গৌৰী পাৰমাৰৰ কণ্ঠত লুকাই থকা শ্লেষ আৰু তিক্ততা স্পষ্ট হৈ পৰে যেতিয়া তেওঁ এইদৰে কয়, "ক’ত নিষিদ্ধ হৈছে সুৰা?"
গৌৰীয়ে লগতে কয়, "হয়তোবা এয়া এক প্ৰৱঞ্চনা নতুবা মোৰ গাওঁখন গুজৰাটত নাই। মোৰ গাঁৱৰ মানুহে বহুবছৰ ধৰি সুৰাপান কৰি আহিছে৷" তেওঁৰ গাওঁখন ৰোজিদ গুজৰাটৰ বটাড জিলাত অৱস্থিত।
গুজৰাট হৈছে ভাৰতৰ তিনিখন 'ড্ৰাই ষ্টেট'ৰ ভিতৰৰ অন্যতম এখন য'ত সাধাৰণ নাগৰিকক সুৰা ক্ৰয় বা পান কৰিবলৈ অনুমতি দিয়া নহয়। গুজৰাট নিষিদ্ধকৰণ (সংশোধনী) আইন, ২০১৭-ৰ অধীনত, সুৰাৰ উৎপাদন আৰু বিক্ৰীৰ বাবে ১০ বছৰৰ কাৰাবাসৰ ব্যৱস্থা আছে।
অৱশ্যে, পঞ্চাশ বৰ্ষীয় গৌৰীয়ে ত্ৰিশ বছৰ পূৰ্বে বিবাহসূত্ৰে ৰোজিদত উপস্থিত হোৱাৰ পিছৰে পৰা এই আইন উলংঘনৰ সাক্ষী হৈ আহিছে। স্থানীয় লোকসকলে কেৱল দেশীয় সুৰা প্ৰস্তুত কৰাই নহয়, বৰঞ্চ আগ্ৰহী গ্ৰাহকসকলক পলিথিনৰ মোনাত বিক্ৰীও কৰে।
এই নকল সুৰা প্ৰস্তুত কৰাৰ পৰিণাম সুদূৰপ্ৰসাৰী আৰু মাৰাত্মক। নকল সুৰা নিৰ্মাতাসকলে ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আৰু পৰিমাণ বৃদ্ধি কৰিবলৈ বহুতো মাৰাত্মক নিচাযুক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। "তেওঁলোকে ইয়াত তৰল চেনিটাইজাৰ, ইউৰিয়া আৰু মিথানল মিহলি কৰে", গৌৰীয়ে কয় ৷
২০২২ চনৰ জুলাই মাহত গুজৰাটত এনেধৰণৰ বিষাক্ত সুৰাপান কৰি ৪২ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১০০ জন লোকক আহমেদাবাদ, ভাৱনগৰ আৰু বটাড জিলা চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। নিহতসকলৰ এঘাৰজন কেৱল ৰোজিদ গাঁৱৰ আছিল যিখন বটাড জিলাৰ বৰৱালা তালুকাত অৱস্থিত।
‘‘মোৰ ল’ৰা বাসৰামো মৃত্যু হোৱাসকলৰ মাজৰ এজন’’, গৌৰীয়ে কয়৷ ত্ৰিশ বছৰীয়া বাসৰাম তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল৷ পৰিয়ালত তেওঁৰ পত্নী আৰু চাৰি আৰু দুই বছৰীয়া দুটা সন্তানো আছিল। তেওঁৰ পৰিয়ালটো গুজৰাটত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত বাল্মীকি সম্প্ৰদায়ৰ।
