“মই সৰুৰে পৰা ছবি আঁকি ভাল পাইছিলোঁ। ‘ক’ শ্ৰেণীত পঢ়ি থাকোতে শিক্ষকে আমাক হয় কমলা, নহয় ৰঙালাউ আঁকিবলৈ কৈছিল। মই এপাকতে আঁকি দিছিলো,’ হাঁহি এটি মাৰি এইদৰে কয় ৰমেশ দত্তই। “ক’বলৈ গ’লে এনেকৈয়ে এইবোৰ আৰম্ভ হৈছিল।”

আজি তেওঁ অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ অন্যতম মাজুলীৰ গড়মূৰ সৰু সত্ৰত হোৱা ভাওনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু মুখা নিৰ্মাতাসকলৰ অন্যতম। ৫২ বছৰীয়া ৰমেশ দত্তক সকলোৱে মৰমতে ৰমেশ দা বুলি সম্বোধন কৰে। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলীত ভাওনা, শিল্প আৰু সংগীতক বহু প্ৰতিভাৰ অধিকাৰী মৃদুভাষী ৰমেশদাই সজীৱ কৰি আহিছে।

স্মৃতি ৰোমন্থন কৰি তেওঁ কয়, “শৈশৱতে মই পুতলা নাচ চাই বৰ ভাল পাইছিলো। মই আগতে আন মানুহে পুতলা সজা চাইছিলো আৰু সেইদৰেই শিল্পকলাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিলো। সেই সময়ত মই দ্বিতীয় শ্ৰেণীত পঢ়ি আছিলো। মোৰ এনে লাগিছিল যেন মই পুতলা সাজিম আৰু স্কুলত সেই পুতলাৰে নাচ দেখুৱাম।”

তেওঁ যি শিল্প সৃষ্টি কৰে সেয়া বৰ্তমান মাজুলীত মঞ্চত প্ৰদৰ্শিত নহ’লেও সেই শিল্পকলাবোৰ নিজৰ ঘৰৰ কাষতে থকা মুকলি ঠাইত ৰাখি থৈছে। আমি যেতিয়া তেওঁৰ ওচৰলৈ যাওঁ তেতিয়া আমি ভিতৰত এখন ওলোটাকৈ থকা বঠা মৰা নাও দেখিছিলো। ৰমেশ দাই নিৰ্মাণ কৰা মুখাবোৰৰ কাষত ব্ৰাছ আৰু ৰঙৰ টেমা থোৱা আছে। মুখাবোৰৰ ভিতৰত আছে ৰাস মহোৎসৱৰ বাবে নিৰ্মাণ কৰা বগলীৰ লৰচৰ কৰিব পৰা ঠোটৰ মুখা। (পঢ়ক: মাজুলীৰ নিপুণ হাতত প্ৰাণ পাই উঠা মুখাবোৰ )

Ramesh Dutta (left) shows a hand-drawn set design for the Raas Mahotsav. In the auditorium of the Garamur Saru Satra, he gets the set ready for the 2022 Raas performances
PHOTO • Prakash Bhuyan
Ramesh Dutta (left) shows a hand-drawn set design for the Raas Mahotsav. In the auditorium of the Garamur Saru Satra, he gets the set ready for the 2022 Raas performances
PHOTO • Prakash Bhuyan

ৰমেশ দত্তই ( বাওঁফালে ) আমাক ৰাস মহোৎসৱৰ উদ্দেশ্যে হাতেৰে অঁকা ছেটৰ ডিজাইন দেখুৱাইছে গড়মূৰ সৰু সত্ৰৰ প্ৰেক্ষাগৃহত তেওঁ ২০২২ৰ ৰাস প্ৰদৰ্শনৰ বাবে সাজু হোৱাৰ মূহুৰ্ত

Left: The artist demonstrates how to animate a sculpture using a pair of sticks.
PHOTO • Prakash Bhuyan
Right: Curious children look on as he applies finishing touches to a crane costume to be used during Raas
PHOTO • Prakash Bhuyan

বাওঁফালে : শিল্পীগৰাকীয়ে দেখুৱাইছে এটা ভাস্কৰ্য্যক দুডাল কাঠীৰে কিদৰে প্ৰাণৱন্ত কৰি তুলিব পাৰি সোঁফালে : বগলী এটাৰ পোছাক এযোৰৰ কামৰ মোখনি মৰা সময়ত উৎসুকতাৰে কেইটিমান শিশুৱে ৰ লাগি চাইছে

যদিও এতিয়া তেওঁ আগৰ দৰে মুখা নিৰ্মাণ নকৰে, ৰমেশ দাই এই শিল্পবিধৰ লগতে পদ্মশ্ৰী বঁটা বিজয়ী হেম চন্দ্ৰ গোস্বামীৰ দৰে ইয়াৰ চৰ্চা কৰাসকলক প্ৰশংসা কৰে। তেওঁ কয়, “গোস্বামী ডাঙৰীয়াৰ মুখাবোৰত চকুৰে টিপিয়াব পাৰি আৰু ওঁঠো লৰচৰ কৰিব পাৰি। তেওঁ মুখা শিল্পক বিশ্ববিখ্যাত আৰু জনপ্ৰিয় কৰি তুলিছে। এতিয়া বহুতেই তেখেতৰ অধীনত শিকি আছে।”

ৰাসৰ সময়ত দত্তই গড়মূৰ সৰু সত্ৰত প্ৰদৰ্শনৰ বাবে ছেট ডিজাইন আৰু মঞ্চ সজ্জাৰ কাম কৰাৰ উপৰিও মুখাৰ মেৰামতিৰ কামো কৰে। তেওঁ আত্মবিশ্বাসেৰে কয়, “যদিহে কাইলৈ ৰাস হ’লহেতেন, তেন্তে আজিয়েই ছেটৰ কাম শেষ কৰিলোহেঁতেন।” ( পঢ়ক: মাজুলীৰ সত্ৰ আৰু ৰাস মহোৎসৱ )

সত্ৰত অনুষ্ঠিত হোৱা বিভিন্ন বৈষ্ণৱ সত্ৰীয়া অনুষ্ঠান, যেনে গায়ন-বায়ন, ভাওনা আদিতো দত্তই অংশগ্ৰহণ কৰে। প্ৰথমটো কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীৰে গঠিত লোক পৰিৱেশন, আনহাতে দ্বিতীয়টো নাটকৰ এক প্ৰকাৰ। সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিৱেশনসমূহ পঞ্চদশ শতিকাত সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল। সত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানবোৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ দায়িত্ব গায়ন আৰু বায়নসকলৰ ওপৰতেই ন্যস্ত থাকে।

“মই ১৯৮৪ চনত পীতাম্বৰ দেৱ সাংস্কৃতিক বিদ্যালয়ত গায়ন-বায়ন শিকিবলৈ আৰম্ভ কৰিছিলো। সেই সময়ত মোৰ বয়স আছিল ১৩ বছৰ,’’ তেওঁ কয়। “মই প্ৰথমতে গায়ন আৰু বায়ন দুয়োটা শিকিছিলো, কিন্তু তাৰ পিছত গুৰুৱে মোক গায়ন হ’বলৈ ক’লে। গতিকে, সেইটোতেই মই মনোনিৱেশ কৰো।”

Dutta started learning gayan-bayan at the age of 13. Here, he performs as a gayan (singer) with the rest of the group in the namghar of the Garamur Saru Satra
PHOTO • Prakash Bhuyan
Dutta started learning gayan-bayan at the age of 13. Here, he performs as a gayan (singer) with the rest of the group in the namghar of the Garamur Saru Satra
PHOTO • Prakash Bhuyan

দত্তই ১৩ বছৰ বয়সতে গায়ন - বায়নৰ দীক্ষা লৈছিল এতিয়া গড়মূৰ সৰু সত্ৰৰ নামঘৰৰ পৰিৱেশন কৰা গোটটোত তেওঁ গায়নৰ দায়িত্বত আছে

Left: Backstage at the Garamur Saru Satra, Dutta prepares to perform the role of Aghasura, a serpent demon.
PHOTO • Prakash Bhuyan
Right: In the role of Boraho (left), he fights the asura (demon) Hiranyaksha in a drama titled Nri Simha Jatra
PHOTO • Prakash Bhuyan

বাওঁফালে : গড়মূৰ সৰু সত্ৰৰ মঞ্চৰ পিছফালে দত্তই অঘাসুৰৰ ভাও লোৱাৰ বাবে সাজু হৈছে সোঁফালে : বৰাহৰ চৰিত্ৰত অভিনয় কৰা ( বাওঁফালে ) দত্তই নৃ সিংহ যাত্ৰা নামে নাটত হিৰণ্যাক্ষ দৈত্যৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছে

*****

আমি বহা কোঠাটোত পোহৰ কম। বেৰবোৰ বালি আৰু চিমেণ্টেৰে প্লাষ্টাৰ কৰি সেউজীয়া ৰং কৰা হৈছে। ৰমেশ দাৰ পিছফালে আছে এখন প্ৰাকৃতিক দৃশ্যৰ ছবি। তেওঁৰ ছবছৰীয়া কন্যা অনুষ্কাই আমাক কয় যে দেৱালত থকা সকলো ছবি দেউতাকে আঁকিছে।

ঘৰত থকা গোহালিৰ এটা অংশতে আছে তেওঁৰ কৰ্মশালাটো। আমি পিছবেলা নামঘৰৰ প্ৰৱেশপথৰ বাবে তেওঁ জয়-বিজয়ৰ মূৰ্তি নিৰ্মাণ কৰি থকা চাইছিলো। ২০ বছৰ ধৰি এই ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে ৰমেশ দাই। তেওঁ কয় যে এয়া সম্পূৰ্ণ কৰি তুলিবলৈ তেওঁক প্ৰায় ২০ দিন সময় লাগে।

“প্ৰথমে মই কাঠ ব্যৱহাৰ কৰি ফ্ৰেমটো নিৰ্মাণ কৰো। তাৰ পিছত বালি আৰু চিমেণ্টৰ মিশ্ৰণ এটা ফ্ৰেমত ঢালি শুকুৱাবলৈ দিও,” কৰণিৰে জয়-বিজয়ৰ মূৰ্তিৰ কাম কৰি থকা অৱস্থাতে তেওঁ বুজাই কৈ গৈছে। “কেইদিনমানৰ পিছত মই মূৰ্তিবোৰৰ আকাৰ গঢ় দিবলৈ আৰম্ভ কৰো। শেষত বাকী থকা কামখিনি সম্পূৰ্ণ কৰো।”

কিছুমান অংশ যেনে অংগ-প্ৰত্যংগ আদি কলগছৰ ঠাৰিৰে তৈয়াৰী, ঢালাই ব্যৱহাৰ কৰি তাক আকৃতি দিয়া হয়। ৰমেশ দাই আৰু কয়, “মই স্থানীয় দোকানৰ পৰা মূৰ্তি [ভাস্কৰ্য] সাজিবলৈ সামগ্ৰী কিনো। আমি আজিকালি বেছিভাগেই প্লাষ্টিক পেইণ্ট ব্যৱহাৰ কৰো। আগতে আমি ডিষ্টেম্পাৰ পেইণ্ট ব্যৱহাৰ কৰিছিলোঁ, কিন্তু সেইবোৰ সোনকালে উৱলি যায়।”

তেওঁ মূৰ্তিবোৰৰ পৰা কিছু দূৰলৈ গৈ, দুয়োফালে সমান হৈছে নে নাই সেয়া অনুমান কৰি চায়। তাৰ পিছত আকৌ চিমেণ্ট-বালিৰ মিশ্ৰণ কৰে আৰু মূৰ্তিৰ কামত লাগে। “যেতিয়া তেওঁ কাম কৰি থাকে, তেতিয়া তেওঁ মুঠেই কথা নাপাতে। কামৰ মাজত দিগদাৰ দিয়াতো বেয়া পায়,’’ কামত সহায় কৰা পত্নী নীতাই হাঁহি হাঁহি কয়। “কামত নিমগ্ন হ’লে মানুহজনৰ মেজাজেই বেলেগ হৈ পৰে।’’

Left: Dutta with his wife Neeta and their daughter Anushka at home in Garamur, Majuli.
PHOTO • Prakash Bhuyan
Right: He demonstrates how he designed a movable beak for a crane mask.
PHOTO • Prakash Bhuyan

বাওঁফালে: পত্নী নীতা আৰু জীয়ৰী অনুষ্কাৰ সৈতে মাজুলীৰ গড়মূৰৰ নিজ ঘৰত দত্ত। সোঁফালে: বগলী এটাৰ মুখা বনাওতে কেনেকৈ ঠোটটো লৰচৰ কৰিব পৰাকৈ সাজু কৰা হৈছে, দত্তই সেই কৌশল দেখুৱাইছে

The artist works on a pair of sculptures outside his home. The Joy-Bijoy figures are said to be guards to namghars . He makes such sculptures using wooden frames and concrete, and later paints them using fade-proof plastic paints
PHOTO • Prakash Bhuyan
The artist works on a pair of sculptures outside his home. The Joy-Bijoy figures are said to be guards to namghars . He makes such sculptures using wooden frames and concrete, and later paints them using fade-proof plastic paints
PHOTO • Courtesy: Ramesh Dutta

