দীনকৰ আইৱালেৰ বাবে এইটো এটা নীৰৱ বছৰ, কেইবামাহ ধৰি তেওঁৰ বাঁহীৰ সুৰ স্তব্ধ হৈ আছে। “সংগীতৰ এই সঁজুলিবিধ পোনে পোনে মুখত লগাব লাগে। কিন্তু ক’ৰনা মহামাৰীৰ সময়ত বাঁহী বজাবলৈ মুখত লগোৱাত বিপদ আছে,” মাটি আৰু ইটাৰে তৈয়াৰ কৰা তেওঁৰ ঘৰটোৰ কাৰখানাত বহি তেওঁ এইদৰে কয়।
বাঁহী তৈয়াৰ কৰা যন্ত্ৰ-পাতি ভৰ্তি হৈ থকা এটা পুৰণা কাঠৰ বাকচ তেওঁৰ কাষত পৰি আছে। তেওঁ যদি এই যন্ত্ৰ-পাতিবোৰ ব্যৱহাৰ কৰে, পাতল হালধীয়া ৰঙৰ মিহি বাঁহবিলাক টুকুৰা কৰি একোটা সুন্দৰ বাঁহীৰ ৰূপ দিবলৈ এঘণ্টা সময়ো নালাগে।
ইয়াৰ পৰিৱৰ্তে আমি কথা পতাৰ সময়ত নিৰ্জীৱ বাঁহবিলাকলৈ এবাৰ চালে। ২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা তেওঁৰ কাম বন্ধ হৈ আছে। বিগত পাঁচ দশক ধৰি বছৰে ২৫০ৰ পৰা ২৭০ দিন দৈনিক ১০ ঘণ্টাকৈ প্ৰায় ১৫০,০০০ ঘণ্টা সময় ব্যয় কৰি বাঁহীবিলাক তৈয়াৰ কৰিছে।
তেওঁ বাঁহী তৈয়াৰ কৰিবলৈ ১৯ বছৰ বয়সত আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে কেতিয়াও ইমান দীঘলীয়া সময় কাম নকৰাকৈ বহি থকা নাছিল। বাঁহী বিক্ৰী কৰিবলৈ শ শ কিলোমিটাৰ দূৰৰ মহাৰাষ্ট্ৰ বা কৰ্ণাটকৰ কোনো মেলালৈ তেওঁ যাব পৰা নাই। কোনো প্ৰকাৰৰেই মেলাৰ চৰকাৰে অনুমতি দিয়া নাই।
লকডাউনৰ আগতে মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ পানহালা তালুকৰ প্ৰায় ২৯,০০০ জন লোকৰ বসতিস্থল কদলি গাঁৱৰ অনুসূচীত জাতিৰূপে তালিকাভূক্ত (২০১১ৰ জনগণনা) হোলাৰ সম্প্ৰদায় দীনকৰ আইৱালেৰ পৰিয়ালটোৱেই একমাত্ৰ বাঁহী বনোৱাত নিজক নিয়োজিত কৰি আহিছে।
পৰম্পৰাগতভাৱে ধৰ্মীয় বা সামাজিক অনুষ্ঠানত গাঁৱে গাঁৱে গৈ অতীতত এই সম্প্ৰদায়ৰ লোকসকলে চেহনাই আৰু খঞ্জৰী বজাইছিল। তেওঁলোকে একোটা বেণ্ড গঠন কৰিছিল আৰু ১৯৬২ চনত এনে এটা ১৪-১৫ জনীয়া সংগীতকাৰৰ দলত দীনকৰে যোগদান কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল ১৬ বছৰ। তেওঁৰ প্ৰয়াত পিতৃ বাবুৰাওৰ সৈতে তেওঁ এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে তেওঁ অষ্টম শ্ৰেণীৰ পৰা বিদ্যালয় এৰি দিছিল। পাছত তেওঁ এনে ধৰণৰ দুটা বেণ্ড - এটা নিজৰ গাঁৱৰ আৰু আনটো ওচৰৰ এখন গাঁৱৰ বেণ্ডত যোগদান কৰিছিল। দুয়োটা বেণ্ডৰ নাম আছিল হনুমান।
“মই দেউতাৰ নিচিনাকৈ বেণ্ডত ৩৮ বছৰ ধৰি ক্লেৰিনেট আৰু ট্ৰাম্পেট বজাইছিলো,” তেওঁ গৌৰৱেৰে কথাবোৰ কয়। পিতৃসূত্ৰে লাভ কৰা এই দক্ষতা সম্পৰ্কে তেওঁ কয়: বেণ্ডৰ সদস্যৰ শিশুৱে কান্দিলেও সুৰ টানিহে কান্দে, তেওঁ একে দক্ষতাৰে বাঁহী আৰু চেহনাই বজাব পাৰে।
বেণ্ডত বাদ্যযন্ত্ৰ বজোৱাৰ পৰা হোৱা উপাৰ্জন তেনেই সামান্য আৰু কেতিয়া নিয়মীয়া নাছিল। “১৪-১৫ জন লোকৰ এটা বেণ্ডে তিনিদিনীয়া এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰি ৬০ টকা পায়,” তেওঁ আগৰ কথাবোৰ সোঁৱৰে। অৰ্থাৎ বেণ্ডত তিনিদিন কাম কৰি খুব বেছি ৪ টকা পোৱা গৈছিল। সেই কাৰণে অধিক উপাৰ্জনৰ বাবে তেওঁ আন কাম কৰিব বিচাৰিছিল।
তেওঁ কেনেকৈ বাঁহী বনাবলৈ ধৰিলে, সেই সম্পৰ্কে কয়, “আন কোনো পথ খোলা নাছিল। মই পৰিয়ালটোক কেনেকৈ জীয়াই ৰাখিলোহেঁতেন? দিন মজুৰিও যথেষ্ট নাছিল।” ১৯৬০ৰ সময়ত কৃষি শ্ৰমিক হিচাপে ১০ ঘণ্টা কাম কৰিলে ১০ অনা (এক অনা মানে এটকাৰ ১৬ ভাগৰ এভাগ) মজুৰি পোৱা হৈছিল। তেওঁ কিবা এটা নোপোৱালৈকে প্ৰায় দুই দশক ধৰি কৃষি শ্ৰমিকৰ কাম কৰিছিল। “এনে এটা কাম মোক লগা আছিল, যাৰ দ্বাৰা দুবেলা দুসাজ খাব পাৰি,” তেওঁ কয়।
বাঁহৰ বাঁহী তৈয়াৰ কৰা শিকাবলৈ সাজু হোৱা ২০ কিলোমিটাৰ নিলগৰ সাৱাড়ে গাঁৱৰ তেওঁৰ প্ৰয়াত শহুৰ দাজিৰাম দেশাইৰ ওচৰত দীনকাৰে কিবা এটা কৰিব বিচৰাৰ উত্তৰ আছিল বেণ্ডৰ লগত মাজে-সময়ে যোৱা আৰু বজোৱা কামো তেওঁ বাদ দিয়া নাছিল। (২০০০ত তেওঁৰ পত্নী তৰাবাঈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁ ঘৰ এৰিব নোৱাৰা হ’ল আৰু পত্নীৰ যত্ন ল’বলৈ ঘৰতে থাকে, ২০১৯ত তৰাবাঈৰ মৃত্যু হয়)।
