মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি খবৰ পোৱাৰ কেইঘণ্টামান পিছত তেওঁ বীড় জিলাৰ পৰা ১৮০ কিলোমিটাৰ দূৰত, সোলাপুৰলৈ যাবলৈ সন্তোষ খাড়েয়ে বন্ধু এজনক অনুৰোধ জনালে। তাত কুঁহিয়াৰৰ গছেৰে ভৰি থকা খেতিপথাৰত বাঁহ-খেৰ আৰু তিৰ্পাল দি বনোৱা অস্থায়ী ঘৰ এটা তেওঁ বিচাৰি চকু ফুৰালে। ৩০ বছৰৰো অধিক সময় মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ চপোৱা ঋতুত কুঁহিয়াৰ কটা শ্ৰমিক হিচাপে কাম কৰি অহা তেওঁৰ মাক-দেউতাক থকা সেই তিৰ্পাল দিয়া ঘৰটো তেওঁ মিনিটতে ফালি-চিৰি ভাঙি পেলালে।
“মই এনটি-ডি (যাযাবৰ জনজাতিৰ এটা উপ-শাখা) শাখাত শীৰ্ষস্থানত থকা খবৰটোতকৈ মা-দেউতাই দুনাইবাৰ কুঁহিয়াৰ খেতিত শ্ৰমিকৰ কাম কৰিব নলগা কথাটোত মই বহুত বেছি আনন্দ পাইছিলো,” নিজৰ তিনি একৰ মাটিত বৰ্ষানিৰ্ভৰ খেতি কৰা তিনিজনীয়া পৰিয়ালটোৰ ঘৰটোৰ বহল বাৰান্দাখনত প্লাষ্টিকৰ চকী এখনত বহি থকা খাড়েয়ে কয়।
তেওঁৰ খবৰটোৱে হাঁহি-আনন্দৰ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছিল। খাড়ে হৈছে খৰাং পীড়িত পাটোৰা অঞ্চলৰ পৰা সোলাপুৰ জিলালৈ তিনিটা দশক ধৰি বছৰি প্ৰব্ৰজন কৰি অহা শ্ৰমিক দম্পতিৰ সন্তান। পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কুঁহিয়াৰ খেতি হোৱা অঞ্চললৈ বছৰি খেতি চপোৱাৰ সময়ত ছাৱাৰগাওঁ ঘাটৰ ৯০ শতাংশ পৰিয়ালে তেওঁৰ দৰে প্ৰব্ৰজন কৰে।
বঞ্জাৰি সম্প্ৰদায়ৰ খাড়েয়ে ২০২১ৰ এম.পি.এছ.চি. পৰীক্ষাত খুব ভাল ফলাফল প্ৰদৰ্শন কৰিছিল - তেওঁ এন.টি.-ডি শিতানত শীৰ্ষস্থানত থকাৰ লগতে ৰাজ্যখনৰ সাধাৰণ শ্ৰেণীৰ মাজত ১৬তম স্থান লাভ কৰিছিল।
“এয়া মোৰ মা-দেউতাই বছৰ বছৰ ধৰি কৰি অহা সংগ্ৰামৰ ফল। পশুৰ দৰে জীৱন এটা তেওঁলোকে কটায়,” কুঁহিয়াৰৰ খেতি চপোৱা ঋতুত কাম কৰা শ্ৰমিকৰ জীৱনৰ কথা তেওঁ কয়। “মোৰ প্ৰথম লক্ষ্য আছিল এটা ভাল কাম বিচৰা, যাতে মা-দেউতাই কুঁহিয়াৰৰ খেতিত কাম কৰিবলৈ গৈ থাকিবলগীয়া নহয়।”
নিতি আয়োগৰ ২০২০ৰ প্ৰতিবেদন অনুযায়ী ভাৰতত চেনীৰ উদ্যোগটোৱে ৮০ হাজাৰ কোটি টকাৰ চেনী উৎপাদন কৰে, দেশত ৭০০ টা কুঁহিয়াৰ পেৰা কাৰখানা আছে।
এই কাৰখানাবোৰলৈ কুঁহিয়াৰৰ যোগান চলি থাকিবলৈ কেৱল মহাৰাষ্ট্ৰতে কুঁহিয়াৰ খেতি চপোৱা শ্ৰমিকৰ সংখ্যা ৮ লাখ। ইয়াৰে বেছিভাগেই মাৰাঠৱাড়া অঞ্চলৰ, বিশেষকৈ বীড় জিলাৰ। শ্ৰমিকসকলে মোটামুটি অগ্ৰীম ধন লৈ লয়, তাক উচাল (আক্ষৰিক অৰ্থ দঙা) বুলি কয়। এয়া সাধাৰণতে ৬০ হাজাৰৰ পৰা ১ লাখৰ ভিতৰত হয় আৰু গোটেই চিজনটোৰ কাৰণে, অৰ্থাৎ ছয়ৰ পৰা সাত মাহৰ বাবে দম্পতি এহালক দিয়া হয়।
এনে খেতিত কাম কৰাৰ পৰিৱেশ শোচনীয়। খাড়েৰ মাক সৰস্বতীয়ে কয় যে তেওঁলোকে প্ৰায়ে ৰাতি ৩ বজাতে উঠে যাতে সতেজ কুঁহিয়াৰ একেদিনাই কাৰখানা পায়গৈ। তেওঁলোকৰ খাদ্য কৰ্কৰীয়া হৈ যায়, শৌচালয় নাই আৰু পানী আনিবলৈ বহুদূৰ যাবলগীয়া হয়। ২০২২ত বালিৰ ট্ৰাক এখনে তেওঁলোকৰ গৰুগাড়ীখনত খুন্দা মৰাত সৰস্বতীৰ ভৰিখন ফ্ৰেক্সাৰ হৈছিল।
খাড়েয়ে বন্ধৰ ভালেমান দিন মাক-দেউতাকক কুঁহিয়াৰ আৰু ৱাড়া (কুঁহিয়াৰৰ পাত) কঢ়িওৱাত সহায় কৰিছিল, সেই পাতবোৰ তেওঁলোকে পশুখাদ্য হিচাপে নাইবা বলদ গৰুক খুৱাইছিল।
“বহু ল’ৰাই ভাল অফিছ এটা, মোটা দৰমহা, ভাল এখন চকী, লালবাতি থকা গাড়ীৰ বাবে ক্লাচ ৱান বিষয়া হ’ব বিচাৰে,” খাড়ে কয়। “মোৰ এনে কোনো চখ নাই। মা-দেউতাক এই অমানুষিক কষ্টৰ পৰা উদ্ধাৰ কৰি মানুহৰ জীৱন দিয়াটোৱেই মোৰ লক্ষ্য আছিল।”
২০১৯ত মহাৰাষ্ট্ৰ চৰকাৰে গোপীনাথ মুণ্ডে চুগাৰকেন কাটিং ৱৰ্কাৰ্ছ ক’ৰ্পৰেছন গঠন কৰে। ২০২৩-২৪ত চৰকাৰে ক’ৰ্পৰেছনৰ অধীনত কল্যাণমূলক কামৰ বাবে ৮৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ গৃহীত কৰে । কিন্তু শ্ৰমিকে প্ৰতিকূল পৰিস্থিতিতে কাম কৰি আহিছে।
*****
প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত বছৰত ছমাহ খাড়ে, তেওঁৰ দুই ভনী আৰু সম্পৰ্কীয় ভাই-ভনীহঁতৰ যত্ন লৈছিল তেওঁলোকৰ আইতাকে। তেওঁলোকে স্কুলৰ পৰা আহি খেতিপথাৰত কাম কৰিছিল আৰু সন্ধিয়া পঢ়িছিল।
পঞ্চমমানত তেওঁৰ মাক-দেউতাকে কঠোৰ শ্ৰমৰ এই প্ৰজন্মৰ পিছত প্ৰজন্ম চলি অহা চক্ৰৰ পৰা ল’ৰাটোক উলিয়াই আনিবলৈ তেওঁক আহমেদনগৰত থকা আশ্ৰমশালা (ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত যাযাবৰ শ্ৰেণী আদিৰ বাবে বিনামূলীয়া আবাসিক বিদ্যালয়)ত নাম লগাই দিয়ে।
“আমি দুখীয়া হ’লেও মোৰ মা-দেউতাই মোক বৰ মৰমত ডাঙৰ কৰিছিল। সেয়ে মই আহমেদনগৰত অকলে থাকিব নোৱাৰিলো, ৬ম আৰু ৭ম শ্ৰেণীৰ বাবে মই পাটোড়া চহৰৰ হোষ্টেললৈ আহিলো।”
ঘৰৰ ওচৰত থাকিবলৈ পোৱাৰ পিছত খাড়েয়ে সপ্তাহান্তত আৰু বন্ধৰ দিনত সৰু-সুৰা কাম, ৰেষ্টোৰাত নাইবা কম পৰিমাণে কপাহ আদি বিক্ৰী কৰি কটাইছিল। দিনহাজিৰা কৰি পোৱা পইছাকেইটাৰে তেওঁ মাক-দেউতাকে কিনি দিবলৈ অসমৰ্থ হোৱা বেগ, কিতাপ, জ্যামিতিৰ সঁজুলি আদি কিনিছিল।
দশমমান পাই মানে তেওঁ জানিছিল যে ৰাজ্যিক লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁ পঢ়িব লাগিব।
“আচলতে কোনো শৈক্ষিক পাঠ্যক্ৰম মোৰ সাধ্য়ৰ বাহিৰত আছিল। মা-দেউতাই ছমাহ বাহিৰত কাম কৰি পাইছিল ৭০-৮০ হাজাৰ টকা। ইফালে কোনো এটা পাঠ্যক্ৰমত যদি মই নাম লগাও, তেতিয়া ১ৰ পৰা ১.৫ লাখ টকা পৰিব,” খাড়েয়ে কয়। “এম.পি.এছ.চি. পৰীক্ষাত বহাটো এটা আৰ্থিক সিদ্ধান্ত। আপুনি পৰীক্ষাত বহিবলৈ একো মাচুল দিব নালাগে, কোনো বিশেষ পাঠ্যক্ৰম ল’ব নালাগে, ঘোচ দিব নালাগে, কাৰো চিফাৰিছো ল’ব নালাগে। কেৰিয়াৰ হিচাপে ই এটা ভাল পছন্দ। নিজৰ কঠোৰ অধ্যৱসায়ৰ বলতে সফল হ’ব পাৰি।”
স্নাতক ডিগ্ৰীৰ বাবে তেওঁ বীড় জিলালৈ আহে আৰু একে সময়তে এম.পি.এছ.চি. পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাবলৈ লয়। “এনে লাগিছিল যে মোৰ হাতত সময় নাছিল। মই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বছৰটোতে এম.পি.এছ.চি. পৰীক্ষাতো উত্তীৰ্ণ হ’ব বিচাৰিছিলো,” তেওঁ কয়।
তাৰে আগলৈকে টিনৰ চালি দিয়া আৰু গোবৰ-মাটি লেপা কেঁচা ঘৰ এটাত পৰিয়ালটো থাকিছিল। সেই ঘৰটো এতিয়াও ছাৱাগাঁৱৰ তেওঁলোকৰ এই পকা ঘৰটোৰ পিছফালে আছে। খাড়েয়ে কলেজলৈ গৈ থকা সময়ত পৰিয়ালটোৱে পকা ঘৰ এটা বন্ধাৰ চিন্তা কৰিছিল। তেওঁ পঢ়া শেষ কৰি সোনকালে কাম এটা বিচৰাৰ চিন্তা কৰিছিল, তেওঁ কয়।
২০১৯ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ বেছিভাগ সময় পুণেত, য’ত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়ি থকা আন শিক্ষাৰ্থীৰ সৈতে হোষ্টেলত থাকিছিল, তাৰে গ্ৰন্থাগাৰত কটাবলৈ লয়। বন্ধুবৰ্গ এৰাই চলা, ফুৰিবলৈ নোযোৱা আৰু চাহ খাবলৈ আহৰি নথকা ডেকাল’ৰা বুলি তেওঁৰ পৰিচয় গঢ়ি উঠে।
“আপুন ইধৰ টাইমপাচ কৰনে নহী আয়ে হ্যে (মই ইয়াত সময় কটাবলৈ অহা নাই)” তেওঁ কৈছিল।
তেওঁ পুণেৰ পুৰণি আবাসিক এলেকা কাচবা পেথৰ লাইব্ৰেৰীটোলৈ যোৱাৰ আগেয়ে ৰুমত চে’লফোনটো আগৰ দৰেই এৰি গৈছিল। তাতে তেওঁ দুপৰীয়া ১ বজালৈকে পঢ়িছিল, পুৰণি প্ৰশ্নকাকত সমাধান কৰিছিল, সাক্ষাৎকাৰৰ শিতানৰ ওপৰত চিন্তা-চৰ্চা কৰিছিল, প্ৰশ্ন প্ৰস্তুত কৰা আৰু সাক্ষাৎকৰ্তাজনে কেনেকৈ চিন্তা কৰে সেয়া তেওঁ জানিবলৈ চেষ্টা কৰিছিল।
সাধাৰণতে তেওঁ এদিনত ৫০০-৬০০ টা এম.চি.কিউ. (একাধিক বিকল্প থকা প্ৰশ্ন) সমাধান কৰিছিল।
২০২০ৰ ৫ এপ্ৰিলত হ’বলগীয়া প্ৰথমটো লিখিত পৰীক্ষা ক’ভিড-১৯ মহামাৰীৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হয়। “মই সেইখিনি সময়ৰ সুবিধা লোৱাৰ সিদ্ধান্ত ল’লো।” ছাৱাৰগাওঁ ঘাটলৈ আহি তেওঁৰ এতিয়া সম্পূৰ্ণ হোৱা পকাঘৰটোৰ এটা কোঠা নিজৰ পঢ়া কোঠালীত পৰিণত কৰিলো। “বাহিৰলৈ ওলাবলগীয়া হ’লে কেৱল পথাৰলৈ বুলি ওলাই গৈছিলো, তাত আম গছ এডালৰ তলত বহি পঢ়িছিলো, নাইবা ঠাণ্ডাৰ দিনত ছাদত বহি পঢ়িবলৈ ওলাইছিলো।”
শেষত তেওঁ ২০২১ৰ জানুৱাৰীত হোৱা এম.পি.এছ.চি.ৰ প্ৰাথমিক পৰীক্ষাত বহিল আৰু কাট অফতকৈ ৩৩ নম্বৰ বেছি পাই পৰৱৰ্তী পৰ্য্যায়লৈ উত্তীৰ্ণ হ’ল। মেইনচ বা মূল পৰীক্ষাটো মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে পিছুৱাই দিয়া হ’ল।
সেইখিনি সময়ত খাড়েয়ে মানসিক আঘাত পালে। “মোৰ ৩২ বছৰীয়া দাদা এজন ক’ভিডত আক্ৰান্ত হৈ ঢুকাল। হস্পিতালত, চকুৰ সন্মুখতে। আমাৰ খেতিপথাৰতে শেষকৃত্য সমাপন কৰিলো,” তেওঁ মনত পেলায়।
১৫ দিন আইচ’লেচনত থকাৰ সময়ত নিৰানন্দ খাড়েয়ে ভাবিলে যে ঘৰৰ দ্বিতীয়জন একমাত্ৰ শিক্ষিত ডেকা হিচাপে ঘৰত থকাটো তেওঁৰ দায়িত্ব। মহামাৰীয়ে জীৱিকাৰ মুধা মাৰিছিল আৰু আয়ো নাইকিয়া হৈছিল। এম.পি.এছ.চি.ৰ সপোন এৰি দিব নেকি, তেনে ভাবো তেওঁৰ মনলৈ আহিছিল।
“কিন্তু মই যদি আশা এৰি দিও, তেতিয়া কুঁহিয়াৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰি থকা সকলোৱে জীৱনত কিবা এটা কৰাৰ আশা চিৰদিনৰ বাবে হেৰুৱাই পেলাব, সেই চিন্তা মোৰ মনলৈ আহিছিল,” তেওঁ কয়।
*****
২০২১ৰ ডিচেম্বৰত মেইনচ পৰীক্ষাত উত্তীৰ্ণ হৈ খাড়েয়ে সাক্ষাৎকাৰ পৰ্য্যায়লৈ আগবাঢ়িল। মাক-দেউতাকে ২০২২ত আৰু কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যাবলগীয়া নহয় বুলি তেওঁ প্ৰতিশ্ৰুতিও দিলে।
কিন্তু খপজপনি আৰু সংকোচবোধত তেওঁ প্ৰথমটো সাক্ষাৎকাৰত ভাল কৰিব নোৱাৰিলে। “মই আনকি জনা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ‘ক্ষমা কৰিব’ বুলি কৈ পেলাইছিলো।” তেওঁ ০.৭৫ নম্বৰৰ কাৰণে কাট অফ পাৰ কৰিব নোৱাৰিলে। ২০২২ৰ মেইন পৰীক্ষাটোলৈ দহদিন আছিল। “মই মাত-বোল নাইকিয়া হৈ গৈছিল। মা-দেউতা পথাৰত কুঁহিয়াৰ কাটি আছিল। নিৰাশ মনে মই দেউতাক ফোন লগাই ক’লো যে মই মোৰ কথা ৰাখিব নোৱাৰিম।”
পিছত কি হ’ল, সেইখিনি বৰ্ণনা কৰাৰ সময়ত খাড়ে আৱেগিক হৈ পৰে। পলিঅ’ৰ দ্বাৰা পংগু, নিৰক্ষৰ আৰু এম.পি.এছ.চি. পৰীক্ষাৰ প্ৰক্ৰিয়া বা ই কিনো হয়, সেয়া নজনা দেউতাকে গালি দিব বুলি তেওঁ ভাবিছিল।
“কিন্তু, তেওঁ মোক ক’লে, ‘তোৰ কাৰণে আমি আৰু পাঁচ বছৰ কুঁহিয়াৰ কাটিব পাৰিম।’ তেওঁ ক’লে যে মই আশা এৰি দিব নালাগিব, কষ্ট কৰিবই লাগিব, আৰু চৰকাৰী বিষয়া হ’ব লাগিব। সেই কথা শুনাৰ পিছত মোক আৰু আন একো প্ৰেৰণাৰ প্ৰয়োজন নাছিল।”
পুণেত খাড়েয়ে নিজৰ ফোনটো অফ কৰি লাইব্ৰেৰীলৈ যাবলৈ ধৰিলে। দ্বিতীয়বাৰ পৰীক্ষাত তেওঁ ৭০০ৰ ভিতৰত আগৰ ৪১৭তকৈ আগবাঢ়ি ৪৬১ নম্বৰ পালে। তেওঁ জানিছিল যে সাক্ষাৎকাৰৰ ১০০ নম্বৰৰ ভিতৰত তেওঁক এতিয়া ৩০-৪০ মান নম্বৰহে লাগিব।
সাক্ষাৎকাৰ ২০২২ৰ আগষ্টত আছিল যদিও পিছুৱাই থকাত তেওঁৰ মাক-দেউতাকে আৰু এবছৰৰ বাবে উচাল (আগধন) লোৱাৰ সিদ্ধান্ত ল’লে। “মই শপত খালো যে মই দ্বিতীয়বাৰ তেওঁলোকৰ বাবে কিবা এটা কৰি দেখুৱাব পাৰিলেহে দেখা হ’ম।”
২০২৩ৰ জানুৱাৰীত তেওঁ সাক্ষাৎকাৰ সম্পূৰ্ণ কৰাৰ পিছত নিশ্চিত হৈছিল যে তেওঁ পাছ কৰিব। তেওঁ দেউতাকক ফোন লগাই ক’লে যে তেওঁলোকে আৰু দুনাইবাৰ হাতত কাঁচি তুলি ল’বলগীয়া নহয়। তেওঁ আগধন পৰিশোধ কৰিবলৈ পইচা ধাৰে ল’লে আৰু সোলাপুৰলৈ ল’ৰালৰিকৈ গৈ মাক-দেউতাকৰ সামগ্ৰীখিনি আৰু তেওঁলোকৰ গৰুৰ গাড়ীখন পিক-আপ ভান এখনত তুলি তেওঁলোকক ঘৰলৈ পঠিয়াই দিলে।
“তেওঁলোক যোৱাৰ দিনটো মোৰ বাবে আছিল এটা খুবেই বেয়া দিন। তেওঁলোকক ঘৰলৈ পঠিয়াব পৰা দিনটো আছিল মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন।”
অনুবাদ: পংকজ দাস