ভক্তৰ সৈতে ভগৱানেও কেতিয়াবা ঠাই সলাবলগীয়া হয়। অন্ততঃ মা অংগৰমটিয়ে তেনেকৈয়ে এদিন ভক্তৰ সৈতে এৰিবলগীয়া হৈছিল পুৰণি বাসস্থান।

আজিৰ পৰা প্ৰায় ৪৫ বছৰ পূৰ্বে ধৈ-চানৱৰ গাঁৱত বাস কৰিছিল দেৱীয়ে। জনজাতীয় দেৱীৰ মূল পুৰোহিত বা বাইগা গণ্ড আদিবাসীৰ ৫০ বৰ্ষীয় ঈশ্বৰ নেতামে কয়, “মা অংগৰমটি আগতে দুখন নদীৰ মাজত [ঠাইত] বাস কৰিছিল, নদী দুখন আছিল মহানদী আৰু সুখা নদী।”

স্থানান্তৰিত হোৱাৰ পিছতো মা অংগৰমটিৰ জনপ্ৰিয়তা ম্লান পৰা নাই। গাঁওখনৰ পৰা আৰু অন্যান্য ঠাইৰ পৰা এতিয়াও প্ৰতিদিনে ৫০০ৰ পৰা ১০০০ ভক্তই তেওঁক দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰে। দেৱতাৰ নামেৰে এই মেলাখনৰ নামকৰণ কৰা হৈছে যদিও ইয়াক গেংৰেল মাদৈ বুলিও কোৱা হয়, যিটো গাঁওখনৰ নামৰ লগতে ওচৰৰ মথাউৰিটোৰ প্ৰতীক। দেৱী অংগৰমটি স্থানচ্যুত হ’বলগীয়া হ’লেও তেওঁৰ বন্ধু অন্য দেৱ-দেৱীসকলৰ সৈতে সংযোগ হেৰুৱাই পেলোৱা নাই। প্ৰতি বছৰে দীপাৱলীৰ পিছৰ প্ৰথমটো শুকুৰবাৰে মা অংগৰমটিয়ে বাৰ্ষিক উদযাপনৰ বাবে ওচৰ-চুবুৰীয়া গাঁৱৰ দেৱতাসকলক নিমন্ত্ৰণ জনায় আৰু মাদৈ মেলাত সকলো দেৱ-দেৱী পুনৰ লগ হয়।

গণ্ড সম্প্ৰদায়ৰ জনজাতীয় নেতা আৰু লগতে এই সময়ছোৱাত প্ৰতি বছৰে মেলা আয়োজন কৰা দলটোৰ সদস্য বিষ্ণু নেতামে কয়, “আমি আমাৰ পূৰ্বপুৰুষৰ সময়ৰ পৰাই প্ৰায় প্ৰতিখন জনজাতীয় গাঁৱতে এই মাদৈ [মেলা] উদযাপন কৰি আহিছো।’’

তেওঁ লগতে কয়, “মাদৈ আমাৰ পৰম্পৰাগত জনজাতীয় সংস্কৃতিৰ অংশ। স্থানীয় বাসিন্দাসকলৰ লগতে গাঁৱৰ বাহিৰৰ লোকসকলে মেলাখনলৈ গৈ পথাৰৰ ভাল ফচলৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি দেৱতাসকলক ফুল আগবঢ়ায় আৰু আগন্তুক বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে। প্ৰতি বছৰে জিলাখনত আয়োজন কৰা প্ৰায় ৫০ খন মাদৈৰ ভিতৰত এইখন অন্যতম। মধ্য ভাৰতৰ ৰাজ্যখনৰ এই জিলাখনত অনুষ্ঠিত হোৱা ধাৰাবাহিক মাদৈৰ ভিতৰত এইখনেই প্ৰথম মাদৈ।’’

এতিয়া প্ৰতি বছৰে গেংৰেলতে মা অংগৰমটিৰ পূজা কৰে গাঁওবাসীয়ে। স্থানীয় বাসিন্দাসকলৰ লগতে গাঁৱৰ বাহিৰৰ লোকসকলেও দেৱী পূজাৰ মেলা চাবলৈ যায় আৰু পথাৰৰ ফচল ভাল হ’বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি দেৱতাসকলক ফুল আগবঢ়ায় আৰু আগন্তুক বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে

ভিডিঅ'টো চাওক: গেংৰেলত একত্ৰিত হয় সকলো আৰাধ্য দেৱতা

১৯৭৮ চনত মহানদী নদীত জলসিঞ্চনৰ বাবে আৰু ভিলাই তীখা উদ্যোগত পানী যোগান ধৰাৰ বাবে এটা বান্ধ নিৰ্মাণ কৰা হয়। আনুষ্ঠানিকভাৱে পণ্ডিত ৰবিশংকৰ বান্ধ নামেৰে পৰিচিত এই বান্ধটোৱেই দেৱী মা অংগৰমটি আৰু তেওঁৰ ভক্তসকলৰ বাবে বিপদ নমাই আনিছিল।

বান্ধ নিৰ্মাণৰ পৰৱৰ্তী সময়ত হোৱা বানপানীৰ ফলত চানৱাৰ গাঁৱৰ বাসিন্দাসকলে ঘৰ এৰি আন এলেকালৈ স্থানান্তৰিত হ’বলগীয়া হয়। ঈশ্বৰ নেতামে কয়, “বানত প্ৰায় ৫২-৫৪খন গাঁও বুৰ গৈছিল, যাৰ বাবে মানুহবোৰ সেই ঠাইৰ পৰা স্থানচ্যুত হ’বলগীয়া হৈছিল।”

সেই বান বিভীষিকাৰ বাবেই গাঁও এৰিবলগীয়া হোৱা আদিবাসীসকলে তেওঁলোকৰ লগত আৰাধ্য দেৱীকো লৈ যায় আৰু বান্ধৰ পৰা ১৬ কিলোমিটাৰ দূৰৈৰ ধামটাৰীৰ গেংৰেলত নতুনকৈ বসতি স্থাপন আৰম্ভ কৰে।

এই ঘটনাৰ প্ৰায় ডেৰ শতিকাৰ পাছত এই বান্ধটো পৰ্যটনৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে। কিন্তু বিভীষিকাৰ পিছত স্থানচ্যুত হোৱা বহু গাঁওবাসীয়ে এতিয়াও অপেক্ষা কৰিছে চৰকাৰী ক্ষতিপূৰণ লাভৰ বাবে।

Left: The road leading to the madai.
PHOTO • Prajjwal Thakur
Right: Ishwar Netam (third from left) with his fellow baigas joining the festivities
PHOTO • Prajjwal Thakur

বাওঁফালে: মাদৈলৈ যোৱা পথটো। সোঁফালে: ঈশ্বৰ নেতামৰ (বাওঁফালৰ পৰা তৃতীয়জন) সতীৰ্থ বাইগাসকলৰ সৈতে উৎসৱত যোগদান

Left: Wooden palanquins representing Angadeos are brought from neighbouring villages.
PHOTO • Prajjwal Thakur
Right: Items used in the deva naach
PHOTO • Prajjwal Thakur

বাওঁফালে: চুবুৰীয়া গাঁৱৰ পৰা অংগদেউসকলক প্ৰতিনিধিত্ব কৰা কাঠৰ দোলা অনা হয়। সোঁফালে: দেৱ নৃত্যত ব্যৱহৃত সামগ্ৰী

মাদৈত দিনজোৰা উদযাপন দুপৰীয়াৰ পৰা আৰম্ভ হয় আৰু সন্ধিয়ালৈকে চলি থাকে। দেৱীক বান্ধৰ ওচৰত স্থাপন কৰি পুৱাৰে পৰা উপাসকসকলে পূজা আগবঢ়ায়। কিছুমানে বান্ধত ফটো শ্বুট বা চেলফি তুলিবলৈ ভিৰ কৰে।

ইফালে মাদৈস্থলীলৈ যোৱা পথটোৰ দুয়োকাষ ভৰি আছে অগণন মিঠাই আৰু বিভিন্ন খাদ্য বিক্ৰী কৰা দোকানেৰে। এই দোকানবোৰৰ কিছুমান পুৰণি স্থায়ী দোকান, কিন্তু সৰহভাগেই মেলা উপলক্ষ্যে দিয়া অস্থায়ী দোকান।

আনুষ্ঠানিকভাৱে মাদৈৰ কাম আৰম্ভ হোৱাৰ সময়লৈকে ওচৰ-চুবুৰীয়াৰ পৰা প্ৰায় পাঁচৰ পৰা ছয় হাজাৰ লোক আহি উপস্থিত হয়। ধামটাৰী নগৰৰ বাসিন্দা নীলেশ ৰাইচুৰাইও প্ৰায় প্ৰতিবছৰেই মাদৈলৈ আহে। তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি বহু ঠাইৰ মাদৈত ভাগ লৈছে। তেওঁ কয়, “মই কাংকেৰ, নৰহৰপুৰ, নাগ্ৰী-চিহাৱা, চৰামা, পাখাঞ্জুৰ আৰু বহু ঠাইৰ মাদৈবোৰ ভ্ৰমণ কৰিছো, কিন্তু গেংৰেল মাদৈ এই সকলোবোৰৰ মাজত বিশেষ।”

গেংৰেলৰ মাদৈত উপাসকসকলৰ ভিতৰত গৰ্ভধাৰণ কৰিব নোৱাৰা মহিলাও আছে। “মা অংগৰমটিৰ পৰা আশীৰ্বাদ ল’বলৈ সন্তানহীন মহিলাসকল ইয়ালৈ আহে। তেওঁলোকৰ বহুতৰে ইচ্ছা পূৰণ হৈছে।’’-এইদৰে কয় জনজাতীয় নেতা তথা কৰ্মী ঈশ্বৰ মাণ্ডৱীয়ে।

The road leading up to the site of the madai is lined with shops selling sweets and snacks
PHOTO • Prajjwal Thakur
The road leading up to the site of the madai is lined with shops selling sweets and snacks
PHOTO • Prajjwal Thakur

মাদৈস্থলীলৈ যোৱা পথত মিঠাই আৰু খাদ্য সামগ্ৰী বিক্ৰী কৰা দোকান

Left: Women visit the madai to seek the blessings of Ma Angarmoti. 'Many of them have had their wishes come true,' says Ishwar Mandavi, a tribal leader and activist.
PHOTO • Prajjwal Thakur
Right: Worshippers come to the madai with daangs or bamboo poles with flags symbolising deities
PHOTO • Prajjwal Thakur

বাওঁফালে: মা অংগৰমটিৰ আশীৰ্বাদ বিচাৰি মহিলাসকলে মাদৈলৈ যায়। জনজাতীয় নেতা আৰু কৰ্মী ঈশ্বৰ মাণ্ডৱীয়ে কয়, ‘তেওঁলোকৰ বহুতৰে ইচ্ছা পূৰণ হৈছে।’ সোঁফালে: উপাসকসকলে ডাং বা বাঁহৰ স্তম্ভ লৈ দেৱতাৰ প্ৰতীক পতাকা ওলোমাই মাদৈলৈ আহে

ইয়ালৈ নিকটৱৰ্তী আৰু দূৰণিৰ পৰা অহা অনেক মহিলাক আমি লগ পাইছো। ৰায়পুৰ (৮৫ কিলোমিটাৰ), জাঞ্জগিৰ (২৬৫ কিলোমিটাৰ) আৰু বেমেতাৰা (১৩০ কিলোমিটাৰ) আদি অঞ্চলৰ পৰাও মাদৈ মেলালৈ অগণন মহিলা আহে। তেওঁলোকে শাৰী পাতি থিয় হৈ আশীৰ্বাদ লাভৰ বাবে অপেক্ষা কৰে।

তেওঁলোকৰ এজনে কয়, “মোৰ বিয়াৰ পাঁচ বছৰ হ’ল, কিন্তু মই সন্তানহীন। গতিকে, মই আশীৰ্বাদ বিচাৰি আহিছো।” নাম প্ৰকাশ কৰিব নিবিচৰা মহিলাগৰাকী পুৱাৰে পৰা উপবাসে আছে। মেলাখনলৈ অহা তিনি-চাৰিশ মহিলাৰ ভিতৰত তেওঁৱো এগৰাকী।

আন গাঁৱৰ পৰা উপাসকসকলে নিজৰ ডাং (দেৱতাৰ প্ৰতীক পতাকা থকা বাঁহৰ স্তম্ভ) আৰু অংগ (দেৱতা) লৈ দেৱ নৃত্য (দেৱতাৰ নৃত্য)ত অংশগ্ৰহণ কৰিবলৈ আহে। এই স্তম্ভ আৰু কাঠৰ ডোলাবোৰ তেওঁলোকে কঢ়িয়াই লৈ ফুৰিব আৰু ভক্তসকলে দেৱতাৰ আশীৰ্বাদ বিচাৰিব।

নীলেশে কয়, “এই মাদৈবোৰত মই ওচৰৰ পৰা জনজাতীয় সংস্কৃতি আৰু জনজাতীয় জীৱন দেখিবলৈ পাওঁ।”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Purusottam Thakur

پرشوتم ٹھاکر ۲۰۱۵ کے پاری فیلو ہیں۔ وہ ایک صحافی اور دستاویزی فلم ساز ہیں۔ فی الحال، وہ عظیم پریم جی فاؤنڈیشن کے ساتھ کام کر رہے ہیں اور سماجی تبدیلی پر اسٹوری لکھتے ہیں۔

کے ذریعہ دیگر اسٹوریز پرشوتم ٹھاکر
Photographs : Prajjwal Thakur

پرجّول ٹھاکر، عظیم پریم جی یونیورسٹی میں انڈر گریجویٹ طالب علم ہیں۔

کے ذریعہ دیگر اسٹوریز Prajjwal Thakur
Editor : Sarbajaya Bhattacharya

سربجیہ بھٹاچاریہ، پاری کی سینئر اسسٹنٹ ایڈیٹر ہیں۔ وہ ایک تجربہ کار بنگالی مترجم ہیں۔ وہ کولکاتا میں رہتی ہیں اور شہر کی تاریخ اور سیاحتی ادب میں دلچسپی رکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Sarbajaya Bhattacharya
Video Editor : Shreya Katyayini

شریا کاتیاینی ایک فلم ساز اور پیپلز آرکائیو آف رورل انڈیا کی سینئر ویڈیو ایڈیٹر ہیں۔ وہ پاری کے لیے تصویری خاکہ بھی بناتی ہیں۔

کے ذریعہ دیگر اسٹوریز شریہ کتیاینی
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

کے ذریعہ دیگر اسٹوریز Dhrubajyoti Dhanantari