‘মোৰ ভয় হয়, আমাৰ ল’ৰা-ছোৱালীয়ে কেৱল চেগুন গছ (বন বিভাগে ৰোপণ কৰা) দেখিয়েই ডাঙৰ হ’ব। গছ-লতা-বন আৰু জীৱ-জন্তুৰ বিষয়ে আমাৰ পাৰম্পৰিক জ্ঞান সিহঁতৰ নাথাকিব,’ মধ্যপ্ৰদেশৰ উমাৰৱাড়া গাঁৱৰ লিচিবাঈ উইকে কয়।  

সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰে ১৮৬৪ত স্থাপন কৰা ভাৰতৰ বন বিভাগটো দেশৰ ভিতৰতে সৰ্বাধিক ভূমিৰ অধিকাৰী। বন আইন প্ৰণয়ন জৰিয়তে এটা শতিকাজুৰি বিভাগটোৱে সংৰক্ষণ আৰু বাণিজ্য (যেনে কাঠ বিক্ৰীৰ নামত)ৰ নামত বন দখল কৰি আহিছে, আদিবাসী আৰু অইন বন বাসিন্দাক অপৰাধী সজাইছে আৰু তেওঁলোকক পৰম্পৰাগত ভূমিৰ পৰা উচ্ছেদ কৰি আহিছে।        

বনাঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহ (প্ৰায় ডেৰ কোটি ভাৰতীয়)ক এই ‘ঐতিহাসিক অন্যায়’ৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক ভোগদখলৰ অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকক বন সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ উদ্দেশ্যে ২০০৬ৰ বন অধিকাৰ আইন’ৰ দৰে সংশোধনীমূলক আইনো কাৰ্যকৰী কৰা হয়। কিন্তু এনে আইনৰ প্ৰায়ভাগ দফাৰেই ৰূপায়ণ শোচনীয়। 

People from over 10 states gathered in the capital for meetings and a protest at Jantar Mantar in Delhi
PHOTO • Chitrangada Choudhury

এনে আইনৰ সৈতে আকৌ পূৰ্বৰ ভাৰতীয় বন আইন (১৯২৭) আৰু বন সংৰক্ষণ আইন (১৯৮০)ৰ স্ববিৰোধ আছে। উক্ত আইন দুখনে বনাঞ্চলৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ আৰু নিয়ন্ত্ৰণত বন বিভাগক সুদূৰপ্ৰসাৰী ক্ষমতা প্ৰদান কৰিছে। শেহতীয়া ক্ষতিপূৰণমূলক বনানীকৰণ আইন (২০১৬)খনেও বৃক্ষৰোপনৰ কাৰণে পৰম্পৰাগত ভূমি অধিগ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিছে।   

উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ এটাত অৱসৰপ্ৰাপ্ত বন বিষয়া আৰু সংৰক্ষণ গোটে মিলি বন অধিকাৰ আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল। সেইটো গোচৰে বনাঞ্চলত বসতি কৰা আদিবাসীসকলৰ প্ৰতি ইতিমধ্যে থকা ভাবুকিক তীব্ৰ কৰি তুলিছে। বিশেষকৈ শেহতীয়া শুনানিত কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ অধিবক্তাই বন অধিকাৰ আইনৰ পক্ষত যুক্তি আগবঢ়োৱা নাই।   

বন-বাসিন্দা, তেওঁলোকৰ সামূহিক গোট, বনকৰ্মীৰ ইউনিয়ন আৰু বামপন্থী দলে উচ্ছেদৰ ক্ষতিশংকালৈ চাই তাৰ বিৰোধীতাৰে আৰু বন অধিকাৰ আইনৰ ৰূপায়নৰ কাৰণে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে। ২০-২১ নৱেম্বৰত ১০ খনৰো অধিক ৰাজ্যৰ মানুহ ৰাজধানী চহৰৰ যন্তৰ-মন্তৰত ৰাইজমেল পাতি প্ৰতিবাদ সাব্যস্ত কৰিছিল।    