তেওঁলোকৰ পুত্ৰ ৫২ বছৰীয়া সুৰেন্দ্ৰয়ো এই সুন্দৰ বাদ্যযন্ত্ৰবিধ তৈয়াৰ কৰাৰ দক্ষতা পিতৃৰ পৰা লাভ কৰিছে। (দীনকৰ আৰু তৰাবাঈৰ দুগৰাকী জীয়াৰীৰ বিয়া হৈছিল আৰু এগৰাকীৰ মৃত্যু হৈছে)। ১৩ বছৰ বয়সৰ পৰাই সুৰেন্দ্ৰই বাঁহী বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সত তেওঁৰ পিতৃৰ দৰে দিনজোৰা কাম কৰিবলৈ দশম শ্ৰেণীৰ পৰা অধ্যয়ন এৰিছিল। “প্ৰথম অৱস্থাত ৰাস্তাত বাঁহী বিক্ৰী কৰিবলৈ মই অলপ সংকোচ কৰিছিলো আৰু লাজো লাগিছিল,” তেওঁ কয়। কিন্তু দিনকৰে কয়, “আপুনি যেতিয়া আপোনাৰ পৰিয়ালটোক পোহপাল দিব লাগিব, তেতিয়া হোঁহকা-পিচলা কৰিব নোৱাৰে।”
যোৱাবছৰ লকডাউন আৰম্ভ হোৱাৰ আগলৈকে সুৰেন্দ্ৰই নিয়মীয়াকৈ দেউতাকৰ সৈতে পুণে, মুম্বাইকে ধৰি বিভিন্ন ঠাইলৈ বাঁহী বিক্ৰী কৰিবলৈ গৈছিল। কিন্তু ২০২০ৰ মাৰ্চৰ পৰা অক্টোবৰৰ ভিতৰত দুয়ো পিতা-পুত্ৰই এটা বাঁহীও বিক্ৰী কৰিব পৰা নাই। মাত্ৰ নৱেম্বৰ মাহত বিভিন্ন আকাৰৰ (একেবাৰে দীঘল হ’লে আঢ়ৈ ফুট) ৫ ডজন বাঁহী বনোৱাৰ এটা অৰ্ডাৰ পাইছিল। তেওঁলোকৰ গাঁৱৰ পৰা ৫৫ কিলোমিটাৰ নিলগৰ চাংলি নগৰৰ এজন বিপণনকাৰীয়ে এই অৰ্ডাৰ দিছিল। তেওঁলোকে ৫ ডজন অৰ্থাৎ ৬০ টা বাঁহী বিক্ৰী কৰি ১,৫০০ টকা পাইছিল। সেই মাহবিলাকত কোনো বিক্ৰীও নাই, উপাৰ্জনো নাছিল। চহৰত কাম কৰি থকা ল’ৰা-ছোৱালী আৰু নাতিনীহঁতে পঠোৱা টকাৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছিল।
নৱেম্বৰ মাহৰ পাছতো ব্যৱসায় ভাল নহ’ল। ২০২০ৰ ২১ ফেব্ৰুৱাৰীত চাংলি জিলাৰ আউদুম্বাৰ গাঁৱত অনুষ্ঠিত মেলালৈ যোৱা নাই। “প্ৰতিখন মেলাত আমি ২ৰ পৰা ২.৫ গ্ৰছ (১ গ্ৰছ = ১৪৪ টা বাঁহী) সহজে বিক্ৰী কৰিব পাৰো,” সুৰেন্দ্ৰই কয়। একোখন মেলাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ কমেও ৫০০টা বাঁহী তৈয়াৰ কৰি লয়।
প্ৰতিবছৰে তেওঁলোকে কমেও ৭০ খন মেলালৈ যায়। পশ্চিম মহাৰাষ্ট্ৰৰ গাওঁ বা কৰ্ণাটকৰ গাওঁবোৰলৈ তেওঁলোক যায়। “আমি কমেও ৫০ টা বাঁহী এডাল লাঠীত ওলমাই লওঁ আৰু বাঁহী বজাই থাকো। বাঁহীৰ সুৰে যদি মানুহক আনন্দ দিয়ে, তেতিয়াহে তেওঁলোকে বাঁহী কিনিব,” দীনকৰে কয়।
