আমি সোমবাৰৰ পৰা কাম পোৱা নাই (১৬ মাৰ্চ)। ক’ৰপৰা টকা আহিব? নিজৰ সাত বছৰীয়া নাতিনীয়ে ৫ টকা এটা খুজি থকাৰ প্ৰসংগ উলিয়াই বন্দনা উমবৰ্ষদাই কয়।
পালঘৰ জিলাৰ কাৱাটেপাৰাৰ ঘৰৰ বাৰান্দাত বহি থকা ৫৫ বৰ্ষীয় বন্দনাই মহাৰাষ্ট্ৰৰ ৱাড়া তালুকৰ বিভিন্ন নিৰ্মাণস্থলীত কাম কৰে। তেওঁ কয়, ‘কি হৈছে আমি নাজনো। বেমাৰ এবিধ সোঁচৰিছে আৰু চৰকাৰে ঘৰৰ পৰা বাহিৰ ওলাবলৈ মানা কৰিছে বুলি কৈ মোৰ ল’ৰাই মোক ঘৰত থাকিবলৈ কৈছে।’
সন্ধিয়া ৪ মান বাজিছে। বন্দনাৰ ঘৰৰ আগত চুবুৰীৰ সমাগম ঘটিছে। সকলোৱে বিভিন্ন বিষয়, ঘাইকৈ ক’ভিড-19ত লৈ দেখা দিয়া সংকটপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছে। তেওঁলোকৰ মাজৰ মাত্ৰ এগৰাকী কম বয়সীয়া ছোৱালীয়ে সকলোকে কথা পতাৰ সময়ত দূৰত্ব বজাই ৰাখিবলৈ কৈছে। স্থানীয় লোকে কোৱা মতে কাৱাটেপাৰাত প্ৰায় ৬০ ঘৰ মানুহৰ বসতি। তাৰে প্ৰায়ভাগ পৰিয়ালেই ৱাৰ্লি আদিবাসী জনগোষ্ঠীৰ।
ৰাজ্যজুৰি তলাবন্ধ হোৱাৰ আগেয়ে বন্দনা আৰু তাইৰ চুবুৰীৰ মণিতা উমবৰ্ষদাই পুৱা ৮ বজাতে দিনটোৰ বাবে সাজু হয়। ৱাড়া চহৰৰ আশে-পাশে থকা নিৰ্মাণস্থলী পাবলৈ ১০ কিলোমিটাৰ বাট খোজকাঢ়ি যায়। তাতে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁলোকে ২০০ টকাকৈ হাজিৰা পায়। বন্দনাই এনেদৰে মাহে ৪০০০ মান উপাৰ্জন কৰে। কিন্তু এতিয়া নিৰ্মাণস্থলীৰ ঠিকাদাৰবোৰৰ হাতত তেওঁলোকৰ বাবে কাম নাই।
‘মোৰ ল’ৰাহঁতেও কাম নোপোৱা হৈছে। আমি খাদ্যবস্তু কিনিব লাগে, কিন্তু কাম নকৰাকৈ পইছা পাম ক’ৰপৰা?’ তেওঁ সোধে। ‘আমাৰ ৰেচন শেষ হ’ব ধৰিছে। আমি ল’ৰা-ছোৱালীক কি কেৱল চাটনি খুৱাই থাকিম? মই এয়া শেষ হোৱাটো বিচাৰিছো।’
বন্দনাৰ তিনিটা ল’ৰা আৰু ১১ টা নাতি। তেওঁৰ ল’ৰাকেইজনে ৱাড়া তালুকৰ নিৰ্মাণস্থলী নাইবা ইটাৰ ভাতিত কাম কৰে। ৱাড়া তালুকৰ ১৬৮ খন গাঁৱত জনবসতি ১৫৪,৪১৬। বন্দনাৰ স্বামী লক্ষ্মণে স্থানীয় দোকান এখনত কাম কৰিছিল। অত্যাধিক মদ্যপানৰ ফলত ১৫ বছৰ আগতে তেওঁ ঢুকায়।
