‘মই বৰ সুখী হৈছিলোঁ, নমস্কাৰ জনাইছিলোঁ। তেখেতে (ৰাষ্ট্ৰপতিয়ে) মোক প্ৰতি-সম্ভাষণ জনাই কৈছিল- ৰাষ্ট্ৰপতি ভৱনলৈ স্বাগতম,’ পদ্মশ্ৰী সন্মান লাভ কৰা কমলা পূজাৰীয়ে এই বছৰ মাৰ্চ মাহত নতুন দিল্লীলৈ বঁটা গ্ৰহণৰ বাবে যোৱাৰ দিনটো মনত পেলাই কৈ গ’ল।

বীজ সংৰক্ষণৰ ক্ষেত্ৰত কৰা সাধনাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে কমলাজীক সেই সন্মান প্ৰদান কৰিছিল(বেটুপাতৰ আলোকচিত্ৰখনত কমলাজী)। কমলাজীয়ে আজিৰ পৰা চাৰিটা দশক পূৰ্বে বিয়া হোৱাৰ পিছত ওড়িশাৰ কৰাপুত জিলাৰ পাত্ৰপুত অঞ্চললৈ অহাৰ দিনধৰি থলুৱা বীজ সংৰক্ষণৰ কামত লাগিছিল। তেতিয়া গাঁৱৰ মানুহে প্ৰায় ১৫ বিধ মান থলুৱা ধানৰ খেতি কৰিছিল। কালাজিৰা, গোথিয়া, হালাদিচুড়ি, উমুৰিয়াচুড়ি, মাচ্ছাকাণ্টা, ভুড়েই, ডৰিয়াকাবুৰি আদি বিভিন্ন ধানৰ খেতিৰে পথাৰ উপচি পৰিছিল।

‘প্ৰতিটো পৰিয়ালেই দুই-তিনি বিধ ধানৰ খেতি কৰিছিল, প্ৰতি বিধেই আছিল ভিন্ন গুণসম্পন্ন,’ কমলাই কয়। ‘শস্য চপোৱাৰ পিছত খেতিয়কে শস্যৰ দানা আৰু বীজ বিনিময় কৰিছিল। তেনেদৰেই গাঁৱৰ মানুহৰ হাতলৈ ভিন্ন প্ৰজাতিৰ বীজ আহিছিল।’

কিন্তু যোৱা ২৫ বছৰ মানৰ পৰা পথাৰত ধানৰ প্ৰজাতিৰ বৈচিত্ৰ কমিবলৈ ধৰে। ‘থলুৱা প্ৰজাতিৰ বৈচিত্ৰ নাইকিয়া হ’বলৈ ধৰা মোৰ চকুত পৰিল। মোৰ মনলৈ ভাৱ আহিল যে সেয়া মই সংৰক্ষণ কৰা উচিত,’ তিনি কুৰি বছৰ গৰকা ভুমিয়া জনজাতি সম্প্ৰদায়ৰ কমলাজীয়ে কয়।

ডাঙৰ পৰিয়ালবোৰ ভাগি ক্ষুদ্ৰ পৰিয়াল হ’ল, সকলোৱে অধিক উৎপাদনক্ষম সংকৰ প্ৰজাতিৰ খেতিত গুৰুত্ব দিলে। ফলত ধানৰ বৈচিত্ৰ লোপ পাবলৈ ধৰিলে, কমলাই কয়। অৱশ্যে এই পৰিৱৰ্তনৰ সোঁত বোৱাই অনাত চৰকাৰী নীতিয়েও ইন্ধন যোগাইছিল। ‘গঢ় মানৰ তুলাচনীত যোগ্য বিবেচিত নোহোৱা বাবে আটাইবোৰ ভিন্ন প্ৰজাতিৰ ধান বজাৰ(চৰকাৰী বীজ আহৰণ কেন্দ্ৰ)ত গ্ৰহণ কৰা নহয়,’ কমলাজীৰ পুত্ৰ টংকধৰ পূজাৰীয়ে কয়। ‘কেতিয়াবা কিছুমান প্ৰজাতিৰ ধান যেনে মাচ্ছাকাণ্টা মানসম্পন্ন হ’লে বজাৰত বিক্ৰী হয়। সাধাৰণতে আমি মাচ্ছাকাণ্টা আৰু হালাদিচুড়িৰ খেতি ঘৰত খাবলৈ কৰোঁ আৰু বজাৰত বিক্ৰীৰ বাবে ‘চৰকাৰী ধান ১০১০’ ধানৰ(এক নতুন সংকৰ প্ৰজাতি) খেতি কৰোঁ।’ 

Seeds storage in Nuaguda seed bank. Seeds stored in earthen pots are treated with neem and custard apple leaves to keep pests and fungus away. Seeds stored in air-tight plastic jars are labelled. Currently in the seed bank, there are 94 paddy and 16 ragi varieties
PHOTO • Harinath Rao Nagulavancha
Seeds storage in Nuaguda seed bank. Seeds stored in earthen pots are treated with neem and custard apple leaves to keep pests and fungus away. Seeds stored in air-tight plastic jars are labelled. Currently in the seed bank, there are 94 paddy and 16 ragi varieties
PHOTO • Harinath Rao Nagulavancha

ভালেমান থলুৱা ধানৰ প্ৰজাতি কৰাপুত জিলাৰ খেতি পথাৰৰ পৰা অদৃশ্য হ’বলৈ ধৰিছে, সৰু-সুৰাকৈ হে ক’ৰবাত বিশেষ উদ্দেশ্যত কেতবোৰ পৰম্পৰাগত ধানৰ খেতি কৰা হয়। প্ৰায়ভাগ বীজ কেৱল বীজ বেংকতহে পোৱা যায়। যেনে ৯৪ বিধ প্ৰজাতিৰ বীজ আৰু ১৬ বিধ ৰাগীৰ বীজ সংৰক্ষণ কৰি ৰখা নৌগুড়া গাঁৱৰ এই বেংকটো 

কমলাজীয়ে যেতিয়া থলুৱা প্ৰজাতিবোৰ নাইকিয়া হ’বলৈ ধৰা দেখিছিল, তেতিয়া পাত্ৰপুত এলেকাৰ পৰা ২০ কিলোমিটাৰ মান ব্যাসাৰ্ধৰ ভিতৰৰ গাওঁবোৰলৈ পদব্ৰজে ঘুৰি কমলাজীয়ে সংৰক্ষণৰ বাবে বীজ বিচাৰি চলাথ কৰিছিল। ‘ৰাস্তাবোৰ সুচল নাছিল, হাবি-বনে আগুৰি আছিল,’ কমলাজীয়ে মনত পেলালে। কেতিয়াবা বীজ সংগ্ৰহ কৰিবলৈ যিখন গাঁৱত যায়, সেই গাঁৱতেই ৰাতি কটাবলগীয়া হৈছিল।

কমলাজীয়ে সংগৃহীত বীজ ঘৰতে মজুত কৰা আৰম্ভ কৰিলে আৰু পৰিয়ালৰ দুই একৰ মাটিত অলপ অলপকৈ কিছুমান সিঁচিবলৈ ল’লে। সময় বাগৰিল, কমলাজীয়ে সেই বীজবোৰ ঘৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত এম. এছ. স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেছনৰ জেপুৰত ২০০১ত স্থাপন কৰা শাখাৰ বীজ বেংকত জমা থ’বলৈ আৰম্ভ কৰে।

চুবুৰিৰ প্ৰায়বোৰ পৰিয়ালে ‘কেৱল দুটা প্ৰজাতিৰ (মাচ্ছাকাণ্টা আৰু হালাদিচুড়ি) খেতি এতিয়াও কৰে,’ জেপুৰ খণ্ডৰ দংগৰসিঞ্চি পঞ্চায়তৰ কাঞ্জেইপাত্ৰপুত গাঁৱৰ পৰা তিনি কিলোমিটাৰ মান দূৰৰ ১১৯টা পৰিয়াল থকা পাত্ৰপুত চুবুৰিত লগ পাওতে কমলাজীয়ে এই কথা জনাইছিল। ৯৬৬ জনসংখ্যাৰ গাওঁখন (চুবুৰিবোৰৰ পৰিয়ালকে ধৰি)ৰ ৩৮১ গৰাকী অনুসূচিত জনজাতিৰ।

কমলাজীৰ দুই একৰ মাটিত ঘাইকৈ তেওঁৰ ৩৫ বৰ্ষীয় পুত্ৰ টংকধৰেই খেতি কৰে। মাচ্ছাকাণ্টা আৰু হালাদিচুড়িৰ খেতি কম পৰিমাণে কৰাৰ বাদে অইন কোনো পাৰম্পৰিক প্ৰজাতিৰ খেতি তেওঁলোকে আজিকালি নকৰে। প্ৰায় এটা দশক আগতেই তেওঁলোকে থলুৱা প্ৰজাতিৰ খেতিৰ পৰিৱৰ্তে অধিক উৎপাদনশীল সংকৰ প্ৰজাতিৰ খেতি কৰিবলৈ লয় বুলি টংকধৰে জনায়।

