১৯৬৮ৰ ডিচেম্বৰৰ শেষৰটো সপ্তাহত ভেনমনি গাঁৱৰ কিলভেনমনি চুবুৰীত অত্যাচাৰী জমিদাৰবোৰৰ বিৰুদ্ধে তুঁহজুইৰ দৰে জ্বলি থকা শ্ৰমিকসকলৰ সংঘবদ্ধ সংগ্ৰামে টগবগ কৰিছিল। তামিলনাডুৰ নাগাপাট্টিনাম জিলাৰ সেই গাওঁখনৰ ভূমিহীন দলিত শ্ৰমিকে উচিত মজুৰি, খেতিপথাৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিছিল আৰু সামন্তবাদী শোষণৰ ওৰ পৰাটো বিচাৰিছিল। জমিদাৰবোৰে কি সঁহাৰি দিছিল? চুবুৰীটোৰ ৪৪ জন দলিত শ্ৰমিকক তেওঁলোকে জীৱন্তে জ্বলাই এঙাৰ কৰি পেলাইছিল। অনুসূচিত জাতিৰ লোকসকলৰ মাজত নতুন ৰাজনৈতিক জাগৰণ দেখি ধনিক আৰু ক্ষমতাশালী জমিদাৰবোৰ ক্ৰোধিত হৈ কেৱল চুবুৰীয়া গাঁৱৰ পৰা শ্ৰমিক আনি কামত লগোৱাই নহয়, এক বিশাল গণ প্ৰতিশোধৰো চক্ৰান্ত ৰচিছিল।

২৫ ডিচেম্বৰৰ নিশা কোনেও কেনি ওলাই যাব নোৱাৰকৈ চুবুৰীটো চাৰিওদিশৰ পৰা ঘেৰি ধৰি জমিদাৰবোৰে আক্ৰমণ চলায়। প্ৰাণৰ ভয়ত পঁজা এটাত গৈ আশ্ৰয় লোৱা ৪৪ জন শ্ৰমিকক বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি আক্ৰমণকাৰীয়ে জুই লগাই দিয়ে। তেনেদৰে কৰুণ মৃত্যুক সাৱতি লোৱাসকলৰ আধাখিনি- ১১ জনী ছোৱালী আৰু ১১ জন ল’ৰাৰ বয়স ১৬ বছৰো হোৱা নাছিল। দুজনৰ বয়স ৭০ উৰ্দ্ধ আছিল। আটাইকেইজনৰ ভিতৰত ২৯ গৰাকী মহিলা আৰু ১৫ গৰাকী পুৰুষ আছিল। আটাইকেইজন দলিত সম্প্ৰদায়ৰ আছিল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সমৰ্থক আছিল।

১৯৭৫ত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে উক্ত হত্যাকাণ্ডৰ গোচৰৰ ২৫ জন অভিযুক্তক নিৰ্দোষী বুলি ৰায় দিয়ে। কিন্তু এই অমানুষিক অত্যাচাৰৰ ধাৰাক কলমেৰে ধৰি ৰখা অন্যতম বুৰঞ্জী লেখক মৈথিলী শিৱৰমণৰ শক্তিশালী আৰু বিস্তৃত বিশ্লেষণে সেই গণহত্যাক পোহৰলৈ অনাই নহয়, তাৰ অন্তৰালত থকা শ্ৰেণী আৰু জাতিগত নিপীড়নৰ সমস্য়াবোৰো উন্মোচিত কৰে। ৮১ বছৰ বয়সত মৈথিলী শিৱৰমণ ক’ভিড-১৯ আক্ৰান্ত হৈ দেহাৱসান ঘটা এই সপ্তাহটোতে আমি সেই কৰুণ ঘটনাৰ ওপৰত লিখা কবিতাটো প্ৰকাশ কৰিছো।

সুধান্বা দেশপাণ্ডেৰ কণ্ঠত কবিতাটোৰ আবৃত্তি ইয়াতে শুনিব পাৰে

চৌচল্লিছটা বজ্ৰকঠিন হাতৰ মুঠি

চাল নোহোৱা পঁজা
বেৰ নোহোৱা পঁজা
ধূলিস্যাৎ
ভস্মীভূত পঁজা।

৪৪টা বজ্ৰকঠিন হাতৰ মুঠি
শাৰী পাতি আছে ছেৰিত,
কোপিত সোঁৱৰণি হৈ,
বুৰঞ্জীৰ ৰণনিনাদ হৈ,
শীতল, অগ্নিময় চকুলো হৈ,
২৫ ডিচেম্বৰ, ১৯৬৮ৰ
দূৰ্ভাগ্যই লগ দিয়া নিশাটোৰ সাক্ষী হৈ
যিটো বৰদিন আনন্দৰ নাছিল
সেই ৪৪ টাৰ সাধু,
এটা এটাকৈ আটাইবোৰ সাধু।

চাল নোহোৱা পঁজা
বেৰ নোহোৱা পঁজা
ধূলিস্যাৎ
ভস্মীভূত পঁজা।

মানস-পটত ভাঁহি উঠা সেই চাৰিভাগ শইচ।
সিহঁতে কৈছিল,
চাৰি ভাগেৰে নোজোৰে, চাৰি ভাগেৰে নোজোৰে
ইমানবোৰ ভূমিহীন আৰু ভোকাতুৰক খাবলৈ নোজোৰে।
আহাৰৰ ভোক, ভূমিৰ ভোক।
শস্যৰ ভোক, শিপাৰ ভোক,
ভাগি পেলোৱা কঁকাল পোনোৱাৰ ভোক,
সিহঁতৰ শ্ৰম, ঘাম, পৰিশ্ৰমৰ ফলৰ ভোক।
ডাঙৰ জাতিৰ চুবুৰীয়াই, মহাজনে
সত্যক দেখক, সেই ভোক।

চাল নোহোৱা পঁজা
বেৰ নোহোৱা পঁজা
ধূলিস্যাৎ
ভস্মীভূত পঁজা।

সিহঁতৰ কিছুমানে পিন্ধি আছিল ৰঙা
হাতত এখন কাঁচি আৰু এটা হাতুৰী
মনত কিছু চিন্তা।
সিহঁত আছিল দুখীয়া, সিহঁত আছিল ক্ষুব্ধ
দলিত পুৰুষ আৰু নাৰী,
সিহঁত আছিল শ্ৰমিকবোৰৰ সাহিয়াল সন্তান।
সিহঁতে ক’লে, আমি আটায়ে জোঁট বান্ধোহঁক
মহাজনৰ পথাৰত নচপাওঁ খেতি।
দুখৰ মালিতাবোৰ গাওঁতে সিহঁতে ভূকে নাপালে
খেতি কাৰ আছিল, কোনেনো দাব লাগিছিল।

চাল নোহোৱা পঁজা
বেৰ নোহোৱা পঁজা
ধূলিস্যাৎ
ভস্মীভূত পঁজা।

সদা ধুৰ্ত্ত মহাজনহঁত
স্বাৰ্থৰ অংক কৰা নিৰ্দয়ী লোক।
সিহঁতে চুবুৰীয়া গাৱঁৰ পৰা কিছুমানক ভাৰাত আনিলে
“ক্ষমা ভিক্ষা কৰ,” সিহঁতে হুংকাৰ দিলে।
“কিহৰ বাবে?” শ্ৰমিকে উভতি ধৰিলে।
সেই দায়তে মহাজনহঁতে সিহঁতক তলা মাৰি থ’লে
ভয়াৰ্ত পুৰুষ, আবাল-বৃদ্ধ-বনিতা
মুঠ ৪৪ জনক হেঁচি হেঁচি ভৰাই লোৱা হ’ল এটা পঁজাত।
গুলি চলিল, জ্বলাই দিয়া হ’ল
সেই দুপৰ নিশা
আৱদ্ধ হৈ পৰা সিহঁত
জ্বলি জ্বলি অঙঠা হ’ল
২২ টা শিশু ১৮ গৰাকী নাৰী ৪ জন পুৰুষ
পাশৱিক হত্যাৰ হিচাপ ওলাল
কিলভেনমনিৰ সেই গণহত্যা।
এতিয়া সিহঁত জীয়াই আছে খবৰ কাকতৰ টুকুৰাত,
উপন্যাস আৰু গৱেষণাৰ আলোচনীৰ পাতবোৰত

চাল নোহোৱা পঁজা
বেৰ নোহোৱা পঁজা
ধূলিস্যাৎ
ভস্মীভূত পঁজা।

* ছেৰিঃ পাৰম্পৰিকভাৱে তামিলনাডুৰ গাওঁবোৰ দুটা উৰ বা চুবুৰীত বিভক্ত, এটা য’ত প্ৰভূত্ত্বশীল শ্ৰেণীৰ বসতি আৰু আন এটা হৈছে ছেৰি, তাত দলিতসকলে থাকে

*  চাল নোহোৱা পঁজা / বেৰ নোহোৱা পঁজা / ধূলিস্যাৎ / ভস্মীভূত পঁজা- কবিতাটোত বাৰে বাৰে দোহৰা এই স্তৱকটো ইকনমিক এণ্ড পলিটিকেল ৱিকলিৰ ২৬ মে’, ১৯৭৩ৰ ভলিউম ৮, নং ২৩ৰ ৯২৬-৯২৮ পৃষ্ঠাত প্ৰকাশিত মৈথিলী শিৱৰমণৰ দ্বাৰা ১৯৬৮ৰ গণহত্যাৰ ওপৰত ৰচিত জেণ্টলমেন কিলাৰ্চ অৱ কিলভেনমনি শীৰ্ষক প্ৰৱন্ধৰ আৰম্ভণিৰ ভাগৰ পৰা তুলি অনা হৈছে।

* এই শাৰীকেইটাও মৈথিলী শিৱৰমণৰ গ্ৰন্থ হণ্টেড বাই ফায়াৰঃ কাষ্ট , ক্লাচ, এক্সপ্লইটেচন এণ্ড ইমেনছিপেচন , লেফটৱৰ্ড বুকচ্, ২০১৬ৰ পৰা উদ্ধৃত।

শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেতা আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক তথা ‘লেফটৱৰ্ড বুকচ’ৰ এগৰাকী সম্পাদক

কবিতাৰ অনুবাদঃ ৰুবী বৰুৱা দাস

অনুবাদঃ পংকজ দাস

Poem and Text : Sayani Rakshit

Sayani Rakshit is studying for a Master’s degree in Mass Communication at Jamia Milia Islamia University, New Delhi

यांचे इतर लिखाण Sayani Rakshit
Painting : Labani Jangi

मूळची पश्चिम बंगालच्या नादिया जिल्ह्यातल्या छोट्या खेड्यातली लाबोनी जांगी कोलकात्याच्या सेंटर फॉर स्टडीज इन सोशल सायन्सेसमध्ये बंगाली श्रमिकांचे स्थलांतर या विषयात पीएचडीचे शिक्षण घेत आहे. ती स्वयंभू चित्रकार असून तिला प्रवासाची आवड आहे.

यांचे इतर लिखाण Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

यांचे इतर लिखाण Rubee Barooah Das