এই বাঁহীবিলাক তৈয়াৰ কৰিবলৈ তেওঁ ক’লহাপুৰ জিলাৰ আজৰা আৰু চান্দগড় তালুকৰ বজাৰৰ পৰা উত্তম মানৰ বাঁহ কিনি আনে। ৮ বা ৯ ফুট দীঘল এডাল ছেন্দাৰ মূল্য এতিয়া ২৫ টকা। “মই যেতিয়া প্ৰথম বাঁহী সাজিবলৈ আৰম্ভ কৰিছিলো, ১৯৬৫ চনৰ সময়ত ইয়াৰ দাম আছিল ৫০ পইছা। এডাল ছেন্দাৰে আমি সহজে ৭-৮ টা বাঁহী সাজি উলিয়াব পাৰো,” দিনকৰে কয়।
প্ৰয়োজনীয় দৈৰ্ঘ্য অনুসৰি তেওঁ বাঁহবিলাক টুকুৰা কৰাৰ পিছত মাটিত সমান্তৰালকৈ ৰাখে, কমেও বেলেগ বেলেগ ১৫ টা আকাৰৰ টুকুৰা কৰে। তেঁও বৰ খৰকৈ ধাতুৰ ৰড এডালেৰে বাঁহৰ ভিতৰৰ গাঁঠিবোৰ এৰুৱাই ফোঁপোলা কৰে। সামান্য খুঁত থাকিলেও বাঁহীৰ মান বেয়া হ’ব, তেনে বাঁহীৰ পৰা মধ্যমীয়া সুৰ ওলাব।
বাঁহী বনোৱাৰ আগতে দীনকৰে এক কিলোগ্ৰাম ওজনৰ এটুকুৰা ছেগুন কাঠ চাৰিকোণীয়াকৈ সৰু সৰু টুকুৰা কৰে, এইবিলাক বাঁহীৰ ঠিলা হিচাপে ব্যৱহাৰ কৰা হয়। বাঁহৰ টুকুৰাবিলাক চাফা কৰি লোৱাৰ পিছত ছেগুন কাঠৰ সৰু টুকুৰা একোটা বাঁহীটোৰ মুখেৰে বজোৱাৰ ফালে লগায় আৰু বজাওতে যাতে বতাহ কাষেৰে নাযায় তালৈ লক্ষ্য ৰাখে।
দীনকৰৰ পত্নী তৰাবাঈয়েও বাঁহী সাজিছিল। তেওঁ বাঁহীৰ ঠিলা বনোৱাত পাকৈত আছিল। “স্মৃতি হিচাপে মই তেওঁ বনোৱা কাঠৰ ঠিলাবোৰ ভালকৈ ৰাখি থৈছো,” চকুৰ পানী টুকি দীনকৰে কয়।
বাঁহীত সুৰ দিয়া ফুটাবোৰ বনাবলৈ ছেগুন কাঠত মাৰি এডালেৰে জোখা হয়, ইয়াত দাগ কটা থাকে। এই কাম সঠিকভাৱে কৰিবলৈ দীনকৰে কমেও ১৫ ডাল ছেগুন কাঠৰ স্কেলৰ লেখীয়া মাৰি তৈয়াৰ কৰি লৈছে। তেওঁ আৰু সুৰেন্দ্ৰই তেওঁলোকৰ ঘৰৰ পৰা ৩০ কিলোমিটাৰ মান দূৰৰ কোলহাপুৰ চহৰৰ হাৰমনিয়াম বনোৱা এটা কাৰখানালৈ গৈ ছেগুনৰ স্কেলবোৰত দাগ দি আনে।
বাঁহীৰ বাবে টুকুৰা কৰা বাঁহবোৰত দাগ দি লোৱাৰ পাছত হাতেৰে পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰি ফুটা কৰা হয়। “ড্ৰিল মেচিনেৰে ফুটা কৰাৰ ফলত বাঁহত ফাট মেলে। সেয়ে আমি কোনো যন্ত্ৰপাতি ব্যৱহাৰ নকৰো,” বাঁহীৰ মুখেৰে বজোৱা অংশৰ ওচৰত এটা ফুটা কৰি দীনকৰে কয়। “এই সৰু ফুটাটো বাঁহীৰ নাক সদৃশ। ই বায়ুৰ চলাচলত সহায় কৰে।”
