সন্ধ্যা নমাৰ লগে লগে শাৰী শাৰী লাইটেৰে সজোৱা ওম শক্তিৰ কাট-আউটটো পোহৰৰে উজলি উঠিছে। বাংগালামেডুৰ জনজাতীয় ইৰুলা সম্প্ৰদায়ৰ লোকসকলে ওম শক্তি দেৱীৰ বাবে বাৰ্ষিক তিৰুবিলা পৰ্ব (তপত অঙঠাত খোজ কঢ়া) এনেকৈয়ে উদযাপন কৰিবলৈ ওলাইছে।

গোটেই দুপৰীয়াটো জ্বলি ঠকা কাঠৰ টুকুৰাবোৰ অঙঠালৈ পৰিণত হৈছিল আৰু স্বেচ্ছাসেৱকসকলে সেইবোৰ জুইকুৰাৰ ওপৰেৰে বিছনাত ফুল সজাই থোৱাৰ দৰেকৈ বিয়পাই দিছিল। এই কাৰণেই টিমিটিক ইৰুলাৰসকলে ‘পু-মিতি’ বুলি কয়, যাৰ অৰ্থ হৈছে ‘ফুলৰ ওপৰত খোজ কঢ়া’।

সমগ্ৰ আকাশ-বতাহ তিৰুবিলা পৰ্বক লৈ মুখৰিত হৈ পৰিছে। আজি শ শ মানুহ ওলাই আহিছে ইয়াৰ সাক্ষী হ’বলৈ। এইগৰাকী দেৱী প্ৰথমে ইৰুলাবাসীৰ দেৱতা নাছিল যদিও শক্তি আৰু শক্তিৰ অধিকাৰী হিচাপে সমগ্ৰ তামিলনাডুতে তেওঁৰ অগণন ভক্ত আছে।

ইৰুলাৰসকলক (‘ইৰুলা’ বুলিও জনা যায়) অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হৈছে। কাননিয়াম্মাক পৰম্পৰাগতভাৱে ইৰুলাসকলে পূজা কৰে, যি নেকি তেওঁলোকৰ মতে সাতজন কুমাৰী ঠাকুৰানিৰ ভিতৰত অন্যতম। প্ৰতিটো ইৰুলাৰ পৰিয়ালৰ ঘৰতেই কাননিয়াম্মাৰ প্ৰতীক হিচাপে নিম পাতৰ ডাল এটাত এটা কলাসম (মাটিৰ কলহ) থোৱা দেখা যায়।

A kalasam (left) placed on neem leaves to symbolise Kanniamma in a temple (right) dedicated to her in Bangalamedu
PHOTO • Smitha Tumuluru
A kalasam (left) placed on neem leaves to symbolise Kanniamma in a temple (right) dedicated to her in Bangalamedu
PHOTO • Smitha Tumuluru

বাংগালামেডুত এটা মন্দিৰত (সোঁফালে) কানিয়াম্মাৰ প্ৰতীক হিচাপে এনেদৰে নিম পাতৰ ওপৰত কলহ (বাঁওফালে) ৰখা হৈছে

Left: Preparing for the theemithi thiruvizha for goddess Om Sakthi, volunteers in wet clothes stoke the fire to ensure logs burn evenly. Before the fire-walk, they need to spread the embers evenly over the fire pit.
PHOTO • Smitha Tumuluru
Right: Brothers, G. Chinnadurai and G. Vinayagam carry the poo-karagam , which is a large milk pot decorated with flowers
PHOTO • Smitha Tumuluru

বাওঁফালে: তিমিথি তিৰুভিঝাৰ বাবে প্ৰস্তুতি চলাই থকা স্বেচ্ছাসেৱকসকলে তিতা কাপোৰ পিন্ধি এনেকৈয়ে জুই জ্বলাই সমানে জ্বলি থকাটো নিশ্চিত কৰে। জুইত খোজ কঢ়াৰ আগতে তেওঁলোকে জুইৰ গাঁতৰ ওপৰত সমানে অঙঠাবোৰ বিয়পাই দিব লাগে। সোঁফালে: জি চিন্নাদুৰাই আৰু জি বিনায়াগমে ভাতৃদ্বয়ে ফুলেৰে সজাই থোৱা এটা ডাঙৰ গাখীৰৰ পাত্ৰ পূ-কৰাগম কঢ়িয়াই লৈ ফুৰিছে

বাংগালামেডু ইৰুলাৰ ওম শক্তি পৰ্বনো আচলতে কি?

