মালিকানাৰ এই নৱতম অনুভূতিৰ আনন্দ উপভোগ কৰিছে সন্তোষী ক’ৰীয়ে। “আমি মহিলাখিনিয়ে খেতিয়কৰ সমবায় এটা খোলাৰ সিদ্ধান্ত লৈছিলো। এতিয়া আমাৰ গাঁৱৰ পুৰুষসকলে স্বীকাৰ কৰে যে এই ধাৰণাটো ভাল আছিল,” তেওঁ হাঁহি মাৰি ক’লে।
৩০০ আদিবাসী, দলিত আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ মহিলাৰ মাজৰ তেওঁ ভাইৰাহা পঞ্চায়তৰ অধীনৰ গুচাৰা গাৱঁৰ এগৰাকী দলিত কৃষক আৰু ২০২৪ চনৰ জানুৱাৰীত তেওঁ ৰুঞ্জ মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোপাৰেটিভ লিমিটেড চমুকৈ (এমএফপিঅ’) সদস্য ভৰ্তি মাচুল হিচাপে ১০০০ টকা জমা দিছিল। সন্তোষী হ’ল ৰুঞ্জৰ পাঁচ গৰাকী ব’ৰ্ড সদস্যৰ মাজৰ এগৰাকী আৰু তেওঁক মেল-মিটিংবোৰত কথা ক’বলৈ আৰু তেওঁলোকৰ কথাবোৰ প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ কৰা হয়।
“আগেয়ে, বিচলীয়া (বেপাৰী) আহি আমাৰ অৰহৰ দাল(ৰহৰ দালি)বোৰ কম দামতে লৈ গৈছিল, কাৰণ সেইবোৰ মিলত দিয়া হোৱা নাছিল। বেপাৰীজন কেতিয়াও সময়ত নাহিছিল আৰু আমাৰ পইচাও কেতিয়াও সময়্মতে পোৱা নাছিলোঁ,” এইবুলি তেওঁ পাৰিক জনালে। এই ৪৫ বছৰ বয়সীয়া তিনিটা সন্তানৰ মাতৃ গৰাকীয়ে তেওঁৰ পৰিয়ালৰ দুই একৰ বৃষ্টি নিৰ্ভৰ মাটিত ৰহৰ দালিৰ খেতি কৰে। তেওঁ লগতে আৰু এক একৰ মাটি খেতিৰ বাবে ভাড়াত লৈছে। দেশখনৰ মাত্ৰ ১১ শতাংশ মহিলাৰহে মাটিৰ মালিকীস্বত্ব আছে আৰু মধ্যপ্ৰদেশ তাৰ কোনো ব্যতিক্ৰম নহয়।
ৰুঞ্জ হ’ল বাঘেইনৰ এক উপনৈ, যি যমুনাত পৰিছেগৈ। ৰুঞ্জ নদীখনৰ আলমতে নামাকৰণ কৰা - ৰুঞ্জ এমএফপিঅ’ হৈছে অজয়্গড় আৰু পান্না উন্নয়ন খণ্ডৰ ২৮ খন গাৱঁৰ মহিলা কৃষকৰ সন্মিলিত সংঘ। মাত্ৰ ছমাহ সময়তে এই সংঘই ইতিমধ্যে ৪০ লাখ উপাৰ্জন কৰিছে আৰু অহা বছৰত তাৰ দুগুণ কৰাৰ লক্ষ্য লৈছে।
“আমাৰ গাৱঁৰ প্ৰায় সকলো পৰিয়ালৰে ২-৪ একৰ মাটি আছে। আমি ভাবিলোঁ, যিহেতু আমি জৈৱিক প্ৰণালীৰে শস্যৰ খেতি কৰিছো, আমি সকলোৱেই, সেয়ে ৰহৰ দালিতে মনোযোগ দিওঁ আৰু ফালি চাফা কৰিবলৈ একেলগে এটা মেচিনৰ বাবে বৰঙণি উঠাওঁ,” কোপাৰেটিভটো স্থাপন কৰাৰ কাৰণটো সন্তোষীয়ে বুজালে।