কাৱাটেপাৰাৰ বহুতেই কামৰ বাবে গাঁৱতে পৰিয়াল এৰি কৰ্মৰ সন্ধানত ৯০ কিলোমিটাৰ দূৰৰ মুম্বাই মহানগৰীলৈ যায়। ‘মোৰ ল’ৰা আৰু বোৱাৰী নিৰ্মাণস্থলীৰ দৈনিক মজুৰীৰ তিনিমহীয়া কামৰ বাবে ভিৱাণ্ডিত (পাৰাৰ পৰা ৪৫ কিলোমিটাৰ দূৰত) আছে। সিহঁতৰ ল’ৰা-ছোৱালীকেইটাৰ প্ৰতিপালনৰ দায়িত্ব মোৰ। এতিয়া স্কুল বন্ধ হৈ পৰাত সিহঁতকেইটাই মধ্যাহ্ন ভোজনো নোপোৱা হ’ল,’ বন্দনাই কয়।
তেওঁৰ মাজুটো ল’ৰা, ৩২ বছৰীয়া মাৰুতিয়ে ৱাড়া চহৰৰ নিৰ্মাণস্থলীত কাম কৰে। তেওঁ কয়, ‘এই ৰোগ বিয়পাৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে সৰ্বত্ৰে সকলো বন্ধ কৰিছে।’ তেওঁ নিজে ১৬ মাৰ্চৰ পৰা কাম নাপাই বহি থাকিবলগীয়া হৈছে।
‘এই ৰোগবিধৰ সৈতে যুঁজ দিবলৈ আমি এঘণ্টাৰ মূৰে মূৰে হাত ধুব লাগে আৰু যথেষ্ট পানী খাব লাগে বুলি নিউজ চেনেলে কৈছে,’ তেওঁ কয়। ‘কিন্তু আমি ভোকত মৰিলে চাবোনে আমাক বচাব নোৱাৰে।’
তেওঁ নিজ মাতৃ, খুলশালি বৈশালী, পত্নি মনীষা (দুয়োগৰাকীয়েই গৃহিণী) আৰু দুই সন্তানৰ সৈতে কাৱাটেপাৰাত দীঘে-পথালীয়ে ১২ ফুট ঘৰ এটাত থাকে। ‘মোৰ ভনী (খুলশালি)ক প্ৰতি সপ্তাহতে চিকিৎসালয়লৈ নিব লাগে। তাইৰ গুৰুতৰ মধুমেহ ৰোগ আছে আৰু নিয়মীয়াকৈ বেজী দিয়াব লাগে,’ তেওঁ কয়। প্ৰতিটো ইনচুলিনৰ দাম ১৫০ টকা। ‘দিনহাজিৰাৰে কোনোমতে পেটে-ভাতে চলি আছো। কাম নাপালে পৰিয়াল পুহিম কেনেকৈ?’
৪৮ বছৰীয়া মণিতা উমবৰ্ষদাৰ ঘৰ বন্দনাৰ কাষতে। তেওঁকো আবেলি গোট খোৱা মহিলাসকলৰ মাজত কথা পাতি থকা দেখা গৈছে। দিনহাজিৰা কৰা মণিতাৰো উপাৰ্জন দিনে ২০০ টকা। তেওঁ নিৰ্মাণস্থলীত গধুৰ সামগ্ৰী উঠোৱা-নমোৱা কৰে। ‘খেতিৰ কামতকৈ এই কাম ভাল। অন্তত সময়ত হাজিৰা দিয়ে আৰু দিনটোৰ বাবে প্ৰখৰ ৰ’দত কাম কৰিব নালাগে,’ তেওঁ কয়। ‘কিন্তু এতিয়া ৱাড়াত কোনোৱে কাম দিব নোৱাৰা হ’ল, সেয়ে ওচৰৰে খেতিপথাৰবোৰত কামৰ সন্ধানত যাব লাগিব।’
তেওঁলোকে মজুত থকা খাদ্যশস্যৰে মাহটোৰ এইকেইটা দিন কটাব পাৰিব, কিন্তু কাম আৰু পইছা-পাতি নাথাকিলে আহি থকা দিনবোৰত কেনেকৈ চলিব ভাবি ওৰ পোৱা নাই
