তিনি বছৰত কোনেও নাঙলৰ মুঠিত ধৰা নাই। আনকি কোনেও এই সময়চোৱাত কোৰ-কুঠাৰ হাতত লোৱা নাই। ইয়াৰ ফলতে কৃষকৰ বাবে দৰকাৰ হোৱা হাতিয়াৰ আৰু সঁজুলি নিৰ্মাণ কৰা বাংগাৰু ৰামাচাৰীৰ জীৱনলৈ সংকট নামি আহে। ভালেমান বছৰৰ পৰা মুকুন্দপুৰৰ তেঁৱেই একমাত্ৰ বাঢ়ৈ আছিল। তেওঁৰ মাটিও নাছিল, গৰুও নাছিল আৰু তেওঁ কৃষক নহয়। অন্ধ্ৰপ্ৰদেশৰ লালগোণ্ডা জিলাৰ কৃষিকাৰ্যৰ উন্নতিৰ লগত তেওঁৰ পাৰিবাৰিক কুশল-মংগল নিৰ্ভৰশীল আছিল। 

‘যেতিয়া খেতি-বাতি বেয়া হৈ পৰে, তেতিয়া কেৱল খেতিয়কৰে নহয়, সকলোৰে অৱস্থা বেয়া হয়।’ অঞ্চলটোৰ এজন ৰাজনৈতিক কৰ্মী এছ. শ্ৰীনিবাসে কয়। ৰামাচাৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। অনাহাৰত তেওঁৰ মৃত্যু হ’ল। নাৰ্গাজুন সাগৰ বান্ধ প্ৰকল্পৰ বাওঁহাতৰ নলাৰ অধীনৰ এখন গাওঁ। যিখন গাওঁ খেতিৰে কিছুবছৰ আগতে নদন-বদন আছিল। 

কৃষি সংকটৰ অনাকাংক্ষিত সমস্যাই কৃষকৰ ক্ষতি কৰাৰ উপৰি ইযাৰ লগত সম্পৰ্ক থকা সকলোৰে বাবে বিভীষিকাৰ সৃষ্টি কৰিলে। কুমাৰ, চামৰাৰ কামত নিয়োজিত ব্যক্তি, বাঢ়ৈ আৰু অ-কৃষিকাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা অগণন আন সামাজিক গোষ্ঠী কৃষি সংকটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ল। যাৰ ফলত কৃষকসকলক আত্মহননৰ দিশে ঠেলি দিয়া হ’ল। কৃষিখণ্ডৰ সুন্দৰ আৰু যুগ-যুগান্তৰৰ সংযোগবোৰ ছিন্ন-ভিন্ন হ’বলৈ ধৰিলে। 

‘মই দূৰত বিজয়ৱাড়াৰ চেন্দেল কোম্পানী এটাত কাম কৰি আছিলো,’ অৰুণাই ক’লে। তেওঁ ৰামাচাৰীৰ বিধবা পত্নি। ভদ্ৰাংগি (বাঢ়ৈ) সম্প্ৰদায়ৰ মহিলাই সাধাৰণতে কাম বিচাৰি আন ঠাইলৈ নাযায়। তেওঁ কয়, ‘যোৱাৰ ইচ্ছা নাছিল। আগতে মই কেতিয়াও প্ৰব্ৰজিত শ্ৰমিক নাছিলো। কিন্তু ইয়াত একেবাৰে কাম পোৱা নাযায়।’ সেয়ে তেওঁলোকৰ তিনিটা ল’ৰা-ছোৱালী স্বামীৰ ওচৰত এৰি থৈ তেওঁ এমাহ পৰ্যন্ত আন ঠাইলৈ কাম কৰিবলৈ যায়। 

শ্ৰীনিবাসে ক’লে, ‘ৰামচাৰীয়ে কমেও ৪০ জন গ্ৰাহক পায়। কামৰ বাবদ কৃষকসকলে তেওঁক চাউল-আটা আদি দিয়ে। প্ৰতিজনে বছৰত ৭০ কিলোগ্ৰাম দিছিল।’ এইদৰে তেওঁ বছৰি ২৮০০ কিলোগ্ৰাম পাইছিল, পৰিয়ালৰ বাবে আৱশ্যক হোৱাখিনি ৰাখিছিল, বেছি হোৱাখিনি বজাৰত বিক্ৰী কৰিছিল। ‘৭০ কিলোগ্ৰামৰ বাবে তেওঁ কমেও ২৫০ টকা পাইছিল। অৱশ্যে এইখিনি চাউল নহয়, ধান। তথাপিও পৰিয়ালৰ বাবে দৰকাৰ হোৱাৰ উপৰিঞ্চি শস্যও বিক্ৰী কৰি তেওঁ বছৰত কমেও ৪০০০ টকা উপাৰ্জন কৰিছিল। সেই টকাৰেই তেওঁ পৰিয়ালৰ বাবে আন খৰছ-পাতি কৰিছিল।’ 