Tankadhar Pujhari, Kamala Pujhari’s son, at their one-acre lowland paddy farm in Patraput hamlet
PHOTO • Harinath Rao Nagulavancha
Budra Pradhan shows the difference in two paddy varieties. While both the seeds are in dark brown color, the one on the left have [or top; depending on the photo orientation] more golden touch, from tip to the center. And the one on the right has golden color just at tip and on edges
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ ‘আমি কিমান উৎপাদন কৰোঁ তাৰ ওপৰতেই আমাৰ আয় নিৰ্ভৰ কৰে,’ টংকধৰ পুজাৰীয়ে কয়। সোঁফালেঃ বুদ্ৰ প্ৰধানে আমাক দুই ধৰণৰ ধানৰ প্ৰজাতি দেখুৱাইছে 

‘আমি কিমান উৎপাদন কৰোঁ তাৰ ওপৰতেই আমাৰ আয় নিৰ্ভৰ কৰে, তেওঁ কয়। ‘এটা কিম্বা দুটা পাৰম্পৰিক প্ৰজাতিৰ খেতি কৰি ৬ৰ পৰা ১০ কুইণ্টল উৎপাদন হয়। অধিক উৎপাদনশীল সংকৰ প্ৰজাতিৰ পৰা হোৱা উৎপাদনৰ তুলনাত (১৫ৰ পৰা ১৮ কুইণ্টল) এয়া তেনেই কম। উৎপাদন কম হ’লে মই পৰিয়াল কেনেদৰে চলাম? তাৰোপৰি ভালেমান প্ৰজাতিৰ উৎপাদিত শস্য বিক্ৰী কৰাতকৈ এবিধ বিক্ৰী কৰা সহজ।’ 

পৰিয়ালৰ পৰা পোৱা চাপ স্বত্বেও কমলাজীয়ে বীজ সংৰক্ষণৰ কাম কৰি গ’ল। তাৰ বাবে কমলাজীয়ে বিভিন্ন পুৰস্কাৰো পাইছে। ২০০২ত জেপুৰৰ আদিবাসী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি কমলাজীয়ে জোহেঞ্চবাৰ্গত ‘ইকুৱেটৰ ইন্নিচিয়েটিভ’ বঁটা গ্ৰহণ কৰে। ২০০৯-১০ত পঞ্চৱতী গ্ৰাম্য উন্নয়না সমিতি (এমএছএছআৰএফ-ৰ সহযোগত স্থাপিত এক গ্ৰামীণ বিকাশ সংস্থা য’ত কমলাজীয়ে উপ-সচিব পদত কাৰ্যনিৰ্বাহ কৰি আহিছে)ৰ হৈ উদ্ভিদৰ বৈচিত্ৰতা আৰু কৃষকৰ অধিকাৰ প্ৰাধীকৰণ (চমুকৈ পিপিভিএফআৰএ)ৰ দ্বাৰা স্থাপিত ‘প্লাণ্ট জিনোম চ্যেভিঅ’ৰ কমিউনিটি বঁটা’ গ্ৰহণ কৰে।

উদ্ভিদ কৃষি বৈচিত্ৰতাৰ সংৰক্ষণৰ বাবে খ্যাতনামা অভিলেখ থকা কৃষক নাইবা সামূহিক সংস্থাৰ পৰা লাভ কৰা দৰ্খাস্তৰ ভিত্তিত এই বঁটা দিয়া হয়। পিপিভিএফআৰএ ভাৰত চৰকাৰৰ এক সংস্থা। ২০০৫ত কৃষি বিভাগৰ অধীনত স্থাপন কৰা এই বিভাগটোৱে পিপিভিএফআৰএ আইন, ২০০১খনৰ ৰূপায়ণৰ কাম কৰে। থলুৱা প্ৰজাতিৰ সংৰক্ষণ, খেতি, বিৱৰ্তন অথবা উৎপৰিৱৰ্তন ঘটোৱা প্ৰজনন বিদ আৰু খেতিয়কক সংস্থাটোৱে স্বত্ব আগবঢ়ায়। 