ঘৰৰ বাহিৰত জয়-বিজয়ৰ মূৰ্তিদ্বয় গঢ় দিয়া কামৰ সময়ত শিল্পীগৰাকী। জয়-বিজয়ে নামঘৰটো পহৰা দিয়ে বুলি বিশ্বাস। তেওঁ কাঠৰ ফ্ৰেম আৰু চিমেণ্ট-বালিৰে এনে মূৰ্তি গঢ় দিয়ে আৰু পিছত প্লাষ্টিক-পেইণ্টেৰে উৱলি নোযোৱা ৰং দিয়ে

গড়মূৰৰ সমীপৰ খৰজানপাৰ অঞ্চলৰ নামঘৰৰ বাবে নিৰ্মাণ কৰা গুৰু আসনক লৈ বিশেষভাৱে গৌৰৱবোধ কৰে দত্তই। গুৰু আসন হৈছে নামঘৰৰ এক অবিচ্ছেদ্য অংগ আৰু এয়া নামঘৰৰ মণিকূটৰ ভিতৰত থাকে। ''মই সেই গুৰু আসনখন কংক্ৰীটেৰে নিৰ্মাণ কৰিছিলো আৰু দেখাত কাঠৰ দৰে ৰং দিছিলো। সত্ৰাধিকাৰে এই আসনখন প্ৰতিষ্ঠা কৰিছিল। তেওঁ আসনখন কাঠৰ বুলিয়েই ভাবিছিল,’’ আগ্ৰহেৰে কয় তেওঁ।

এতিয়া তেওঁ পৰিয়ালৰ বাবে নিজা ঘৰ সজাত ব্যস্ত হৈ আছে। ''বৰষুণৰ বতৰ বাবে কাম সম্পূৰ্ণ হওতে সময় লৈছে,’’ নীতাই কয়।

চাৰিজন ভাই-ককাইৰ মাজত শিল্পকলাক পেছা হিচাপে লোৱা দত্তই একমাত্ৰ। অষ্টম শ্ৰেণীত থকাৰে পৰা তেওঁ এই কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। ''এয়াই মোৰ জীৱিকা। মোৰ খেতিৰ মাটি নাই,’’ তেওঁ কয়। ''যেতিয়া কোনো কাম নাথাকে তেতিয়া আমি যি অলপ-অচৰপ জমা কৰো তাৰেই চলো। এনেকৈয়ে জীৱন চলি আছে। কেতিয়াবা মানুহে মোক ভাওনা কৰিবলৈ মাতে। তেওঁলোকক সহায় লাগে আৰু মই পৰালৈকে কৰি দিও।’’

তেওঁ আৰু কয়, ''কোনো কোনোৱে ১০০০ টকা দিয়ে, কোনোবাই আকৌ ১৫০০ দিয়ে। কোনোৱে আকৌ ৩০০ টকাও যাচে। মইনো আৰু কি কম? এয়া হৈছে ৰাইজৰ কাম। মই মোৰ কথাটোও কও, কিন্তু মানুহে নিজৰ নিজৰ সাধ্য অনুযায়ী দিয়ে।’’

The guru axon (guru's seat) built by Dutta for a namghar in Kharjanpar, Majuli. The axons are usually made of wood but he used concrete and later painted it to resemble wood
PHOTO • Courtesy: Ramesh Dutta
The guru axon (guru's seat) built by Dutta for a namghar in Kharjanpar, Majuli. The axons are usually made of wood but he used concrete and later painted it to resemble wood
PHOTO • Courtesy: Ramesh Dutta

দত্তই মাজুলীৰ খৰজানপাৰৰ নামঘৰ এটাৰ বাবে গুৰু আসন নিৰ্মাণ কৰিছে। আসন সাধাৰণতে কাঠেৰে বনোৱ হয় যদিও তেওঁ চিমেণ্টে-বালিৰে সাজে আৰু পিছত দেখাত কাঠযেন লগাকৈ ৰং দিয়ে

Anushka Dutta stands next to the giant Aghasura costume made by her father for the Raas Mahotsav. The six-year-old looks on as her father works on a project outside their home.
PHOTO • Prakash Bhuyan
Anushka Dutta stands next to the giant Aghasura costume made by her father for the Raas Mahotsav. The six-year-old looks on as her father works on a project outside their home.
PHOTO • Prakash Bhuyan