তেওঁলোকৰ মাজত লাখ লাখ আদিবাসী আৰু দলিত মহিলা আছে যিসকলে নিজৰ বনাঞ্চল আৰু ভূমিৰ ব্যক্তিগত আৰু সামূহিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈ আছে। বহুতৰে বাবে সেয়াই একমাত্ৰ জীয়াই থকাৰ উৎস। তেওঁলোকে সমুখীন হোৱা হিংসা আৰু বৈষম্যৰ অভিজ্ঞতাৰ বিষয়ে পাৰিয়ে কেইজনমানৰ সৈতে কথা পাতিছিল। 

দেৱান্তিবাঈ সোনৱানি, তেলি (অনান্য পিছপৰা শ্ৰেণী) সম্প্ৰদায়; বিজাপাৰ গাওঁ, কৰ্চি তালুক, গাড়চিৰলি জিলা, মহাৰাষ্ট্ৰ 

Devantibai Sonwani, Teli (OBC) community; Bijapar village, Korchi taluka, Gadchiroli district, Maharashtra
PHOTO • Chitrangada Choudhury

আমি ২০০২ৰ পৰা আমাৰ মাটিৰ পট্টাৰ বাবে যুঁজ দি আহিবলগীয়া হৈছে, কিন্তু একো ফল ধৰা নাই। এবাৰ তালাতিয়ে সমীক্ষা কৰিবলৈ আহিছিল, কিন্তু তেওঁ মদৰ নিচাত আছিল আৰু আমাৰ মাটিখিনি ওপৰে ওপৰে চাই গ’ল। আমাৰ দৰে মানুহৰ সৈতে চৰকাৰে কিয় এনে ৰহস্যজনক আচৰণ কৰে, বুজি নাপাওঁ। দহ বছৰ আগতে বন সম্পালক এজন আমাৰ মাটি চাবলৈ আহিছিল আৰু কৈছিল যে চৰকাৰে তাতে এখন পুলিবাৰী (নাৰ্ছাৰী) পাতিব। মই তেওঁক ক’লো, ‘চাওক, আপুনি যেনেদৰে পৰিয়াল পুহিবলৈ এই কাম কৰিছে, তেনেদৰেই মই মোৰ পৰিয়াল পুহিবলৈ এই মাটিত খেতি কৰিছোঁ। আপুনি নিজৰ কৰ্তব্য (চাকৰি) পালন কৰিছে, আপোনাৰ সন্মান আছে। কিন্তু মোৰ শ্ৰমৰ কি মৰ্যাদা নাই? আপুনি নিজৰ কাম কৰক আৰু মোক মোৰ কাম কৰিবলৈ দিয়ক।’ তেওঁ মান্তি হৈ ক’লে, ‘ঠিক আছে ভনী, মই তোমাৰ মাটিত পুলিবাৰী নাসাজো।’ আন এদিন আমি হাবিৰ পৰা বাঁহ সংগ্ৰহ কৰিবলৈ গৈছিলো। তেনেতে আমাক বনৰক্ষী এজনে ৰখাই ক’লে যে তেওঁ আমাৰ কুঠাৰ জব্দ কৰিব। ‘তেন্তে আমি কেনেদৰে বাঁহ কাটিম?’ আমি তেওঁক সুধিলো। ‘শুদা হাতেৰে?’ পিছত যেনিবা তেওঁক গছত বান্ধি থম বুলি ভাবুকি দিলো আৰু বাক-বিতণ্ডা কৰিলোঁ, তেওঁ সেই ঠাই এৰি গ’ল। পট্টাৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত আছে। 

তীজা উইকে, গণ্ড আদিবাসী; ঔৰাই গাওঁ, বিচ্ছিয়া তালুক, মাণ্ডলা জিলা, মধ্যপ্ৰদেশ 

Teeja Uike, Gond Adivasi; Aurai (Orai) village, Bichhiya taluka, Mandla district, Madhya Pradesh
PHOTO • Chitrangada Choudhury

