তাইৰ কন্যাজনীৰ তুলিখনৰ ওপৰত থকা আলমাৰীটোৰ দ্বিতীয় খলপৰ পৰা এখন পুৰণি কিতাপ উলিয়াই আনিলে। এগৰাকী মহিলা, যিয়ে এই অঞ্চলৰ ল'ৰা-ছোৱালীৰ বাবে এখন বিদ্যালয় আৰু নৈশ আশ্ৰয়গৃহ পৰিচালনা কৰে, তেৱেই এই একমাত্ৰ কিতাপখন তাইক দিছিল। তেওঁ সেই শিশুটোৰ পঢ়াৰ প্ৰতি আগ্ৰহ দেখিছিল আৰু তাইক সেই কিতাপখন দিছিল। "মা মই তোমাক এটা সাধু পঢ়ি শুনাওঁ নে?" ন বছৰীয়া পিংকীয়ে হাতত উৱলি যোৱা কিতাপখন লৈ মাকৰ কাষতে বহিছিল, আৰু মাকৰ উত্তৰলৈ অপেক্ষা নকৰাকৈয়ে তাইৰ প্ৰিয় গল্প - 'দ্য পেপাৰবেগ প্ৰিন্সেচ' পঢ়িবলৈ আৰম্ভ কৰিছিল |

পিংকীয়ে ঘৰ বুলি কোৱা সেই অতি ক্ষুদ্ৰ, বাকচৰ দৰে কোঠাটোৰ সমগ্ৰ ঠাইখিনি এখন গোন্ধাই থকা অসমান গাদীয়ে আগুৰি আছিল যিখনৰ ওপৰত তাই মাকৰ সৈতে শোৱে। সীতাই তাইৰ ল'ৰা ছোৱালীকেইজনী ঘৰ দিবলৈকে এইটোৰ বাবদ মাহে ৬০০০ টকা দিব লাগিছিল - এটা ঘৰৰ নামত এখন ক্ষমাপত্ৰ। ঘৰটোৱে সুৰক্ষাও নিদিছিল আৰু তাত উমো পোৱা নগৈছিল। বাস্তবিকতে ঘৰটো আৰু সেই ঠাণ্ডা পথটোৰ অনুভৱৰ মাজত কোনো পাৰ্থক্য নাছিল। সেই ঠাণ্ডা পথটোত য'ত এইচ.আই.ভি.ত আক্ৰান্ত ছোৱালীবোৰক ঘৰৰ মালিকনিয়ে ঘৰৰ পৰা উলিয়াই দিছিল। আনকি এই নতুন বেমাৰ (ক’ভিড-১৯)ৰ এই ক্ষমাহীন সময়বোৰেও তাইক বাধা দিয়া নাছিল। যোৱা সপ্তাহত সীতাৰ ভাল বন্ধু ৰৌশনীৰ পাল পৰিছিল। আগদিনা ৰাতি তাই ৰৌশনীক ৰাস্তাত শুই থকা দেখিছিল, যেতিয়া তাই বিপৰীত ফালে থকা ফুটপাথত এজন বিৰল গ্ৰাহক বিচাৰি ফুটপাথতে আছিল। তাই নিজকে বৰ্তমানলৈ ঘূৰাই আনিছিল। পেপাৰবেগৰ ৰাজকুমাৰী গৰাকীয়ে ইতিমধ্যে ৰাজকুমাৰক মুক্ত কৰাৰ বাবে ড্ৰেগনটোক খেদি ফুৰিছিল, আৰু তাইৰ ছোৱালীজনীৰ কথাখিনি শেষ হৈ অহা নাছিল। ঘৃণিত ৰাজকুমাৰজনৰ সৈতে চুড়াম্ত সাক্ষাতৰ আগত এতিয়াও সময় আছিল, সেয়ে সীতাই তাইৰ মনটোক পুনৰ ঘূৰি ফুৰিবলৈ অনুমতি দিছিল।

তাই আশাহীনভাৱে তাইৰ ১৫ বছৰীয়া পুত্ৰৰ বিষয়ে ভাবিছিল। তাই তেওঁৰ বিষয়ে চিন্তা কৰি ৰাতিবোৰ পাৰ কৰিছিল, বা তাক বিচাৰি আৰক্ষী থানাৰ পৰা ৰেল ষ্টেচনলৈ অভিযানত গৈছিল। এইটো তৃতীয়বাৰৰ বাবে সি কোনো আগজাননী নিদিয়াকৈ ঘৰ এৰি গৈছিল, আৰু এইবাৰ তেওঁ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে আঁতৰি আছিল। এটা ফোন কল অবিহনে এসপ্তাহ পাৰ হৈ গৈছিল। তাই জানিছিল যে তাৰ হৃদয়ৰ অস্থিৰতা, সি সন্মুখীন হোৱা পৰিস্থিতিবোৰ মানি ল’ব পৰা নাছিল, এই গলিটোৰ পৰা ওলাব পাৰিলেই ৰক্ষা, এই ভাৱত সি উৰি যাবলৈ চেষ্টা কৰিছিল। তাই এই সকলোবোৰ জানিছিল। তাই ২০ বছৰ আগৰ পৰা সেই বিশেষ ৰেলৰ টিকটটো চেলফত ৰখা প্লাষ্টিকৰ মোনাত ৰক্ষা কৰিছিল। তাইৰ বুকুখন বিষাইছিল। তাইৰ বয়সনো কিমান আছিল তেতিয়া, ১২ বছৰ হৈছিল...

পিঙ্কিৰ কাহিনীৰ সমাপ্তি ঘটিছিল...

সুধান্বা দেশপাণ্ডেয়ে কবিতাটো আবৃত্তি কৰা শুনিব পাৰে

Sex workers in Kamathipura have been struggling to give their children a life of dignity. Here is a poem inspired by two stories about the realities faced by these women caught in a pandemic of misery
PHOTO • Aakanksha

কামাঠিপুৰা

চাৰি বাই ছয়ৰ বাকচৰ দৰে সেই ঘৰটোত
আকাশখন ঠেক হৈ পৰিছিল
মলিয়ন ধূসৰ ৰঙৰ সেই বেৰবোৰত
পাখিহীন চৰাইৰ দেহটো নিথৰ পৰি আছিল
পৰিত্যক্ত সেই চেলফত
পৰি থকা ধূলিময় প্লাষ্টিকৰ মোনা
তাতে শ্বাসৰুদ্ধ হৈ ওলমি আছে আশা

কুৰুকি কুৰুকি সময়ৰ পুৰণি পচা গোন্ধ এটাৰ
অতীতৰ পৰা বৰ্তমানলৈ আগমন ঘটিছে
তাইৰ কামিহাড় ভাঁজ কৰি সোমাইছে
তাইৰ গাত শুকোৱা ঘাঁৰ চিন
তাই নিজে কৰা ধূসৰ এম্ব্ৰইডাৰী,
জোনাকত হাত জোকাৰি দিয়ে তাই
গালে-মুখে স্পৰ্শ কৰিব ৰূপালী আভাই
আন্ধাৰ আৰু অকলশৰীয়া ফুটপাথত
ফ’কলেণ্ড পথত
ইফালে তাইৰ পুত্ৰই জিঞাঁ খেদি যায়
ক্ষীণ পোহৰৰ এছফাল্ট পথত
ইফালে এখন ক’লা-বগা পৃথিৱীৰ
অচিন চহৰত
তাইৰ ছোৱালীজনীয়ে
গুলপীয়া ৰঙৰ সপোন দেখে

অডিঅ': সুধান্বা দেশপাণ্ডে এজন জননাট্য মঞ্চৰ এগৰাকী অভিনেতা আৰু পৰিচালক, আৰু লেফ্টৱৰ্ড বুকছৰ এগৰাকী সম্পাদক।

এই কবিতাটো যি দুটা ষ্ট’ৰিৰ পৰা অনুপ্ৰাণিত, সেই দুটা ষ্ট’ৰি পঢ়িব পাৰে: নৰ্তকীৰ সেই বেদনাক্লিষ্ট নূপুৰ আৰু ইমান দীঘলীয়া বাট, জীৱন চক্ৰবাত

অনুবাদ : ডঃ প্ৰণামী বৰা

Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Pranami Bora

Dr. Pranami Bora is a teacher by profession, she has previously worked with Assamese language newspapers in the capacity of sub-editor.

यांचे इतर लिखाण Pranami Bora