বয়স ৯৭ হ’লে কি হ’ল, লক্ষীকান্ত মাহাতোৰ কণ্ঠ একেবাৰে স্পষ্ট আৰু গমগমীয়া। কথাত অনুনাদ উঠা এইজন সুঠাম লোকৰ আচাৰ-আচৰণ আৰু অভিব্যক্তি দেখি আপোনাৰ চকুৰ আগত ভাঁহি উঠিব ৰবীন্দ্ৰনাথ ঠাকুৰ।

২০২২ৰ মাৰ্চত যেতিয়া লক্ষীক লগ পাওঁ, তেওঁ পশ্চিমবংগৰ পিঁড়ৰা গাঁৱৰ তেওঁৰ এটা কোঠালীৰ জৰাজীৰ্ণ ঘৰটোত তেওঁৰ অতিকৈ প্ৰিয় বন্ধু থেলু মাহাতোৰ লগত চাৰপাই এখনত বহি আছিল।

তেতিয়া থেলুৰ বয়স আছিল ১০৩ বছৰ। ২০২৩ত তেওঁৰ মৃত্যু হয়। পঢ়ক: থেলু মাহাতোৱে খন্দা কুৱাঁটো

থেলু দাদু (ককাদেউতা) আছিল অঞ্চলটোৰ শেষৰকেইজন মুক্তিযুঁজাৰুৰ মাজৰ এজন। আশী বছৰ আগতে তেওঁ পুৰুলিয়া জিলাৰ আৰক্ষী থানা এখনলৈ প্ৰতিবাদী মিচিল উলিয়াইছিল। সেয়া ১৯৪২ৰ কথা। তেওঁ স্থানীয় পৰ্য্যায়ত ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে তেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিছিল।

লক্ষী অৱশ্যে পুলিচ থানালৈ যোৱা সেই মিচিলত ভাগ ল’ব পৰা নাছিল। তেতিয়া তেওঁৰ বয়স ১৭ বছৰৰো কম। ঘেৰাও কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে আন্দোলনৰ কাণ্ডাৰীসকলে বান্ধি দিয়া বয়সৰ সীমাৰ তেনেই তলত।

থেলু কিম্বা লক্ষীৰ মুখত মুক্তিযুঁজাৰুৰ গতানুগতিক ভাষ্য শুনা নাযায়। বিশেষকৈ ৰাজ্য আৰু সম্ভ্ৰান্ত সমাজে সৃষ্টি কৰা প্ৰকৃতিৰ লোক তেওঁলোক নহয়। তেওঁলোক প্ৰতিবাদী মিচিলত এটা দিশতে গৈ থকা সেই প্ৰতিবাদী লোকো নহয়, যিয়ে কেৱল সংখ্যাহে বঢ়ায়। দুয়োজনৰে নিজ নিজ বিষয়ত দখল আছে। থেলুৱে কৃষি আৰু অঞ্চলটোৰ ইতিহাসৰ বিষয়ে স্বচ্ছন্দে ক’ব পাৰে। একেদৰে লক্ষীয়ে সংগীত আৰু সংস্কৃতিৰ ক্ষেত্ৰখনৰ কথা জানে।

ভিডিঅ’টো চাওক: লক্ষী মাহাতোৰ কেঁচামাটিৰ গান

লক্ষীয়ে প্ৰতিবাদত অংশ লৈছিল সাংস্কৃতিক ক্ষেত্ৰ আৰু গীত-মাতৰ যোগেদি। তেওঁ জনজাতীয় বাদ্যযন্ত্ৰ যেনে ধামচা (এবিধ ডাঙৰ ঢোলজাতীয় বাদ্য) আৰু মাদল বজোৱা ৰংগদলৰ সৈতে ঘূৰি ফুৰিছিল। এনে গোটত আছিল চাওঁতাল, কুৰ্মী, বিৰহৰ আৰু আন আদিবাসী গোষ্ঠীৰ লোক। তেওঁলোকৰ ৰংগদলে এটা পৰ্য্যায়ত কোনো জগৰ নলগোৱা লোকগীতো গাইছিল। অৱশ্যে সেই সময়ত এই লোকগীতেই এক ভিন্ন অৰ্থৰে মানুহৰ মনত সোমাইছিল।