গৌৰীয়ে ২৫ জুলাই, ২০২২ৰ পুৱাৰ কথা সোঁৱৰণ কৰে। বাসৰামে অস্বস্তি অনুভৱ কৰি আছিল আৰু তেওঁৰ উশাহ চুটি হৈ পৰিছিল। পৰিয়ালৰ লোকে তেওঁক বৰৱালাৰ এখন ব্যক্তিগত ক্লিনিকলৈ লৈ গৈছিল৷ চিকিৎসকে তেওঁলোকক কৈছিল যে তেওঁৰ প্ৰয়োজনীয় চিকিৎসাৰ সুবিধা তাত নাই। বাসৰামক তেতিয়া বৰৱালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। গৌৰীয়ে কয়, "তাত চিকিৎসকসকলে তেওঁক এটা বেজী দিছিল আৰু কিছু সময়ৰ বাবে চেলাইন ড্ৰিপত ৰাখিছিল।" "দুপৰীয়া ১২:৩০ বজাত তেওঁলোকে আমাক বটাডৰ জিলা চিকিৎসালয়লৈ তেওঁক লৈ যাবলৈ কৈছিল।"
চিকিৎসালয়খনলৈ আছিল ৪৫ মিনিটৰ বাট, আৰু বাসৰামে সমগ্ৰ পথছোৱাত বুকুৰ বিষৰ অভিযোগ কৰি গৈছিল। গৌৰীয়ে কয়, "তেওঁ কৈছিল যে তেওঁৰ উশাহ লোৱাত অসুবিধা হৈছে।" "তেওঁ বমিও কৰি আছিল।"
বটাড জিলা চিকিৎসালয়ত তেওঁক চিকিৎসকে কি হৈছিল কোৱা নাছিল। কোনো কথা-বতৰাও হোৱা নাছিল, গৌৰীয়ে কয়। যেতিয়া তেওঁ চিকিৎসকক সুধিছিল, তেওঁক ৱাৰ্ড এৰি যাবলৈ কোৱা হৈছিল।
চিকিৎসকসকলে বাসৰামৰ বুকুখন পাম্প কৰি থকাটো গৌৰীয়ে অসহায়ভাৱে চাই ৰৈছিল। তেওঁ জানিছিল যে সুৰাই পুতেকৰ এই অৱস্থা কৰিছে, কিন্তু ইয়াৰ ফলত পুতেকৰ কিমান ক্ষতি হৈছে সেয়া তেওঁ নাজানিছিল। "মই তেওঁলোকক সুধি আছিলোঁ যে কি হৈছে, কিন্তু তেওঁলোকে মোক একো কোৱা নাছিল। যেতিয়া আপোনাৰ পুত্ৰ চিকিৎসালয়ত চিকিৎসাধীন হয়, আপুনি বিচাৰে যে চিকিৎসকসকলে আপোনাৰ সৈতে কথা পাতক, আনকি বেয়া খবৰ হ'লেও," তেওঁ এইদৰে কয়।
ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ প্ৰতি চিকিৎসকৰ অস্বীকাৰমূলক মনোভাৱ - বিশেষকৈ দৰিদ্ৰ লোক আৰু বঞ্চিত সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি, সেয়া অস্বাভাৱিক নহয়। গৌৰীয়ে কয়, "কোনেও দৰিদ্ৰলোকৰ প্ৰতি মনোযোগ নিদিয়ে।"
সেয়েহে ৰোগীৰ অধিকাৰ আৰু দায়বদ্ধতাৰ চনদত (আগষ্ট ২০২১-ত ৰাষ্ট্ৰীয় নিদানিক প্ৰতিষ্ঠান পৰিষদৰ দ্বাৰা অনুমোদিত) কোৱা হৈছে যে ৰোগী বা তেওঁলোকৰ প্ৰতিনিধিৰ "ৰোগৰ প্ৰকৃত কাৰণৰ বিষয়ে পৰ্যাপ্ত প্ৰাসংগিক তথ্য" লাভ কৰাৰ অধিকাৰ আছে। চাৰ্টাৰে লগতে কয় যে সামাজিক সম্প্ৰদায়ৰ (যেনে অৰ্থনৈতিক স্থিতি বা জাতি) ওপৰত ভিত্তি কৰি চিকিৎসাত কোনো বৈষম্য থাকিব নোৱাৰে।
