“মানুহে আহি মোৰ শহুৰদেউতাক সোধে, ‘আপোনাৰ ঘৰৰ ছোৱালী বাহিৰলৈ গৈ টকা আৰ্জিছে?’ মই চহৰৰ ছোৱালী নহয়, সেয়ে মোৰ বাবে নিয়মবোৰো বেছি কঢ়া,” ফাটিমা বিবিয়ে কয়

কথা কৈ থকাৰ মাজতে নিয়াৰিকৈ নিকাবখন আঁতৰাই ফাটিমাই সেইখন ঘৰৰ সন্মুখৰ দৰ্জাখনৰ গজাল এটাত আঁৰি থ’লে। “সৰুতে ভাবিছিলো, পাকঘৰত ৰন্ধা-বঢ়া আৰু ঘৰখন চম্ভালা কামতে মোৰ জীৱনটো সীমাবদ্ধ হৈ ৰ’ব,” তেতিয়াৰ দিনবোৰৰ কথা ভাবি তাই হাঁহি মাৰি কয়। “কিবা এটা নতুন কৰাৰ চিন্তাত মা-দেউতাই মোক স্বাধীনতা দিছিল, জীৱনটোত কিবা এটা কৰাৰ সাহ যোগাইছিল। মই মুছলমান ছোৱালী হ’ব পাৰো, কিন্তু এনেকুৱা একো নাই, যিটো মই কৰিব নোৱাৰো,” ২৮ বছৰ বয়সীয়া প্ৰাণচঞ্চল ছোৱালীজনীয়ে ক’লে, তাইৰ দোপাত্তাখনত খটোৱা ৰূপালী ধাতুৰ টুকুৰাবোৰ আবেলিৰ পোহৰত চিকমিকাই উঠিছে।

ফাটিমা থাকে উত্তৰ প্ৰদেশ প্ৰয়াগৰাজ (আগৰ নাম এলাহবাদ)ৰ মাহেৱা চহৰত, য’ত জীৱনৰ গতি কাষৰে যমুনা নদীৰ দৰেই ধীৰ-স্থিৰ। কিন্তু ভৰিৰ তলৰ বন গছকি নাইকিয়া কৰা ছটবটীয়া ফাটিমা আজি কাঁহিপাতৰ পৰা সুন্দৰকৈ নিৰ্মিত বিভিন্ন ঘৰুৱা সামগ্ৰী বিক্ৰী কৰা এগৰাকী সুনিপুণ শিল্প-উদ্যমী। উত্তৰ প্ৰদেশত এই কঁহুৱাক মুঞ্জ বুলি কোৱা হয়। কঁহুৱা বনৰ আগলি পাতেৰে সজা বিভিন্ন বস্তুৰ পৰাই এই নাম পাইছে।

সৰুকালিত ফাটিমাই জনা নাছিল জীৱনটোত কি কৰিব। কিন্তু মহম্মদ শ্বাকিলৰ সৈতে বিয়া হোৱাৰ পিছত তেওঁ মাহেৱালৈ যেতিয়া আহিল, সেইখন ঘৰতে আছিল কাঁহিপাতেৰে সামগ্ৰী তৈয়াৰ কৰা অভিজ্ঞ মুঞ্জ শিল্পী তেওঁক শাহুৱেক আয়েশা বেগম।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : মুঞ্জ খৰাহি এটাৰ বাওটো বোৱা সময়ত আয়েশা বেগম তেওঁ শুকান ঘাঁহবিধেৰে বিভিন্ন ধৰণৰ সামগ্ৰী যেনে খৰাহি , বিন , ষ্টাৰ , অলংকাৰ আৰু সজোৱা বস্তু আদি সাজিব জানে সোঁফালে : দোকান আৰু শিল্প প্ৰদৰ্শনীত বিক্ৰী হ বলগীয়া সুন্দৰ খৰাহিবোৰৰ সৈতে আয়েশাৰ বোৱাৰী ফাটিমা বিবি