‘এই আইনবোৰ আৰু প্ৰকল্পবোৰৰ কি হয় আমি নাজানো, কিন্তু আমাৰ বন অধিকাৰ সিবোৰে কাঢ়ি নিছে। চেগুন ৰুবলৈ ইয়াত শতিকা পুৰণি বৃক্ষ কাটি পেলোৱা হৈছে। গাঁৱৰ কাৰোবাক গাওঁ বন সমিতিৰ সচিব পতা হৈছে। (বন বিভাগৰ) আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ যিকোনো পৰিকল্পনাৰ বাবে সচিবৰ পৰা স্বাক্ষৰ লোৱা হয়। আমাৰ মহিলাসকলক কোনোৱে নোসোধে, আমি ৰোৱা গছবোৰ আৰু লালন-পালন কৰা অৰণ্যখন ধ্বংস হ’বলৈ ধৰিছে। সিহঁতে চেগুনবোৰ কাটে, কুণ্ডাবোৰ ট্ৰাকত ভৰায় আৰু সেইবোৰ বিক্ৰী কৰে। কিন্তু সিহঁতৰ মতে আদিবাসীসকলেহে বনাঞ্চল ধ্বংস কৰিছে। আমি দৰমহা পোৱা নগৰীয়া লোক নহয়। বনেই আমাৰ আয় আৰু খাদ্যৰ উৎস। আমাৰ পশুধনো তাতে চৰে। আমি বনাঞ্চল ধ্বংস কৰিমনো কিয়?’

কমলা দেৱী, চানিয়া বস্তি (বিলহীৰি পঞ্চায়ত), খাতিমা খণ্ড, উধম সিং নগৰ জিলা, উত্তৰাখণ্ড

Kamala Devi, Saniya Basti (Bilheeri Panchayat), Khatima block, Udham Singh Nagar district, Uttarakhand
PHOTO • Chitrangada Choudhury

আমাৰ গাঁৱৰ ১০১ জন লোকে ২০১৬ত দাখিল কৰা ব্যক্তি পৰ্যায়ৰ বন অধিকাৰৰ দাবীক চৰকাৰে স্বীকৃতি দিয়া নাই। কিন্তু বন বিভাগে কয় যে মাটিখিনি তেওঁলোকৰ। যোৱা বছৰ ২৪ নৱেম্বৰত বন বিভাগৰ বিষয়াই আমাৰ গাঁৱলৈ জেচিবি লৈ আহে আৰু আমাৰ পথাৰৰ গমধানৰ খেতি নষ্ট কৰি পেলায়। আমি এজাহাৰ দিবলৈ আৰক্ষীৰ কাষ চাপিলো, কিন্তু সিহঁতে নাকচ কৰি ক’লে, ‘জংগল ম্যে ক্যিউ বেইথে হ’? (হাবিত কিয় ঘৰ সাজিছা?)। তাৰ পৰিৱৰ্তে বন বিভাগেহে আমাৰ ১৫ গৰাকী মহিলাৰ ওপৰত অভিযোগ জাপি দি গোচৰ তৰিলে। সেয়া চৰকাৰী বিষয়াক বাধা দিয়া ধৰণৰ বিষয়ক লৈ দিয়া গোচৰ বুলি মোৰ মনে ধৰে। মোৰ বোৱাৰীৰ কোলাত তেতিয়া এমহীয়া কেঁচুৱা, গোচৰত তাইৰো নাম অভিযুক্তৰ তালিকাত উঠিল। আমাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত তৰা গোচৰৰ স্থগনাদেশৰ বাবে আমি গাইপতি ২০০০ টকাকৈ তুলি উকিল ধৰিবলগীয়া হ’ল। দুটা ঋতুৰ খেতি আমাৰ অথলে গ’ল। আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। বন বিভাগে আমাৰ ৰাজহুৱা মাটিত বেৰ দি ঘেৰি লৈছে আৰু তাতে বৃক্ষৰোপণ কৰিছে। যোৱা বছৰ গাই এজনী তাতে সোমাইছিল আৰু সিহঁতে গাইজনীৰ মালিকৰ ওপৰত গোচৰ তৰিছে। এনেদৰেই আইনৰ গইনা লৈ সিহঁতে আমাক হাৰাশাস্তি কৰে।’

ৰজীম টাণ্ডি, পিথোৰা নগৰ, পিথৌৰা খণ্ড, মহাচামুণ্ড জিলা, ছত্তীশগড়

Rajim Tandi, Pithora town, Pithaura block, Mahasamund district, Chhattisgarh
PHOTO • Chitrangada Choudhury