গৌৰীক ৱাৰ্ড এৰি যাবলৈ কোৱাৰ কেইঘণ্টামান পিছত জিলা চিকিৎসালয়ৰ চিকিৎসকসকলে বাসৰামক বটাডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল – তেওঁৰ পৰিয়ালক কিন্তু এইবিষয়ে অৱগত কৰা হোৱা নাছিল। তালৈ স্থানান্তৰিত হোৱাৰ পিছত সেইদিনাই সন্ধিয়া ৬.৩০ বজাত বাসৰামৰ মৃত্যু হয়।
গৌৰীয়ে পুনৰাই কয়, "সুৰা নিষিদ্ধ কৰাটো এটা কৌতুকৰ দৰে।" "গুজৰাটৰ সকলোৱে সুৰাপান কৰে। কিন্তু মৃত্যু হয় কেৱল দৰিদ্ৰ লোকৰহে।"
চাৰি দশকৰো অধিক সময় ধৰি গুজৰাটত বিষাক্ত সুৰা জনস্বাস্থ্যৰ বাবে এটা সমস্যা হৈ আহিছে। বিষাক্ত সুৰাপানৰ ফলত বিগত বছৰবোৰত শ শ লোকৰ মৃত্যু ঘটিছে। ২০০৯ চনৰ জুলাই মাহত আহমেদাবাদ জিলাত ১৫০ জন লোকৰ মৃত্যু হোৱাৰ সময়ত আটাইতকৈ দুখজনক দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুটা দশক পূৰ্বে, ১৯৮৯ চনৰ মাৰ্চ মাহত ভদোদৰা জিলাত ১৩৫ জন লোকৰ মৃত্যু হৈছিল। ১৯৭৭ চনত আহমেদাবাদত প্ৰথমবাৰৰ বাবে গণমৃত্যু হৈছিল – চহৰখনৰ চাৰংপুৰ দৌলতখানা অঞ্চলত ১০১ জন লোক মৃত্যুমুখত পৰিছিল। এই প্ৰতিটো ঘটনাতে মিথাইল এলকহলৰ (মিথানল) উচ্চ ঘনত্ব কাৰক হিচাপে চিনাক্ত কৰা হৈছিল।
সুৰা প্ৰস্তুত কৰাৰ বাবে কোনো নিৰ্দিষ্ট মানক নাই। দেশীয় সুৰা সাধাৰণতে গুড়ৰ কিন্বন আৰু পাতন বা উদ্ভিদৰ নিষ্কাশনৰ দ্বাৰা নিৰ্মাণ কৰা হয়। কিন্তু চাহিদা যেতিয়া অধিক হয়, নকল সুৰা প্ৰস্তুতকাৰীসকলে ইয়াত ঔদ্যোগিক ইথাইল এলকহল যোগ দিয়ে যিটো হেণ্ড চেনিটাইজাৰত থাকে, আৰু আনকি অত্যধিক বিষাক্ত মিথানলো যোগ কৰে।
পৰ্যবেক্ষকসকলে কয় যে এই মৃত্যুৰ খেলৰ ই কেৱল এটা সামান্য অংশহে।
আহমেদাবাদস্থিত এজন জ্যেষ্ঠ সমাজবিজ্ঞানী ঘনশ্যাম শ্বাহে কয় যে সুৰাৰ প্ৰচলন হৈছে এক ব্যৱসায় য'ত আৰক্ষী আৰু ৰাজনীতিবিদ উভয়েই জড়িত থাকে (নকল সুৰা প্ৰস্তুতকাৰীৰ উপৰিও)।
২০০৯ চনৰ ঘটনাৰ পিছত ন্যায়াধীশ কে.এম. মেহতাৰ অধ্যক্ষতাত অনুষ্ঠিত লাত্থা (বিষাক্ত সুৰা) তদন্ত আয়োগকে ধৰি বিষাক্ত সুৰাৰ তদন্ত আৰু প্ৰতিৰোধৰ বাবে গঠন কৰা ক্ৰমাগত চৰকাৰী তদন্ত আয়োগে নিষিদ্ধকৰণ নীতিৰ অকাৰ্যকৰী ৰূপায়ণৰ ওপৰত আলোকপাত কৰিছে।
