কয়, “যদি আফিঙে মাটিত প্ৰভাৱ পেলায়, তেন্তে আমি ইয়াত এই শাক-পাচলিৰ খেতি কৰিব নোৱাৰিলোহেঁতেন।” আন আন ঙাহমুন কৃষকসকলে কয় যে তেওঁলোকে পূৰ্বে নিজৰ মাটিত আফিং খেতি কৰাৰ পিছতো ফল-মূল বা শাক-পাচলি খেতি কৰাত কোনো অসুবিধা পোৱা নাই।

*****

কৃষকসকলে কয় যে সমস্যাটো হৈছে ভাল আয় দিয়া আফিঙৰ খেতি নকৰি তেওঁলোকে কি খেতি কৰা উচিত, তেনে কোনো বিকল্প চৰকাৰে দিব নোৱাৰাটো। গাঁৱৰ সকলো মানুহক আলুৰ সঁচ বিতৰণ কৰা বুলি গাওঁবুঢ়াগৰাকীয়ে দাবী কৰে যদিও পাউলাৰৰ দৰে আগতে আফিং খেতি কৰা খেতিয়কে তেনে কোনো সঁচ লাভ কৰা নাই বুলি কয়। “বজাৰৰ পৰা ১০০ টকাৰ পেকেট এটা কোনোমতে যোগাৰ কৰিলোঁ। এইৰে অনকাম (শাক-পাচলি) খেতি কৰিলো,” তেওঁ এইদৰে পাৰিক কয়।

ঙাহমুনে গাওঁ এনেদৰে চৰকাৰী পদক্ষেপৰ আওঁতাত পৰাৰ পিছত টাংখুল নাগা অধ্যূষিত উখৰুল জিলাতো এনেদৰে আফিঙৰ খেতি নষ্ট কৰিছিল পেহ গাওঁ পৰিষদে। মুখ্যমন্ত্ৰীয়ে ২০২১ত ততালিকে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। মণিপুৰ অৰ্গেনিক মিছন এজেন্সীৰ সৈতে লগ লাগি উদ্যানশস্য আৰু ভূমি সংৰক্ষণ বিভাগে লগ লাগি হিতাধিকাৰী চিনাক্তকৰণ আৰু বিকল্প জীৱিকা যেনে কিৱি আৰু আপেল খেতিৰ ব্যৱস্থা কৰাৰ বাবে পৰিষদৰ সৈতে কাম কৰি আছে।

পুৰস্কাৰৰ লগতে গাওঁখনে খেতিৰ বাবে মেচিন-পাতি, ৮০ বেগ সাৰ, প্লাষ্টিক পেকেজিং আৰু আপেল, আদা আৰু কিনোৱাৰ পুলিৰ উপৰিও ২০.৩ লাখ টকাৰ নগদ অনুদান লাভ কৰিছে বুলি পেহৰ গাওঁ অধ্যক্ষ মুন চিমৰাহে পাৰিক কয়। “আচলতে গাঁৱত এঘৰ মানুহে আফিঙৰ খেতি কৰিবলৈ লৈছিল আৰু তাতেই গাওঁ পৰিষদে বাধা দিলে, সেইটো কাৰণতে চৰকাৰে আমাক পুৰস্কাৰ দিলে,” চিমৰাহে কয়। চৰকাৰৰ এই অনুদানে জিলা সদৰ উখৰুলৰ পৰা ৩৪ কিলোমিটাৰ দূৰৰ গাওঁখনৰ ৭০৩ ঘৰ মানুহক উপকৃত কৰিব। অঞ্চলটোত য়াম, নেমু, কমলা, ছয়াবিন, মিলেট, মাকৈ আৰু ধান আধি বিভিন্ন খেতি হয়।

“সি যি কি নহওঁক, আমি চৰকাৰক অনুৰোধ জনাইছো যে এই নতুন শস্যৰ খেতিৰ ক্ষেত্ৰত আমাক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰক আৰু প্ৰকল্পটো সফল হ’বলৈ চোৱাচিতা কৰক। বাগিচাখনত বেৰ দিবলৈ আমাক কাঁইটীয়া তাঁৰৰ প্ৰয়োজন। কাৰণ আমাৰ গৰু-ছাগলীবোৰ মুক্তভাৱে বিচৰণ কৰি ফুৰে আৰু শস্য খাই নষ্ট কৰি পেলাব পাৰে,” তেওঁ লগতে কয়।

ঙাহমুনৰ গাওঁবুঢ়া কিপগেনে পাৰিক জনায় যে যদিও তেওঁৰ গাঁওখনে গৱেষণাৰ উদ্দেশ্যে এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এজন বিধায়কৰ পৰা হাঁহ-কুকুৰা আৰু শাক-পাচলিৰ বীজৰ দৰে জীৱিকাৰ বিকল্পৰ বাবে এককালীন সাহায্য লাভ কৰিছিল, তথাপি চৰকাৰী সুবিধা নিয়মীয়া নহয়। “ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ’ত যোগদান কৰা পাহাৰৰ প্ৰথমখন জনজাতীয় গাঁও আমি আছিলোঁ। তথাপিও চৰকাৰে যেন কেৱল কিছুমান জনজাতীয় সম্প্ৰদায়ক পুৰস্কৃত কৰি আছে আৰু আন কিছুমানক আওকাণ কৰিছে,” কিপগেনে কয়।