বাঁহীৰ ফুটাবিলাক সঠিকভাৱে কৰি যাবলৈ তেওঁ কমেও ছয়ডাল লোহাৰ ৰড জুইত গৰম কৰিলে। “সাধাৰণতে আমি এবাৰত ৫০ টা বাঁহী লও আৰু তিনি ঘণ্টাৰ ভিতৰত ফুটাবিলাক কৰা কাম শেষ কৰোঁ,” দীনকৰে কয়। পুৱা সোনকালে তেওঁ লোহাবিলাক গৰম কৰে, লগতে গা ধুবলৈ পানীও গৰম কৰে, একেটা চৌকাতে। “এইদৰে দুয়োটা কাম এবাৰত কৰোঁ,” তেওঁ কয়।
বাঁহীৰ সুৰ দিয়া ফুটাবিলাক কৰাৰ পিছত চিৰিচ-কাগজেৰে তেওঁ বাঁহীবিলাক নিমজ কৰে। ইযাৰ পাছত বাঁহীৰ মুখত লগোৱা ঠিলাবিলাকত ভাঁজ দিবলৈ চকলিয়াই কটা হয়। বাঁহী বজাবলৈ যি বতাহ সুমুৱাই দিয়া হয়, ই চলাচল কৰিব পৰাকৈ বাঁহীৰ মুখ আৰু কাষত থকা ফুটাই সহায় কৰে।
“প্ৰতিটো বাঁহৰ টুকুৰাত কমেও ৫০ বাৰ আমাৰ হাত লাগে,” কষ্টকৰ প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰি দীনকৰে কয়। “দেখাত বাঁহী এটা তেনেই সাধাৰণ। কিন্তু এটা বাঁহী সাজি উলিওৱা ইমান সহজ নহয়।”
৪০ বছৰত ভৰি দিয়া সুৰেন্দ্ৰৰ পত্নী সৰিতাইও বাঁহীত ফুটা কৰা কামত সহায় কৰে। “আমাৰ বাবে এই অৰ্হতা ইশ্বৰপ্ৰদত্ত,” সৰিতাই কয়। “এই কাম আমি শিকিব নালাগে।”
লকডাউনৰ আগতে দীনকৰ আৰু সুৰেন্দ্ৰই সাধাৰণতে ডাঙৰ বাঁহী গাঁৱৰ মেলাবোৰত বিক্ৰী কৰিছিল (যিবিলাক সংগীতজ্ঞসকলে ব্যৱহাৰ কৰে)। তেনে একোটাৰ দাম পাইছিল ৭০-৮০ টকা আৰু সৰুবিলাকত ২০-২৫ টকা। এবছৰৰ আগলৈকে বিভিন্ন আকাৰৰ ১২ টা বাঁহী বিক্ৰী কৰি ৩০০-৩৫০ টকা পাইছিল।
আইৱাল পৰিয়ালে মজিয়াৰ সমান্তৰালকৈ কাষৰ ফুটাত মুখ দি বজোৱা বাঁহীও সাজে। “এনে বাঁহীক আমি কৃষ্ণ বাঁহী বুলি কওঁ। মংগলৰ প্ৰতীকৰূপে বহুতো মানুহে এনেকুৱা বাঁহী ঘৰৰ বাহিৰত ওলমাই থয়,” দীনকৰে কয়। “এনেকুৱা এটা কৃষ্ণ বাঁহী কমেও ১০০ টকাত বিক্ৰী কৰা হয় আৰু নগৰ-চহৰত এই বাঁহীৰ চাহিদা বেছি,” তেওঁ কয়। তেওঁলোকে বিক্ৰী কৰি পোৱা পইচাৰে কোনোমতে তেওঁলোকে শ্ৰমৰ খৰছখিনি উলিয়াব পাৰে। “এতিয়াও ইয়াৰ পৰা যথেষ্ট টকা আহিব পাৰে,” লকডাউনৰ আগৰ দিনবোৰৰ প্ৰসংগত দীনকৰে কয়।