৩৬ বছৰীয়া জি. মানিগাণ্ডনে নব্বৈৰ দশকৰ শেষৰ ফালে যেতিয়া তেওঁৰ ভনীয়েক আৰু এজন অ-ইৰুলাৰ সম্প্ৰদায়ৰ যুৱকৰ মাজত প্ৰেমৰ সম্পৰ্ক হৈছিল তেতিয়া সংঘটিত হোৱা এটা ঘটনাৰ বিষয়ে কৈ গৈছিল। এই ঘটনাৰ পিছতে জাতিগত উত্তেজনা আৰম্ভ হয় আৰু তেওঁৰ পৰিয়ালটোৱে ৰাতিটোৰ ভিতৰতে চেৰুক্কানুৰ গাঁৱৰ ঘৰ এৰি পলায়ন কৰিবলগীয়া হয়। ইয়াৰ পিছতে পৰিয়ালটোৱে চেৰুক্কানুৰ বিলৰ সমীপৰ এটা সৰু জুপুৰীত আশ্ৰয় লয়।

তেওঁ কয়, “গোটেই ৰাতিটো জেঠী এটাই টিকটিকাই আছিল আৰু আমি কিছু সাহস পাইছিলো। আমি ইয়াক আম্মান [দেৱী]ৰ আশীৰ্বাদ বুলি গণ্য কৰিছিলো।'' তেওঁৰ মতে সেই নিশা ওম শক্তিয়েই তেওঁৰ জীৱন ৰক্ষা কৰিছিল।

*****

‘আমি পলাই থকা সময়ত খাদ্য আৰু কাম বিচাৰি পোৱাটো সহজ নাছিল। মায়ে পথাৰৰ পৰা মাটিমাহ গোটাইছিল আৰু মাংস খুৱাবলৈ সৰু সৰু জীৱ-জন্তু চিকাৰ কৰি সেয়া ৰান্ধিছিল। কেৱল আম্মানেহে আমাক ৰক্ষা কৰিছিল।’-তেওঁ মনত পেলাই কৈ গৈছে। [পঢ়ক: বাংগালামেডুত এন্দুৰৰ বাটেৰে আন এক পৃথিৱী ]

মণিগাণ্ডনৰ পৰিয়াল আৰু তেওঁলোকৰ লগত পলাই যোৱা আন কেইজনমানে অৱশেষত চেৰুক্কানুৰ হ্ৰদৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত অৱস্থিত বাংগালামেডুত বসতি স্থাপন কৰে। তাতেই বিলৰ ওচৰৰ তেওঁলোকে খেতিপথাৰত কামো লাভ কৰে।

প্ৰথম অৱস্থাত ১০টাতকৈও কম পৰিয়ালৰ বসতিস্থল বাংগালামেডুত এতিয়া ৫৫টা ইৰুলাৰ পৰিয়াল আছে। আনুষ্ঠানিকভাৱে চেৰুক্কানুৰ ইৰুলাৰ কলনী নামেৰে জনাজাত  মুকলি ঘাঁহনিৰে ভৰি থকা এই ঠাইখনত পথৰ দুয়োফালে ঘৰবোৰ শাৰী শাৰীকৈ আছে। ২০১৮ চনত দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অঞ্চলটোৰ লোকসকলে বিজুলী-বাতিৰ মুখ দেখে। শেহতীয়াকৈ কলনীটোত পকী ঘৰো দেখা গৈছে। ইয়াৰ ইৰুলাৰসকলে দিন হাজিৰাক কৰিয়েই পৰিয়াল পোহপাল দি আহিছে আৰু বহু লোক মনৰেগাৰ ওপৰতো নিৰ্ভৰশীল। মজলীয়া বিদ্যালয়লৈকে পঢ়া বাংগালামেডু অঞ্চলটোৰ অতি কমসংখ্যকৰ মাজৰ এজন হৈছে মণিগাণ্ডন।

Left: The Om Sakthi temple set up by P. Gopal on the outskirts of Bangalamedu. The temple entrance is decorated with coconut fronds and banana trees on either sides, and has a small fire pit in front of the entrance.
PHOTO • Smitha Tumuluru
Right: G. Manigandan carries the completed thora or wreath
PHOTO • Smitha Tumuluru

বাওঁফালে: বাংগালামেডুৰ উপকণ্ঠত পি গোপালে স্থাপন কৰা ওম শক্তি মন্দিৰ। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ দুয়োফালে তামোলৰ ডাল আৰু কলৰ গছ সজাই তোলা হৈছে, আৰু প্ৰৱেশদ্বাৰৰ সন্মুখত এটা সৰু জুইৰ গাঁত আছে। সোঁফালে: জি মানিগাণ্ডনে সম্পূৰ্ণ হোৱা থোৰা বা মালা কঢ়িয়াইছে

G. Subramani holds the thora on the tractor (left) carrying the amman deity.
PHOTO • Smitha Tumuluru
He then leads the fire walkers (right) as they go around the bed of embers
PHOTO • Smitha Tumuluru

জি সুব্ৰমণিয়ে আম্মান দেৱতাক কঢ়িয়াই নিয়া ট্ৰেক্টৰত (বাওঁফালে) থোৰাটো ধৰি ৰাখিছে তাৰ পিছত তেওঁ জুইত খোজকঢ়া লোকসকলক (সোঁফালে) নেতৃত্ব দি জুইকুৰাৰ চাৰিওফালে এনেকৈ প্ৰদক্ষিণ কৰে

ইয়াত বসতি স্থাপন কৰাৰ কেইবছৰমানৰ পাছত মণিগাণ্ডনৰ পিতৃ পি গোপালে হ্ৰদটোৰ ওচৰৰ ৰাজহুৱা মাটিত ওম শক্তিৰ মন্দিৰ স্থাপন কৰি আম্মানক তেওঁলোকৰ কঠিন সময়ত সহায় কৰা বাবে ধন্যবাদ জনাই। ২০১৮ চনত মৃত্যুৰ আগলৈকে তেওঁ ইয়াৰ পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। “মন্দিৰটো আছিল এটা সৰু জুপুৰী। আমি হ্ৰদৰ পৰা বোকা ব্যৱহাৰ কৰি আম্মানৰ মূৰ্তিটো সাজিছিলো। মোৰ আদি তিমিথি তিৰুভিজাৰ দীক্ষা দিয়া প্ৰথা দেউতায়েই আৰম্ভ কৰিছিল।’-মণিগাণ্ডনে কয়।

গোপালৰ মৃত্যুৰ পিছত মণিগাণ্ডনৰ জ্যেষ্ঠ ভাতৃ জি সুব্ৰমণিয়ে পুৰোহিতৰ ভূমিকা গ্ৰহণ কৰে। সুব্ৰমণিয়ে সপ্তাহত এদিন মন্দিৰত ব্যস্ত থাকে আৰু বাকী ছয় দিন মজুৰিৰ কাম কৰে।

১৫ বছৰতকৈও অধিক কাল ধৰি বাংগালামেডু ইৰুলাৰসকলে দিনজোৰা অনুষ্ঠানত ওম শক্তিৰ নামত ব্ৰত পালন কৰি অঙঠাৰ ওপৰত খোজ কাঢ়ি সেই ব্ৰত ভংগ কৰি আহিছে। জুলাই-আগষ্টৰ আশে-পাশে তামিল মাহ আদি মাহত এই উৎসৱ পালন কৰা হয়, সেই সময়তে মৌচুমীৰ আগমনৰ লগে লগে প্ৰচণ্ড গৰম পৰাও কিছু সকাহ পোৱা যায়। যদিও ইৰুলাৰসকলৰ মাজত ই এক শেহতীয়া প্ৰথা, তিমিথি আদি মাহত সমগ্ৰ তিৰুৱল্লুৰ জিলাৰ তিৰুত্তনি অঞ্চলত পালন কৰা হয় আৰু সেই সময়ত ভক্তসকলে মহাভাৰত, মৰিয়াম্মান, ৰোজা আম্মান, ৰেৱতী আম্মান আৰু আন মহাকাব্যৰ দ্ৰৌপদী দেৱীৰ দৰে দেৱীসকলক প্ৰাৰ্থনা কৰা হয়।

“গৰমত মানুহে প্ৰায়ে আম্মান ৰোগত আক্ৰান্ত হয় [ইয়াত বসন্ত ৰোগ বুজাইছে]। আমি আম্মান [দেৱী]ক এই কঠিন সময়খিনি পাৰ কৰি দিবলৈ প্ৰাৰ্থনা কৰোঁ,” মণিগাণ্ডনে কয়, দেৱী আৰু ৰোগ দুয়োটাকে বুজাবলৈ আম্মান শব্দটো ব্যৱহাৰ কৰা হয়, আৰু ভবা হয় যে এইটো দেৱীয়েই দিয়া অসুখ আৰু এই অসুখৰ পৰা দেৱীয়েহে পৰিত্ৰাণ দিব পাৰে।

গোপালে বাংগালামেডুত তিমিথি উৎসৱ আৰম্ভ কৰাৰ পিছৰে পৰা চুবুৰীয়া গুডিগুন্টা গাঁৱৰ এটা অনা-ইৰুলাৰ পৰিয়ালেও ইয়াত অংশগ্ৰহণ কৰি আহিছে। এই পৰিয়ালটোৰ খেতি পথাৰত থকা জুপুৰিটোতেই তেওঁৰ পৰিয়ালে নিজৰ গাঁৱৰ পৰা পলাই অহাৰ পিছত আশ্ৰয় লৈছিল।

Left: The mud idol from the original temple next to the stone one, which was consecrated by a Brahmin priest in the new temple building.
PHOTO • Smitha Tumuluru
Right: A non-Irular family, one of the few, walking on the fire pit
PHOTO • Smitha Tumuluru

বাওঁফালে: নতুন মন্দিৰ ভৱনত এজন ব্ৰাহ্মণ পুৰোহিতে পৱিত্ৰ কৰা শিলৰ মন্দিৰৰ কাষত থকা মূল মন্দিৰৰ মৃন্ময় প্ৰতিমা সোঁফালে: জুইৰ গাঁতটোৰ ওপৰত খোজ কাঢ়ি থকা এটা অ-ইৰুলাৰ পৰিয়াল

“ইৰুলাৰসকলৰ বাহিৰেও আমাৰ পৰিয়ালৰ দহজন সদস্য আৰু বন্ধুৱে আৰম্ভণিৰে পৰাই জুইত খোজ দি আহিছে,’’ এইদৰে কয় বন্ধুমহলৰ মাত পালানি নামেৰে জনাজাত খেতিৰ মাটিৰ মালিক ৫৭ বছৰীয়া টি এন কৃষ্ণনে। পালানিৰ পৰিয়ালৰ মতে তেওঁলোকে ওম শক্তিক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই সন্তান লাভ কৰিছিল।

ইৰুলাৰসকলৰ সামান্য মন্দিৰৰ জুপুৰিটোৰ ঠাইত এটা সৰু পকী অট্টালিকা নিৰ্মাণ কৰি তেওঁলোকে দেৱতাজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ইৰুলাৰসকলৰ আম্মানৰ মাটিৰ প্ৰতিমাৰ ঠাইত শিলৰ মূৰ্তিও স্থাপন কৰিছিল।

*****

বাংগালামেডুৰ ইৰুলাৰসকলৰ বাবে বহু প্ৰত্যাশিত আদি তিমিথিৰ প্ৰস্তুতি অনুষ্ঠানৰ কেইদিনমান আগতেই আৰম্ভ হয়। জুইত খোজ কঢ়াৰ মন থকাসকলে হাতৰ কব্জিত কাপ্পু বা পবিত্ৰ তাবিজ পিন্ধে আৰু উৎসৱৰ দিনলৈকে দৈনিক কৃচ্ছসাধনাত নিমগ্ন হৈ পৰে।

“এবাৰ আমি কাপ্পু পিন্ধিলে, আমি মূৰত গা ধুই দৈনিক দুবাৰকৈ মন্দিৰলৈ যাও, হালধীয়া কাপোৰ পিন্ধো, মাংস খোৱাৰ পৰা বিৰত থাকো আৰু গাঁৱৰ পৰা ওলাই যোৱাৰ পৰা বিৰত থাকো,” বাংগালামেডুত এখন ক্ষুদ্ৰ দোকান চলোৱা এছ সুমাথিয়ে কয়। কিছুমানে এই নিয়ম এসপ্তাহ আৰু আন কিছুমানে ইয়াতকৈয়ো বেছি সময় মানি চলে। “আমি যিমান পাৰো সিমান নিয়ম মানিবলৈ চেষ্টা কৰো। আমি এবাৰ কাপ্পু পিন্ধিলেই গাঁৱৰ পৰা ওলাই যাব নোৱাৰো,” মণিগাণ্ডনে কয়।

স্বেচ্ছাসেৱী সংস্থা এইড ইণ্ডিয়াৰ সৈতে জড়িত ড০ এম ধমোদৰনে কয় যে এই আচাৰ-অনুষ্ঠানসমূহে কিদৰে সংস্কৃতিৰ মাজত সেঁতু হিচাপে কাম কৰে তাৰ আভাস দিছে। তেওঁ কয়, “কিছুমান প্ৰথা, যেনে ব্ৰত পালন কৰা, উপবাসে থকা, নিৰ্দিষ্ট ৰঙৰ কাপোৰ পিন্ধা আৰু এটা সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত কৰা, বহুতো [অ-ইৰুলাৰ] সম্প্ৰদায়ত গণ গ্ৰহণযোগ্যতা লাভ কৰিছে। এই সংস্কৃতি ইৰুলাৰ সম্প্ৰদায়ৰ মাজতো সোমাই পৰিছে। অৱশ্যে সকলো ইৰুলাৰ গাঁৱত এই প্ৰথা অনুসৰণ কৰা নহয়।”

