“মোৰ জন্মৰ দিনাই দেউতাই মোক জীৱন্তে পুতি পেলাব বিচাৰিছিল,”মঞ্জু সিঙে মোক ক’লে।“মোৰ মায়ে ছোৱালী জন্ম দিয়া বুলি শুনিয়েই দেউতাই জোৰকৈ চেৰাশালিলৈ সোমাই গৈছিল আৰু খিৰিকিবিহীন সেই কোঠাটোৰ কেঁচা মজিয়াত এটা গাঁত খান্দিবলৈ আৰম্ভ কৰিছিল।মোৰ নাড়ী কটা হৈছিলহে মাত্ৰ।ঠিক তেতিয়াই মোৰ মামাহঁতৰ আইতাই মোক লুকুৱাই লৈ পলাই গৈছিল।”

হাৰিয়ানাৰ ঘৰৰ বাহিৰৰ জুহালত কাঠৰ চৌকাটোত ৰাতিপুৱাৰ আহাৰ প্ৰস্তুত কৰি আছিল মঞ্জুৱে।সেয়া আছিল শীতৰ এটা ৰাতিপুৱা, দুটা ল’ৰাছোৱালীৰ মাক ৩৫ বছৰীয়া মঞ্জুৱে কামৰ মাজে মাজে কথাবোৰ কৈ গৈছিল। ২০১২ চনৰ ভাৰতৰ সদ্যপ্ৰকাশিত লোকপিয়লৰ প্ৰতিবেদনত এটা দুঃখবৰ আহিছিল, ল’ৰাৰ তুলনাত ছোৱালীৰ জন্মৰ হাৰ ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত ৯২৭ জনীৰ পৰা ৯১৯ জনীলৈ হ্ৰাস পাইছিল।


02-manju-in-the-kitchen-and-cooking-the-bread-SC-Manju-fights-to-change-the-script.jpg

“মই যে বাচি থাকিলো সেয়া এক আশ্বৰ্যৰ বাহিৰে আন একো নহয়,” পাকঘৰত কাঠখৰিৰ চৌকাত  ৰন্ধাবঢ়াত ব্যস্ত মঞ্জুয়ে ক’লে।


“মই যে বাচি থাকিলো সেয়া এক আশ্বৰ্যৰ বাহিৰে আন একো নহয়,” মঞ্জুয়ে কয়। “মোক জীয়াই ৰাখিবলৈ মোৰ মায়েও পলাই আহিবলগীয়া হৈছিল। আনকি মই ডাঙৰ হৈ অহা সময়ছোৱাতো মোৰ দেউতাই কেবাবাৰো মোক হত্যা কৰিবলৈ চেষ্টা চলাইছিল। তেঁও মোক গুৰুলা-গুৰুলকৈ কোবাইছিল।কিন্তু কেনেবাকৈ এই সকলোবোৰৰ মাজতো মই জীয়াই থাকিলো।মই তেনেকুৱাই জেদী আছিলো,” মঞ্জুয়ে হাঁহিলে।

কেবাটাও প্ৰজন্ম ধৰি ছড়কিপুৰ গাঁৱৰ সিং পৰিয়ালত এটিও কন্যা শিশুক জীয়াই থাকিবলৈ দিয়া হোৱা নাই।মঞ্জু যেতিয়া ১০ বছৰীয়া আছিল তেতিয়া মঞ্জুৰ দেউতাকে তেঁওক কৈছিল যে তেঁওৰ পেহীয়েকক ককাকে জীৱন্তে পুতি থৈছিল।কন্যা শিশুক জন্মৰ লগে লগে হত্যা কৰাটো তেঁওলোকৰ পৰিয়ালৰ এক পৰম্পৰাত পৰিণত হৈছে।কেবল পুত্ৰ শিশুকহে জীয়াই থাকিবলৈ দিয়াৰ নীতি নিষ্ঠুৰতাৰে মানি আহিছে পৰিয়ালটোৱে।


