এই কথাই কোনো অসুবিধা দিয়া নাছিল যে ছাগলীবোৰ সদায় অৰণ্যতে আছিল। কুকুৰনেচীয়া বাঘ আৰু আন বাঘবোৰ অহাৰ আগতে সিহঁত বহু যুগৰ আগৰে পৰা তাৰ আদিম বাসিন্দা আছিল নে সিহঁত আন কোনো ঠাইৰহে বাসিন্দা আছিল, কিন্তু আশ্ৰয় বিচাৰি এই ঠাইলৈ আহিছিল সেই কথাৰ পাৰ্থক্যই নাছিল। সিহঁত বনৰীয়া আছিল, কথা সেইটোৱেই।

পুৰাতন পৰিদৃশ্যৰ ধ্বংস আৰু প্ৰদূষণ কৰি স্থানীয় প্ৰাণীকুলৰ সৈতে অৰণ্য ভূমিৰ সম্পদৰ ওপৰত প্ৰতিযোগিতাৰ এটা হুমকি, অন্য গছ-গছনি আৰু জীৱিত প্ৰজাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি। সেইবোৰ হ’ল ৰোগৰ পৰিবাহক। সবাতোকৈ ডাঙৰ কথাটো হ’ল তথ্যগত কোনো বংশাৱলীৰ প্ৰমাণ নথকা, বহু বছৰে ধৰি থকা মাটিকণৰ ওপৰত প্ৰকৃত কোনো অধিকাৰ নথকা সিহঁতৰ পূৰ্ব-পুৰুষ সন্দেহজনক। সিহঁতক এতিয়া অৰণ্যখনৰ সীমাৰ বাহিৰলৈ উলিয়াই দিবলগীয়া হ’ল। সিহঁতক বস্তিবোৰত ৰখাটোৱেই যথেষ্ট নহয়, সিহঁতক পোতাশালত থোৱা হ’ব। সিহঁতক ইতিহাসৰ পৰা বাহিৰ কৰি দিয়াই যথেষ্ট নহয়, সিহঁতক জোৰ কৰি উচ্ছেদ কৰা হৈছিল আৰু সিহঁতক যিবোৰ ঠাইৰ পৰা আহিছিল সেইবোৰলৈ ওভোটাই পঠোৱা হৈছিল। তালিকা বনাবলগীয়া হৈছিল, প্ৰতিটো বনৰীয়া জন্তুকেই সি লুকাই থকা ঠাইৰ পৰা বাহিৰলৈ উলিয়াই আনিবলগীয়া হৈছিল, তাৰ পিচত বেবাই থকা সোপাকে ওভোটাই পঠিয়াই নীৰৱ কৰি দিয়া হৈছিল। সীমালংঘনকাৰীৰ পৰা ভৱিষ্যতলৈ অৰণ্যখন সুৰক্ষিত কৰাটো দৰকাৰ আছিল।

নতুন চৰকাৰী অৰণ্যৰ মাটিখিনি তৰপীয়া কাঁইটীয়া তাঁৰেৰে বেৰা দিয়া সিদ্ধান্তৰ কাম যুদ্ধকালীন ক্ষীপ্ৰতাৰে আগবাঢ়িছিল। খুব কম সময় অথবা অনতিপলমেই, শাৰী শাৰী বিদ্যুৎ প্ৰৱাহিত ইস্পাতৰ কুণ্ডলীয়ে ঘৃণাৰে ভৰা বতাহত আঘাত হানি অৰণ্যৰ পৰিসীমাত ৰেখা টানিলে। বাহিৰৰ পৰা ইস্পাতৰ কাঁটা তাঁৰত ওলমি থকা প্ৰাণীবোৰৰ ‘মাআআাআহ মাআআআহ’কৈ এক আহত কান্দোন শুনা গ’ল, ঘৰ-ৱাপছিৰ বাবে আবেদনৰ দৰে, ক্ৰমে এন্ধাৰ হৈ অহা আকাশখনত ৰঙচুৱা কমলাৰঙৰ লহিওৱা বেলিটোৰ দৰে।

অংশু মালবিয়াই হিন্দী ভাষাত কৰা আবৃত্তি কৰা কবিতাটো শুনক

প্ৰতিষ্ঠা পাণ্ড্যই ইংৰাজী ভাষাত কৰা আবৃত্তি কৰা কবিতাটো শুনক

ঘৰ -ৱাপছিৰ বাবে আবেদন

হে চৰম ৰাষ্ট্ৰবাদীসকল!
অনুগ্ৰহ কৰি মোৰ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা!

সেইটো তুমি যিয়েই বোলা – ঘৰ নতুবা পূৰ্বৰ অৱস্থা।
পূৰ্বৰ ধৰ্ম, পূৰ্বৰ জাতি,
পূৰ্বৰ সংস্কৃতি, পূৰ্বৰ উৎস, গৰ্ভ...
আমি শিপা বিচাৰি যোৱাৰ আমাৰ এক অধিকাৰ আছে
আৰু মানুহে যাতে তেওঁলোকৰ শিপা বিচাৰি পায় তাক নিশ্চিত কৰাটো
তোমালোকৰ এক বাধকতা।

হে বিষ্ণু! হে ব্ৰহ্মা!
এই উজ্বল জ্যোতিৰ্লিংগটোৰ অস্তিত্বৰ মূলটো
তোমালোকে বিচাৰি উলিয়াব লাগিব
বিচাৰিব লাগিব তাৰ অন্ত,
আৰু তেনেকৈয়ে দেখুৱাব লাগিব মোৰ ঘৰ
হে গোড়া ৰাষ্ট্ৰবাদীসকল!

