আব্দুল লতিফ বজৰনে ৰাজৌৰি জিলাৰ পেৰি গাঁৱৰ পৰা মে’ৰ আৰম্ভণিৰ ভাগতে তেওঁৰ ১৫০ টা ছাগলী, ভেড়া, ঘোৰা আৰু কুকুৰটো লৈ চৰণীয়া পথাৰৰ সন্ধানত কাশ্মীৰৰ ওখ পৰ্বতলৈ যাত্ৰা কৰিছিল। “মই মোৰ পৰিয়ালটোক (পত্নী আৰু বোৱাৰীক) দুৰ্বল পশুকেইটাৰ লগতে খাদ্য, আশ্ৰয়ৰ সামগ্ৰী আৰু আৱশ্যকীয়া বস্তু-বাহিনীৰে মিনি ট্ৰাক এখনত পঠিয়াই দিছিলো,” জম্মুৰ ৬৫ বছৰীয়া পশুপালকজনে কয়।

“কিন্তু দুসপ্তাহ পিছত তেওঁলোকক দেখি (ৱয়িলত) মই আচৰিত হৈ পৰো,” তেওঁ কয়। পৰিয়ালটোৱে সেইখিনি সময়ত মিনিমাৰ্গ (ভাৰত-পাক সীমান্তত)ত উপস্থিত হৈ গ্ৰীষ্মকালীন শিবিৰ পাতিব লাগিছিল।

কিন্তু তেওঁলোক সেই ঠাইৰ পৰা ১৫ দিনৰ বাট তেতিয়াও অতিক্ৰম কৰিবলৈ বাকী আছিল। তেওঁ কয় যে তেওঁলোকে বতৰৰ বাবেই মিনিমাৰ্গলৈ যোৱাৰ বাটত থমকি ৰ’বলগীয়া হৈছিল। জোজলা পাছৰ বৰফ গলালৈকে তেওঁলোক ৰৈ আছিল, সেয়া পাৰ হৈহে তেওঁলোক মিনিমাৰ্গ পাব পাৰিব।

প্ৰতি বছৰে জম্মুত গ্ৰীষ্মকাল পৰাৰ সময়ত ঘাঁহনি কমি আহে আৰু বকৰৱালৰ দৰে পশুপালক যাযাবৰ গোষ্ঠীৰ লোকে ঘাঁহনিৰ সন্ধানত কাশ্মীৰ উপত্যকালৈ প্ৰব্ৰজন কৰে। তাত শীত পৰাৰ সময়তহে, অক্টোবৰ মাহত তেওঁলোক উভতি আহে।

ইফালে পাৰ্বত্য এলেকাটোৰ ওখ ঠাইৰ চৰণীয়া ভূমিবোৰ বৰফাবৃত হৈ আছে, আনফালে আকৌ নামনিলৈ ঘূৰি গৈ তাত ঘাঁহনি পোৱাটো সম্ভৱ নহয়, গতিকে আব্দুলৰ দৰে পশুপালকসকল মাজতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল।

Abdul Latief Bajran (left) migrated out of his village, Peri in Rajouri district, in early May with his 150 animals – sheep, goats, horses and a dog – in search of grazing grounds high up in the mountains of Kashmir. Seated with Mohammad Qasim (right) inside a tent in Wayil near Ganderbal district, waiting to continue his journey
PHOTO • Muzamil Bhat

ৰাজৌৰি জিলাৰ পেৰি গাঁৱৰ পৰা আব্দুল লতিফ বজৰন (বাওঁফালে)য়ে মে’ মাহৰ আৰম্ভণিৰ ভাগত তেওঁৰ ১৫০ টা ছাগলী, ভেড়া, ঘোৰা আৰু কুকুৰটো লৈ চৰণীয়া পথাৰৰ সন্ধানত কাশ্মীৰৰ ওখ ঠাইলৈ যাত্ৰা কৰিছিল। গাণ্ডাৰৱল জিলাৰ ৱইলত তম্বুৰ তলত মহম্মদ কাচিম (সোঁফালে)ৰ সৈতে, তেওঁলোকে যাত্ৰাৰ অপেক্ষাত

Left: Women from the Bakarwal community sewing tents out of polythene sheets to use in Minimarg.
PHOTO • Muzamil Bhat
Right: Zabaida Begum, Abdul Latief's wife is resting in the tent.
PHOTO • Muzamil Bhat

বাওঁফালে: বকৰৱাল সম্প্ৰদায়ৰ মহিলাসকলে মিনিমাৰ্গত ব্য়ৱহাৰ কৰিবলৈ পলিথিনৰ শ্বীটৰ পৰা তম্বু চিলাইছে। সোঁফালে: আব্দুল লতিফৰ পত্নী জাবাইদা বেগমে তম্বুৰ তলত জীৰাইছে