অজয়্গড় অঞ্চলত উৎপাদিত ৰহৰ দালিৰ বৰ বিস্তৃত চাহিদা আছে। “ৰুঞ্জ নদীৰ কাষৰ ধৰমপুৰ বেল্টত উৎপাদিত ৰহৰ দালি সোৱাদ আৰু সুগন্ধৰ বাবে বিখ্যাত”, প্ৰদানৰ গৰ্জন সিঙে ক’লে। স্থানীয় বাসিন্দাসকলে কয় যে বিন্ধ্যাচলৰ পৰা বৈ অহা নদীখনৰ উপত্যকা খেতিৰ বাবে এক সাৰুৱা ভূমি। ইয়াত কৃষকসকলৰ সৈতে কাম কৰি থকা প্ৰদান হ’ল এক বে-চৰকাৰী সংস্থা যিয়ে এই মহিলা সংস্থাটো স্থাপন কৰাত এক মুখ্য ভূমিকা লৈছে।
সন্তোষীৰ দৰে কৃষকসকল এক যথাযথ দাম পাবৰ বাবে বদ্ধপৰিকৰ। “এতিয়া আমি শস্য আমাৰ এফপিঅ’ক দিব পাৰোঁ আৰু পইচাও সময়ত পাব পাৰোঁ”, তেওঁ কয়। অৰহৰ দালিৰ মূল্য প্ৰতি কুইণ্টলত ১০,০০০ টকা, ২০২৪ চনৰ মে’ মাহত দাম কমি ৯,৪০০ টকা হয়। কিন্তু ৰুঞ্জৰ সদস্যসকলে ভাবে যে তথাপিও সংঘৰ জৰিয়তে কৰা ফাৰ্ম গেইট ক্ৰয় পদ্ধতিৰে তেওঁলোকে ভাল দাম পাইছে।
ৰুঞ্জৰ মুখ্য কাৰ্য্যবাহী বিষয়া (এক মাত্ৰ কৰ্মচাৰী)ৰাকেশ ৰাজপুতে জনায় যে তেওঁলোকে উত্তৰাধিকাৰ বীজ ব্যৱহাৰ কৰে; ইয়াত শংকৰ বীজ দেখিবলৈ নাই। তেওঁ ১২ টা সংগ্ৰহ কেন্দ্ৰৰ তত্বাৱধান কৰে, য’ত জোখ-মাপৰ যন্ত্ৰ, বস্তা আৰু প্ৰতিটো বস্তাৰ ভিতৰৰ শস্যৰ গুণাগুণ চাবৰ বাবে পাৰ্খি থাকে।
অহা বছৰটোত ৰুঞ্জে সদস্য সংখ্যা পাঁচ গুণ বঢ়োৱাৰ লক্ষ্য লোৱাৰ লগতে বৰ্তমানৰ কেৱল ৰহৰ দালিৰ পৰা বুট, পশুসম্পদৰ বাণিজ্যকৰণ(বুণ্ডেলখণ্ডী জাতৰ ছাগলী)আৰু জৈৱিক সাৰ আৰু বীজ আদিলৈ সম্প্ৰসাৰণ কৰি উৎপাদন বহুমূখী কৰাৰ লক্ষ্য লৈছে।
নিজৰ ঘৰৰ পিচফালে থকা মাটিকণত সন্তোষীয়ে লাও আৰু অন্যান্য শাক-পাচলিৰ খেতি কৰে, আমাক সেয়া দেখুৱালে। গিৰিয়েকে ঘাঁহ খুৱাবলৈ নিয়া পৰিয়ালটোৰ ম’হদুটা উভতি আহিবৰে হৈছে।
“মই কেতিয়াও অন্য দালি খাই পোৱাই নাই। আমাৰ পথাৰৰ দালি ভাতৰ দৰেই বৰ সোনকালে সিজে, আৰু ইয়াৰ সোৱাদ আছে,” বৰ গৌৰৱেৰে তেওঁ ক’লে।
অনুবাদ: ৰুবী বৰুৱা দাস