আগতে তেওঁৰ বহুতো গ্ৰাহক আছিল। কিন্তু ব্যৱসায় ভাল হ’বলৈ ধৰাৰ সময়তে সমস্যা আৰম্ভ হ’ল। গাওঁখনলৈ যেতিয়া ১২ খন ট্ৰেক্টৰ আহিল, তেতিয়া কাম কমিবলৈ ধৰিলে। ‘কায়িক শ্ৰম কৰাসকলক যন্ত্ৰৰ আমদানিয়ে ক্ষতি কৰিলে,’ কে. লিংগায়াই ক’লে। তেতিয়াৰে পৰা তেওঁৰ নিচিনা ভূমিহীন কৃষকৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। ৰামাচাৰীৰ বাবে এয়া আছিল এক বৃহৎ আঘাত। তেওঁ নিজৰ কামতে লাগি থাকিল, আগৰ কাম-কাজবোৰ ঠিক-ঠাক কৰিবলৈ চেষ্টা কৰি গ’ল। ‘তেওঁৰ আন কামৰ দক্ষতা নাই,’ অৰুণাই ক’লে। তেওঁ পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল। অৰুণাই ৪ৰ্থ মানলৈ পঢ়িছিল। 

PHOTO • P. Sainath

অৰুণাই এবাৰতে এমাহ বাহিৰত কাম কৰিবলৈ যায়। তেওঁৰ স্বামী ৰামচাৰীৰ ওচৰত ল’ৰা-ছোৱালীকেইটা এৰি যায়

ট্ৰেক্টৰবোৰৰ আগমন আছিল মাথোন আৰম্ভণি। ১৯৯০ৰ বেছিভাগ সময়তে ব্যক্তিগত খণ্ড বা চৰকাৰী খণ্ডই কৃষিক্ষেত্ৰত বিনিয়োগৰ আগ্ৰহ দেখুওৱা নাছিল। শস্যৰ হানিয়ে স্থবিৰতা আনে। কৃষকসকলে তেওঁলোকৰ খেতিৰ সা-সঁজুলি বা আন যাৱতীয় সামগ্ৰী সলনি নকৰা হ’ল। ৰামাচাৰীৰ বাবে এয়া আছিল এক বিপৰ্যয়। ‘আমি কিহেৰে খেতিৰ নতুন সা-সঁজুলি সলাম? পইচা ক’ত পাম? নতুন সা-সঁজুলি আনি সেইবোৰেৰে কি কৰিম?’ গাঁৱৰ মানুহে তেনেকৈ কয়। যি অলপ-অচৰপ খেতি কৰিব পাৰি, সেইখিনি কৰাৰ বাবেও পুৰণি ভাঙি-চিঙি যোৱা সঁজুলিয়ে অধিক ক্ষতি কৰিলে। 

পানী যোগানৰ নলাৰ পানী অলপ থাকিলেও বা একেবাৰে নাথাকিলেও একো কামত নহা হ’ল। 

ইফালে প্ৰতিজন লোকেই ঋণগ্ৰস্ত হৈ পৰিছিল। কৃষিত বিনিয়োগ বৃৃদ্ধি পোৱাৰ বিপৰীতে কৃষিকাৰ্য বিফল হৈ পৰিল। কিছুমানে কোনোমতে জীয়াই থাকিবলৈ ঋণত ধন ল’লে। আত্মসন্মানবোধ থকা আৰু দক্ষ শিল্পী ৪৫ বছৰীয়া ৰামাচাৰীয়ে সেই পথো গ্ৰহণ কৰিবলৈ আগ্ৰহী নহ’ল। সেয়ে তেওঁৰ মাত্ৰ ৬০০০ টকাৰ ঋণ অঞ্চলটোৰ ভিতৰতে সকলোতকৈ কম। 

‘ক’ৰ্পৰেট ছ’চাইটি বেংকৰ ওচৰত কেৱল এই গাওঁখন ২২ লাখৰ টকাৰ ঋণী।’ ক’ৰ্পৰেট ছ’চাইটিৰ এজন বিষয়া কে. ৰেড্ডীয়ে ক’লে। ইযাৰ উপৰি গ্ৰামীণ বেংকৰ ওচৰত ১৫ লাখ টকা আৰু হায়দৰাবাদ ষ্টেট বেংকৰ ওচৰত প্ৰায় ৫ লাখ টকাৰ ঋণী এই গাওঁখন।’ বাওঁপন্থী কৰ্মী এছ. শ্ৰীনিবাসে ক’লে, ‘সেইটো বৰ বৃহৎ পৰিমানৰ ধন নহয়। মহাজনৰ ওচৰৰ মুকুন্দপুৰম ইয়াতকৈয়ো বহুত বেছি ধনৰ ঋণী হৈ আছে।’ ইয়াৰ মানুহে কোৱা মতে মহাজনৰ পৰা লোৱা ঋণৰ পৰিমাণ ইয়াৰ তিনিগুণ হ’ব। 

ইয়াৰ অৰ্থ এয়ে যে ৩৪৫ টা পৰিয়ালে বসবাস কৰা গাওঁখনে মূৰৰ ওপৰত ১.৫ কোটি টকাৰ ঋণৰ বোজা ল’বলগীয়া হৈছে। কৃষিৰ অৱনতি ঘটিবলৈ আৰম্ভ হোৱাৰ সময়ৰে পৰা জীৱনটো জীয়াই থকাৰ বাজি হৈ পৰিছে। প্ৰতি ঘৰৰ মাটিৰ মূল্য ১,২০,০০০ টকাৰ পৰা ৬০,০০০ টকালৈ দ্ৰুতগতিত নিম্নগামী হয়। ‘স্বাভাৱিকতে মানুহে নিজৰ মাটি বিক্ৰী কৰিবলৈ বেয়া পায়, কিন্তু তৎস্বত্বেও যিসকলে মাটি বিক্ৰী কৰিবলৈ উদবাউল হৈ পৰিল, তেতিয়া তেওঁলোকৰ মাটি ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নাহিল।’ জিলাখনৰ ৰুথু সংঘমৰ এজন জিলা পৰ্যায়ৰ নেতা গাংগী নাৰায়ন ৰেড্ডীয়ে কয়। 

কিছুসংখ্যক ট্ৰেক্টৰৰ মালিকে তেওঁলোকৰ ট্ৰেক্টৰবোৰ ঋণদাতাক গতাই দিলে। কিন্তু ট্ৰেক্টৰ নথকা খেতিয়কসকলে তেওঁলোকৰ খেতিৰ যন্ত্ৰপাতি-সঁজুলি সলনি নকৰাৰ ফলত ৰামাচাৰীহঁতৰ দৰে মানুহে সংকটৰ পৰা ৰেহাই নাপালে। ‘কৃষিৰ সঁজুলি বিচাৰি অহা মানুহৰ সংখ্যা বছৰত তিনি-চাৰিজনমান হ’লগৈ,’ শ্ৰীনিবাসে ক’লে। এতিয়া যোৱা কিছুকালৰ ভিতৰতে গাওঁবাসীয়ে ৩০ টাৰো বেছি বলদ গৰু বিপদত পৰি বিক্ৰী কৰিবলগা হ’ল। কৃষিকাৰ্যত ব্যৱহৃত গৰুৰ লগত সম্পৰ্ক থকা কিছুমান যতন, সঁজুলি নিৰ্মাণ কৰাৰ কাম মিস্ত্ৰীৰ বাবে সেই কাৰণেও নোহোৱা হ’বলৈ ধৰিলে। 

তাৰ পিছত আহিল প্ৰব্ৰজন। ‘আগতে ৫০০ শ্ৰমিকে কাম বিচাৰি প্ৰতিবছৰে ইয়ালৈ আহিছিল। সেই দিন এতিয়া নাই। এতিয়া ২৫০ মানুহে কামৰ সন্ধআনত আন ঠাইলৈ প্ৰব্ৰজন কৰিছে,’ গাংগী ৰেড্ডীয়ে ক’লে। 

এই বছৰবোৰত গোটই গাঁৱে প্ৰচণ্ড অনাটনত সময় পাৰ কৰিছে। ৰামাচাৰীৰ অভাৱৰ অতি সাংঘাতিক বৈপৰীত্য এয়ে যে যিসময়ত ইয়াৰ মানুহে চৰম দুৰ্দশাৰে দুটা বছৰ পাৰ কৰিবলগা হৈছে, সেই সময়তে দেশ দৰিদ্ৰ জনতাই যি মূল্যত খাদ্য ক্ৰয় কৰে, তাতোকৈ অধিক কম মূল্যত ভাৰতে বিদেশলৈ খাদ্য শস্য ৰপ্তানি কৰিছিল। এই বাঢ়ৈজনে প্ৰতিবেশী এজনৰ পৰা কেইটামান টকা ধাৰলৈ লৈছিল। সেই টকাৰে তেওঁ অলপমান ভঙা চাউল ক্ৰয় কৰিছিল। এতিয়াও সেই ভঙা চাউল পেলাই দিবলৈ অৰুণাৰ সাহস হোৱা নাই। 

তাই যেতিয়া চহৰৰ কাৰখানাৰ কঠোৰ শ্ৰম কৰিবলৈ ওলাই গৈছিল, ৰামাচাৰীৰ প্ৰচণ্ড ভোক লাগিছিল। ‘আমি ল’ৰা-ছোৱালীকেইটাক খাবলৈ দি প্ৰায়ে সহায় কৰিছিলো। কিন্তু তেওঁ নিজকে এনেকৈ দেখুৱাই যেন তেওঁৰ সকলো ঠিকে আছে। অন্তিম সপ্তাহত একেৰাহে পাঁচ দিন ধৰি ৰামাচাৰীৰ পেটক খাদ্যৰ নামত খুদকণ এটাও পৰা নাছিল। কিন্তু ইমান গৰ্বিত যে সেই কথা তেওঁ স্বীকাৰ কৰা নাছিল।’ মুথাম্মা নামৰ প্ৰতিবেশীগৰাকীয়ে কৈছিল। প্ৰতিবেশীসকলৰো জীৱন ধাৰণৰ চৰম অৱনতি ঘটিছিল। তথাপিও তেওঁলোকৰ সহায়ত ল’ৰা-ছোৱালীকেইটা জীয়াই আছিল। এই বছৰৰ ১৫ মে’ত ৰামাচাৰী নিস্তব্ধ হৈ পৰিল। বিজয়ৱাড়াৰ পৰা অৰুণা উভতি আহি পোৱাৰ আগতেই ৰামাচাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। 

ৰামাচাৰীক বিভিন্ন ধৰণৰ সমস্যাই জুমুৰি দি ধৰিছিল। যিবোৰ সমস্যাই এই ৰাজ্যখনৰ কৃষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰায়। এই পৰিস্থিতিয়ে অন্ধ্ৰপ্ৰদেশৰ কৃষি ধূলিস্যাৎ কৰি পেলাইছে। বিনিয়োগ শূন্য হৈ পৰিল। কৃষিত ব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্য। উৎপাদনহীনতা। ঋণ বৃদ্ধি। অপৰাধজনকভাৱে চৰকাৰী অৱহেলা। তেওঁৰ সেই দক্ষতাৰ চাহিদা নোহোৱা হ’ল। ইয়াৰ উপৰি আন বহুতো সমস্যা আছে। 

পৰিয়ালটোক সহায় কৰিবলৈ চৰকাৰ আগবাঢ়ি আহিব বুলি আশাত অৰুণা বন্দী হৈ আছে। ৰামাচাৰীয়ে নিজেও এবাৰ চৰকাৰৰ কৰ্মসূচীৰ বাবে আবেদন জনাইছিল। অধৰ্না- এই কাৰ্যসূচীৰ অধীনত শিল্পকৰ্মীক নতুন সঁজুলি দিয়া হয়। কিন্তু সেই সঁজুলি আহি পোৱাৰ আগতেই বাঢ়ৈজনে বিদায় মাগিলে। 

PHOTO • P. Sainath

‘কিহেৰে আমি (কৃষিৰ) সঁজুলি সলনি কৰিম? নতুন সঁজুলিৰে আমি কি কৰিম?’ গঞাই সোধে 

দ্য হিন্দুত এই নিৱন্ধৰ এটা চমু সংস্কৰণ আগতে প্ৰকাশ পাইছে। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath