দেওবাৰৰ পুৱাটোতো ব্যস্ততাৰ অন্ত নাই জ্যোতিৰিন্দ্ৰ নাৰায়ণ লাহিড়ীৰ। হুগলী জিলাৰ নিজৰ এপাৰ্টমেণ্টৰ এটা কোঠাৰ চুকত ১৯৭৮ চনতে মেজৰ জেমছ ৰেনেলে অংকন কৰা সুন্দৰবনৰ প্ৰথমখন মানচিত্ৰ সন্মুখত মেলি লৈ নিজৰ ভাবত বিভোৰ হৈ আছে ৫০ বৰ্ষীয় লাহিড়ী।

পুৰণি মানচিত্ৰখনলৈ একান্তমনে কিছুসময় চাই থকাৰ পিছত মানচিত্ৰখনৰ ওপৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত হাতৰ তৰ্জনী আঙুলিটো থৈ লাহিড়ীয়ে কৈ উঠে, ‘‘ব্ৰিটিছৰ সমীক্ষাৰ ভিত্তিত সুন্দৰবনৰ এইখন প্ৰথম প্ৰামাণিক মানচিত্ৰ। এই মানচিত্ৰত কলকাতালৈকে বিস্তৃত মেংগ্ৰোভ দেখুওৱা হৈছে। তেতিয়াৰ পৰা এতিয়ালৈকে বহুত সলনি হৈছে।’’ ভাৰত আৰু বাংলাদেশ দুয়োখন দেশকে সামৰি লৈ বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভৰ স্থল এই সুন্দৰবন। অপৰিসীম জৈৱ বৈচিত্ৰ্য আৰু ৰয়েল বেংগল টাইগাৰৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধ সুন্দৰবন।

লাহিড়ীৰ কোঠাৰ বেৰৰ সৈতে সংলগ্ন বুক ছেল্ফবোৰ ভৰি আছে সুন্দৰবনৰ বিষয়ে কল্পনা কৰিব পৰা প্ৰতিটো বিষয়ৰ শ শ শিৰোনামেৰে। উদ্ভিদ, প্ৰাণী, দৈনন্দিন জীৱন, মানচিত্ৰ, এটলাছ আৰু ইংৰাজী আৰু বাংলা ভাষাৰ শিশুৰ অসংখ্য কিতাপে এটা সৰু পুথিভঁৰাললৈ সলনি কৰিছে লাহিড়ীৰ এই কোঠাটো। ইয়াতেই তেওঁ ২০০৯ চনত আইলাই ঘূৰ্ণীবতাহে অঞ্চলটোত চলোৱা ধ্বংসলীলাৰ পিছত তেওঁ আৰম্ভ কৰা সুন্দৰবন বিষয়ক ত্ৰিমাসিক প্ৰকাশন ‘শুধু সুন্দৰবন চৰ্চা’ৰ বাবে বিষয়সমূহৰ ওপৰত গৱেষণা আৰু পৰিকল্পনা কৰে।

"পৰিস্থিতিৰ বুজ ল’বলৈ মই বাৰে বাৰে সেই অঞ্চললৈ যাত্ৰা কৰিছিলো। সেয়া অতি ভয়ংকৰ আছিল।"- ঘূৰ্ণিবতাহৰ পিছৰ পৰিস্থিতিৰ কথা সুঁৱৰি তেওঁ কয়। '‘শিশুবোৰ বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হৈছিল, অংসখ্য লোকে ঘৰ হেৰুৱাইছিল, পুৰুষসকলে কামৰ সন্ধানত সেই ঠাইৰ পৰা অন্য ঠাইলৈ গুছি যাবলগীয়া হৈছিল আৰু পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল মহিলাসকলে। তেওঁলোকৰ ভাগ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছিল নদীৰ মথাউৰিবোৰ ঠাইতে থাকিব নে ভাঙিব তাৰ ওপৰত।”

লাহিড়ীৰ মতে এই দুৰ্যোগক সংবাদ মাধ্যমে একপ্ৰকাৰ আওকাণ কৰিছিল আৰু প্ৰচাৰ কৰিছিল যদিও সেয়া কেৱল ওপৰে ওপৰে। তেওঁ কয়, "সংবাদ মাধ্যমে সুন্দৰবনৰ বিষয়ে ভুল বাৰ্তা প্ৰচাৰ কৰিছিল। সাধাৰণতে বাঘৰ আক্ৰমণ বা বৰষুণৰ বিৱৰণ আপুনি বাতৰিত পাব। কিন্তু যেতিয়া বৰষুণ বা বানপানী নহয়, তেতিয়া সুন্দৰবনক লৈ খুব কমেইহে বাতৰি প্ৰচাৰ হয়। দুৰ্যোগ, বন্যপ্ৰাণী আৰু পৰ্যটন– সেইটোৱেই হৈছে সংবাদ মাধ্যমৰ আগ্ৰহ।”

