তেওঁ নিজৰ মোনাখনত মেলেৰিয়া পৰীক্ষাৰ এটা ৰেপিড কিট বিচাৰি আছে। মোনাখন ঔষধ, চেলাইনৰ বটল, আইৰন পৰিপূৰক, বেজী, ৰক্তচাপ জোখা যন্ত্ৰ আৰু বহুতো সামগ্ৰীৰে ভৰি আছিল। যিগৰাকী মহিলাৰ পৰিয়ালে তেওঁক দুদিন ধৰি বিচাৰি আছিল তেওঁ এতিয়া বিচনাত পৰি আছে। তেওঁৰ তীৰকঁপে জ্বৰ উঠিছে। পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা গৈছে।

তেওঁ আকৌ এবাৰ নিজৰ মোনাখনলৈ চালে, মোনাখনত তেওঁ বিচাৰিলে ৫০০ মিলিৰ ডেক্সট্ৰোজ চেলাইন- ইণ্ট্ৰাভেনাচ (IV) দ্ৰৱ৷ তেওঁ মহিলাগৰাকীৰ বিচনাখনৰ ওচৰলৈ গৈ অতি দক্ষতাৰে চিলিঙত প্লাষ্টিকৰ ৰছী এডাল মেৰিয়াই ক্ষীপ্ৰতাৰে তাত চেলাইনৰ বটলটো বান্ধি দিলে৷

৩৫ বছৰীয়া জ্যোতিপ্ৰভা কিছপট্টাই বিগত ১০ বছৰ ধৰি ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ গাওঁ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই আহিছে। তেওঁৰ কোনো চিকিৎসকৰ ডিগ্ৰী নাই, আনকি তেওঁ এগৰাকী প্ৰশিক্ষিত নাৰ্ছো নহয়। তেওঁ কোনো চৰকাৰী চিকিৎসালয় বা স্বাস্থ্যসেৱা কেন্দ্ৰৰ সৈতেও জড়িত নহয়। কিন্তু অৰাওঁ সম্প্ৰদায়ৰ এই মহিলাগৰাকী পশ্চিম সিংহভূমৰ জনজাতীয় অধ্যূষিত গাওঁসমূহৰ প্ৰথম আশ্ৰয় আৰু প্ৰায় শেষ ভৰষা। এই গাওঁখনত চৰকাৰী স্বাস্থ্য সেৱাৰ ব্যৱস্থা একেবাৰেই নাই বুলিব পাৰি।

জ্যোতি এগৰাকী আৰএমপি৷ ক্ষেত্ৰ সৰ্বেক্ষণত গ্ৰামাঞ্চলৰ প্ৰায় ৭০ শতাংশ স্বাস্থ্য সেৱা প্ৰদানকাৰীয়েই আৰএমপি বুলি প্ৰদৰ্শিত হৈছে। ইয়াত আৰএমপিৰ অৰ্থ ইয়াত 'পঞ্জীভুক্ত চিকিৎসা সেৱা প্ৰদানকাৰী' নহয়, যিহেতু নামটোৱে ইয়াত 'গ্ৰাম্য চিকিৎসা সেৱা প্ৰদানকাৰী' সূচাইছে; সাধাৰণ ভাষাত আমি যাক 'মোনা লোৱা চিকিৎসক' বুলি কওঁ। গ্ৰাম্য এলেকাত এই অৰ্হতাবিহীন চিকিৎসকসকলে সমান্তৰালভাৱে ব্যক্তিগত স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক স্বাস্থ্যসেৱাক আৰু কেন্দ্ৰীভূত চৰকাৰী নীতিবোৰত ভুৱা দাবীদাৰ বুলি হেয়জ্ঞান কৰা হয়।

আৰএমপিসকল ভাৰতৰ কোনো স্বীকৃত প্ৰতিষ্ঠানত পঞ্জীভুক্ত নহয়। তেওঁলোকৰ কিছুমানে হোমিঅ'পেথ বা ইউনানী চিকিৎসক হিচাপে পঞ্জীয়ন কৰিব পাৰে, কিন্তু তেওঁলোকে এলোপেথিক ঔষধৰ জৰিয়তেও ৰোগীৰ চিকিৎসা কৰে।

জ্যোতিৰ ওচৰত এলোপেথিক ঔষধৰ এখন আৰএমপি প্ৰমাণপত্ৰ আছে, যাক 'কাউঞ্চিল অফ আনএম্প্লইড ৰুৰেল মেডিকেল প্ৰেক্টিচনাৰ' নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে জাৰী কৰিছে। প্ৰমাণপত্ৰখনত দাবী কৰা হৈছে যে প্ৰতিষ্ঠানটো বিহাৰ চৰকাৰৰ দ্বাৰা পঞ্জীয়ন কৰা হৈছে। জ্যোতিয়ে তাৰে পৰা ১০,০০০ টকা দি ছমাহৰ এই পাঠ্যক্ৰমটো গ্ৰহণ কৰিছিল। এই সংগঠনটোৰ এতিয়া কোনো অস্তিত্ব নাই।

Jyoti Prabha Kispotta administering dextrose saline to a woman with malaria in Borotika village of Pashchimi Singhbhum.
PHOTO • Jacinta Kerketta
Jyoti with a certificate of Family Welfare and Health Education Training Programme, awarded to her by the Council of Unemployed Rural Medical Practitioners
PHOTO • Jacinta Kerketta

বাওঁফালে : জ্যোতি প্ৰভা কিছপট্টাই পশ্চিম সিংহভূমৰ বৰোটিকা গাঁৱত মেলেৰিয়াত ভুগি থকা এগৰাকী মহিলাক ডেক্সট্ৰোজ চেলাইন আগবঢ়ায় সোঁফালে : কাউঞ্চিল অব্ আনএম্প্ৰইড ৰুৰেল মেডিকেল প্ৰেক্টিচনাৰৰ দ্বাৰা পৰিয়াল কল্যাণ আৰু স্বাস্থ্য শিক্ষা প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰমাণপত্ৰৰ সৈতে জ্যোতি

*****

জ্যোতিয়ে ৰোগীৰ বন্ধুক কিছুমান নিৰ্দেশনাৰ সৈতে ঔষধবোৰ হস্তান্তৰ কৰাৰ পূৰ্বে আইভি বটলটো খালী হোৱালৈ অপেক্ষা কৰিছিল। আমি তেওঁৰ বাইকখনৰ ওচৰলৈ খোজ দিছিলো যিখন বেয়া ৰাস্তাৰ বাবে ২০ মিনিটৰ দূৰৈত পাৰ্ক কৰিবলগীয়া হৈছিল।

পশ্চিম সিংহভূম জিলা খনিজাত পদাৰ্থৰে সমৃদ্ধ, কিন্তু চিকিৎসালয়, বিশুদ্ধ খোৱা পানী, শিক্ষানুষ্ঠান আৰু নিযুক্তিৰ দৰে মৌলিক সুবিধাবোৰ ইয়াত নাই। যিটো অঞ্চলত জ্যোতিৰ ঘৰ, সেইটো অৰণ্য আৰু পৰ্বতৰে আৱৰি আছে। আৰু এই অঞ্চলটো ৰাজ্য-মাওবাদী সংঘৰ্ষজৰ্জৰ এলেকাতো পৰে। ইয়াত ৰাস্তাবোৰৰ অৱস্থা অতিশয় বেয়া। ম'বাইল বা ইণ্টাৰনেট সংযোগ অতি কম বা প্ৰায় নায়েই। ইয়াৰ বাবে তেওঁলোকে প্ৰায়ে খোজকাঢ়ি আন এখন গাওঁলৈ যাবলগীয়া হয়। জৰুৰী অৱস্থাত গাওঁবাসীয়ে জ্যোতিক আনিবলৈ চাইকেলেৰে এজন ব্যক্তিক পঠিয়ায়।

জ্যোতি বৰোটিকা গাঁৱত মাটিৰ ঘৰ এটাত বাস কৰে। তেওঁৰ ঘৰটো এটা ক্ষীণ ৰাস্তাৰ কাষত, যি আপোনাক পশ্চিম সিংহভূম জিলাৰ গোইলকেৰা খণ্ডলৈ লৈ যাব। এই পৰম্পৰাগত জনজাতীয় ঘৰটোৰ মাজত এটা কোঠা আৰু চাৰিওফালে বাৰাণ্ডা আছে। বাৰাণ্ডাৰ এটা অংশ মেৰামতি কৰি এটা পাকঘৰ তৈয়াৰ কৰা হৈছে। গোটেই গাওঁখনত বিদ্যুৎ যোগান অনিয়মীয়া আৰু এই ঘৰটোও অন্ধকাৰে আৱৰা।

এই গাওঁখনৰ জনজাতীয় ঘৰবোৰত অধিক খিৰিকী নাথাকে। মানুহে প্ৰায়ে দিনতেই ঘৰৰ কোণত সৰু সৰু টৰ্ছ বা লেম ৰাখে। জ্যোতিয়ে ইয়াত তেওঁৰ স্বামী সন্দীপ ধাৱান (৩৮), মাতৃ জুলিয়ানি কিছপট্টা (৭১) আৰু তেওঁৰ ভায়েকৰ আঠ বছৰীয়া পুত্ৰ জনছন কিছপট্টাৰ সৈতে থাকে। জ্যোতিৰ স্বামী সন্দীপো তেওঁৰ দৰেই এজন আৰএমপি।

এজন চাইকেল আৰোহী জ্যোতিক বিচাৰি ঘৰত উপস্থিত হয়। তেওঁ আধা খোৱা অৱস্থাতে এই নতুন ৰোগী চাবলৈ নিজৰ মোনাখন তুলি ল’লে। জ্যোতিয়ে খোৱা আধাতে এৰি যোৱা দেখি মাক জুলিয়ানীয়ে চিয়ঁৰি ক'লে, "ভাতখিনিতো খাই যোৱা।" জ্যোতিয়ে ঘৰৰ পৰা ওলাই আহি ক’লে, "এই মুহূৰ্তত তেওঁলোকক মোৰ প্ৰয়োজন। মই যিকোনো ঠাইতে খাবলৈ পাম, কিন্তু ৰোগী সবাতোকৈ গুৰুত্বপূৰ্ণ।" এই দৃশ্য প্ৰায়ে ঘৰখনত সদাদৃশ্যমান।

Jyoti’s mud house in Borotika village in Herta panchayat
PHOTO • Jacinta Kerketta
A villager from Rangamati village has come to fetch Jyoti to attend to a patient
PHOTO • Jacinta Kerketta

বাওঁফালে : হৰ্তা পঞ্চায়তৰ বৰোটিকা গাঁৱত মাটিৰে নিৰ্মিত জ্যোতিৰ ঘৰ সোঁফালে : ৰংমতী গাঁৱৰ এজন গঞাই এজন ৰোগীৰ চিকিৎসাৰ বাবে জ্যোতিক মাতিবলৈ আহিছে

জ্যোতিয়ে হৰ্তা পঞ্চায়তৰ ১৬ খন গাঁৱত কাম কৰে। ইয়াৰ ভিতৰত আছে বৰোটিকা, হুটুটুৱা, ৰঙামাটি, ৰোমা, কান্দি আৰু ওচাংগী গাওঁ। এই সকলোবোৰ ১২ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৱস্থিত। প্ৰতিগৰাকী ৰোগী চাবলৈ তেওঁ কিছু দূৰ খোজ কাঢ়িব লাগে। বহুসময়ত তেওঁক আন পঞ্চায়ত যেনে ৰুংধিকোচা আৰু ৰবকেৰাৰ মহিলাসকলেও মাতে৷

*****

৩০ বছৰীয়া গ্ৰেচী ইক্কাই কেনেকৈ জ্যোতিয়ে কঠিন সময়ত তেওঁক সহায় কৰি বৰ্ণনা কৰে, "এয়া ২০০৯ চনৰ কথা আছিল আৰু মই প্ৰথম সন্তানৰ বাবে গৰ্ভৱতী হৈছিলো।" তেওঁ আমাৰ সৈতে বৰোটিকাত থকা নিজৰ ঘৰত কথা পাতি আছে। "কেঁচুৱাটো মাজনিশা জন্ম হৈছিল। সেই সময়ত মোৰ ঘৰত থকা বয়সীয়া শাহুত বাদে মোৰ সৈতে থকা একমাত্ৰ মহিলাগৰাকী আছিল জ্যোতি। মোৰ গুৰুতৰ ডায়েৰীয়া হৈছিল আৰু কেঁচুৱাটো জন্ম হোৱাৰ পিছত মই যথেষ্ট দুৰ্বল হৈ পৰিছিলো। মই অচেতন হৈ পৰিছিলো। সেই সময়খিনিত জ্যোতিয়েই মোৰ যত্ন লৈছিল।"

গ্ৰেচীয়ে মনত পেলায় যে কেনেকৈ সেই দিনবোৰত পৰিবহনৰ কোনো উপায় নাছিল, বা গাওঁখনলৈ যোৱা কোনো পথ নাছিল। জ্যোতিয়ে গ্ৰেচীক চিকিৎসাৰ বাবে ১০০ কিলোমিটাৰ দূৰত থকা চাইবাচালৈ নিবলৈ চেষ্টা কৰি আছিল। ইয়াৰ বাবে জ্যোতিয়ে জাৰাণ্টি হেব্ৰাম নামৰ এগৰাকী চৰকাৰী নাৰ্ছৰ সৈতে নিৰন্তৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল। যোগাযোগ নোহোৱালৈকে, জ্যোতিয়ে চিকিৎসাৰ বাবে স্থানীয় বনৌষধিৰ আশ্ৰয় লৈছিল। নতুন মাতৃ গ্ৰেচীয়ে সম্পূৰ্ণ আৰোগ্য হ'বলৈ প্ৰায় এবছৰ সময় লাগিছিল। গ্ৰেচীয়ে কয়, "জ্যোতিয়েই মোৰ কেঁচুৱাটোক গাওঁখনৰ আন স্তনপান কৰাই থকা মহিলাসকলৰ ওচৰলৈ লৈ গৈছিল আৰু গাখীৰ খুওৱাইছিল। ‘‘তেওঁৰ অবিহনে মোৰ সন্তান জীয়াই নাথাকিলহেঁতেন", তেওঁ এইদৰে কয়৷

৩৮ বছৰীয়া গ্ৰেচীৰ স্বামী সন্তোষ কাচ্চাপে কয় যে গাওঁখনত যোৱা দুবছৰৰ পৰা এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে য’ত নাৰ্ছ সপ্তাহত এবাৰ বহে। এই স্বাস্থ্য কেন্দ্ৰটো জ্যোতিৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত আৰু তাত কোনো ধৰণৰ সুবিধা নাই। তেওঁ কয়, "নাৰ্ছগৰাকী গাওঁখনত থাকিব নোৱাৰে। জ্বৰ আদিৰ দৰে সৰু-সুৰা সমস্যা থকা ৰোগীৰ অভিযোগৰ বাবে তেওঁ তালৈ আহে আৰু উভতি যায়। নাৰ্ছগৰাকীয়ে নিৰন্তৰ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে কিন্তু ইয়াৰ বাবে গাওঁখনত ইণ্টাৰনেটৰ সুবিধাই নাই। গতিকে তেওঁ গাওঁখনত থাকিব নোৱাৰে। জ্যোতি গাওঁখনত বাস কৰে, সেয়েহে তেওঁ সহায় কৰিবলৈ সক্ষম হয়। "গৰ্ভৱতী মহিলাসকলে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নাযায়। তেওঁলোকে ঘৰত কেঁচুৱা জন্ম দিবলৈ জ্যোতিৰ সহায় লয়’’, এইবুলিও তেওঁ কয় ৷

আজিও জিলাখনৰ যিকোনো গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সঠিকভাৱে কাম নহয়। গোইলকেৰা খণ্ডত অৱস্থিত চিকিৎসালয়খন বৰোটিকাৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত। ইয়াৰ উপৰিও শেহতীয়াকৈ আনন্দপুৰ খণ্ডত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খোলা হৈছে, যি ১৮ কিলোমিটাৰ দূৰৈত। বৰোটিকাৰ পৰা চেৰেংদা গাওঁ হৈ ১২ কিলোমিটাৰ দূৰত্বৰ এটা ক্ষীণ পথ গৈ কোৱেল নদীত শেষ হৈছে। গ্ৰীষ্মকালত মানুহে তৰাং পানীৰ নদীত নামি খোজ কাঢ়ি আনন্দপুৰ যায়। কিন্তু বৰষুণৰ বতৰত নদীখন উপচি পৰে আৰু পথটো বন্ধ হৈ পৰে। এনে পৰিস্থিতিত জনসাধাৰণে ৪ কিলোমিটাৰ দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হয়। নদীৰ পৰা আনন্দপুৰলৈ যোৱা পথটো শিলাময় আৰু বোকা। এই ১০ কিলোমিটাৰ দীঘল পথটোত মাজত সামান্য পকী ৰাস্তা আছে যদিও ভাগিছে। এই পথটোও অৰণ্যৰ মাজেৰে যায়।

