মে’ৰ আৰম্ভণিৰ ভাগত অজয় কুমাৰ শ্বয়ে মন কৰিলে যে তেওঁৰ জ্বৰ উঠিছে। সেয়ে ঝাৰখণ্ডৰ সতাৰা জিলাৰ তেওঁৰ গাওঁ আচাৰিয়াহৰ পৰা আঠ কিলোমিটাৰ নিলগত ইটখোৰি চহৰৰ এখন ব্যক্তিগত ক্লিনিকত তেওঁ ডাক্তৰক দেখুৱালে।

ডাক্তৰে ক’ভিড পৰীক্ষা নকৰি কাপোৰ বেপাৰী ২৫ বছৰীয়া অজয়ৰ (প্ৰচ্ছদ ফটোত পুত্ৰ সৈতে) টাইফয়ড আৰু মেলেৰিয়া হোৱা বুলি ক’লে। অজয়ৰ তেজত অক্সিজেনৰ সংপৃক্তিৰ মাত্ৰা ৭৫ৰ পৰা ৮০ শতাংশ আছিল। (স্বাভাৱিক পৰিসৰ ৯৫ৰ পৰা ১০০) অজয়ক তাৰপিছত ঘৰলৈ পঠিয়াই দিয়া হয়।

ঘৰলৈ আহি ২-৩ ঘণ্টা পিছতে যেতিয়া তেওঁ উশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে, তেতিয়াহে তেওঁ চিন্তাত পৰিল। সিদিনাই তেওঁ হাজাৰীবাগৰ আন এখন ব্যক্তিগত ক্লিনিকত (আচাৰহিয়াৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত) আন এজন ডাক্তৰক দেখা কৰিলে। তাতেও তেওঁৰ ক’ভিড-১৯ৰ পৰিৱৰ্তে টাইফয়ড আৰু মেলেৰিয়াৰহে পৰীক্ষা কৰোৱা হ’ল।

অৱশ্যে অজয়ে একেখন গাঁৱৰে ভিডিঅ’ এডিটৰ হায়ুল ৰহমান আনচাৰিক কয় যে ক’ভিড পৰীক্ষা নকৰালেও “ডাক্তৰে মোক দেখি কৈছিল যে মোৰ ক’ৰনা হৈছে। তেওঁ মোক সদৰ হস্পিতাললৈ (হাজাৰীবাগৰ চৰকাৰী হস্পিতাল) যাবলৈ ক’লে কিয়নো তেওঁলোকৰ হস্পিতালত চিকিৎসা কৰালে বহুত খৰছ পৰিব। ভয় খাই আমি ক’লো যে যি খৰছ হয় আমি বহন কৰিম। চৰকাৰী হস্পিতালত আমাৰ বিশ্বাস নাই। তালৈ চিকিৎসাৰ বাবে যোৱা (ক’ভিডৰ) কোনো বাচি অহা নাই।”

অতিমাৰীৰ আগতে, অজয়ে মাৰুটি ভানখন লৈ গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি ফুৰিছিল, ৫ৰ পৰা ৬ হাজাৰ টকা মাহে উপাৰ্জন হৈছিল

ভিডিঅ’টো চাওঁকঃ আচাৰহিয়াত পিঠিত ধাৰৰ বোজা লৈ ক’ভিড যুদ্ধ

এই প্ৰতিবেদনৰ সহ-লিখক হায়ুল ৰহমান আনচাৰিয়ে এটা বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এপ্ৰিলত ঘৰলৈ উভতিছিল। তেওঁ মুম্বাইত ভিডিঅ’ এডিটৰ হিচাপে নতুন এটা কামত সোমাব লওঁতেই মহাৰাষ্ট্ৰত ২০২১ৰ লকডাউন ঘোষণা কৰা হয়। দেশজোৰা ক’ভিড-১৯ লকডাউন ঘোষণা হোৱাৰ সময়ত ২০২০ৰ মে’ত তেওঁ প্ৰথমবাৰৰ বাবে ঘৰলৈ উভতিছিল (তেওঁৰ ওপৰত লিখা পাৰিৰ প্ৰতিবেদনখন ইয়াতে পঢ়িব পাৰে)। তেওঁ পৰিয়ালৰ লগত লগ লাগি নিজৰ ১০ একৰ মাটিত ধানখেতি কৰি কিছু অংশ খাবলৈ ৰাখি বাকীখিনি বজাৰত বিক্ৰী কৰি দিছিল।