যি দৰে তোমালোকে ৰহিংগীয়াসকলক
ম্যানমাৰলৈ ওভোতাই পঠাবা
‘বসুদেৱায় কুটুম্বকম’ৰ আহ্বান ক্ৰমে
যিদৰে বাংলাদেশীসকলক বাংলাদেশলৈ পঠোৱা হ’ব
সকলো মুছলিমক পাকিস্তানলৈ
যি দৰে সকলো আলজেৰীয়াৰ লোকেই ফ্ৰান্স এৰিব
সকলো ৰোমাক জাৰ্মানীৰ পৰা ঘৰলৈ ওভতাই পঠোৱা হ’ব
যিদৰে শ্বেতকায় আমেৰিকাৰ লোক সকলে
যুক্তৰাষ্ট্ৰ এৰি ইউৰোপলৈ যাব
আৰু সকলো হিন্দুৱেই মৰিছাছৰ পৰা, ছুৰিনামৰ পৰা
স্বৰ্গভূমিলৈ উভতি যাব।
যিদৰে আমি সকলো আফ্ৰিকালৈ যামগৈ
আদিম সেই মাতৃক বিচাৰি
ভাইয়াসকল মুম্বাই আৰু আহমেদাবাদৰ পৰা
উভতি যোৱাৰ দৰে
গুজৰাটীসকলে দিল্লী এৰি যোৱাৰ দৰে
আদিবাসীসকল অৰণ্যলৈ উভতি যোৱাৰ দৰে
(অহ! মই দুঃখিত। চৰকাৰক অৰণ্যখন লাগে বুলি ভাবিছোঁ!)
অনুগ্ৰহ কৰি, মোক মোৰ ঘৰ ওভোতাই দিয়া।

আৰু কেৱল মোকেহে কিয়,
আনকি তোমালোকো লগত অহা উচিত – আমি সকলো যাব লাগিব
উভতি যোৱা ...উভতি যোৱা...
হাতে ভৰিয়ে খোজ কাঢ়ি,
গছ বগাই, বোকাত পোত গৈ,
পাতৰ মাজত ডুব গৈ,
ছেপেটা পেলুৰ দৰে স্ব-মিলনৰত হৈ,
মাছৰ দৰে আমাৰ ফুলেৰে উশাহ লৈ
আমাৰ ঘৰ বিচাৰি ওভতনি যাত্ৰা।

মূলৰ এই অথাই সাগৰখনত
আহা আমি এককোষী কৃমি হৈ পৰোঁ
যি চেতনাৰ আদিম অৱস্থাত,
খায় আৰু কিলবিলাই ফুৰে...

ঈশ্বৰৰ আনন্দময় উপস্থিতিত
শৰীৰৰ আৱৰণ আঁতৰাই – আহাঁ আমি এক হওঁ।
এক অধিভৌতিক ডিএনএৰ সন্ধানত
মূললৈ উভতি যোৱা এই বিশাল সমদল,
প্ৰাগ-ঐতিহাসিক বাসস্থানলৈ, আদিম উৎসলৈ
এই আধ্যাত্মিক বিশাল-সম্পৰীক্ষা,
এই বতাহত কঁপি থকা ধৰ্মীয় পতাকাবোৰে, বজাৰত যুদ্ধৰ দামামাই
এই কোলাহল...এই হৈ চৈ,
আহাঁ আমি সেই কৃষ্ণ গহ্বৰটোলৈ উভতি যাওঁ।
জোৰদাৰ শব্দেৰে মানৱতাক তাৰ শেষ প্ৰান্তত উপনীত হ’বলৈ দিয়া
মূলৰ সৈতে পুনৰ্মিলিত হোৱাঁ
আহাঁ আমি আগবাঢ়ি যাওঁ
এটা সন্মিলিত আদিম আত্মহত্যাৰ দিশে

হে অতিৰাষ্ট্ৰবাদীসকল!

অনুবাদ: ৰুবী বৰুৱা দাস

Poem and Text : Anshu Malviya

এলাহাবাদ নিবাসী অংশু মালব্য একজন হিন্দিভাষী কবি, এ যাবত তাঁর কবিতার তিনটি সংকলন প্রকাশিত হয়েছে। এ ছাড়াও একজন সামাজিক ও সাংস্কৃতিক কর্মী হিসেবে তিনি শহরের হতদরিদ্র মানুষ, অসংগঠিত শ্রমিক ও সামগ্রিক ঐতিহ্যের উপর কাজ করছেন।

Other stories by Anshu Malviya
Illustrations : Labani Jangi

২০২০ সালের পারি ফেলোশিপ প্রাপক স্ব-শিক্ষিত চিত্রশিল্পী লাবনী জঙ্গীর নিবাস পশ্চিমবঙ্গের নদিয়া জেলায়। তিনি বর্তমানে কলকাতার সেন্টার ফর স্টাডিজ ইন সোশ্যাল সায়েন্সেসে বাঙালি শ্রমিকদের পরিযান বিষয়ে গবেষণা করছেন।

Other stories by Labani Jangi
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das