কিন্তু পদ্মশ্ৰী কিম্বা পিপিভিএফআৰএ- কোনো এটাও কমলাজীক তেঁওৰ উৎপাদিত আৰু বৰ্তমান সংৰক্ষিত বীজৰ অধিকাৰ পোৱাত সহায় কৰিব পৰা নাই। আনকি তেওঁ পিপিভিএফআৰএ-ৰ কথা নাজানিছিল আৰু অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলিও জনা নাছিল। উদাহৰণ স্বৰূপে কালাজিৰাৰ অধিকাৰ ২০১৩ৰ ৮ অক্টোবৰৰ পৰা ওড়িশাৰ হৰিচন্দ্ৰপুৰৰ যোগেন্দ্ৰ চাহুৰ হাতত আছে (২০১৮ৰ ৭ অক্টোবৰলৈকে তেওঁৰ হাতত থাকিব)। প্লাণ্ট ভেৰাইটি জাৰ্নাল অব ইণ্ডিয়াত ২০১৩ৰ জুন মাহত কালাজিৰাৰ বাবে যোগেন্দ্ৰৰ স্বত্বৰ দৰ্খাস্ত প্ৰকাশ কৰা হৈছিল। আইনখনত কোৱা হৈছে যে কমলাজী নাইবা আন যিকোনো খেতিয়ক বা সম্প্ৰদায়ে সেই স্বত্ব নিজৰ বুলি সাব্যস্ত কৰিবলৈ উক্ত দাবীৰ বিৰুদ্ধে তিনি মাহৰ ভিতৰত আপত্তি দাখিল কৰিব লাগিছিল।

Chandramma Masia at her house in Nuaguda
PHOTO • Harinath Rao Nagulavancha
Rukmani Khillo set to pack and store Machhakanta and Muktabali rice varieties for the next sowing season
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ নৌগুড়া চুবুৰিৰ চন্দ্ৰমা মাচিয়াই জনায় যে দেশী ধান এৰি তাইৰ পৰিয়ালটোৱে ‘উন্নত’ প্ৰজাতিৰ ধানৰ খেতি আৰম্ভ কৰিছে। সোঁফালেঃ ৰুক্মণি খিল্লোৱে থলুৱা উৎসৱৰ বাবে আধা একৰ মাটিত মুক্তাবালি আৰু দুই একৰ মাটিত মাচ্ছাকাণ্টাৰ খেতি কৰে 

কিন্তু কমলাজীয়ে আলোচনীখন নপঢে। দৰাচলতে বহু কৃষকেই পিপিভিএফআৰএ-ৰ কথা নাজানে। এইটোও নাজানে যে তেওঁলোকে বছৰ বছৰ ধৰি খেতি কৰি অহা বীজৰ স্বত্ব দাবী কৰিব পাৰি। তাৰমানে প্ৰথমে দাবী দাখিল কৰা জনে স্বত্ব লাভ কৰে। সেয়ে বাণিজ্যিক দিশত কালাজিৰাই সফলতা লাভ কৰিলে আগন্তুক ৯ বছৰৰ বাবে যোগেন্দ্ৰই অকলে সেই মুনাফা লাভ কৰিব। ২০১৯ৰ মে’ লৈকে পিপিভিএফআৰএ-এ ৩,৫৩৮ বিধ ভিন্ন বীজৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে, তাৰে ১,৫৯৫ খন কৃষকৰ হাতত আছে। বাকীবোৰ বীজৰ ব্যক্তিগত কোম্পানী, গৱেষক বিশ্ববিদ্যালয় অথবা ব্যক্তিগত বাণিজ্যিক বীজ প্ৰজনন বিদৰ হাতত আছে।

কৃষি কৰ্মীয়ে আঙুলিয়াই দি কয় যে কোনো কৃষক নাইবা সমুদায়ে নিজাকৈ ভিন্ন প্ৰজাতি সৃষ্টি কৰিব নোৱাৰিলে তেনে অধিকাৰ পাব নোৱাৰে। ‘পথাৰত যতি নপৰাকৈ বছৰে বছৰে বীজ সিঁচি খেতি কৰিলেহে বীজ বাচিব, অইন প্ৰকাৰে (স্বত্ব আৰু প্ৰমাণপত্ৰ) নহয়,’ কমলাজীয়ে কয়।