Graci Ekka of Borotika village says, “It was Jyoti who used to take my newborn baby to other lactating women of the village to feed the infant. My baby would not have survived without her.
PHOTO • Jacinta Kerketta
The primary health centre located in Borotika, without any facilities. Government nurses come here once a  week
PHOTO • Jacinta Kerketta

বাওঁফালেঃ বৰোটিকা গাঁৱৰ গ্ৰেচী ইক্কাই কয়, "জ্যোতিয়েই মোৰ কেঁচুৱাটোক গাওঁখনৰ আন স্তন্যপান কৰাই থকা মহিলাসকলৰ ওচৰলৈ লৈ গৈছিল আৰু গাখীৰ খুওৱাইছিল। তেওঁৰ অবিহনে মোৰ সন্তান জীয়াই নাথাকিলহেঁতেন।" সোঁফালে: বৰোটিকাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনো সুবিধা উপলব্ধ নাই। চৰকাৰী নাৰ্ছ সপ্তাহত এবাৰ ইয়াত বহে

পূৰ্বতে এখন বাছ আছিল য’ত উঠি গঞাই চক্ৰধৰপুৰ চহৰলৈ গৈছিল। কিন্তু এটা দুৰ্ঘটনাৰ পিছত সেইখনো বন্ধ হৈ গ'ল। মানুহে চাইকেল বা মটৰ বাইকৰ ওপৰত নিৰ্ভৰ কৰি বা খোজকাঢ়ি যাবলৈ ধৰিলে। যিকোনো গৰ্ভৱতী মহিলাৰ বাবে সেই যাত্ৰা সাধাৰণতে অসম্ভৱ। এনে পৰিস্থিতিত কেৱল আনন্দপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতহে 'স্বাভাৱিক প্ৰসৱ' হ'ব পাৰে। যদি বিষয়টো জটিল হয় বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, মহিলাগৰাকীয়ে ৰাজ্যৰ সীমা অতিক্ৰম কৰি আনন্দপুৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত মনোহৰপুৰ লৈ বা ৬০ কিলোমিটাৰ দূৰত থকা উৰিষ্যাৰ ৰুড়কেল্লালৈ যাবলগীয়া হয়।

জ্যোতিয়ে কয়, "মই সৰুৰে পৰা দেখি আহিছো যে মহিলাসকল অসুস্থ হ'লে আটাইতকৈ বেছি অসহায় হৈ পৰে। পুৰুষসকলে উপাৰ্জন কৰিবলৈ বাহিৰলৈ যায় (চহৰ আৰু নগৰত)। চহৰ আৰু চিকিৎসালয়বোৰ গাওঁৰ পৰা বহু দূৰৈত অৱস্থিত আৰু মহিলাসকলৰ স্বাস্থ্যৰ যেতিয়া অৱনতি হয় যেতিয়া তেওঁলোকে তেওঁলোকৰ স্বামী ঘূৰি অহালৈ অপেক্ষা কৰিবলগীয়া হয়। বহুতো মহিলাৰ বাবে, তেওঁলোকৰ স্বামী গাওঁখনত থাকিলও সহায় নহয় কিয়নো পুৰুষসকলে প্ৰায়ে সুৰা পান কৰে আৰু গৰ্ভধাৰণৰ সময়তো তেওঁলোকৰ পত্নীক প্ৰহাৰ কৰে।

জ্যোতিয়ে লগতে কয়, "পূৰ্বতে এই অঞ্চলত এগৰাকী ধাই আছিল। প্ৰসৱৰ সময়ত তেওঁ মহিলাসকলৰ একমাত্ৰ ভৰসা আছিল। কিন্তু গাওঁ মেলাত তেওঁক হত্যা কৰা হৈছিল। তেওঁৰ পিছত গাওঁখনত এই দক্ষতা থকা কোনো মহিলা নাই।"

প্ৰতিখন গাঁৱতে অংগনৱাড়ীৰ সেৱিকা আৰু ‘সাহিয়া’ আছে। সেৱিকাই গাওঁখনত জন্ম হোৱা শিশুসকলৰ তথ্য ৰাখে। আৰু গৰ্ভৱতী মহিলা, স্তন্যপান কৰাই থকা মাতৃ আৰু তেওঁলোকৰ কেঁচুৱাৰ স্বাস্থ্য পৰীক্ষা কৰে। ‘সাহিয়া’ই গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ লৈ যায়, কিন্তু ৰোগীয়ে ‘সাহিয়া’ৰ খাদ্য, ভ্ৰমণ আৰু অন্যান্য ব্যয়ৰ বোজা বহন কৰিবলগীয়া হয়। সেইকাৰণে মানুহে প্ৰায়ে ‘সাহিয়া’ৰ পৰিৱৰ্তে জ্যোতিক বিচাৰে। জ্যোতিয়ে ঔষধৰ বাহিৰে আন মানুহৰ ঘৰলৈ যাবলৈ কোনো ধন নিবিচাৰে।

কিন্তু এই গাওঁখনৰ বহুতো পৰিয়ালৰ বাবে এয়া অতিশয় কঠিন হৈ পৰে যিহেতু গাওঁখনৰ বেছিভাগ লোক বৰষুণৰ দ্বাৰা উৎপাদিত সামগ্ৰী আৰু দৈনিক মজুৰিৰ ওপৰত নিৰ্ভৰ কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, পশ্চিম সিংহভূমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যাৰ ৮০ শতাংশতকৈও অধিক লোক উপাৰ্জনৰ বাবে একে ধৰণৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। বেছিভাগ পৰিয়ালৰ পুৰুষে কামৰ সন্ধানত গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকলৈ প্ৰব্ৰজন কৰে।

The few roads in these Adivasi villages of Pashchimi Singhbhum are badly maintained. Often the only way to reach another village for Jyoti is by walking there.
PHOTO • Jacinta Kerketta
Jyoti walks to Herta village by crossing a stone path across a stream. During monsoon it is difficult to cross this stream
PHOTO • Jacinta Kerketta

বাওঁফালে : পশ্চিম সিংহভূমৰ এই জনজাতীয় গাওঁবোৰত মাত্ৰ কেইটামান পথ আছে , তাৰো অৱস্থা শোচনীয়। প্ৰায়ে জ্যোতিয়ে এখন গাওঁৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি যাবলগীয়া হয় সোঁফালে : জ্যোতিয়ে হৰ্তা গাঁৱলৈ যাবলৈ শিলাময় পথেৰে নদী পাৰ হয় বাৰিষাকালত স্ৰোতময় নদীত পাৰ হোৱাটো কঠিন হৈ পৰে

*****

নিটি আয়োগৰ 'ৰাষ্ট্ৰীয় বহুমাত্ৰিক দৰিদ্ৰতা সূচক প্ৰতিবেদন' অনুসৰি পশ্চিম সিংহভূমৰ ৬৪ শতাংশ গ্ৰাম্য জনসংখ্যা দৰিদ্ৰতা সূচকৰ ওপৰত আধাৰিত 'বহুমাত্ৰিক দৰিদ্ৰ'ত অন্তৰ্ভুক্ত। ইয়াত জনসাধাৰণৰ ওচৰত মাত্ৰ দুটা বিকল্প আছে। হয়তোবা তেওঁলোকে বিনামূলীয়াকৈ চৰকাৰী সুবিধাসমূহলৈ যায় নতুবা জ্যোতিৰ দৰে আৰএমপিৰ ওচৰলৈ যাৰ পৰা উচ্চ মূল্য পৰিশোধ কৰি ব্যয়বহুল ঔষধ ক্ৰয় কৰিব পাৰি আৰু মাচুল পিছত কিস্তিত পৰিশোধ কৰিব পাৰি।

বিলম্ব ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জিলা চিকিৎসালয়ৰ কল চেণ্টাৰৰ সৈতে বিনামূলীয়া চৰকাৰী স্বাস্থ্য সুবিধা 'মমতা বাহন আৰু ‘সাহিয়া'ৰ বাবে এক নেটৱৰ্ক স্থাপন কৰিছে। গৰ্ভৱতী মহিলাসকলক স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যোৱা গাড়ীখনৰ বিষয়ে কথা পাতি জ্যোতিয়ে কয়, "মানুহে মমতা বাহনৰ বাবে ফোন নম্বৰত ফোন কৰিব পাৰে। কিন্তু যদি চালকজনে যদি গম পায় যে গৰ্ভৱতী মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা খুব কম তেনেহ'লে প্ৰায়েই তেওঁ আহিবলৈ অস্বীকাৰ কৰে। ইয়াৰ কাৰণ হৈছে এয়াই যে যদি মহিলাগৰাকীৰ গাড়ীত মৃত্যু হয়, চালকজন স্থানীয় লোকৰ ক্ৰোধৰ বলি হয়।"

আনহাতে, জ্যোতিয়ে মহিলাসকলক ঘৰতে সন্তান জন্ম দিয়াত সহায় কৰে আৰু তেওঁ এই কামৰ বাবে ৫,০০০ টকা লয়। বজাৰত ৩০ টকাত বিক্ৰী হোৱা চেলাইন বটল এটাৰ বাবে তেওঁ ৭০০-৮০০ টকাকৈ লয়। ড্ৰিপ অবিহনে মেলেৰিয়াৰ চিকিৎসাৰ বাবে কমেও ২৫০ টকা আৰু নিউমোনিয়াৰ ঔষধৰ মূল্য ৫০০-৬০০ টকা, আৰু জণ্ডিচ বা টাইফইডৰ চিকিৎসাৰ বাবে ২,০০০-৩,০০০ টকাৰ ভিতৰত ব্যয় হয়। এমাহত, জ্যোতিয়ে প্ৰায় ২০,০০০ টকা পায়, যাৰ আধা অংশই ঔষধ ক্ৰয় কৰাত ব্যয় কৰা হয়।

২০০৫ চনত প্ৰতীচি (ইণ্ডিয়া) ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত , গ্ৰামীণ ভাৰতৰ ব্যক্তিগত স্বাস্থ্য সেৱা অনুশীলনকাৰী আৰু ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ মাজত এক উদ্বেগজনক সম্পৰ্ক দেখা গৈছে। প্ৰতিবেদন অনুসৰি, "যেতিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজহুৱা স্বাস্থ্য সেৱা গোটবোৰত ঔষধৰ তীব্ৰ অভাৱ হয় তেতিয়া এই বিশাল ঔষধ বজাৰৰ চিকিৎসকসকলে অনৈতিক কাৰ্যকলাপ কৰে । আৰু কাৰোবাৰ নিজা লাভ বা আইনৰ অভাৱত, সাধাৰণ লোকৰ পৰা ধন  কাঢ়ি লোৱা হয়।"

Jyoti preparing an injection to be given to a patient inside her work area at home.
PHOTO • Jacinta Kerketta
Administering a rapid malaria test on a patient
PHOTO • Jacinta Kerketta

বাওঁফালে : জ্যোতিয়ে ঘৰৰ কামৰ বাবে নিৰ্ধাৰিত অংশত ৰোগী এজনক এটা বেজী দিয়াৰ প্ৰস্তুতি চলাই আছে সোঁফালে : ৰোগী এজনৰ দ্ৰুত মেলেৰিয়া পৰীক্ষা কৰা হৈছে

২০২০ চনত, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ২০১১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ স্বাস্থ্য সেৱাৰ পৰ্যালোচনা কৰিছিল। প্ৰতিবেদনখনে প্ৰৱেশাধিকাৰ আৰু বিতৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থাৰ এক হতাশাজনক ছবি ফুটাই তুলিছিল, য'ত 'ভাৰতীয় জনস্বাস্থ্য মানদণ্ড'ৰ তুলনাত ৩,১৩০ টা স্বাস্থ্য উপ-কেন্দ্ৰ, ৭৬৯ টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৮৭ টা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অভাৱ দেখা গৈছিল। ৰাজ্যখনৰ প্ৰতি এক লাখ জনসংখ্যাৰ বাবে, মাত্ৰ ৬ জন চিকিৎসক, ২৭ খন বিচনা, ১ জন লেব টেকনিচিয়ান আৰু প্ৰায় ৩ গৰাকী নাৰ্ছ আছে। একে সময়তে, বিশেষজ্ঞ চিকিৎসকৰ ৮৫% পদ খালী হৈ আছে।

এনেকুৱা লাগিছে যে যোৱা এক দশক ধৰি এই পৰিস্থিতি সলনি হোৱা নাই। ঝাৰখণ্ড অৰ্থনৈতিক সমীক্ষা ২০১৩-১৪ বৰ্ষত পিএইচচিৰ সংখ্যা ৬৫ শতাংশ, উপ-কেন্দ্ৰত ৩৫ শতাংশ আৰু চিএইচচিত ২২ শতাংশ হ্ৰাস পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশেষজ্ঞ চিকিৎসকৰ অভাৱেই হৈছে আটাইতকৈ উদ্বেগজনক বিষয়। চিএইচচি-য়ে ধাই, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শিশু ৰোগ বিশেষজ্ঞৰ ৮০ ৰ পৰা ৯০ শতাংশ হ্ৰাস নথিভুক্ত কৰিছে।

আজিও, ৰাজ্যখনৰ এক চতুৰ্থাংশ মহিলাৰ চিকিৎসালয়লৈ গৈ এটা সন্তান জন্ম দিয়াৰ সুবিধা নাই। একে সময়তে প্ৰয়োজনতকৈ ৫,২৫৮ জন চিকিৎসকৰো অভাৱ পৰিলক্ষিত হৈছে। ৩.২৯ কোটি জনসংখ্যাৰ এই ৰাজ্যখনত (লোকপিয়ল ২০১১), সকলো চৰকাৰী স্বাস্থ্য সুবিধাত মাত্ৰ ২,৩০৬ জন চিকিৎসক আছে।

এনে এক অসমান স্বাস্থ্যসেৱা প্ৰণালীৰ পৰিপ্ৰেক্ষিতত আৰএমপি গুৰুত্বপূৰ্ণ হৈ পৰে। জ্যোতিয়ে ঘৰত প্ৰসৱ কৰোৱায় আৰু প্ৰসৱৰ পিছত প্ৰসূতিৰ যত্ন লয় আৰু গৰ্ভৱতী মহিলাসকলক আইৰন আৰু ভিটামিন প্ৰদান কৰে। তেওঁ সংক্ৰমণ আৰু সামান্য আঘাতৰ ঘটনাও প্ৰতিপালন কৰে আৰু তাৎক্ষণিক চিকিৎসা সহায়ো আগবঢ়ায়। জটিল ক্ষেত্ৰত, তেওঁ ৰোগীক চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু আনকি গাড়ীৰ ব্যৱস্থা কৰে বা চৰকাৰী নাৰ্ছৰ সৈতে যোগাযোগ কৰাই দিয়ে।

*****

ঝাৰখণ্ড গ্ৰাম্য চিকিৎসা চিকিৎসক সংস্থাৰ সদস্য বীৰেন্দ্ৰ সিঙৰ অনুমান অনুসৰি কেৱল পশ্চিম সিংহভূমতে আনুমানিক ১০,০০০ আৰএমপি আছে। ইয়াৰে ৭০০ গৰাকী হ’ল মহিলা। তেওঁ কয়, "আনন্দপুৰৰ দৰে নতুন পিএইচচিত কোনো চিকিৎসক নাই।" তেওঁ কয়, "সমগ্ৰ অঞ্চলটো নাৰ্চে চলাই আছে। জ্যোতিৰ দৰে আৰএমপিসকলে তেওঁলোকৰ গাওঁবোৰৰ যত্ন লয়, কিন্তু চৰকাৰৰ পৰা কোনো সহযোগিতা নাপায়। কিন্তু তেওঁলোকে অঞ্চলটোৰ লোকসকলক বুজি পায় কাৰণ তেওঁলোকে তাতেই বাস কৰে। তেওঁলোক ৰাইজৰ সৈতে সংযুক্ত। আপুনি তেওঁলোকৰ কামক কেনেকৈ উপেক্ষা কৰিব পাৰে?"

Susari Toppo of Herta village says, “I had severe pain in my stomach and was bleeding. We immediately called Jyoti."
PHOTO • Jacinta Kerketta
Elsiba Toppo says, "Jyoti reaches even far-off places in the middle of the night to help us women."
PHOTO • Jacinta Kerketta
The PHC in Anandpur block
PHOTO • Jacinta Kerketta

বাওঁফালেঃ হৰ্তা গাঁৱৰ সুচাৰী টপ্পোৱে কয় , " মোৰ পেটত অসহ্য বিষ হৈছিল আৰু ৰক্তক্ষৰণ হৈ আছিল। আমি লগে লগে জ্যোতিক ফোন কৰিছিলো। " মাজত : এলিচিবা টপ্পোয়ে কয় , ' জ্যোতিয়ে আমাৰদৰে মহিলাসকলক সহায় কৰিবলৈ মাজনিশাও দূৰলৈ যায় ' সোঁফালে : আনন্দপুৰ ব্লকৰ পিএইচচি

হৰ্তা গাঁৱৰ এগৰাকী ৩০ বছৰীয়া বাসিন্দা সুচাৰী টপ্পোৱে কয় যে যেতিয়া ২০১৩ চনত তেওঁ প্ৰথমবাৰলৈ গৰ্ভৱতী গৈছিল তেতিয়া তেওঁৰ পেটত কেঁচুৱাটোৰ চলাচল বন্ধ হৈছিল। "মোৰ পেটত ভয়ংকৰ বিষ হৈছিল আৰু ৰক্তক্ষৰণ হৈছিল। আমি লগে লগে জ্যোতিক ফোন কৰিছিলো। তাই গোটেই ৰাতি আৰু পিছদিনাটো আমাৰ সৈতে আছিল। সেই দুদিনত, তেওঁ ৬ টা চেলাইন বটল দিছিল। এদিনত তিনিটা। অৱশেষত কেঁচুৱাটোৰ স্বাভাৱিক প্ৰসৱ হৈছিল।" শিশুটো স্বাস্থ্যৱান আছিল আৰু ৩.৫ কিলোগ্ৰাম ওজনৰ হৈছিল। জ্যোতিক ৫,৫০০ টকা দিয়াৰ কথা আছিল, কিন্তু পৰিয়ালটোৰ ওচৰত আছিল মাত্ৰ ৩,০০০ টকা৷ সুচাৰীয়ে কৈছিল যে জ্যোতিয়ে বাকী থকা টকাখিনি পিছত ল'বলৈ সন্মত হৈছিল।

হৰ্তাত ৩০ বছৰীয়া এলিচিবা টপ্পোৱে প্ৰায় তিনি বছৰ আগৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে। "মই সেই সময়ত মোৰ যমজ সন্তানৰ সৈতে গৰ্ভৱতী আছিলো। মোৰ স্বামী আগৰ দৰেই সুৰাপান কৰিছিল। মই চিকিৎসালয়লৈ যাব নিবিচাৰিছিলো কাৰণ মই জানিছিলো যে ৰাস্তাবোৰৰ অৱস্থা বৰ বেয়া আছিল," তেওঁ এইদৰেও কয় যে ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৈত থকা মুখ্য পথটো পাবলৈ পথাৰ আৰু খোলা নলাৰ মাজেৰে যাবলগীয়া হয়।

নিশা এলিচিবাৰ বিষ আৰম্ভ হৈছিল আৰু বিষৰ পৰা পৰিত্ৰাণ পাবলৈ সেই নিশা পথাৰলৈ শৌচ কৰিবলৈ যাবলগীয়া হৈছিল। আধা ঘণ্টা পিছত যেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহিছিল, শাহুৱেকে তাইক মালিচ কৰিছিল যদিও বিষটো একেই আছিল। তেওঁ কয়, "তেতিয়া আমি জ্যোতিক ফোন কৰিছিলো। তেওঁ আহি মোক ঔষধ দিছিল। আৰু সেই বাবেই ঘৰতে স্বাভাৱিকভাৱে মোৰ যমজ সন্তানৰ জন্ম হৈছিল। তেওঁ আমাৰ মহিলাসকলক সহায় কৰিবলৈ মাজনিশাও দূৰ দূৰণিলৈ যায়।"

আৰএমপিসকল ইণ্ট্ৰাভেনাচ তৰলবোৰৰ নিৰ্বিচাৰ ব্যৱহাৰৰ বাবে জনাজাত। প্ৰতীচিৰ প্ৰতিবেদনত পোৱা গৈছে যে ঝাৰখণ্ড আৰু বিহাৰত আৰএমপিসকলে প্ৰায় সকলো ধৰণৰ ৰোগৰ বাবে আইভি ব্যৱহাৰ কৰে যাক চেলাইন বুলিও কোৱা হয়। অধ্যয়নত দেখা গৈছে যে ই কেৱল অপ্ৰয়োজনীয়ই নহয়, ব্যয়বহুলো। কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰৰ বিপৰীত প্ৰভাৱো দেখা গৈছে। প্ৰতিবেদনখনত কোৱা হৈছে, "সাক্ষাৎকাৰ লোৱা 'চিকিৎসকসকলে' দৃঢ়ভাৱে কৈছিল যে চেলাইন অবিহনে কোনো চিকিৎসা কৰিব নোৱাৰি, কিয়নো ই শৰীৰত তেজ বৃদ্ধি কৰে, পুষ্টি প্ৰদান কৰে আৰু দ্ৰুত আৰোগ্য প্ৰদান কৰে।"

এই কামটো অতিশয় বিপদসংকুল, কিন্তু জ্যোতি ভাগ্যৱান আছিল। বিগত ১৫ বছৰত কোনো ভুল হোৱা নাই বুলি তেওঁ দাবী কৰে । তেওঁ কয়, "যদি মোৰ কোনো বিষয় চম্ভালিবলৈ সমস্যা হয়, মই সদায় ৰোগীক মনোহৰপুৰ খণ্ড চিকিৎসালয়লৈ পঠিয়াও। বা, মই তেওঁলোকক মমতা বাহনক ফোন কৰিবলৈ বা চৰকাৰী নাৰ্ছৰ সৈতে যোগাযোগ কৰাত সহায় কৰো।"

Jyoti seeing patients at her home in Borotika
PHOTO • Jacinta Kerketta
Giving an antimalarial injection to a child
PHOTO • Jacinta Kerketta

বাওঁফালে : জ্যোতিয়ে বৰোটিকাত থকা তেওঁৰ ঘৰত ৰোগীসকলক চাই আছে সোঁফালে : শিশু এটাক মেলেৰিয়া প্ৰতিৰোধী বেজী দিয়া হৈছে

জ্যোতিয়ে তেওঁৰ দৃঢ় সংকল্পৰ জৰিয়তে সকলো শিকিছে। যেতিয়া তেওঁ চাৰেংগডাৰ এখন চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল, সেই সময়ছোৱাত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। ইয়াৰ ফলত জ্যোতিৰ অধ্যয়নত এক ডাঙৰ বাধাৰ সৃষ্টি হৈছিল। জ্যোতিয়ে সোঁৱৰণ কৰি কয়, "সেই দিনবোৰত চহৰৰ পৰা অহা এগৰাকী মহিলাই মোক কাম কৰোৱাৰ অজুহাতত পাটনালৈ লৈ গৈছিল আৰু মোক এহাল চিকিৎসক দম্পতীৰ ওচৰত এৰি থৈ গৈছিল। তেওঁলোকে মোক ঘৰ মচিবলৈ বাধ্য কৰিছিল। এদিন মই তাৰ পৰা পলাই আহি গাঁৱলৈ ঘূৰি আহিলোঁ।"

জ্যোতিয়ে পিছলৈ আনন্দপুৰৰ ব্লকৰ চাৰবন্দিয়া গাঁৱৰ এখন কনভেণ্ট স্কুলত পুনৰ অধ্যয়ন আৰম্ভ কৰে ৷ তেওঁ কয়, "নানগৰাকীক তাত থকা ডিচপেনচাৰীত কাম কৰি থকা দেখি মই প্ৰথমে নাৰ্চিং কামৰ সন্তুষ্টি আৰু সুখ অনুধাৱন কৰিছিলো। তাৰ পিছত মই আৰু পঢ়িব নোৱাৰিলোঁ। মোৰ ভাতৃয়ে কেনেবাকৈ ১০,০০০ টকা এটাৰ যোগাৰ কৰিছিল আৰু মই এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা এলোপেথি ঔষধৰ চিকিৎসা বিজ্ঞানত চিকিৎসকৰ পাঠ্যক্ৰম কৰিছিলো।" ইয়াৰ পিছত জ্যোতিয়ে কিৰিবুৰু, চাইবাচা আৰু গুমলাৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়ত কেইবাজনো চিকিৎসকৰ সৈতে দুইৰ পৰা তিনি মাহ সহায়ক হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ ঝাৰখণ্ড গ্ৰাম্য চিকিৎসা চিকিৎসক সংস্থাৰ পৰা এখন প্ৰমাণপত্ৰ লাভ কৰিছিল। পিছলৈ তেওঁ নিজৰ অনুশীলন আৰম্ভ কৰিবলৈ গাঁৱলৈ উভতি আহিছিল।

হৰ্তা পঞ্চায়তত কৰ্মৰত এগৰাকী চৰকাৰী নাৰ্ছ জাৰান্তি হেব্ৰামে কয়, "যদি আপুনি এজন বহিৰাগত তেন্তে আপোনাৰ বাবে এটা এলেকাত কাম কৰাটো অতিশয় কঠিন হৈ পৰে। জ্যোতি প্ৰভাই গাওঁখনতে সেৱা আগবঢ়ায় আৰু সেয়েহে মানুহৰ সহায়ো হয়।"

"চৰকাৰী নাৰ্ছসকল মাহত এবাৰ গাঁৱলৈ আহে, কিন্তু গাওঁবাসীয়ে তেওঁলোকৰ ওচৰলৈ নাযায় কাৰণ তেওঁলোকে নাৰ্ছসকলক বিশ্বাস নকৰে। ইয়াত মানুহবোৰ আনকি শিক্ষিতও নহয়। সেয়েহে, তেওঁলোকৰ বাবে, ঔষধতকৈ বিশ্বাস আৰু আচৰণ অধিক গুৰুত্বপূৰ্ণ।"

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰৱন্ধটো প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? অনুগ্ৰহ কৰি [email protected] লৈ মেইল কৰক আৰু ইয়াৰ এটা প্ৰতিলিপি [email protected] লৈ প্ৰেৰণ কৰক।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Jacinta Kerketta

Jacinta Kerketta of the Oraon Adivasi community is an independent writer and reporter from rural Jharkhand. She is also a poet narrating the struggles of Adivasi communities and drawing attention to the injustices they face.

यांचे इतर लिखाण Jacinta Kerketta
Illustration : Labani Jangi

मूळची पश्चिम बंगालच्या नादिया जिल्ह्यातल्या छोट्या खेड्यातली लाबोनी जांगी कोलकात्याच्या सेंटर फॉर स्टडीज इन सोशल सायन्सेसमध्ये बंगाली श्रमिकांचे स्थलांतर या विषयात पीएचडीचे शिक्षण घेत आहे. ती स्वयंभू चित्रकार असून तिला प्रवासाची आवड आहे.

यांचे इतर लिखाण Labani Jangi
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

यांचे इतर लिखाण Manoranjan Majumder