তাই প্ৰেমাস্পদৰ বহু যোজন দূৰৈত হ’লেও অন্তৰেৰে বিচাৰে তাৰ বাবে পাৰ হৈ যাব সাগৰ-মহাসাগৰ, তাইৰ যে তাৰ কাষতে থকাৰ হেপাহ। গীতটি এটি আকূতি:

કુંજલ ન માર વીરા કુંજલ ન માર , હી કુંજલ વેધી દરિયા પાર
কুঞ্জলটো নেমাৰিবা। নেমাৰিবাহঁত দেই! কুঞ্জলটো সাত-সাগৰ পাৰহৈ যাব লাগিব

সি তাইক পাহৰি যোৱাটো নিবিচাৰে তাই। সেয়া হ’লে প্ৰতিটো শীততে সুদূৰ ছাইবেৰিয়াৰ পৰা কচ্ছৰ শুষ্ক তৃণভূমিলৈ উৰি উৰি অহা কুঞ্জলটো মাৰি পেলোৱাৰ দৰেই হ’ব। ডেমৈছেলি ক্ৰেইনৰ স্থানীয় নাম কুঞ্জল। কুঞ্জপক্ষী বুলি পৰিচিত তাই যি পক্ষীৰ অনুৰূপ, কচ্ছী লোকসংস্কৃতিত সি সকলোৰে পৰিচিত, সকলোৱে ভাল পায় আৰু শ্ৰদ্ধাৰ চকুৰে চায়। ই দ্বিধাহীনভাৱে নাৰী চৰিত্ৰৰ পৃথিৱীত সোমাই পৰে এক বন্ধু, সুহৃদ আৰু পৰামৰ্শদাতা  হিচাপে, আনকি নাৰীৰ পৰিচয় আৰু আকাংক্ষাৰ ৰূপক হিচাপেও।

তাৰ সলনি সি কি কৰিব পাৰে, তাই কৈছে যে, তাইৰ বাবে সি কেইপদমান গহনা গোটাব পাৰে, এপাহ নাকফুলি, এধাৰি কণ্ঠহাৰ, এযোৰ নূপুৰ, তাইৰ কপালৰ বাবে এধাৰ কপালি আৰু আঙুলিৰ বাবে আঙুঠি। আৰু মিলন উদযাপনৰ বাবে দুয়োৰে গাত খোদিত কৰিব এহালি কুঞ্জল। এই ধাৰাবাহিকত অন্তৰ্ভুক্ত ‘পক্ষী-বিজ্ঞান-সম্বন্ধীয় লোকগীতি’ৰ মাজৰ মুদ্ৰা তালুকৰ জুমা বাঘেৰ সুললিত কণ্ঠৰে নিগৰা ই এক অন্যতম সুন্দৰ গীত।

ভদ্ৰেশ্বৰৰ জুমা বাঘে গোৱা লোকগীতটি শুনক

કરછી

કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
કડલાર રે ઘડાય દે વીરા કડલા ઘડાય દે, કાભીયે જે જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
મુઠીયા રે ઘડાય દે વીરા મુઠીયા રે ઘડાય, બગલીયે જે જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
હારલો ઘડાય દે વીરા હારલો ઘડાય, દાણીએ જે જોડ તે કુંજ કે વીરાય
ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
નથડી ઘડાય દે વીરા નથડી ઘડાય, ટીલડી જી જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર

অসমীয়া

কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
মোক কেইযোৰমান কাড়ালা গঢ়াই দিয়ানা,
মোৰ ভৰিৰ বাবে এযোৰ নূপুৰ
আৰু তাতে খোদাই কৰি দিবা এহালি কুঞ্জল
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
মোৰ বাবে মুঠিয়া গঢ়াই দিয়ানা,
মোৰ আঙুলিৰ বাবে মুঠিয়া
আৰু কুঞ্জ পখী খোদিত কেইযোৰমান খাৰু।
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
এধাৰি হাৰ গঢ়াই দিয়ানা,
মোৰ ডিঙি শুৱনি কৰা এধাৰ হাৰ
আৰু তাতে খোদাই কৰি আনিবা এহালি কুঞ্জ পখী
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই যে সাত সাগৰ পাৰ হৈ যাবগৈ
মোক এপাহ নাকফুলি গঢ়াই দিয়া,
মোৰ নাকটো শুৱনি কৰিবলৈ এপাহ নাকফুলি
আৰু মোৰ কপালৰ বাবে এধাৰ কপালি,
তাতে খোদাই কৰা এহালি কুঞ্জ।
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই যে সাত সাগৰ পাৰ হৈ যাবগৈ

