“এই গীতকেইটা কাৰোবাক পঢ়ি শুনাবলৈ কওকচোন, তেতিয়া মই সুৰ দি আপোনালোকৰ বাবে গাম,” দাদু চালভেয়ে আমাক কয়।

মানুহজনৰ বয়স তিনিকুৰি দহ বছৰ, কিন্তু তেওঁ এতিয়াও আম্বেদকাৰ আন্দোলনৰ এজন বদ্ধপৰিকৰ সৈনিক। তেওঁ হাৰমনিয়াম বজাই গান গাই সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজি সমাজ সংস্কাৰৰ এক নিৰ্ণায়ক বাট মুকলি কৰিবলৈ এতিয়াও সাজু।

আহমেদনগৰ চহৰৰ তেওঁৰ এক কোঠাৰ ঘৰটো আম্বেদকাৰৰ প্ৰতি তেওঁৰ আজীৱন শ্ৰদ্ধাৰে ভৰি আছে। তেওঁৰ গুৰুৰ এখন বন্ধোৱা ফটো, কিংবদন্তি ভীম শ্বাহীৰ ৱামনদাদা কৰদাকৰ বেৰত থকা কাপব’ৰ্ড এখনত সজাই থোৱা আছে, লগত আছে তেওঁৰ বিশ্বাসী সংগীসকল - তেওঁৰ হাৰমনিয়াম, তবলা আৰু ঢোলাকি।

ছয় দশকৰো অধিক সময় ধৰি ভীম গীত গোৱাৰ তেওঁৰ জীৱন-যাত্ৰা বৰ্ণনা কৰিবলৈ দাদু চালভে বহি লয়।

১৯৫২ৰ ৯ জানুৱাৰীত মহাৰাষ্ট্ৰৰ আহমদনগৰ চহৰ (আহমেদনগৰ বুলিও জনাজাত) জিলাৰ নলেগাওঁ (গৌতমনগৰ বুলিও জনা যায়)ত চালভেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নানা যাদৱ চালভে সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু মাতৃ তুলচাবাইয়ে ঘৰ চলাইছিল আৰু দিনহাজিৰা কৰিছিল।

In Dadu Salve's home in Ahmednagar is a framed photo of his guru, the legendary Bhim Shahir Wamandada Kardak , and his musical instruments: a harmonium, tabla and dholaki.
PHOTO • Amandeep Singh
Salve was born in Nalegaon in Ahmadnagar district of Maharashtra
PHOTO • Raitesh Ghate

বাওঁফালে: আহমেদনগৰৰ দাদু চালভেৰ ঘৰত তেওঁৰ গুৰু কিংবদন্তি ভীম শ্বাহীৰ, ৱামনদাদা কাৰ্দকৰ ফটো আৰু তেওঁৰ হাৰমনিয়াম, তবলা আৰু ধোলকি। সোঁফালে: চালভেৰ জন্ম মহাৰাষ্ট্ৰৰ আহমদনগৰ টাউন জিলাৰ নালেগাঁৱত (গৌতমনগৰ বুলিও কয়)

ব্ৰিটিছ সেনাবাহিনীত কৰ্মৰত পিতৃৰ দৰে দলিত মনোজগতলৈ পৰিৱৰ্তন আনিবলৈ সহায় কৰিছিল। সঠিক মজুৰি আৰু যথোচিত খাদ্যৰ সৈতে স্থিৰ চাকৰিটোৱে তেওঁলোকক আনুষ্ঠানিক শিক্ষাৰ সুবিধাও দিছিল যিয়ে তেওঁলৈ জগতখনৰ খিৰিকী মুকলি কৰি দিছিল। তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিছিল, আৰু তেওঁলোকে অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দমন প্ৰতিহত কৰিবলৈ অধিক সু-সজ্জিত আৰু অনুপ্ৰাণিত হ’ল।

দাদুৰ পিতৃয়ে সেনাবাহিনীৰ পৰা অৱসৰ লৈ ভাৰতীয় ডাক সেৱাত ডাকোৱাল হিচাপে যোগদান কৰে। আম্বেদকাৰ আন্দোলন তেতিয়া তুংগত উঠিছে, আন্দোলনত তেওঁ যথেষ্ট সক্ৰিয় আছিল। দেউতাক জৰিত থকা বাবেই দাদুৱে ভিতৰৰ পৰাই এই গতিবিধিৰ অভিজ্ঞতা লাভ কৰিছিল আৰু পৰ্যবেক্ষণ কৰিব পাৰিছিল।

পিতৃ-মাতৃৰ উপৰিও দাদু পৰিয়ালটোৰ আৰু এজন ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল, তেওঁৰ দাদা যাদৱ চালভে, যিজন কাদুবাবা নামেৰে পৰিচিত।