কঁহুৱাৰ পাতবোৰ কেনেকৈ নিয়াৰিকৈ ইটোৰ পিছত সিটো বই শাহুৱেক আয়েশাই হৰেক ৰকমৰ ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিছিল, নতুনকৈ বিয়া হৈ অহা ফাটিমাই মনযোগেৰে চাই ৰৈছিল। বাও থকা আৰু নথকা বিভিন্ন আকাৰৰ খৰাহি, ক’ষ্টাৰ, ট্ৰে’, কলম থোৱা ষ্টেণ্ড, বেগ, ডাষ্টবিন, সজোৱা বস্তু যেনে সৰু ঝুলি থকা বস্তু, ট্ৰেক্টৰ আৰু বিভিন্ন সামগ্ৰী তেওঁ সাজিছিল। এইবোৰ বিক্ৰী কৰি তেওঁলোকৰ নিয়মিত আয় আহিছিল। সেইখিনি ঘৰখনৰ মহিলাৰ হাততে থাকিছিল।

“পিপিৰাসাৰ আমাৰ নিজৰ ঘৰতো মায়ে কঁহুৱা পাতৰ পৰা এনে সামগ্ৰী সজোৱা মই দেখিছিলো,” তেওঁ কয়। সোনকালেই ফাটিমায়ো এই শিল্পত হাত দিলে। “মই গৃহিণী আছিলো, ঘৰতে কাম-বনবোৰ চম্ভালিছিলো, কিন্তু কিবা এটা নতুন শিকাৰ মোৰ খুৱ আগ্ৰহ আছিল। এতিয়া মাহেকত মই ৭,০০০ মান টকা উপাৰ্জন কৰোঁ,” ন বছৰ বয়সীয়া আফিয়া আৰু পাঁচ বছৰ বয়সীয়া আলিয়াৰ মাতৃ ফাটিমাই কয়।

কঁহুৱা বনৰ সামগ্ৰী সাজি নথকা অৱস্থাত ফাটিমাই এই শিল্পকলাবিধৰ প্ৰচাৰত গুৰুত্ব দিয়ে, তেনে সামগ্ৰী সংগ্ৰহ কৰা আৰু বিপণন কৰা, নতুন ক্ৰেতা বিচৰা, প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা আৰু চলোৱা আৰু এই শিল্পকলাবিধৰ বিষয়ে থকা নীতি নিৰ্ধাৰণৰ দিশত কাম কৰে। সুদৃঢ় মনোবল আৰু অনুকঁম্পাৰে ভৰা মহিলাৰে তেওঁ নিজে সংগঠিত কৰা এঞ্জেল নামে এটি আত্মসহায়ক গোট এটাও তেওঁ সফলতাৰে পৰিচালনা কৰে। “প্ৰতিযোগিতাৰ ভাৱ এৰি আন মহিলাৰ সৈতে একেলগে কাম কৰি আগবঢ়া মহিলাৰ কাহিনী আৰু চিনেমা চাই মই ভাল পাওঁ,” তেওঁ বুজাই কয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক লগ কৰাকে ধৰি সমাজৰ পৰা পোৱা স্বীকৃতি আৰু সন্মানে তেওঁক উৎসাহিত কৰি আহিছে। “আগতে মোৰ স্বামীয়ে (মটৰ মেকানিক) মই বাহিৰলৈ গৈ থকাক লৈ চিন্তা কৰিছিল, কিন্তু এতিয়া মই পোৱা স্বীকৃতিৰ কাৰণে তেওঁ মোক লৈ গৌৰৱ কৰে। যোৱা দুটা বছৰত মই খুব বেছি সপ্তাহৰ দুটা দিনহে ঘৰত আছো,” নিজৰ স্বাধীনতাক লৈ তেওঁ আনন্দ প্ৰকাশ কৰে। নিজৰ আত্মসহায়ক গোট আৰু ক্ৰেতাসকলক লগ কৰা, আনক প্ৰশিক্ষণ দিয়া আৰু নিজৰ সন্তানহালক চোৱাচিতা কৰোতে তেওঁৰ সময় পাৰ হয়।

মুঞ্জ শিল্পৰ প্ৰসাৰ ঘটোৱা চৰকাৰৰ সিদ্ধান্তত মাহেৱাৰ উদ্যমী মহিলাই হাতউজান দিলে আৰু তেওঁলোকৰ আয় বঢ়োৱাৰ সুবিধা গ্ৰহণ কৰিলে

