ক’ভিড-১৯ৰ ভেকচিন ল’বলৈ পানামিকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শাৰী পাতি থকা প্ৰায় এশমান মানুহ দেখিছিলো। সেয়া আছিল ১১ আগষ্ট। এয়া ভাৰতৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ স্বাস্থ্যকেন্দ্ৰৰ সাধাৰণ দৃশ্যৰ দৰেই বুলি আপোনাৰ মনলৈ ভাৱ আহিব পাৰে, কিন্তু সেয়া কোনো কাৰণতে নহয়। লেহৰ পানামিক ব্লকৰ আটাইতকৈ ওখ পইণ্টটো সাগৰপৃষ্ঠৰ পৰা ১৯,০৯১ ফুট ওপৰত। একেটা নামৰে মূল গাওঁখন তাতকৈ কেইহাজাৰমান ফুট তলত, ১১,০০০ ফুট উচ্চতাত অৱস্থিত। তথাপি এইটো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো আটাইতকৈ উচ্চতাত থকা ছিটাকৰণ কেন্দ্ৰবোৰৰ মাজৰ এটা।
ক’ভিড-১৯ ভেকচিন আনি লাডাখ স্বায়ত্ব শাসিত অঞ্চলৰ বিভিন্ন স্থানত মজুত কৰাটোৱে ডাঙৰ কাম। তাৰপিছত আকৌ দূৰ-দূৰণিৰ পৰা বাট বাই সেই কেন্দ্ৰবোৰলৈ যোৱাৰ প্ৰত্যাহ্বান আছেই।
কিন্তু অসাধাৰণ উচ্চতাৰ বাদেও এই স্বাস্থ্যকেন্দ্ৰটো আৰু এটা কাৰণত বিশেষ বুলি ক’ব লাগিব। ছিয়াচেন গ্লেচিয়াৰৰ কাষতে থকা এই স্বাস্থ্যকেন্দ্ৰটোৰ আন এক অভিলেখো আছে। সেয়া হৈছে এটা দিনতে অঞ্চলটোৰ ২৫০ গৰাকী সেনাৰ টিকাকৰণ। তাতে আকৌ যোগাযোগৰ অৱস্থা তেনেই শোচনীয় আৰু ইণ্টাৰনেট বুলিবলৈ কেৱল নামটোহে থকা লাডাখৰ আন ভালেকেইটা কেন্দ্ৰৰ দৰে পানামিক স্বাস্থ্যকেন্দ্ৰটোৱেও টিকাকৰণ অভিযান সফলতাৰে ৰূপায়ণ কৰিছে।
কিন্তু লেহ চহৰৰ পৰা ১৪০ কিলোমিটাৰ দূৰৰ এইটো স্বাস্থ্যকেন্দ্ৰ ইণ্টাৰনেট নোহোৱাকৈ কেনেকৈ চলে? ক’ল্ড চেইন চলোৱা চেৰিং আংচকৰ কথা শুনি সেয়া সহজ যেনেই লাগে - “তেনেই সহজ! আমি ধৈৰ্য্য ধৰি এই কাম কৰো। আমি ভালেকেইঘণ্টা ধৰি কাম কৰো আৰু অৱশেষত সকলো ঠিকে-ঠাকে হৈ যায়।” আন ঠাইত এক মিনিটতে হৈ যোৱা কামটোৰ বাবে তেওঁলোকে কেবাঘণ্টালৈ যুঁজি থাকিবলগীয়া হয়। আকৌ টিকাকৰণৰ বাবে শাৰী পাতিবলৈ লগা সময়ৰ কথা আছেই।
এই স্বাস্থ্যকেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট ষ্টেনজিন দলমাই কেৱল দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যকেন্দ্ৰটোতে থাকিবলগীয়াই নহয়, তেওঁৰ পিছে পিছে ঘূৰি ফুৰা আঠ বছৰীয়া সন্তানটোৰ ওপৰতো নজৰ ৰাখিবলগীয়া হয়। “মোৰ সৰুটো ল’ৰা মোৰ পৰা বেছি সময় আঁতৰি থাকিব নোৱাৰে,” তেওঁ কয়। “সেয়ে বেছি সময়লৈ কাম থকাৰ দিনা মই তেওঁক (বিশেষকৈ বন্ধৰ দিনত) লগত লৈ আহো। দিনটো তেওঁ মোৰ লগতে স্বাস্থ্যকেন্দ্ৰটোতে থাকে। ৰাতিৰ ডিউটিৰ সময়তো তেওঁ মোৰ লগত থাকে।”
এনেকৈ লগত লৈ ফুৰাটো নিৰাপদ নহয় বুলি তেওঁ জানে যদিও লগত ৰাখিলে ভালকৈ চোৱাচিতা কৰিব পাৰিব বুলি তেওঁ ভাবে। “ৰোগী আৰু মোৰ ল’ৰা- দুয়োটাই মোৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ,” তেওঁ কয়।
“আৰম্ভণিতে অলপ খেলিমেলি
হৈছিল,” স্বাস্থ্যকেন্দ্ৰটোৰ আবাসিক ডাক্তৰ মণিপুৰৰ চাবুংবাম মেইৰাবা মেইতেইয়ে মনত
পেলায়। “তেনেই দুৰ্বল আন্তঃগাঁথনি আৰু যৎসামান্য তথ্যৰে স্বাস্থ্যসেৱাৰ কামবোৰ কোনোমতে
চলাই নিছিলো। এনেদৰে কাম কৰি কৰি প্ৰক্ৰিয়াটোত আমাৰ অলপ দখল আহিল আৰু সমান্তৰালভাৱে
গাঁৱৰ মানুহৰ মাজত টিকাকৰণক লৈ সজাগতা সৃষ্টিৰ কামো কৰিব পাৰিলো।”
দেশৰ আন প্ৰান্তৰ দৰে লাডাখতো ক’ভিডৰ 'দ্বিতীয় ঢৌ’ উঠিছিল। যাতায়তৰ পৰাই সেয়া বিয়পিছিল, ঋতুগত শ্ৰমিকৰ আগমন, স্বায়ত্ব শাসিত অঞ্চলটোৰ বাহিৰত পঢ়ি থকা বা কৰ্মৰতসকল লেহ চহৰলৈ ঘূৰি অহা আদি কাৰণত ক’ভিডৰ প্ৰাদূৰ্ভাৱ বাঢ়িছিল।
''সেয়া পাগল কৰি পেলোৱা সময় আছিল,’’ অতিমাৰীৰ প্রথম পৰ্যায়ৰ কথা মনত পেলাই জিলা টিকাকৰণ বিষয়া তাছি নামগিয়ালে কয়। ''লেহ চহৰত পৰীক্ষা কৰোৱাৰ বাবে আমাৰ হাতত সিমানখিনি সুবিধা নাছিল। আমি পৰীক্ষাৰ বাবে নমুনাবোৰ চণ্ডীগড়লৈ পঠিয়াবলগীয়া হৈছিল। ফলাফল পাবলৈ কেবাদিনো লাগিছিল। কিন্তু এতিয়া আমি লেহ চহৰৰ সোণম নুৰবু মেম’ৰিয়েল হস্পিতালত দিনে ১,০০০ পৰ্যন্ত লোকৰ পৰীক্ষা কৰাব পাৰো। এইবাৰ শীত পৰাৰ আগেয়ে, মানে অক্টোবৰ শেষ হোৱাৰ আগেয়ে টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা হাতত লৈছো।’’
ইণ্টাৰনেট সুস্থিৰতা নথকা স্বাস্থ্যকেন্দ্ৰ আৰু মানুহৰ মাজত যোগাযোগৰ প্ৰযুক্তিৰ সীমিত সুবিধাৰে এই লেহ অঞ্চলত মানুহে কামবোৰ সমাধা কৰিবলৈ নতুন নতুন উপায় বিচাৰিবলগীয়া হৈছিল। ''বয়সীয়া মানুহে স্মাৰ্টফোন ব্যৱহাৰ নকৰে। তাতে আকৌ ইণ্টাৰনেটৰ অসুবিধা আছেই,’’ লেহ জিলাত সাগৰপৃষ্ঠৰ পৰা ৯,৭৯৯ ফুট উচ্চতাত থকা খালটাচে নামে গাওঁখনৰ এগৰাকী স্বাস্থ্যকৰ্মী কুনজাং ক’ৰলে কয়। তেন্তে কামবোৰ হয় কেনেকৈ?
কুনেই, কুনজাঙক ইয়াতে মতা নাম, তেওঁ কয়ঃ ''প্ৰথমটো পালিৰ পিছত আমি ইউনিক নম্বৰটো আৰু দ্বিতীয় পালি ভেকচিনৰ তাৰিখটো কাগজত লিখি থওঁ। তাৰপিছত সেয়া আমি মানুহৰ জৰুৰী নথি যেনে ধৰক আধাৰ কাৰ্ডৰ পিছফালে আঠা লগাই থওঁ। এনেদৰেই আমি সমগ্ৰ প্ৰক্ৰিয়াটো চলাও। আজিৰ তাৰিখলৈ এনেদৰেই গাঁৱৰ মানুহে ভেকচিন ল’ব পাৰিছে, কাম চলিছে।’’
''কোনো লোকৰ দুয়োপালি লোৱা হ’লে আমি টিকাকৰণৰ প্ৰমাণপত্ৰখন প্ৰিণ্ট কৰি তেওঁৰ হাতত দিওঁ,’’ তেওঁ কয়।
যিটো সময়ত স্বাস্থ্যকেন্দ্ৰ আৰু হস্পিতালবোৰে অতিমাৰীৰ সৈতে যুঁজ দিয়াত তেওঁলোকৰ আটাইখিনি সম্পদ ব্যৱহাৰ কৰিছিল, সেইখিনি সময়ত মই দেখি আচৰিত হৈছিলো যে ফিয়াং গাঁৱৰ এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত টিকাকৰণৰ লগতে শিশুৰ নিয়মীয়া টিকাকৰণ সেৱাও সমানে চলিছিল। ফিয়াং সাগৰপৃষ্ঠৰ পৰা ১২,০০০ ফুট উচ্চতাত অৱস্থিত।
এতিয়া লাডাখ স্বায়ত্ব শাসিত অঞ্চলৰ প্ৰশাসনে দাবী কৰিছে যে অঞ্চলটোৰ ১০০ শতাংশ যোগ্যতা থকা লোকে ক’ভিড-১৯ৰ প্ৰথমপালি ভেকচিন লাভ কৰিছে, সেই দাবী কোনোবাই প্ৰত্যাহ্বান জনাব পৰাকৈ মুকলি । কিন্তু এটা কথা একমুখে স্বীকাৰ কৰিব লাগিব, সেয়া হৈছে এই সাফল্যৰ আঁৰত থাকি কাম কৰা এই পৰ্বতীয়া অঞ্চলৰ সমুখশ্ৰেণীৰ স্বাস্থ্যকৰ্মীৰ কামৰ প্ৰতি থকা ধাউতি। তেওঁলোকৰ প্ৰেৰণাদায়ক ভূমিকাৰ ওপৰত প্রশ্ন উঠিব নোৱাৰে। তেওঁলোকে বাৰমাহে থকা শীত আৰু শুকান জলবায়ু নেওচি লাডাখৰ ৮,০০০ৰ পৰা ২০,০০০ ফুট উচ্চতাত থকা প্ৰায় ২,৭০,০০০ বাসিন্দাৰ ওচৰলৈ ভেকচিন কঢ়িয়াই নিওতে কিমানযে কষ্ট স্বীকাৰ কৰা নাই।
''অভাৱনীয় হাৰত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো,’’ ভেকচিন আৰু ক’ল্ড চেইন পৰিচালক জিগমেট নামগিয়ালে কয়। ''আৰম্ভণিৰ দিনবোৰত আমি নিজে ক’ৱিন ব্যৱহাৰত অভ্যস্ত হৈছিলো। আকৌ পানামিকত থকাটোৰ দৰে আন বহুতো দূৰণিবটীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰবোৰত ইণ্টাৰনেট সুস্থিৰ নাছিল।’’ নামগিয়ালে প্ৰায়ে ৩০০ কিলোমিটাৰতকৈ বেছি বাট যাতায়ত কৰে, নিশ্চিত কৰে যাতে সঠিক উষ্ণতাত ভেকচিনবোৰ মজুত ৰখা হৈছে আৰু বিভিন্ন মজুতকৰণ স্থানত সঠিক মাত্ৰাত সেয়া উপলব্ধ হয়।
''কেৱল ক’ৱিনেই নহয়, ভেকচিন নষ্ট হ’বলৈ নিদিয়াটো আমাৰ ঘাই প্ৰত্যাহ্বান আছিল,’’ খালচি টেহচিলৰ এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কাম কৰা দিয়াচেন আংমোই কয়। ''ভেকচিন যাতে নষ্ট নহয় তাৰবাবে কেন্দ্ৰ চৰকাৰে কঢ়া নিৰ্দেশ দিছে।’’
প্ৰত্যাহ্বান খুবেই ডাঙৰ, আংমোৱে কয়। ''আমি এটা ভায়েলৰ পৰা দহজনক বেজী দিব পাৰো। কিন্তু এটা ভায়েল খোলাৰ পিছত সেয়া প্ৰথমজনক দিয়াৰ পিছৰ চাৰিঘণ্টাৰ ভিতৰতে দি শেষ কৰিব লাগে। আমাৰ খালটাচেৰ দৰে আওহতীয়া গাঁৱত চাৰিঘণ্টাত চাৰি-পাঁচজনমানহে মানুহ ভেকচিন লোৱাৰ বাবে গোট খায়, তেওঁলোক আহেও দূৰ-দূৰণিৰ পৰা। সেয়ে ভেকচিন পেলনি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়ে আমাৰ সহকৰ্মীসকলে সেই গাওঁবোৰলৈ আগদিনাই গৈ নিশ্চিত কৰে যে মানুহখিনি নিৰ্দিষ্ট সময়ত স্বাস্থ্যকেন্দ্ৰটোলৈ আহিব। সেয়ে আমাৰ ভেকচিন পেলনিত নাযায়।’’
মই পিছত শুনিছিলো যে খালচিৰ স্বাস্থ্যসেৱা কৰ্মীয়ে আনকি একেটা টেহচিলৰে লিংচেত নামৰ দূৰণিবটীয়া গাওঁ এখনলৈ ভেকচিন আকাশমাৰ্গেৰে লৈ গৈছিল। দিনটোৰ টিকাকৰণৰ দায়িত্বত থকা ডা. পদ্মা নামে স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে কয়, ''ভেকচিন ল’বলৈ গাঁৱৰ মানুহে প্ৰথমে সংকোচবোধ কৰিছিল, কিন্তু আমাৰ পৰামৰ্শদানৰ পিছত তেওঁলোকে ভেকচিনৰ গুৰুত্ব বুজি পালে। এতিয়া আমি এদিনত ৫০০ মানুহৰ টিকাকৰণ কৰিব পাৰিছো। এই সংখ্যা ঢুকি পাবলৈ আমি হাতে হাত ধৰি কাম কৰিছো।’’
''মই দেখি বিস্মিত হওঁ কেনেকৈ নাৰ্ছ, ফাৰ্মাচিষ্ট, ডাক্তৰ সকলোৱে মিলি সকলো প্ৰত্যাহ্বান নেওচি সফলতা লাভ কৰিছো। এতিয়া আমি কেৱল লাডাখ স্বায়ত্বশাসিত অঞ্চলৰে নহয়, বাহিৰৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিক, নেপালী কৰ্মী আনকি বাহিৰৰ ৰাজ্যৰ পৰা অহা টিকাকৰণ নকৰা পৰ্যটককো সামৰি লৈছো,’’ জিগমেট নামগিয়ালে কয়।
সেয়া ভিত্তিহীন গৌৰৱ নহয়। ঝাৰখণ্ডৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ গোট এটাক পানামিক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কাষতে ৰাস্তাৰ কাম কৰি থকা অৱস্থাত লগ পাইছিলো। ''লাডাখত থাকিবলৈ পাই আমি ধন্য,’’ তেওঁলোকে মোক কয়। ''আমি আটায়ে প্ৰথমপালি দৰৱ পাইছো। এতিয়া দ্বিতীয় পালিৰ বাবে অপেক্ষা কৰিছো। ঘৰলৈ যাওঁ মানে আমাৰ ক’ভিডৰ সম্পূৰ্ণ টীকাকৰণ হৈ যাব। আমাৰ পৰিয়াল নিৰাপদে থাকিব পাৰিব।’’
অনুবাদ: পংকজ দাস