বাংগালামেডুত ইৰুলাৰসকলে দিনটোৰ সকলো অনুষ্ঠান চম্ভালে, সজ্জাৰ প্ৰতি নিজৰ সামান্য অৱদান একত্ৰিত কৰে। উৎসৱৰ দিনা ৰাতিপুৱা মন্দিৰলৈ যোৱা বাটত গছবোৰত সতেজ নিম পাতৰ থোপাবোৰ ওলমাই থয়। মাইকত ভাহি আহে ভক্তিমূলক সংগীতৰ শব্দ। সতেজকৈ মেট কৰা তামোলৰ ডাল আৰু ওখ কলৰ পাতবোৰে মন্দিৰৰ প্ৰৱেশদ্বাৰৰ শোভা বৃদ্ধি কৰে।

K. Kanniamma and S. Amaladevi carrying rice mixed with blood of a slaughtered goat and rooster (left).
PHOTO • Smitha Tumuluru
They are throwing it around (right) as part of a purification ritual around the village
PHOTO • Smitha Tumuluru

বলি দিয়া ছাগলী আৰু কুকুৰাৰ তেজ মিহলি ভাত কঢ়িয়াই লৈ গৈ থকা কে কানিয়াম্মা আৰু এছ অমলাদেৱী (বাওঁফালে)। গাঁৱৰ চাৰিওফালে শুদ্ধিকৰণ অনুষ্ঠানৰ অংশ হিচাপে ইফালে সিফালে (সোঁফালে) সেয়া ছটিয়াই দিছে

Left: At the beginning of the ceremonies during the theemithi thiruvizha , a few women from the spectators are overcome with emotions, believed to be possessed by the deity's sprit.
PHOTO • Smitha Tumuluru
Right: Koozhu, a porridge made of rice and kelvaragu [raagi] flour is prepared as offering for the deity. It is cooked for the entire community in large aluminium cauldrons and distributed to everyone
PHOTO • Smitha Tumuluru

বাওঁফালে: তিমিথি থিৰুভিজাৰ সময়ত অনুষ্ঠানৰ আৰম্ভণিতে দৰ্শকৰ মাজৰ পৰা কেইগৰাকীমান মহিলা আৱেগিক হৈ পৰিছে, তেওঁলোকক দেৱীয়ে ভৰ কৰা বুলি বিশ্বাস কৰা হয়। সোঁফালে: কুঝু, চাউল আৰু কেলভাৰাগু [ৰাগি] আটাৰে উপাসনাৰ বাবে প্ৰসাদ প্ৰস্তুত কৰা হৈছে। ডাঙৰ ডাঙৰ এলুমিনিয়ামৰ কলহত ৰান্ধি সেয়া বিতৰণ কৰা হয়

কাপ্পুধাৰীসকলে হালধীয়া ৰঙৰ কাপোৰ পিন্ধি অনুষ্ঠানৰ বাবে মন্দিৰত উপস্থিত হয়। দিনটোৰ আৰম্ভ হয় আৰুলভাক্কু বা আম্মানৰ পৱিত্ৰ শব্দৰে, এয়া কোনো মাধ্যমৰ জৰিয়তে দেৱীয়ে প্ৰদান কৰে বুলি ধাৰণা কৰে। মানিগাণ্ডনে কয়, “যেতিয়া আম্মানে কাৰোবাৰ ওপৰত ভৰ কৰে, তেতিয়া ভৰ কৰাগৰাকীৰ মাধ্যমেৰে কথা পাতে। যিসকলে বিশ্বাস নকৰে তেওঁলোকে কেৱল মন্দিৰত এটা শিল দেখা পায়। আমাৰ বাবে মূৰ্তিটো বাস্তৱ, এনেকুৱা কিবা এটা যাৰ জীৱন আছে। সেয়া আমাৰ মাতৃতুল্য৷ আমি দেৱীৰ লগত আমাৰ আপোন মানুহৰ দৰে কথা পাতো। এগৰাকী মাতৃয়ে আমাৰ সমস্যাবোৰ বুজি উপদেশ দিয়ে।”

প্ৰতি বছৰে আৰুলভাক্কু ডেলিভাৰী কৰা মণিগাণ্ডানৰ ভগ্নী কনিয়াম্মাই মন্দিৰ আৰু গাঁৱৰ সীমাৰ চাৰিওফালে কুকুৰা আৰু ছাগলী বলি দিয়া তেজ মিহলি ভাত ছটিয়াই দিয়ে। স্বেচ্ছাসেৱকসকলে ভাত আৰু ৰাগী (ফিংগাৰ বাজৰা)ৰে তৈয়াৰী গৰম কুজু বা দাইল ৰান্ধি মানুহৰ মাজত বিতৰণ কৰে। সন্ধিয়াৰ শোভাযাত্ৰাৰ বাবে দুপৰীয়াতে দেৱতাক সাজু কৰিবলৈ এটা বৃহৎ থোৰা, ফুল আৰু কলৰ ঠাৰিৰ মালা নিৰ্মাণ কৰা হয়।

বছৰ বছৰ ধৰি বোকাময় জুপুৰিটোৰ ঠাইত পকী মন্দিৰ হোৱাৰ লগে লগে এই উৎসৱৰ পৰিসৰ বৃদ্ধি পাইছে। পালানীৰ গুডিগুন্টা গাঁৱকে ধৰি চুবুৰীয়া গাঁৱৰ পৰা অহা দৰ্শকৰ বিপুল ভিৰ এতিয়া বাংগালামেডুৰ জুইৰ মাজেৰে খোজ কঢ়া ঘটনাৰ সাক্ষী হ’বলৈ একত্ৰিত হৈছে। মানিগাণ্ডনে কয়, “উৎসৱ কেতিয়াও বন্ধ হোৱা নাছিল, আনকি ক’ভিডৰ সময়তো নাছিল, যদিও সেই দুবছৰ কম ভিৰ আছিল।” ২০১৯ চনত অৰ্থাৎ ক’ভিডকালৰ আগৰ বছৰত এই উৎসৱত প্ৰায় ৮০০ জন দৰ্শনাৰ্থী আহিছিল।

শেহতীয়া বছৰবোৰত পালানীৰ পৰিয়ালে সকলো দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া খাদ্য বা আন্নাদনম যোগান ধৰি আহিছে। ‘২০১৯ চনত আমি বিৰিয়ানীৰ বাবে মাত্ৰ ১৪০ কিলো মুৰ্গীত এক লাখতকৈ অধিক টকা খৰচ কৰিছিলোঁ। “অতৃপ্ত হৈ কোনেও উভতি যাবলগীয়া নহয়,’ ’তেওঁ লগতে কয়। অতিৰিক্ত খৰচ পূৰণ কৰিবলৈ পালানীয়ে বন্ধু-বান্ধৱীৰ পৰাও ধন সংগ্ৰহ কৰে।

“মন্দিৰটো আমি যেতিয়াৰ পৰা পকীকৈ নিৰ্মাণ কৰিলো, তেতিয়াৰ পৰা মানুহৰ ভিৰ বাঢ়িছে। ইৰুলাৰসকলে এয়া অকলে চোৱাচিতা কৰাতো সম্ভৱ হ’ব জানো?” তেওঁ অহা গাঁওখনৰ নামেৰে মন্দিৰটোক গুডিগুন্টা ওম শক্তি মন্দিৰ বুলি উল্লেখ কৰি এইদৰে কয়।

Irular volunteers prepare the tractor for the procession later that evening
PHOTO • Smitha Tumuluru
Irular volunteers prepare the tractor for the procession later that evening
PHOTO • Smitha Tumuluru

ইৰুলাৰ স্বেচ্ছাসেৱকসকলে সেইদিনা সন্ধিয়াৰ পিছত শোভাযাত্ৰাৰ বাবে ট্ৰেক্টৰখন এনেদৰে সজাইছে

Left: The procession begins with the ritual of breaking open a white pumpkin with camphor lit on top.
PHOTO • Smitha Tumuluru
Right: The bangle seller helps a customer try on glass bangles
PHOTO • Smitha Tumuluru

বাওঁফালে: শোভাযাত্ৰা আৰম্ভ হয় বগা কুমলীয়া ডালিম এটা ভাঙি তাৰ ওপৰত কৰ্ফূৰ জ্বলাই দিয়া অনুষ্ঠান। সোঁফালে: কাচৰ খাৰু বিক্ৰেতাই গ্ৰাহকক খাৰু পিন্ধাত সহায় কৰিছে

*****

“যেতিয়া নতুন মন্দিৰটো নিৰ্মাণ কৰা হৈছিল, তেতিয়া আমাৰ মাটিৰ প্ৰতিমাৰ ঠাইত শিলৰ মূৰ্তি স্থাপন কৰা হৈছিল; তেওঁলোকে কৈছিল যে মন্দিৰবোৰ এনেকৈয়ে সুন্দৰ আৰু পৱিত্ৰ হৈ পৰে,’’ মানিগাণ্ডনে কয়। “আমি তাৰ কাষতে আমাৰ মাটিৰ প্ৰতিমাটোও থৈ দিছো। কিয়নো ধৰাৰ এই মাটিয়েইতো আমাক ৰক্ষা কৰে।’’