খেতি ঠন ধৰি নুঠাৰ ফলত প্ৰায়বোৰ প্ৰজাতিৰ ভিন্নতা নাইকিয়া হ’বলৈ ধৰিছে। কাঞ্জেইপাত্ৰপুতৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰৰ কুন্দুৰা খণ্ডৰ লিম্মা গাঁৱৰ নৌগুড়া চুবুৰিৰ ভুমিয়া জনজাতিৰ ৫৫ বৰ্ষীয় মহিলা চন্দ্ৰম্মা মাচিয়াই কয় যে তাইৰ পৰিয়ালেও থলুৱা ধান(পাৰম্পৰিক প্ৰজাতি)ৰ পৰিৱৰ্তে এক ‘উন্নত’ প্ৰজাতিৰ খেতি কৰিবলৈ লৈছে। ‘আমি ১৮-২০ কুইণ্টল ধান পাও (এই নতুন ‘উন্নত’ প্ৰজাতিৰ পৰা)। উৎপাদন ভাল হোৱা দেখি চুবুৰিৰ গাঁওবোৰৰ খেতিয়কেও বীজ বিচাৰি মোৰ কাষ চাপিছে,’ চন্দ্ৰম্মাই কয়। চন্দ্ৰম্মাই পৰিয়ালৰ বাবে আধা একৰ মাটিত ১০০ দিনীয়া বাম মাটিৰ থলুৱা প্ৰজাতি পান্ধাকাগুড়াৰ খেতি কৰে।

একেদৰে ৪০ বৰ্ষীয় ৰুক্মণি খিল্লো নামৰ পাৰোজা সম্প্ৰদায়ৰ জনজাতীয় খেতিয়কগৰাকীয়েও আধা একৰ মাটিত মুক্তাবালি আৰু দুই একৰ মাটিত মাচ্ছাকাণ্টা খেতি কৰে। ‘সিঁচাৰ দিন ধৰি মুঠ ৯০ৰ পৰা ১০০ দিনৰ ভিতৰত এই খেতি চপাব পাৰি (আন কিছুমান ধানত ১২০ৰ পৰা ১৪০ দিন লাগে), আৰু স্থানীয়ভাৱে এই হ্ৰস্বম্যাদী প্ৰজাতিৰ ধানৰ চাহিদা ভাল,’ লিম্মা গাঁৱৰেই ঝোলাগুড়া চুবুৰিৰ ৰুক্মণিয়ে কয়।

Raimati Ghiuria has packed Kalajira, close to 10 quintals, in a large bamboo basket, which she will open before the sowing season or during the Nuakhai festival
PHOTO • Harinath Rao Nagulavancha
“We have our first meal of year, cooked from grain produced that year, only after submitting the food to our village goddess, ‘Gaon Budhi Thakurani’,” says Damo Paroja
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ ৰাইমাতি ঘিউৰিয়াই সিঁচিবলৈ আৰু নৌখাই উৎসৱৰ বাবে এটা খৰাহিত কালাজিৰাৰ বীজ লৈছে। সোঁফালেঃ আমি বছৰটোৰ প্ৰথম সাজ ভাত সেই বছৰটোতে উৎপাদিত শস্যৰ এভাগ গাঁৱৰ দেৱীক আগবঢ়োৱাৰ পিছত খাওঁ, দামু পাৰোজাই কয় 

কমলাজীৰ ৪২ বৰ্ষীয় জীয়ৰী ৰাইমতি ঘিউৰিয়াই নৌগুড়াত থকা পৰিয়ালৰ ছয় একৰ মাটিত থলুৱা প্ৰজাতিৰ খেতি কৰে। চুবুৰিটো পাত্ৰপুতৰ পৰা ৩৫ কিলোমিটাৰ দূৰত আছে। এই বছৰ ৰাইমতিয়ে কালাজিৰা, মাচ্ছাকাণ্টা, হালাদিচুড়ি, গোথিয়া, ডাঙাৰ আৰু বৰিকাবুৰিৰ খেতি কৰিছে। ‘ছয় একৰ খেতিমাটিৰ দুই একৰ মাটিৰ ধানেই আমাৰ দহজনীয়া পৰিয়াল বাবে যথেষ্ট। বাকীখিনি আমি বিক্ৰী কৰোঁ (স্থানীয় খেতিয়কলৈ)। এই আটাইকেইটা প্ৰজাতি হ্ৰস্বম্যাদী,’ ৰাইমতিয়ে কয়।