ওপৰলৈ যোৱাৰ আগতেই এনেকৈ নিজৰ পশুধন হেৰুৱাবলগীয়া হোৱাত, তাতে আকৌ আবদ্ধ এক অৱস্থাত দিন কটাবলগীয়া হোৱা মহম্মদ কাচিমো বিপাঙত পৰিছে। “গৰম বেছি পৰিলে ভেড়া আৰু ছাগলীবোৰৰ জ্বৰ উঠে আৰু হাগনি হয়। এনেকৈ ছাগলী-ভেড়া মৰি যায়,” ৬৫ বৰ্ষীয় পশুপালকজনে কয়।

জম্মুৰ ৰাজৌৰি জিলাৰ আন্ধ গাঁৱৰ বকৰৱাল সম্প্ৰদায়ৰ পশুপালকজনৰ ভেড়া-ছাগলীবোৰ গ্ৰীষ্মকালত পৰা অস্বাভাৱিক গৰমৰ বাবে বেমাৰত পৰিছিল। তেনেকৈ গৰমত তেওঁ ৫০ টা ছাগলী আৰু ভেড়া হেৰুৱাবলগীয়া হৈছে।

ৰৈ থকা সময়চোৱাত তেওঁ লিয়াকতৰ পৰা ফোনতে কাশ্মীৰ উপত্যকাৰ খবৰ লয়। তেওঁ ইতিমধ্যে কাশ্মীৰ উপত্যকাত আছে। “সদায়ে বতৰ বেয়া বুলিয়ে উত্তৰ আহিছিল।” ম’বাইল নেটৱৰ্ক প্ৰায়েই বেয়া থাকে, ফোনত লিয়াকতক পোৱা টানেই।

কাশ্মীৰ উপত্যকাত বৰফ পৰিয়েই থকা বুলি শুনি কাচিমে তেওঁৰ গাওঁ এৰি যাবলৈ টান পাইছে। ইতিমধ্যেই তেওঁৰ পশুধনখিনি অথিপাত গৰমত দুৰ্বল হৈ গৈছে। তেওঁ কয় যে ছাগলীয়ে বেচি শীত পৰিলে টিকিব নোৱাৰে, মৰি যাব পাৰে। আনহাতে ভেড়াৰ গাত নোম বেছি থাকে কাৰণে সিহঁতৰ শীত সহ্য় কৰা গুণ বেছি।

কিন্তু শেষত তেঁৱো উপায়ন্তৰ হৈ তেওঁৰ পশুধনখিনি ট্ৰাকত লোড কৰি ৱয়িলৰ আন বকৰৱাল পৰিয়ালৰ সৈতে ৰাওনা হ’বলগীয়া হ’ল। জম্মুত গ্ৰীষ্মৰ প্ৰকোপ বাঢ়িছিল আৰু তেওঁ চিন্তিত হৈ পৰিছিল। তেওঁ চিন্তা কৰা মনত পেলায়, “মই ইয়াৰ পৰা সিহঁতক নিনিলে, আটাইবোৰ মৰিব।”

তেওঁ নিৰ্ধাৰিত সময়তকৈ দুসপ্তাহ পিছ পৰি আছিল, কিন্তু কাচিমে কোনো ৰিস্ক ল’ব খোজা নাছিল। “মই কালাকোটেৰ পৰা গাণ্ডাৰৱললৈ মোৰ পশুধনখিনি নিবলৈ ৩৫ হাজাৰ টকা দিবলগীয়া হৈছিল।”

A herd of sheep and goat climbing up towards Lidwas peak in Srinagar for grazing.
PHOTO • Muzamil Bhat
Imran (right) is one of the youngest herders who will travel with his family to Lidwas.
PHOTO • Muzamil Bhat

ছাগলী আৰু ভেড়াৰ জাক এটা শ্ৰীনগৰৰ লিডৱাচ শৃংগৰ ফালে ঘাঁহনিৰ সন্ধানত আগবাঢ়িছে। পৰিয়ালৰ সৈতে লিডৱাচলৈ অহা পশুপালকৰ দলত ইমৰান আটাইতকৈ সৰু (সোঁফালে)

পশুধনৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়ে আব্দুলে এইবাৰ এমাহ পলমকৈ মিনিমাৰ্গত উপস্থিত হয়হি। কাৰণ “কাশ্মীৰৰ পাৰ্বত্য় অঞ্চলত এতিয়াও তুষাৰপাত হৈ আছে।” অৱশেষত পৰিয়ালটো পশুধনৰ জাকটোৰ সৈতে ১২ জুনত তাত উপস্থিত হৈছিল।