তেওঁ আমাক দীঘল দাড়ি থকা এজন বুঢ়া মানুহৰ কাহিনী ক’লে যাক বিদেশৰ পৰা অহা গৱেষক এজনে সুধিছিল, “আপুনি ইমান দীঘল দাড়ি কিয় ৰাখে?” ৮০ বছৰীয়া মানুহজনে উচুপিবলৈ ধৰিলে; পিছত মানুহজনে শান্ত হৈ তাইক নিজৰ কাহিনী ক’লে।

“বাবাচাহেব আম্বেদকাৰ আহমদনগৰ জিলা ভ্ৰমণলৈ আহিছিল। মই তেওঁক আমাৰ গাঁও হৰেগাঁও চাবলৈ আহিবলৈ অনুৰোধ কৰিলোঁ য’ত তেওঁক চাবলৈ বহুত মানুহ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।” কিন্তু বাবাচাহেবৰ সময় নাছিল আৰু সেয়ে তেওঁ বুঢ়াজনক প্ৰতিশ্ৰুতি দিলে যে তেওঁ আন এটা সময়ত তেওঁৰ গাঁৱলৈ আহিব। বাবাচাহেব তেওঁৰ গাঁৱলৈ আহিলেহে দাড়ি কটাব বুলি মানুহজনে প্ৰতিজ্ঞা কৰিলে।

তেওঁ বহু বছৰ অপেক্ষা কৰিলে, ইফালে দাড়ি বাঢ়ি গৈ থাকিল। ১৯৫৬ চনত বাবাচাহেবৰ মৃত্যু হয়। “দাড়ি বাঢ়ি গৈ থাকিল। মই মৰালৈকে এনেকুৱাই থাকিব,’ বুঢ়াজনে ক’লে। গৱেষকজন আছিল আম্বেদকাৰ আন্দোলনৰ বিখ্যাত গৱেষক এলিন’ৰ জেলিয়ট আৰু বুঢ়াজন আছিল দাদু চালভেৰ ককা কাদুবাবা।

*****

জন্মৰ মাত্ৰ পাঁচ দিনতে দাদুৰ দৃষ্টিশক্তি হেৰাই গৈছিল। কোনোবাই দুয়োটা চকুত কিবা টোপ দিছিল, যাৰ ফলত তেওঁৰ দৃষ্টিশক্তিৰ গুৰুতৰ ক্ষতি হ’ল। কোনো চিকিৎসাই সুফল নিদিলে আৰু তেওঁ দৃষ্টিহীন হৈয়ে থাকিল। ঘৰতে আবদ্ধ হৈ থকা দাদুৰ বাবে স্কুলীয়া শিক্ষাৰ প্ৰসংগ আহিে পৰা নাছিল।

তেওঁ নিজৰ চুবুৰীৰ একতাৰী ভজন গায়কসকলৰ লগত যোগ দি কাঠ, চামৰা আৰু ধাতুৰে নিৰ্মিত ঘাতবাদ্য ডিমড়ি বজাইছিল।

“মোৰ মনত আছে কোনোবাই আহি খবৰ দিছিল যে বাবাচাহেবৰ মৃত্যু হৈছে। মই নাজানিছিলো তেওঁ কোন, কিন্তু মানুহৰ কান্দোন শুনি বুজিলোঁ যে তেওঁ নিশ্চয় কোনোবা মহান ব্যক্তি আছিল,’ দাদুৱে মনত পেলায়।

দাদু চালভেয়ে ‘পাঁচ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা’ৰ কাহিনী কৈছে

বাবাচাহেব দীক্ষিতে আহমেদনগৰত দত্ত গায়ন মন্দিৰ নামৰ সংগীত বিদ্যালয় এখন চলাইছিল যদিও তাত দীক্ষা ল’বলৈ দাদুৱে মাচুল দিব পৰা নাছিল। সেইবাৰ ৰিপাব্লিকান পাৰ্টিৰ এজন বিধায়ক আৰ ডি পাৱাৰে আৰ্থিক সাহায্য আগবঢ়াইছিল আৰু দাদুক নামভৰ্তি কৰিব পাৰিছিল। পাৱাৰে তেওঁক নতুন এটা হাৰমনিয়ামো কিনি দিলে আৰু দাদুৱে ১৯৭১ত সংগীত বিশাৰদ পৰীক্ষাত উত্তীৰ্ণ হয়।

ইয়াৰ পিছত তেওঁ সেই সময়ৰ প্ৰখ্যাত কাৱালী সংগীতজ্ঞ মেহমুদ কাৱাল নিজামীৰ গোটত যোগ দিয়ে। তেওঁ নিজৰ অনুষ্ঠানবোৰত গান গাবলৈ আৰম্ভ কৰিলে আৰু সেইটোৱেই আছিল দাদুৰ একমাত্ৰ উপাৰ্জনৰ উৎস। তাৰ পিছত তেওঁ সংগমনেৰৰ কমৰেড দত্ত দেশমুখে আৰম্ভ কৰা আন এটা গোট – কলা পাঠকলৈ গুচি যায়। আন এজন কমৰেড ভাস্কৰ যাদৱ পৰিচালিত নাটক বাসুদেৱচা দৌৰাৰ বাবেও তেওঁ গীত ৰচনা কৰিছিল।