দেউতাকে ৰাস মহোৎসৱৰ উদ্দেশ্যে বনোৱা অঘাসুৰৰ পোছাকযোৰৰ কাষত দত্তৰ জীয়ৰী অনুষ্কা। চোতালত শিল্পকৰ্মত ব্যস্ত থকা পিতৃৰ কাম চাই ৰৈছে ছবছৰীয়া জীয়ৰীয়ে

মানুহৰ সীমাবদ্ধতাবোৰ বুজি পায় যদিও তেওঁ কয়, “অৰ্থ (পইচা) অবিহনে একো কৰিব পৰা নাযায়। কাম এটা আৰম্ভ কৰিবলৈকো পইচা লাগে। কেতিয়াবা সেইখিনি পইচাও যোগাৰ কৰাটো মস্কিল হৈ পৰে।”

তেওঁ কেতিয়াবা নিজে বনোৱা মুখা ভাৰালৈ দি উপাৰ্জন কৰে। যেনে ধৰক ২০১৪ত তেওঁ নিৰ্মাণ কৰা বিষ্ণুৰ মৎস্য অৱতাৰৰ মুখাখন। “সামগ্ৰীখিনি কিনিবলৈ কেতিয়াবা মোক ৪০০ টকা লাগে, সময়ত কেতিয়াবা সিমানখিনিও যোগাৰ হৈ নুঠে।” ২০১৪ৰ পৰা সেইখন মুখা ভাৰালৈ দি ছবছৰত তেওঁ ৫০,০০০ টকা উপাৰ্জন কৰিছে।

দত্তই কৰা কামৰ বাবদ পাবলগীয়া পইচাৰ কোনো ধৰা-বন্ধা নিৰিখ নাই। ভাস্কৰ্য্য এটা আকাৰত সৰু হ’লেও খাটনি কম নহয়। “কেতিয়াবা হাজিৰা আশা কৰা ধৰণে নাপাও,” তেওঁ কয়।

“এয়া তাচখেলৰ দৰে। নিৰাশাৰ মাজতে আমি আশাৰ সন্ধান কৰিব লাগিব।”

Backstage at the Garamur Saru Satra auditorium, Dutta waits for his Gayan-Bayan performance to begin
PHOTO • Prakash Bhuyan

গড়মূৰ সৰু সত্ৰৰ প্ৰেক্ষাগৃহৰ নেপথ্যত দত্তই তেওঁৰ গায়ন - বায়ন পৰিৱেশনৰ সময়লৈ অপেক্ষা কৰিছে


In a scene from the Nri Simha Jatra drama, Dutta (left) helps the actor wearing the mask of the half lion, half human Nri Simha.
PHOTO • Prakash Bhuyan

নৃ সিংহ যাত্ৰা নাটৰ এটা দৃশ্যত দত্তই ( বাওঁফালে ) অভিনেতাজনক অৰ্দ্ধ - মানৱ , অৰ্দ্ধ - সিংহ নৰসিংহৰ মুখা পৰিধানত সহায় কৰিছে

The artist prepares the set for the Kaliyo daman scene of the Raas performance wherein Lord Krishna defeats the Kaliyo Naag living in the Yamuna river
PHOTO • Prakash Bhuyan

ৰাস মহোৎসৱৰ কালীয় দমন নাটৰ এটি দৃশ্যৰ বাবে ভাৱৰীয়া সাজু হৈছে য যমুনা নদীত বাস কৰা কালীয় নাগক ভগৱান শ্ৰীকৃষ্ণই দমন কৰে


Dutta, after his performance as Boraho, lights a dhuna for prayer
PHOTO • Prakash Bhuyan

বৰাহ ৰূপত অৱতীৰ্ণ হোৱাৰ পিছত দত্তই প্ৰাৰ্থনাৰ বাবে ধূনা জ্বলাইছে


এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন চমুকৈ এম . এম . এফ . পৰা প্ৰাপ্ত ফেল শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Prakash Bhuyan

Prakash Bhuyan is a poet and photographer from Assam, India. He is a 2022-23 MMF-PARI Fellow covering the art and craft traditions in Majuli, Assam.

यांचे इतर लिखाण Prakash Bhuyan
Editor : Swadesha Sharma

Swadesha Sharma is a researcher and Content Editor at the People's Archive of Rural India. She also works with volunteers to curate resources for the PARI Library.

यांचे इतर लिखाण Swadesha Sharma
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

यांचे इतर लिखाण बिनायफर भरुचा
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

यांचे इतर लिखाण Dhrubajyoti Dhanantari