Lahiri holds the first map of the Sundarbans (left) prepared by Major James Rennel in 1778. In his collection (right) are many books on the region
PHOTO • Urvashi Sarkar
Lahiri holds the first map of the Sundarbans (left) prepared by Major James Rennel in 1778. In his collection (right) are many books on the region
PHOTO • Urvashi Sarkar

বাওঁফালে: লাহিড়ীৰ হাতত ব্ৰিটিছে কৰা এক জৰীপৰ ভিত্তিত প্ৰস্তুত কৰা ১৭৭৮ চনৰ পৰা সুন্দৰবনৰ প্ৰথমখন মানচিত্ৰ। সোঁফালে: লাহিড়ীৰ কিতাপৰ সংগ্ৰহত সুন্দৰবন বিষয়ক শ শ কিতাপ আছে

Lahiri has been collecting news (left) about the Sundarbans for many years. 'When it isn’t raining or flooded, the Sundarbans is rarely in the news,' he says. He holds up issues of Sudhu Sundarban Charcha (right), a magazine he founded in 2010 to counter this and provide local Indian and Bangladeshi perspectives on the region
PHOTO • Urvashi Sarkar
Lahiri has been collecting news (left) about the Sundarbans for many years. 'When it isn’t raining or flooded, the Sundarbans is rarely in the news,' he says. He holds up issues of Sudhu Sundarban Charcha (right), a magazine he founded in 2010 to counter this and provide local Indian and Bangladeshi perspectives on the region
PHOTO • Urvashi Sarkar

লাহিড়ীয়ে বহু বছৰ ধৰি সুন্দৰবনৰ বিষয়ে বাতৰি সংগ্ৰহ কৰি আহিছে। যেতিয়া বৰষুণ বা বানপানী নহয়, তেতিয়া সুন্দৰবনক লৈ বাতৰি কমেই হয়,' তেওঁ কয়। ভাৰতীয় আৰু বাংলাদেশী দৃষ্টিভংগীৰে সুন্দৰবনৰ বিষয়ে বিশ্বক জনাবলৈ ২০১০ চনৰে পৰা প্ৰকাশ কৰি অহা শুধু সুন্দৰবন চৰ্চা শীৰ্ষক আলোচনীখন হাতত লৈ থকা অৱস্থাত (সোঁফালে) লাহিড়ী

ভাৰতীয় আৰু বাংলাদেশী উভয় দৃষ্টিকোণৰ পৰা অঞ্চলটোক ব্যাপকভাৱে সামৰি ল’বলৈ লাহিড়ীয়ে আৰম্ভ কৰিছিল 'শুধু সুন্দৰবন চৰ্চা’ৰ (অসমীয়াত অনুবাদ কৰিলে ‘কেৱল সুন্দৰবনৰ আলোচনা’ হ’ব) প্ৰকাশ। ২০১০ চনৰ পৰা তেওঁ আলোচনীখনৰ ৪৯টা সংখ্যা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ৫০ম সংখ্যা ২০২৩ৰ নৱেম্বৰত প্ৰকাশৰ প্ৰস্তুতি চলি আছে। তেওঁ কয়, “ত্ৰিমাসিক আলোচনীখনৰ বিগত সংখ্যাবোৰত পান খেতি কেনেকৈ কৰিব লাগে তাৰ পৰা আৰম্ভ কৰি সুন্দৰবনৰ মানচিত্ৰ, কন্যা শিশুৰ জীৱন, এখন এখন গাঁৱৰ বিৱৰণ, পাইৰেচি আৰু বৰষুণলৈকে সকলোতে গুৰুত্ব আৰোপ কৰা হৈছে।” আনকি এটা সংখ্যাত পশ্চিম বংগ আৰু বাংলাদেশৰ সাংবাদিকসকলৰ দৃষ্টিভংগীক লৈ সংবাদ মাধ্যমে সুন্দৰবনক কেনেদৰে বাতৰি পৰিৱেশন কৰে সেই বিষয়েও আলোচনা কৰা হৈছিল।