দাদুৱে লোক-কবি বা জনকবি নামেৰে পৰিচিত কেশৱ সুখা আহেৰৰ কথাও শুনিছিল। নাছিকৰ কলাৰাম মন্দিৰত প্ৰৱেশত নিষেধাজ্ঞাৰ বিৰুদ্ধে আন্দোলন কৰা এদল ছাত্ৰ-ছাত্ৰীৰ সৈতে আহেৰে থিয় দিছিল। তেওঁ নিজৰ গীতৰ জৰিয়তে আম্বেদকাৰৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল আৰু যেতিয়া আহেৰে ভীমৰাও কাৰ্দকৰ জলছা শুনিছিল, তেতিয়া তেওঁ কেইটামান গীত লিখিবলৈ অনুপ্ৰাণিত হৈছিল।

পিছলৈ আহেৰে জলছা আৰু গীতৰ জৰিয়তে দলিত চেতনা জাগ্ৰত কৰিবলৈ পূৰ্ণকালীনভাৱে নিজকে উৎসৰ্গা কৰিছিল।

১৯৫২ত আম্বেদকাৰে শ্বেডিউলদ্ কাষ্ট ফেডাৰেচনৰ প্ৰাৰ্থী হিচাপে মুম্বাইৰ পৰা সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আহেৰে ‘নৱ ভাৰত জলছা মণ্ডল’ আৰম্ভ কৰিছিল, জলছাৰ বাবে নতুন গীত ৰচনা কৰিছিল আৰু ড. আম্বেদকাৰৰ বাবে প্ৰচাৰ চলাইছিল। এই মণ্ডলে আয়োজন কৰা অনুষ্ঠানসমূহ দাদু চালভে শুনিছিল।

স্বাধীনতাৰ সময়ত আহমেদনগৰ বাওঁপন্থী আন্দোলনৰ দূৰ্গ আছিল। দাদু চালভে কয়, “আমাৰ ঘৰলৈ প্ৰায়ে বহু নেতা আহিছিল আৰু দেউতাই তেওঁলোকৰ লগত কাম কৰিছিল। সেই সময়ছোৱাত দাদাচাহেব ৰূপাৱতে, আৰ ডি পাৱাৰৰ দৰে ব্যক্তি আম্বেদকাৰ আন্দোলনত যথেষ্ট সক্ৰিয় আছিল। আহমেদনগৰত আন্দোলনৰ নেতৃত্ব দিছিল।”

Madhavrao Gaikwad and his wife Sumitra collect material around Wamandada Kardak. The couple  have collected more than 5,000 songs written by hand by Wamandada himself. Madhavrao is the one who took Dadu Salve to meet Wamandada
PHOTO • Amandeep Singh

মাধৱৰাও গাইকোৱাড আৰু তেওঁৰ পত্নী সুমিত্ৰাই ৱামনদাদা কাৰ্দক সম্পৰ্কীয় তথ্য-গীত আদি সংগ্ৰহ কৰে। ৱামনদাদাই লিখা ৫,০০০ৰো অধিক গীত দম্পতিহালে সংগ্ৰহ কৰিছে। মাধৱৰাওৱেই দাদুক ৱামনদাদাৰ ওচৰলৈ লৈ গৈছিল

দাদুৱে ৰাজহুৱা সমাৱেশতো ভাগ লৈছিল আৰু তেনেকৈয়ে বি চি কাম্বলে আৰু দাদাচাহেব ৰূপাৱতেৰ ভাষণ শুনিবলৈ পাইছিল। পিছলৈ এই দুই দ্বিগজৰ মাজত মতানৈক্যই দেখা দিছিল, যাৰ ফলত আম্বেদকাৰী আন্দোলনত দুটা ফৈদে দেখা দিছিল। এই ৰাজনৈতিক অনুষ্ঠানটোৱে বহু গীতৰ অনুপ্ৰেৰণা যোগাইছিল। দাদুৱে কয়, “দুয়োটা ফৈদেই কালগি-তুৰাত ভাল আছিল (এনে গীত য’ত এটা গোটে প্ৰশ্ন উত্থাপন কৰে বা বক্তব্য দাঙি ধৰে আৰু আনটো গোটে তাৰ প্ৰত্যুত্তৰ দিয়ে)।”

नार म्हातारपणी फसली!

लालजीच्या घरात घुसली!!

এই বয়সত বুঢ়ীজনী নাচোৰবান্দা হৈ পৰিছে
লালজীৰ ঘৰত সোমাইছে!