মণিতাৰ স্বামী ৫০ বছৰীয়া বাবুৱে ১০ বছৰ আগতেই মধুমেহ ৰোগত নিজৰ এখন ভৰি হেৰুৱাইছে। তেতিয়াৰে পৰা তেওঁ কাম কৰা নাই। আগতে আধিয়াকৈ খেতি কৰিছিল। তেওঁলোকৰ পাঁচোটা সন্তান। কেউজনেই ৱাড়াৰ নিৰ্মাণস্থলী নাইবা সৰু কাৰখানা আদিত কাম কৰে। তেওঁৰ সৰুজন ল’ৰা, ২৩ বছৰীয়া কল্পেশে মাহে ৭০০০ টকাত নল প্ৰস্তুত কৰা কাৰখানা এটাত কাম কৰে। ‘তেওঁলোকে মোক কামত নাযাবলৈ কৈছে। আমাৰ দৰমহা কাটিব নে নাকাটে নাজানো,’ তেওঁ চিন্তিত হৈ কয়।
ছয়টা নাতিসহ পৰিয়ালটোত সদস্যৰ সংখ্যা ১৫জন। কোনো এজনেও এতিয়া উপাৰ্জন কৰিব পৰা নাই। তেওঁলোকে মজুত থকা খাদ্যশস্যৰে মাহটোৰ এইকেইটা দিন কটাব পাৰিব, কিন্তু কাম আৰু পইছা-পাতি নাথাকিলে আহি থকা দিনবোৰত কেনেকৈ চলিব ভাবি ওৰ পোৱা নাই।
তিনি ঘৰ এৰি সঞ্জয় টুমৰাৰ ঘৰ। ১৮ বছৰীয়া সঞ্জয়ে কয় যে যোৱা ১৭ মাৰ্চৰ পৰা তেওঁৰ এটকাও উপাৰ্জন নাই। দিনে ৩০০ৰ পৰা ৪০০ টকা হাজিৰাৰ বিনিময়ত তেওঁ পালঘৰ জিলাৰ এটা ইটাৰ ভাতিত মাহে ২০ দিনৰ বাবে কাম কৰে। কিবা কাম থাকিলে ৱাড়াৰ শ্ৰমিকৰ ঠিকাদাৰ এজনে তেওঁক জনায়।যোৱা এসপ্তাহৰ পৰা ঠিকাদাৰজনৰ দেখাদেখি নাই। ‘মই বাতৰিত পাইছিলো যে এই মাহটো দোকান-পোহাৰ সকলো বন্ধ থাকিব,’ সঞ্জয়ে কয়। আমাৰ ইতিমধ্যে খাদ্যশস্য টুটি আহিছে। অহা সপ্তাহত আমাৰ খাদ্যবস্তু শেষ হ’বলৈ ধৰিব।
নিৰ্মাণস্থলীৰ কাম কৰা ২০ বছৰীয়া অজয় বচালেও একেই চিন্তা ব্যক্ত কৰে। ‘মোৰ মায়ে দুদিন ধৰি কেৱল চজিনাই ৰান্ধি আছে। সোনকালে কাম নাপালে আনৰ পৰা টকা খুজিব লগা হ’ব।’ অজয়ৰ ৪২ বছৰীয়া মাতৃ সুৰেখাই আগতে ৱাড়া চহৰত ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰিছিল, কিন্তু অতিপাত ভাগৰৰ কাৰণে কেইমাহমান আগেয়ে কাম কৰিবলৈ এৰিছে। তেওঁৰ স্বামী সুৰেশে অত্যাধিক মদ্যপান কৰে আৰু কিছুদিন ধৰি কাম কৰা নাই।
পৰিয়ালটোৰ ৰেচন একেবাৰে শেষ হৈ আহিছে। ‘চৰকাৰী আঁচনি (পি.ডি.এছ.)ৰ অধীনত আমি মাহে ১২ কিলোগ্ৰাম গম (প্ৰতি কিলোত ২ টকাকৈ) আৰু ৮ কিলো চাউল (প্ৰতিকিলোত ৩ টকাকৈ) পাওঁ,’ অজয়ে কয়। ‘এইমাহৰ ৰেচন কিনিবলৈ আমাক টকা লাগে।’ ৱাড়াৰ পি.ডি.এছ. দোকানে মাহৰ ১০ তাৰিখে ৰেচন মজুত কৰে। ৰেচন শেষ হ’বলৈ ধৰিলে ১০ তাৰিখৰ পিছৰ কোনো এটা দিনত তেওঁলোক দোকানলৈ যায়। যোৱা সপ্তাহৰ ২০ মাৰ্চলৈকে পৰিয়ালৰ মজুত ৰেচন প্ৰায় শেষ হৈছিল। দুৰাতি আগতে মই অজয়ৰ সৈতে ফোনত কথা পতা সময়ত পৰিয়ালটোৰ হাতত কোনো গম-চাউল নাছিল। ৰাতিৰ আহাৰৰ কাৰণে অলপ চাউল আৰু দাইল আছিল। মাকে ওচৰতে ক’ৰবাত পামঘৰত কাম পাব বুলি অজয়ে আশা কৰিছে।
‘দিনহাজিৰা কৰি খোৱাসকলৰ কাৰণে তাৎক্ষণিক সমস্যা ক’ভিড-19 নহয়। খাবলৈ নাপাব বুলিহে তেওঁলোক বেছিকৈ শংকিত হৈছে,’ মুম্বাইৰ পাৰেলৰ কে.ই.এম. হস্পিতালৰ গেষ্ট্ৰ’এণ্টাৰোলজিষ্ট আৰু শল্যচিকিৎসক ডা. অবিনাশ চুপে কয়। ‘শ্ৰমিকে পেট পুহিবলৈ প্ৰতিদিনে কাম কৰিবলগা হয়, কিন্তু প্ৰব্ৰজিত শ্ৰমিকে যাতে এইখিনি সময়ত গাঁৱলৈ ঘুৰি নাযায়। গ্ৰামাঞ্চলৰ পৰা চহৰলৈ নাইবা ওলোটা প্ৰব্ৰজনে সামূহিক সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব। ভাইৰাছবিধৰ বিষয়ে আৰু তাৰ পৰা বাচিবলৈ ল’বলগীয়া সাৱধানতাৰ বিষয়ে আমি মানুহক বৃহৎ হাৰত জনাব লাগিব।’
কাৱাটেপাৰাৰ বাসিন্দাৰ বাবে আটাইতকৈ নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো ৱাড়া চহৰত আছে। ‘কি হৈ আছে আমি নাজানো আৰু ক’ৰণাভাইৰাছ সংক্ৰান্ত পৰীক্ষাৰ বাবে ইয়াত কোনো সুবিধা নাই। আমি কেৱল সাধাৰণ তেজপৰীক্ষাহে কৰাব পাৰো,’ ৱাড়াৰ চৰকাৰী গ্ৰামীণ চিকিৎসালয়ত কাম কৰা ডা. শ্বেইলা অধৌয়ে কয়। ‘আমি ভাইৰাছবিধৰ আৰু বেছি সংক্ৰমণ হোৱাটো ৰোধ কৰিব লাগিব আৰু স্ব-বিচ্ছিন্নতাই একমাত্ৰ উপায়।’
কিন্তু কাৱাটেপাৰাৰ বাসিন্দাৰ বাবে স্ব-বিচ্ছিন্নতাৰ গুৰুত্ব কাম, আয় আৰু খাদ্যতকৈ কম। ‘মোদী চৰকাৰে সকলো বন্ধ ৰাখিবলৈ কৈছে আৰু ভাইৰাছবিধৰ সংক্ৰমণ নহ’বলৈ ঘৰতে থাকিবলৈ কৈছে হয়,’ বন্দনাই উদ্বিগ্নতাৰে কয়, ‘কিন্তু আমি ঘৰত কেনেকৈ থাকিব পাৰো?’
অনুবাদঃ পংকজ দাস