২০২৩ৰ এপ্ৰিলত প্ৰকাশিত আলোচনীখনৰ শেহতীয়া অৰ্থাৎ ৪৯ সংখ্যক সংখ্যাটো মেংগ্ৰোভ আৰু বাঘৰ বাবে উৎসৰ্গিত কৰা হৈছে। “সুন্দৰবন সম্ভৱতঃ পৃথিৱীৰ একমাত্ৰ মেংগ্ৰোভ য’ত বাঘ বাস কৰে। সেয়েহে আমি ইয়াক কেন্দ্ৰ কৰি এটা ইছ্যুৰ পৰিকল্পনা কৰিছিলো।” তেওঁ কয়। লাহিড়ীয়ে কয় যে আলোচনীখনৰ ৫০নং সংখ্যাটোৰ ওপৰতো পৰিকল্পনা আৰম্ভ হৈছে, য’ত জলবায়ু পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা সাগৰৰ জলপৃষ্ঠই সুন্দৰবনত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বিস্তৃতভাৱে গৱেষণা কৰা এজন অৱসৰপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

লাহিড়ীয়ে কয়, “আমাৰ পাঠকসকল সাধাৰণতে নিৰ্দিষ্ট ডেটা বা তথ্য বিচৰা ছাত্ৰ আৰু বিশ্ববিদ্যালয়ৰ গৱেষক, আৰু অঞ্চলটোৰ প্ৰতি প্ৰকৃততে আগ্ৰহী ব্যক্তি। আনকি আমাৰ ৮০ বছৰীয়া পৃষ্ঠপোষকো আছে যিয়ে আমাৰ সংখ্যাবোৰ খুব মনযোগেৰে পঢ়ে।’’

জ্যোতিৰিন্দ্ৰ নাৰায়ণ লাহিড়ীয়ে জনোৱা মতে, প্ৰতি চাৰিমাহৰ মুৰে মুৰে আলোচনীখনৰ প্ৰায় ১,০০০ কপি প্ৰতাশিত হয়। ''আমাৰ ৫২০-৫৩০ জন নিয়মীয়া গ্ৰাহক আছে, তেওঁলোকৰ বেছিভাগেই পশ্চিম বংগৰ। আলোচনীখন তেওঁলোকলৈ কুৰিয়াৰ কৰি পঠিওৱা হয়। প্ৰায় ৫০ কপি বাংলাদেশলৈ যায়। অৱশ্যে আমি এই কপিবোৰ পোনপটীয়াকৈ কুৰিয়াৰ নকৰো, কাৰণ সেয়া অতি ব্যয়বহুল হৈ পৰে,” লাহিড়ীয়ে কয়। লাহিড়ীয়ে কয় যে বাংলাদেশী কিতাপ বিক্ৰেতাসকলে কলেজ ষ্ট্ৰীটৰ কলকাতাৰ জনপ্ৰিয় কিতাপৰ বজাৰৰ পৰা আলোচনীখনৰ কপি ক্ৰয় কৰি নিজৰ দেশলৈ লৈ যায়। তেওঁ কয়, ''আমি বাংলাদেশী লেখকৰ লেখা আৰু ফটোগ্ৰাফাৰৰ ফটোবোৰো প্ৰকাশ কৰো।’'

Left: An issue of Sudhu Sundarban Charcha that focuses on women in the Sundarbans
PHOTO • Urvashi Sarkar
Right: Forty nine issues have been published so far
PHOTO • Urvashi Sarkar

বাওঁফালে: সুন্দৰবনৰ মহিলাসকলৰ বিষয়ে প্ৰকাশ কৰা শুধু সুন্দৰবন চৰ্চাৰ এটা বিশেষ সংখ্যা। সোঁফালে: এতিয়ালৈকে আলোচনীখনৰ ৪৯ টা সংখ্যা প্ৰকাশ পাইছে

Jyotirindra Narayan Lahiri with his wife Srijani Sadhukhan. She along with their two children, Ritaja and Archisman help in running the magazine
PHOTO • Urvashi Sarkar

পত্নী সৃজনী সাধুখাঁৰ সৈতে জ্যোতিৰিন্দ্ৰ নাৰায়ণ লাহিড়ী। পত্নীৰ লগতে তেওঁলোকৰ দুই সন্তান ৰীতাজা আৰু অর্চিস্মানেও আলোচনীখন প্ৰকাশত সহায় কৰি আহিছে