ইয়াৰ অৰ্থ হ’ল যে দাদাচাহেবে দিক হেৰুৱাই কমিউনিষ্টৰ লগত যোগ দিছে।

দাদাচাহেব পন্থীয়ে তাৰ প্ৰত্যুত্তৰ দিছে:

तू पण असली कसली?
पिवळी टिकली लावून बसली!

কি অৱস্থা কৰিছা নিজৰ, বুঢ়ীজনী, নিজেই চোৱাচোন!
চোৱাচোন চোৱা, কপালৰ কি একেবাৰে হালধীয়া ফোট!

দাদুৱে বুজাই দিছে: “বি. চি. কাম্বেলেয়ে দলীয় পতাকাখনৰ নীলা অশোক চক্ৰটো আঁতৰাই তাৰ ঠাইত হালধীয়া পূৰ্ণিমাৰ জোন লগাইছে। তাৰেই প্ৰসংগত গীতৰ যোগেদি উত্থাপিত হৈছে।”

দাদাচাহেব ৰূপাৱতে বি. চি. কাম্বলে ফৈদত আছিল। পিছলৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰে। তেওঁক এটি গীতৰ যোগেদি সমালোচনাও কৰা হৈছে।

अशी होती एक नार गुलजार
अहमदनगर गाव तिचे मशहूर
टोप्या बदलण्याचा छंद तिला फार
काय वर्तमान घडलं म्होरं S....S....S
ध्यान देऊन ऐका सारं

জনপ্ৰিয় আহমদনগৰৰ পৰা অহা
কুমলীয়া বয়সৰ বৰ মিঠাসুৰীয়া মহিলা
শিবিৰ সলাই ভাল পাই তেওঁ
পিছলৈ কি গতি হ’ল তেওঁৰ জানে?
নিজেই কাণ পাতি শুনা…

“মই আম্বেদকাৰ আন্দোলনৰ এই কালগি-তুৰা গীত শুনিয়েই ডাঙৰ হৈছো,” দাদুৱে কয়।

Dadu Salve and his wife Devbai manage on the meagre pension given by the state government to folk artists. Despite these hardships, his commitment to the Ambedkarite movement and his music are still the same
PHOTO • Amandeep Singh
Dadu Salve and his wife Devbai manage on the meagre pension given by the state government to folk artists. Despite these hardships, his commitment to the Ambedkarite movement and his music are still the same
PHOTO • Labani Jangi

দাদু চালভে আৰু তেওঁৰ পত্নীয়ে ৰাজ্য় চৰকাৰে লোকশিল্পীক দিয়া সামান্য পেঞ্চনেৰে চলে। এই কষ্ট স্বত্ত্বেও তেওঁ আম্বেদকাৰ আন্দোলন আৰু তেওঁৰ সংগীতৰ প্ৰতি এতিয়াও দায়বদ্ধ

*****

১৯৭০ চনটো আছিল দাদু চালভেৰ জীৱনৰ গতিপথ সলনি কৰা সময়। ড° আম্বেদকাৰৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক আন্দোলনক মহাৰাষ্ট্ৰৰ ভিতৰুৱা অঞ্চললৈ লৈ যোৱা গায়ক ৱামনদাদা কাৰ্দকক তেওঁ লগ পাইছিল। তেওঁ শেষ নিশ্বাসলৈকে সেই কাম কৰি গ’ল।

৭৫ বছৰীয়া মাধৱৰাও গাইকোৱাডে ৱামনদাদা কাৰ্দকৰ আশে-পাশে সামগ্ৰী সংগ্ৰহ কৰে। তেওঁৱেই দাদু চালভেক লৈ গৈছিল ৱামনদাদাক লগ কৰিবলৈ। মাধৱৰাও আৰু তেওঁৰ পত্নী সুমিত্ৰা (৬১)য়ে নিজেই হাতেৰে লিখা ৫ হাজাৰৰো অধিক গীত সংগ্ৰহ কৰিছে।

মাধৱৰাৱে কয়, “তেওঁ ১৯৭০ত নগৰলৈ আহিছিল। আম্বেদকাৰৰ কাম আৰু বাৰ্তাৰ প্ৰচাৰৰ বাবে তেওঁ ‘গায়ন’ পাৰ্টি আৰম্ভ কৰিবলৈ অতি আগ্ৰহী আছিল। আগতে দাদু চালভে আম্বেদকাৰৰ কথা গাইছিল, কিন্তু তেওঁৰ হাতত বেছি ভাল গীত নাছিল। গতিকে, আমি গৈ ৱামনদাদাক লগ কৰি ক’লোঁ, ‘আমাক আপোনাৰ গান লাগে’।”

ৱামনদাদাই উত্তৰ দি কয় যে তেওঁ প্ৰকৃততে কেতিয়াও নিজৰ সৃষ্টিকৰ্মবোৰ গোটাই ৰখা নাছিল: “মই লিখো, পৰিবেশন কৰো, আৰু মই তাতেই এৰি যাও।”