চাৰি দশকৰো অধিক সময় ধৰি গুজৰাটত সুৰাৰ বিষক্ৰিয়াই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিষাক্ত সুৰাপানৰ ফলত বিগত বৰ্ষসমূহত শ শ লোকৰ মৃত্যু ঘটিছে। ২০০৯ চনৰ জুলাই মাহত আটাইতকৈ দুখজনক বিষাক্ত সুৰাৰ কৰুণ ঘটনাটো সংঘটিত হৈছিল
গুজৰাটত কেৱল স্বাস্থ্যগত ভিত্তিত সুৰা সেৱনৰ অনুমতি দিয়া হয় আৰু সেয়া তেতিয়াহে সম্ভৱ যদিহে এজন চিকিৎসকে ইয়াৰ বাবে প্ৰেছক্ৰিপচন দিয়ে। অৱশ্যে ৰাজ্যৰ বাহিৰৰ পৰ্যটকসকলৰ বাবে সুৰা উপলব্ধ৷ তেওঁলোকে অনুমোদনপ্ৰাপ্ত দোকানত ইয়াক ক্ৰয় কৰাৰ বাবে অস্থায়ী অনুমতি লাভ কৰিব পাৰে।
শ্বাহে কয়, "মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ বাবে সুৰা নিৰ্ধাৰিত হাৰত উপলব্ধ।" "দৰিদ্ৰসকলে এই ব্যয় বহন কৰিব নোৱাৰে। সেয়েহে তেওঁলোকে গাঁৱত তৈয়াৰী সস্তীয়া সুৰা সেৱন কৰে।"
চিকিৎসকে কয় যে নকল সুৰাই সুৰাপায়ীজনক তৎক্ষণাৎ হত্যা নকৰিলেও ই সুৰাপায়ীজনৰ দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে, মুৰ্চা যাব পাৰে তথা মগজু আৰু যকৃতৰ স্থায়ীভাৱে ক্ষতি কৰিব পাৰে।
দুৰ্ভাগ্যবশতঃ, গুজৰাটৰ ৰাজহুৱা চিকিৎসা আন্তঃগাঁথনি এই সমস্যা মোকাবিলা কৰাৰ বাবে সুসজ্জিত নহয়।
চাবলৈ গ’লে আৰম্ভণিৰে পৰা জিলা চিকিৎসালয়সমূহ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে জৰুৰীকালীন যত্নৰ বাবে পৰ্যাপ্ত নহয়। দেশৰ জিলা চিকিৎসালয়সমূহৰ কৰ্মদক্ষতা সন্দৰ্ভত নিটি আয়োগৰ ২০২১ চনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে গুজৰাটত প্ৰতি ১ লাখ জনসংখ্যাৰ বাবে গড়ে ১৯ খন বিচনাহ উপলব্ধ। এয়া ৰাষ্ট্ৰীয় গড়ৰ ২৪তকৈও কম।
আৰু জিলা আৰু উপ-জিলা চিকিৎসালয়ত চিকিৎসকৰো অভাৱ৷ এই চিকিৎসালয়সমূহৰ ভিতৰত গুজৰাটৰ গ্ৰামাঞ্চলত মুঠ ৭৪ খন আছে। গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা (২০২০-২১) অনুসৰি, মুঠ স্বীকৃত ৭৯৯ টা পদৰ বিপৰীতে মাত্ৰ ৫৮৮ জনহে চিকিৎসক আছে।
ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ৩৩৩ টা সামূহিক স্বাস্থ্য কেন্দ্ৰত (চিএইচচি) ১,১৯৭ জন বিশেষজ্ঞ চিকিৎসকৰ অভাৱ: এই সমূহৰ ভিতৰত শল্য চিকিৎসক, প্ৰসূতি বিশেষজ্ঞ-স্ত্ৰীৰোগ বিশেষজ্ঞ, সাধাৰণ চিকিৎসক আৰু শিশু ৰোগ বিশেষজ্ঞ অন্তৰ্ভূক্ত।