ভিডিঅ টো চাওঁক : প্ৰয়াগৰাজত মহিলাৰ সেউজীয়া মন

তথাপিও মানুহৰ মুখবোৰ বন্ধ নহয়। “ক’ৰবাত প্ৰশিক্ষণৰ বৈঠকত ভাগ লৈ গ্ৰুপ ফটো উঠাৰ পিছত মানুহে মোৰ শাহুআইৰ ওচৰলৈ আহি কয়, ‘চোৱা, মতা মানুহবোৰৰ সৈতে ফটো উঠিছে!’ কিন্তু তেনে কথা মই কেৰেপ নকৰো,” উত্তৰ প্ৰদেশৰ সৰু চহৰৰ সমাজৰ ঠেক মনোগণ্ডিৰ ওচৰত হাৰ নমনা ফাটিমাই কয়।

উত্তৰ প্ৰদেশৰ জনগণনাৰ ফালৰ পৰা ৬,৪০৮ সংখ্যক জনসংখ্যাৰ মাহেৱা পট্টি পশ্চিম উপৰহাৰ বুলি যিখন চহৰ (২০১১ৰ লোকপিয়ল অনুযায়ী), তাক কিন্তু স্থানীয় লোকে ‘মাহেৱা গাওঁ’ বুলিয়ে কয়। কাৰ্ছান্না টেহচিলৰ এই গাওঁখন যমুনা আৰু গংগা নদীৰ সংগমস্থলৰ পৰা কেইকিলোমিটাৰমান দূৰত্বত অৱস্থিত, হিন্দু তীৰ্থস্থানৰ সেয়া এক গুৰুত্বপূৰ্ণ অংশ।

মাহেৱা নিবাসীৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত যমুনাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইয়াত তালগছজাতীয় পাম গছৰ পাতৰ পৰা নিৰ্মিত সৰু খৰাহি বিক্ৰী কৰা হয়, য’ত পূজাৰ সামগ্ৰী যেনে ফুল আৰু আন অৰ্ঘ্য লৈ সংগমস্থলীলৈ হিন্দু তীৰ্থযাত্ৰী যায়। পুৰুষবোৰে মেকানিক, গাড়ীচালক হিচাপে প্ৰয়াগৰাজ চহৰত কাম কৰিবলৈ ওলাই যায়, নাইবা খাদ্যবস্তু বিক্ৰী কৰা সৰু দোকান আদি চলায়।

মন কৰিবলগীয়া যে প্ৰয়াগৰাজ জিলাত (২০১১ৰ লোকপিয়ল মতে) মুছলমান সম্প্ৰদায়ৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ১৩ শতাংশ, কিন্তু মাহেৱাত এই সংখ্যা মাত্ৰ এক শতাংশতকৈ অলপ বেছি। তথাপি মূলতঃ ফাটিমা আৰু আয়েশাৰ দৰে মুছলমান মহিলাই এই মুঞ্জ শিল্পকলাবিধক আগবঢ়াই নিছে। “আমি মহিলাসকলক প্ৰশিক্ষণ দিওঁ, কিন্তু শেষত মুঞ্জ শিল্প শিকি থকা মহিলাসকল এটা সম্প্ৰদায়ৰে থাকি যায়। আনসকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ নাহে। হয়তো তেওঁলোক আন কিবা কামত ব্যস্ত হৈ যায়,” ফাটিমাই কয়।

*****

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: ঘৰৰ ছাদৰ ষ্ট’ৰৰুমৰ সন্মুখত ফাটিমা আৰু আয়েশা, তাতেই শুকান ঘাঁহবোৰ ৰখা হৈছে। সোঁফালে: কাঁহিবনবোৰ কাটি আনি ক্ৰীম ৰং নধৰালৈকে সেয়া ৰ’দত শুকোৱা হয়। তাৰপিছত মুঠি মুঠি কৰি বান্ধি থোৱা হয়