Left: Samson Kipgen, the acting village chief,  says that switching from poppy cultivation has 'strangled' the farmers.
PHOTO • Makepeace Sitlhou
Right: Samson walks through a patch of the hill where vegetables like bananas, peas, potatoes and cabbages are grown
PHOTO • Makepeace Sitlhou

বাওঁফালে: গাওঁবুঢ়া চামচন কিপগেনে কয় যে আফিঙৰ খেতি এৰি নতুন খেতিত ধৰাটো খেতিয়কৰ বাবে ‘ডিঙি চেপি হত্যা’ কৰাৰ দৰেই হৈ পৰিছে। সোঁফালে: চামচনে পাহাৰীয়া খেতিমাটি এডৰাৰ কাষেৰে খোজ কাঢ়িছে য’ত কল, মটৰমাহ, আলু আৰু কবিৰ দৰে শাক-পাচলিৰ খেতি কৰা হয়

কিন্তু ৰাজ্য চৰকাৰৰ সূত্ৰই ইয়াৰ দোষ অপৰ্যাপ্ত জীৱিকাৰ বিকল্পৰ ওপৰত নহয়, আৰ্হিটোৰ ওপৰতহে জাপিছে। নগা আৰু কুকি-জ’ৰ আধিপত্য থকা পাহাৰীয়া জিলা দুয়োখনতে আফিং খেতিয়কসকলৰ জীৱিকাৰ বিষয়টো চোৱাচিতা কৰা মণিপুৰ চৰকাৰৰ এক সূত্ৰই কয় যে, “পাহাৰীয়া জনজাতীয় কৃষকসকলে বীজ আৰু হাঁহ-কুকুৰা সংগ্ৰহ কৰিছে যদিও এয়া কোনোমতে জীৱিকা নিৰ্বাহৰ বাবেহে কৰিছে।”

আগতে আফিঙৰ খেতি কৰা খেতিয়কে হাঁহ-কুকুৰা পালন কৰি কেতিয়াও ভালদৰে চলিব নোৱাৰে। আফিঙৰ খেতিত তেওঁলোকে ১৫ লাখ পৰ্য্যন্ত বাৰ্ষিক উপাৰ্জন লাভ কৰিছিল, কিন্তু শাক-পাচলি আদিৰ খেতিত তেওঁলোকে কোনোমতে এক লাখ টকাহে পায়। কম উপাৰ্জনৰ জীৱিকাৰ ব্যৱস্থা কৰি দিলে আফিঙৰ খেতি বন্ধ হৈ নাযায়। “চৰকাৰৰ ড্ৰাগছৰ বিৰুদ্ধে চলা যুঁজখনে পাহাৰত সফলতা লাভ নকৰিলে,” নাম গোপনে ৰাখিব বিচৰা চৰকাৰী কৰ্মচাৰীজনে কয়। “এয়া কেৱল নাটকহে।”

এমজিএনৰেগাৰ দৰে বহল উন্নয়নমূলক ব্যৱস্থা আৰু বহনক্ষম বিকল্প জীৱিকা অবিহনে চৰকাৰে বলপূৰ্বকভাৱে আফিং খেতি বন্ধ কৰিব বিচৰাটো অমূলক কাম। ব্যৱস্থা গ্ৰহণ নকৰিলে “সামাজিক চাপ বাঢ়িব আৰু স্থানীয় চৰকাৰৰ প্ৰতি কৃষি সম্প্ৰদায়টোৰ শত্ৰুতাৰ এক পৰিৱেশৰ সৃষ্টি হ’ব” বুলি অধ্যাপক কিপগেনে কয়।

আনকি ইউ.এন.অ’.ডি.চি.ৰ প্ৰতিবেদনতো এই কথা কোৱা হৈছে যে “আফিং খেতি নিৰ্মূল কৰিবলৈ হ’লে খেতিয়কৰ আগৰ আয়ৰ সৈতে মিল থকাকৈ উপাৰ্জনৰ সুবিধা কৰাটো প্ৰয়োজন।”

গোষ্ঠীগত সংঘৰ্ষই পাহাৰীয়া খেতিয়কৰ সমস্যাসমূহ অধিক জটিল কৰি তুলিছে, এতিয়া তেওঁলোকে বেপাৰৰ বাবে উপত্যকালৈ যাব নোৱাৰা হৈ থাকিল।

“আফিঙৰ খেতি বন্ধ হৈ যোৱাৰ পিছত আমি অতিৰিক্ত দুপইচা উপাৰ্জনৰ বাবে মেইটেইসকলক কুৱেৰিৰ পৰা বালি নি বিক্ৰী কৰিছিলো, এতিয়া সেয়াও বন্ধ হৈ থাকিল,” ডেমজাই কয়। “সংঘৰ্ষ এনেকৈ চলি থাকিলে আমি আমাৰ ল’ৰা-ছোৱালীক স্কুলৰ পৰা নাম কটাই আনিব লাগিব আৰু জীৱিকাৰো মুধা মৰিব।”

অনুবাদ: পংকজ দাস

Makepeace Sitlhou

Makepeace Sitlhou is an independent journalist reporting on human rights, social issues, governance and politics.

Other stories by Makepeace Sitlhou
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das