03-manju's-village-milestone-SC-Manju-fights-to-change-the-script.jpg

মঞ্জুৰ গাঁও ছড়কিপুৰলৈ যোৱাৰ পথত থকা দূৰত্ব নিৰ্দেশক এটি শিলাস্তম্ভ


সিং পৰিয়ালত বহু প্ৰজন্ম ধৰি ঘটি অহা এই ঘ্টনা একমাত্ৰ উদাহৰণ নহয়।কন্যা শিশু হত্যাৰ ঘটনা—সংস্কৃতি আৰু অৰ্থনীতিৰ এই দুৰ্ভাগ্যজনক সংগমৰ ঘটনা কেবাশতিকা জুৰি ভাৰতৰ কিছুমান প্ৰান্তত সংঘটিত হৈ আহিছে।হত্যাৰ ধৰণ অঞ্চলভেদে বেলেগ বেলেগ, কিন্তু ক’বলৈ গ’লে সকলোবোৰ সমানেই বীভৎস—শ্বাসনলী বন্ধ হৈ যোৱাকৈ শস্যৰ ভূচি খুৱাই দিয়া, চৰ্চৰণি খাবলৈ এমোকোৰা শুকান ভাত খুৱাই দিয়া, বিষক্ৰিয়া হ’বলৈ ধপাতমিহলি পানী খুৱাই দিয়া আদি।টেটু চেপি মৰা, খাবলৈ নিদিয়াকৈ ৰখা,অত্যধিক খাদ্য খুৱাই মৰা আদিৰ লগতে জীৱন্তে পুতি থোৱা—যি দুৰ্ভাগ্যজনক ঘ্টনাৰ পৰা মঞ্জু কথমপি ৰক্ষা পৰিছিল—সেইধৰণৰ নিষ্ঠুৰতাৰ ঘটনাও প্ৰায়ে ঘটিছিল।

পিছে আজিকালি এইবোৰ ঘটনা প্ৰায় বিৰল, যদিও একেবাৰেই নঘটাও নহয়।ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি ২০১৪ চনত দেশত কন্যা শিশু হত্যাৰ ১২১ টা ঘটনা সংঘটিত হৈছে।কিন্তু এসময়ত কন্যা শিশু হত্যাৰ ঘটনা ইমানেই বেছি আছিল যে ইয়াৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলগীয়া হৈছিল।১৯৭০ চনত অনুমোদন কৰা হৈছিল কন্যা শিশু হত্যা প্ৰতিৰোধমূলক আইন।পিছে এই আইনে কন্যা শিশু হত্যা হ্ৰাস কৰা দূৰৈৰ কথা হত্যাকাৰীসকলক অধিক সচেতন কৰিহে তুলিলে, সিঁহতৰ অপৰাধ চিনাক্ত কৰাটোৱেই কঠিন হৈ পৰিল।

কন্যা শিশু হত্যাকাণ্ড প্ৰায় নিশ্চিহ্ন কৰি তোলাৰ মূলতে হ’ল আলট্ৰাছাউণ্ড পৰীক্ষাৰ ব্যৱস্থা।১৯৮০ ৰ দশকৰ শেহৰ ফালে ভাৰতলৈ এই প্ৰযুক্তি আহিছিল।আলট্ৰাছাউণ্ড প্ৰযুক্তিৰ জৰিয়তে পিতৃ-মাতৃয়ে ভ্ৰুণৰ লিংগ চিনাক্ত কৰিবলৈ সক্ষম হ’ল।চিনাক্তকৰণৰ সুবিধাটো পোৱাৰ লগে লগে সমগ্ৰ ভাৰততে কাঠফুলাৰ দৰে বিয়পিবলৈ আৰম্ভ কৰিলে নিজৰ খুচি মতে কম খৰচতে কৰিব পৰা গৰ্ভপাতকৰণৰ ব্যৱস্থা।কন্যা শিশু হত্যাৰ নিৰ্মম ঘ্টনা হ্ৰাস পালে সঁচা, কিন্তু প্ৰকৃততে পূৰ্বতকৈ অধিক হাৰত কন্যাৰ মৃত্যু হ’বলৈ ধৰিলে।

১৯৯৪ চনত ভাৰত চৰকাৰে আলট্ৰাছাউণ্ড ব্যৱস্থাৰ জৰিয়তে ভ্ৰুণৰ লিংগ চিনাক্তকৰণত বাধা আৰোপ কৰিবলৈ প্ৰি-কনচেপচন এণ্ড প্ৰি-নাটাল ডায়গন’ষ্টিকছ টেকনিকছ এক্ট অনুমোদিত কৰিলে।কিন্তু আইনখন কাৰ্যকৰী নহ’লগৈ।আনকি ২০০৩ চনত ইয়াৰ এখন সংশোধনী আইনো অনুমোদিত হৈছিল যদিও কোনো ফল পোৱা নগ’ল।প্ৰতি দহ বছৰত ভাৰতত ছোৱালীৰ সংখ্যাৰ হাৰ ল’ৰাৰ সংখ্যাতকৈ হ্ৰাস পাই আহিছে।

মঞ্জুৱে হাৰিয়ানাৰ এটি চুকত থকা নিজৰ ঠাইখনত এই ৰুঢ় বাস্তবক প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাই আহিছে।ৰাতিপুৱাৰ খাদ্য ৰন্ধা হৈ গ’ল, মঞ্জুৱে এতিয়া চোতালৰ একোণত থকা দমকলটোৰ পৰা ঘৰখনৰ সকলোৰে বাবে পানী আনিবলৈ গৈছে। পানী লৈ থাকোতেই তেঁও মোক ভাৰতৰ বিভিন্ন প্ৰান্তৰ কন্যা শিশু হত্যাৰ ঘটনাৰ সাদৃশ্য থকা কিছুমান পৰম্পৰাগত প্ৰথাৰ কথা ক’লেঃ

“ৰাজস্থানত কন্যা শিশুক মাৰি পেলাবলৈ কোৱা এটি জনপ্ৰিয় গীত আছে।কন্যা শিশু এটিক মাৰি পেলোৱাৰ পিছত গোৱা গীতটোত কন্যাসকলক এই ভূমিলৈ আৰু উভতি নাহিবলৈ কোৱা হয়।পঞ্জাবত এটা মাটিৰ পাত্ৰত জীৱন্তে কন্যা শিশুক ৰখা হয়। পাত্ৰটোত তালৰ গুৰ, অলপ বুট আৰু কেঁচা কপাহী সূতাও ৰখা হয়।তাৰপাছত তেঁওলোকে সেই পাত্ৰটো মাটিৰ তলত পোতে আৰু এইবুলি গায়,“গুৰ খানয়ি, পুন্নি কট্টী, আপ না আয়ী, ৱীৰেই নু কল্লি”(এই গুৰখিনিকে খোৱা, এই সূতাখিনিকে কাটা, অহাবাৰ তুমি আকৌ নাহিবা, তোমাৰ ভায়েৰাকহে পঠিয়াবা)”

04-Kids-and-husband-SC-Manju-fights-to-change-the-script.jpg

মঞ্জুৰ সন্তান আৰু স্বামীঃ “মই মোৰ পুত্ৰকো ভাল পাও, কিন্তু মোৰ কন্যাজনী মোৰবাবে বিশেষ”


মঞ্জুৱে আমাক বুজালেঃ “বুটমাহ আৰু গুৰ পুত্ৰ শিশু কামনাৰ প্ৰতীক আৰু কপাহী সূতাখিনি এজনী ভনীয়েকে এজন ভায়েকৰ সুৰক্ষাৰ বাবে হাতৰ গাঁঠিত বন্ধা ৰাখীৰ প্ৰতীক।এই পুৰুষ সম্পৰ্কীয় প্ৰতীকেৰে এজনী কন্যাক মাৰি পেলোৱাৰ মূলতে হ’ল পুত্ৰাকাংক্ষা।

আম্বালা জিলাৰ অন্তৰ্গত নিজৰ সম্প্ৰদায়ৰ লোকৰ মাজত স্বাস্থ্য আৰু লিংগ অধিকাৰৰ্হকে মাত মাতি আহিছে মঞ্জু সিঙে।আমি লগ পোৱাৰ সময়ত মঞ্জুৱে পঞ্জাবৰ স্বেচ্ছাসেৱী স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰি আছিল। তেঁও তেঁওৰ দেউতাকে এসময়ত কৰিবলৈ চেষ্টা কৰা অপৰাধ যাতে মানুহে পুনৰ নকৰে তাৰবাবে গাঁৱৰ মহিলাসকলক শিক্ষিত কৰি তুলিছে।“মহিলাসকলৰ মন, তেঁওলোকে ভোগা চাপৰ কথাবোৰ মই বুজো।মই কেতিয়াও তেঁওলোকক উপদেশ নিদিও, তেঁওলোকৰ বন্ধু হ’বলৈহে চেষ্টা কৰি আহিছো। পৰিবৰ্তন অনাৰ বাবে সেইটোৱে একমাত্ৰ পথ,” ঘৰৰ সকলো কাম সামৰি-সুতৰি দিনটোলৈ বুলি নিজৰ অভিযানত ওলাই আমাক কৈছিল মঞ্জুৱে।