দলিত হিচাপে আমি হিংসাৰ বলি হৈও জীয়াই আছো, কিয়নো আইনগতভাৱে মাটিৰ গৰাকী আমি নহয়। যেতিয়ালৈ সম্পত্তি আমাৰ নামত লিখি দিয়া নহয়, তেতিয়ালৈ আমাক মানুহৰ দৰে আচৰণ কৰা নহ’ব। সেয়ে আমাৰ অঞ্চলত আমি দলিত আদিবাসী মঞ্চ গঠন কৰিছোঁ। ৮০ খন গাঁৱৰ ১১ হাজাৰৰো অধিক সদস্যৰে গঠিত ই এক জনমুখী সংস্থা, য’ত প্ৰত্যেকেই ১০০ টকা আৰু ১ কিলোগ্ৰাম চাউল বছৰেকীয়া বৰঙনি হিচাপে আগবঢ়ায়। আমি গঞাক তেওঁলোকৰ ভূমি আৰু বন অধিকাৰৰ বিষয়ে সজাগ কৰিবলৈ, তাৰোপৰি বনবিষয়াই আহি ভাবুকি দিলে প্ৰত্যুত্তৰ কি দিব লাগিব আৰু বনাঞ্চলবোৰ যে চৰকাৰৰ (ৰাজ্যখনৰ) সেই কথা ক’বলৈ উদগনি যোগবলৈ পুস্তিকা বিতৰণ কৰোঁ। আমাৰ তৃণমূল পৰ্যায়ৰ শকতি থকা কাৰণেই আমি বাঘমাৰা সোণৰ খনি(২০১৭-১৯ত বালোদা বাজাৰ জিলাৰ সোণাখন গাঁৱৰ ১০০০ একৰ মাটিত বিয়পি থকা) ৰ কাৰণে বেদান্ত(আন্তৰাষ্ট্ৰীয় খনন কৰ্প’ৰেশ্যন)ৰ প্ৰকল্পক প্ৰত্যাহ্বান জনাব পাৰিছোঁ (এতিয়া জনা মতে চুক্তি বাতিল হৈছে)। 

বাইদিবাঈ, গাৰাছিয়া আদিবাসী; নিচলাগঢ় গাওঁ, আবু ৰোড তালুক, চিৰোহী জিলা, ৰাজস্থান

Baidibai
PHOTO • Chitrangada Choudhury

আমি যেতিয়া বনাঞ্চল চোৱাচিতা কৰিছিলো আৰু সুৰক্ষা দিছিলো, তেতিয়া কোনো আইন আমাৰ পক্ষত নাছিল, কিম্বা কোনো বিষয়াই আমাৰ কাষত থিয় দিয়া নাছিল। এতিয়া আমাক কিয় সিহঁতে উচ্ছেদ কৰিবলৈ আহিছে? বন বিভাগে পুলিবাৰী (নাৰ্ছাৰী) পাতিছে আৰু বৃক্ষৰোপণ কৰিছে আৰু তাৰ চাৰিওফালে ছফুট ওখ দেৱাল দিছে- সিফালে যাব লগা থাকিলে জপিয়াইও সেই দেৱাল পাৰ হ’ব নোৱাৰি। সকলোৱে জানে বৃক্ষৰোপণ কৰিলে টকা আহে। যদিওবা আমি ছবছৰ আগতেই বন অধিকাৰ আইনৰ অধীনত লিখিত দাবী জনাই থৈছো, তথাপি মোৰ নামত মাটিৰ পট্টা নাই। মাটিখিনি এতিয়া মোৰ ভাই-বোৱাৰীৰ নামত আছে। বিয়াৰ ১৫ বছৰ হোৱাৰ পিছতো আমাৰ সতি-সন্তান নাই। মোৰ গিৰীয়ে কেতিয়াবা মোক ঘৰৰ বাহিৰ কৰি দি দ্বিতীয় বিবাহ কৰিব বুলি মোৰ ভয় হয়। মাটি মোৰ নামত থকা হ’লে মই অকণমান সুৰক্ষিত হ’লোহেঁতেন। আমি মূৰৰ ঘাম মাটিত পেলাই তাতে খেতি কৰোঁ, শস্য চপাও। কিন্তু মাটিখিনি কিয় মতাবোৰৰ নামত থাকি যায়?  