মাধৱৰাৱে মনত পেলাইছে যে, “এনে অমূল্য সম্পদৰাজি নষ্ট হোৱা দেখি আমি হতাশ হৈছিলো। তেওঁ [ৱামনদাদা] গোটেই জীৱন আম্বেদকাৰ আন্দোলনৰ বাবে উৎসৰ্গা কৰিছিল।”

তেওঁৰ সৃষ্টিকৰ্ম লিপিবদ্ধ কৰিবলৈ আগ্ৰহ কৰি মাধৱৰাৱে দাদু চালভেক য’তেই ৱামনদাদাই গীত পৰিবেশন কৰি আছিল তাতেই লৈ যাবলৈ ধৰিলে: “দাদুৱে তেওঁক হাৰমনিয়ামত সংগ দিছিল, আৰু তেওঁ গোৱাৰ লগে লগে মই গীতবোৰ লিপিবদ্ধ কৰিছিলো। সেয়া লাইভ লিপিবদ্ধ কৰা হৈছিল।”

তাৰ পাছত তেওঁ ৫ হাজাৰৰো অধিক গীত প্ৰকাশ কৰে। তাৰ পিছতো প্ৰায় ৩ হাজাৰ গীত আছে, যিবোৰে পোহৰ দেখা নাই। “আৰ্থিক বাধাৰ বাবে মই কৰিব পৰা নাছিলো। কিন্তু ক’ব লাগিব, আম্বেদকাৰ আন্দোলনৰ এই জ্ঞান আৰু প্ৰজ্ঞা মই কেৱল দাদু চালভেৰ বাবেই সংৰক্ষণ কৰিব পাৰিলো,’ তেওঁ লগতে কয়।

দাদু চালভে ৱামনদাদাৰ কামৰ পৰা ইমানেই অনুপ্ৰাণিত হৈছিল যে তেওঁ এটা নতুন গোট আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল, যাক কলা পাঠক বুলিও কোৱা হৈছিল। তেওঁ শংকৰ তবাজী গাইকোৱাড, সঞ্জয় নাথা যাদৱ, ৰঘু গংগাৰাম চালভে, আৰু মিলিন্দ শিণ্ডেক একত্ৰিত কৰিছিল। গোটটোৰ নাম আছিল ভীম সন্দেশ গায়ন পাৰ্টি অৰ্থাৎ আম্বেদকাৰৰ বাৰ্তা বিয়পোৱা সংগীত গোট।

তেওঁলোকে এক অভিযানক বাস্তৱ ৰূপ দিবলৈ গাইছিল সেয়ে তেওঁলোকৰ পৰিবেশনত কোনো সহজ-সৰল আৰু কেৱে কাৰো প্ৰতি কু-অভিপ্ৰায় ৰখা নাছিল।

দাদুৱে আমাৰ বাবে এই গানটো গাইছে:

এই ভিডিঅ’টোত দাদুৱে তেওঁৰ গুৰুৰ প্ৰতি শ্ৰদ্ধাৰে গীত গাইছে: ‘মই ৱামনদাদাৰ শিষ্য’

उभ्या विश्वास ह्या सांगू तुझा संदेश भिमराया
तुझ्या तत्वाकडे वळवू आता हा देश भिमराया || धृ ||
जळूनी विश्व उजळीले असा तू भक्त भूमीचा
आम्ही चढवीला आता तुझा गणवेश भिमराया || १ ||
मनुने माणसाला माणसाचा द्वेष शिकविला
तयाचा ना ठेवू आता लवलेश भिमराया || २ ||
दिला तू मंत्र बुद्धाचा पवित्र बंधुप्रेमाचा
आणू समता हरू दीनांचे क्लेश भिमराया || ३ ||
कुणी होऊ इथे बघती पुन्हा सुलतान ह्या भूचे
तयासी झुंजते राहू आणुनी त्वेष भिमराया || ४ ||
कुणाच्या रागलोभाची आम्हाला ना तमा काही
खऱ्यास्तव आज पत्करला तयांचा रोष भिमराया || ५ ||
करील उत्कर्ष सर्वांचा अशा ह्या लोकशाहीचा
सदा कोटी मुखांनी ह्या करू जयघोष भिमराया || ६ ||
कुणाच्या कच्छपी लागून तुझा वामन खुळा होता
तयाला दाखवित राहू तयाचे दोष भिमराया || ७ ||