PHOTO • Priyanka Borar

গীতৰ প্ৰকাৰঃ পৰম্পৰাগত লোকগীত

গোটঃ প্ৰেম আৰু আকাংক্ষাৰ গীত

গীতঃ ১২

গীতৰ শিৰোনামঃ কুঞ্জল নামাৰ ৱীৰ কুঞ্জল না মাৰ

ৰচকঃ ডাৱাল মেহতা

গায়কঃ মুদ্ৰা তালুকৰ ভদ্ৰেশ্বৰ গাৱঁৰ জুমা বাঘেৰ

ব্যৱহৃত বাজনাঃ ঢোলক, হাৰমনিয়াম,বাঞ্জ’

ৰেকৰ্ডিং কৰা সময়ঃ ২০১২, কেএমভিএছ ষ্টুডিঅ’

কমিউনিটি পৰিচালিত ৰেডিঅ’ সুৰবাণীয়ে ৰেকৰ্ড কৰা এই ৩৪১ টা গীত কচ্ছ মহিলা বিকাশ সংগঠন(কেএমভিএছ)ৰ জৰিয়তে পাৰিলৈ আহিছে। আৰু এনে গীত শুনিবৰ বাবে ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোগসংগীতৰ ভঁৰাল - এই পৃষ্ঠাটি চাব পাৰে।

কেএমভিএছৰ সম্পাদিকা প্ৰীতি ছ’নি, অৰুণা ঢ’লাকীয়া, কেএমভিএছৰ প্ৰজেক্ট সমন্বয়ক আমাদ ছামেজালৈ  তেওঁলোকে আগবঢ়োৱা সহযোগিতা আৰু ভাৰ্তিবেন গৰে আগবঢ়োৱা অমূল্য সহায়ৰ বাবে বিশেষ ধন্যবাদ।

অনুবাদ: ৰুবী বৰুৱা দাস

Series Curator : Pratishtha Pandya

ପ୍ରତିଷ୍ଠା ପାଣ୍ଡ୍ୟା ପରୀରେ କାର୍ଯ୍ୟରତ ଜଣେ ବରିଷ୍ଠ ସମ୍ପାଦିକା ଯେଉଁଠି ସେ ପରୀର ସୃଜନଶୀଳ ଲେଖା ବିଭାଗର ନେତୃତ୍ୱ ନେଇଥାନ୍ତି। ସେ ମଧ୍ୟ ପରୀ ଭାଷା ଦଳର ଜଣେ ସଦସ୍ୟ ଏବଂ ଗୁଜରାଟୀ ଭାଷାରେ କାହାଣୀ ଅନୁବାଦ କରିଥାନ୍ତି ଓ ଲେଖିଥାନ୍ତି। ସେ ଜଣେ କବି ଏବଂ ଗୁଜରାଟୀ ଓ ଇଂରାଜୀ ଭାଷାରେ ତାଙ୍କର କବିତା ପ୍ରକାଶ ପାଇଛି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pratishtha Pandya
Illustration : Priyanka Borar

ପ୍ରିୟଙ୍କା ବୋରାର ହେଉଛନ୍ତି ଜଣେ ନ୍ୟୁ ମିଡିଆ କଳାକାର ଯିଏ ନୂତନ ଅର୍ଥ ଓ ଅଭିବ୍ୟକ୍ତି ଆବିଷ୍କାର କରିବା ପାଇଁ ବିଭିନ୍ନ ଟେକ୍ନୋଲୋଜି ପ୍ରୟୋଗ ସମ୍ବନ୍ଧିତ ପ୍ରୟୋଗ କରନ୍ତି। ସେ ଶିକ୍ଷାଲାଭ ଓ ଖେଳ ପାଇଁ ବିଭିନ୍ନ ଅନୁଭୂତି ଡିଜାଇନ୍‌ କରିବାକୁ ଭଲ ପାଆନ୍ତି। ସେ ଇଣ୍ଟରଆକ୍ଟିଭ୍‌ ମିଡିଆରେ କାମ କରିବାକୁ ଯେତେ ଭଲ ପାଆନ୍ତି ପାରମ୍ପରିକ କଲମ ଓ କାଗଜରେ ମଧ୍ୟ ସେତିକି ସହଜତା ସହିତ କାମ କରିପାରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priyanka Borar
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Rubee Barooah Das