“তেওঁলোকে এজন আয়াৰ [ব্ৰাহ্মণ পুৰোহিত]ক মাতিলে, পুৰোহিতজনে আমাৰ প্ৰসাদ চাউল আৰু নিমপাত আঁতৰাই দিলে,” তেওঁ কয়। ''এয়া আমাৰ ধৰণতকৈ যথেষ্ট পৃথক,’’ তেওঁ আৰু কয়।

“কানিয়াম্মাৰ দৰে দেৱীৰ উপাসনাত সাধাৰণতে আড়ম্বৰ আৰু গাঁথনিগত আচাৰ-অনুষ্ঠান নাথাকে, এনে পূজাত সমগ্ৰ সম্প্ৰদায়টোও জড়িত নহয়,’’ নৃতত্ত্ব বিষয়তো উচ্চ ডিগ্ৰীধাৰী ড০ ধমোদৰনে এইদৰে কয়। “আচাৰ-অনুষ্ঠান আৰু সেইবোৰ কৰাৰ এটা নিৰ্দিষ্ট পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া, আৰু তাৰ পিছত এজন [সততে ব্ৰাহ্মণ] পুৰোহিতক জড়িত কৰি ইয়াক বৈধ কৰা, এক আৰ্হিত পৰিণত হৈছে। ই গোটেই প্ৰক্ৰিয়াটোক উন্নত কৰাৰ নামত বিভিন্ন সংস্কৃতিত থকা উপাসনাৰ ভিন্নতাক একপ্ৰকাৰ গ্ৰাস কৰি পেলায়।”

বাংগালামেডু তিমিথি প্ৰতি বছৰে অধিক জনপ্ৰিয় হৈ পৰাৰ লগে লগে মণিগাণ্ডন আৰু তেওঁৰ পৰিয়ালে সেয়া লাহে লাহে তেওঁলোকৰ হাতৰ পৰা পিছলি গৈ থকা যেন অনুভৱ কৰিবলৈ লৈছে।

“আগতে মোৰ দেউতাই উপহাৰৰ [উৎসৱৰ আহাৰ খোৱাৰ কৰাৰ পিছত অতিথিৰ পৰা পোৱা উপহাৰৰ ধন] সহায়ত খাদ্যৰ সকলো খৰচ বহন কৰিছিল। এতিয়া তেওঁলোকে [পালানীৰ পৰিয়ালে] ‘মণি, তুমি কাপ্পু ৰীতি-নীতিত গুৰুত্ব দিয়া’ বুলি সকলো খৰচৰ দায়িত্ব লৈছে,” পালানিৰ খেতিপথাৰত মাজে মাজে কাম কৰা মণিগাণ্ডনে কয়।

Left: A banner announcing the theemithi event hung on casuarina trees is sponsored by Tamil Nadu Malaivaazh Makkal Sangam – an association of hill tribes to which Irulars belong. A picture of late P. Gopal is on the top right corner.
PHOTO • Smitha Tumuluru
Right: K. Kanniamma tries to sit briefly in the fire pit before crossing. This is a risky move for those who attempt as one needs to be fast enough not to burn one's feet. Kanniamma's b rother Manigandan followed this tradition every year until their father's death. Since no male member of the family could sit, Kanniamma took it on herself.
PHOTO • Smitha Tumuluru

বাওঁফালে: ইৰুলাৰ সম্প্ৰদায়ো অন্তৰ্ভুক্ত হৈ থকা পাহাৰীয়া জনগোষ্ঠীসকলৰ এটা সংস্থা তামিলনাডু মালাইভাজ মাক্কাল সংগমৰ পৃষ্ঠপোষকতাত কেছুয়াৰিনা গছত ওলোমাই থোৱা তিমিথি অনুষ্ঠানৰ এখন বেনাৰ। ওপৰৰ এচুকত প্ৰয়াত পি গোপালৰ এখন ছবিও আছে। সোঁফালে: কে কান্নিয়াম্মাই জুইৰ গাঁতটো পাৰ হোৱাৰ আগতে অলপ সময় বহিবলৈ চেষ্টা কৰিছে। ভৰি পুৰিব নোৱাৰাকৈ দ্ৰুত গতিৰে খোজ দিবলগীয়া হয় আৰু বিপদৰ আশংকা থাকে। কানিয়াম্মাৰ ভাতৃ মণিগাণ্ডনে প্ৰতি বছৰে তেওঁলোকৰ পিতৃৰ মৃত্যুৰ আগলৈকে এই পৰম্পৰা অনুসৰণ কৰিছিল। যিহেতু পৰিয়ালটোৰ কোনো পুৰুষ সদস্যই বহিব নোৱাৰিলে, সেয়েহে কানিয়াম্মাই নিজেই সেই দায়িত্ব লৈছে