আব্দুলৰ পশুধনৰ ক্ষেত্ৰত কেৱল তুষাৰপাতেই অসুবিধাৰ সৃষ্টি কৰা নাছিল, লগতে ধাৰাসাৰ বৰষুণেও তেওঁলোকলৈ দুৰ্যোগ নমাই আনে। “মই দক্ষিণ কাশ্মীৰৰ চাপিয়া এলেকাত হঠাতে অহা বানপানীত ৩০ টা ভেড়া হেৰুৱাইছো,” তেওঁ কয়। এইবাৰ মিনিমাৰ্গলৈ যোৱাৰ বাটতো সেয়া হৈছিল। “আমি চপিয়াল জিলাৰ মোগল ৰোডেৰে আহি আছিলো, হঠাতে বৰষুণ দিবলৈ ধৰিলে। যি দিলে, একেৰাহে পাঁচদিন চলিল।”

জম্মুৰ পৰা কাশ্মীৰলৈ শৈশৱৰে পৰা প্ৰতিবছৰে প্ৰব্ৰজন কৰি অহা আব্দুলে কয় যে তেওঁ কেতিয়াও মে’ৰ শেষৰফালে আৰু জুনৰ প্ৰথমভাগত ইমান প্ৰতিকূল বতৰ দেখা নাই। পৰিয়ালটো কেইদিনমানৰ বাবে ৱয়িলতে থকাৰ সিদ্ধান্তত তেওঁ বৰ সকাহ পালে। “বিশাল জোজলা পাছ পাৰ হওঁতে (মিনিমাৰ্গলৈ যোৱাৰ বাটত) আৰু ভেড়া মৰাটো মই বিচৰা নাছিলো,” তেওঁ কয়।

পৰম্পৰাগতভাৱে যাযাবৰ পশুপালকসকলে চাপিয়া হৈ পুৰণি মোগল ৰাস্তাৰে গৈছিল।

তেওঁলোকে গৈ ঘাঁহনিৰ পৰিৱৰ্তে বৰফহে পালে। “আমি আমাৰ তম্বু তৰাৰ বাবে ঠাই বিচাৰিবলৈ ল’লো। সাধাণতে আমি ডাঙৰ গছ বা ডোকা (কেঁচামাটিৰ ঘৰ) বিচাৰো,” আব্দুলে কয়। “ভাগ্য যদি ভাল, তেনেহলে তেনে কিবা পাই যাব, অন্যথা মুকলিতে তম্বু তৰিব লাগিব আৰু বৰষুণত ভিজিব লাগিব।” যিমান পাৰি সিমান পশুধন বচাব পৰাটো জৰুৰী। তেওঁ কয়, “সকলোৱে নিজৰ জীৱনটো ভাল পায়।”

সাধাৰণতে পশুপালকসকলে নিজৰ লগত কেইসপ্তাহমান চলিব পৰাকৈ খাদ্য লৈ যায়। বতৰ সেমেকা হৈ থাকিলে পৰিষ্কাৰ খোৱাপানী পোৱাটো টান হৈ পৰে। “প্ৰতিকূল বতৰত ফচি থাকিলে আমি সাধাৰণতে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানীৰ নাটনি। তুষাৰপাত হৈ থাকিলে পানী গোট মাৰি যায় আৰু তেনে অৱস্থাত পৰিষ্কাৰ-অপৰিষ্কাৰ যি পানীয়ে পাও, তাকেই উতলাই খাবলগীয়া হয়,” তাৰিক আহমদে কয়।

Shakeel Ahmad (left) enjoying lunch on a sunny afternoon in Wayil, Ganderbal with his wife Tazeeb Bano, and daughters Nazia and Rutba. The wait is finally over and the family are packing up to move into the higher Himalayas
PHOTO • Muzamil Bhat
Shakeel Ahmad (left) enjoying lunch on a sunny afternoon in Wayil, Ganderbal with his wife Tazeeb Bano, and daughters Nazia and Rutba. The wait is finally over and the family are packing up to move into the higher Himalayas.
PHOTO • Muzamil Bhat

গাণ্ডাৰবলৰ ৱয়িলত ৰ’দঘাই দিন এটাত চাকিল আহমদে (বাওঁফালে) তেওঁৰ পত্নী তজীব বানো আৰু জীয়ৰী নাজিয়া আৰু ৰুতবাৰ সৈতে দুপৰীয়াৰ আহাৰ খাইছে। অপেক্ষাৰ অন্ত পৰিল, এতিয়া তেওঁলোক হিমালয়ৰ ওখ অঞ্চললৈ যাবলৈ সাজু