মঞ্জুৰ সৈতে প্ৰথমে গাঁৱৰ এখন সভালৈ গ’লো।এজুম মহিলা আছিল তাত আৰু জোৰদাৰ তৰ্ক এখন চলি আছিল তেঁওলোকৰ মাজত।বিতৰ্কৰ বিষয় পুত্ৰ আৰু কন্যাৰ পৰা পোৱা লাভালাভ।বহুতো মহিলাই নিজৰ নিজৰ পছন্দৰ মত দিছিলঃ কাৰোবাৰ মতে “ ছোৱালী তোলা বৰ খৰচী কাৰবাৰ, বিয়াতো যৌতুকৰ নামত বহুত খৰচ কৰিবলগীয়া হয়”, আনহাতে আন কাৰোবাৰ মতে “ পুত্ৰই ঘৰলৈ ধন ঘটি আনে, যৌতুকো আনে, ছোৱালীয়ে কেৱল নিজৰ পৰিয়ালৰ পৰা নিয়েহে”, কোনোজনীয়ে আকৌ কয় “ছোৱালী এজনী বিয়া হৈ আনৰ ঘৰলৈ গুছি যায়, কিন্তু ল’ৰাই সদায় মাক-বাপেকক চোৱাচিতা কৰিবলৈ ওচৰত থাকে”, কাৰোবাৰ মতে “ ছোৱালী এজনী ডাঙৰ-দীঘল কৰা মানে হ’ল চুবুৰীয়াৰ বাৰীৰ গছত পানী ঢালি যতন লোৱা।”


05-mtg-SC-Manju-fights-to-change-the-script.jpg

পুত্ৰ-কন্যাৰ উপকাৰৰ পৰিমাণৰ বিষয়ে আালোচনা হোৱা সেই সভাখনত


তাৰপাছত এগৰাকী মধ্যবয়সীয়া মহিলাই জুমটোৰ পিছফালৰ পৰা কঠুৱা সুৰত কৈ উঠিলঃ“তোমালোক যিকেইজনীয়ে কেৱল পুত্ৰ বিচৰা, সেইকেইজনীয়ে কোৱাচোন কোনে বাৰু সন্তান জন্ম দিব পাৰে?পুৰুষে সন্তান জন্ম দিব পাৰে জানো?আমাক ছোৱালীও লাগে।কন্যাসকল মহান।মোক সোধা, মোৰ দুজনীকৈ ছোৱালী আাছে।” মহিলাগৰাকীৰ তীক্ষ্ণ বাক্যকেইষাৰিয়ে পৰিবেশটো আনন্দমুখৰ কৰি তুলিলে।

পিছে সঁচা কথা ক’বলৈ গ’লে আনন্দ কৰিবলগীয়া একো নাই।২০১১ চনৰ লোকপিয়ল অনুসৰি হাৰিয়ানাত ৬ বছৰ বয়্সৰ ভিতৰৰ শিশুৰ ভিতৰত প্ৰতি ১০০০ টা ল’ৰাৰ অনুপাতে ছোৱালী কেৱল ৮৩৪ জনী।ৰাজ্যখনৰ বিবাহোপযুক্ত ডেকাল’ৰাৰ বাবে ছোৱালী নাই। গোটেই হাৰিয়ানাতে এতিয়া কইনাৰ আকাল।বিবাহৰ উপযুক্ত ল’ৰাবোৰ নাছোৰবান্দা, আন ৰাজ্যৰ পৰা কইনা কিনি আনিবলৈ দেৱতাক স্তুতি কৰাই নহয়, কইনা যোগাৰ কৰি দিয়াৰ বিনিময়ত স্থানীয় ৰাজনৈতিক নেতাক ভোট দিবলৈও সাজু আছে।

মঞ্জু সিঙে ক’লে,“ বিয়া হোৱাৰ পাছত মই লিংগ চিনাক্তকৰণ কৰি কৰা গৰ্ভপাতৰ বিষয়ে জানিব পাৰিলো।মোৰ চাৰিওফালে এনে ঘ্টনা হৈ আছিল।ক’বলৈ গ’লে প্ৰতিঘৰতেই এনে ঘটনা ঘটিছিল।মহিলাসকলক তেনে কৰিবলৈ বাধ্য কৰোৱা হৈছিল।তেঁওলোকৰ মাজৰ বহুতে ৫, ৬ আনকি ১০ বাৰ পৰ্যন্ত গৰ্ভপাত কৰোৱাইছিল পুত্ৰ সন্তানৰ আশাত।এয়া এক শাৰীৰিক আৰু মানসিক নিৰ্যাতন।মই অতি তীব্ৰতাৰে অনুভব কৰিলো যে মই মহিলাসকলৰ সৈতে কিবা এটা কৰা উচিত।ভ্ৰুণ হত্যা বন্ধ কৰাৰ চেষ্টা কৰিলো...এয়া আছিল মোৰ অন্তৰৰ পৰা অনুভব কৰা এক গভীৰ আহ্বান।”

