"মই একো বিচৰা নাছিলো," তেওঁ ক'লে। মই মোৰ দেশৰ কাৰণে যুঁজ দিছিলো, পুৰস্কাৰৰ বাবে নহয়। মই মোৰ পৰিয়ালৰ বাবে কেতিয়াও একো বিচৰা নাছিলো। কিন্তু এই অধ্যায়ৰ শেষত অন্ততঃ মোৰ অৰিহণাৰ স্বীকৃতি মই বিচাৰো।"
দুৰ্বল স্বাস্থ্য আৰু দৰিদ্ৰতাই যোৱা কিছু বছৰত তেওঁৰ পানীত হাঁহ নচৰা অৱস্থা কৰি থৈছে। তেতিয়াই জয়পোৰৰ এগৰাকী যুৱ সাংবাদিক পৰেশ ৰথে তেওঁৰ দুৰৱস্থা পোহৰলৈ আনে। ৰথে ইয়াৰ উপৰিও সেই বস্তি অঞ্চলৰপৰা তেওঁক লৈ আহি নিজৰ খৰছত এটা কোঠা দিয়াৰ উপৰিও তেওঁৰ দৰৱ-পাতিৰো খৰছ বহন কৰে। অলপতে ৰুগীয়া পাণ্ডাক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। এতিয়া তেওঁ পুত্ৰৰ লগতে থাকে। অৱশ্যে পুত্ৰৰ নিচাসক্তি এতিয়াও আঁতৰা নাই। ৰথৰ পিছত আন বহুতে তেওঁৰ ওপৰত লিখা-মেলা কৰিছে। আনকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী এখনৰ প্ৰচ্ছদ লেখাতো তেওঁৰ নাম আহিছে।
"আমি প্ৰথমটো ষ্টৰী কৰাৰ সময়ত তেওঁ কিছু সহায় পাইছিল," ৰথে কয়। তেতিয়া কৰাপুটৰ উপায়ুক্ত উষা পাধী সহানুভূতিশীল হৈ পৰিছিল। লক্ষ্মীয়ে ৰেড ক্ৰছ পুঁজিৰ পৰা চিকিত্সা সাহায্য হিচাপে ১০ হাজাৰ টকাও পাইছিল। তেওঁক চৰকাৰী মাটিৰো নিশ্চয়তা দিয়া হৈছিল। কিন্তু পাধীয়ে চাকৰিসূত্ৰে বদলি হৈ যায়। বেংগলৰ পৰাও তেওঁলৈ কিছু সাহায্য আহিছিল। কিন্তু এই সকলোবোৰৰ অন্ত পৰিছিল আৰু তেওঁ পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহিল। "আৰু এয়া কেৱল টকাৰ কথাই নহয়"- ৰথে আঙুলিয়াই দিলে। "তেওঁ কেন্দ্ৰ চৰকাৰৰ পেঞ্চন পালেও কিমান বছৰলৈ তেওঁ সেয়া উপভোগ কৰিব পাৰিব? এয়া দৰাচলতে তেওঁৰ বাবে গৌৰৱ আৰু সন্মানৰ বিষয়। কিন্তু কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল।"
বহুকেইবাৰ চেষ্টা কৰাৰ পিছত, লক্ষ্মীক কৰাপুট জিলাৰে পানজীয়াগুড়া গাঁৱত যোৱা বছৰত এটুকুৰা মাটি দিয়া হৈছিল। কিন্তু সেই মাটিত এটা চৰকাৰী আঁচনিৰ অধীনত এটা ঘৰ সজাৰ বাবে তেওঁ এতিয়াও আশা কৰে। সম্প্ৰতি ৰথে তেওঁৰ পুৰণা কোঠাটোৰ কাষতে এটা নতুন ভাল কোঠা তৈয়াৰ কৰাৰ বাবে পুঁজি গোটাইছে আৰু নতুন কোঠালৈ যোৱাৰ বাবে তেওঁ আশা কৰিছে।
স্থানীয়ভাবে তেওঁক খুব কম মানুহে জানে। কেইটামান সংগঠনে তেওঁৰ বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধানৰ বাবে চেষ্টা চলাইছে। "কাইলৈ মই দিপ্তী স্কুলত পতাকা উত্তোলন কৰিম," ১৪ আগস্তৰ দিনা তেওঁ কৈছিল। "সিহতে মোক সেয়া কৰাৰ বাবে মাতিছে," তেওঁ সেই লৈ গৰ্ব অনুভৱ কৰে। কিন্তু সেই অনুষ্ঠানত পিন্ধি যাবলৈ ভাল শাৰী এখন তেওঁৰ নাই বুলিহে চিন্তাত পৰিছে।
এই সময়তে, বয়োবৃদ্ধ আইএনএ যুঁজাৰুজনে পৰৱৰ্তী যুঁজখনৰ বাবে প্ৰস্তুতি চলাইছে। "নেতাজীয়ে কৈছিল 'দিল্লী চলো (দিল্লীলৈ ব'লা)।' কেন্দ্ৰই মোক মুক্তিযুঁজাৰু হিচাপে স্বীকৃতি নিদিলে মই ১৫ আগস্তৰ পিছত তাকেই কৰিম। সংসদৰ আগত মই ধৰ্ণা দিম," বৃদ্ধ মহিলাগৰাকীয়ে ক'লে। "দিল্লী চলো- সেয়াই মই কৰিম।"
আৰু তেওঁ তাকেই কৰিব, বোধকৰো এয়া ছটা দশকৰ পিছত। কিন্তু তেওঁ মনত আশা পুহি ৰাখিছে। তেওঁ গাইছে, "কদম কদম বঢ়ায়ে জা, বঢ়ায়ে জা…"
আলোকচিত্ৰ: পি সাইনাথ