আপোনাৰ এই বাৰ্তা জগতসভালৈ নিও ভীমৰায়া
তেওঁলোকেও আপোনাৰ আদৰ্শৰে লালিত-পালিত হওঁক হে ভীমৰায়া  ||1||
এই জগতখনত আপুনি নিজে জ্বলি পোহৰাই তুলিলা, অ’ এই ধৰাৰ সন্তান
আমি আপোনাৰ আনুগত্যৰ পোচাক পিন্ধি চলো, হে ভীমৰায়া ||2||
মনুৱে ইজনে সিজনক ঘৃণাৰ পাঠ শিকালে
সেই মনুক নস্যাৎ কৰাৰ পণ লৈছো আমি অ’ ভীমৰায়া  ||3||
আপুনি আমাক বুদ্ধৰ ভাতৃত্ববোধৰ শিক্ষা দিছা
আমি হীন-পৰ আঁতৰাই দৰিদ্ৰৰ দুখ মচিম অ’ ভীমৰায়া  ||4||
কিছুমান মানুহ আছে এই ধৰাতলক গোলাম বনাব খোজে
আমি সমস্ত শক্তিৰে যুঁজিম অ’ ভীমৰায়া ||5||
সিহঁত সুখী হওঁক বা দুখী, আমি ভ্ৰুক্ষেপকে নকৰো
আমাৰ সত্য প্ৰতিষ্ঠাৰ বাবে আমি তেওঁলোকৰ আক্ৰোশ পান কৰিম অ’ ভীমৰায়া ||6||
অ’ ভীম! আপোনাৰ লগত যদি পাঁচজনো একমত
আমি সিহঁতক সিহঁতৰ স্বৰূপ দেখুৱাম অ’ ভীমৰায়া ||7||

দাদুক কোনো অনুষ্ঠানলৈ মাতিলে তেওঁ ৱামনদাদাৰ গীত গাইছিল। তেওঁৰ গোট, কলা পাঠকক মানুহে আমন্ত্ৰণ জনাইছিল পৰিয়ালৰ বিভিন্ন সকাম-পৰ্বত। শিশুৰ জন্ম বা বৃদ্ধ আৰু অসুস্থ লোকৰ মৃত্যুত তেওঁলোকে আম্বেদকাৰ গীত গাইছিল।

দাদুৰ দৰে মানুহে আম্বেদকাৰ আন্দোলনত অৱদান আগবঢ়াবলৈ গাইছিল। গায়ক দলটোৱে কোনো ধৰণৰ ধন আশা কৰা নাছিল। প্ৰশংসাৰ চিন স্বৰূপে মানুহে মূল পৰিবেশকক নাৰিকল এটা দি শিল্পীসকলৰ বাবে চাহ পৰিবেশন কৰে। সিমানেই। “মই গান গাব পাৰিছিলো, গতিকে মই সেইটোৱেই এই আন্দোলনলৈ মোৰ অৱদান হিচাপে আগবঢ়াবলৈ চেষ্টা কৰিলো। ৱামনদাদাৰ ঐতিহ্যক মই আগুৱাই লৈ যোৱাৰ চেষ্টা কৰোঁ,’ দাদুৱে কয়।

*****

দাদুৱে আম্বেদকাৰ আৰু তেওঁ জীৱন-দীক্ষাই কেনেকৈ সমাজৰ পৰিৱৰ্তন সাধিছিল, সেয়া গীতৰ মাজেৰে দাদুৱে প্ৰকাশ কৰা চাওক

মহাৰাষ্ট্ৰৰ বহু গায়কৰ বাবে ৱামনদাদা গুৰু। কিন্তু দাদুৰ বাবে তেওঁৰ জীৱনত এক বিশেষ স্থান আছে। চকুৰে নেদেখা দাদুৱে গীতবোৰ সংৰক্ষণৰ একমাত্ৰ উপায় আছিল শুনা আৰু সেয়া মনত ৰখা। তেওঁ ২০০০ৰো অধিক গীত জানে। আৰু কেৱল গীতেই নহয়, সেই গীতটোৰ সকলো কথা – কেতিয়া লিখা হৈছিল, ইয়াৰ প্ৰসংগ, মূল সুৰ... দাদুৱে সকলো ক’ব পাৰে। মহাৰাষ্ট্ৰত বহুলভাৱে গোৱা ৱামনদাদাৰ জাত-পাত বিৰোধী গীতসমূহো তেওঁ ৰচনা কৰিছিল।

সংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত দাদু ৱামনদাদাতকৈ এখোজ আগুৱাই গৈছিল – তেওঁ কবিতা বা গীতৰ সুৰ, ছন্দ, স্পন্দন আৰু মিটাৰৰ কাৰিকৰী দিশবোৰ জানিছিল। তেওঁ প্ৰায়ে গুৰুৰ লগত এইবোৰ আলোচনা কৰিছিল; তেওঁ মৃত্যুৰ পিছত বহু গীতৰ সুৰ ৰচনা কৰিছিল, আৰু কিছুমান পুৰণি সুৰ পুনৰ নিৰ্মাণ কৰিছিল।

সেয়া দেখুৱাবলৈ তেওঁ আমাক ৱামনদাদাৰ আচল গীতটি গাই তাৰপিছত তেওঁ নিজে সুৰ দি গাই আমাক পাৰ্থক্য দেখুৱাইছে।