দিন হাজিৰা কৰি খোৱা খেতিয়ক চৌবিশ বছৰীয়া কৰণ বীৰগামাই ২০২২ চনৰ ২৬ জুলাইত তেওঁৰ দেউতাকক ভাৱনগৰৰ অসামৰিক চিকিৎসালয় ছাৰ টি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে পৰিশ্ৰমৰ অতিৰিক্ত বোজাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। তেওঁ কয়, "চিকিৎসালয়খনত ইমানেই ভিৰ আছিল যে আমি ক'লৈ যাব লাগে জনা নাছিলো।" "কৰ্মচাৰীসকল ব্যস্ত আছিল আৰু কোনেও কি কৰিব লাগে নাজানিছিল।"
লাত্থা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ২০০৯ চনত সুৰা সম্পৰ্কীয় মৃত্যুৰ মোকাবিলা কৰিবলৈ কোনো জৰুৰীকালীন প্ৰস্তুতি কৰা হোৱা নাছিল, বিশেষকৈ দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক সময়ত। আয়োগে মিথানল বিষক্ৰিয়াৰ বাবে চিকিৎসা প্ৰট’কলৰ অভাৱৰ ওপৰতো আলোকপাত কৰিছিল।
কৰণৰ ৪৫ বৰ্ষীয় খেতিয়ক দেউতাক ভুপদভায়েও একে ধৰণৰ সুৰাপান কৰিছিল যাৰ বাবে ৰোজিদৰ আন বহুলোকে চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। সেইদিনা ৰাতিপুৱা ৬ বজাত, তেওঁ অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু উশাহ লোৱাত সমস্যা পাইছিল।
যেতিয়া কৰণে তেওঁক চিএইচচি বাৰৱালালৈ লৈ গৈছিল, চিকিৎসা কৰ্মীসকলে আনকি ভুপদভাইৰ ফালে লক্ষ্যও কৰা নাছিল আৰু তেওঁক পোনপটীয়াকৈ ভাৱনগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। তেওঁলোকে জানিছিল যে এটা গোটৰ সুৰাপানে মানুহক ৰুগীয়া কৰি তুলিছে। কৰণে কয়, "তেওঁলোকে জানিছিল যে সমস্যা কি আছিল। "সময় অপচয় কৰাৰ পৰিৱৰ্তে চিএইচচিয়ে আমাক ভাৱনগৰলৈ যাবলৈ কৈছিল। সুবিধাৰ ক্ষেত্ৰত ইয়াতকৈ ভাল বিকল্প আমাৰ বাবে সেই সময়ত আন একো নাছিল।"
কিন্তু প্ৰায় আশী কিলোমিটাৰ দূৰত থকা চিকিৎসালয়খনলৈ যাবলৈ সময় লাগে দুঘণ্টা। "ৰোজিদৰ পৰা ভাৱনগৰলৈ যোৱা পথটোৰ অৱস্থা বৰ এটা ভাল নহয়। সেয়েহে দুঘণ্টা সময় লাগে," অঞ্চলটোত ১০৮ এম্বুলেঞ্চ চলোৱা চালক পৰেশ দুলেৰাই এইদৰে কয়।
দুলেৰাই যেতিয়া ভুপদভাইক গাড়ীৰে আনিব গৈছিল, ৰোগীজনক ষ্ট্ৰেচ্ছাৰৰ প্ৰয়োজন হোৱা নাছিল, তেওঁ সেই কথা মনত পেলাই এইদৰে কয়, "তেওঁ বিশেষ সহায় অবিহনে এম্বুলেঞ্চৰ ভিতৰত বহিছিল।"
ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰিত্ব মডেলৰ অন্তৰ্গত এম্বুলেঞ্চ সেৱাই জৰুৰীকালীন অৱস্থাত চিকিৎসা সেৱা প্ৰদান কৰে। দুলেৰাই কয় যে এই সেৱাত এগৰাকী সহায়ক নাৰ্ছ, এগৰাকী প্ৰশিক্ষিত নাৰ্ছ, অক্সিজেন চিলিণ্ডাৰ, চেলাইন বটল আৰু বেজী অন্তৰ্ভুক্ত কৰা হৈছে।
চিকিৎসালয়ত হোৱা বিশৃংখলতাৰ মাজতে ভুপদভাইক ইণ্টেনছিভ কেয়াৰ গোটত ভৰ্তি কৰোৱা হৈছিল। কৰণে কয়, "কৰ্মচাৰীসকলে তেওঁক ভিতৰলৈ লৈ গৈছিল, কিন্তু অত্যাধিক ভিৰ হোৱাৰ বাবে আমি একো সুধিব পৰা নাছিলো। এঘণ্টাৰ পিছত, আমাক কোৱা হৈছিল যে তেওঁৰ মৃত্যু হৈছে। আমি বিশ্বাস কৰিব পৰা নাছিলো।" তেওঁ বাৰে বাৰে পুনৰাবৃত্তি কৰি কয় যে তেওঁৰ দেউতাক এম্বুলেঞ্চত বহাৰ সময়ত সম্পূৰ্ণ সুস্থ আছিল।
"মই জানো তেওঁ নাই," কৰণে কয়। "কিন্তু মই জানিব লাগিব যে তেওঁৰ স্বাস্থ্য ইমান দ্ৰুতগতিত কেনেকৈ বা কিয় অৱনতি ঘটিছিল। আমাক [পৰিয়ালটোক] এয়া মুকলিকৈ জনোৱাটো প্ৰয়োজন।" ভুপদভাইৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত তেওঁৰ পৰিয়ালক জনোৱা হোৱা নাই।
ভুপদভাইৰ মৃত্যুৰ দুমাহ পিছতো পৰিয়ালটোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাছিল।
২০২২ চনৰ ২৭ জুলাই পৰ্যন্ত, আৰক্ষীয়ে মিথানল আহৰণৰ পৰা আৰম্ভ কৰি নকল সুৰা তৈয়াৰ আৰু বিক্ৰী কৰাৰ বাবে ১৫ জন লোকক আটক কৰিছিল । ২৯ জুলাইত ৰাজ্যজুৰি নকল সুৰা প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ এক বৃহৎ অভিযানৰ প্ৰতিবেদন অনুযায়ী ফলত ২,৪০০ৰো অধিক লোক গ্ৰেপ্তাৰ হয় আৰু ১.৫ কোটি টকাৰ নকল সুৰা জব্দ কৰা হৈছে।
বটাডত আৰক্ষীৰ সক্ৰিয়তাৰ বিপৰীত পৰিণাম প্ৰত্যক্ষ হৈছে: ঘৰতে প্ৰস্তুত কৰা সুৰাৰ পেকেট যিটো পূৰ্বে ২০ টকাত পোৱা গৈছিল, এতিয়া তাৰ মূল্য ১০০ টকা হৈছে।
পাৰ্থ এম.এন .-য়ে ঠাকুৰ ফেমিলী ফাউণ্ডেচনৰ এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে । ঠাকুৰ ফেমিলি ফাউণ্ডেচনে এই প্ৰতিবেদন ত উল্লিখিত বিষয়বস্তুৰ ওপৰত কোনো সম্পাদকীয় নিয়ন্ত্ৰণ প্ৰয়োগ কৰা নাই।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