মাহেৱাৰ নিজ ঘৰৰ বাৰান্দাত থিয় দি থকা ফাটিমাই ষ্ট’ৰৰুমটোৰ দৰ্জাখন খুলিলে, তাতে কঁহুৱাৰ শুকান পাতবোৰ ঘৰুৱা পেলনীয়া বস্তুৰ ওপৰত দম কৰি থোৱা আছে। “আমি কেৱল শীতৰ দিনত কঁহুৱা গোটাও (নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ) আৰু সেউজীয়া পাতবোৰ ফালো, ৰ’দত শুকুৱাও আৰু এঠাইত মজুত কৰি ৰাখো। ঘৰখনত এয়া আটাইতকৈ শুকান ঠাই আৰু ইয়াত বতাহ নোসোমায়। বৰষুণ আৰু বতাহত ইয়াৰ ৰং সলনি হৈ হালধীয়া হৈ পৰে,” তেওঁ কয়।

হালধীয়া হৈ পৰাটো পাতৰ বাবে ভাল লক্ষণ নহয়, ই ঠুনুকা হৈ পৰাৰ লক্ষণ আৰু তাৰ ওপৰত ৰং ধৰা টান হৈ পৰে। পাতল ক্ৰীম ৰঙৰ কঁহুৱা পাতত শিল্পীয়ে সহজতে যি ৰং বিচাৰে, সানিব পাৰে। এই কামটোৰ বাবে সতেজ পাতবোৰ মুঠি মুঠিকৈ বান্ধি সাৱধানে মুকলিত, নাইবা ৰ’দত বতাহ নথকা অৱস্থাত এসপ্তাহৰ বাবে শুকুৱাব লাগে।

ফাটিমাৰ শাহুুৱেক আয়েশা বেগমেও ওপৰলৈ উঠি আহি মজুত কৰি থোৱা পাতখিনি চালে। মুঞ্জ শিল্পৰ গুৰু ৫০ৰ দেওনা পাৰ কৰা আয়েশাই মনত পেলায় কেনেদৰে এটা সময়ত তেওঁলোকে অকণমান দূৰ খোজকাঢ়ি গৈ যমুনাৰ পাৰৰ পৰা যিমান লাগে সিমানখিনি কঁহুৱাবন সংগ্ৰহ কৰি আনিব পাৰিছিল। যোৱা কেইটামান দশকত নগৰীকৰণৰ প্ৰসাৰ আৰু উন্নয়নে নদীৰ পাৰ সংকুচিত কৰি আনিছে যিবোৰ ঠাই এটা সময়ত বনৰীয়া ঘাঁহ-জংঘলেৰে ভৰি আছিল।

“এতিয়া মাল্লাহ (নাৱৰীয়া) যিয়ে যমুনাৰ পাৰে পাৰে ঘূৰি ফুৰে, তেওঁলোকেই কঁহুৱা সংগ্ৰহ কৰে আৰু এক গাট্টা (প্ৰায় ২-৩ কিলোমান হ’ব) ৩০০ৰ পৰা ৪০০ টকা দৰত বিক্ৰী কৰে,” তেওঁ কাম কৰা চোতালখনলৈ আমি নামি আহো মানে আয়েশাই কয়। এক গাট্টা কঁহুৱাৰে এজন শিল্পীয়ে ১২ বাই ১২ ইঞ্চিৰ দুটা খদা কোনোমতে বনাব পাৰে যি দুটা মুঠ ১,৫০০ টকাত বিক্ৰী হয়, এনে খদা সাধাৰণতে গছপুলি ডাঙৰ কৰিবলৈ নাইবা কাপোৰ জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।

আকৌ কঁহুৱাৰ দৰেই, কিন্তু আকাৰত সৰু কিন্তু দীঘল আন এবিধ কাঁহিবন, যি ৭ৰ পৰা ১২ ফুট ওখ হয়, সেয়াও এই শিল্পকলাৰ বাবে গুৰুত্বপূৰ্ণ কেঁচামাল। এই পাতল বনৰ পাতে কাঁহিপাতবোৰ ধৰি ৰাখে। সামগ্ৰীবিধ বনোৱা শেষ হ’লে এই পাতবোৰ প্ৰায় নেদেখাৰ দৰেই হৈ পৰে। নদীৰ পাৰত প্ৰচুৰ পৰিমাণে পোৱা এই বনবিধৰ এমুঠি পাতৰ দাম ৫ৰ পৰা ১০ টকা মুঠি।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : এবিধ জোঙা ডাঙৰ বেজী চিৰাহীৰে আয়েশা বেগমে টুপ এটা বইছে সোঁফালে : তাৰে কাষে কাষে ডাঠ কাঁহিবনৰ পাতবোৰ পকাই পকাই বই তাক তেওঁ আকাৰ দিছে