পাঁচ দশক ধৰি বাঁহীৰ সুক্ষ্ম কামবিলাক কৰাৰ ফলত দীনকৰৰ চকুৰ যথেষ্ট কষ্ট হয়। কেইবছৰমান আগতে তেওঁৰ চকুত চলিহা পৰিছিল। “এতিয়া মই ভালকৈ দেখো,” ২০১১ আৰু ২০২৪ত অস্ত্ৰোপচাৰ কৰা সম্পৰ্কে তেওঁ কয়। “এই কাম কৰাৰ ফলত খুব পিঠিৰ বিষ হয়।”
কোনোবাই যদি তেওঁক সোধে, ‘গোটেই জীৱন আপুনি কি কৰিলে?’, দিনকৰে উত্তৰ দিয়ে, “মই গৰ্বেৰে তেওঁলোকক কম যে কেৱল এই বাঁহী বনোৱাৰ বাবে মোৰ সন্তান বা নাতি-নাতিনীহঁতে পঢ়িব পাৰিলে আৰু জীৱনত উন্নতি কৰিব পাৰিছে। মই সিহঁতক উচিত পথত আগবঢ়াই নিব পাৰিলো। এই দক্ষতাই আমাক বহুত দিছে।”
২০০০ চনৰ পৰা দীনকৰে বাঁহী বজাবলৈ আমাক শিকাই আহিছে আৰু কদলি গাঁৱত তেওঁক সকলোৱে ওস্তাদ বুলি জানে। তেওঁৰ ৫০ জনমান ছাত্ৰ আছে। শিক্ষক, খেতিয়ক, চিকিৎসক আৰু ব্যৱসায়ীও তেওঁৰ ছাত্ৰ। তেওঁলোক ওচৰৰ চহৰ বা গাঁৱৰ পৰা আহে। শিকোৱাৰ বাবদ তেওঁ ছাত্ৰসকলৰ পৰা কোনো মাচুল নলয়। “মানুহে যদি মোৰ নাম মনত ৰাখে, সেয়ে যথেষ্ট,” তেওঁ কয়।
লকডাউন আৰু ইয়াৰ পিছৰ পৰিস্থিতিয়ে তেওঁৰ ব্যৱসায়ৰ বেয়াকৈ ক্ষতি কৰিলেও দীনকৰৰ দৃঢ় বিশ্বাস যে বাঁহীৰ বৃহৎ চাহিদা সদায় থাকিব। তেওঁ জানে যে উদীয়মান প্ৰজন্মৰ আকাংক্ষা ভিন্ন ধৰণৰ, খুব কমেই বাঁহী বনোৱাৰ শিল্পৰ প্ৰতি আগ্ৰহ দেখুৱায়। “এই কামৰ দ্বাৰা আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰে, কিন্তু এতিয়া কোনে ইমান কষ্ট কৰিব? বাঁহীৰ প্ৰতি যদি কোনো লোকৰ গভীৰ আৱেগিক টান আছে, তেন্তে সময় উলিয়াব পাৰিব। এই সকলো আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে,” তেওঁ কয়।
৭৪ বছৰ বয়সতো দীনকৰ অবিচলিত, তেওঁ ধাৰাবাহিকভাৱে বাঁহী সাজি উলিয়াই গৈ আছে, এতিয়া বাঁহী বজালে কেতিয়াবা তেওঁ উশাহ ল’ব নোৱাৰা হয়। “মই জীয়াই থকালৈকে ই (বাঁহী বনোৱা আৰু বজোৱা) চলি থাকিব,” দীনকৰে কয়।
অনুবাদ: পংকজ দাস