भीमा तुझ्या मताचे जरी पाच लोक असते
तलवारीचे तयांच्या न्यारेच टोक असते

অ’ ভীম! পাঁচজনেও যদি তোমাৰ সৈতে একমত
সেই পাঁচোজনৰ অস্ত্ৰ হ’ব বাকীবোৰতকৈ শাণিত

তেওঁ ৱামনদাদাৰ ইমানেই বিশ্বস্ত শিষ্য আছিল যে গুৰুৱে তেওঁৰ নিজৰ মৃত্যুক লৈ এটা গান লিখি তেওঁক দিছিল।

राहील विश्व सारे, जाईन मी उद्याला
निर्वाण गौतमाचे, पाहीन मी उद्याला

পৃথিৱীখন থাকি যাব, মই গুছি যাম
গৌতমৰ নিৰ্বাণৰ সাক্ষী হৈ ৰ’ম

দাদুৱে বৰ সুন্দৰকৈ এই কথাত সুৰ দি তেওঁৰ জলছাত পৰিৱেশন কৰিছিল।

*****

সংগীত দাদুৰ জীৱন আৰু ৰাজনৈতিক পৰিক্ৰমাৰ এক অবিচ্ছেদ্য অংশ।

আম্বেদকাৰৰ ওপৰত জনপ্ৰিয় লোককথা আৰু গীতেৰে ভৰি পৰা সময়ছোৱাত তেওঁ গীত গাইছিল। ভীমৰাও কাৰ্দক, লোককবি অৰ্জুন ভালেৰাও, বুলদানাৰ কেদাৰ ভাতৃদ্বয়, পুনেৰ ৰাজানন্দ গাড়পায়ালে, শ্ৰাৱণ যশৱন্তে আৰু ৱামনদাদা কাৰ্দক এই জনপ্ৰিয় গীতসমূহৰ গুৰু আছিল।

এনে বহু গীতৰ বাবে দাদুৱে নিজৰ সংগীত প্ৰতিভা আৰু কণ্ঠদান কৰি সংগীতৰ সেই সম্পদ লৈ গাঁৱে গাঁৱে ভ্ৰমণ কৰিছিল। আম্বেদকাৰৰ মৃত্যুৰ পিছৰ প্ৰজন্মই তেওঁৰ জীৱন, তেওঁৰ কৰ্ম আৰু তেওঁৰ বাৰ্তাৰ বিষয়ে কেৱল এই গীতসমূহৰ জৰিয়তেহে জানিব পাৰিছিল। এই প্ৰজন্মৰ মাজত আন্দোলনক লালন-পালন কৰা আৰু তেওঁলোকৰ চেতনাত দায়বদ্ধতা জগাই তোলাত দাদুৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

পথাৰত পৰিশ্ৰম কৰা কৃষকৰ মৰ্যাদাৰ জীৱনৰ বাবে যুঁজ দিয়া দলিতৰ সংগ্ৰামক বহু কবিয়ে মৌখিকভাৱে প্ৰকাশ কৰিছিল। তথাগত বুদ্ধ, কবীৰ, জ্যোতিবা ফুলে আৰু ড° আম্বেদকাৰৰ জীৱন আৰু ব্যক্তিত্বৰ বাৰ্তা প্ৰেৰণ কৰি গীত লিখিবলৈ চেষ্টা কৰিছিল। লিখিব নোৱাৰাসকলৰ বাবে এই গীতবোৰেই আছিল তেওঁলোকৰ শিক্ষা। দাদু চালভে তেওঁৰ সংগীত আৰু তেওঁৰ হাৰমনিয়াম ব্যৱহাৰ কৰি এইবোৰ গীতক আৰু বেছি মানুহৰ মাজলৈ লৈ গৈছিল। তেনেকৈয়ে এই গীতবোৰ মানুহৰ অন্তৰ-আত্মাৰ অংশ পৰিল।

এই গীতবোৰত লুকাই থকা বাৰ্তা আৰু শ্বাহীৰসকলে ইয়াৰ সবলভাবে গীতেৰে দাঙি ধৰাটোৱে জাত-পাতৰ বৈষম্যবিৰোধী আন্দোলনক গ্ৰামাঞ্চললৈ বিয়পোৱাত সহায় কৰিছিল। আম্বেদকাৰৰ আন্দোলনৰ ইতিবাচক জীৱন শক্তি আৰু সমতাৰ যুঁজত এই গীতবোৰৰ যোগেদিয়েই দাদুৱে নিজকে এজন পদাতিক সৈনিক হিচাপে গণ্য কৰে।

দাদু চালভেৰ কণ্ঠ আৰু অন্তৰ্দৃষ্টিৰ বিষয়ে গৱেষক মেহবুব শ্বেইখৰ বক্তব্যৰ ভিডিঅ’ চাওক