লাহিড়ীয়ে কয় যে গ্লছি পেপাৰত আলোচনী এখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰি থকাটো যথেষ্ট ব্যয়বহুল। ইয়াৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয়, ''প্ৰতিটো সংস্কৰণ কাগজত ক’লা-বগা ৰঙেৰে ছপা কৰাৰ পূৰ্বে টাইপছেট কৰা হয়। তাৰ পিছত আহে চিয়াঁহী, কাগজ, আৰু পৰিবহণৰ খৰচ। অৱশ্যে আমাৰ সম্পাদনাৰ খৰচ বেছি নহয়, কাৰণ আমি সকলো কাম নিজেই কৰো।’’ আলোচনীখনৰ প্ৰকাশৰ কামত তেওঁৰ পত্নী সৃজনী সাধুখাঁ (৪৮), কন্যা ৰীতাজা (২২) আৰু পুত্ৰ অৰ্চিস্মান (১৫)এ সহায় কৰে বুলি জানিবলৈ দিয়ে লাহিড়ীয়ে। ইয়াৰোপৰি সম্পাদনা মেজত প্ৰায় ১৫-১৬ জন সদস্য আছে যিসকলে এটকাও নোলোৱাকৈ নিজৰ সময় আৰু শ্ৰম এই আলোচনীখনৰ বাবে প্ৰদান কৰে। ''আমাৰ হাতত মানুহক নিয়োজিত কৰাৰ সামৰ্থ্য নাই। যিসকলে আমি আলোচনীখনত উত্থাপন কৰা বিষয়বোৰৰ প্ৰতি সজাগ, তেওঁলোকে স্বইচ্ছাই আমাৰ বাবে নিজৰ সময় আৰু শ্ৰম অৱদান আগবঢ়ায়,’’ তেওঁ কয়।

'শুধু সুন্দৰবন চৰ্চা’ আলোচনীখনৰ প্ৰতিটো কপিৰ মূল্য হৈছে ১৫০ টকা। প্ৰকাশনৰ খৰছ আৰু লাভৰ বিষয়ে লাহিড়ীয়ে কয়, “যদি আমাৰ নিজৰ খৰচ ৮০ টকা হয়, তেন্তে আমি প্ৰতিটো কপি ১৫০ টকাত বিক্ৰী কৰিব লাগিব। কাৰণ আমি ষ্টেণ্ডৰ মালিকসকলক পোনপটীয়াকৈ ৩৫ শতাংশ কমিচন দিব লাগে।”

প্ৰায় প্ৰতিদিনেই লাহিড়ী আৰু তেওঁৰ পৰিয়ালে ছয়খন বাংলা আৰু তিনিখন ইংৰাজী বাতৰি কাকত পঢ়ি অঞ্চলটোৰ বা-বাতৰিৰ ওপৰত নিৰীক্ষণ ৰাখে। যিহেতু তেওঁ নিজেই সেই অঞ্চলৰ পৰিচিত কণ্ঠ, সেয়ে বাঘৰ আক্ৰমণৰ দৰে খবৰসমূহ পোনপটীয়াকৈয়ে তেওঁ লাভ কৰে। লাহিড়ীয়ে বাতৰি কাকতৰ সম্পাদকলৈ পাঠকে লিখা চিঠিও সংগ্ৰহ কৰে। তেওঁ কয়, “পাঠকসকল হয়তো ধনী বা প্ৰভাৱশালী নহ’বও পাৰে, কিন্তু তেওঁলোকে নিজৰ বিষয় সম্পৰ্কে জানে আৰু প্ৰাসংগিক প্ৰশ্ন কৰে।”

কিন্তু লাহিড়ীৰ বাবে আলোচনীখনেই তেওঁৰ একমাত্ৰ দায়িত্ব নহয়। প্ৰতিদিনে ১৮০ কিলোমিটাৰ যাত্ৰা কৰি কাষৰীয়া পূৰবা বৰ্ধমান জিলালৈ গৈ চৰকাৰী বিদ্যালয় এখনত পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ভূগোলৰ পাঠদান কৰে লাহিড়ীয়ে। তেওঁ কয়, “মই ঘৰৰ পৰা পুৱা ৭ বজাত ওলাই যাওঁ আৰু নিশা ৮ বজাতহে উভতি আহোঁ। ছপাশালটো বৰ্ধমান চহৰত আছে, গতিকে তাত কাম থাকিলে মই প্ৰেছৰ পৰা সন্ধিয়া পলমকৈ আহি ঘৰ পাও।’’ যোৱা ২৬ বছৰ ধৰি শিক্ষকতা কৰি অহা লাহিড়ীয়ে লগতে কয়, “আলোচনীখন যিদৰে মোৰ আৱেগ, সেইদৰেই এই শিক্ষকতাৰ বৃত্তিটোও মোৰ হৃদয়ৰ সৈতে জড়িত।’’

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari