এদিন আবেলি মই লগ পোৱাৰ সময়ত নিজৰ ভেড়াছাগলীৰ জাকটোৰ সৈতে এছ বান্দেপ্পা বাগালকোট-বেলগৌম পথেৰে গৈ আছিল। ভেড়াৰ জাকটোৰ সৈতে অলপ সময় থমকি ৰোৱাৰ বাবে তেওঁ পথাৰ বিচাৰি আছিল। “এতিয়া মোৰ কাম হ’ল মাটিৰ মালিকক বিচাৰি উলিওৱা, কিয়নো তেওঁৰ মাটিৰ বাবে মোৰ ভেড়াজাকে যি সাৰ এৰিব, তাৰ বাবে মাটিৰ মালিকে মোক ভাল পৰিমাণৰ টকা দিব,” তেওঁ কয়। এয়া শীতকাল, অক্টোবৰ-নৱেম্বৰৰ পৰা এই সময়চোৱাত কুৰুবা ভেড়াপালকসকলে যাত্ৰা আৰম্ভ কৰে, কিয়নো সেই সময়ত পথাৰত খেতিৰ কাম বিশেষ নাথাকে।
অক্টোবৰ-নৱেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত কৰ্ণাটকৰ পশুপালক কুৰুবাসকলৰ (ৰাজ্য চৰকাৰৰ তালিকাত অনুসূচিত জাতিৰূপে তালিকাভূক্ত) দুই-তিনিটা পৰিয়ালৰ একোটা গোটে এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। সাধাৰণতে একেটা পথেৰে তেওঁলোকে যায় আৰু আনুমানিক মুঠ ৬০০ৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত এই যাত্ৰাত সামৰি লোৱা হয়। তেওঁলোকৰ ভেড়া আৰু ছাগলীবিলাক চন পৰি থকা পথাৰত চৰোৱা হয়, পশুবিলাকৰ পৰা পোৱা সাৰৰ বাবদ পথাৰৰ খেতিয়ক মালিকে তেওঁলোকক ভাল পৰিমাণৰ ধন দিয়ে। ‘ভাল ভূ-স্বামী’ হ’লে এবাৰ ৰখাৰ বাবদ ১০০০ টকা পোৱা যায় বুলি বান্দেপ্পাই কয়। পথাৰত কেইদিনমান ৰাখিলেই হয়। ইয়াৰ পিছত ভেড়াবোৰক লৈ দ্বিতীয়খন চৰণীয় পথাৰ বিচাৰে। প্ৰথমখনত থাকোতেই দ্বিতীয়খন পথাৰৰ সন্ধান কৰে আৰু ভূ-স্বামীৰ লগত বন্দোবস্ত কৰে। আগতে তেওঁলোকে খাদ্যশস্য-কাপোৰ আদিও পাইছিল, কিন্তু এতিয়া ভূ-স্বামীসকলৰ লগত বন্দোৱস্তি কৰা কঠিন হৈ উঠিছে।
“ভূ-স্বামীৰ মাটিত ভেড়া আৰু ল’ৰা-ছোৱালীক লৈ থকা এতিয়া ইমান সহজ নহয়,” নীলাপ্পা চাচড়িয়ে কয়। বেলগৌম (এতিয়াৰ বেলগাভি) জিলাৰ বালিহোংগাল তালুকত বালিহোংগাল-মুনাৱাল্লি পথৰ ওচৰত এখন পথাৰত মই তেওঁক লগ পাইছিলো, সেই সময়ত তেওঁ ভেড়াবোৰক বাবে ৰছীৰে গঁৰাল তৈয়াৰ কৰাত ব্যস্ত আছিল।
এয়াই একমাত্ৰ পৰিৱৰ্তন নহয়, যি পশুপালক কুৰুবাসকলে সন্মুখীন হ’বলগীয়া হৈছে। যোৱা দুটা দশকত তেওঁলোকৰ ভেড়াৰ ঊল (যি ভেড়া কেৱল দক্ষিণ-মধ্য ভাৰতৰ দাক্ষিণাত্য অঞ্চলৰ পাৰ্বত্য ভূমিত জন্ম হয়)ৰ চাহিদা হ্ৰাস পাইছে। দাক্ষিণাত্যৰ স্বাস্থ্যৱান হৃষ্টপুষ্ট ভেড়াবিলাকে দীৰ্ঘদিনৰ পৰা ভূমিৰ অৰ্ধ-অনুৰ্ব্বৰ অৱস্থা প্ৰতিহত কৰি আহিছে। স্থানীয়ভাৱে কাম্বালি (মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত গোংগাড়ি বা গোংগালি) বুলি কোৱা খহটা ক’লা ঊলৰ কম্বল তৈয়াৰ কৰিবলৈ ঊল যোগান ধৰাৰ পৰা ভেড়া দীৰ্ঘদিন ধৰি কুৰুবা ভেড়াপালকসকলৰ মূল উপাৰ্জনৰ উৎস আছিল। অতিৰিক্তভাৱে ভেড়াৰ গোবৰ খেতিয়কক যোগান ধৰিও উপাৰ্জন হৈছিল। এতিয়া স্থানীয়ভাৱে উৎপাদিত আঁহ সুলভ হৈ পৰাত ঊলৰ দাম মন্দা হৈছে আৰু চাহিদাও হ্ৰাস পাইছে।
বেলগাভি জিলাৰ ৰামদুৰ্গ তালুকৰ দাৰিভাৱি সালাপুৰ গাঁৱৰ বোৱনীসকলো এই ঊলৰ ক্ৰেতা আছিল। অধিকাংশ বোৱনী সম্প্ৰদায়টোৰ উপগোট কুৰুবাৰ ভিতৰত পৰে। (কুৰুবাসকলৰ স্থায়ী ঘৰ আৰু গাওঁ থাকে, বিভিন্ন উপগোট আছে, যেনে পশুপালক, বোৱনী, খেতিয়ক তথা আনান্য)। এসময়ত তেওঁলোকে তাঁতশালত প্ৰস্তুত কৰা কম্বল দেশৰ সেনাবাহিনীৰ মাজত জনপ্ৰিয় আছিল, এতিয়া সেই চাহিদা নোহোৱা হ’ল। “তেওঁলোকে এতিয়া শ্লিপিং বেগ ব্যৱহাৰ কৰে,” পি ইশ্বৰাপ্পা নামৰ বোৱনীজনে কয়। পৰম্পৰাগত ক’লা ঊলৰ কম্বল এতিয়াও উৎপাদন কৰা দাৰিভাৱি সালাপুৰ গাঁৱত তেওঁৰ কম্বল বোৱা এখন তাঁতশাল আছে।
“মিশ্ৰিত সংশ্লেষিত (চিন্থেটিক) সূতাৰ লগতে আন আন ধৰণৰ ঊলৰ সামগ্ৰীকে ধৰি সস্তীয়া বিকল্প বজাৰত উপচি পৰাৰ ফলত দাক্ষিণাত্যৰ ঊলৰ চাহিদা হ্ৰাস পাবলৈ ধৰিছে,” দাৰিভাৱি সালাপুৰ গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৰ হাভেৰি জিলাৰ ৰাণেবেন্নুৰ চহৰৰ এখন দোকানৰ মালিক দীনেশ শেঠে কয়।
দুই দশকৰ আগতে যেতিয়া এই কম্বল আৰু ৰাগবোৰৰ চাহিদা অতি বেছি আছিল, তেতিয়া বোৱনীসকলে কুৰুবা পশুপালকসকলৰ পৰা কিলোগ্ৰামত ৩০-৪০ টকাকৈ ঊল ক্ৰয় কৰিছিল। এতিয়া তেনে ঊল ৮-১০ টকাত পোৱা যায়। বোৱাৰ পিছত ডাঙৰ কম্বলবিলাক স্থানীয় দোকানত ৬০০-৮০০ টকাত বিক্ৰী হয় আৰু সৰু আকাৰৰ বিলাক ২০০-৩০০ টকাত বিক্ৰী কৰিব লাগে। পশুপালকসকলৰ বাবে এই উপাৰ্জন সঘনে উঠা-নমা হৈ থাকে। প্ৰায় ১০০ টা ভেড়া থকা এটা পৰিয়ালে ঊল, গোবৰ আৰু ভেড়া বিক্ৰী কৰাকে ধৰি বিভিন্ন উৎসৰ পৰা গোটেই বছৰত ৭০,০০০ ৰপৰা ৮০,০০০ টকা উপাৰ্জন কৰিব পাৰে।
দাৰিভাৱি সালাপুৰ আৰু আন গাঁৱৰ মহিলাসকলে ঊলৰ উপাৰ্জন স্থিৰ কৰিবলৈ চলোৱা প্ৰচেষ্টা হিচাপে নিজে তাঁতশালত ঊল বব পৰা কৰি সেই ঊলেৰে তাঁতশালত কম্বল বয়- ইয়াৰ বাবে আত্মসহায়ক গোটত মহিলাসকল সংগঠিত হৈছে। এই সম্প্ৰদায়ৰ পুৰুষসকলে এতিয়া কৃষিকাৰ্যত বেছিকৈ মনোনিবেশ কৰিছে।
পানীত হাঁহ নচৰা অৱস্থা নহ’বলৈ কুৰুবাসকলেও বেলেগ বেলেগ পন্থা বাচি লৈছে। বেলাগাভিৰ বেইলহোংগাল তালুকৰ চম্পাগাওঁ ব্লকৰ মেকালমাৰাভি গাঁৱৰ বিশেষভাৱে সক্ষম কুৰুবা বোৱনী দাস্তাগিৰ জামদাৰ নামৰ লোকজনে মৰাপাট, চামৰা আৰু ঊল মিহলি কৰি বেগ আৰু ৰাগ তৈয়াৰ কৰিছে। “এই সামগ্ৰীবিলাক স্থানীয় বজাৰত বিক্ৰী কৰিবপৰা যাব। মাজে-সময়ে বেংগালুৰুৰ পৰা দোকানী আহি আগতীয়া সৰু অৰ্ডাৰ দি যায়, সেয়ে চাহিদা অনিশ্চিত,” তেওঁ কয়।
কিছুমান ভেড়াপালকে জীৱিকা উপাৰ্জন কৰিবলৈ ভেড়াৰ গাখীৰ বিক্ৰী কৰে আৰু মাংসৰ বাবে ভেড়া বিক্ৰী কৰিবলৈ ধৰিছে। ৰাজ্য চৰকাৰে (কৰ্ণাটক ভেড়া ছাগলী আৰু ঊল উন্নয়ন নিগমৰ জৰিয়তে) ঊলতকৈ বেছি মাংস ওলোৱা ডেক্কানী ভেড়াৰ উপৰি ৰেড নেল্লোৰ, য়েলগু আৰু মদগ্যাল প্ৰজাতিৰ ভেড়া পালনত গুৰুত্ব দিছে, কুৰুবা সম্প্ৰদায়ৰ একাংশ লোকেও ডেক্কানীৰ উপৰিও আন প্ৰজাতিৰ ভেড়া পালন কৰিবলৈ লৈছে। মাংস উদ্যোগে এটা মতা ভেড়াৰ বাবদ ভাল মূল্য দিয়ে- কেতিয়াবা ৮০০০ টকা পৰ্যন্ত পোৱা যায়। ২০১৯ৰ ফেব্ৰুৱাৰীত কুৰুবা পশুপালক পি নাগাপ্পাই এটা হৃষ্ট-পুষ্ট তিনিমহীয়া ভেড়া টুমকুৰ জিলাৰ ছিৰা চহৰৰ ভেড়াৰ বজাৰত বিক্ৰী কৰি ৬,০০০ টকা পাইছিল। অঞ্চলটোত ছাগলী গাখীৰৰ উদ্যোগ বৃদ্ধি পোৱাৰ বাবে কিছুমান ভেড়াপালকে গাখীৰ বিক্ৰী কৰাৰ উদ্দেশ্যে ভেড়াপালন কৰিছে।
দুই দশক ধৰি কৰ্ণাটকৰ পশুপালকসকলৰ মাজত কাম কৰি অহা এজন স্থানীয় পশু চিকিৎসকে মোক কয় যে তেওঁলোকৰ ভেড়াবিলাক দেখাত স্বাস্থ্যৱান কৰি তুলিবলৈ কিছুমান কুৰুবা পশুপালকে ভেড়াবোৰক ঔষধ খুৱায়। সমস্যাটো হৈছে যে ভেড়াপালকসকলে প্ৰায়ে পশু চিকিৎসকৰ লগত আলোচনা নকৰাকৈ অৰ্হতাহীন ঔষধ বিক্ৰেতাৰ পৰা ঔষধ ক্ৰয় কৰে।
পুনৰ বাগালকোট-বেলগৌম ৰোডৰ প্ৰসংগলৈ আহিছো, এছ বান্দেপ্পাই সুবিধাজনক পথাৰৰ সন্ধান চলাই আছে। প্ৰায় এক দশকমানৰ আগৰে পৰা উত্তৰ কৰ্ণাটকৰ বহুতো খেতিয়কে জৈৱসাৰ ব্যৱহাৰৰ প্ৰতি পিঠি দি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাত গুৰুত্ব দিবলৈ ধৰিছে। ফলস্বৰূপে বান্দেপ্পা বা আন ভেড়াপালকৰ বাবে এতিয়া ভেড়াৰ গোবৰ নিশ্চিত উপাৰ্জনৰ উৎস হৈ থকা নাই, বছৰৰ বাকী দিনকেইটাতো পথাৰত খেতি কৰিব বিচৰা দুই-এজনে ভেড়াৰ গোবৰ বিচাৰে।
খেতিয়ক আৰু পশুপালকৰ মাজৰ পৰম্পৰাগত সহজীৱিতাৰো অৱসান ঘটিছে। বুজাবুজি কৰিব পৰা কৃষক আৰু সমতলীয় পথাৰৰ সন্ধানত কিছুমান ভেড়াপালকে কষ্টকৰ যাত্ৰা কৰি বহু দূৰ-দূৰণিলৈ নিজৰ ভেড়াবিলাক আৰু প্ৰয়োজনীয় সামগ্ৰী লগত লৈ প্ৰব্ৰজন কৰে।
অনুবাদঃ পংকজ দাস