“আমি যেতিয়াই-তেতিয়াই ‘বন্দে মাতৰম’ বুলি চিঞৰিছিলো,” ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কেনেকৈ ধামচা-মাদল বজোৱা আৰু গীত গোৱা বাৰ্তাবাহকে মানুহৰ মাজলৈ বাৰ্তা কঢ়িয়াই নিছিল, সেই প্ৰসংগত লক্ষীয়ে কয়। গীতৰ কথা কি আছিল ব্ৰিটিছে নাজানিছিল, “কিন্তু তেওঁলোক খঙত টিঙিৰি-তুলা হৈছিল,” তেওঁ মিচিকিয়াই হাঁহি মনত পেলায়।

দুয়োজনকে মুক্তিযুঁজাৰুৰ পেঞ্চন দিয়া হোৱা নাই। বহু আগতেই তেওঁলোক দুয়োজনেই লাগি থাকিবলৈ এৰিছিল। থেলুৱে বৃদ্ধ পেঞ্চনৰ ১,০০০ টকাৰে চলে। লক্ষীয়ে কেৱল এবাৰেই বৃদ্ধ পেঞ্চন পাইছিল। তাৰপিছত ৰহস্যজনকভাৱে বন্ধ হৈ থাকিল।

Left: Lokkhi Mahato sharing a lighter moment with his dearest friend, Thelu Mahato in Pirra village of West Bengal, in February 2022.
PHOTO • Smita Khator
Right: Lokkhi was a part of the cultural side of the resistance. He performed with troupes that played tribal instruments such as the dhamsa (a large kettle drum) and madol (a hand drum)
PHOTO • P. Sainath

বাওঁফালে: প্ৰিয় বন্ধু থেলু মাহাতোৰ সৈতে পশ্চিমবংগৰ পিঁড়ৰা গাঁৱত লক্ষী মাহাতোৰ এটা ধেমেলীয়া মুহূৰ্ত. ২০২২ৰ ফেব্ৰুৱাৰী মাহত। সোঁফালে: লক্ষী আছিল আন্দোলনৰ সাংস্কৃতিক দিশটোৰ সৈতে জড়িত। জনজাতীয় বাদ্য যেনে ধামচা-মাদল বজোৱা গোট এটাত তেওঁ আছিল

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক ব্ৰিটিছ শাসনৰ ওৰ পেলাবলৈ ৰাজপথলৈ ওলাই আহিছিল – তাৰে মাজত থেলু আৰু লক্ষীও আছিল। বিশ্বাসত আছিল বামপন্থী – ব্যক্তিত্বত গান্ধীবাদী। তেওঁলোক কুৰ্মী সম্প্ৰদায়ৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে থিয় দিয়া প্ৰথম কেইটামান জনগোষ্ঠীৰ মাজৰ এটা।

লক্ষীয়ে আমাক টুচুগীত এটা গাই শুনাইছে। সেইটো কুৰ্মী সম্প্ৰদায়ৰ টুচু অৰ্থাৎ শস্য চপোৱা উৎসৱৰ গীত। টুচু উৎসৱ কোনো ধৰ্মীয় উৎসৱ নহৈ এক ধৰ্মনিৰপেক্ষ উৎসৱ। টুচুগীত আগতে অবিবাহিত ছোৱালীয়ে গাইছিল। পিছলৈ যিটো সেই পৰিসৰ অতিক্ৰম কৰি ৰাইজৰ মাজলৈ ওলাই আহে। লক্ষীয়ে গোৱা গীতটোত টুচুক এগৰাকী গাভৰু ছোৱালীৰ আত্মা হিচাপে বৰ্ণনা কৰা হৈছে। দ্বিতীয় গীতটোৱে উৎসৱৰ সামৰণি বুজাইছে।

টুসু নাকি দক্ষিণ যাবে
খিদা লাগলে খাবে কি?
আনো টুসুর গায়ের গামছা
ঘিয়ের মিঠাই বেঁধে দি।

তোদের ঘরে টুসু ছিল
তেই করি আনাগোনা,
এইবার টুসু চলে গেল
করবি গো দুয়ার মানা।

শুনিলো টুচু হেনো দক্ষিণলৈ গ’ল
কিন্তু ভোক লাগিলে তাই খাব কি?
দিয়া মোক টুচুৰ গামোচাখন
ঘিউ দিয়া মিঠাই টোপোলা কৰি লওঁ।

আগতে তোমাৰ ঘৰলৈ গৈছিল
তাত যে টুচু আছিল
এতিয়া সেইখন ঘৰত মোৰ কি কাম
তাই যে গুছি গ’ল


প্ৰচ্ছদ ফটো: স্মিতা খাটোৰ

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Video Editor : Sinchita Maji

Sinchita Maji is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker.

Other stories by Sinchita Maji
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das