কলাতিবাঈ, বৰেলা আদিবাসী; সিৱাল গাওঁ, খাকনাৰ খণ্ড, বাৰ্হানপুৰ জিলা, মধ্যপ্ৰদেশ 

Kalatibai, Barela Adivasi; Siwal village, Khaknar block, Burhanpur district, Madhya Pradesh
PHOTO • Chitrangada Choudhury

৯ জুলাইৰ দিনা মই ঘৰতে আছিলোঁ যেতিয়া ল’ৰা-ছোৱালীকেইটামান উধাতু খাই মোৰ ওচৰলৈ আহি ক’লে যে সিহঁতে আমাৰ খেতিপথাৰত জেচিবি আৰু ট্ৰেক্টৰ সোমোৱা দেখিছে। আমি তৎক্ষণাত সেই ঠাই ওলালো, দেখিলো যে বন বিভাগৰ বিষয়াই ১১ খন জেচিবি আৰু ট্ৰেক্টৰ লগাই আমাৰ শস্য মহতিয়াই নিছে আৰু শস্যপথাৰ খান্দি পেলাইছে। বাক-বিতণ্ডা লাগিল আৰু তেওঁলোকে আমাৰ মানুহৰ ওপৰত গুলি চলালে (পেলেট বন্দুকেৰে)। কাৰোবাৰ বুকুত লাগিল, কাৰোবাৰ পেটত আৰু কাৰোবাৰ গলত। ২০০৩ চনতো আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল আৰু পুৰুষবোৰক আৰক্ষীয়ে জিম্মাত লৈছিল। আমাৰ পশুধন জব্দ কৰি পিছত সেইবোৰ ঘুৰাই দিবলৈকো অমান্তি হৈছিল আৰু নিলাম কৰিছিল। আমি বহু মাহলৈ গছৰ তলতে আশ্ৰয় ল’বলগীয়া হৈছিল। আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই মাটিত খেতি কৰি আহিছো। কিন্তু বন বিষয়াই আমাক মুকলিকৈ কৈছে যে বন অধিকাৰ আইনৰ লগত সিহঁতৰ মতলব নাই, আৰু সেই মাটিখিনি সিহঁতৰ। 

লাইচিবাঈ উইকে, গণ্ড আদিবাসী; উমাৰৱাড়া গাওঁ, বিচ্ছিয়া তালুক. মাণ্ডলা জিলা, মধ্যপ্ৰদেশ

Laichibai Uike
PHOTO • Chitrangada Choudhury

আমি লালন-পালন কৰা অৰণ্যৰ বৈচিত্ৰতা আপুনি চৰকাৰে ৰোৱা বনাঞ্চলত নেদেখিব। তাতে আপুনি কেৱল চেগুন গছ দেখিব। এই বছৰটোতে সিহঁতে আমাৰ গাঁৱৰ কাষৰ ইমানবোৰ মাটি হাত কৰিলে, চেগুন গছ ৰুলে আৰু পকোৱা তাঁৰেৰে তাত বেৰ দিলে। চেগুন কিহৰ উপকাৰত আহে? আমাৰ গৰু-ছাগলীবোৰ চৰাবলৈ ক’লৈ নিম? আমি আমাৰ পশুধনৰ কাৰণে এখন খোৱাৰ পতাৰ কথা ভাবিছিলো আৰু ৰাজহুৱা পুখুৰীটো দঁ কৰি পানী থকা কৰিব বিচাৰিছিলোঁ। কিন্তু বন বিভাগে কোনো এটাৰ বাবেও আমাক অনুমতি নিদিলে। ‘মোৰ ভয় হয়, আমাৰ ল’ৰা-ছোৱালীয়ে কেৱল চেগুন গছ (বন বিভাগে ৰোপণ কৰা) দেখিয়েই ডাঙৰ হ’ব। গছ-লতা-বন আৰু জীৱ-জন্তুৰ বিষয়ে আমাৰ পাৰম্পৰিক জ্ঞান সিহঁতৰ নাথাকিব।’ 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Chitrangada Choudhury

চিত্ৰাংগদা চৌধুৰী এগৰাকী মুক্ত সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মূল গোটৰ এগৰাকী সদস্য।

Other stories by Chitrangada Choudhury