এইটো দশকত ভাৰতত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পৰিসংখ্যাই ৩০ কোটিৰ ঘৰ ছুইছে, কিন্তু শিক্ষাৰ গুণগত মান? প্ৰতিবছৰে জানুৱাৰী মাহত নাগৰিকৰ ৰিপ’ৰ্ট কাৰ্ড (শিক্ষা প্ৰতিবেদনৰ বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান চমুকৈ এ.এছ.ই.আৰ,) প্ৰস্তুত কৰা হয় য’ত শিশুৱে স্কুলত কি শিকিছে - সিহঁতে বুনিয়াদী পাঠ আদি পঢ়িব আৰু বুজিব পাৰে নে নোৱাৰে আৰু সংখ্যাৰ জ্ঞান আছে নে নাই সেয়া দৰ্শোৱা হয়।

চৰকাৰৰ নিৰস পৰিসংখ্যাৰ বিপৰীতে এই প্ৰতিবেদনৰ ফলাফলে আপোনাৰ চকু মেল খুৱাব। এ.এছ.ই.আৰ.য়ে স্কুললৈ যোৱা শিক্ষাৰ্থীৰ বুনিয়াদী শিকনৰ স্তৰ পৰীক্ষা কৰে, শিক্ষাৰ্থীয়ে ২য় শ্ৰেণীৰ অংক কৰিব পাৰে নে নাই আৰু পাঠ পঢ়িব পাৰে নে নাই সেয়া চায়। উদাহৰণ স্বৰূপে ২০০৮ৰ সমীক্ষাত পোৱা গৈছিল যে স্কুলীয়া শিক্ষাৰ্থীৰ ৪৪ শতাংশই দ্বিতীয় শ্ৰেণীৰ যোগ-বিয়োগ অংক সমাধান কৰিব পৰা নাছিল।

বেচৰকাৰী সংস্থা প্ৰথমৰ নেতৃত্বত তিনিমহীয়া এই প্ৰচেষ্টাত শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিজ্ঞানী, বিনিয়োগকাৰী বেংকাৰ আৰু আচৰ বনোৱা মানুহ যিয়ে দেশৰ চুকে-কোণে ঘুৰি ফুৰে আৰু স্কুলীয়া শিক্ষাৰ্থীৰ পৰীক্ষা লয় আৰু স্কুলৰ আন্তঃগাঁথনিও চায়, তেনে প্ৰায় ৩০,০০০ৰো অধিক উৎসাহী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। এই বছৰটোত ৩ লাখ পৰিয়ালৰ ৭ লাখ শিশুক সমীক্ষাত সামৰি লোৱা হৈছে।

PHOTO • Chitrangada Choudhury
PHOTO • Chitrangada Choudhury

বাওঁফালে: চত্তীশগড়ত যোৱাটো দশকত স্থায়ী শিক্ষকৰ বিপৰীতে ২১ বছৰ বয়সীয়া উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নবন কুমাৰৰ দৰে অস্থায়ী শিক্ষকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা হৈছে। সোঁফালে: ৰাষ্ট্ৰীয় বয়স্ক সাক্ষৰতা অভিযানত ভাগ লোৱা ধান খেতিয়ক হিৰামতি ঠাকুৰে এতিয়া ৰৈ ৰৈ বুনিয়াদী পাঠ পঢ়িব পৰা হৈছে

যেতিয়া প্ৰথমৰ স্বেচ্ছাসেৱক স্বামী আলোনে নবছৰীয়া গীতা ঠাকুৰত প্ৰশ্ন কৰে, প্ৰথমটো প্ৰশ্নতেই ৪মানত পঢ়ি থকা ছোৱালীজনীয়ে কান্দি দিয়ে। ৩৯ৰ পৰা ২৭ বিয়োগ কৰাটো বৰ কঠিন কাম আছিল আৰু শেষত তাই উত্তৰ পালে ১১৬। ইয়াৰ সাম্ভাব্য এটা কাৰণ হ’ব পাৰে: তাই পঢ়া স্কুলখনত বাধ্যতামূলক চাৰিজন শিক্ষকৰ পৰিৱৰ্তে আছিল মাত্ৰ এজন।

যোৱাটো দশকত চত্তীশগড়ে কেৰিয়াৰ শিক্ষকক অব্যাহতি দি কম অৰ্হতাৰ অৰ্দ্ধ-শিক্ষকক চৰকাৰী স্কুলত কম বেতনত নিয়োগ কৰিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২১ বছৰীয়া নবন কুমাৰে এনে ঠিকাভিত্তিক শিক্ষক হোৱাৰ বাবে আবেদন কৰিছিল।  সমীক্ষকে তেওঁৰ পৰীক্ষা লোৱাত তেওঁ ৯১৯ক ৯ৰে ভাগ কৰিব পৰা নাছিল। আলোনে কয়, “বহুতো গাঁৱত দেখিছিলো যে শিক্ষকে নিজেই অংক নাজানে, সেয়ে ছাত্ৰ-ছাত্ৰীয়েও ভুলকৈ শিকে।”

অশিক্ষিতৰ ফালৰ পৰা ভাৰতৰ স্থান বিশ্বত লক্ষণীয়, প্ৰায় ৩০ কোটি লোকে লিখিব আৰু পঢ়িব নাজানে আৰু সংখ্যাৰ জ্ঞান নাই। শিশু আৰু মাতৃৰ শিক্ষাৰ কিবা সংযোগ আছে নেকি, সেয়া চাবলৈ এইবছৰ এ.এছ.ই.আৰ.য়ে বয়স্ক মহিলাৰ সাক্ষৰতাৰ হাৰ জনাৰ বাবেও সমীক্ষা চলাইছে। ৫০ বছৰ বয়সীয়া খেতিয়ক হিৰামতি ঠাকুৰক বিয়া দিবলৈ বুলিয়েই স্কুলৰ পৰা এৰুৱাই অনা হৈছিল। তেওঁৰ সন্তান, এতিয়া বয়স্ক, তেওঁলোকৰো স্কুলীয়া শিক্ষা আধাখনীয়া। এইবছৰ ৰাষ্ট্ৰীয় বয়স্ক সাক্ষৰতা অভিযানত অংশগ্ৰহণ কৰি হিৰামতিয়ে এতিয়া কোনোমতে বুনিয়াদী পাঠ পঢ়িব পৰা হৈছে। “দৰিদ্ৰলোকে আজিৰ তাৰিখত পঢ়া-শুনা নকৰিলে সি কুলিৰ জীৱন কটাব লাগিব। আজৰি সময় পালেই মই কিতাপ এখন লৈ বহো আৰু শিকো।” তেওঁ হাঁহি মাৰি সমীক্ষকক সোধে, “এতিয়া মই কিবা কাম পামনে?”

PHOTO • Chitrangada Choudhury
PHOTO • Chitrangada Choudhury

বাওঁফালে: গাঁৱৰ এই তিনিটা শ্ৰেণীকোঠাৰ স্কুলখনত পানী বা শৌচাগাৰৰ কোনো ভাল ব্যৱস্থা নাই। সোঁফালে: ঠিকাভিত্তিক শিক্ষকসকলে বেতন বঢ়োৱাৰ দাবীত ধৰ্ণাত থকাৰ সময়ত বি.এড. পঢ়ি থকা শিক্ষাৰ্থী মাধৱ যাদৱ (সন্মুখৰফালে) আৰু সত্য প্ৰকাশে তেওঁলোকৰ স্থানত পঢ়াইছে

গাঁৱৰ এই স্কুলখন তিনিটা কোঠালীৰ, ১ম মানৰ পৰা ৭ম মানলৈ, তাত খোৱাপানীৰ বা শৌচাগাৰ দুয়োটাৰে ভাল বন্দোবস্ত নাই (“উচকা প্ৰপ’জেল চল ৰহা হ্যে” (সেই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে) জনজাতীয় কল্যাণ বিভাগৰ এগৰাকী বিষয়াই কয়)। সোমবাৰে পুৱাৰ ভাগত তাত এজনো শিক্ষক নাছিল।

এতিয়াৰ ৪ৰ পৰা ৬ হাজাৰ টকাৰ পৰিৱৰ্তে বেতন বঢ়োৱাৰ বাবে সমগ্ৰ ৰাজ্যখনৰ ঠিকাভিত্তিক শিক্ষকসকল ধৰ্ণাত বহাৰ সময়ত বি.এড. শিক্ষাৰ্থী মাধৱ যাদৱ (২৫) আৰু সত্যা প্ৰকাশে সপ্তাহত তিনিদিন এই স্কুলখনত পঢ়াইছে। ১ম মানৰ পৰা ৩য় মানলৈ একেটা কোঠাতে একেলগে পঢ়োৱা হৈছে। যাদৱে কয়, “ল’ৰা-ছোৱালীহঁতৰ পঢ়াৰ মানদণ্ড একেবাৰে নিম্নমানৰ, সিহঁতে সাধাৰণ অংক এটাও কৰিব নোৱাৰে। ভালেখিনি উন্নতি সাধন কৰিবলগীয়া আছে।”

প্ৰতিবেদকে দেশৰ চৰকাৰী স্কুলৰ এই দুৰৱস্থা দাঙি ধৰাৰ বাবে চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ২৯০ কিলোমিটাৰ দক্ষিণে বাস্তাৰৰ পৰচনপল গাঁৱত সমীক্ষাৰ বাবে সপ্তাহান্ত কটাইছিল।

অনুবাদ: পংকজ দাস

Chitrangada Choudhury

Chitrangada Choudhury is an independent journalist.

Other stories by Chitrangada Choudhury
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das