The family of Shakeel are taking along their household items to set up a new home in Baltal before the final destination at Zero point, Zojilla.
PHOTO • Muzamil Bhat
Right: A Bakerwal hut ( dok ) in Lidwas is still under snow even in late summer. Lidwas is a grazing ground and also base camp for climbing to Mahadev peak –Srinagar’s highest mountain at 3,966 metres
PHOTO • Muzamil Bhat

চাকিলৰ পৰিয়ালে তেওঁলোকৰ ঘৰৰ সামগ্ৰীসমূহ লগত লৈছে, জোজলা পাছৰ জিৰ’ পইণ্ট পোৱাৰ আগেয়ে বালতালত তেওঁলোকে বাহৰ পাতিব। সোঁফালে: লিডৱাচত এটা বকৰৱালৰ জুপুৰী (ডোক), গ্ৰীষ্মকাল পৰাৰ পিছতো বৰফ পৰি আছে। লিডৱাচ এখন চৰণীয়া পথাৰ। লগতে শ্ৰীনগৰৰ সৰ্বোচ্চ শংগ মহাদেৱ (৩,৯৬৬ মিটাৰ) আৰোহণ কৰিবলৈ অহাসকলৰ বাবে বেচ কেম্প পতা ঠাই

আন বকৰৱালসকলেও এইবছৰ উপত্যকাৰ ওখ ঠাইবোৰলৈ প্ৰব্ৰজন কৰিছে। “আমি এই বছৰ (২০২৩) ১ মে’ৰ দিনা ৰাজৌৰিৰ পৰা যাত্ৰাৰম্ভ কৰিছিলো আৰু পহলগামত ২০ দিনৰ বাবে আবদ্ধ হৈ ৰ’লো, বৰফ গলালৈ বাট চালো,” আব্দুল ৱাহিদে কয়। ৩৫ বছৰীয়া বকৰৱাল আব্দুলে তেওঁৰ সম্প্ৰদায়টোৰ পশুপালকৰ গোট এটাক নেতৃত্ব দি আহিছে। তেওঁলোকে লিড্ডাৰ উপত্যকা হৈ কলাহৈ হিমবাহলৈ গৈ আছে।

এই যাত্ৰ সম্পূৰ্ণ কৰিবলৈ সাধাৰণতে ২০ৰ পৰা ৩০ দিন লাগে, অৱশ্যে সেয়া বতৰৰ ওপৰতো নিৰ্ভৰ কৰে। “এতিয়ালৈ মই লগত অনা ৪০ টা ভেড়া হেৰুৱাইছো,” ২৮ বৰ্ষীয় চাকিল আহমদ বৰগদে কয়। সোণমাৰ্গৰ বালতাল এলেকাত বৰফ নগলাত তেওঁ ৱয়িলতে ৭ মে’ত বাহৰ পাতিছিল। বালতালৰ পৰা তেওঁ জোজলাৰ জিৰ’ পইণ্টলৈকে যাব। তাকে বকৰৱাল পৰিয়ালবোৰৰ সৈতে তনিমাহৰ বাবে থাকিব, পশুধন চৰাব। হিমস্খলন হোৱাৰ ফলত আৰু পশুধন হেৰুৱাবলগীয়া হ’ব বুলি চাকিলে আশংকা ব্যক্ত কৰে।

যোৱা বছৰ হঠাতে হোৱা বানত ফাৰুকে কেনেকৈ তেওঁ গোটেই পৰিয়ালটো আৰু পশুধন হেৰুৱাইছিল, সেয়া চাকিলে মনত পেলায়।

অনিয়মীয়া বৃষ্টিপাত আৰু তুষাৰপাত বকৰৱালসকলৰ বাবে কোনো নতুন অভিজ্ঞতা নহয়। তাৰিকে ২০১৮ৰ কথা মনত পেলায়, যেতিয়া পুৱা শুই উঠি তেওঁলোকে ২ ফুট বৰফ পাইছিল আৰু তম্বুৰ ওলোৱা-সোমোৱা কৰা বাটবোৰ বৰফে ঢাকি পেলাইছিল।

তেওঁলোকে গৈ ঢুকি পোৱাৰ আগতেই ভালেমান পশুধন মৰিছিল। “আমি ছাগলী, ভেড়া, ঘোৰা, আনকি কুকুৰো হেৰুৱাইছিলো। সিহঁত বাহিৰতে আছিল (তম্বুৰ বাহিৰত) আৰু অতিপাত তুষাৰ পৰিছিল,” তাৰিকে সোঁৱৰে।

অনুবাদ: পংকজ দাস

Muzamil Bhat

Muzamil Bhat is a Srinagar-based freelance photojournalist and filmmaker, and was a PARI Fellow in 2022.

Other stories by Muzamil Bhat
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das