ছেপ্তেম্বৰ-অক্টোবৰ মাহত উদযাপিত জনজাতীয় উৎসৱ নৌখাইৰ সময়ত থলুৱা প্ৰজাতিৰ ধানৰ প্ৰয়োজন হয় বাবে হ্ৰস্বম্যাদী থলুৱা প্ৰজাতিৰ ধান স্থানীয়ভাৱে ভাল বিক্ৰী হয়। ‘আমাৰ গাঁৱৰ দেৱী গাওঁ বুধি ঠাকুৰাণীলৈ ন-ধানৰ চাউল আগবঢ়াই আমি সেই ঋতুতে কৰা চাউলেৰে এসাজ  ৰান্ধি খাওঁ। সিদিনা আমি মেচিনত খুন্দা চাউল নাখাই হাতেৰে খুন্দা চাউলৰ ভাত খাওঁ,’ কুন্দুৰা খণ্ডৰ কুন্দুৰা গাঁৱৰ পাৰোজা জনজাতীয় সম্প্ৰদায়ৰ ৩৮ বৰ্ষীয় দামু পাৰোজাই কয়।

অইন আটাইবোৰ থলুৱা প্ৰজাতিৰ ধানৰ বীজ বেংকত জমা ৰখা হৈছে। পাত্ৰপুত, নৌগুড়া আৰু ঝোলগুড়া গাঁৱত (এমএছএছআৰএফ-এ স্থাপন কৰা) তিনিটা সমুদায় পৰিচালিত বীজ বেংক আছে। ‘নৌগুড়া বীজ বেংকত আমাৰ ৯৪ বিধ ধান আৰু ১৬ বিধ ৰাগীৰ বীজ আছে। প্ৰতি বছৰে এই বীজবোৰ সংৰক্ষিত মাটিত ৰোপণ কৰা হয়। এইবাৰ আমি বিভিন্ন ঠাইৰ পৰা আগতকৈ বেছি থলুৱা প্ৰজাতি সংগ্ৰহ কৰিছোঁ আৰু খেতিৰ সংখ্যা ১১০লৈ বঢ়াইছোঁ,’ ৰাজ্য চৰকাৰৰ ওড়িশা মিলেটচ্ মিছনৰ সামূহিক সমল ব্যক্ত ২৫ বৰ্ষীয় বুদ্ৰ প্ৰধানে কয়। 

‘কৃষিকাৰ্যত বীজ সিঁচিব লাগে, তাৰ পিছত শস্য বাঢ়ে, সংগ্ৰহ, মজুত আৰু বিতৰণ কৰিব লাগে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ ভিতৰত মই বীজ মানুহৰ মাজত বিতৰণ কৰি ভাল পাওঁ। বিলাওতে মোৰ হাতত বীজ নাইকিয়া হৈ গ’লেও সেই বীজৰ ভৱিষ্যত কাৰোবাৰ হাতত হ’লেও সুৰক্ষিত হৈ থাকিব,’ কমলাজীয়ে কয়। ‘আমাৰ বীজবোৰ সুৰক্ষিত কৰা এই কামত চৰকাৰৰ সহযোগে উদগনি যোগাব। আমাৰ ভৱিষ্যতৰ হকে থলুৱা প্ৰজাতিবোৰ সংৰক্ষণত চৰকাৰৰ সহযোগীতাৰ বাবে অনুৰোধ জনালোঁ।’ 

কমলাজীৰ ল’ৰাই কয়, ‘অহা বছৰৰ পৰা মই থলুৱা প্ৰজাতিৰ খেতি কৰিম। আপোনাৰ মায়ে থলুৱা ধানৰ সংৰক্ষণৰ বাবে পুৰস্কাৰ পোৱাৰ সময়ত আপুনি কেনেদৰে চৰকাৰী ধানৰ খেতি কৰিব পাৰে- মাক দেখা কৰিবলৈ অহা বহুতৰ মুখতে এই প্ৰশ্ন।’

লিখনীটোত সমল যুগুতাই দিয়া আৰু অনুবাদৰ কামত সহায় দিয়াৰ কাৰণে লেখকে ওড়িশাৰ কৰাপুতৰ ৱাচান (WASSAN)ৰ সুশান্ত শেখৰ চৌধুৰী আৰু থ্ৰিনাথ তাৰাপুতিয়াৰ আৰু ওড়িশাৰ কৰাপুতস্থিত এম. এছ. স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেছনৰ প্ৰতাপ চন্দ্ৰ জেনা আৰু প্ৰশান্ত কুমাৰ পাৰিদাৰ শলাগ লৈছে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Other stories by Harinath Rao Nagulavancha