এই গীতবোৰক তেওঁ কেতিয়াও টকা উপাৰ্জনৰ উপায় হিচাপে চোৱা নাছিল। তেওঁৰ বাবে সেয়া আছিল তেওঁৰ অভিযানৰ সমল। কিন্তু, আজি ৭২ বছৰ বয়সত তেওঁ সেই জীৱনশক্তিৰ বেছিভাগেই হেৰুৱাই পেলাইছে। ২০০৫ চনত একমাত্ৰ পুত্ৰৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত বোৱাৰী আৰু তিনি নাতি-নাতিনীৰ পোহপালৰ দায়িত্ব তেওঁ লয়। পিছলৈ বোৱাৰীয়ে পুনৰ বিবাহৰ সিদ্ধান্ত লোৱাত দাদুৱে তেওঁৰ ইচ্ছাক সন্মান জনাইছিল। তেওঁ আৰু তেওঁৰ পত্নী দেৱবাঈ, এই সৰু এটা কোঠাৰ ঘৰটোলৈ আহে। দেৱবাঈৰ বয়স ৬৫ বছৰ, অসুস্থ আৰু বিচনাত পৰি আছে। ৰাজ্য চৰকাৰে লোক শিল্পীক দিয়া সামান্য পেঞ্চনৰ ওপৰত এই দম্পতীহাল চলি আছে। এনে কষ্টৰ মাজতো আম্বেদকাৰ আন্দোলন আৰু সংগীতৰ প্ৰতি তেওঁৰ দায়বদ্ধতা এতিয়াও একেই আছে।

বৰ্তমানৰ গীতে দাদুক আকৰ্ষিত নকৰে। “আজিৰ শিল্পীসকলে এই গীতবোৰ বিক্ৰীৰ বাবে সৃষ্টি কৰিছে। তেওঁলোকৰ দুপইচা আৰু খ্যাতিৰ প্ৰতি আগ্ৰহী। এইবোৰ দেখি দুখ লাগে,’ দুখ মনেৰে তেওঁ কয়।

দাদু চালভেই মুখস্থ কৰি মনত ৰখা আম্বেদকাৰ আৰু ৱামনদাদাৰ গানবোৰ তেওঁৰ নিজৰ হাৰমনিয়ামত বজাই গোৱা শুনিবলৈ পালে মনত আশাৰ সঞ্চাৰ হয়। সেই গীতে আমাক হা-হুমুনিয়াহ আৰু হতাশাৰ পৰা পৰিত্ৰাণৰ বাট দেখুৱায়।

শ্বাহীৰৰ অমৰ বাণী আৰু নিজৰ সুৰৰ যোগেদি দাদুৱে বাবাচাহেব আম্বেদকাৰে অনা নতুন চেতনাৰ সূচনা কৰিলে। পিছৰ বছৰবোৰত এইজন দলিতৰ শ্বাহিৰীয়ে আন বহু সামাজিক ব্যাধি  দূৰ কৰিছিল আৰু অন্যায় তথা পক্ষপাতিত্বৰ বিৰুদ্ধে যুঁজিছিল। দাদু চালভেৰ কণ্ঠত এইবোৰ স্পষ্ট।

আমাৰ সাক্ষাৎকাৰৰ শেষৰফালে দাদুক ভাগৰুৱা যেন লাগিছে আৰু বিচনাত পিছলৈ হেলান দিছে। যিকোনো নতুন গীতৰ বিষয়ে সোধা-পোছা কৰিলে তেওঁ উৎসাহী হৈ কয়, “কোনোবাই এই গীতবোৰ পঢ়ি দিলে মই আকৌ আপোনালোকৰ বাবে ৰচনা কৰি গাব পাৰিম।”

আম্বেদকাৰ আন্দোলনৰ এই সৈনিকজনে এতিয়াও নিজৰ কণ্ঠ আৰু হাৰমনিয়াম ব্যৱহাৰ কৰি বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্থায়ী সামাজিক পৰিৱৰ্তন সাধিবলৈ ইচ্ছুক।


এই ষ্ট’ৰিটো প্ৰথমে মাৰাঠী ভাষাত লিখা আৰু ইংৰাজীলৈ অনুবাদ কৰিছে মেধা কালেয়ে।

এই ভিডিঅ’টো ‘ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছে তেওঁলোকৰ আৰ্কাইভ এণ্ড মিউজিয়ামছ প্ৰগ্ৰেমৰ অধীনত পিপলছ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সহযোগত ৰূপায়ণ কৰা প্ৰকল্প ‘Influential Shahirs, Narratives from Marathwada’ শীৰ্ষক সংকলনৰ অংশ। গইটে-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱন নতুন দিল্লীৰ আংশিক সহায়ত এই কাম সম্ভৱ হৈছে।

অনুবাদ: পংকজ দাস

Keshav Waghmare

Keshav Waghmare is a writer and researcher based in Pune, Maharashtra. He is a founder member of the Dalit Adivasi Adhikar Andolan (DAAA), formed in 2012, and has been documenting the Marathwada communities for several years.

Other stories by Keshav Waghmare
Editor : Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das