তুলুনাৰুৰ গাৰ্নাল চাইবেৰ বা ফটকা শিল্পীসকলৰ অবহিনে কৰ্ণাটকৰ উপকূলীয় অঞ্চলত উদযাপিত প্ৰায় প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানেই আধৰুৱা হৈ পৰে। ভূটা কোলা, উৎসৱ-পাৰ্বণ, বিয়া-সবাহ, জন্মদিন উদযাপন, গৃহ প্ৰৱেশ আনকি শেষকৃত্য অনুষ্ঠানতো ফটকা শিল্পীসকলৰ অংশগ্ৰহণ অপৰিহাৰ্য।

গাৰ্নাল শব্দটোৱে ফটকা বা আতচবাজী বুজায় আৰু চাইবেৰ মানে হৈছে মুছলমান লোক।

মুল্কি নগৰৰ গাৰ্নাল চাইবেৰ আমীৰ হুছেইনে জনোৱা মতে তেওঁক পিতৃয়ে এই কলা শিকাইছিল আৰু এনেকৈয়ে তেওঁলোকৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বৃত্তিটো আগুৱাই লৈ গৈছে।

''ভালকৈ ফটকা ফুটুৱাতো বিপদজনক কাম, ডাঙৰ আকাৰৰ ফটকা হ’লেতো বিপদ আৰু বাঢ়ে,’’ এইদৰে কয় কৰ্ণাটকৰ মণিপাল একাডেমী অব হায়াৰ এডুকেশ্যনৰ সহযোগী গৱেষক নিতেশ অঞ্চনে।

উডুপি জিলাৰ আথ্ৰাডি গাঁৱৰ মুছলমান যুৱক মোস্তাক আথ্ৰাডিয়ে ভূটা অনুষ্ঠানৰ বাবে ফটকা প্ৰস্তুত কৰে আৰু ফুটুৱাই, তেওঁ কাডনি নামৰ এবিধ শক্তিশালী ফটকা প্ৰস্তুত কৰাত সিদ্ধহস্ত। ''কাডনি হৈছে এক বিশেষ প্ৰক্ৰিয়াৰে বিভিন্ন ৰাসায়নিক সামগ্ৰীৰে প্ৰস্তুত কৰা বিস্ফোৰক পাউডাৰ,’’ তেঁও কয়। কাডনি ফুটোৱালে যি ঠাইত ফুটোৱা হয় সেই ঠাইৰ মাটিখিনিও কঁপি যায়।

ছবিখন চাওকঃ তুলুনাৰুৰ গাৰ্ণাল চাইবেৰসকল

ভূতা কোলাত ফটকা ফুটোৱা দৃশ্য চাবলৈ অতি আকৰ্ষণীয়। বিগত কেবা শতিকা ধৰি তুলুনাৰুত ভূতা (আত্মা) উপাসনা চলি আহিছে। ভূতা পৰম্পৰাৰ সৈতে জড়িত উপাসনা পদ্ধতিটোৱেই হৈছে কোলা। নাদাস্বৰম (নাগাৰা সদৃশ বাদ্য), টাছি (সৰু নাগাৰা সদৃশ বাদ্য) আদিকে ধৰি আন পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সাংগীতিক ধ্বনিৰ লগতে ফটকাৰ কাণতাল মাৰি নিয়া শব্দই ভূতা কোলা অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। পঢ়কঃ তুলুনাৰুৰ ভূতে ধৰি ৰাখিছে পাৰম্পৰিক সমন্বয়ৰ সাক্ষ্য

কোলাৰ সময়ত গাৰ্ণাল চাইবেৰসকলে প্ৰজ্বলিত ফটকা আকাশলৈ লক্ষ্য কৰি নিক্ষেপ কৰে আৰু এক চালে চকুৰোৱা সন্মোহিনী দৃশ্য পৰিস্ফুট হৈ পৰে।

অধ্যাপক প্ৰবীণ ছেট্টীৰ মতে ভূতা উপাসনাত বিভিন্ন সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ পৰে। ''তুলুনাৰুৰ এই ভূতা প্ৰথা সাধাৰণতে হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। কিন্তু সুদীৰ্ঘ সময় ধৰি ইয়াত মুছলমান সম্প্ৰদায়ৰ লোকসকলে ফটকা ফুটোৱা আৰু কোলাৰ বাবে বাদ্যযন্ত্ৰ পৰিৱেশন কৰাৰ কাম কৰি আহিছে।’’

''ফটকা বা আতচবাজী ফুটোৱা প্ৰথাৰ আৰম্ভণি হোৱাৰে পৰা ভূতা কোলা অধিক আকৰ্ষণীয় আৰু সৰ্বজন সমাদৃত হৈ পৰিছে,’’ এইদৰে কয় উডুপিৰ মণিপাল একাডেমী অব হায়াৰ এডুকেশ্যনৰ তুলু সংস্কৃতিৰ বিশেষজ্ঞ অধ্যপক ছেট্টীয়ে।

আমীৰ আৰু মোস্তাকে আকৰ্ষণীয় কৌশেলেৰে নিশাৰ আকাশক উজলাই তুলি ফটকা-আতচবাজী ফুটুৱাই কিদৰে শতিকা প্ৰাচীন পৰম্পৰা জীয়াই ৰাখিছে আৰু ঐতিহ্য ধৰি ৰাখিছে সেয়া জানিবলৈ এই তথ্যচিত্ৰখন চাওক।

মৃণালিনী মুখাৰ্জী ফাউণ্ডেশ্যন(MMF)ৰ ফেল’শ্বিপৰ অধীনত এই প্ৰতিবেদন যুগুত কৰা হৈছে।

প্ৰচ্ছদ অলংকৰণ: সিদ্ধিতা সোণাৱানে

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Faisal Ahmed

फैजल अहमद बोधपट निर्माते असून ते सध्या कर्नाटकाच्या सागरी प्रदेशातील मालपे या आपल्या गावी असतात. या आधी त्यांनी मणिपाल अकॅडमी ऑफ हायर एज्युकेशन या संस्थेसोबत काम केलं असून तुलुनाडूच्या लोकांचं जगणं आणि संस्कृतीविषयी अनेक बोधपटांचं दिग्दर्शन केलं आहे. ते २०२२-२३ या वर्षासाठी एमएमएफ-पारी फेलो म्हणून त्यांची निवड झाली आहे.

यांचे इतर लिखाण Faisal Ahmed
Text Editor : Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

यांचे इतर लिखाण Siddhita Sonavane
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

यांचे इतर लिखाण Dhrubajyoti Dhanantari