ন্যায়াধীশ: …উত্তৰ দিয়ক, কিয় আপুনি কাম নকৰিলে?
ব্ৰডস্কি: মই কাম কৰিছো। মই কবিতা লিখিছো।
ন্যায়াধীশ: কামৰ মাজৰ বিৰতিত আপুনি কিয় কাম কৰা নাছিল, সেয়া আদালতক বুজাই দিয়াটো ভাল ব্ৰডস্কি ডাঙৰীয়া।
ব্ৰডস্কি: মই কবিতা লিখিছিলো। গতিকে মই কাম কৰিছিলো।



ন্যায়াধীশ: …উত্তৰ দিয়ক, কিয় আপুনি কাম নকৰিলে?
ব্ৰডস্কি: মই কাম কৰিছো। মই কবিতা লিখিছো।
ন্যায়াধীশ: কামৰ মাজৰ বিৰতিত আপুনি কিয় কাম কৰা নাছিল, সেয়া আদালতক বুজাই দিয়াটো ভাল ব্ৰডস্কি ডাঙৰীয়া।
ব্ৰডস্কি: মই কবিতা লিখিছিলো। গতিকে মই কাম কৰিছিলো।
সেয়া ১৯৬৪ৰ এক দীঘলীয়া বিচাৰৰ কথা। বিচাৰৰ যুক্তি আৰু ৰায়বোৰ সাংবাদিক ফ্ৰয়েডা ভিগডৰ’ভাই বৰ পুংখানুপুংখকৈ টুকিছে। ইফালে ২৩ বৰ্ষীয় ৰুছ কবি ইয়চিফ (যোচেফ) আলেকজেণ্ড্ৰোভিচ ব্ৰডস্কিয়ে দেশৰ বাবে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁৰ কবিতা কিমান হিতকৰ, সেয়া যুক্তিসহকাৰে আদালতত দাঙি ধৰিছে। কিন্তু ন্যায়াধীশ পতিয়ন যোৱা নাই। ব্ৰডস্কিক তেওঁৰ সামাজিক বিদ্বেষমূলক কাৰ্য্যকলাপৰ দোষত পাঁচ বছৰৰ বাবে দেশৰ ভিতৰতে নিৰ্বাসন আৰু কঠোৰ শ্ৰমেৰে দণ্ডিত কৰা হ’ল।
বছৰটোলৈ বিদায় জনোৱাৰ এই ক্ষণত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াই ভালেমান কবিতা প্ৰকাশ কৰিছে, বহু সংগীতশিল্পীক পোহৰলৈ আনিছে, লোকগীতৰ এক নতুন আৰ্কাইভ আৰম্ভ কৰিছে আৰু ইতিমধ্যে থকা লোকগীতৰ আৰ্কাইভত আৰু অধিক গীত যোগ দিছে।
প্ৰশ্ন উঠিব পাৰে, আমি কিয় কবিতাক ইমান গুৰুত্ব দিওঁ? এয়া সঁচাই কামনে? নে ব্ৰডস্কিক অত্যাচাৰ কৰা সমাজখনে দাবী কৰাৰ দৰে ই সমাজৰ এক ৰঘূমলা?
কবি এজনৰ ‘কৰ্ম’ৰ বৈধতা, প্ৰাসংগকিতা আৰু মূল্য সদায়েই দাৰ্শনিক আৰু ৰাজনীতিবিদসকলৰ বাবে এক যুগ যুগ ধৰি চিন্তা-চৰ্চাৰ বিষয় হৈ আহিছে। বিদ্যায়তনিক জগতৰ বাহিৰে-ভিতৰে বৰ সহজে আৰু সুবিধা চাই কবিতাক একাষৰীয়া কৰি থোৱা হয়, অজুহাত দিয়া হয় যে জ্ঞান আহৰণৰ আন বহু বিজ্ঞানসন্মত, সাক্ষ্যভিত্তিক উপায় আছে, সিবোৰ তেওঁলোকে আগশাৰীত থয়। এইফালৰ পৰা চাবলৈ গ’লে গ্ৰামীণ সাংবাদিকতাৰ জীৱন্ত আৰ্কাইভ এটাত কবিতা, সংগীত আৰু গীতৰ শিতান লহপহকৈ বাঢ়ি অহাটো এক অগতানুগতিক কথা বুলিয়েই ক’ব লাগিব।
পাৰিয়ে সকলো ধৰণৰ সৃষ্টিশীল অভিব্যক্তিক স্থান দিয়ে। এয়া এই কাৰণে নহয় যে ই আমাক ভিন্ন কাহিনী ক’ব পাৰে, কিন্তু কাহিনী কথনৰ ন ন বাট ই আমাৰ আগত উন্মোচিত কৰে, যাৰ সহায়ত গ্ৰামীণ ভাৰতৰ জীৱন আৰু অভিজ্ঞতা আমি নথিবদ্ধ কৰিব পাৰো। ব্যক্তিগত অভিজ্ঞতা আৰু গণচেতনাৰে সমৃদ্ধ সৃষ্টিশীল কল্পনাৰ যোগেদি আমি ইতিহাস, সাংবাদিকতাৰ বাদেও এখন জগতৰ মানৱীয় অভিজ্ঞতাৰ কাষ চাপিব পাৰো। মানুহৰ জীৱনৰ সৈতে সংপৃক্ত আমাৰ বৰ্তমান সময়ৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক পৰিস্থিতিক নথিবদ্ধ কৰা আৰু এই সমগ্ৰ প্ৰক্ৰিয়াক আৰ্কাইভ কৰাৰ ই আন এক উপায়।
পাৰিয়ে এইবছৰ বিভিন্ন ভাষাত কবিতা প্ৰকাশ কৰিছে- পঞ্চমহলি ভিলি, ইংৰাজী, হিন্দী আৰু বাংলা। ব্যক্তিক এক বহল প্ৰেক্ষাপটত ৰাখি প্ৰকাশিত এই কবিতা বৰ্তমান সময়ৰ ছন্দায়িত ব্যাখ্যা। ইয়াৰে কিছুমানে ব্যক্তিৰ মন গহনত থকা মানসিক চাপ আৰু দোদুল্যমান অৱস্থা ব্যক্ত কৰিছে। উদাহৰণ স্বৰূপে বিভ্ৰান্ত এখন চহৰত এজন আদিবাসীৰ মনৰ কথাৰ প্ৰসংগ উল্লেখ কৰিব পাৰি। একেদৰে উল্লেখ কৰিব পাৰি লাহী সূতাৰ সীয়নিত জীৱন আৰু ভাষাবোৰ- কবিতাটোৰ কথা, য’ত কবিয়ে ভাষাৰ পুৰুষপ্ৰধান প্ৰকৃতিৰ ওপৰত ক্ষোভ উজাৰিব পৰাকৈ বিদ্ৰোহৰ নিজা এক পৰিৱেশ সৃষ্টি কৰিছে। পাৰিত প্ৰকাশিত আন এক কবিতা সিহঁতক কোনে হিচাপত ধৰে-ত স্বৈৰাচাৰী শাসকৰ ফোপোলা স্বৰূপ কবিয়ে উদঙাই দিছে। আনফালে আকৌ তিনি চুবুৰীয়া আৰু এখন আজৱ কিতাপৰ আখ্যান-ৰ যোগেদি সামান্যতমো সংকোচবোধ নকৰাকৈ নিৰ্ভয়ে ঐতিহাসিক আৰু সামগ্ৰিক সত্য দাঙি ধৰা হৈছে।
লেখা কামটো এটা ৰাজনৈতিক কাম আৰু কোনোবাই জাঁতশালৰ গীতৰ প্ৰকল্প (গ্ৰাইণ্ডমিল চংছ প্ৰজেক্ট চমুকৈ জি.এছ.পি.)ত থকা গীতবোৰ শুনিলে বুজিব যে কবিতা এটা, গীত এটা, এটা ওভি সৃষ্টি কৰাটোত অংগীকাৰবদ্ধতা, ভগ্নিত্ব আৰু প্ৰতিৰোধৰ এক সামূহিক প্ৰচেষ্টা নিহিত থাকে। এই গীতবোৰে আমাক এখন জগতৰ অৰ্থ অনুভৱ কৰাৰ বাট মুকলি কৰে, য’ত ভাষাই সময়-সংস্কৃতি আৰু মানৱীয় অনুভূতিৰ পৰিধি অতিক্ৰম কৰিছে। গ্ৰামীণ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ প্ৰায় ৩ হাজাৰৰো অদিক মহিলাই বিভিন্ন বিষয়ক লৈ তেওঁলোকৰ সময়ত লিখা আৰু গোৱা ১,০০,০০০ লোকসংগীতৰ সংগ্ৰহত পাৰিয়ে এইবছৰ আৰু গীত যোগ দিছে।
পাৰিৰ বৈচিত্ৰময় সংগ্ৰহত সুৱগা চৰাইছে এইবছৰ পাৰিত প্ৰকাশিত কচ্ছী লোকগীতৰ নতুন মাল্টিমিডিয়া আৰ্কাইভ - ৰাণৰ লোকগীত শিতানে। কচ্ছ মহিলা বিকাশ সংগঠন চমুকৈ কে.এম.ভি.এছ.ৰ সহযোগত ক্ৰমে বৃহৎ কলেবৰ হৈ উঠা এই মাল্টিমিডিয়া আৰ্কাইভত আছে প্ৰেম-বিৰহ, বিয়োগ, বিবাহ, ভক্তি, মাতৃভূমি, লিংগ সচেতনতা, সাংবিধানিক অধিকাৰ আদি বিভিন্ন বিষয়ৰ লোকগীত। এই গীত ৰাণ অঞ্চলটোৰ দৰেই বৈচিত্ৰময়। কচ্ছৰ এই মৌখিক গীতৰ এসময়ৰ জিৰজিৰ বোৱতী ধাৰাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে এই আৰ্কাইভত গুজৰাটৰ ৩০৫ গৰাকী ঘাত-বাদ্যযন্ত্ৰী, গীতিকাৰ আৰু বাদ্যযন্ত্ৰীৰ অনানুষ্ঠানিক সংগ্ৰহ আছে।
কবিতা কোনো সম্ভ্ৰান্ত আৰু উচ্চশিক্ষিত শ্ৰেণীৰ একচেটিয়া সম্পদ নহয়। ই কোনো আলংকৰিক কাৰবাৰ নহয়। ভাষিক শাস্ত্ৰজ্ঞৰ একাধিকাৰো ইয়াত নাখাটে। এই সকলোৰ বিপৰীতে এক নতুন চিন্তাক জন্ম দিয়াৰ বাবে পাৰিৰ কবিতা শিতান সদাপ্ৰস্তুত। কবিতা আৰু লোকগীতৰ মাজত কোনো বৈষম্য নাৰাখি আমি দৰ্শোৱাৰ অনুগ্ৰহ কৰিছো যে এই বৈচিত্ৰময় পৰম্পৰাৰ প্ৰকৃত ৰক্ষক আৰু সৃষ্টিকৰ্তা দৰাচলতে জাত-পাত, লিংগ নিৰ্বিশেষে সৰ্বসাধাৰণজন। উদাহৰণ স্বৰূপে কাদুবাই খাৰাট বা শ্বাহিৰ দাদু চালভেয়ে গীতৰ যোগেদি সাধাৰণজনৰ জীৱনৰ দুখ-দুৰ্দশা আৰু সংগ্ৰামৰ কথা কোৱাৰ লগতে আম্বেদকাৰৰ জাত-পাতৰ বৈষম্যৰ যুঁজখনকো গীতৰ যোগেদি আগবঢ়াই নিছে। এনেকৈ এই গীত আৰু কবিতা প্ৰচলিত ৰাজনীতিতো প্ৰাসংগিক হৈ উঠিছে। শান্তিপুৰৰ লংকাপাৰাৰ সুকুমাৰ বিশ্বাস এজন সাধাৰণ ডাব নাৰিকল বিক্ৰেতা, কিন্তু ১৯৭১ৰ বাংলাদেশৰ সংগ্ৰামৰ পিছৰ ভাৰতখনৰ স্ব-অভিজ্ঞতাৰে সমৃদ্ধ জনপ্ৰিয়ভাৱে ডাবদাদু বুলি সকলোৱে মতা লোকজনে গূঢ়াৰ্থভৰা গীত গায়। পশ্চিমবংগৰ পিঁড়ৰা গাঁৱৰ মুক্তিযুঁজাৰু লক্ষীকান্ত মাহাতোৰ কণ্ঠ ৯৭ বছৰ বয়সতো উদ্দাত্ত। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ আশা আৰু অগনিভৰা গীত-মাত কেনে, সেয়া প্ৰচলিত লোকসংগীতৰ সুৰে ভৰ কৰা মাহাতোৰ গমগমীয়া বিদ্ৰোহী কণ্ঠত মৰ্মে মৰ্মে অনুভৱ কৰিব পাৰি।
কিন্তু কবিতা বা গীতক কেৱল শব্দৰে বান্ধিব পাৰি জানো? ছন্দ বা আন কোনো ৰীতিৰে বান্ধিব নোৱাৰা বৰ্ণময় ভিন ভিন দৃষ্টিকোণেৰে সমৃদ্ধ ভালেমান লেখা পাৰিয়ে প্ৰকাশ কৰিছে। কেইগৰাকীমান শিল্পীয়ে তেওঁলোকৰ সুকীয়া শৈলীৰে এনে কিছুমান ভাবোদ্দীপক লেখা লিখিছে, যিবোৰ পাৰিৰ প্ৰকাশিত সম্ভাৰৰ এক অভিন্ন অংশ হৈ পৰিছে।
সচিত্ৰকৰণ বা ব্যাখ্যাচিত্ৰ (illustration) পাৰিৰ কাহিনী কথনৰ এক নতুন মাধ্যম হৈ পৰিছে। এনে বহু ষ্ট’ৰি আছে, যিবোৰক এই সচিত্ৰ ব্যাখ্যাই এক নতুন মাত্ৰা প্ৰদান কৰিছে। আন কিছুমান ক্ষেত্ৰত আকৌ গোপনীয়তা ৰক্ষা কৰি নীতিসন্মতভাবে ষ্ট’ৰি এটাক আগবঢ়াই নিবলৈ সচিত্ৰ ব্যাখ্যা প্ৰয়োগ কৰা হৈছে, যেনে ধৰক নেহা ঘূৰি আহিল, কিন্তু পূজাহঁত কেতিয়া আহিব?- ষ্ট’ৰিটো। কোনো কোনো প্ৰতিবেদক, নিজেই চিত্ৰশিল্পী হোৱা হেতুকে তেওঁলোকৰ ষ্ট’ৰিত চিত্ৰশিল্প ব্যৱহাৰ কৰি তাক অধিক অৰ্থৱহ আৰু শক্তিশালী কৰি তুলিছে। এনেকৈ কবিতা এটাৰ সৈতে ভাবঘন অৰ্থৱহ ছবিয়ে বা গীতে শিতানটোক আন বিভিন্ন ধৰণে তাৎপৰ্য্যপূৰ্ণ কৰি তুলিছে।
এই ফুলবছা কাপোৰখনৰ কেইটিমান ইয়াতে পাঠকৰ বাবে আগবঢ়োৱা হ’ল।










টিমটোৱে ৰিকিন সংক্লেচাক এই লেখাটোৰ ছবিবোৰ সম্পাদনা কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।
পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/in-2023-lines-verses-and-voices-as