ঘৰৰ চোতালতে বহি থকা আয়েশাই আকৌ কামত লাগিল। খৰাহি এটাৰ বাওটো বনোৱা কাম বাকী আছিল। কেইখনমান কেঁচী আৰু চোকা চুৰিকটাৰীৰে তেওঁ ঘাঁহৰ মিহি পাতবোৰ খৰকৈ কাটিছে, টানি উলিয়াইছে, ভৰাইছে, তাৰে মাজে মাজে জঠৰ পাতবোৰ বাল্টি এটাত ৰাখি থোৱা পানীত জুবুৰিয়াই লেহুকা কৰি বব পৰা কৰি লৈছে।

“মই মোৰ শাহুআইৰ পৰা (এই কাম কৰা) শিকিলো। মই সজা প্ৰথমটো বস্তু আছিল ৰুটি ৰখা খৰাহি, সেয়া ৩০ বছৰ আগৰ কথা, তেতিয়া মই এইখন ঘৰত নকইনা হৈ সোমাইছিলো,” আয়েশাই কয়। এবাৰ জন্মাষ্টমীত (শ্ৰীকৃষ্ণৰ জন্মদিন উদযাপন কৰা উৎসৱ) শ্ৰীকৃষ্ণৰ মূৰ্তিটো ওলমাই ৰাখিব পৰাকৈ সৰু দুলি থকা সামগ্ৰী এপদো তেওঁ সাজি উলিয়াইছিল।

গভীৰ কটা চিন থকা নিজৰ হাতদুখন দেখুৱাই তেওঁ কয়, “চুৰিকটাৰীৰ দৰে পাতল কিন্তু বৰ টান কাঁহিবন কাটোতে কেতিয়াবা আমাৰ হাতৰ আঙুলিত কটা যায়।” আগতে গোটেই ঘৰখনেই এই কামটোত লাগি যায়। এটা সময় আছিল যেতিয়া মহিলা আৰু ল’ৰা-ছোৱালীবোৰে কাঁহিপাতৰ পৰা সামগ্ৰীবোৰ সাজে আৰু পুৰুষে সেয়া বজাৰলৈ নি বিক্ৰী কৰিছিল। পৰিয়াল দুইৰ পৰা তিনিজনে একেলগে কাম কৰিলে আমি দিনে ৩০ টকা উপাৰ্জন কৰিব পাৰিছিলো, সেইখিনি ঘৰ চলাবলৈ পৰ্য্যাপ্ত আছিল।

এটা দশক আগৰ পৰা মুঞ্জ শিল্পৰ চাহিদা কমি আহিল, এই কামত লগা মহিলাৰ সংখ্যাও টুটি আহিল আৰু কেইপদমান বস্তুহে বজাৰত চলি থাকিল। কিন্তু অপ্ৰত্যাশিত ঘটনা এটা ঘটিল, যেতিয়া ২০১৩ত চৰকাৰে এক জিলা, এক পণ্য (অ’.ডি.অ’.পি.) আঁচনি আৰম্ভ কৰি সাত দশক পুৰণি কাঁহিবনৰ শিল্পক প্ৰয়াগৰাজ চহৰৰ কাৰণে সেই এক পণ্য হিচাপে বাচনি কৰিলে।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : ৫০ৰ দেওনা পাৰ কৰা আয়েশা বেগম এগৰাকী অভিজ্ঞ মুঞ্জ শিল্পী ' মই মোৰ শাহুআইক দেখি এই কামত হাত দিছিলো মই বনোৱা প্ৰথমটো সামগ্ৰী আছিল ৰুটি থোৱা এটা বাকচ , সেয়া ৩০ বছৰ আগৰ কথা ।' সোঁফালে : আয়েশাই সজা কেইটামান বিন আৰু খৰাহি