Left: Fire-walkers, smeared with sandalwood paste and carrying large bunches of neem leaves, walk over the burning embers one after the other; some even carry little children.
PHOTO • Smitha Tumuluru
Right: It is an emotional moment for many who have kept their vow and walked on fire
PHOTO • Smitha Tumuluru

বাওঁফালে: চন্দন কাঠৰ প্ৰলেপ সানি নিম পাতৰ ডাঙৰ ডাঙৰ ডাল কঢ়িয়াই অনা জুইৰ ওপৰেৰে খোজ দিবলগীয়া লোকসকলে এজনৰ পিছত এজনকৈ ৰঙা হৈ থকা অঙঠাবোৰৰ ওপৰেৰে খোজ কাঢ়িছে; কিছুমানে আনকি সৰু ল’ৰা-ছোৱালীকো লৈ গৈছে। সোঁফালে: ব্ৰত পালন কৰি জুইত খোজ কঢ়া বহুতৰে বাবে এয়া এক আৱেগিক মুহূৰ্ত

এই অনুষ্ঠানৰ চিঠিত প্ৰয়াত গোপালৰ অৱদানৰ (লিগেচি) বিষয় এটা বাক্যাংশ থকাৰ বাহিৰে ইৰুলাৰসকলৰ কোনো উল্লেখ নাই। “আমি আমাৰ দেউতাৰ নাম দিবলৈ জোৰ কৰিবলগীয়া হৈছিল। তেওঁলোকে নিবিচাৰিছিল যে ইয়াত কাৰো নাম লিখা হওক।’-মণিগাণ্ডনে কয়।

তিমিথিৰ দিনা অৱশ্যে জুইৰ ওপৰেৰে খোজ কঢ়া লোকসকলে এই কথাবোৰ মনৰ আঁতৰাই ৰাখি গা ধুই হালধীয়া কাপোৰ পিন্ধি, ডিঙিত ফুলৰ মালা লৈ, ফুলেৰে সজ্জিত চুলি, গোটেই শৰীৰত চন্দনৰ প্ৰলেপ লগাই, আৰু নিমৰ থোপা হাতত লৈ নিজকে সাজু কৰি তোলে। “সেইদিনা যেন আমাৰ ভিতৰত আম্মান আছে। সেইবাবেই পুৰুষেও ফুল পিন্ধে,’’-কান্নিয়াম্মাই কয়।

জুইৰ ওপৰেৰে খোজ কঢ়াসকলে পাল পাতি ৰঙা হৈ থকা তপ্ত অঙঠাৰ গাঁতটো পাৰ হৈ যোৱাৰ লগে লগে ভক্তসকল শিহৰিত হৈ পৰে। কিছুমান দৰ্শকে উল্লাস কৰে, আন কিছুমানে প্ৰাৰ্থনা কৰে। বহুতে মোবাইল ফোন উলিয়াই এই দৃশ্য ৰেকৰ্ড কৰে।

এসময়ত যি নেকি ইৰুলাৰসকলৰ মাজত সীমাৱদ্ধ এক পৱিত্ৰ উৎসৱ আছিল আজি সেয়া নতুন মূৰ্তি, নতুন মন্দিৰে একপ্ৰকাৰ সলনি কৰি তুলিছে। সময়ৰ এনে পৰিৱৰ্তন সত্বেও মণিগাণ্ডন আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ প্ৰয়াত পিতৃয়ে দেৱীৰ সমুখত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছে আৰু সেয়ে একালত জীৱন ৰক্ষা কৰাৰ বাবে দেৱীক ধন্যবাদ জনাই আহিছে। এনেকৈয়ে তিমিথিৰ দিনটোত ইয়াৰ সৈতে জড়িত সকলোৰে মন-প্ৰাণ পুলকিত হৈ পৰে।

বি:দ্ৰ: এই কাহিনীৰ লগত সন্নিবিষ্ট কৰা ফটোসমূহ ২০১৯ চনত তিমিথি উৎসৱৰ সাক্ষী হ’বলৈ বাংগালামেডুলৈ যোৱাৰ সময়ত সাংবাদিকগৰাকীয়ে তোলা ফটো।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Smitha Tumuluru

Smitha Tumuluru is a documentary photographer based in Bengaluru. Her prior work on development projects in Tamil Nadu informs her reporting and documenting of rural lives.

Other stories by Smitha Tumuluru
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari