মেঘালয়ৰ ইষ্ট খাছি হিলচ্ জিলাৰ দূৰণিবটীয়া খ্ৰাং গাঁৱত পাঁচ বছৰীয়া কিঞ্জা বাভাৰ ঘৰ। তাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঝাৰু খেতিয়কৰ ছোৱালী। গাঁৱৰ দাঁতিৰ এঢলীয়া ঠাই এটুকুৰাত দেউতাকে খেতি কৰে।

কিঞ্জাৰ তিনিজনী ভনী আৰু এটা ভায়েক আছে। তাই তৃতীয়টো সন্তান। ভাৰত চৰকাৰৰ সংহত শিশু বিকাশ সেৱা আঁচনিৰ অধীনত থকা খ্ৰাঙৰ অংগনবাদী কেন্দ্ৰ এটাত তাই নাৰ্ছাৰীত পঢ়ে। ১৫ বছৰ পুৰণি এই অংগনবাদী স্কুলখন যোৱা সাত বছৰ ধৰি টেৰেছা চাবোঙ নামে শিক্ষয়িত্ৰীগৰাকীয়ে অকলে চলাই আহিছে।

পুৰণি ঢিলা এটা ফ্ৰক আৰু জোখতকৈ ডাঙৰ গাম বুট পিন্ধি কিঞ্জাই অংগনবাদীলৈ যায়।

Kynja arrives at the anganwadi with an orange-coloured bag strapped over her head. In the bag, she has a slate to write on and a steel plate for her mid-day meal
PHOTO • Abhishek Saha

মূৰত কমলাৰঙী বেগ এটা ওলমাই কিঞ্জা অংগনবাদী কেন্দ্ৰটোলৈ আহিছে। বেগত তাই লিখিবলৈ চিলথ এখন আৰু মধ্যাহ্ন ভোজনৰ কাৰণে থাল এখন আনিছে

PHOTO • Abhishek Saha

কিঞ্জাৰ বান্ধৱীজনীয়ে অংগনবাদী কেন্দ্ৰটোলৈ কণমানি ভায়েকক লৈ আহিছে

PHOTO • Abhishek Saha

শিক্ষয়িত্ৰী টেৰেছা চাবোঙে ব্লেকব ৰ্ডত খাছি সংখ্যা আৰু বৰ্ণমালা লিখিছে। তেওঁৰ উজ্জ্বল ছাত্ৰী কিঞ্জাই সেয়া ডাঙৰ ডাঙৰকৈ পঢ়া দেখি তেওঁ গৌৰৱবোধ কৰিছে

PHOTO • Abhishek Saha

শ্ৰেণীকৰ্মৰ বাবে শিক্ষয়িত্ৰী টেৰেছাই ল ৰা-ছোৱালীহঁতৰ মাজত চক পেঞ্চিল বিলাইছে

Sitting all by herself in a corner of the classroom, Kynja does her work rapidly
PHOTO • Abhishek Saha
Sitting all by herself in a corner of the classroom, Kynja does her work rapidly
PHOTO • Abhishek Saha

শ্ৰেণীকোঠাৰ এটা চুকত নিজে বহি লৈ কিঞ্জাই তাইৰ শ্ৰেণীকৰ্ম খৰকৈ কৰিছে

PHOTO • Abhishek Saha

চিলথত কি লিখিছে সেয়া দৌৰি গৈ শিক্ষয়িত্ৰীক দেখুওৱা কিঞ্জা শ্ৰেণীটোৰ ভিতৰতে প্ৰথম

PHOTO • Abhishek Saha

টেৰেছাই কিঞ্জাক নতুন এটা শব্দ শিকাইছে

PHOTO • Abhishek Saha

টেৰেছাই কণমানিহঁতক পদ্য এটা মাতিবলৈ কৈছে, কিঞ্জা একেবাৰে আগত থাকি আঁত ধৰিছে

PHOTO • Abhishek Saha

মধ্যাহ্ন ভোজন পৰিৱেশনৰ আগত টেৰেছাৰ সহায় লৈ কিঞ্জাই হাত ধুইছে

PHOTO • Abhishek Saha

কিঞ্জাৰ বৰ ভোক লাগিছেঃ বাকীবোৰৰ সোনকালে হাত ধোৱা নহয় কিয় ?’

PHOTO • Abhishek Saha

টেৰেছা চাবোঙে খাদ্য বিলাইছে

PHOTO • Abhishek Saha

কিঞ্জাই বান্ধৱীৰ লগত বহি খাইছে

Mid-day meals are a huge incentive for children to attend the anganwadi.
PHOTO • Abhishek Saha
Mid-day meals are a huge incentive for children to attend the anganwadi. Kynja Babha (right) finishes her meal. Her day at the anganwadi has come to an end
PHOTO • Abhishek Saha

অংগনবাদী কেন্দ্ৰত মধ্যাহ্ন ভোজন খাবলৈ পোৱাটো শিশুহঁতৰ কাৰণে বৰ আনন্দৰ বিষয়। কিঞ্জা বাভাৰ খোৱা হ ল (সোঁফালে)। অংগনবাদীত তাইৰ এটা দিনৰ অন্ত পৰিল

অনুবাদ: পংকজ দাস

Abhishek Saha

ابھشیک ساہا نے پاری کے لیے یہ خوبصورت فوٹو اسٹوری تب کی تھی، جب وہ ایشین کالج آف جرنلزم، چنئی میں ایک طالب علم تھے۔ اب وہ گوہاٹی میں مقیم ہیں، جہاں پر وہ ’انڈین ایکسپریس‘ اخبار کے لیے شمال مشرقی ہندوستان کے خصوصی نامہ نگار کے طور پر کام کر رہے ہیں۔

کے ذریعہ دیگر اسٹوریز Abhishek Saha
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das