“অ’.ডি.অ.পি. হিচাপে পণ্যবিধৰ স্বীকৃতিয়ে মুঞ্জৰ চাহিদা আৰু বিক্ৰী বঢ়ালে আৰু আগতে কাম এৰি দিয়া শিল্পীয়ে এই কামত পুনৰ মনোনিৱেশ কৰিলে আৰু নতুন কিছুমানেও আগ্ৰহ দেখুৱালে,” প্ৰয়াগৰাজ জিলাৰ উদ্যোগ উপায়ুক্ত অজয় ছৌৰাছিয়াই কয়। অ’.ডি.অ’.পি. আঁচনিৰ অধীনত শিল্পীসকলক সুবিধা দিয়াবৰ বাবে গঠন কৰা ৰাজ্যিক নিকায় জিলা উদ্যোগ কেন্দ্ৰৰো তেওঁ মুৰব্বী। “এই কামৰ বাবে আগবাঢ়ি আমি মহিলাসকলক প্ৰশিক্ষণ আৰু কিট দিওঁ আৰু বছৰি ৪০০ মহিলাক প্ৰশিক্ষণ দিয়া আমাৰ লক্ষ্য,” তেওঁ কয়। ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিয়মীয়াকৈ মেলা আদি পাতি কেন্দ্ৰটোৱে এই শিল্পীসকলক সহায় কৰি আহিছে।

মাহেৱাৰ উদ্যোগী মহিলাসকলে মুঞ্জ শিল্পক আগবঢ়াই নিয়াৰ চৰকাৰী পদক্ষেপক আদৰণি জনাইছে আৰু নিজৰ আয় বঢ়োৱাৰ এই সুবিধা গ্ৰহণ কৰিছে। ফাটিমাই কয় যে তেওঁলোকে এতিয়া হোৱাটচআপত অৰ্ডাৰ পায় আৰু উপাৰ্জনখিনি মহিলাসকলৰ মাজত সমানে ভগাই লোৱা হয়।

অ’.ডি.অ.পি. আঁচনিয়ে তেওঁলোকৰ ঘৰৰ দুৱাৰমুখলৈ পুঁজি লৈ আহিলে। “এই আঁচনিয়ে আমাৰ বাবে ঋণৰো সুবিধা কৰি দিলে। মোৰ আত্মসহায়ক গোটটোৰ বহুতেই কাম আৰম্ভ কৰাৰ বাবে ১০ৰ পৰা ৪০ হাজাৰ টকাৰ ঋণ লৈছে,” ফাটিমাই কয়। এনে ঋণত ২৫ শতাংশ সাহায্য থাকে, মানে ঋণৰ মুঠ পৰিমাণৰ ২৫ শতাংশ ৰেহাই দিয়া হয়। বাকীখিনি তিনি মাহৰ ভিতৰত পৰিশোধ কৰিলে সুত দিব নালাগে, তাৰ পিছৰ মাহৰ পৰা বছৰেকত পাঁচ শতাংশ সুত দিব লাগে।

এই আঁচনিয়ে আন ঠাইৰ মহিলাসকলকো এই শিল্পকৰ্মত মনোনিবেশ কৰাব পাৰিব বুলি আশা কৰা হৈছে। আয়েশাৰ বিয়া হোৱা জীয়াৰী নাছৰিন ফুলপুৰ টেহচিলৰ আণ্ডাৱা গাঁৱত থাকে, তাৰ পৰা ১০ কিলোমিটাৰ দূৰত সেইখন গাওঁ। “ইয়াত একেবিধ ঘাঁহেই আগতে চালি বনোৱা কামত ব্যৱহাৰ কৰা হৈছিল, যাতে পানী নসৰকে,” শিক্ষা আৰু মনস্তত্বৰ স্নাতক ডিগ্ৰীধাৰী ২৬ বছৰ বয়সীয়া নাছৰিনে কয়। মুঞ্জৰ কামত সম্ভাৱনা থকা দেখি তেওঁ নিজেও এতিয়া সেই কাম শিকিব ধৰিছে।

PHOTO • Priti David
PHOTO • Priti David

আয়েশা বেগম আৰু ফাটিমা বিবিৰ চুবুৰীয়া , তেওঁৰ নামো আয়েশা বেগম , তেওঁ প্ৰতিটো মুঞ্জ খৰাহি ১৫০ৰ পৰা ২০০ টকাত বিক্ৰী কৰে এনেয়ে শুই - বহি থকাতকৈ মই টকা আৰ্জিব পাৰিছো আৰু মোৰ সময়বোৰো পাৰ হৈছে

বিশ বছৰ আগৰ কথা, কাঁহিবনেৰে বনোৱা ৰুটি থোৱা খৰাহি এটা ২০ টকাত বিক্ৰী হৈছিল। এতিয়া তেনে এটা খৰাহিৰ ১৫০ টকাত বিক্ৰী হয়, মূল্যবৃদ্ধি স্বত্ত্বেও এয়া ভাল আয় বুলিব পাৰি। সেই কাৰণতে ৬০ বছৰ বয়সতো ফাটিমাৰ চুবুৰীয়া, তেওঁৰ নামো আয়েশা বেগম, তেওঁ এই শিল্পকৰ্মৰ প্ৰতি গভীৰ আগ্ৰহী। তেওঁৰ চকুজুৰিৰ দৰে এই শিল্প ম্লান পৰা নাই, অৱশ্যে বেছি সময় কাম কৰিলে তেওঁ চকু আৰু পিঠিত কষ্ট পায়। “মই সজা প্ৰতিটো সামগ্ৰীৰ বাবদ ১৫০ৰ পৰা ২০০ টকা পাওঁ,” তেওঁ কয়। ঘৰৰ চোতালতে তেওঁ মজিয়াত ঢাৰি এখন পাৰি বহিছে, বেৰত আউজি লৈ খৰাহি এটাৰ কামত ধৰিছে।

“এই কাম শেষ কৰাৰ পিছত তেওঁৰ পিঠিৰ বিষ উঠিব,” তেওঁৰ কথা শুনি থকাৰ মাজতে তেওঁৰ স্বামীয়ে কয়। আগতে চাহ দোকান দি চলা মহম্মদ মাটিনক এই কাম পুৰুষেও দেখোন কৰিব পাৰে বুলি সোধাত তেওঁ হাঁহি মাৰি কয়, “কিছুমানে পাৰে, মই কিন্তু নোৱাৰো।”

আবেলিটো শেষ হৈ আহিব ধৰিছে, ফাটিমাৰ মাক আছমা বেগম সাজু হোৱা সামগ্ৰীবোৰ লৈ তেওঁ জীয়াৰীৰ ঘৰলৈ আহি পাইছে। ফাটিমাই সেইবোৰ তাৰে পৰৱৰ্তী দিনটোত প্ৰয়াগৰাজৰ আৱৰ্ত ভৱনত হ’বলগীয়া সৰু প্ৰদৰ্শনী এটাত দেখুৱাবৰ কাৰণে লৈ যাব। তেওঁ কৰা কাম দেখুৱাবলৈ আছমাই সুন্দৰকৈ বাও খটুওৱা খৰাহি এটা লৈছে। “গৰম আহাৰ ৰখা ক’ষ্টাৰ এখন সাজিবলৈ তিনিদিন পৰ্য্যন্ত লাগিব পাৰে। আপুনি এই কামটো লাহে-ধীৰে কৰিব লাগিব, নহ’লে ঘাঁহবোৰ ভাঙি যাব,” তেওঁ বুজাই কয়। অধিক নমনীয় আৰু লাহী সামগ্ৰী বনাবলৈ শিল্পীসকলে পাতল কাঁহিবন ব্যৱহাৰ কৰে। এনে সামগ্ৰী বনাবলৈ সময়ো বেছি লাগে, সেয়ে দামো বেছি হয়।

৫০ৰ দেওনা গৰকা আছমা এগৰাকী সুদক্ষ শিল্পী, তেওঁ অলপতে মাহেৱাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ তেওঁৰ নিজ ঘৰ থকা পিপিৰাসাত ৯০ গৰাকী মহিলাক মুঞ্জ শিল্পৰ প্ৰশিক্ষণ দিছে। তেওঁৰ তাত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ বয়স ১৪ৰ পৰা ৫০ বছৰ। “এয়া ভাল কাম। যিকোনো মানুহে শিকিব পাৰে, উপাৰ্জন কৰিব পাৰে আৰু জীৱনত আগুৱাই যাব পাৰে,” তেওঁ কয়। “যিমানদিন পাৰো এই কাম কৰিব যাম। মোৰ জীয়াৰী ফাটিমাই কৰা এই কামক লৈ মই সুখী।”