আচাৰহিয়াত ৩৩ বছৰীয়া ৰহমানৰ হাতত কাম নাইকিয়া হৈ পৰিল। গাঁৱত ভিডিঅ’ এডিটিঙৰ কৌশল একো কামত নাহে। ইফালে তেওঁৰ ১০ একৰ মাটিত ধান আৰু মাকৈৰ বীজ সিচা কাম জুনৰ মাজভাগৰ পৰাহে আৰম্ভ হয়। তেতিয়া কৰিবলগীয়া বিশেষ একো কাম নাছিল। গণসংযোগৰ স্নাতক ডিগ্ৰীধাৰী ৰহমানে মুম্বাইত ১০ বছৰ ধৰি ভিডিঅ’ এডিটৰ হিচাপে কাম কৰিছে। আচাৰহিয়াত অতিমাৰীৰ পৰা জনতা কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে, তাৰ ওপৰত প্ৰতিবেদন যুগুতাবলৈ আমি প্ৰস্তাৱ দিয়াত তেওঁ উৎফুল্লিত হৈ পৰিছিল।

এই ভিডিঅ’টোত ৰহমানে অজয় কুমাৰ শ্বৰ ক’ভিড যুদ্ধ আৰু পৰিণতিত ধাৰৰ বোজাৰ কাহিনী আমাক কৈছে। অজয় আৰু তেওঁৰ পৰিয়ালে চৰকাৰী হস্পিতালৰ কথা ভাবি ভয় খাই হাজাৰীবাগৰ ব্যক্তিগত হস্পিতালতে চিকিৎসা অব্যাহৰ ৰখাৰ সিদ্ধান্ত ল’লে। তেওঁক ক’ভিডৰ চিকিৎসাৰ বাবে অক্সিজেন আৰু দৰৱ দিয়া হ’ল। তেওঁ তাতে ১৩ মে’লৈকে সাতটা দিন কটাবলগীয়া হ’ল। তেওঁ কল্পনাও কৰা নাছিল যে বিল ১.৫ লাখ আহিব। চিকিৎসাৰ বিলৰ পইছা পৰিশোধ কৰিবলৈ সুদখোৰৰ পৰা আৰম্ভ কৰি, মাকৰ সদস্যভুক্তি থকা মহিলা গোট এটা আৰু আইতাকৰ পৰিয়ালৰ পৰা ধাৰে লৈ অজয়ৰ পৰিয়ালে টকা যোগাৰ কৰিছিল।

অতিমাৰীৰ আগতে অজয়ে তেওঁৰ মাৰুটি ভানখনত কাপোৰ বোজাই কৰি গাঁৱে গাঁৱে ভ্ৰমি কাপোৰ বিক্ৰী কৰি মাহে ৫-৬ হাজাৰ টকা উপাৰ্জন কৰিছিল। যোৱাবছৰ লকডাউনৰ কাৰণে তেওঁ ব্যৱসায় বন্ধ কৰিবলগীয়া হ’ল, আকৌ এইবাৰ লকডাউন হ’ল। ২০১৮ৰ ডিচেম্বৰত তেওঁ ৩ লাখ টকাৰ ঋণ লৈ ভানখন কিনিছিল। তাৰে কিস্তি এতিয়াও পৰিশোধ কৰিব আছে। যোৱাবছৰ এক একৰ মাটিত ধানখেতি কৰি পৰিয়ালটো চলিছিল, পিছলৈ ঋণো লৈছিল। তেওঁ ৰহমানক কয়, “উপাৰ্জনক্ষম হৈ উঠিলেই লাহে লাহে ঋণবোৰ পৰিশোধ কৰিম।”

অনুবাদ: পংকজ দাস

Subuhi Jiwani

सुबुही जिवानी पीपल्स अर्काइव्ह ऑफ रुरल इंडियासोबत कॉपी एडिटर म्हणून काम करतात.

यांचे इतर लिखाण सुबुही जिवानी
Haiyul Rahman Ansari

Haiyul Rahman Ansari, originally from Asarhia village in Jharkhand’s Chatra district, has worked as a video editor in Mumbai for a decade.

यांचे इतर लिखाण Haiyul Rahman Ansari
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das