06-manju's-constituency-is-women-SC-Manju-fights-to-change-the-script.jpg

মঞ্জুৰ সমষ্টিঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি হাৰিয়ানাত ৬ বছৰ বয়্সৰ ভিতৰৰ শিশুৰ ভিতৰত প্ৰতি ১০০০ টা ল’ৰাৰ অনুপাতে ছোৱালী কেৱল ৮৩৪ জনী


“সঠিকভাবে ব্যৱহাৰ নকৰিলে দৰৱো কেতিয়াবা বিষ হৈ পৰে,” সিঙে মোক ক’লে।“আলট্ৰাছাউণ্ড প্ৰযুক্তিৰ উদ্যেশ্য আছিল মাক আৰু শিশুৰ স্বাস্থ্য উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা। কিন্তু সমাজে ইয়াক হ্ত্যাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।মানুহবোৰ পাপত লিপ্ত হৈছে।একেই পাপ কৰিছে চিকিৎসকসকলেও।ভ্ৰুণৰ লিংগ চিনাক্ত কৰাটো বেআইনী আৰু লিংগ চিনাক্ত কৰি গৰ্ভপাত কৰোৱাটোও আইনবহিৰ্ভুত।কিন্তু সকলো সময়তে সেয়া সংঘটিত হৈ আহিছে,চিকিৎসালয়সমূহত তেনে ঘ্টনা ঘটিয়েই আছে।কন্যা শিশু হত্যা কৰাৰ তুলনাত এই কামটো বহুত সহজ বাবে মানুহে ভাবে এয়া ঠিকেই আছে।”

দিনটোৰ শেষত, গাঁৱে গাঁৱে ঘূৰি, সভাত অংশ লৈ, তথ্য সংগ্ৰহ কৰি, গৰ্ভবতী মহিলাৰ সৈতে বাৰ্তালাপ কৰি আৰু সদ্য কন্যা শিশু জন্ম দিয়া গাভৰু মাতৃসকলৰ সৈতে কথা পতাৰ অন্তত মঞ্জুৰ ঘৰলৈ উভতি যোৱাৰ সময় হৈছিল। বেলি লহিয়াবলৈ ধৰিছিল আৰু এছাটি কোমল বতাহে ঢৌৱাই গৈছিল চৌপাশ।মঞ্জুৰ ছোৱালীজনী বিদ্যালয়ৰ পৰা উভতি আহি মাক অহালৈ বাট চাই আছিল।গৰম চাহ আৰু বিস্কুট সাজু হৈয়েই আছিল আমাৰ বাবে।


07-evening-fog-SC-Manju-fights-to-change-the-script.jpg

সেইদিনা আবেলি ছড়কিপুৰত এছাটি কোমল বতাহ বলি আছিল, মঞ্জুৰ ছোৱালীজনীয়ে চাহ তপতাই ৰৈ আছিল আমাৰ বাবে


জীয়েকৰ চুলিখিনি চুই মঞ্জুৱে তাইৰ কামক শলাগিলে আৰু মোৰ ফালে ঘূৰি সুধিলে,“ আপোনাৰ ছোৱালী আছেনে?” “আছে,” মই উত্তৰ দিলো।“তেনেহ’লে আপুনি জানিবই ছোৱালীবোৰ অতি মূল্যবান বুলি কৈ মই কি বুজাইছো।মই প্ৰথম গৰ্ভধাৰণ কৰাৰ সময়ত এজনী ছোৱালী পাবলৈ ভগবানক খাটিছিলো। ভগবানে মোৰ প্ৰাৰ্থনা শুনিছিল।মই মোৰ পুত্ৰকো ভাল পাও, কিন্তু মোৰ ছোৱালীজনী মোৰ বাবে বিশেষ”।

অনুবাদঃ নিভা ৰাণী ৰয়

Svati Chakravarty

Svati Chakravarty is an independent writer, researcher and director. A communications practitioner since 1986, she has focused on issues related to social justice

की अन्य स्टोरी Svati Chakravarty
Translator : Nibha Rani Roy

Nibha Rani Roy is an independent journalist and a translator based in Guwahati. She has a decade's experience as a reporter and desk editor in both print and electronic media. She reports on women and children, environment and wildlife, literature and culture.

की अन्य स्टोरी निभा रानी रॉय