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : ফাটিমাৰ মাক আছমা বেগম ( বাওঁফালে , নীলা দোপাত্তা লোৱাগৰাকী ) পাকৈত মুঞ্জ শিল্প , তেওঁ মহিলাসকলক এই শিল্পৰ প্ৰশিক্ষণ দিয়ে ' যিকোনো মানুহে শিকিব পাৰে , উপাৰ্জন কৰিব পাৰে আৰু জীৱনত আগুৱাই যাব পাৰে ।' সোঁফালে : নিজে সাজি উলিওৱা ৰংচঙীয়া বাওৰ খৰাহি এটাৰ সৈতে আছমা

আছমাই চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল আৰু ১৮ বছৰ বয়সতে প্ৰায় দুই একৰ মাটি থকা ফাটিমাৰ দেউতাকলৈ বিয়া হৈ আহিছিল। প্ৰশিক্ষক হিচাপে আছমাই জিলা উদ্যোগ কেন্দ্ৰৰ পৰা মাহে ৫,০০০ টকা দৰমহা পায়। তাতে ছমহীয়া প্ৰশিক্ষণ লোৱা মহিলাই মাহে ৩,০০০ টকা দৰমহা পায়। “এই ছোৱালীবোৰ স্বতন্ত্ৰতা (অন্যথা নাপালেহেঁতেন) পাইছে আৰু নিজে কিবা এটা শিকি ঘৰতে থাকি উপাৰ্জন কৰিব পাৰিছে। কিছুমানে আকৌ এই উপাৰ্জনেৰে পঢ়া-শুনাৰ দিশত আগবাঢ়িব,” তেওঁ কয়।

মুঞ্জ শিল্পীসকলৰ বাবে এক সংগ্ৰহালয় আৰু কৰ্মশালা পতাৰ পৰিকল্পনা চলি আছে। “আমি সংগ্ৰহালয় এটাৰ কথা ভাবিছো যাতে দৰ্শকে আমি কৰা কাম চাব পাৰে আৰু প্ৰশংসা কৰিব পাৰে। অতিশয় নিপুণতাৰে সজা পণ্যবোৰ তাত থাকিব আৰু কেনেকৈ সেয়া সজা হয় সেয়া আপুনি চাব পাৰিব,” ফাটিমাই কয়। সংগ্ৰহালয়টোৰ সৈতে লগ লাগি থকা কৰ্মশালাটোৱে আৰু মহিলাক এই কামৰ বাবে আগবাঢ়ি অহাত উৎসাহ যোগাব। যোৱাবছৰ, ছৌৰাছিয়াই কোৱা মতে কেন্দ্ৰ চৰকাৰে এখন শিল্পগ্ৰাম নিৰ্মাণৰ বাবে ৩ কোটি টকা আবণ্টন দিছে, তাতেই এই সংগ্ৰহালয়টো থাকিব। “কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ দৰকাৰ হ’ব,” তেওঁ যোগ দিয়ে।

“কৰ্মশালাত কিছুমানে কেৱল শিপিনীৰ কাম কৰিব, কিছুমানে ৰং দিয়া কাম কৰিব - মুঠৰ ওপৰত কামবোৰ সুন্দৰকৈ ভগাই দিয়া হ’ব। মুঞ্জ শিল্পীসকলে একেলগে বহি কাম কৰাৰ মজাই বেলেগ হ’ব,” লাহী অথচ সুদৃঢ় কাঁহিবনেৰে বোৱা ভৱিষ্যতৰ কথা ভাবি ফাটিমাই কয়।

লেখকে প্ৰয়াগৰাজস্থিত চেম হিগিনবটাম ইউনিভাৰ্ছিটি অৱ এগ্ৰিকালচাৰ , টেকনলজি আৰু চায়েন্সেজ (SHUATS) প্ৰফেছৰ জাহানাৰা আৰু প্ৰফেছৰ আৰিফ ব্ৰডৱেক তেওঁলোকে অতি আগ্ৰহেৰে কৰা সহায়ৰ বাবে ধন্যবাদ জনাইছে

অনুবাদ: পংকজ দাস

Reporter : Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Editor, PARI Education. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das